হাঁহিৰ আঁৰত তুমি
প্রথম খণ্ড
ভালপোৱা কি যে আচৰিত | যিমানে ভবা যায় দূৰত থাকিম বুলি প্রেম ভালপোৱাৰ পৰা কিন্তু পাৰি জানো থাকিব ? নোৱাৰি | যিমানে দূৰলৈ যোৱা যায় ভালপোৱা বোৰো সিমানেই কাষ চাপি ওচৰলৈ আহে | ঠিক তেনেকুৱা মোৰ লগতো হল |
অতীতৰ ভালপোৱাৰ স্মৃতিবোৰক মই কাহানিও পাহৰিব পৰা নাছিলো | আনকি পাহৰিব পৰা ক্ষমতাও মোৰ নাছিল | সঁচা ভালপোৱাৰ বিনিময়ত আৰু তাইক সুখী ৰখাৰ স্বাৰ্থত নিজৰ সকলো প্ৰচেষ্টা এদিন অথলে গৈছিল | আৰু তাৰ বিনিময়ত মই মাথোঁ পাইছিলোঁ প্রতাৰনা, অসন্মান আৰু এটা গধুৰ মন |
এনেকৈয়ে তাইৰ অবিহনে দুটা বছৰ পাৰ হৈছিল | তাই যদিও মোৰ কাষত নাছিল স্মৃতিবোৰ লৈ দিনবোৰ পাৰ কৰিছিলো | মনতে ভাবিছিলো, জীৱনত লগা হলে বেলেগ ভুল কৰিম কিন্তু কাৰোবাক ভাল পাই দ্বিতীয় বাৰ ভুল নকৰো |
চঞ্চল মনক ধৰি বান্ধি ৰখাৰ সাধ্য আছে জানো কাৰোবাৰ ? পখীৰ দৰে উৰি ফুৰা অভিমানী, চলাহী মনটিক কোনে ধৰি ৰাখিব পাৰে ? কোনে বুজাব পাৰে ?
হৃদয়ত যেতিয়া কাৰোবাক ভালপোৱা আৰু ভাল লগাৰ সৃষ্টি হয়, মনে যেতিয়া কাৰোবাক পছন্দ কৰি লয় তেতিয়া নিজক নো কি বুজাম | বাধা দিব পাৰি জানো তেতিয়া ?
তেতিয়া নিজেও হৃদয় আৰু মনৰ অভিমান ভাঙিবলৈ কাৰোবাৰ প্ৰেমত হাৰ মানিব লগা হয় | তেওঁ বা তাইৰ প্ৰেমত নপৰো বুলিও সেইজনৰে প্ৰেমৰ মায়াজালত এদিন হাবুডুবু খাব লগা হয় |
আনদিনাখনৰ দৰে এটি সাধাৰণ সন্ধিয়া | হাতত কলম আৰু বহী | পঢ়ি-লিখি ভাল পাওঁ, সেয়ে হেজাৰ শব্দৰ অৰ্থ বুজি সংমিশ্ৰণ কৰি এনেই বহীখনত শব্দবোৰ মিলাই কবিতা লিখিবলৈ প্ৰয়াস কৰি থাকো | সেইবুলি মই কোনো এজন কবি নহয় দেই |
কবি হ'বলৈ যিখিনি দক্ষতা আৰু জ্ঞানৰ প্ৰয়োজন সেইখিনি মোৰ তাত নাই | মাথো লিখিও খুব ভাল পাওঁ বাবে কিছুমান শব্দৰ লগত খেলা কৰি ছন্দ মিলাই কবিতা লিখিবলৈ প্ৰয়াস কৰি থাকো |
সেই সন্ধিয়াও ঠিক একেই প্রয়াস আৰু লিখিছিলো -
মোৰ নষ্টালজিক প্ৰেমত তুমি
বাটৰ পগলাৰ দৰে আছিলো |
তোমাৰ মৰম পাই নিজক বুজি পাইছিলো |
সপোন দেখিব শিকিছিলো |
নতুনকৈ জীৱনটো আৰম্ভনি কৰিছিলো হে
