পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ | অৰ্চনা গগৈ | প্ৰেম কাহিনী | Pujari Moi Tumar Jibonor - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ | অৰ্চনা গগৈ | প্ৰেম কাহিনী | Pujari Moi Tumar Jibonor

পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ


     মাজৰাতি অনলাইন থাকি ফেচবুকত মোবাইলটো পিতপিতাই আছোঁ। এনেতে এটা অচিনাকি নম্বৰৰ পৰা কোনোবাই মেচেজ দিছে,


" ইমান ৰাতিলৈকে অনলাইন আছা যে,

শুই থাকা।"


     মোৰ খঙটো উঠি আহিল।

কিয় কব মোক এনেকৈ! মোৰ ফোন, যিমান মন যায় অনলাইন থাকিম। Reply'ত লিখিলোঁ,


"So what? It's none of your business"


     কিছু সময় পিছত তেওঁৰ এটা মেচেজ আহিল,


"চোৱা মই তোমাক কোনোদিনে মেচেজ দিয়া নাই, কিন্তু তোমাক সদায় অনলাইন দেখো ইমান ৰাতিলৈকে, স্বাস্থ্যৰ কাৰণে ভাল নহয়, আৰু তাতে ছোৱালী মানুহ, ইমান ৰাতি অনলাইন দেখিলে বহুতে বেয়া ইংগিতত মেচেজ দিয়ে, সেয়া তুমি না কৰিব নোৱাৰা, ভালৰ বাবে কৈছোঁ শুই যোৱা, এইয়া মোৰ দাবী বুলিয়ে ধৰি লোৱা, নহলে তোমাক ফোনটো ৰাতি নিদিবলৈ দেউতাৰাক কৈ আহিম।"


     এইবাৰ মই অলপ ভয় খালোঁ ঘৰত কৈ দিয়ে বুলি। গতিকে একো ৰিপ্লাই নিদি মোবাইলৰ ডাটা অফ কৰি শুই পৰিলোঁ।


     পিছদিনা কলেজত বান্ধৱী সকলৰ লগত আড্ডা দি আছোঁ। এনেতে আকৌ একেটা নম্বৰৰ পৰা মেচেজ আহিল,


"এতিয়ালৈকে যে ঘৰ যোৱা নাই, গধূলি হলে কি কৰিবা? যোৱা, নহলে মই তোমাৰ ঘৰত গৈ কৈ থৈ আহিম".....


     উপাই নাই মানে কোন বা হয়; এই সৰু সৰু কথাবোৰৰ পৰা। লগৰ কিজনীক নম্বৰটো দেখালোঁ, নাই কোনোৱে চিনি নাপাই। অগ্যতা তাৰ কথাত লৰালৰিকৈ গুচি আহিলোঁ ঘৰলৈ।


     সেই দিন ধৰি মোৰ কতোৱেই শান্তি নাইকিয়া হল। ৰাতি অনলাইন থাকিবও নোৱাৰোঁ বেছি দেৰিলৈকে। লগৰ বোৰৰ লগত যলৈ তলৈ যাবও নোৱাৰা হৈ পৰিলোঁ।


     মুঠতে ইটো নকৰিবা, সিটো নাখাবা উফ্…


     আচৰিত হওঁ, কেনেকৈ এই নিচিনা মানুহজনে মোৰ প্ৰতিটো কামৰে হিচাপ ৰাখে! অকল মোৰ নিজৰ কথাখিনিকে কয়। মোৰ মেছেজৰ ৰিপ্লাই বহুত কমকৈহে দিয়ে, ফোন কৰিলেও ৰিচিভ নকৰে। নামটো সুধিলে কয়,


"জানিবলৈ এতিয়া সময় হোৱা নাই।"


     মুঠৰ ওপৰত অশান্তি তাৰ পৰা…!!


     এদিন ভাবিলোঁ ঘৰত কথাটো কৈ দিম।

কিন্তু পিছ মূহুৰ্ততে আকৌ মনলৈ আহিল, মই ৰাতি মোবাইল টিপি থাকোঁ বুলি ধৰা পৰি যাম তেতিয়া। গতিকে ঘৰত নোকোৱাটোৱেই থিৰাং কৰিলোঁ।


     এনেকৈয়ে অশান্তিৰ মাজত দিনবোৰ কটাব ধৰিলোঁ। কিমান যে বেয়াকৈ গালি দি মেচেজ দিওঁ, হলেও মোক শাসন কৰিব নেৰে। তাক লগ পালেতো পিঠি ফালি দিম, এনে লাগে কেতিয়াবা! 


     এদিন টিউচনৰ পৰা ঘৰলৈ যাওঁতে দেৰি হল। গধুলিৰ সময়। ৰাজপথৰ ঠায়ে ঠায়ে তাতে আকৌ লৰাৰ আড্ডাবোৰ।


     মোৰ ভয় লাগিবলৈ ধৰিলে।

আন্ধাৰ হৈ আহিছে ক্ৰমাৎ; তাতে মই অকলে। সেইটো সময়তে মোৰ তালৈ মনত পৰিল। আনদিনা চোন মোৰ সি সব খবৰ ৰাখে, আজি লগা সময়ত নাই যে!


     মই মোবাইলটো উলিয়াই তালৈ মেচেজ এটা দিব লওঁতেই মেচেজ এটা আহিল তাৰ পৰা, 


"চিন্তা কৰিব নালাগে, মই আছোঁ, নিচিন্ত হৈ বলা"


     যদিও মই পিছলৈ ঘুৰি চাই কাকো নেদেখিলোঁ তথাপি মোৰ সাহস পোৱা যেন অনুভৱ হ'ল। আৰু হাঁহি এটা মুখত লৈ নিচিন্ত মনেৰেই ঘৰ পালোঁহি।


     আহি পায়েই তাক মেচেজ এটা দিলোঁ,


"thank you"....


     কিন্তু তাৰ ৰিপ্লাইত লিখা আছিল, 


"হব এতিয়া ইমান ভাবিব নালাগে, অলপ আৰাম কৰি পঢ়া, ময়ো যাওঁ ঘৰলৈ, তোমাক থবলৈকে মই আহিছিলোঁ ওলাই।"


     নাজানো কিয় ভাল লগা মিঠা হাঁহি এটাই আৱৰি ধৰিছিল মোক। তাক নেদেখা স্বত্বেও এনেকৈয়ে মোৰ প্ৰতিটো কথাতে সি মোৰ অভ্যাস হৈ পৰিল। কিন্তু মই কোনোদিনে তাৰ লগত ফোনত কথা পাতি নাপালোঁ! লগ কৰাৰ কথাও সি কোনোদিনে মোক নকয়।


     লাহে লাহে মোৰ বোধভাব বোৰ নাইকিয়া হৈ আহিব ধৰিলে। তাৰ কথাতে মই সময় মতে পঢ়িবলৈ বাধ্য হলোঁ, নহলেযে ঘৰত মোবাইল টিপি থকাটোও গম পাব!


     অৱশেষত সুখ্যাতিৰে স্নাতক শিক্ষা শেষ কৰিলোঁ। ফলাফল ঘোষণা কৰাৰ দিনাই সি মোক অনাগত দিনবোৰ ভালে যোৱাৰ শুভেচ্ছা যাছিলে।


     কিন্তু তাৰ পিছত?? সিদিনাৰ পৰাই আচৰিত ধৰণে মোলৈ কোনোদিনে মেচেজ দিয়া নাই। অথবা মই মেচেজ দিলেও একো সঁহাৰি নিদিয়ে।


     কি হ'লনো এই মানুহজন!...

যাক নেদেখিলেও তাৰ বাবেই আজি ইমান ভাল এটা ৰিজাল্ট পালো! মই অলপ ক্ষুণ্ণ হলো, মনে মনে মই হয়তো তাক মিছ কৰিবলৈ লৈছিলোঁ!!


