পগলা স্বামীৰ জ্ঞানী পত্নী | এটা সঁচা ঘটনা | মেঘ মল্লিকা | Sad Assamese Story By Megh Mallika | Heart Touching New Assamese Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

পগলা স্বামীৰ জ্ঞানী পত্নী | এটা সঁচা ঘটনা | মেঘ মল্লিকা | Sad Assamese Story By Megh Mallika | Heart Touching New Assamese Story | Daily Assamese Status


পগলা স্বামীৰ জ্ঞানী পত্নী

এটা সঁচা ঘটনাৰ আধাৰত ৰচিত এই কাহিনী

মেঘ মল্লিকা


      মোৰ মানুহজনে গাড়ী দূৰ্ঘটনা এটাত মূৰত প্ৰচণ্ড আঘাত পাইছিল৷ সেয়েহে তেওঁৰ ব্ৰেইনে কাম নকৰা হৈ পৰিছিল৷ ডক্তৰৰ মতে তেওঁক ঠিক কৰিব পৰা নাযাব৷ মূৰত প্ৰচণ্ড আঘাত পোৱাৰ বাবে তেওঁ হয়তো পাছলৈ পগলাও হৈ যাব পাৰে৷


     পিছলৈ সেয়াই হৈছিল৷ তেওঁ পগলা হৈ পৰিছিল৷ ভ্ৰম বকে, যাকে দেখে তাকেই মাৰিবলৈ দৌৰাই লৈ ফুৰে৷ গাওঁৰ মানুহবোৰে তেওঁক দেখিলেই পগলা বুলি মতা হ'ল৷ কোনোবাই তেওঁক দেখিলে শিলগুটি দলিওৱা হ'ল৷


     মাজৰাতি বিছনাখনৰ পৰা দৌৰি বাহিৰলৈ পলাই, কেতিয়াবা মোক এৰি থৈ কৰবালৈ গুছি যায়৷ মই ৰাস্তাৰে ৰাস্তাৰে তেওঁক বিছাৰি ফুৰো৷ কেতিয়াবা মোৰ বুকুৰ মাজত শুই তেওঁ কয়,


: মা মা মোৰ বৰ ভয় লাগিছে৷ মোক এবাৰ তোমাৰ বুকুৰ মাজত শুৱাই লোৱা না,,,।


     তেওঁৰ কথাবোৰ শুনিলে মোৰ দুচকুৱে চকুলো বাগৰি আহে৷ যিজন মানুহে মোক নিশা ঐ দেহা বুলি মাতে তেওঁ মোক এতিয়া মা বুলি মাতে৷ মোৰ চকুৰ পানীৰে নেদেখা বাট৷ মোৰ জীৱনলৈ এজাক যেন নামি আহিছে কাল ধুমুহা৷ এতিয়া সকলোৰে মুখত এটায়েই নাম মই পাগলৰ পত্নী৷


: শুনা তোমাৰ ভাল হৈ যাব৷ তুমি ৰাস্তাত ঘুৰি নুফুৰিবা৷


     তেওঁ মোলৈ বেকাকৈ চাই হাঁহি হাঁহি কয়,


: মা মা মোক সাধু এটা কোৱানা?


: মই তোমাৰ মা নহওঁ৷ মই তোমাৰ পত্নী৷ এয়া চোৱা মই তোমাৰ নামত সেন্দূৰ লৈ আছো,,,।


     যিমান কলেও তেওঁ নুবুজে৷ মই উপায়হীন হৈ পৰিছো। তথাপিও বুকুৰ সাহসক হেৰুৱাই পেলাব খোজা নাই৷ মই তেওঁক সুস্থ কৰি তুলিমেই। নাৰীয়ে নোৱাৰা কাম একো নাই৷ মই তেওঁক ভাল কৰিম৷ ময়েই আজিৰ পৰা তেওঁৰ জীৱনৰ ডক্তৰ৷


     গাওঁৰ কিছুমান মানুহে মোৰ অৱস্থাটোলৈ চাই কয়,


: ইমান ধুনীয়া মৰমলগা বোৱাৰীজনীৰ আজি এই অৱস্থা৷ পগলা এটাৰ লগত থাকি কি লাভ পাবা৷ পগলায়ে দেহৰ নে মনৰ সুখ দিব? বোৱাৰী জনী দেখাত বৰ সুন্দৰ৷ এতিয়াও দেহত মা-হালধীৰ গোন্ধ লাগিয়েই আছে পিছে ভাগ্যখনহে বেয়া। সেয়েহে পগলা এটাৰ লগত জীৱনটো কটাব লগীয়া হৈছে৷


     মোক কোনোবাই তেনেকৈ কলে বৰ খঙ উঠে৷ নিজৰ মানুহজন পগলা হলেও তেওঁ মোৰ স্বামী৷ তেওঁক মোৰ বাবে পগলা নহয়৷ মই তেওঁক বৰ ভাল পাওঁ৷



আজি তেওঁক মুখখন ধুৱাই দিওঁতে তেওঁ মোৰ মুখলৈ চাই কলে,


: তই কোন?


: মই তোমাৰ পত্নী?


: নহয় তই ডাইনী?


: মই ডাইনী নহয়৷ মই আপোনাৰ অধাংগিণী৷


: মই পাগল আৰু তই পাগলী৷ হা হা হা,,,৷ অই ওলাই যা ইয়াৰ পৰা পাগলী,,,৷ মই তোক মাৰিম এতিয়া৷ হা হা হা,,,,


     তেওঁৰ কথাবোৰ শুনি মোৰ দুখ লাগিছিল। মই তেওঁক বুকুৰ মাজত সাৱতি লৈ কলো-


: তুমি মোক যিয়েই নোকোৱা কিয় মই তোমাৰ পৰা আতৰি থাকিব নোৱাৰো৷ মই তোমাক আগৰ ৰূপলৈ ঘুৰাই লৈ আনিম৷ তুমি ভাল হ'বই লাগিব৷ মা কালীৰ শপত খাই কৈছো, মই তোমাক ভাল কৰিমেই কৰিম৷


     সদায় নিশা তেওঁৰ মূৰটো মালিচ কৰি দিওঁ, মোক ভালপোৱা কথাবোৰ, মোক মৰম কৰা কথাবোৰ তেওঁৰ কানত মুখ লগাই কৈ থাকো৷ কেতিয়াবা তেওঁৰ ওঁঠত চুমা এটা যাছোঁ,


: অই তই মোৰ ওচৰৰ পৰা আতৰি যা৷ তই কোন?


: মই কিমানবাৰ ক'ব লাগে এটা কথা৷ মই তোমাৰ পত্নী,,,।


     তেওঁ হাঁহে আৰু মোৰ মুখলৈ চাই কয়,


: পত্নী মানে কি?


     মই কোনো উত্তৰ নিদিয়াকৈ নিৰৱে চকুলো টুকো।



     মই কান্দিলে তেওঁ হাঁহে। মোৰ মুখখন ভালদৰে চায়৷ মই চাবলৈ দিওঁ। কেতিয়াবা মাজনিশা মোৰ বুকুখনত মূৰ থৈ টোপনি যায়৷ মই ভাৱিছো তেওঁ অলপ আগতকৈ সলনি হৈছে৷ মোৰ মনটো ভাল লাগি যায়৷


     কেচুৱাটোৰ দৰে মোৰ বুকুখনত শুই পৰিলে কিবা মনটো ফৰকাল লাগি যায়৷ সেই সময়কনত তেওঁ যে পাগল সেইটো অনুভৱ নহয়৷ হয়তো তেওঁক মই ভাল কৰিব নোৱাৰিম৷ তেওঁ পাগলেই হৈ থাকিব লাগিব, কিন্তু মই তেওঁৰ লগতেই থাকি পত্নীৰ ধৰ্ম পালন কৰি থাকিম৷


     কেতিয়াবা ভাবো,

জীৱনটো হিন্দী বা বলিউডৰ চিনেমাৰ দৰে হোৱা হলে নিশ্চয় তেওঁ অতি সোনকালে সুস্থ হৈ পৰিলেহেঁতেন৷ কিন্তু মোৰ যে এয়া ৰিয়েল জীৱন কাহিনী সেয়েহে তেওঁক সুস্থ কৰিবলৈ দিন মাহ বছৰো লাগি যাব পাৰে৷ আৰু মই তাৰেই অপেক্ষাত,,,,,।।


◆◆◆ সমাপ্ত ◆◆◆


মেঘ মল্লিকা

মেঘ মল্লিকা

No comments:

Post a Comment