তোমাৰ সাহসত |
তোমাৰ প্রেমৰ অভিনয়ে আকৌ মোক
বাটৰ পগলা কৰিলে |
এতিয়াতো নাই তুমি তুমি লগা অনুভৱবোৰ
নাই তোমাক লৈ দেখা সপোনবোৰ |
সপোনবোৰে নিজৰ ঠিকনা হেৰুৱালে |
সুখবোৰৰ মৃত্যু ঘটিল |
আশাবোৰ মৰহি থাকিল |
মৰমবোৰ চিৰদিনলৈ অভিমানী হল |
বাচি থাকিলো মই আৰু মোৰ ভগ্ন হৃদয়খন |
পাৰা যদি আহিবা এদিন সমাধিলৈ |
য'ত তোমাৰ মৰম আৰু ভালপোৱাৰ অভিনয়ে
মোৰ আশা আৰু সপোনবোৰৰ মৃত্যু ঘটালে |
মৰম, আশা আৰু সপোনবোৰ তো জীয়াই তুলিব
নোৱাৰা তুমি |
তথাপিও পাৰা যদি এদিন আহি চাবা,
কেনেকৈ জীয়াই আছো মই |
তুমি তুমি লগা সপোনবোৰ আজিও বুকুতে লৈ |
কবিতাটো লিখি উঠি মই কৰবাত কিবা ভুল ৰৈ গ'ল নেকি অলপ চকু ফুৰালো | মোৰ দুগালেৰে দুটোপাল চকুৰ লতক নিগৰিল | এনেতে ইনষ্টাগ্রামত এটা মেছেজ আহিল | মেছেজটি কোনে পঠাইছে বুলি মই অতি আগ্ৰহেৰে লগালগ চালো | এখন কবিতা পেজৰ পৰা আহিছে | পেজখনৰ এডমিন জনে সুধিছে -
"হাই ৰিয়ান, তুমি কবিতা ধুনীয়া লিখা | আমাৰ পেজৰ WhatsApp গ্রুপটোত জইন হোৱা | তাত তুমি লিখনিবোৰ দিব পাৰিবা |
মই - ঠেংক ইউ দাদা | পিছে আপোনাৰ নম্বৰটো ?
দাদা - 99541xxxx9 এইটো | WhatsApp ত hi বুলি এটা দি থোৱা, মই তোমাক জইন কৰাই আছো |
মই তেওঁক ঠিক আছে বুলি কৈ তেওঁৰ নম্বৰটো save কৰি লৈ তেওঁলৈ hi বুলি এটা দিলো | ঠিক অলপ পাছতেই তেওঁ মোক গ্রুপটোত জইন কৰালে |
দাদা জনে সকলোৰে লগত মোক চিনাকি কৰি দিলে | গ্ৰুপটোত মইয়ো সকলোৰ লগতে চিনাকি
হলো |
পিছদিনাখন ৰাতিপুৱা গ্রুপটোত মই লিখা কবিতা এটা দিলো | বহুতে পঢ়ি ভাল পালে আৰু মোক বহুত উৎসাহ দিলে | সিদিনাই নতুনকৈ চিনাকি হলো এজন দাদাৰ লগত | তেওঁৰ নাম ৰিন্টু | ৰিন্টু মানে ৰিন্টু গগৈ | তেওঁ সুধিলে -
ৰিন্টু দা - ভাই সুন্দৰ কবিতা লিখা দেই তুমি | ভাল লাগিল পঢ়ি | আশা কৰো আগলৈও পাম |
মই - ঠেংকছ দা | যিমান পাৰো সিমানকখিনি দিবলৈ প্ৰয়াস কৰিম |
ৰিন্টু দা - লিখি যোৱা ভাই পঢ়িব ৰৈ থাকিম | পিছে তুমি কি পঢ়ি আছা ?
মই - এইবাৰ ডিগ্ৰীৰ 5th চেমিষ্টাৰ আৰু আপুনি ?
