আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | অষ্টম খণ্ড | Adhoruwa Smriti | Assamese Sad Love Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | অষ্টম খণ্ড | Adhoruwa Smriti | Assamese Sad Love Story | Daily Assamese Status

আধৰুৱা স্মৃতি
প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই

     নাই, নাই, মই মৰিব নোৱাৰো!

ইয়াৰ সমাধান মই নিজেই লম। মই আজি ৰাতিয়েই কৰবাত পলাব লাগিব…


আগৰ খণ্ডৰ লিংক-

CLICK NOW


     সেই মুহূৰ্তত মোৰ কথা শুনিবলৈ আৰু মোক বুজিবলৈ কোনো নাছিল। অকল মবাইলতো আৰু মোৰ শেষ হও-হও হৈ পৰা ডায়েৰী খন।


     শেষ বাৰৰ বাবে ডায়েৰী খনত কবিতা এটা লিখিবলৈ ললোঁ।


মোৰ জীৱন কাহিনী

বছৰটোৱে শেষ হৈ গল জীৱন যুদ্ধৰ আৰম্ভণিতে।।

বাকী নো কি থাকিল !

নিজৰ সপোনবোৰ নিজেই হেৰুৱালো!

কোনোবা অচিন পথত,

ভগবানক দোষীবলৈও একোৱেই নাথাকিল।।

সি কৈছিল সময়বোৰ বৰ বেয়া!

পলকতে সকলোবোৰ শেষ কৰি দিয়ে।

সময়ক দোষীবলৈ সময়ো মোতকৈ বহুত

আগতে আগবাঢ়িল।।

দুখৰ নৈত সাতুঁৰি পাৰেই নাপালো!

নিৰ্লজ্জ পাপৰ নিজৰাত সোমাই পৰিলো।

পাৰ হৈ যাবলৈ নাও খনেই নাথাকিল।।

জীৱন যুদ্ধত আজি একেবাৰেই ভাগি পৰিলো!!

কথা কবলৈ কাগজৰ বাদে কোনোৱেই নাথাকিল।।

দুভৰ্গীয়া কাহিনীও ইমান দীঘল লিখিবলৈ

ডায়েৰীৰ পাতবোৰো শেষ হৈ থাকিল।

কাকনো কও মই???

কোনেনো শুনিব!! দুভৰ্গীয়া মই!

নিষ্ঠুৰ মোৰ জীৱন কাহিনী।


      খৰধৰকৈ লিখি চকুতো জপাই দিলোঁ এখন্তেক মই। লগে লগে চকু দুটাৰে ধাৰাষাৰে বৈ পৰিল মোৰ চকুলো বোৰ!!


     ঘড়ীটোলৈ চালো। সময় তেতিয়া ৭:৩০ টা বাজিছিল। ভূল নে শুদ্ধ এইবোৰ একো নভবাকৈয়ে মই সিদ্ধান্ত ললোঁ। নাই, মৰি যাবলৈ নোৱাৰো মই!!


     দিঘলকৈ এটা উশাহ লৈ মই অজয়লৈ ফোন কৰিলো।


হেল্লৌ__________


     হেল্লৌ, সিফালৰ পৰা তাৰ উত্তৰ আহিল। সি কলে,


: হঠাৎ ফোন কৰিলা যে আজি!!


: কথা আছে মোৰ অজয়,,,


     মই সেইখিনি কৈছিলো হে এনেতে মোৰ মুখেৰে বমি ওলাই গল। ইপিনে তাৰ ফোনতো লাগি আছিল। ফোনতো কাণত লগাই লৈ মই আকৌ মাতিলো,


: হেল্লৌ______


      অজয়ে মোৰ বমি হোৱা বুলি গম পাই অলপ serious হৈ শুধিলে,


: অই কি হৈছে তোৰ, ঠিকেই আছাতো?


     মই তাক অলপ গহীন হৈ কলো,

: মই তোমালৈ পলাই যাও বুলি কলে মোক নিবা নে নাই??


      অজয়ৰ লগত সিদিনা পৰাই একো কথা হোৱা নাছিল মোৰ। কিন্তু মোৰ প্ৰশ্নটোত আনফালৰ পৰা তাৰ উত্তৰ লগালগ আহিল


: নিম, কিয় নলম, সচাকৈ আহিবা নে তুম??


: হয়, কেতিয়ালৈ নিবা!!


