বৰ্ষামুখী আবেলিৰ ৰং | সকলো ছোৱালীৰে জীৱন একে নহয় | এটা চুটি দুখ লগা কাহিনী | Borkhamukhi Abelir Rong By Barnali Bora | Emotional Assamese Love Story Ft. Priyanka Baruah - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বৰ্ষামুখী আবেলিৰ ৰং | সকলো ছোৱালীৰে জীৱন একে নহয় | এটা চুটি দুখ লগা কাহিনী | Borkhamukhi Abelir Rong By Barnali Bora | Emotional Assamese Love Story Ft. Priyanka Baruah


বৰ্ষামুখী আবেলিৰ ৰং


     গিৰিয়েকৰ ঘৰৰ পৰা ঘূৰি অহা স্বস্তিকাই চাৰিআলিত চিলাইৰ দোকান খুলিছে। বনজুইৰ দৰে গোটেই গাঁৱত বিয়পি পৰিছে খবৰটো। নিবিয়পিবইনো কিয় আগৰে পৰা চোন স্বস্তিকাক লৈ গাঁওখনত সৰৱ আলোচনা।


: নন্দনে বাৰু কথাবোৰ গম পাইছে নে নাই !  - মানুহবোৰে ভুঁনভুনাই কথা পাতে। 


     মানুহবোৰৰ কথাবোৰ স্বস্তিকাৰো কাণত পৰে যদিও ঘঁহিলেও মিহি নোহোৱা শিল এছটাৰ দৰে ডাঠ কৰি লয় তাই বুকুখন। মানুহবোৰ এনেকুৱাই মাত্ৰ হাঁহে আনৰ ৰং চাই, কোনেনো বুজে কাৰ কথা কাৰ ব্যথা! 


     ঘৰলৈ ঘূৰি আহিল বুলিয়েই বেমাৰী মাকজনী আৰু ভায়েকটোৰ ওপৰত বুজা হ'ব নোৱাৰে তাই, সেই ভাবিয়েইটো চিলাইৰ দোকান খন খুলিছে। 



     স্বস্তিকা ঘৰলৈ ঘূৰি অহা প্ৰায় তিনিমাহ মানেই হ'ল। প্ৰথম এক মাহ ঘৰৰ ভিতৰতে দিন গ'ল, কিন্তু কিমাননো পলাই থাকিব নিজে নিজৰ পৰা! জীৱনটোত হেৰুৱাব লগাকৈ আৰু একোৱেই নাই তাইৰ, তেনেহ'লে কাৰ মুখামুখি হ'বলৈ ইমান ভয় আৰু শংকা? নিজকে নিজে প্ৰশ্ন কৰে স্বস্তিকাই।


     স্বস্তিকাৰ দোকানৰ আগেৰেই নন্দন অফিচলৈ যায়। আৰু তাকে দেখি অযথা ব্যস্ততাৰে জোখতকৈ ডাঙৰ শব্দ কৰি মেচিনটো চলাই দিয়ে তাই।


     চাৰিআলিৰ মূৰত পাণ খাবলৈ থমকি ৰোৱা নন্দনলৈ এইবাৰ আঁৰ চকুৰে চাই স্বস্তিকাই। একে আছে নন্দন, মাত্ৰ আগতকৈ শকত হৈছে অলপ। নহ'বনো কিয়, বিয়া বাৰু পাতি এতিয়া চাগে সুখৰ সংসাৰ তাৰ।  


"এতিয়াও সময় আছে স্বাতি, তই এবাৰ কৈ দে চব ঠিক কৰি দিম মই"  - কথাষাৰ মনত পৰি হাঁহি উঠে স্বস্তিকাৰ।


     এতিয়া প্ৰতি দিনেই স্বস্তিকাৰ দোকানৰ আগেৰে অফিচলৈ অহা যোৱা কৰিব নন্দন আৰু প্ৰতি বাৰেই কুৰকি যাব স্বস্তিকাৰ পুৰণি ঘাঁ ডোখৰ। আগতে মাত্ৰ এবাৰ নন্দনক চাবলৈ হাজাৰ ব্যস্ততা নেওচি দৌৰি আহিছিল স্বস্তিকা আৰু এতিয়া তাক দেখিলেই শামুকৰ দৰে খোলা এটাৰ ভিতৰত সুমুৱাই দিবলৈ মন যায় নিজক। 