ৰিন্টু দা - মই গুৱাহাটীৰ হয় | বৰ্তমান চাকৰি কৰি আছো আৰু বাহিৰা কিবা এটা বিষয়ৰ ওপৰত পঢ়ি আছো বেংগালুৰুত |
মই - ঠিক আছে দা | লগ পাম এদিন | যিহেতু মইয়ো গুৱাহাটীতে পঢ়ি আছো বৰ্তমান |
ৰিন্টু দা - অহ, গুৱাহাটীত পঢ়া নেকি, বৰহিয়া তেন্তে, লগ পাম এদিন অতি সোনকালে |
মই- নিশ্চয় দা |
দাদা জনৰ লগত ইটো সিটোকৈ বহুখিনি কথাই পাতি ফ্রী হৈ পৰিলো আৰু লগতে এজন ভাইটি আৰু দুজনী ভন্টীৰ সৈতেও ভালদৰে গ্ৰুপটোত চিনাকি হলো |
আনে তাত কবিতা বেছি নিদিলেও আমি চাৰিজনে সদায় সন্ধিয়া গ্রুপটোত আহি মনৰ কথা আৰু হাহি-ধেমালিৰে কিছু সময় পাৰ কৰো |
দিনবোৰ এনেকৈয়ে গ'ল | এদিন হঠাৎ এজনী ছোৱালীয়ে তাই নিজে লিখা কবিতা সেই গ্রুপটিত দিলে | অ এটা কথা | তাই গ্রুপটোত আগৰ পৰাই আছিল কিন্তু তেনেকৈ গ্রুপলৈ নাহে | মই তাইৰ কবিতাটি পঢ়ি বহুত ভাল লাগিছিল | তাই লিখা শব্দ কেইটাৰ সংমিশ্ৰণত কবিতা টোৱে ধুনীয়া প্ৰাণ পাই উঠিছিল | কবিতাৰ নাম দিছিল -
"হৃদয়ৰ অনুৰণত তুমি"
পঢ়ি ভাল লগাৰ বাবে মই ৰিপ্লাই এটা নিদিয়াকৈ থাকিব নোৱাৰিলো |
মই - পঢ়ি খুব ভাল লাগিল ভন্টী, সঁচাই আপ্লুত হলো, আৰু আগলৈও পঢ়িব পাম বুলি আশা এটা ৰাখিলো |
তাই - অশেষ ধন্যবাদ দাদা |
ইমানদিনে গ্রুপটোত আছো যদিও মই আজিলৈকে কাৰো প্রফাইল চেক কৰা নাছিলো | কিন্তু নাজনো তাইৰ প্রফাইল খন ভালদৰে চাবলৈ কিবা এটা মন গল | তেনেতে চালো | প্রফাইল খন চাই সঁচা ভাল লাগিল | দেখাত মৰম লগা, মুখত এটা সহজ সৰল ভাব আৰু অতি সাধাৰণ যেন লগা ছোৱালীজনী |
দিনবোৰ নিজৰ গতিত আগবাঢ়িল | তেনেকৈ মই লিখা এদিন এটা চুটি কবিতা গ্ৰুপটোত দিয়াত তাই কলে -
তাই - দাদা আপুনি বহুত ধুনীয়া কবিতা লিখে | পঢ়ি ভাল লাগিল সঁচাই |
মই - তোমাতকৈ কম | তোমাৰ নিচিনা ইমান ভাল লগাকৈ লিখিব নাজানো ভনী |
তাই - ধেই দাদা | আপুনি ভাল লিখে | লিখি যাওক |
এনেকৈয়ে দিনবোৰ বাগৰি যোৱাৰ পাছত আমাৰ দুয়োৰ চিনাকিও বহুখিনি আগবাঢ়িল | এদিন জানিলো, তাই ইংলিছ মেজৰৰ বি. এ. 3rd চেমিষ্টাৰৰ ছাএী | তাই খুব ধুনীয়া গান গায় আৰু নাচিও বৰ ভাল পায় | ক'বলৈ গ'লে তাই পাকৈত ছোৱালী |
