এপাহি ৰঙা গোলাপ আৰু সন্ত্ৰাস | ৰাইহানা ইছলাম | Epahi Ronga Gulap | Assamese Sad Story | Assamese Emotional And Heart Touching Story | Raihana Islam | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এপাহি ৰঙা গোলাপ আৰু সন্ত্ৰাস | ৰাইহানা ইছলাম | Epahi Ronga Gulap | Assamese Sad Story | Assamese Emotional And Heart Touching Story | Raihana Islam | Daily Assamese Status


এপাহি ৰঙা গোলাপ

আৰু সন্ত্ৰাস

 

     আবেলিৰে ৰক্তাক্ত বেলিটো মাৰ যাওঁ যাওঁ অৱস্থা । ইফালে বসন্ত কাল, আনপিনে কুলিয়ে বিনাইছে । পদূলিত ৰক্ত জবা আৰু শেৱালিৰ আমোল মোল গোন্ধ চৌদিশে বিয়পাইছে । 


      পাঁচবজাত টিউচন । আজি দেউতাই থ'বলৈ নাযায়, কেইদিন ধৰি অকলে গৈ আছোঁ । যদিও দেউতাৰ গা বেয়া তথাপি থৈ আহিব বিচাৰিছিল কিন্তু মানা কৰি অকলে গুচি গলোঁ ।


     ঘৰৰ আলাসৰ লাডু গৰাকী, ময়েই আইতাকৰ চকুৰ মণি ।


     সন্ধিয়া চাহকাপ খাই চাইকেলেৰে ওলাই গলোঁ । বাটত কেইগৰাকী মান ভণ্ড মানুহক দেখি গা শিয়ৰি উঠিল মোৰ । বেগেৰে পেডেল মাৰি টিউচনত উপস্থিত হ'লো‌ । অংকৰ শিক্ষকে ধুনীয়াকৈ বুজোৱা অংকবিলাকো আয়ত্ব কৰিলোঁ ৷ ছুটিৰ অলপপৰ আগত শিক্ষকে বহীখিনি চাই থাকোঁতে ৰবি ককাই ডুবিবৰ হ'ল ।


     এতিয়া ৰাতিয়ে হৈ গ'ল । এনেয়ে বিলৰ কাষৰ ৰাস্তা, তাতে আজি টৰ্চটোও আনিবলৈ পাহৰিলোঁ । নানা ধৰণৰ কু-চিন্তাই মগজুত বাখৰ পাতিলে । এখোজ-দুখোজকৈ চাইকেল খনত ধৰি খোজ কাঢ়িয়ে আগবাঢ়িলো ।


     সৌ কৃষ্ণচূড়াৰ তলৰ দোকানটোত কৃষক কেইজনমানে বিড়ি ফুকাই ফুকাই অতীতৰ গল্প জুৰিছে । কি যে মগ্ন হৈ আছিল গল্পত । দোকানটোত আমোদজনক পৰিৱেশৰ সৃষ্টি কৰিছে । দোকানটোত গৈ দুটা লাডু দহ টকাত কিনিলোঁ, শুনিবলৈ পোৱা যায় দোকানীৰ ঘৈনীয়েকজনীয়ে ধুনীয়া লাডু বনায় । দোকানৰ দলৰ পৰা এগৰাকী খুড়াই পটককৈ সুধি দিলে----


"মইনা, তুমি শৰ্মাৰ ছোৱালী নহয় জানোঁ ?"


ময়ূৰী : অ' খুড়া হয় । মোৰ নাম ময়ূৰী শৰ্মা ।


খদন খুড়া : বাহ‌‌, ইমান ডাঙৰ হৈছোঁ, কোন শ্ৰেণী পালা ?


ময়ূৰী : মই এইবোৰ দশম শ্ৰেণীত পঢ়ি আছোঁ ।


ৰাজু (আন এগৰাকী খুড়া) : তোমাৰ পঢ়া শুনা ছাগে ভালে হ'ব। তোমাৰ দেউতা আৰু আমি একেলগে পঢ়া । এতিয়া চোৱা আমি খেতিয়ক হৈয়ে আছোঁ ৷ সময়ত ভালকৈ পঢ়া-শুনা কৰা নাই যে সেইকাৰণে আজি এনেকুৱা ।


খদন খুড়া : পিছে তোমাৰ আইতা কেনেকুৱা আছে ?