     আচলতে ইচ্ছা কৰা হ'লে এনে এটা দিন নাহিল হয় স্বস্তিকাৰ জীৱনলৈ কিন্তু কেতিয়াবা নিজৰ সুখতকৈ আনৰ ইচ্ছা আৰু আশাক অধিক গুৰুত্ব দিব লগা হয়, সময়েই শিকায় যায় সকলোবোৰ। 



: আপোনালোকৰ এই বিজতৰীয়া ছোৱালীজনীক শাসন কৰিব অলপ, জাত পাতৰ কোনো চিন চাব নাই তাই বেটিয়ে আহি আকৌ মোৰ ঘৰৰ বোৱাৰী হবলৈ যায়। 


      নন্দনৰ মাকে আহি ঘৰতে কথা শুনাই গৈছিল স্বস্তিকাৰ মাকক। স্থানুৰ দৰে ৰুমৰ ভিতৰতে ৰৈ গৈছিল স্বস্তিকা।


     নন্দনৰ মাকৰ কথাষাৰ মেচিন চিলাইৰ দৰে আঁটি আঁটি বুকুত শি লৈছিল স্বস্তিকাই। ঘৰৰ একমাত্ৰ ল'ৰা নন্দন। স্বস্তিকাৰ দৰে এজনী ছোৱালীক বোৱাৰী হিচাপে কিয় মানি ল'ব মাক দেউতাকে??


     কথাবোৰ বহু দিনলৈ গমেই পোৱা নাছিল স্বস্তিকাই। তাইৰ গাতনো কি দোষ, তাই আজিও নাজানে কোনোবাই জানি বুজিয়েই ডেৰ বছৰীয়া স্বস্তিকাক ট্ৰেইন ষ্টেছনত এৰি গৈছিল নে ষ্টেছনৰ ভিৰৰ মাজত মাক দেউতাক হেৰাই গৈছিল! 


     চুটি চাপৰ মাক-দেউতাক আৰু ভায়েকতকৈ সম্পূৰ্ণ পৃথক স্বস্তিকা, ওখ পাখ লাহী পদুমৰ দৰে চকু আৰু চেহেৰা তাইৰ।



: মোৰ লগৰ চব ছোৱালী মাকৰ নিচিনা। মই কিয় তোমাৰ নিচিনা নহয় মা?


     ছয় বছৰীয়া স্বস্তিকাক বুজনি দিবলৈ কিমান যে মিছাৰ আশ্ৰয় লৈছিল মাকে।


     কোনো দিনেই অলপো মৰমৰ অভাৱ হবলৈ নিদিয়া মাক বাপেকহাল, বা বুলিলেই নিজৰ জীৱনটো দি দিব খোজা ভায়েকটোৰ লগত যে তাইৰ তেজৰ সম্পৰ্ক নাই, সেই কথা নন্দনৰ মাকে নোকোৱা হ'লে কোনো দিন গমেই নাপালে হয় তাই।


     নন্দনক শেষ বাৰৰ বাবে লগ পাওঁতেও এটোপাল চকুপানী ওলোৱা নাছিল স্বস্তিকাৰ। দুখ বোৰ জমা হৈ হৈ শিলৰ দৰে কঠিন হৈ গৈছিল বুকুখন। তাৰ বিপৰীতে নন্দন বলিয়া হৈ গৈছিল তাই আঁতৰি যাম বুলি কোৱাত।


: মোৰ ক'ত ভুল হৈ গ'ল শ্বাতি, তই মাত্ৰ এবাৰ কৈ দে সকলো বোৰ ঠিক কৰি দিম মই।


: তোমাৰ একো ভুল হোৱা নাই নন্দন দা, তোমাৰ প্ৰতি মোৰ একো অনুভৱেই নাছিল। একো ভালপোৱা নাছিল, আছিল মাত্ৰ আকৰ্ষণ। এতিয়া মোৰ জীৱনত এনেকুৱা কোনোবা আহিছে যাক মই ভালপাওঁ, আশা কৰো তুমি মোৰ জীৱনত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নকৰা। 



     ফৰকাল আবেলিটোত ক'লা ডাৱৰ এসোপাই আকাশ খন ছানি ধৰিছিল হঠাৎ,


: বৰষুণ দিব এতিয়া অলপ ৰৈ যা শ্বাতি।


: মই যাওঁ নন্দন দা, তোমাৰ লগত প্ৰেমৰ বৰষুণত তিতাৰ আৰু ইচ্ছা নাই।


    গুচি গৈছিল স্বস্তিকা। আৰু গোটেই ৰাতি বৰষুণ জাকত তিতি ৰৈ আছিল নন্দন।


     আচলতে নন্দনৰ মাকে স্বস্তিকাৰ ঘৰত আহি কোৱা কথাবোৰ নন্দনৰ আগত কবলৈ মন নগ'ল স্বস্তিকাৰ। নোৱাৰে তাই নিজৰ বুকুত বৈ থকা ধুমুহা বৰষুণ জাকত নন্দনক তিয়াব। তাইৰ কাৰণে মাক পুতেকৰ সম্পর্ক তিক্ত হওক এইটো কেতিয়াও হ'ব দিব নোৱাৰে তাই।


     স্বস্তিকাত কৈ ছয় সাত বছৰে ডাঙৰ নন্দন তাইৰ প্ৰথম প্ৰেম। প্ৰেম কি জনা হোৱাৰ আগৰে পৰা আচলতে নন্দনৰ প্ৰতি কিবা এটা বিশেষ অনুভৱ কৰিছিল তাই, নন্দনৰো যে তাইৰ প্ৰতি সেই একে অনুভৱ নোকোৱাকৈয়ে বুজি পাব পাৰিচোন। 


     নন্দন আৰু তাৰ ঘৰখনৰ কথা ভাবিয়েই মাত্ৰ এমাহ আগতে চিনাকি হোৱা ল'ৰা এটাৰ সৈতে গুচি গ'ল স্বস্তিকা।



  প্ৰেমহীন সম্পর্ক এটা জানো চিৰস্থায়ী হয় !


জীৱনৰ সকলো তিক্ততা সহ্য কৰি চাৰিটা বছৰ থাকি গ'ল স্বস্তিকা। এইবাৰো ঘৰলৈ ঘূৰি অহাৰ কোনো হাবিয়াস নাছিল, ভায়েকেহে জোৰ কৰি লৈ আহিছে তাইক।


: সি তোক এৰি আৰু এজনী বিয়া কৰিছে, ইয়াত থাকি নিজক আৰু কষ্ট নিদিবি। ব'ল বা, ঘৰলৈ ঘূৰি যাওঁ।


     ভায়েকৰ বুকুত মূৰ থৈ অত বছৰে জমা হৈ থকা বৰফ বোৰ গলিব দিছিল সিদিনা স্বস্তিকাই।


     নন্দন দোকানৰ আগেৰে পাৰ হৈ গ'লেই স্বস্তিকাৰ চিলাইত আউল লাগে, মেচিনৰ বেজী ভাগে, তথাপি ক্ষন্তেকতে নিজক সংযত কৰি লয় তাই।


     অফিচলৈ ওলাই আহি সদায় চাৰি আলিত পাঁচ মিনিট ৰয় নন্দন, পিছে এবাৰো তাইলৈ ঘূৰি নাচায় সি। মুখেৰে ব্যক্ত কৰিব নোৱাৰিলেও এবাৰ তাক ওচৰৰ পৰা চাবলৈ বৰ কৈ হাবিয়াস জাগে তাইৰ।


: ব্লাউজ দুটা আছিল চিলাই দিবি নেকি শ্বাতি!!



      হঠাৎ চিনাকি মাত এষাৰ শুনি পলক নজপোৱাকৈয়ে কিছু সময় ৰৈ যায় স্বস্তিকা।


     হয় সেইটো নন্দন, এসময়ৰ তাইৰ নন্দন। বুকুৰ বিষ এটা উজাই আহি ডিঙি পায়হি, তাই কোনো মতে নিজকে সংযত কৰে। নন্দনেও এপলক দৃষ্টিৰে তাইলৈ চাই, তাইৰ পৰা কিবা এষাৰ শুনাৰ অপেক্ষাত কিছু সময় থমকি ৰয়, নাই এটাও শব্দ মুখেৰে উচ্চাৰণ কৰিব নোৱাৰে স্বস্তিকাই। গুচি যায় নন্দন। 


     নন্দনে দি যোৱা তাৰ ৱাইফৰ ব্লাউজৰ কাপোৰ কেইটা পিটিকি পিটিকি চাই স্বস্তিকাই। মেচিনৰ বেজী টোৱে স্বস্তিকাৰ পুৰণি ঘাঁ ডোখৰ আকৌ খুচি পেলায়। 


     আবেলি ব্লাউজ কেইটা নিবলৈ ঘূৰি আহে নন্দন। এইবাৰ কিছু শান্ত হৈ থাকে স্বস্তিকা। সময় বোৰ আগৰ দৰে হৈ থকা নাই, নিজকে বুজনি দিছে তাই। 


: তুমি বিয়া পতা কিমান দিন হ'ল নন্দন দা?  - ব্লাউজ কেইটা লৈ ঘূৰি যাব খোজোঁতেই স্বস্তিকাই মাত লগায়। 


: সময় আৰু পৰিস্থিতিৰ বাবে মানুহ সলনি হয় কিন্তু ভালপোৱা সলনি নহয় শ্বাতি, মই এতিয়াও আগৰ দৰেই আছোঁ। তই ইয়ালৈ অহা এবছৰেই হ'বৰ হ'ল, এবাৰ জানো খবৰ ল'লি মোৰ? 


      আচলতে প্ৰতি পলে মনত পৰি থাকিলেও কাকো সুধিব নোৱাৰে তাই নন্দনৰ কথা, অত দিনে তাৰ বিষয়ে জানিব খুজিও ৰৈ যায় স্বস্তিকা।


: কিন্তু মই তোমাৰ খবৰ ল'লে বৰমাই যদি বেয়া পায়?


- এইবাৰ উজাই অহা বুকুৰ বিষটো দুচকুৰে বৈ আহে স্বস্তিকাৰ। 


: মায়ে বেয়া পোৱা বোৰ আজিও ভাবিছ, মাত্ৰ মোৰ কথাহে নাভাবিলি এবাৰো। 


- অত বছৰে নন্দনৰ বুকুত জমা হৈ থকা অভিমানী মেঘ বোৰ বৰষুণ হৈ নামি আহে দুচকুৰে,


: মায়ে নিজৰ ভুল বোৰ বুজি পাইছে, মাত্ৰ তোক লগ কৰিবলৈ সংকোচ কৰিছে, তোৰ যদি আপত্তি নাই মা তহঁতৰ ঘৰলৈ এবাৰ যাম বুলিছে। ভাবি চিন্তি উত্তৰটো জনাবি, মই অপেক্ষা কৰিম আজীৱন। 


     নন্দন যোৱাৰ ফালে তধা লাগি চাই ৰয় স্বস্তিকাই। বৰ্ষামুখী আবেলিটোৰ আকাশত এখন ৰামধেনু জিলমিলাই।


সমাপ্ত...


✍️ বৰ্ণালী বৰা।



বৰ্ষামুখী আবেলিৰ ৰং

An Assamese Emotional Love Story
Heart Touching New Assamese Story
Love Story In Assamese Line
"Rainy Afternoon Color"
Written By
Barnali Bora
The Lession Of Story
Not all girls have the same life
Background Photo
Priyanka Baruah, Guwahati

Daily Assamese Status

Borkhamukhi Abelir Rong
Barnali Bora

Emotional Assamese Love Story
Priyanka Baruah


সময়ে বান্ধি দিয়া মৰম নামৰ সম্পৰ্কবোৰ
সময়ে এটা সময়ত ছিগি ভাগি থৈ যায় ।

Priyanka Baruah's Photo Gallery
Quote Credit - Rashmi Pathak


যিজন হৃদয়ত থাকে তেওঁ
সকলোৰে ভাগ্যত নাথাকে
কিন্তু তেওঁৰ স্মৃতিয়ে Life-Time
মনত কষ্ট দিয়ে ।

Rouji Sheikh's Photo Gallery
Quote Credit - Rashmi Pathak

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]


No comments:

Post a Comment