আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | Assamese Sad Love Story 03 | Emotional Assamese Love Story | Sad Story In Assamese By Sadhana Handique | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | Assamese Sad Love Story 03 | Emotional Assamese Love Story | Sad Story In Assamese By Sadhana Handique | Daily Assamese Status

আধৰুৱা স্মৃতি

প্ৰেমে হোঁহোৱাই, প্ৰেমে কন্দুৱাই
প্ৰেমে উটুৱাই, প্ৰেমে নচুৱাই
Assamese Sad Love Story

     সময়বোৰ এইদৰে পাৰ হৈ গ'ল। আমাৰ দুয়োৰে সম্পৰ্কত কোনো বাধাই হেঙাৰ হব নোৱাৰিলে। এদিন উজ্বলৰ H.S Final Exam আহিল। মই সেইবাৰ HSLC দিয়া নাছিলো যদিও মই ক্লাছ 10'তে আছিলো। মোৰ Birth Certificate খনত বয়সতো এবছৰ কমাই থোৱা আছিল। সেইখন ক্লাছ 9'ত থাকোতে ৰেজিষ্টেচন কৰা নহল আৰু যাৰ বাবে মই সেইবাৰ HSLC পৰীক্ষা দিব নোৱাৰিলোঁ। কিন্তু মই পঢ়াত ভাল আছিলো কাৰণে ছাৰ বাইদেউ হতে মোক ক্লাছ 10'তে ৰখাইছিল।

      দিনবোৰ পাৰ হ'ল উজ্জ্বলৰ সৈতে সদায় হাঁহি-ধেমালি আৰু মোৰ কিছু অভিমানেৰে। এদিন দুদিনকৈ নতুন বছৰ আহিলে। সৰস্বতী পূজাও আহিলে। কেটেঙা মানে উজ্জ্বল আৰু মই সিদিনা খন বহু সময় একেলগে কটালো। দুয়োতাই ফুৰিলো, ফটো মাৰিলো, আৰু বহোত কিবা কিবি। সিদিনা কেটেঙাই তাৰ এখন নতুন চিম মোক দিছিল, তাৰ লগত কথা পাতিবলৈ।

     মোৰ আগতে কোনো নিজা মোবাইল ফোন নাছিল। মাৰ মোবাইলটোকে এবছৰ চলাইছিলো। কিন্তু অফিচৰ কামত মাক নতুন মোবাইল প্ৰয়োজন হোৱাত মায়ে মোক পুৰণা মবাইলটো একেবাৰে দি দিছিল। কিন্তু খালি মোবাইলটোহে আছিল, sim card খন মায়ে লৈছিল। সেয়ে সিদিনা "মোবাইল থাকি কি হব চিম নাথাকিলে" বুলি কৈ সি মোক চিমখন দিছিল।

     জানুৱাৰী মাহ শেষ হবলৈ বেছিদিন নাছিল। লাহেকে আমাৰ স্কুল আকৌ আৰম্ভ হৈ গৈছিল। জানুৱাৰীৰ ৩১ তাৰিখৰ দিনা মই অসমৰ বাহিৰত যোৱাৰ কথা আছিল ফুৰিবলৈ। মইও বহুত ফূৰ্তিত আছিলো। কিন্তু ৩০ তাৰিখৰ দিনাই মায়ে মোৰ পৰা উজ্জ্বলে দিয়া চিমখন কাঢ়ি লৈছিল। ইমান দিন Relationship-ত থকাৰ পাছত সেই দিনটোৱে প্ৰথম দিন আছিল মোৰ বাবে, যিটো দিন মই উজ্জ্বলৰ লগত কথা এটাও পতা নাছিলো।

     মই কব নোৱাৰো সেইটো মুহূৰ্তত মোৰ কেনেকুৱা অনুভৱ হৈছিল। পাপীক অৰ্থাৎ মোৰ আগৰ Ex-ক হেৰুৱাৰ পাছত জীৱনত হয়তো দ্বিতীয় বাৰ মই উজ্জ্বলৰ বাবে সিদিনা বহুত কান্দিছিলো, তাক মই হেৰুৱাম বুলি।

