ফুলশয্যাৰ দুই ভিন্ন নিশা | চুটি কাহিনী | মৌচুমী ৰাজবংশী | Duti Nikha by Archana Baruah - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ফুলশয্যাৰ দুই ভিন্ন নিশা | চুটি কাহিনী | মৌচুমী ৰাজবংশী | Duti Nikha by Archana Baruah

ফুলশয্যাৰ দুই ভিন্ন নিশা
| এই কাহিনী মৌচুমী ৰাজবংশীৰ |


     গোটেই ৰূমটো ধুনীয়া সুগন্ধিৰে বিয়পিছে৷ বিছনাখনত গোলাপৰ পাহিৰে হাৰ্টৰ চিন এটা অকা আছে৷ জিকমিক কেন্দেল লাইটেৰে ৰূমটো অধিক ৰোমান্সকৰ হৈ পৰিছে৷ হয়টো ননন্দ জনীয়ে কৰিছে৷ মনটো ভাল লাগি গ’ল মৌচুমীৰ৷ 


     শাহুয়েকে ৰূমত আহি চাকি এগছ দি গ’ল, লগতে এগিলাচ গাখীৰ৷ কইনাৰ সাজযোৰেৰে তাই মাথো অপেক্ষা কৰিছে কুনালৰ৷


     ঘৰৰ পৰাই চাই চিতি তাইৰ বিয়া থিক হৈছিল৷ বহুত ডাঙৰ ব্যৱসায় কুনাল বৰাৰ৷ তিনিখনকৈ চাহবাগান আছে৷ দেখাই দৰ্পনে সাইলাখ হিন্দী চিনেমাৰ হিৰো যেন৷ মৌচুমীয়ে একো না কৰিবলৈ ঠাইয়ে নাপালে৷ একমাহৰ ভিতৰতে বিয়াখন খুব ধুমধামেৰে হৈ গ’ল৷


     কুনালৰ বাবে অপেক্ষা কৰি কৰি মৌচুমী টোপনিত লালকাল হ’ল৷ হঠাৎ দৰ্জাৰ শব্দত তাই সচকিত হৈ উঠিল৷ ঘড়ীলৈ চালে, নিশা বাৰটা বাজিছে৷ দুৱাৰখন খুলিয়ে তাই কুনালৰ পৰিবৰ্তে যদুক দেখি আচৰিত হল।


: তুমি? ইয়াত কিয় আহিছা? আৰু তোমাৰ ককায়েৰা ক’ত? সোনকালে ইয়াৰ পৰা ওলাই যোৱা৷


: মই বহুত জৰুৰী কথাৰ বাবে ইয়াত আহিছো৷ মাত্ৰ দুই মিনিট মোৰ কথাটো শুনা৷ তুমি শুনাৰ পিছত ধৈৰ্য ধৰিব লাগিব বৌ৷


     মৌচুমীৰ কানমুৰ গৰম হৈ গ’ল৷ কি ক’ব ওলাইছে বাৰু দেৱৰেক যদুৱে তাক!!


: সোনকালে কোৱা, মই ৰৈ থাকিব নোৱাৰো৷


: আছলতে মোৰ ক’বই লাজ লাগে৷ তুমিটো বোধ কৰো জানাই, মই কুনাল দাৰ নিজৰ ভাই নহয়৷ সৰুতে মোক এইখন ঘৰলৈ লৈ আহিছিল, মোৰ মা ঢুকোৱাৰ পিছত৷ কুনাল দা মোৰ মামাৰ ল’ৰা৷


: তুমি ইমান কিয় দীঘলীয়া কথা কৈছা?  -হাত ভৰিবোৰ কপিছে তাইৰ৷


: বৌ, কুনালদাৰ সন্তান জন্ম দিবৰ ক্ষমতা নাই৷ সেয়ে বংশ ৰক্ষাৰ বাবে মোক তোমাৰ লগত আজি নিশাটোৰ বাবে জোৰকৈ পঠাইছে৷ মই নাহো বুলি কওঁতে মামাহঁতে মোক চুৰিৰে আঘাত কৰিব বুলি কৈছে৷ প্লিজ মোক ক্ষমা কৰা বৌ৷ আৰু এইয়া বৌ, অলৰেদি সিহঁতে ইমাৰজেন্সীত আমাৰ বাবে হনিমুনৰ টিকট বুক কৰিছে থাইলেণ্ডলৈ৷