      মোৰ প্ৰশ্নতো শুনি সি এইবাৰ অলপ মনে মনে ৰৈ কলে,


: কি হল, কিবা হৈছে নেকি??


      মই তাৰ কথাৰ একো পাক নলগাই পোনে পোনেই কৈ দিলো_______


: মই প্ৰেগনেন্ত!!!


: কি_____??


      সি ফোনতে একপ্ৰকাৰ চিঞৰি উঠিল। মোৰ বহুত খঙ উঠিছিল____


: নিচিঞৰিবা যি শুনিছা শুনিছা, এতিয়া তুমি কি কৰিম বুলি ভাবিছা??


     সি চিধাই কৈ উঠিল,


: মই বাচ্ছাতো ৰাখিম। তুমি একো নকৰিবা!!


     মই একো বুজা নাছিলো সি কিয় ইমান সোনকালেই মোৰ কথাত মানি লৈছিল। সি আনকি মোক নালাগে বুলিও কব পাৰিলে হেতেন! কিন্তু নকলে। কিয়?? কি আছিল তাৰ মনৰ মাজত? তেনেকুৱা হাজাৰ প্ৰশ্ন তাক সুধিবলৈ মন গৈছিল যদিও সেই সময়ত মই একো নকলো। বাচ যি হব হয়তো পাছত ভালেই হব বুলি মনে মনে ৰলো।


     মোৰ পেতত থকা বাচ্ছাতো অজয়ৰ নহয়, বাচ্ছাতো বাবুৰহে আছিল। বাবুয়ে মাত্ৰ মোক তাৰ প্ৰয়োজন পূৰণ কৰাৰ স্বাৰ্থত হে ব্যৱহাৰ কৰিছিল। কিন্তু দায়িত্ব পালনৰ সময়ত বাবুয়ে মোক "বিয়া কৰাম" বুলি কৈ নিজেই পলাই থাকিলে!!


     হস্পিতালৰ পৰা অহা সেই দিনটো মোৰ বাবে এটা বিষাক্ত দিন আছিল। যিদিনা নেকি মায়ে সকলো কথাই জানি গৈছিল মই যে প্ৰেগনেন্ট!!


     আৰু মই…! মোৰ জীৱনৰ এনেকুৱা এটা মুহূৰ্তত আছিলো, যত এফালে মোৰ মৃত্যু আৰু আনফালে মোৰ ধংসৰ আৰম্ভণি।


     মই জানিছিলো,

মই ভাল কাম কৰা নাই কিন্তু তাৰ বাদে মোৰ কোনো উপাই নাছিল। মই জীয়াই থাকিব খুজিছিলো পেটত থকা বাচ্চাটোৰে সৈতে। কিন্তু যদি মই ঘৰত থাকিলো হেতেন মা হতে মোক বাচ্ছাতো এৰ্বত কৰাই দিলেহেতেন। হয়তো দেউতাই মাৰিও পেলালেহেঁতেন! মায়ে যেনিবা ভালকৈ চিকিৎসা কৰিলে মোৰ একো ক্ষতি নহয়, তথাপিতো মোৰ বিবেকে সেই সময়ত একো সন্মতি নিদিলে।


     মই এনেকুৱা এটা পুৰুষৰ সন্তানৰ মাক হব ওলাইছিলো যাৰ বাপেকে অকল নাৰীৰ শৰীৰৰ গোন্ধহে ভাল পাইছিল। তথাপি মই বাচ্ছাতো এৰ্বত কৰিব বিছৰা নাছিলো। মই নিজকে কৈছিলো,


: মোৰ পেতত থকা বাচ্ছাতোৰ কি দোষ? সিতো একোৱেই নাজানে? সিও বা পৃথিৱীলৈ কিমান হেপাহেৰে আহিছে??


     মই কোনোপধ্যেই তাক মাৰি পেলাই মোৰ জীৱনৰ অন্য এক পাপৰ ভাগি হওক বুলি ভবা নাছিলো!! হয়তো কোনো নাৰীয়েই সহজতে নিবিচাৰে নিজৰ সন্তানক গৰ্ভতে মাৰি পেলোৱাটো, আৰু মইয়ো নিবিচাৰিলোঁ।


     সিন্ধান্ত লৈছিলো মই যি কৰিম বাচ্ছাতোক লগত লৈয়ে কৰিম। সেইবাবে মই অজয়ক ফোনতে আকৌ কৈছিলো,


: মই অকল দুটা চৰ্তত হে তোলৈ যাম!!


: কি চৰ্ত, কোৱা সাধনা…


: মোৰ প্ৰথম চৰ্ত______

১. মই তোৰ লগত বিয়া হোৱাৰ পাছতো মই পঢ়িব পাৰিব লাগিব। ইয়াৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে সেইতো কথা ঘৰৰ মানুহক কোৱাৰ দায়িত্ব তুমি নিজে লব লাগিব।

২. মই এতিয়া যোৱাৰ পাছত তুমি মোক বিয়া নোপোতালৈ মোৰ লগত কোনো শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিবা, বা ৰাজবাটতে তোমাৰ শৰীৰ পুৰোৱাৰ স্বাৰ্থত মোক উদং কৰি থৈ পলাব নোৱাৰিবা। নহলে মই নাযাও!!


: পাগল নেকি!! তেতিয়া ইয়াৰ সঠিক উত্তৰ মোৰ ঘৰৰ মানুহে নাপাব নে!!


     সি একেষাৰেই মান্তি হ'ল মোৰ কথাত।


     কথা মতেই কাম হল। সিদিনা খনেই নিশা সি আমাৰ ঘৰলৈ মনে মনে আহি ওলাল। মোৰ স্কুলৰ প্ৰয়োজনীয় কিতাপ কেইখনমান আৰু কিছু মোৰ পিন্ধা কাপোৰ তাক নিবলৈ কলো।


: ঘৰত আৰু কিবা কৈছে নেকি তোমাক?


     অজয়ে কথাষাৰ মোৰ কাণত আহি ফুচফুচাই কয় যদিও মোৰ ভীষণ ভয় লাগিছিল সেইদিনা। জীৱনৰ এটা শেষ সিদ্ধান্ত লৈছো তাকো কোনেও নাজানে। ভয়ত থৰ থৰ কৈ কঁপি উঠিছিলোঁ মই!! এই মাজ ৰাতি অজয় আহিছে কিন্তু কিবাকৈ যদি মা হতে অজয়ক অহা গম পাই!!


: নাই কোৱা।


: ভয় খাইছ নেকি, ইমান গাটো তোমাৰ কঁপি আছে যে??


: যা এতিয়া কথা পাতিব নালাগে, মা হতে উঠি কিবাকৈ গম পালে হল আৰু লেঠা!!


: উম যাওঁ, ৰাতিটো কিবাকৈ থাক।


: শুনচোন, কেতিয়া নিবি??


: কালি আহি নিম, তই ফোন কৰিবি।


: হ'ব……..!!


     অজয় গলগৈ।

সি যোৱাৰ পাছত মোৰ টোপনি নাহিল। ঘড়ীটোলৈ পুনৰ মূৰ তুলি চালো। নিশা 2 বজাৰ সংকেত দিলে।


     এফালৰ পৰা ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়ালো।

লিখিবলৈ বুলি ডায়েৰী খনত কতো খালি ঠাই নাই শেষ পৃষ্ঠাটোৰ বাহিৰে। লিখিলোঁ____


      মা আৰু দেউতা,

ছোৱালী হৈ জন্ম হোৱাৰ বাবে মোক পাপৰ ভাগি বুলি প্লিজ আৰু নাভাবিবা। মই যাবলৈ ওলালো। মই জানো, মোৰ জীৱনৰ কলংক বোৰ মচি পেলাব নোৱাৰো। কিন্তু মই মোৰ পেটৰ সন্তানক মাৰি পেলাব নিবিচাৰো। মোক ভুল নুবুজিবা। আৰু মোৰ দৰে যাতে ভন্টীৰো এনে পৰিস্থিতি নহয়, তাৰ প্ৰতি চকু ৰাখিবা।

শেষত,

ঘৰৰ ডাঙৰ জীয়ৰী সাধনা।


(আগলৈ.....)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]


Follow on- INSTAGRAM

সপ্তম খণ্ডৰ লিংক -
          Read Now :

নৱম খণ্ডৰ লিংক -

এপাহী ৰঙা গোলাপ আৰু সন্ত্ৰাস
           Read Now :

নিয়তিৰ বাট আৰু আৰ্তনাদ
           Read Now :

No comments:

Post a Comment