বাটচৰা - লেখিকাৰ একলম
পোন প্ৰথমে "DailyAssameseStatus" আৰু "AssameseCulture" পেজৰ এডমিন "অনুৰাগ" ওৰফে হেৰেম্ব বৰ্মনলৈ মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
জীৱনত কেতিয়াও ভবা নাছিলো যে মোৰ ক্ষুদ্ৰ এটি লিখনিক তেওঁলোকে ইমান ধুনীয়াকৈ সজাই পৰাই তুলিব বুলি। তাৰ বাবে চিৰকৃতজ্ঞ মই "AssameseCulture" পেজৰ মুখ্য এডমিন "অনুৰাগ" দাৰ ওচৰত।
লগতে "DailyAssameseStatus" আৰু "AssameseCulture" পেজৰ গোটেই টিম'টোলৈ মোৰ ফালৰ পৰা অলেখ ধন্যবাদ। বিশেষকৈ অনুৰাগ দা, মৃন্ময় দা, ৰশ্মি পাঠক, পুনাম বা, জানমণি বা আৰু কংকণা বা'হতলৈ মই পাহৰিব নোৱাৰা আন্তৰিকতাৰ মৰম ও মৰম বহুত থাকিল।
আচলতে "আধৰুৱা স্মৃতি" তথা মই (সাধনা সন্ধিকৈ) কোনো পৈনত শব্দৰ এগৰাকী ভাল লেখিকা নহয়। এই কাহিনীটোত কেৱল মই মোৰ জীৱনৰ লগত জড়িত থকা কিছুমান কথাহে উল্লেখ কৰিছিলো ভঙা অসমীয়াৰ ভাষাৰে।
যিহেতু বিশেষকৈ ইমানো অসমীয়া ভাষাটো সুৱলাকৈ লিখিব নাজানো। সেয়ে কেৱল মোৰ জীৱনত ঘটা এই কাহিনীটোত কিছুমান ঘাট-প্ৰতিঘাটৰ কথাহে লিখিছিলো। কিন্তু তেওঁলোকে মানে বিশেষকৈ অনুৰাগ দাই DailyAssameseStatus তৰফৰ পৰা মোৰ লিখিনিটোৰ নাম এটা বাছি লৈছিল "আধৰুৱা স্মৃতি" আৰু যাৰ বাবে হয়তো ইমানখিনি স্থানত ভৰি দিলোঁ।
আনকি মোৰ এই সৰু সাধাৰণ লিখনিক "DailyAssameseStatus" ৱেবচাইট'টোৱে অসাধাৰণ বনাই এদিন সকলোৱে আদৰি ল'ব বুলি মই সপোনটো ভবা নাছিলো। যাৰ বাবে এটা খণ্ডত নহয়, মোৰ প্ৰতিটো খণ্ডতে 1M+ to 4M+ View's পাবলৈ সক্ষম হয়।
ইতিমধ্যে আগৰ ১০ টা (10 টা) খণ্ড মিলি সৰ্বমুঠ 20M+ (২০ মিলিয়ন+) Views পাবলৈ সক্ষম হলো। তাৰ বাবে গৌৰৱ মোৰ নহয়, এয়া আপোনালোকে দিয়া মৰম ও সহানুভূতি বুলিহে ভাবো।
The Challenge Of 20 Million+ Views
6 Months Project | Sadhana Handhique Assam
Assamese Sad And Emotional Story
Heart Touching Assamese Girl Life Story
Daily Assamese Status
আমাক ইনষ্টাগ্ৰামত Follow কৰিবলৈ-
অসমীয়াত এষাৰ কথা আছে, মানুহ মাত্ৰই ভুল হয়। সেইদৰে ইমান এটা দীঘল লিখনিত কৰবাত ভুল-ক্ৰুটি হৈ যোৱাটো স্বাভাৱিক। অন্যথা ভুলবোৰ সকলোৱে শুধৰাই পঢ়ে যেন।
কাহিনী জীৱনত সকলোৰে থাকে।
কিন্তু মোৰ জীৱনত ঘটা কিছুমান কাহিনী সঁচাকৈ আনতকৈ অলপ বেলেগ।
প্ৰেমেই হওক বা জীৱনেই হওক
ই সদায় এনেকুৱাই হয়,
কেতিয়াবা যদি হোহোৱাই, আন কেতিয়াবা কন্দুৱাই।
"আধৰুৱা স্মৃতি" তথা এই লিখনিটোৰ প্ৰতিটো কথাই যে মোৰ জীৱনৰ লগত জড়িত এটা জীয়া কাহিনী সেয়া নহয়। ইয়াত মাজে মাজে দুই এটা কাল্পনিক আৰু ৰোমান্টিক কথাও সুমুৱাই দিয়া আছে যাতে সকলোৱে চাই বেছি আপ্লুত হয়, আৰু যিবোৰ যু-গোটাইছে "অনুৰাগ" দাই। তাৰ বাবে তেওঁলৈ মই আকৌ এবাৰ অলেখ বিশেষ ধন্যবাদ।
এই জীয়া প্ৰেম-দুখ, বিবাহ-বিচ্ছেদ তথা এগৰাকী নাৰীৰ বাবে যন্ত্ৰণাৰ বিষাদ ভৰা কাহিনীটোৰ প্ৰতিটো খণ্ডকে আপোনালোক সকলোৱে আদৰি তথা আঁকোৱালি লোৱাৰ বাবে মই সদাই আপ্লুত হৈ থাকিলো আৰু সকলোকে হৃদয়ৰ পৰা এসোপা মৰম যাছিলোঁ। লগতে আপোনালোকে দিয়া মৰম-স্নেহবোৰ যাতে সদায় মৰম হৈয়ে থাকে, আধাতে ঘূণে নধৰে তাৰেই কামনা কৰিলোঁ।
জীৱনত হাজাৰ মানুহ আহিব আৰু যাব, কিন্তু আপোনালোকে দিয়া আধৰুৱা স্মৃতিৰ মৰম-স্নেহখিনি আজীৱন মোৰ হৃদয়ত আপোনত্ব হৈ ৰ'ব সেইটো খাটাং। সকলো পাঠকলৈ মোৰ ফালৰ পৰা পুনৰ আকৌ এবাৰ অশেষ ধন্যবাদ।
শেষত বহুতো দুখ আৰু বিষাদ ভৰা এটি মন লৈ আপোনাকৰ মাজলৈ লৈ আহিলো "আধৰুৱা স্মৃতি"ৰ অন্তিম খণ্ড তথা বিদায় মুহূৰ্তত আজি মই।
- সাধনা সন্ধিকৈ।
ভাগ্যত লিখা জনেও সকলো সীমাই পাৰ কৰি দিলে। হৃদয়ত ভালপোৱাৰ স্থান প্ৰিয়জনক দিছিলো, কিন্তু ভাগ্যত বেলেগ এজনৰ নাম লিখি দিলে।
মনত পুহি ৰখা সপোনবোৰে মিছা কথা কয়, কেতিয়াও সফল নহয়। সফল হব বিচাৰিলেও হাজাৰ বাধাই মনত আগুচি ধৰে।
মনতে ঠিৰাং কৰিলো, কাইলৈ ৰাতিপুৱা যিকোনো উপায়েৰে উজ্জ্বলক খবৰ এটা কৰিব লাগিব। কিন্তু উজ্জ্বলক এইবোৰ কথা কেনেকৈ কোৱা যায়, সি কলে জানো কিবা মোক উপায় দিব??
অজয়ে এটা সময়ত টোপনি গৈছিল। কিন্তু তেওঁ সোধা প্ৰশ্নবোৰে মোক আৰু গোটেই ৰুমতো নিশব্দ কৰি তুলিছিল। সেই নিশব্দ ৰুমতোৰ ভিতৰত মইজনীৰ বুকুত কেৱল এক প্ৰৱল ধুমুহাৰ সৃষ্টি হৈছিল, যিবোৰে মোৰ সকলোবোৰ শেষ কৰি পেলাইছিল। এটা এটাকৈ প্ৰতিটো মোৰ জীৱনত ঘটা ঘটনাবোৰে হৃদয়খন ভাঙি ছিঙি সুৰমাৰ কৰি দিছিল!! মোৰ সাহস, মোৰ বিশ্বাস আৰু মোৰ জীয়াই থকাৰ ইচ্ছাকণ নোহোৱা হৈ গৈছিল।
সেইদিনা হাজাৰ চেষ্টা কৰিও মোৰ ৰাতিটো টোপনি নাহিল! বাৰে বাৰে নিজৰ মনতে উপলব্ধি হল,
নোপোৱা বেদনা সহ্য কৰা যায়,
কিন্তু পাই হেৰুওৱাৰ বেদনা সহ্য কৰা নাযায়।
ওহোঁ… নাযায় নাযায়, সহ্য কৰা নাযায়।
পিছদিনা হয়তো পুৱা ১০ মান বাজিছিল। তেতিয়ালৈকে মই কথাবোৰ ভাবি ভাবি সম্পূৰ্ণ ভাগৰি পৰিছিলো। নিজকে সান্তনা দিবলৈয়ো অক্ষম হলোঁ!
মই মানসিক ভাবে বহুত দুৰ্বল হৈ গৈছিলোঁ। কি কৰিলে কি হ'ব সেইয়া ভবাৰ ক্ষমতাও আৰু মোৰ তাত নাছিল। সেইবাবে শেষ মুহূৰ্তত মই আত্মহত্যা কৰিব ওলালো।
মোৰ উশাহবোৰ ক্ৰমে চুটি হৈ আহিছিল, চকুৰ আগত পুৰণি দিনৰ ছবিবোৰ ভাহি উঠিছিল, কাণেৰে নুশুনা হৈ আহিছিলো, মূৰটোৰ ওপৰৰ ফালে গৰম উঠি আহিছিল, চকুৰে ধোসৰ ধোসৰ দেখিছিলো সকলোবোৰ।
বাছছছছছ___________________ তাৰ পাছত কি হ'ল মোৰ সেয়া নাজানো!!
আবেলি সময় মানত চকু মেল খাই দেখিলো মই বিচনাত। ইফালে সিফালে এবাৰ চাই নিজকে শুধিছিলো, মই মৰিলো নে??
ক'তা… মই দেখোন জীয়াইয়ে আছোঁ! মইতো এই চিলিং ফেনখনৰ তাত আছিলো, কিন্তু এতিয়া বিচনাত? কোনে নোমালে বাৰু মোক তাৰ পৰা??
বাহিৰত কোনোবাই কিবা কৈ থকা শুনিছোঁ। অলপ কান পাতিলোঁ। অজয়ৰ মাকে মোক খুব বকি আছে। অজয় আৰু বৌয়েকে মোৰ কাষত আহি ৰৈ আছে। মই যেতিয়া চকুতো অলপ মেলি চালো বৌয়েকে পানী অলপ গিলাচত লৈ মোৰ মুখৰ ফালে আনি ঢালি দিছে। মই নাখাও কৈছো যদিও একপ্ৰকাৰ বৌৱেকে জোৰ কৰিয়ে মোক পানীখিনি খুৱালে।
আৰু তাৰ পাছত ক'বলৈ আৰম্ভ কৰিলে,
: তোৰ ভয় নালাগিল এইবোৰ কাম কৰিবলৈ, এবাৰো তোৰ মা'লৈ মনত নপৰিল নে! মাৰৰ কথা বাদেই দিলো যেতিবা তোৰ পেতত থকা বাচ্চাটোৰ কথাও তই এবাৰ নাভাবিলি??
আৰু বহুত প্ৰশ্ন বৌৱেকৰ মুখত! যিবোৰৰ উত্তৰ মই এটাও নিদিলো। হয়তোবা বৌৱেকেও মোৰ মৌনতাবোৰৰ পৰা একো উমান নাপালে, যে মই কিহৰ কাৰণে আত্মহত্যা কৰিব ওলাইছোঁ!!
ঠিক সেই সময়তে মোৰ মা, ধুনু দা আৰু বিবেক দাদাই খৰধৰকৈ আহি ৰূমটোত সোমায়। কোনোবাই খবৰ এটা পঠিয়াইছিল, কিন্তু কোনে কোনে ইমানখিনি সেয়া মই নাজানো। মায়ে মোক দেখিকেই মোৰ ওচৰলৈ আহি মোক সাৱটি ধৰি কান্দিবলৈ ধৰে। কান্দি কান্দিয়ে মোৰ মায়ে কয়,
: চব থিক হৈ যাব মুনু, মই আহিলো নহয়। চাওঁ ক'ত আছে তোৰ কাপোৰ কানিবোৰ??
--- মোৰ উত্তৰলৈ একো বাট নাচাই মায়ে নিজেই মই পিন্ধা সকলোবোৰ কাপোৰ ট্ৰলি এটাত ভৰাব ললে।
কাপোৰখিনি ভৰাই লৈ মায়ে কৈছে,
: বলা এতিয়া…!!
: মা…..
মই মা বুলি মাক কৈছিলোহে। এনেতে মায়ে পুনৰ কৈ উঠিল,
: যেনেকৈ আছা তেনেকৈয়ে বোল, যিটো কৈছো তাকে কৰ??
মাকৰ নিৰ্দেশত ধুনু দা আৰু বিবেক দাই মই বিচৰাৰ পৰা উঠিব নোৱাৰো বুলি জানি দুয়ো ভালদৰে মোৰ দাঙি উঠাই কান্ধত তুলি তেওঁলোকে অনা গাড়ীখনত উঠোৱালে আৰু গাড়ী ষ্টাৰ্ট দিলে।
অজয় বা বৌ হতক কিবা এটা কোৱাৰো মই সেই মুহূৰ্তত সুযোগ এটা নাপালোঁ।
মোক Sampreeti Hospital'ত ভৰ্তি কৰালে। ডক্টৰক দেখুৱাই কোৱা মতে মোৰ সকলো ঠিকেই আছে। আৰু অলপ পাছতে তাৰ পৰা আমি ওলাই আহি মই মোৰ নিজৰ জন্মস্থান পালোঁ।
ঘৰত অহাৰ ১৫ দিন পাছত মই আৰু অজয়ৰ সম্পৰ্কটো অজয় হতৰ মানুহে পুনৰ মোক নিবিচৰাত তেওঁলোকে সম্পৰ্কটো শেষ কৰি দিলে।
মায়ে কৈছিল,
: কৰবাত বিয়া হলে বা পলাই গুচি গলে অলপ চাই চিতি যাব লাগে। কাৰোবাৰ লগত থাকিলে আজীৱন থাকিব লাগে। লৰাজন বা পৰিয়াল খন ভালকৈ চাব লাগে যাতে কিবা ভুল হলেও গোটেই জীৱন তোমাক ধৰি ৰাখিব পাৰে।
মাৰ কথাবোৰত মই কেৱল কান্দিছিলো কাৰণ তাৰ বাহিৰে আন উত্তৰো মোৰ হাতত নাছিল। কিয়নো ভুল মোৰো আছিল, যিবোৰ কথা সময়ত মই মা হতক কব পৰা নাছিলো!!
এনেকৈয়ে এদিন এপ্ৰিল মাহত ভৰি দিলো।
এপ্ৰিলৰ ১৮ তাৰিখে Sampreeti Hospital'ত ৰাতিপুৱা ০৮:২০ মিনিটত মোৰ এজনী ছোৱালী জন্ম হ'ল। আৰু এই কণমানি কেঁচুৱাটোৰ পৰাই আৰম্ভ হ'ল মোৰ জীৱনৰ আন এক নতুন অধ্যায়।
জীৱন, কি এক ৰংগমঞ্চ! যিজন কপালত নাথাকে, সেইজনক বিচাৰিলেও পোৱা নাযায়। আৰু যিজন শেষত ভাগ্যত থাকে, সেইজনৰ লগত দেখা প্ৰত্যেকটো সপোন কেতিয়াও দিঠকত নাথাকে।
কেতিয়াবা ভাবোঁ,
এই কাহিনী কেৱল মোৰেই জীৱনৰ লগত মিলে নে এনেকুৱা হাজাৰ ছোৱালীৰ কাহিনী আন বেলেগৰ জীৱনৰ লগতো সাঙুৰ খাই আছে?? হয়, আছে। শেষত নিজেই ভাগৰি পৰিলো মই…!!
জীৱন যুদ্ধত আজি একেবাৰেই ভাগি পৰিলো!
কথা ক'বলৈ কাগজৰ বাদে কোনোৱেই নাথাকিল!
দুভৰ্গীয়া জীৱনৰ কাহিনীও ইমান দীঘল লিখিবলৈ!
লিখি লিখি ডায়েৰীৰ পৃষ্ঠাবোৰে শেষ হৈ থাকিল!
নিজৰ সপোনবোৰ নিজেই হেৰুৱালো!
নিৰ্লজ্জ পাপৰ নিজৰাত দিনে দিনে সোমাই পৰিলো!
দুখৰ নৈত সাতুঁৰি পাৰেই নাপালো!
পাৰ হৈ যাবলৈও নাও খনেই নাথাকিল!
নিষ্ঠুৰ মোৰ জীৱন কাহিনী!
ভগবানক দোষ দিবলৈও একো নাথাকিল!
মাথোঁ মোৰ আধৰুৱা স্মৃতিবোৰে বুকুত ঘৰ সাজিল!
মোৰ আধৰুৱা স্মৃতিবোৰ আধৰুৱা হৈয়ে থাকিল!
◆◆◆ সমাপ্ত ◆◆◆
ইমানদিনে বহু আশাৰে পঢ়িবলৈ ৰৈ থকা আধৰুৱা স্মৃতিৰ এই ধাৰাবাহিক উপন্যাস খনৰ আজি সমাপ্ত ঘটিল। কিমান সন্তুষ্টিৰে সমাপ্তি ঘটাব পাৰিছোঁ সেয়া নাজানো। চাওঁচোন আগলৈ পাৰিলে দ্বিতীয় অধ্যায় আকৌ আৰম্ভ কৰিম। ❤️ ❤️
লগতে শ্ৰদ্ধাৰ "DailyAssameseStatus" আৰু "AssameseCulture" পেজৰ মুখ্য এডমিন "অনুৰাগ (হেৰেম্ব বৰ্মন)" তথা তেওঁলোকৰ টিম আৰু এই ৱেবচাইটৰ সকলো পঢ়ুৱৈলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ পুনৰবাৰ। ইমান বহল কাহিনীটোৰ কৰবাত নহয় কৰবাত সাধাৰণ ভুল-ক্ৰুটি ৰৈ যোৱাটো মাৰ্জনীয়। 🙏🙏
- সাধনা সন্ধিকৈ।
4th Best Lines Of Better Than Happy
In Your Life Status
Assamese Life Quotes
Assamese Caption In Your Life
Daily Assamese Status
জীয়াই থকালৈতো জীৱনটোৱে কন্দুৱাই থাকে,
মানুহৰ স্মৃতি থকাটো স্বাভাৱিক।
কাহিনী সকলোৰে জীৱনত থাকে,
তাৰে কিছুমান সুখৰ আৰু কিছুমান দুখৰ।
৩
প্ৰেম কৰিলে সদায় জীৱনৰ লগত মিলাকৈ
কৰিব লাগে।
কিতাপত পোৱা শিক্ষা এদিন পাহৰা যায়,
কিন্তু জীৱনৰ পৰা পোৱা শিক্ষা
আজীৱন লগত থাকে।
-Heremba Barman (Anurag)
Participate of The Assamese Sad Story
Adhoruwa Smirti By Sadhana Handique
Daily Assamese Status
No comments:
Post a Comment