     কান্দোনত মৌচুমী একেবাৰে ভাগি মাটিত বাগৰি পৰিল৷ দুই হাতৰে তাইক দেৱৰেক যদুৱে উঠাব খুজিও ৰৈ গ’ল৷


: বৌ প্লিজ, এনেকৈ ভাগি পৰিলে তোমাৰ কেতিয়াও জয় নহয়৷ শুনা আজি ৰাতিটো মাত্ৰ একটিং কৰা ৰাতিপুৱালৈকে৷ তাৰ পিছত মই তোমাক এইখন ঘৰৰপৰা ওলাই যাবলৈ সহায় কৰিম৷ প্লিজ, এতিয়া শান্ত হোৱা৷ কন্দা কটা শুনিলে সিহঁতে গম পাব মই তোমাক সকলো কৈ দিয়া বুলি৷


     ৰাতিপুৱালৈ মৌচুমী ৰব নোৱাৰা হৈ পৰিল যদিও দেৱৰেকৰ বুজনিত কিবাকৈ শান্ত হ’ল৷


◆◆◆◆◆◆◆◆◆◆


     পিছদিনা পুৱাই মৌচুমীৰ যেন একোয়ে খঙ উঠা নাই, এনেকুৱা একটিং কৰি আছে৷ দেৱৰেকে যেনেকৈ শিকাই দিছে তাই তেনেদৰে কৰিছে৷


     গাটো ধুই তাই দ্ৰেচিং আইনাৰ কাষত বহি লৈ মুৰটো ফনিয়াব ধৰিলে৷ এনেতে কুনাল ৰূমলৈ সোমাই আহিল৷ কুনালক দেখিয়ে উজাই অহা খঙটো দমাই ৰাখিলে তাই৷ মুখত এটা হাহিঁ লৈ তাৰ ফালে চালে৷


: ৰাতি টোপনি হ’লনে তোমাৰ?


: নাই, কেনেকৈ হ’ব৷ কিমান যে ইনজয় কৰিছো মই তোমাৰ ভাইটিৰ লগত৷ পিচে আপোনাৰ হে ভাগ্যত নিমিলেলে সেয়া৷ উহঃ বৰ দুখৰ কথা৷


     মনে মনে তাই মোবাইলটোত ৰেকৰ্ড কৰি ৰাখিছিল কুনালৰ কথাবোৰ স্পষ্টকৈ শুনাকৈ৷


: বেছি কথা ন’কবা তুমি৷ আমাৰ ঘৰখনৰ বংশ ৰক্ষা হ’লেই মই ভাইটিক এইখন ঘৰৰ পৰা চিৰবিদায় দিম৷ তেতিয়া তুমি কি কৰিবা? মোৰ ভৰিৰ তলৰ গোলাম হৈ থাকিবা৷ হা হা হা হা....


     জোৰ জোৰ কৈ হাঁহি ৰূমৰ পৰা ওলাই গ’ল কুনালে৷ ভিতৰি ভিতৰি খুব হাঁহি উঠিল মৌচুমীৰো৷ মনে মনে ভোৰভৰালে তাই,


     "পাবি ৰ' দি আছো তোক এই মজা ৷"


     কিছু সময় পিছতে দেৱৰেক যদু,

পুলিছসহ ঘৰলৈ আহিলে৷ ঘৰৰ সকলোৱে আছৰিত হ’ল৷ শহুৰেকৰ বুজিবলৈ বাকি নাথাকিল৷ তাৰমানে ভাইটিয়ে সকলো ক’লে মৌচুমীক৷


: আপোনালোক কিয় আহিল আমাৰ ইয়াত??


     কুনালে পুলিছ কেইজনক পোনপটীয়াকৈ সুধিলে।


: ঠগ প্ৰৱঞ্চক? তোৰ যদি সন্তান জন্ম দিব ক্ষমতা নাইয়ে, তেনেহলে এজনী ফুলকুমলীয়া ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিবলৈ ক’ৰ পৰা সাহস পালি??


