আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই - খণ্ড 1 | Assamese Sad Love Story | Emotional Assamese Story By Sadhana Handique | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই - খণ্ড 1 | Assamese Sad Love Story | Emotional Assamese Story By Sadhana Handique | Daily Assamese Status

আধৰুৱা স্মৃতি |

প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই জীৱনত
Assamese Sad Love Story

     সেইবছৰ মই নৱম শ্ৰেণীত পাইছিলো। যিহেতু নতুন বছৰ আছিল সেইবাবে স্কুলত বাৰ্ষিক খেল-ধেমালি আৰম্ভণি হৈছিল। আমাৰ স্কুলৰ কমন ৰুমৰ পিনে থকা ৰুমটোৰ পৰা ইমান ধুনিয়া ঢোলৰ মাত আহি আছিল শুনি মই ৰব নোৱাৰিলো। ধুনীয়াকৈ কোনোবা এজন লৰাই গাই আছিল
     
     "মইনা মইনা... মইনামতি" গানটো।

     তেওঁৰ সুৰটো ইমানেই ধুনীয়া আছিল আ-বতৰতো বিহো বিহো লাগি গৈছিল।গৈ পাইয়ে দেখিলো আমাতকৈ চিনিয়ৰ দাদা এজনে বিহো গান গাই ভন্টি এজনীক নাচিবলৈ শিকাই আছিল। বিহো নচাৰ মোৰো বৰ ইচ্ছা আছিল আগৰ পৰাই। মইয়ো কথাতো ৰাখিব নোৱাৰি শুধিয়েই পেলালো। তেওঁ মোতকৈ ডাঙৰ আছিল বাবে দাদা বুলিয়েই মাতিলো। নাম তেওঁৰ উজ্জ্বল গগৈ। মাতো নে নেমাতোকৈ দাদাক মাতষাৰ দিলো।

     অ____অ______অ' উজ্জ্বল দা বৰ ধুনিয়া বিহো গোৱাদেই তুমি। মোক তুমি বিহো নাচিবলৈ শিকাবা নে?

     অকনমান কোচ খোৱা মনেৰে তেওঁক প্ৰশ্নটো শুধিছিলো। মিছিকিয়া হাঁহিৰে তেওঁ মোলৈ চাই সুধিছিল

     তুমি বিহো নাচিব নাজানা নেকি?

     মোৰ লাজ লাগিল, আহোম ছোৱালী হৈও বিহো নাচিব নজনাৰ বাবে। লাজে লাজে কলো

     মমম_____মই সঁচাকৈ নেজানো। সেইকাৰণেটো সুধিছো শিকাবা নেকি!!

     সেইদিনাই মই তেওঁৰ লগত লাজে লাজে প্ৰথম কথা পাতিছিলো। তাত মোৰ লগৰ এটা আছিল মলয়।সি মই কোৱা দেখি কলে

     বাহঃ উজ্জ্বল বেলেগ লাগিব দেই। সাধনা বিহো নাচিবি মানে এইবাৰ?

     সেইদিনা খন এনেকৈয়ে গ'ল। উজ্জ্বল দাই মোক শিকাম বুলি কথা ৰাখিলে। নাছ-গানৰ দিনাখন মই স্কুলত নাছিম বুলি গৈছিলো।তেনেতে মলয়ে মোক মাতি সুধিলে

     অ সাধনা, তোৰ উজ্জ্বল দাদাই হ'ব নে___ তেওঁ সুধিছে??

     মই মোৰ বান্ধৱী সমীক্ষাক ক'লো-

     আৰে কি মানুহ অ এইটো। সিদিনাৰ চিনাকিহে তেওঁ। আজি হবনে শুধিলেই!!

     সমীক্ষাই হাঁহি ধেমালিৰে ক'লে___
নহ'বও পাৰে। আমাৰ মলয়টো এনেই যাক-তাক যিতি কৈ ফুৰে। ইমান ডাঙৰ দাদাজনে বাৰু তোক শুধিবনে?

     কথাতো মইও ভাবিলো- 
হয় দাদাই বাৰু মোক কিয় শুধিব। স্কুলত ইমান ধুনীয়া ছোৱালীবোৰ থাকোতে।  ----হাঁহি উঠি গল মোৰ। এনেতে উজ্জ্বল দা আমাৰ কাষত আহি হাজিৰ হল।

     অ___সমী, হলেও এবাৰ শুধো নেকি?

তাই কলে শুধ______ আৰু মইয়ো তেওঁক শুধিলোগৈ

     অ উজ্জ্বল দা, মলয়ে কৈছে যে কথাটো কি মানে??
----কিন্তু সি একো নাই কোৱা বুলি কলে। আৰু এটা সময়ত আমি আটায়ে আহিলো।

     তেওঁ মানে উজ্জ্বল দা, সেইবাৰ মেট্ৰিক দিব লৈছিল। পঢ়া-শুনাত ব্যস্ত হৈ আছিল বাবে দাদাজনক মই কতো নেদেখিলো। দিনবোৰ গতানুগতিক ভাবে পাৰ হল।

     মে মাহ সোমাইছিল। সেইদিনা মেট্ৰিকৰ ৰিজাল্ট দিছিল। উজ্জ্বল দাক দেখিলো যদিও মাতিম বুলি ভাবিও মাতিব নোৱাৰিলো। কিন্তু সিদিনা গোটেই দিনটোত আমাৰ স্কুলত দাদাৰ কথাই চলি থাকিল।

     মই জনা নাছিলো যে মোৰ প্ৰিয় বান্ধৱী পৰিণীতাৰ ঘৰৰ ফালেই যে উজ্জ্বল দাদাৰ ঘৰ। তেওৰ কথা আমি ইমানেই পাতিলো যে মই তেওৰ লগত কথা পাতিবৰ বাবে বেছিয়ে ইচ্ছুক হৈ পৰিলো। মনতে তেওঁক কিবা এটা ভাল লাগিছিল। কিন্তু_____এটা কথাই বৰ আমনি দিছিল মোক

     তেওঁ বা ক'ত পঢ়ে।

     এদিন হঠাৎ তেওঁক আকৌ দেখিলো
হাতত কাগজ কেইখন মান লৈ তেও বৰ খৰকৈ খোজ কাঢ়ি গৈ আছিল মলয়হতঁৰ ৰুমৰ ফালে। মই পাছফালৰ পৰাই সিদিনা তেওক মাত এষাৰ দিলোঁ

     অ উজ্জ্বল দা, ৰবাচোন ৰবা। ইমান ফালি চিৰি কেনি যোৱা।

     তেওঁ ঘূৰি চাইয়ে কলে__ মলয়হতৰ ৰুমৰ পৰা আহো। 
মই তেওঁক আকৌ শুধিছিলো,

     পিছে এদমিছন ক'ত ললা??
তেওঁ হাঁহি এটাৰে মাত্ৰ কলে___ ও,,,হো,,, কলেজত।
আৰু সি গুচি গল।

     মই নিজকে অলপ লাজ পালো যদিও হাঁহি উঠি গল। আচলতে মই জানিব বিছাৰিলো তেওঁ Admission কত কৰিব কিন্তু তেও কলেজত বুলিহে কৈ থৈ গল।

     নাজানোঁ কিয় বা তেওঁ ক'ত পঢ়ে মোৰ বাবে সেইদিনা বেছি দৰকাৰী হৈ পৰিল। অকনমান সময়ৰ পিছতে মই সমীক্ষাক লগত লৈ মলয়হঁতৰ ৰুম গৈ ওলালোঁ।

     তেওঁক তাত আকৌ লগ পায়ে শুধিলো-
অ উজ্জ্বল দা, নকলা যে ক'ত লবা এডমিছন...!!

     সি মোৰ পিনে চাই শুধিলে-
কেলেই...??
     মইয়ো থতমত খাই কলো-
নাই নাই এনেই শুধিছো।

     কলেজতে পঢ়িম।  -----তেওঁ এইবাৰো একেই উত্তৰ দিলে। নকলে যে ক'ত লব এডমিছন!! আৰু আমি দুয়ো ওলাই আহিলো।

     দুদিনমান পিছত দেখিলো তেওঁ আমাৰ স্কুলতে এডমিছন লৈছিল।এদিন হঠাৎ আমাৰ খুড়াহতৰ লৰাটো স্কুললে আহিছিল বৰ খঙত। খঙত অহা দেখি মই সুধিলোঁ-
     অ মাইনা ৰবাচোন, ইমান খঙত কত যাওঁ।

     সি ক'লে-
কি কবি তহতৰ স্কুলৰে উজ্জ্বল বলা ল'ৰা এটাই আমাৰ জনিল বৰ মেচেজ কৰি থাকে। তাকে কোনটোনো ল'ৰা, খবৰ এটা লৈ আহো।

     সেইবুলি কৈ সি গুচি গল। অলপ সময় পিছত দেখিছো মাইনাক তাৰ ভনিয়েকে গালি দি আছে। তাইৰ নাম পংখি। তাই মাইনাক কৈছিল,

     তই জানাইচোন, মই কাক ভাল পাও। এনেই যাৰ তাৰ লগত কাজিয়াবোৰ নলাগিবিচোন।

     মাইনা তাৰ পৰা গলগৈ। পংখি মোৰ ভণ্টি আছিল। মই তাইৰ ওচৰত গৈ শুধিলো
     কি হ'ল অ তোৰ?

     তাই কলে- নাই উজ্জ্বলক মাৰিব আহিছিল।
মই পুনৰ শুধিলো- কিয়,,, মই ভাল পাওঁ বুলি নেকি...

     ---কথাখিনি মোৰ মুখেৰে ঘপকৈ ওলাই পৰিল। আচলতে মোৰ অন্তৰেৰে হয়তো তেওঁক বিশেষ কিবা এটা ভাল লাগিছিল।

     মই আকৌ শুধিলো-
অ তই কি ভাল পাওঁ নেকি উজ্জ্বল দাক।

ধেৎ, নাই নাই। মই টাইম পাছহে কৰি আছো তাৰ লগত।

     কাক ভাল পাওঁ নো তেন্তে তই,,,,, বুলি সোধাত তাই অইন ল'ৰা এজনৰ নাম কলে। আৰু মই মনতে সস্থিৰ নিশ্বাস এটা মাৰি

     অ' সেইটোহে কথা....  বুলি কৈ আঁতৰি আহিলো। কিন্তু ভিতৰি কিয় জানো মোৰ ভীষণ খং উঠিছিল পংখিৰ ওপৰত। তাইৰ মিছা ভালপোৱাৰ নামতে আজি প্ৰায় উজ্জ্বল দাই এনেই মাৰ কেইটামান খালেহেতেন।

     পিছদিনা খনৰ কথা। দুপৰীয়া সময়ত উজ্জ্বলক স্কুলৰ কৰিদৰটোতে লগ পাই মই সুধি পেলালোঁ

     দাদা,,, তুমি বাৰু পংখিক ভালপোৱা নেকি?

কিন্তু তেওঁ সেইদিনা মোক প্ৰথমে একো মাত নিদিলে। মই কৈ গলো,

     দাদা কথা এটা কওঁ, বেয়া নাপাবা। পংখিয়ে তোমাক  ভাল নাপায়। তাই মাথো তোমাৰ লগত স্কুলৰ সময় বোৰহে পাৰ কৰিছে। তুমি তাইৰ লগত তোমাৰ সময় বোৰহে নষ্ট কৰিছা নেকি!

     মই কথাখিনি কৈয়ে তেওৰ উত্তৰলৈ বাট নাচাই তাৰ পৰা আঁতৰ হব লওঁতে তেও পিছফালৰ পৰা মাত লগালে।

     তাইৰ লগত মোৰ ব্ৰেকআপ হল।

     মই তেওঁক মাত্ৰ "উম" বুলি কৈ গুচি আহিলো।

     মোৰ বহুত বেয়া লাগিছিল তেওৰ বাবে সেইদিনা। কাৰণ তেওঁ যে পংখিক ইমানদিনে পাগলৰ দৰে ভাল পাইছিল সেইটো ছবি তাৰ মুখত ভাঁহি আছিল।

      তেওঁৰ সন্মুখত থিয় হওঁতেই মই এই কথা অনুভৱ কৰিব পাৰিছিলো। আৰু মইয়ো এদিন এনেকৈয়ে কাৰোবাক হেৰুৱাইছিলো চিৰজীনৰ বাবে। যদিও বয়সত কিছু সৰু আছিলোঁ আজি বাৰুকৈয়ে মোৰ অনুভৱ হল।

    এই কাহিনী মোৰ অষ্টম শ্ৰেণীৰ।

     দুদিন আপোন হৈয়ে এৰি গুচি গৈছিল সি মোক অকলশৰে। তাৰ ব্লাড কেন্সাৰ আছিল কিন্তু সি মোক এদিনো কোৱা নাছিল। মাত্ৰ যোৱাৰ আগ-মুহূৰ্তত এটা ফোন কৰি কৈছিল

     অই, মই যাওঁগৈ। তই ভালকে থাকিবি হা। ভালকৈ পঢ়িবি, মোৰ কথা বেছিকৈ নাভাবিবি...

      এনেকৈ কৈয়ে তাৰ পৰা ফোনটো কাটি দিছিল।কেনি যায়, কিয় যায়, কাৰ লগত যায়, কেতিয়া আহিব,,, এইখিনি কথা সুধিবলৈয়ো তেঁও মোক সুবিধকণ নিদিলে। 
     দুদিনৰপাছত তাৰ ফোনটোৰ পৰা ফোন আহিল___ তাৰ ফোন বুলি ভাবি মই খৰধৰকৈ ফোনটো ৰিচিভ কৰিলো আৰু তাৰ পাছত_____

হেল্লৌ__________
হেল্লৌ_______________
     দুবাৰ মতাৰ পাছত সিফালৰ পৰা তাৰ মাকৰ মাত আহিল

সাধনা______
সাধনা আমাৰ পাপী আৰু নাই_____

     কথাষাৰ মই বুজি নোপোৱাত আকৌ সুধিলো-
কি কলে খুৰী?

ঠিকেই শুনিচা,,, পাপী আৰু নাই। সি গলগৈ আমাক এৰি থৈ। তাৰ ব্লাড কেন্সাৰ হৈ মৰিল।

     ------এইবুলি কৈয়ে খুড়ীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে।আৰু এইখিনি কথা শুনাৰ মোৰ কোনো সামৰ্থই নাছিল।

     তেওঁ গুচি গল। কিন্তু যোৱাৰ পাছত____
     না কাৰোবাক ভাল পাব পাৰিলো মই,
     না কাৰোবাক ভাল লাগিল মোৰ।

_____উজ্জ্বল দাৰ দুখ দেখি মোৰ আধৰুৱা স্মৃতিয়ে বুকুত বাৰুকৈয়ে খুন্দিয়ালে। আৰু মই স্কুল কোঠাটোৰ দুৱাৰ দলিতে অজ্ঞান হৈ পৰিলোঁ।

(আগলৈ.....)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]


Follow on- INSTAGRAM

দ্বিতীয় খণ্ডৰ লিংক -

তৃতীয় খণ্ডৰ লিংক -
          Read Now :

No comments:

Post a Comment