     ঘৰত মোৰ বিয়াৰ কথা চলিল। মই এতিয়াই বিয়া নহওঁ বুলি কলোঁ যদিও মাঁহতে মোৰ কথা শুনিব নিবিচাৰিলে।


     তেওঁলোকৰ মতে এখন সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ লৰা, তাতে চৰকাৰী চাকৰিয়াল, আচাৰ ব্যৱহাৰ সকলো ভাল, এনে লৰা পাবলৈ কপাল লাগিব, গতিকে মানি নোলোৱাৰ কথাই নাহে।


     উফ,,, মূহুৰ্ততে মোৰ এনে লাগিল যেন বিয়া হৈ গলেই সেই বিশেষ নম্বৰটো! মোৰ সকলো কামৰ হিচাপ ৰখা সেই বিশেষ মানুহজন যেন হেৰাই যাব মোৰ পৰা!!


     প্ৰথম অনুভৱ কৰিছোঁ সি কেৱল মোৰ অভ্যাস নাছিল, মই ভাল পাই পেলাইছোঁ তাক। থিৰাং কৰিলোঁ তাক জনাম সকলো। সি দেখাত যেনেকুৱাই নহওঁক, কিবা চাকৰি কৰক বা নকৰক, তাৰ সঁহাৰি পালেই তাৰেই হৈ ৰম্ আজীৱন।


    কথা মতেই কাম। মেচেজ দিলোঁ তাক,


"মোৰ বিয়াৰ কথা চলিছে ঘৰত, গতিকে কিবা এটা কৰা।"


     নাই..., ৰখি ৰখি গোটেই দিনটোত তাৰ পৰা একো সঁহাৰি নাহিল। ধৈৰ্যৰ বান্ধ খোল খাই গৈছে, ফোনৰ ওপৰত ফোন কৰিছোঁ তাক, কিন্তু কতো একো সঁহাৰি নাই।


     ৰাতিলৈ তাৰ এটা মেচেজ আহিল,


"বিয়া ঠিক কৰিছে, হৈ যোৱা বিয়া, মই আকৌ কি কৰিব লাগে, বিয়াৰ শুভেচ্ছা থাকিল।"


     মই ধুৱলি কুঁৱলী দেখিলোঁ চকুৰে।

জীৱনৰ প্ৰথম প্ৰেম আছিল সি, কেনেকৈ পাহৰিম তাক; যাক নেদেখাকৈয়ে ইমান ভাল পাই পেলাইছিলোঁ! ঘৰত কবলৈও সি মোৰ একো কথা নাৰাখিল, চিধাই মোক বিয়াৰ শুভেচ্ছা যাছিল??


     বিয়া হৈ আহিলোঁ মাহঁতৰ পছন্দ মতেই। নিজকে প্ৰতিশ্ৰুতি দিলোঁ তাৰ কথা কেতিয়াও মনত নেপেলাওঁ। জীৱনটো নতুনকৈ আৰম্ভ কৰিম, মাত্ৰ তাৰ সমান ভালপাব নোৱাৰিম মোৰ স্বামীক, সেইটো মই জানো! হলেও পত্নীৰ ধৰ্ম পালন কৰিম!!


     আজি ফুলশয্যাৰ নিশা। বিছনা খনতে বহি আছোঁ। কিন্তু এতিয়াও মনটোৱে হাহাকাৰ কৰি আছে, তাৰ উপস্থিতি এতিয়াও মোৰ মনে যেন বিচাৰি আছে। এনেতে হঠাৎ এটা মেচেজ আহিল,


"ৰাগিনী কইনাৰ সাজত বৰ ধুনীয়া লাগিছে তোমাক, অলপ ওলাই আহিবা নেকি বাহিৰলৈ"


     তাৰ মেচেজ…!! কেনেকৈ উপেক্ষা কৰোঁ তাক, একো নাভাবি ওলাই আহিলোঁ। কিন্তু দুৱাৰ মুখতে থমকি ৰলোঁ, সন্মুখত মোৰ স্বামী!...


"কলৈ যোৱা এই ৰাতি?"


     কি উত্তৰ দিম মই একো ভাবি নাপালোঁ। মোৰ দুচকুৰে সৰসৰাই চকুলো বৈ আহিল। পুনৰ ৰুমৰ ভিতৰলৈ উভতি যাবলৈ লওঁতে তাৰ আন এটা মেচেজ আহিল,


"মোক লগ কৰিবলৈ বাহিৰলৈ কিয় যাব লাগে, মই চোন ওচৰতে আছোঁ।"


     উভতি চালোঁ এইবাৰ, দুষ্ট হাঁহি এটা লৈ সি মোলৈকে চাই আছে। মই উচুপি উঠিলোঁ।


     সি মোক লাহেকৈ বিচনাত বহুৱাই কৈ গ'ল, কিদৰে মোক কলেজলৈ অহা যোৱা কৰোঁতে এদিন হঠাতে দেখিয়েই পছন্দ হৈছিল, কিদৰে মোৰ ফেচবুকত, কলেজত সকলোতে নজৰ দিছিল, লগৰ এটাৰ হতুৱাই বুদ্ধি কৰি কিদৰে মোৰ বান্ধৱী এজনীৰ পৰা মোৰ নম্বৰ লৈছিল, আৰু তাৰ পিছত মোক মেচেজ দিছিল….


"ইমান ভাল পাইছিলা যদি কিয় এদিনো লগ নকৰিলা মোক, নিজৰ পৰিচয় কিয় নিদিলা মোক ইমান দিনে, বিয়াৰ সময়তো কিয় ইমান কন্দুৱালা, আৰু আজিও কন্দুৱালা।"


     মোৰ প্ৰশ্নত সি হাঁহি উঠিল।


"সময় হোৱা নাছিল জানিবলৈ তেতিয়া, তোমাৰ উপযুক্ত নোহোৱাকৈ তোমাক আশা দিম বুলিও ভবা নাছিলোঁ, সেয়ে আঁতৰি আছিলোঁ। আৰু বাকী থাকিল বিয়াৰ সময়ত তোমাক নোকোৱাতো, স্বাৰ্থ আছিল তাত। এই যে এতিয়া তোমাৰ চকুত প্ৰাপ্তিৰ আনন্দই তিৰবিৰাই উঠিছে, এই আনন্দ খিনি এনেদৰেই একেলগে বহি ভগাই লোৱাৰ স্বাৰ্থ!".....


     তাৰ মুখলৈ থৰ লাগি চাই ৰলোঁ, ইমান ভালপোৱা কেনেকৈ সামৰিব পাৰে কোনোবাই! সাৱটি ধৰিলোঁ তাক, সিও আঁকোৱালি ললে মোক। এনে লাগিল এৰি দিলেই যেন সি আকৌ হেৰাই যাব, মোৰ প্ৰেম মন্দিৰৰ পৰা…!!


     কুচিমুচি খাই সোমাই থাকিলোঁ তাৰ বুকুতে মই। ভেণ্টিলেটৰ ফাকেদি সোমাই অহা জোনাকে পোহৰাই তুলিছিল ৰুমৰ চৌপাশ.......


সমাপ্ত......


✍️অৰ্চনা গগৈ


এপাহি ৰঙা গোলাপ আৰু সন্ত্ৰাস
      Read Now:

মই সলনি হৈ পৰিলো মা
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ
           Read Now:

পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ
An Assamese Love Story
Heart Touching Assamese Story
Love Story In Assamese
"I am the Worshiper of your
Temple of Love"
Written By
Archana Gogoi
The Lession Of Story
A True Love Is Never Ended
ARCHANA
Daily Assamese Status

Pujari Moi Tumar Prem Mandiror

Tumar Premot

Tumar Moromot Moi

Val Pao Tuk
Axomiya Love Story

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment