কান্ধত এমুগোৰা বোজা লৈ ঘৰখন
এৰি অহাৰ দিনা,
আহঁত জোপা পাৰ হৈ কেকুঁৰীটোৰ
শেষ নোহোৱালৈকে,
তই চাই আছিলি মোক,
তোৰ ফালে নোচোৱাকৈ অনুভৱ কৰিছিলো!
মই নেদেখাকৈয়ে,
চাদৰেৰে মচিছিলি তোৰ চকুৰ পতা।
তোৰ চকুলৈ চাব ভয় লাগিছিল সিদিনা,
তই চাই আছ বুলি জানিয়ে হয়তো।।
পিছলৈ ঘূৰি ছোৱাৰ সাহস হোৱা
নাছিল মোৰ।।
সেইযে তোক এৰি থৈ আহিলো_____
তেতিয়াৰ পৰাই
মই সলনি হৈ পৰিলো অ' মা!
তোৰ কথা ভাবিলে কান্দিবৰ মন যায়,
উভতি যাব মন যাই তোৰ কাষলৈ।
নাজানো? মা কি হৈছে মোৰ?
জুইৰ ধোৱাঁত বিষাদবোৰ উৰি যোৱাৰ দৰে,,
অনুভৱ বোৰ বুকুৰ মাজতে ৰয়।।
সপোন দেখি ভালপোৱা তোৰ ছোৱালীজনীৰ,
আজিকালি সপোন দেখিব ভয় লগা হ'ল।।
তোক সকলোবোৰ খুলি ক'ব মন যায় অ',
তোৰ হয়তো সাহস নহ'ব শুনিবলৈ!
বিবেক যুদ্ধত পৰাস্ত হৈ সকলোবোৰ
নিজৰ মাজতে ৰাখো,
পৃথিৱীখন বহুত জটিল অ' মা!!
মই ভবাতকৈও!
তই নুবুজিবি!!
মইয়ো বুজা নাছিলো,
এতিয়া লাহে লাহে সকলোবোৰ বুজা হৈছো।
কি কৰিলে কাক সুখী কৰিব পাৰি
তই খুদ বুজিবি।।
মিঠা মাত নহ'লে ইয়াত কি কি শুনিব লাগে,
গম পালে তই মুস্ক হৈ যাবি!
নালাগে দে______
সেইবিলাক গম নোপোৱাকৈয়ে থাক।
বহুত সৰু মানুহ অ' মা আমি।
ডাঙৰ মানুহ হ'বলৈ আহি মইচোন
নিজেই সলনি হৈ পৰিলো।।
তোৰ হয়তো মনত আছে!!
মোৰ বুকুৰ বিষটোৰ কথা।
আজিকালি বুকুখন বৰকৈ বিষাই অ'।
সকলোবোৰ এৰি গুচি যাব মন যায় অ'।
তোৰ কোলাত মূৰ থৈ কান্দিব মন যায়,
ইয়ালৈ গুচি অহাৰ দিনা ভাল লাগিছিল
ফূৰ্তিতে ভাবিছিলো,
এতিয়াৰ পৰা তোৰ গালি শুনিব নালাগে।।
এতিয়া অনুভৱ কৰো!!
আনৰ কৰ্কথনাতকৈ তোৰ গালি বৰ
সোৱাদৰ আছিল অ' মা।।
ভাল মানুহ হোৱাৰ আখৰা কৰি
ভাগৰি পৰিছো।।
মোক খবৰ নিদিয়াকৈ আহিবি না
আমাৰ ঘৰলৈ,
কাচঁৰ টুকুৰাৰ দৰে ভাগি চিৰা চিৰ
হৈ পৰা মোৰ সপোনবোৰ চাবি।।
গালি নাপাৰিবি!!
হেপাঁহ পলুৱাই চৰিয়াবি
যেতিয়ালৈ তোৰ ভাগৰ নালাগে তেতিয়ালৈ
চৰিয়াবি মোক, মা ।।
মই সঁচাই সলনি হৈ পৰিলো অ' মা।
মোৰ সপোনবোৰ পূৰাব আহি
তইহে ভাগি ঠান বান হলি।
ক্ষমা কৰিবলৈ নকও!
পাৰিলে অলপমান প্ৰেৰণা দিবি
জীয়াই থাকিবলৈ।
এতিয়া অকলশৰে যে উশাহ লবলৈয়ো
ভয় লাগে। মা,
অ' মা______শুনিছনে তই।
মই সলনি হৈ পৰিলো অ' মা!!
No comments:
Post a Comment