কিছুদিন যোৱাৰ পিছত মই জানিলো যে, তাই আগতে কাৰোবাক অন্তৰেৰে ভাল পাইছিল | তাইক ভালপোৱা ল'ৰাজন বেছি অভদ্ৰ টাইপৰ আছিল সেয়ে ল'ৰাজন অভদ্ৰামিত তাই তাক এদিন ব্রেক আপ দিছিল | আজি ২ বছৰেই হ'ল, বৰ্তমান চিংগল | আৰু মোৰ নিচিনাই তাইৰো কাহিনী | কাৰোবাক ভাল পাই আকৌ ভালপোৱাৰ নিচিনা দ্বিতীয় ভুল নকৰাৰ প্রতিশ্রুতি তাইৰো আছিল |
দিনবোৰ যিমান পাৰ হ'ল মইয়ো সিমানেই লাহে লাহে তাইৰ কবিতা, গানৰ প্রেমত পৰিলো | বাৰে বাৰে পখীৰ দৰে উৰণীয়া মনটিক ধৰি ৰাখিব নোৱাৰি তাইৰ প্ৰতি মোৰ হৃদয়ত ভালপোৱা বাঢ়িবলৈ ললে |
সিদিনাখন আছিল 14 আগষ্ট | তাইৰ এটা গান পিছদিনা অৰ্থাৎ 15 আগষ্ট তাৰিখে ৰিছিল দিয়াৰ কথা আছিল | গানটো তাই নিজে লিখা, আনকি তাই নিজেই গাইছিল | গানৰ লগতে মাজে মাজে প্ৰেম ভালপোৱাৰ ডাইলগ আছিল, যিবোৰ তাই ৰাতি সৰু সৰুকৈ WhatsApp Status হিচাপে গ্রুপত শ্বেয়াৰ কৰিছিল |
ভালপোৱা জানো দুদিনৰ চিনাকিতে হয়?
কেতিয়াও নহয়।
কাৰোবাক ভাল পাবলৈ হলে তাৰ বিষয়ে
সকলো জানি লোৱাটো,
তাক বুজি পোৱাটো অতি প্ৰয়োজন।
ভালপোৱা কোনো ল'ৰালিৰ ধেমালি নহয়
যেতিয়া ভালপোৱাৰ জীৱনত দুদিনৰ বাবে
কোনোবা আহে
এদিন তেওঁ আমাৰ হৃদয়খনৰ সৈতে ভালপোৱাৰ
খেলা কৰি এৰি গুচি যায়।
অতি কম বয়সতে ভালপোৱাৰ বিশ্বাস
যিয়ে হেৰুৱায়
তেওঁহে ভালকৈ বুজে
সঁচা ভালপোৱাৰ দুখ আৰু যন্ত্ৰণা কিমান!
মিছা ভালপোৱাৰ অভিনয় কৰি আঁতৰি
যোৱাজনৰ একো নহয়,
কিন্তু সঁচা ভালপোৱাক হেৰুৱাই পেলোৱাজনৰ
যিখিনি কষ্ট হয়
সেই কষ্টই তেওঁৰ বহুতো সুখৰ সপোন
চাই কৰি থয়।
সঁচা ভালপোৱাৰ মৃত্যু হলে
জীৱনটো জীয়াই তুলিবলৈ বহুত কষ্ট হয়
হৃদয়খন শিলৰ দৰে কঠোৰ হৈ পৰে।
তাইৰ চুটি চুটি সেই নতুন গানৰ ষ্টেটাছ কেইটা চাই মোৰ চিঞৰি চিঞৰি কব মন গৈছিল -
- ভাল পাওঁ তোমাক | ভালপোৱাৰ চিনাকি দুদিনত নহয়, কিন্তু তোমাৰ মোৰ প্রথম চিনাকি WhatsApp ত এদিনতে হয়।
মোৰ সঁচা ভালপোৱাৰ মৃত্যু হল,
জীৱনত দুখ এটা থাকি গল।
প্ৰয়োজন মাথো তোমাৰ,
আৰু মোৰ জীৱনৰ।
...কিন্তু মই কব নোৱাৰিলো তাইক ভাল পাওঁ বুলিও | মই তাইক ভাল পাওঁ, কওঁ নো কেনেকৈ ? এয়া কেৱল মোৰ মনত তাইৰ ভালপোৱাৰ হে সৃষ্টি হৈছে | মইহে তাইৰ বাবে সপোন দেখিছো কিন্তু তাইতো এইবোৰ একো নাজানে | তাইৰ মোক লৈ কি ধাৰনা মইও নাজানো | তাইৰ বাবে যিহেতু মই অচিনাকী সেয়ে তাইৰ নম্বৰটো চেভ কৰি "হাই" বুলি কবলৈও মোৰ সাহস নাছিল | কাৰন আমি কাকো জোৰ কৰি ভাল পাব, জোৰ কৰি কাৰোবাক কথা পাতিব কব নোৱাৰো |
সকলোৰে নিজস্ব ভাল লগা বুলি কথা থাকে | বিষয়, মনৰ আশা আৰু পছন্দ অপছন্দৰ কথা থাকে | আৰু মইতো তাইক প্রখম চিনাকিতে ভন্টী বুলি সম্বোধন কৰিছিলো | তেনেক্ষেত্ৰত এতিয়া যদি তাইক ভাল পাওঁ বুলি কওঁ মোক "অভদ্র" বুলি নাভাবিব নে ? তাইৰ মনত কি ভাৱ সেয়া জনাটো ভাল | কথাবোৰ সিদিনা এনেকৈয়ে সামৰি থলোঁ |
সময় বাগৰিল | দিনবোৰ এটি এটিকৈ গৈ আছে কেৱল মইহে তাইৰ প্ৰেমত আগবাঢ়িব পৰা নাই | মন বহুত যায়, তাইৰ লগত কথা পাতিবলৈ | কিন্তু..... কথাবোৰ মনতে থাকি যায় | তাইৰ প্রফাইলত থকা ফটোখন চোৱাৰ এক অভ্যাসত পৰিণত হৈ পৰিল মোৰ | যেতিয়াই চাওঁ তাইৰ ফটোখন তেতিয়াই মোৰ মুখত কব নোৱাৰাকৈ হাঁহি এটা ফুটি উঠে | আৰু মই কেৱল সদায় তাইক পাবলৈ ভগৱানৰ ওচৰতে সেৱা জনাওঁ |
এটা সপ্তাহ এনেকৈয়ে পাৰ হল | এদিন সন্ধিয়া 7 মান বজাত তাইৰ নাম্বাৰটোৰ পৰা মোলৈ WhatsApp Message এটা আহিল | তাই প্ৰেৰণ কৰা মেছেজটো দেখি মোৰ সুখৰ ঠিকনা নোহোৱা হৈছিল | মনটো কোনফালে ডেউকা মেলি উৰা মাৰিছিল সেয়া নাজানো কিন্তু বহুত ভাল লাগিছিল | মেছেজটোত লিখা আছিল,
"অংকুৰ, মোৰ নতুন গানটো শুনিছানে ?"
মই লগালগ উত্তৰত লিখিলো,
মই - নাই শুনা কিন্তু Status বোৰ গ্ৰুপত চাইছোঁ ভাল লাগিছে |
তাই - sorry, অংকুৰ দাদা !
মই - একো নহয় দিয়া | নাম দি মাতিবা | দাদাটো কৈ এনেই দীঘলীয়া নকৰিলেও হ'ব |
তাই - ঠিক আছে | দাদা কলে বেয়া পোৱা নেকি ?
মই - নাই নাপাওঁ |
তাই - বাৰু বাৰু... কৈছা যেতিয়া নাম দি মাতিম তেন্তে !
মই তাইক "হ'ব বাৰু" বুলি কলো | আৰু এনেকৈ দুই এটা নিজৰ কথা, নিজৰ ঘৰুৱা কথাও আলোচনা কৰিলো |
সঁচাই, মানুহে কয় নহয় - কাৰোবাক অপেক্ষা কৰাৰ অনুভৱেই সুকীয়া |
যিজন ব্যক্তিৰ বাবে যেতিয়া অপেক্ষা কৰা যায় আৰু সেইজন ব্যক্তিৰ যেতিয়া ঠিকনা পোৱা যায়, মনত কিমান আনন্দৰ জোৱাৰ উঠে সেইটো অনুভৱ মোৰো হ'ল !!!
◆◆◆ আগলৈ......
No comments:
Post a Comment