Assamese Love Story
Romantic Assamese Love Story
Love Story In Assamese

     পিছদিনাখন মাৰ মুখ খনলৈ বহুত বাৰ চালো জানোচা মায়ে মোক চিম খন দিয়ে। কিন্তু নিদিলে। তথাপি মই সেইদিনা যামেই বুলি ঘৰৰ পৰা ওলালোঁ, অৱশ্যে মোক যোৱাৰ বাবে ঘৰত বাধা দিয়া নাছিল। এটা সময়ত ট্ৰেইন আহিল আৰু মই ট্ৰেইনত উঠি বহিলোঁ। তেনেকুৱাতে ধুন দাদাই কাৰোবাৰ লগত কথা পাতি পাতি ট্ৰেইনত উঠা দেখিলোঁ। দাদাক দেখি মনত পৰিল অন্ততঃ মই তাৰ পৰা hotspot লব পাৰিম।

     দাদাই মোৰ কথা সকলো জানিছিল কাৰণ উজ্জ্বল আৰু ধুন দা একে লগৰে আছিল। দাদাই মোক তাৰ প্ৰতি Support ও কৰিছিল। সি প্ৰায় মাক কৈছিল

     "পেহী, বহুত ভাল ল'ৰা পাইছা। ল'ৰাটো ভাল
......................"

     ট্ৰেইনত গৈ থাকোতেই মই তাৰ ওচৰত গৈ দাদাক কলো-

     : অ দাদা শুনচোন, মোক তোৰ ফোনটো______"
মোৰ কথাখিনি কৈ শেষ নোহোঁতেই দাদাই কৈ উঠিল

     : ফোনটো লাগে আৰু ৰাতি hospot লাগে, হয়নে?
------ দাদাৰ কথাত মই হাহি এটা মাৰি মূৰ দুপিয়ালোঁ।

     : ৰাতি ১০ টা লৈকেহে পাবি তাৰ পিছত নাপাবি। মই Game খেলিম।

     তাৰ কথাত মই পুনৰ মূৰ দুপিয়াই হব বুলি কলো। কাৰণ ৰাতি ১০ টা বজালৈ হলেও সেইখিনিয়ে মোৰ বাবে বহুত আছিল। দাদাক আমাৰ চিট টোৰ তালৈ আনিলোঁ। দাদাই আহিয়ে ট্ৰেইনৰ ডবাত থকা উপৰৰ চিটটোত উঠি বহি ললে। মই মাজৰ চিটটোত থাকিলোঁ আৰু তলত ডাঙৰ এনাই আৰু সৰু এনাই থাকিবলৈ দিলোঁ । 

     বেগবোৰ অলপ চিজিল কৰি থৈ মই দাদাৰ ফোনটো ললোঁ। আৰু চিধাই বাথৰুমৰ পিনে গলো। উজ্জ্বললৈ ফোন এটা মাৰি তাক কথাবোৰ কলো। আৰু কেতিয়া কথা পাতিব পাৰিম সেয়াও কলো। শেষত Love You বুলি কৈ ফোনটো কাটি দিলো।

     অত-তত ঘূৰি ফুৰোঁতে আমাৰ ২০ দিনেই পাৰ হল। এইকেইদিনত আমি ভালেকেইটা মন্দিৰ আৰু বিশেষ বিশেষ ঠাই ঘুৰিলোঁ। যিমানবোৰ মন্দিৰ দর্শন কৰিলো মই সকলোতে ভগৱানৰ ওচৰত উজ্বলকে বিচাৰিলো। ২৫ দিন পিছত আমি অসমলৈ উভতি আহিলো। তেতিয়া তাৰ H.S Exam আৰম্ভ হৈছিল। 

Assamese Sad Love Story
Emotional Assamese Love Story
Assamese Short Love Story

     ঘৰলৈ মই উভতি আহি পালো যদিও মা হতৰ লগত মোৰ একোৱে মিল নাছিল। কেৱল মায়ে মোক কেইদিন মান পাছত নতুন চিম এখন দিছিল। মা আৰু মোৰ মাজত কাজিয়াবোৰ বাঢ়ি অহাৰ কাৰণতো আছিল বাবু ।

     বাবু মানে তাৰ ঘৰ আমাৰ ঘৰৰ কাষতে আছিল । কিয় সেয়া নেজানো, কিন্তু সি মই ঘৰত নথকাত সদায় মাক আহি উজ্জ্বলৰ কথা বেয়াকৈ লগাইছিল । পিছত মই গম পোৱাত তাক শুধাত সি মোক ভাল পায় বুলি কৈছিল।

     কিন্তু বাবুক মই সেইটো চাৱনীৰে কোনোদিন চোৱাই নাছিলো। বৰং মই সদাই তাক দাদা বুলিয়ে ভাবিছিলো। মই বাবুক কৈছিলো মোৰ আৰু উজ্জ্বলৰ বিয়া ঠিক হোৱাৰ কথা। মই তাক উজ্জ্বলক ভাল পোৱাৰ কথা সিদিনা বাৰে বাৰে কৈছিলো। কিন্তু....!!

      তেওঁ মোক উজ্জ্বলক এৰি দিবলৈ কৈছিল। উজ্জ্বলকো মৰাৰ ধমকি দিছিল। আৰু এদিন মই তাক খঙতে ভাল নাপাও বুলি বহু গালিও পাৰিছিলো। সি মোক তেতিয়া হাঁহি হাঁহি কৈছিল-

     : চাই থাক, মই তোক কেতিয়াও তাৰ হব নিদিওঁ।

    মই তাৰ কথাত বহুত ভয় খাইছিলো। উজ্জ্বলক কিবা কৰিব বুলি। আহি আহি এদিন মে মাহত সোমাল। উজ্জ্বলৰ ৰিজাল্ট বেয়া হল। তাৰ পঢ়া বেয়া হোৱাত এক প্ৰকাৰ মইয়ো দোষী আছিলো!! যি হল হৈ গল বুলি মই তাক আকৌ পঢ়িব কৈছিলো। আৰু সি মোক পঢ়িম বুলিও কৈছিল। যিহেতু লকদাউন চলি আছিল আমাৰো Class বোৰ অনলাইন চলি আছিল।

     এইবছৰ মোৰো মেট্ৰিক পৰীক্ষা আছিল বাবে মই অকনমান উজ্জ্বলক কম সময় দিছিলো। লকদাউনৰ কাৰণে মাৰ অফিচৰ কাম বোৰো Online 'ওতে কৰিছিল। সেইকাৰণে মায়ে অলপ ৰিপটৰ বাবে গাৱত ভিজিত দিছিল। অলপ কেইদিনটো সকলোবোৰ থিকেই চলি আছিল।

     এদিন মা গাওলৈ গৈছিল অফিচৰ কামত। আৰু দেউতাও কামলৈ গৈছিল। ভণ্টিয়ে শুই আছিল। তাৰে সুযোগ লৈ বাবু আমাৰ ঘৰলে আহিছিল । আহিয়েই সি মোক খুব আমনি কৰিছিল। মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ বাবে! মই মানা কৰাত সি মোৰ দেহত হাত উঠাইছিল। শেষত গৈ মই নিজকে তাৰ পৰা নোৱাৰিলো।

Gaor Buwari
Buwari In Assamese
Axomiya Buwari Love Story

      বাবুয়ে মোৰ শৰীৰৰ সমস্ত কাপোৰ খুলি ঠান বান কৰি দিছিল। মই ভীষণ কান্দিছিলোঁ। মোৰ খুব কষ্টও হৈছিল কিন্তু নিৰুপায় আছিলোঁ । চিঞঁৰিব বিছাৰিছিলো কিন্তু সি মোৰ মুখখন বান্ধি ৰাখিছিল, যাৰ বাবে মই সম্পূৰ্ণ বিমোৰত পৰিছিলো। এবাৰ মই মোৰ ৰূমটোৰ পৰা পলাব খুজিছিলো কিন্তু মই তাতো বিফল হলো। সি মোৰ শৰীৰটোৰ ওপৰত এনেদৰে উঠি লৈছিল, মই আগৰখিনি কব নোৱাৰো।

    শেষত সি খঙেৰে মোলৈ চাই কৈছিল

: চাহহহ,,, তোক মোৰ কৰি ললো আজি। তই সেইটোক এৰিদে, নহলে তাক কি কৰিম তই ভাবি নাপাবি! আৰু এইবোৰ যদি কাৰোবাক কও, মই তাক কি কৰিম ভালকে জান_______

       --- সেইবুলি কৈয়ে সি ওলাই গুচি গৈছিল। আৰু মই তেজেৰে কাপোৰ কানি লেত-পেত হৈ তাতে পৰি ৰলো। সেইখিনি সময়ত খোজ কাঢ়িবৰো মোৰ দেহত সামৰ্থ নাছিল। বহুত সময় ৰোৱাৰ পাছত হে মই উঠি বাথৰুমলৈ লাহে লাহে গলো। গাটো কিবা প্ৰকাৰে ধুই আহি পুনৰ শুই দিলো।

     গধূলি সাৰ পাই দেখিলো মা আহি মোৰ কাষতে বহি আছিল। মাক সকলোবোৰ কথা কব বিচাৰিছিলো। কিন্তু বাবুয়ে কোৱা কথাবোৰ মনত বাৰে বাৰে আহি আছিল। মই মাক কব খুজিও এইবোৰ একো কব নোৱাৰিলোঁ।

     মোৰ জীৱনটো শেষ হৈ গৈছিল বাবুৰ সেই কাল দিনটোৰ বাবেই। কিন্তু মই এইবোৰৰ মাজত উজ্জ্বলক কেতিয়াও আনিব বিছৰা নাছিলো। মই উজ্জ্বলকো এদিন কথাবোৰ খুলি কম বুলি ভাবিছিলোঁ। তাৰ আগতো একো কব নোৱাৰিলোঁ।

      যদিওবা উজ্জ্বলক কথাবোৰ কলোহেতেন, তেওঁ নো মোক কি বুলি ভাবি ললেহেঁতেন!! কথাবোৰ নিজৰ বুকুতে সামৰি ৰাখিলোঁ।...

     ১৫ জুন। আমাৰ ভালপোৱাৰ এবছৰ সম্পূৰ্ণ হৈছিল সেইদিনা। কিন্তু সিদিনাৰ পৰাই মই উজ্জ্বলৰ লগত কথা পতা কমাই দিছিলো। দুটা সপ্তাহ কিবাকৈ পাৰ হৈ জুলাই মাহটোত সোমাই পৰিলোঁ। বাবুয়ে মোক সুবিধা পালেই পুনৰ একেতাই কৰিলে। এইবাৰ অকল এদিনেই নহয়। হাজাৰ মানা কৰা স্বত্তেও আকৌ সম্পূৰ্ণ চাৰিদিন তাৰ শাৰীৰিক বাসনাত লিপ্ত হৈ পৰিলোঁ মই।

Assamese Love Status
Love Status In Assamese
Best Assamese Love Status
Sad And Emotional Love Status

      চাৰিদিনৰ দিনা মই সম্পূৰ্ণ জ্ঞান হেৰুৱাই পেলাইছিলোঁ। একো সহ্য কৰিব নোৱাৰি মই নিজকে শেষ কৰিবলৈ সাজু আছিলোঁ। গামোচাৰে ডিঙিত মেৰিয়াই মৰিবলৈ ওলাইছিলোঁ হে_____ এনেতে বাবুয়ে সেইদিনা ওলাই গৈ পুনৰ মোৰ ৰুমত আহি সোমাইছিল। কিবাকৈ গম পাইছিল নেকি সেয়া নাজানো। কিন্তু সি মোক মৰিবলৈও নিদিলে! খঙেৰে মোৰ পিনে চাই কৈছিল

     : মৰিব খুজিছ মৰ, মোৰ একো নহয়, কিন্তু তোৰ কাৰণে মৰিব উজ্জ্বল।

     এইবাৰ মৃত্যুও মোৰ বাবে জটিল হৈ পৰিল। কোনোমতে ডিঙিৰ পৰা গামোচাৰ গাঁঠিটো অলপ খুলি বিচনাত শুই ফেঁকুৰি কান্দিব ললোঁ। এনেতে হুৰমুৰ কৈ মায়ে আহি ৰূমটোত সোমায় আৰু মোক উদ্দেশ্যে চিঞঁৰি কবলৈ লয়-

     : কি হল তোৰ? আৰু গলত কি মেৰিয়াই লৈছা সেইখন? মৰিব ওলাইছিলি নেকি? কিমান কষ্টত ডাঙৰ হলি তই ভাবিছিলি? উজ্জ্বলে কৰিছে নেকি তোক ডাঙৰ? নে উজ্বলৰ মা-দেউতাই আহি ডাঙৰ কৰিছে তোক? 

     বাবুয়ে চল চাই আছিল। মই Suiside কৰিব বিচৰা কথাটো হয় বুলি কলে। সি ৰাস্তাৰে গৈ থাকোঁতে মোৰ কান্দোন শুনি ৰুম আহি পায় বুলি কয়। কিন্তু কিয় এইখিনি কৰিব ওলাইছিলোঁ মই, তাৰ প্ৰকৃত কাৰণটো নকৈ পুনৰ সিদিনা খনো মা'ৰ আগত উজ্জ্বলৰ কথাই বেয়াকৈ লগালে। বাবুৰ মিছা আৰু ভুৱা কথাত মায়ে মোকেই দোষী কৰিলে। ...........

◆◆ ক্ৰমশঃ ◆◆ আগলৈ..................

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]


Follow on- INSTAGRAM

আগৰ খণ্ডৰ লিংক -
চতুৰ্থ খণ্ডৰ লিংক -
            Read Now :

No comments:

Post a Comment