ময়ূৰী : অ' আইতাৰ দেহা বিশেষ ভাল নহয় । তথাপি আছে ভালে, আপোনালোকৰ কথোপকথন আগুৱাই নিয়ক, মই আহিছোঁ । ৰাতি হ'বৰে হ'ল,‌ মায়ে ঘৰত চিন্তা কৰি আছে চাগ ।


খদন খুড়া : অ' মইনা যোৱা..... যোৱা.... অলপ চাই মেলি যাবা আজি কালিৰ মানুহ ইমান ভাল নহয় ।


ময়ূৰী : ঠিক আছে, নমস্কাৰ ।


     বাকী থকা বাটৰ সংগী হ'ল জোনাকী পৰুৱাবোৰ । ধুনীয়ীকৈ উজ্বলাই তোলা বাটটোত পখিলা খেদা দি আহি ঘৰ পালোহি । মায়ে পদূলি মুখত চাকিটো হাতত লৈ মোলৈ অপেক্ষা কৰি আছিল । ঘৰলৈ আহি হাত ভৰি ধুই চাহ জলপান খাই পঢ়াৰ টেবুলত বহিলোঁ । পঢ়া শেষ হোৱাৰ লগে লগে মায়ে পাক ঘৰৰ পৰা মাত লগালে ।


মা : ময়ূৰী..... অ' ময়ূৰী.... দেউতা আৰু আইতাক লৈ আহা ভাত খাবলৈ । 


ময়ূৰী : দেউতা, অ' দেউতা, কি হ'লনো এতিয়াও শুই আছা । ব'লা, মায়ে মাতিছে; ভাত খাওগৈ । আইতা আহা তুমিও ।


মা : হাত ধুই লওক ।  - চৰিয়াটো আগুৱাই দি মায়ে কৈ উঠে ।


দেউতা : এনেই অন্ধকাৰ পৰিৱেশ, তোমাৰ পলম হ'ল কিয় ?


ময়ূৰী : অন্ধকাৰ পৰিৱেশ, তোমাৰ বন্ধুক লগ পালোঁ । কৃষ্ণচূড়াৰ তলত চাহ দেকীনটোত । কথা পাতিলে, তোমাৰ কথা আৰু আইতাৰ কথাও সুধিলে ।


দেউতা: অ হয় নেকি কোন আছিল ?


ময়ূৰী : খদন খুড়া, ৰাজু খুড়া আৰু কেইজনমান আছিল ।


মা : বাৰু ভাল কথা, এতিয়া ধুনীয়াকৈ খাই বৈ আইতাৰ লগত শুই যাবি ।


ময়ূৰী : হ'ব মা ।

 

     পিছদিনা ৰাতিপুৱা টিউচন কৰিয়েই স্কুললৈ যাব লাগে, ঘৰ আহিবলৈ সময় নিমিলে । আঠ বজাত খাই বৈ চাইকেল লৈ ওলাই গলোঁ ।


      বান্ধৱী কেইগৰাকীৰ লগত মনৰ কথা পাতিলোঁ । টিফিনত দুলাল মণিৰ দোকানৰ পৰা তেতেলী কিনি আঁহত জোপাৰ তলত বহি জুতি লগাই খালোঁ । পূব দিশৰ পৰা ভাহি অহা মলয়াজাকে আৰু বান্ধৱীৰ লগত বাৰ্তালাপ কৰি স্বৰ্গীয় সুখ অনুভৱ কৰিলোঁ । বেল পৰিল আৰু শ্ৰেণীত গৈ পাঠদানৰ পিছত ছুটি হ'ল ।


      চাইকেল লৈ উভতাৰ সময়ত দেখিলোঁ যে কালিৰ ভণ্ড মানুহ কেইজন মানে মোৰ পিছে পিছে আহি আছে । জীৱন-মৰণ চিন্তা নকৰি বেগেৰে চাইকেল চলাই কোনোমতে ঘৰলৈ পালোহি । ঘৰলৈ আহি মাকক কথাবোৰ ভাঙি ক'বলৈ সাহস নহ'ল । ঠিক সন্ধিয়া টিউচনৰ সময় হ'ল, বহুত ভয়ো লাগি আছে । কি কৰোঁ কি নকৰোঁ যেন লাগিছে ।


      টিউচনলৈ ওলাই গ'লো । যাবৰ সময়ত অসুৰ কেইটাক দেখা নাপাই অন্তৰটো শীতল হ'ল । আকৌ ছুটিৰ সময় আহি গ'ল । গভীৰ ভয়ে অন্তৰত নিগাজীকৈ ঠাই বনাই ললে । যিহেতু, আজি টিউচনত পৰীক্ষা আছিল নাহিলেও উপায় নাই ।


     ছুটি হ'লত আপোন মনে গান গাই চাইকেলেৰে উভতি আহি থাকোঁতে হঠাৎ আহি চাইকেলেৰে আগফাল-পিছফালে ছয়জন মানুহে মোক ঘেৰ দি ধৰিলে । দূৰ কৰবাত খদন খুড়াৰ হাঁহি মোৰ কাণত গুঞ্জৰিলে । লগে লগে চিঞৰি চিঞৰি মাত লগালোঁ ।


      : খুড়া...... খদন খুড়া..... মই ময়ূৰী শৰ্মা, মোক এওঁলোকে বৰ বেয়াকৈ বেৰি ধৰিছে । মোক লৈ যাওক ।


খদন খুড়া : কোন হয়.....? কোন হয়, ৰ'বা মইনা, আমি গৈ আছোঁ ।


      খদন খুড়াৰ তৰ্জন-গৰ্জন শুনি ইহঁত বিলৰ কাষেদি পথাৰৰ মাজত দৌৰি সোমালগৈ ।


      আহি দেখিলে, কোনেও নাই । মোক আগুৱাই দি তেওঁলোক ঘৰমুৱা হ'ল ।


      ঘৰলৈ আহিও মোৰ মূৰৰ পৰা ইহঁতৰ ভয়ংকৰ হাঁহিৰ শব্দ আৰু হৈ যোৱা পৰিস্থিতি পাহৰিব পৰা নাই । ভাত খাবৰ সময়তো মাক বা দেউতাকক ক'বলৈ সাহস নহ'ল । টোপনিবিহীন ৰাতিও পাৰ হৈ গ'ল ।


      পিছদিনা স্কুলৰ পৰা আহি যেতিয়া আকৌ টিউচনৰ সময় হ'ল মাক ক'লো


      : মা আজি দেহাটো বিশেষ ভাল নহয়, আজি টিউচনলৈ নাযাওঁ ।


       মোৰ কথাটো শেষ নহওঁতেই দেউতাই মাত লগালে,

: কিয় আজি পৰীক্ষা আছে নহয় তোমাৰ, যাবই লাগিব ।


ময়ূৰী : মা, মই নাযাওঁ, আজি মোৰ যাবলৈ মন নাই ।


মা : একো নাই মইনা, যোৱা। নহ'লে দেউতাই খং কৰিব ।


ময়ূৰী : কৈ আছোঁ যে আজি নাযাওঁ, কিয় ইমান জোৰ কৈ পঠাই আছা? আৰু আজি যদি যাওঁ মই উভতি নাহিম ।


মা : এনেকৈ ক'ব নাপায়.........!


      চাইকেলখন লৈ বেগেৰে ওলাই গ'লো । ওখোৰা মোখোৰা বাট, চৰাই চিৰিকটিও নিজ গৃহলৈ বুলি উৰা মাৰিছে । বিলৰ পদুমজাকো বগাকৈ সজাই তুলিছে প্ৰকৃতিৰ মনোমোহা পৰিৱেশ...। বেগেৰে উপভোগ কৰি কৰি টিউচনত উপস্থিতি হ'লো । আজিৰ পৰীক্ষাত ২৫ৰ ভিতৰত ২৪ পাই মনটো বেছি আপ্লুত হৈ গ'ল ।


     বাটৰ ৰঙা কৃষ্ণচূড়াটোক এন্ধাৰে ঢাকি ধৰিছে । বাটৰ সংগী মাথোঁ এই জোনাকী পৰুৱা কেইটাই । জোনাকী পৰুৱাৰ লগত কথা পাতি পাতি উভতি থাকোঁতে পিছপিনৰ পৰা কোনোবা এজন আহি মোৰ চকু, মুখত কাপোৰ এটাৰে ঢাকি মোক পিছ ৰাস্তাত দলিয়াই পেলালে ।  আনুমানিক ছয়জন অসুৰে মোৰ কাপোৰ টানি ছিঙি উলংগ কৰি জন্তুৰ নিচিনাকৈ কামুৰি কামুৰি খেৰৰ তলত ঢাকি থ'লে ।



ইফালে ঘৰত…..??


মা : ময়ুৰীৰ দেউতা, আজি প্ৰায় আঠ বাজিবৰ হ'ল । আমাৰ ময়ূৰী এতিয়াও টিউচনৰ পৰা অহা নাই মোৰ বহুত চিন্তা হৈ আছে অ' । তাই এতিয়াও কিয় অহা নাই !!


দেউতা : ৰ'বা মই অলপ চাই আহো, তুমি চিন্তা নকৰিবা ‌।


      গোটেই ৰাস্তা, টিউচন আনকি ময়ূৰীৰ বান্ধৱীৰ ঘৰত গৈয়ো সুধিলে কিন্তু দেউতাকে তাৰ একো খবৰ নাপালে ।


      ময়ুৰীৰ মাক আৰু আইতাকে কান্দি কান্দি অৱস্থা বেয়া কৰি পেলাইছে ।


মা : অ' ময়ুৰীৰ দেউতাক, মোৰ ছোৱালীক আনি দিয়া । ৰাতি ১০ টা পাৰ হ'ল, আপুনি কিয় তবধ লাগি আছে ? ব'লা ওচৰৰ থানাটোত যাওঁ ।


দেউতা : মোৰ ছোৱালী ক'ত গ'ল, হে হৰি... মোৰ একমাত্ৰ ছোৱালী তুমি আনি দিয়া (কৈ কৈ দেউতাকেও কান্দি থাকিল)


মা : ব'লা থানালৈ যাওঁ ।


আইতা : মোৰ কলিজা, মোৰ পখিলী, মোৰ মৰমৰ ক'ত গ'লি । হে হৰি, আমাৰ একমাত্ৰ বুকুৰ কুটুম তুমি আনি দিয়া ।


মা : মোৰেই ভুল, তাইক টিউচন যাবলৈ দিব নালাগিছিল । কিয় পঠিয়ালো ? হে হৰি… কিয় পঠিয়ালে ময়ুৰীৰ দেউতা...? হে… হৰি…..!!


দেউতা : মই পুলিচক কৈ আহিছোঁ । কেইগৰাকীমানে বিচৰাত লাগি গৈছে ।


      ওৰেটো ৰাতি পৰিয়ালটোৱে কান্দোনত আউলি বাউলি হৈ থাকিল । ঘৰখনত এন্ধাৰমুখী পৰিৱেশৰ সৃষ্টি হ'ল । কাষৰ কিছুমানে খবৰ ল'বলৈ আহিল, "কি হ'ল বুলি" । কেইজন মানে ৰাস্তাত বিচাৰিলে কিন্তু কোনেও কতো ময়ুৰীক নেদেখিলে।


      কাহিলী পুৱাতেই উঠি পুনৰ তাইৰ মা আৰু দেউতা টিউচনৰ বাটৰ ফালে ময়ুৰীক বিচাৰিবলৈ গ'ল ।


      : এয়া কি……?????


মাকে দেউতাক উদ্দেশ্যে কৈ উঠিল। দুয়ো হুৰমুৰকৈ দৌৰি গ'ল ওচৰলৈ ।


      তাইৰ মৃতদেহটো বিলৰ কাষৰে খেৰৰ পঁজাৰ পৰা উলিয়াই আনি ওচৰৰে কুকুৰ দুটাই তাইৰ হাড়কেইডাল চোৱাই আছিল । এই দৃশ্য দেখি ময়ুৰীৰ মাৰ দুচকু জাপ খাই গ'ল ! দেউতাৰ মুখৰ মাত নোহোৱা হ'ল ।


      গোলাপ ফুলৰ কলিটিক কিছুমান বিষাক্ত পতংগই নিমিষতে ধবংস কৰি পেলালে.......। বিষাক্ত পতংগই এখন ঘৰ ধ্বংস কৰি পেলালে ।


✍️ ৰাইহানা ইছলাম

◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
✍️             

আধৰুৱা স্মৃতি -
      Read Now:

মই সলনি হৈ পৰিলো মা -
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ -

এপাহি ৰঙা গোলাপ আৰু সন্ত্ৰাস
An Assamese Emotional
Short Story
Heart Touching Assamese Story
Sad Story In Assamese
"Epahi Red Roses
And Terror"
Written By
Raihana Islam, Dhuburi
The Lession Of Story
MAYURI
Daily Assamese Status

Photo- সোণালী মণ্ডল

Photo- প্ৰিয়ংকা ভাগৱতী

Photo- ৰিংকি তৃষ্ণা

Photo- মেঘ মল্লিকা

Instagram post- @assamese_culture_
Facebook post- @AssameseCulture.In


Jonak Axom ৰ ছোৱালীজনী
এপাহ ৰঙা গোলাপ
Epahi Ronga Gulap

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment