অৰ্ধাঙ্গিনী
এক মিনিটৰ গল্প
: মালা অ' মালা। উঠাচোন উঠা।
মৰমৰ আকলুৱা মাতেৰে যতীনে শুই থকা পত্নী মালাক জগায়। তিনিদিন জ্বৰত ভুগি মানুহ জনী একেবাৰে খীনাই গৈছে। চকুৰ গুৰি ক'লা পৰিছে। মুখখন শেতা পৰি গৈছে।
: হু।
চকুৰ পতা লাহেকৈ মেলি মালাই পতি দেৱৰ পিনে চায়।
: মালা, এয়া চোৱা মই তোমাৰ কাৰণে কুহুমীয়া গৰম পানী কৰি আনিছো। গাটো অকণ মচি দিওঁ দিয়া। আৰাম পাবা।
: আপুনি এইবাৰ কিয় কৰিব লাগে বাৰু? - টানি টানি মাতটো উলিয়ায় মালাই।
: একো ডাঙৰ কাম কৰা নাই দিয়া। তোমাৰ গাটো বেয়া বাবেহে। মই বিছনাত পৰি থাকিলে তুমি জানো মোৰ যতন নোলোৱা? এতিয়া তুমি নৰিয়া পাটীত পৰি আছা, মই এইকণ কৰি দিবও যদি নোৱাৰোঁ তেনেহলে কিহৰ মতা মানুহ হলো হে?
স্বামীৰ কথাত এইবাৰ মালাই সামান্য হাঁহি দিয়ে। যতীন মানে মালাৰ স্বামীৰ সহায়ত লাহে লাহে শুই থকাৰ পৰা উঠি বিছনাতে বহি লয়।
যতীনে কাপোৰ এখন সৰু চৰিয়াত তিয়াই মালাৰ গাটো ধুনীয়াকৈ মচি দিলে। যতীনে মালাক মালিচ কৰাৰ দৰেই মচি দিয়ে। গাৰ বিষ বেদনা বোৰ মালাৰ ভালেখিনি উপশম হোৱা যেন লাগিল তাৰ।
পানী চৰিয়া পাকঘৰত থৈ আহি যতীনে আদা, তেজপাত, তুলসী পাতেৰে কাঢ়া লালচাহ বনাই আনি মালাৰ সমুখত থলে। মালাৰ হাতত চাহকাপ আগবঢ়াই নিজেও একাপ খালে যতীনে। চাহ খোৱা শেষ হোৱাত কাপ দুটা বেচিনত আওখালি যতীনে ড্ৰেছিং টেবুলৰ পৰা ফনি পাউডাৰ উলিয়াই আনে।
মালাৰ মূৰ শিতানৰ পিনে থিয় হৈ যতীনে পত্নীয়ে দুখ নোপোৱাকৈ চুলি খিনি ফনিয়াব ধৰে। মূৰত ফনিৰ আঁচোৰ পাই মালাই মিহি আপত্তি সুৰত কৈয়ে পেলালে,
: হেৰি কি কৰিছে নো এইবোৰ? ফনি খন মোক দিয়ক? মই নিজেই আচুৰি লম। আপুনি মোৰ চুলি চুব নালাগে দিয়ক।
মালাৰ আপত্তিক কাণসাৰ নিদি যতীনে হাতৰ ফনিখন আতৰাই নিদিলে,
: মালা, পায় নাপায় এইবোৰ বাদ দিয়া হে। তুমি অসুখত ভুগি আছা। মই স্বামী হৈ অৰ্ধাঙ্গিনী জনীৰ সামান্য পৰিচৰ্যাও যদি ল'ব নোৱাৰো, তেনেহলে আমাৰ এই বান্ধোন চিৰস্থায়ী কেনেকৈ হ'ব? এতিয়া তুমি মনে মনে বহা, মই চুলিখিনি ধুনীয়া কৈ ফনিয়াই দিওঁ।
স্বামীৰ অন্তৰ পৰশা কথাকেইটাক মালাই আৰু উপেক্ষা কৰিব নোৱাৰিলে। চকুহাল আৰামত জপাই বহা ঠাইতে গাটো পোনাই ল'লে। এটা মিঠা অনুভূতি মালাৰ সিৰাই সিৰাই বৈ গ'ল।
নীতি বচন:-
ঘৰত পানী এগিলাচ নিজে ভৰাই নোখোৱা
এজন পুৰুষেও স্বামী-স্ত্ৰীৰ মাজত
সমান বুজাপৰা থাকিলে
তাৰ পত্নী তথা অৰ্ধাঙ্গিনীৰ বাবে
সকলোখিনিয়ে আলপৈচান ধৰিব পাৰে।
◆◆◆ সমাপ্ত ◆◆◆
নন্দিতা কায়স্থ
No comments:
Post a Comment