: এইয়া মিছা কথা৷ কোনে ক’লে তহঁতক?


: প্ৰমান আছে, আমাৰ তাত৷ এইয়া শুন নিজ কানেৰে,


     ৰূমত মৌচুমীয়ে ৰেকৰ্ড কৰা কুনালৰ কথাখিনি ঘৰৰ সকলোৰে আগত ওলাই পৰিল৷ লগে লগে কুনালক এৰেষ্ট কৰি পুলিছে লৈ গ’ল৷


: ভাইটি তোমাক মই কি বুলি ধন্যবাদ দিম ভাষাৰে বুজাব নোৱাৰো৷ সচাকৈয়ে তুমি মোৰ বাবে ভগৱান স্বৰূপ হৈ আহিলা৷


: এইয়া মোৰ কৰ্তব্য বৌ৷ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ কাৰো নাই৷ তাতে তুমি তোমাৰ মা দেউতাৰ একমাত্ৰ সন্তান৷ তেওঁলোকে কিমান দুখ পালে হয়, যদি মই সিদিনা তোমাক সকলো কথা নকলো হয়৷ গোটেই জীৱনটো ইহঁতে নৰক বনাই দিলে হয়৷ ব’লক মই তোমাক নিজৰ ঘৰলৈ থৈ আহো৷ আৰু মই মোৰ চিনাকি উকিল এজনক সকলো কৈছো৷ সোনকালে তুমি দাদাৰ পৰা ডিভোৰ্চ ল’ব পাৰিবা৷


◆◆◆◆◆◆◆◆◆◆


     মৌচুমীৰ মাক দেউতাকে কথাবোৰ শুনি কান্দোনত ৰব নোৱাৰা হ’ল৷ মাকজনীৰটো মুৰ ঘুৰোৱা যেন অনুভৱ হ’ল। তথাপি মাকে কলে,


: চোতালৰ ৰভা নুগুচোতে ঘৰলৈ ছোৱালী ঘুৰি আহিব লগা হ’ল!!


: খুড়ী আপুনি ভালহে পাব লাগে, বৌৰ জীৱনটো যে কিবাকৈ বাছিলে৷ ন’হলে সেই নৰ পিশাচ কেইটাই বৌৰ লগত যে কি কি কৰিলে হয়!!


: এতিয়া তাইৰ কি হ’ব তুমিয়ে কোৱাছোন, কোনে তাইক বিয়া কৰাব? এনেই ছোৱালীৰ গাত অকনমানো যদি দাগ লাগে, সেই দাগ কোনেও গুচাব নোৱাৰে!!


: আপুনি অলপো চিন্তা নকৰিব৷ এতিয়াও মোৰ সম্পৰ্কীয় ইঞ্জিনীয়াৰ দাদা এজন আছে৷ ছোৱালী বিছাৰিয়ে আছে, যদি আপুনি মত দিয়ে মই আজিয়ে লৈ আহি সকলো আলোচনা কৰিম৷ মাত্ৰ দিভোৰ্চৰ কামটো সোনকালে হওক৷


      মৌচুমীৰ দেৱৰেকে সকলোখিনি খোলাকৈ ক’লে ইঞ্জিনীয়াৰ চিন্ময়ৰ কথাবোৰ। আৰু মাক দেউতাকে এফালৰ পৰা কথাবোৰ শুনি ৰল৷


      লৰাজনক কথামতেই আহিব সন্মতি দিলে মৌচুমীৰ মাকে। আৰু সেইদিনাই আবেলি আহি ওলাল চিন্ময়, তাৰ মাক আৰু মৌচুমীৰ দেওৰেক।


     চিন্ময়ৰ জীৱনতো বহুত দুখৰ পাহাৰ খহি পৰিছিল।


      চিন্ময়ৰো ফুলসয্যাৰ নিশাই তাৰ হব লগা কইনাজনীয়ে আন এটা লৰালৈ পলাই গৈছিল৷ আজিৰ পৰা দুই বছৰ আগতে৷ গতিকে সি এইবোৰ বুজি উঠি বিনাদ্বিধাই মৌচুমীক আকোঁৱালি ল’লে৷ চিন্ময়ৰ মাকো আনন্দ মনে সন্মতি দিলে মৌচুমীক বোৱাৰী কৰিবলৈ।


     শেষত দুয়ো পক্ষৰে মতামত হল,

মৌচুমীয়ে অতি সোনকালে ডিভোৰ্চটো লব লাগে।


◆◆◆◆◆◆◆◆◆◆


     খুব কমদিনতে মৌচুমীয়ে কুনালৰ পৰা ডিভোৰ্চ ললে। দেৱৰেকে চোৱা ইঞ্জিনীয়াৰ চিন্ময়ে মন্দিৰত ভগৱানক সাক্ষী কৰি চিৰদিনৰ বাবে জীৱনসংগী কৰি মৌচুমীক লৈ আহিল৷


     আজি মৌচুমীৰ ফুলসয্যাৰ নিশা৷

আজি কিন্তু বিছনাখনত কোনো গোলাপৰ পাহি নাই। নাই কোনো অত্যাধুনিক কেন্দেল বা লাইট৷ আছে মাথো চিন্ময়ৰ মৰম৷ কিছু সময়ৰ পিছতে চিন্ময় ৰূমলৈ সোমাই আহি মৌচুমীৰ বিচনা খনতে বহি ললে।


: ভয় নকৰিবা। মই তোমাক একো নকৰো, যেতিয়ালৈকে তুমি নিবিছাৰা৷


: আৰু…???  -মৌচুমীয়ে তালৈ চাই হাঁহিলে।


: আৰু বাকীবোৰ জানাই দেখোন। তোমাৰ দৰে মইও এটা ভয়ংকৰ জীৱন পাৰ কৰিছো৷ আজিৰ এই ৰাতিটো এদিন মোৰো জীৱনত এদাল বিষাক্ত সাপ হৈ আহিছিল৷ মোৰ সপোন ভাগিচিগি চুৰমাৰ হৈ গৈছিল৷ দুই বছৰ মই কেনেকৈ কটাইছিলো সেয়া একমাত্ৰ ভগৱানে জানে৷ মইও ভগৱানক খুব বিশ্বাস কৰিছিলো বাবে হয়তো, তুমি মোৰ জীৱনলৈ আহিলা৷ LOVE YOU, মৌচুমী।


: Love you too. আছলতে আমাৰ ভগৱান ভাইটিহে৷ আজি তাৰ বাবে আমি দুয়ো এনেদৰে লগ হ’লো৷


: উম হ’ব দিয়া, এতিয়া শুই দিয়া৷ মই সৰু বিছনাখনতে শুম৷  -এইবুলি চিন্ময়ে উঠি যাব ধৰোতেই হাতখনত থাপ মাৰি ধৰিলে মৌচুমীয়ে৷


: আপুনি তাত শুব নালাগে নহয়৷ ইয়াতে শুৱক, মোৰ লগতে৷


     লগে লগে চিন্ময়ে মৌচুমীক বুকুৰ মাজত সোমাই ল’লে৷ তাইয়ো আলফুলকৈ সাৱটি ধৰি তাৰ বুকুৰ মাজত কুছিমুছি খাই পৰিল৷ আকাশখনো আজি জোনৰ পোহৰত ফটফটীয়া উজ্জ্বল হৈ পৰিছে; সাইলাখ মৌচুমী-চিন্ময়ৰ দৰেই।


সমাপ্ত


অৰ্চনা বৰুৱা 

আধৰুৱা স্মৃতি -
      Read Now:

মই সলনি হৈ পৰিলো মা -
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ -
           Read Now:



ফুলশয্যাৰ দুই ভিন্ন নিশা
An Assamese Emotional
Short Story
Heart Touching Assamese Story
Sad Story In Assamese
Assamese Love Story
Marriage Story
"Two Different Nightmares"
Written By
Archana Baruah
The Lession Of Story
MOUSUMI RAJBONGSHI
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment