আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | নৱম খণ্ড | Adhoruwa Smriti - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | নৱম খণ্ড | Adhoruwa Smriti

আধৰুৱা স্মৃতি

প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই,
প্ৰেমে উটুৱাই প্ৰেমে নচুৱাই।

     ৪ অক্টোবৰ। মোৰ কি কৰো নকৰো লাগি আছে। অজয়ৰ লগত যাম নে নাযাম, গলে বেয়া হব নেকি!! ৰুমতোত মাত্ৰ খৰ খৰকৈ খোজ কাঢ়িছিলো ইফালৰ পৰা সিফালে। আনফালে অজয়ে আহি ফোন কৰি কৰি মোলৈ ৰৈয়ে আছে। 


     কি কৰি পলাই ওলাই যাও? আনফালে এবাৰ ভৰি ঘৰৰ পৰা বাহিৰ হোৱা মানেই মই আৰু ঘৰত উভতিব নোৱাৰো!!


     আবেলি ৩ টা মান বাজিছিল। মা দোকানলৈ ওলাই গল। মই দেউতাক কলম এটা আনিব যাও বুলি কৈ গুচি গলো এখন অচিন দেশলৈ।


     অচিন দেশ বুলিয়ে ভাবি ললোঁ। কাৰণ মই একোৱে নাজানিছিলো অজয়ৰ বিষয়ে। তাৰ ঘৰ ক'ত? কি কৰে? কোন কোন আছে? এইবোৰৰ একো এটা নাজানো মই, তথাপি আগবাঢ়িলো।


     মনটোক মাত্ৰ সান্তনা দি গৈছো চব থিক হৈ থাকিলে হল। অজয়ক লগ পালোগৈ। ৪ টা বজাত মই আৰু অজয় তাৰ ঘৰ পালোগৈ। এখন ডাঙৰকৈ বাহঁৰ জপনা, বহল এখন চোতাল আৰু সন্মুখত দুটা ঘৰ।


     গৈ পালো যদিও মোৰ বুকুখন ধপ্‌ ধপ্‌কৈ কঁপি উঠিল। পদূলিতোৰ সন্মুখত থিয় হৈ আকৌ এবাৰ ভাবিছিলো। সোমাই যাও নে উভতি ঘৰ আহো!! ভগৱানকে সাক্ষী কৰি দীঘলকৈ উশাহ এটা লৈ তাৰ ঘৰলৈ সোমালো।


     হয়তো মই নগলোহেঁতেনে কিন্তু মই মা আৰু দেউতাৰ পৰা নিজকে মৃত্যুৰ পৰা বচাবলৈ আৰু মোৰ সন্তানটোক মোৰ পৰিয়ালৰ পৰা বছাবলৈ অজয়ৰ ঘৰ আহি পালোহি।


     সোমাই গৈয়ে জপনাৰ কাষতে গাভৰু মাইকি মানুহ এগৰাকী ৰৈ আছিল। কোন বুলি অজয়ক সুধাত সি মোক বৌ বুলি চিনাকী দিলে। মই মূৰ দুপিয়াই তাৰ লগত সোমাই গলোঁ। তেওলোকৰ আলহি বহা ৰুমতোতে মোক বহুৱালে।


     বৌক দেখি গম পাইছিলো যে অজয়তকৈ ডাঙৰো কোনোবা আছে। তেনেকুৱাতে ডেকা মানুহ এজন আহি সোমালেহি, পিছত গম পালো সেইয়া অজয়ৰ ককায়েক আছিল!!


     মোক দেখিয়েই তেওঁ মাত লগাইছিল,


: আহি পালেহি?


: হয় পালোহি।


     মই অলপ সৰুকৈ কলো। মোক মাতষাৰ দি তেও বৌক কলে অই চাহ-তাহ দিলি নে? বৌৱে কলে, নাই দিয়া! দাদাই তেওক আকৌ কলে যা ৰৈ আছ যে তেন্তে!! গৈছো বুলি কৈ বৌ পাকঘৰৰত সোমাল। দাদাজনেও আহি মোৰ ওচৰতে বহিল।


: তেতিয়াহলে ভালে ভালে পালাহি আৰু ন?


: হয়।


: ঘৰত কি কৈ আহিলা?


: মেজেঙালৈ যাও বুলি!!


: ই কৈছে মোক তোমাৰ কথা। ভূল কিন্তু দুইতাৰেই!!  -এইবুলি দাদায়ে অজয়ক চাই কলে।


     মই আকৌ এবাৰ ভালকৈ অজয়ৰ মুখৰ ফালে চাই কলো,


: হয়!


     কিন্তু…, এই হয় শব্দতো কবলৈ পাই কিয় জানো মোৰ খং উঠিছিল সেয়া নাজানো, তেনেকুৱাতে বৌ আহি ওলাল চাহ লৈ। মই মাত্ৰ "নাহ নাখাও" বুলি কৈ চাহখিনি আতৰাই থলো!! এনেতে বৌৱে মাত লগালে,


: পিছে ঘূৰি যাবলৈ আহিলা নে একেবাৰে থাকিম বুলি আহিছা?


     অজয়ৰ বৌয়েকৰ কথাত মোৰ এবাৰ কব মন গৈছিল "নাই নাথাকো, ওভতি যাম।" কিন্তু কব নোৱাৰিলো মই যে ঘৰৰ পৰা একেবাৰে ওলাই আহিলো।


     মোৰ মনে কৈছিল "মই বেয়া কাম কৰিছো এইয়া" কিন্ত মোৰ ওচৰত আৰু বেলেগ একো উপায়ো নাছিল! অজয়ৰ ফালে আকৌ এবাৰ চাই গহীন ভাবে কৈলো,


: কি কৰিবা এতিয়া!!!


: ঘৰৰ মানুহে জানে নে?


: নাজানে, মই কৈ অহা নাই নো!!


: হমম।  ...এইবাৰ দাদায়েকে মূৰটো লৰাই তেও কাৰোবালৈ ফোন লগালে!


: হেল্লৌ দেউতা, অজয়ে ছোৱালী পলোৱাই আনিলে! 


...তেও উঠি ওলাই গৈ কিবা কিবি কথা পাতিলে তাৰ দেউতাৰ উপৰিও ভালেকেইজনৰ লগতে। বহি থাকিলোঁ অজয় আৰু মই।


     প্ৰায় আধাঘণ্টা মান পাছত সোমাই আহিল দাদাজন। মোক কলে,


: ঘৰৰ কাৰোবালৈ ফোন কৰি জনাই দিয়া!


     মই "উম ঠিক আছে" বুলি কৈ মোৰ ফোনতো উলিয়ালো। কিন্তু হাততে ফোনটো ধৰি ৰখি গলোঁ। ঘৰৰ মানুহক খবৰ দিবলৈ কলে, কাকনো জনাও এতিয়া!! মোবাইতোতে নম্বৰবোৰ উলিয়াই দুবাৰ মান চকু ফুৰাই শেষত বৰমালৈ ফোন লগালো।


: হেল্লৌ বৰমা মই আইমানু!!


: অ' গম পাইছো কোৱা, মই তোৰ সৰু বাই নিভা।


: অ' বা, বা শুনচোন,,,


: কি ক??


     দীঘলকৈ হুমুনিয়াহ এটা লৈ মই সৰু বাক কলো,


: বা মই পলাই আহিলো, অজয় নামৰ লৰা এজনলৈ। মেজেঙাৰ ৰেল ক্সচিঙৰ এইফালে। তই কথাতো বৰদেউতা আৰু বৰমাক জনাই দেচোন সোনকালে। আৰু আমাৰ ঘৰলৈ পঠিয়াই দে কিবা কৰি।


: মবাইলতো লাউদত দিয়া আছে নেকি?


: নাই, কোৱা!!


: অ' ভনী তই যে তাত গলি, আৰু তোৰ উজ্জ্বল!! তাৰ কি হ'ব এবাৰ ভাবিছনে? তই পাহৰি যোৱা নাইতো, তোৰ যে তালৈকে বিয়া ঠিক কৰিল??


     মই বাৰ এইবোৰ প্ৰশ্নৰ একো উত্তৰ নিদি তাইক আকৌ কলো,


: তই কথাতো বৰমা হতক ক গৈ যাচোন।


     নিভা বাৰ দ্বিতীয় উত্তৰলৈ একো বাট নাচাই মই ফোনতো কাটি দিলো। বাইয়ে মোক কথাবোৰ শুধোতে মই কি বিয়াৰ কথা সুধিব বিচাৰিছিলো, কিন্তু সকলোবোৰ একেলগে আছো বাবে মই এইবোৰ একো সুধিব নোৱাৰিলো। ফোনতো থৈ চালো, গোটেই ৰুমতো একেবাৰেই চেঁচা পৰি আছিল; সকলোৰে মাত স্তব্ধ হৈ পৰিছিল!!


     ফোনটো ৰখাৰ অলপ পিছতে বৌয়েকে আকৌ কৈ উঠিল,


: চাহ নোখোৱা নাই, মিঠাইকে খোৱা।


: হব নালাগে বৌ, খাব মন যোৱা নাই।


     সেই সময়ত মোৰ অকল ঘৰলৈকে মনত পৰি আছিল। ঘৰত কি হৈছে, কি নাই হোৱা, এইবোৰ কেনেকৈ গম পাম বাৰু মই? ৰাতি যদি দেউতাই খঙত মা হতকে মাৰি পেলাই??


     মোৰ হাত-ভৰিবোৰ থক্‌-থক্‌কৈ কপি উঠিল। উঠি পুনৰ ঘৰলৈ উভতি আহিব খুজিলো কিন্তু উঠিব নোৱাৰিলোঁ। নিজৰ মনটোৱে কোনোবাই কোৱাৰ দৰে যেন মোক কাণে কাণে কৈ গল,


     "আনক বছাবলৈ গৈ তই তোৰ পেতত থকা বাচ্ছাতো যে হেৰুৱাব লাগিব পাহৰি নাযাবি, বাছ ইমানেই!!!"


    _____আৰু মই নিজকে কলো,

যি হ'ব দেখা যাব, মুঠতে পেটৰ সন্তানতো বচাব লাগিব!


     গধূলি ৭ টা মান বাজিল। তেতিয়ালৈকে আমি তাতেই বহি কথা-আলোচনা কৰি আছিলো। তেনেতে সৰু এনাইয়ে ফোন কৰিলে,


: হেল্লৌ__________


      সিফালৰ পৰা বৰ গহীনত এটা মাত আহিল,


: হেল্লৌ, তই লৰাজনক ফোনতো দে!!


     মই "ৰব দিছো" বুলি কৈ অজয়ক ফোনতো দিলো। তেওলোকে ফোনত কি কথা পাতিলে মই বৰ সঠিককৈ গম নাপালো। এনেতে গাঁওৰ কোনোবা বুজন মানুহ এজন আহি ওলাল।


    মানুহজনে আহিয়েই অজয়ক কিছুমান টানকৈ গালি দিব ধৰিলে। তাক গালি দি থাকোতে মই গম পাইছিলো যে নিশ্চয় ইয়াৰ পাছত মোকো গালি দিব! আৰু তেনেকুৱাই হ'ল। তেওঁ মোক খঙত প্ৰশ্ন কেইটামান শুধিলে কিন্তু প্ৰশ্ন কেইটাৰ উত্তৰ মোৰ পৰা তেওঁ বিচৰাতকৈ ভুলকৈ পালে। সঠিক উত্তৰ দিব নোৱাৰি মই কৰা ভুলৰ স্বীকাৰ কৰিবলৈ বাধ্য হলো মানুহজনৰ ওচৰত!!


: তোৰ দেউতাৰ নাম নাজানো বুলি ভাবিছিলি? ৰবা তোৰ দেউতাক ফোন লগাও।


     মানুহজনে বুকুৰ জেপটোৰ পৰা মোবাইলটো উলিয়াই চিধাই মোৰ দেউতালৈ ফোন লগালে। অলপ পাছত তেওঁ ফোনটো মোক ধৰিব দিলে,


: আইনু, তই গুচি গলি যেতিয়া এইখন ঘৰত আৰু উভতি নাহিবি, কেৱল কথাটো মনত ৰাখি থবি।


     দেতাকে মোক একো কব সুযোগ নিদিলে। ফোনটো কাটি দিলে। মানুহজন গুচি গল।


     অজয়ৰ দেউতাক তেতিয়ালৈ ঘৰ আহি নাছিল। সেইবাবে হয়তো আৰু বেছি কাজিয়াৰ আনুষ্ঠানিকতা নহল। বৌয়েকে সকলোকে ভাত খবৰ বাবে মাতিলে। মই গলো যদিও নানান চিন্তাত খাব নোৱাৰিলো! সকলোৱে ভাত পানী খাই শুৱাৰ বাবে ৰেডী হল। বৌয়েকে মোক সৰু এটা ৰুমত অকলে থাকিব কলে।


      ঘড়ীটোৱে নিশা ১০ বজাৰ সংকেত দিলে। মই বিচনাখনত উঠিলো। এফালৰ পৰা ঘৰৰ আগৰ কথাবোৰ মনত পৰিব ধৰিলে।


     দেউতাই কিজানি আজি মা আৰু ভন্টি হতকে কিমান বা গালি পাৰিব, মাৰিব!! মনত পৰিল উজ্বললৈ_____


     যাৰ লগত মই আজীৱন একেলগে

     থকাৰ প্ৰতিশ্ৰুতি দিছিলো কিন্তু তাৰ লগত

     দুদিনো থকাৰ মই যোগ্য নহলোঁ !


     আৰু এই বাবুটো? তাৰ শৰীৰৰ কামনা সিদ্ধিৰ বাবে কিমান যে যোৰত কৰিছিল মোক!! কিমান দিন যে কান্দিছিলো মই তাৰ ওচৰত, তাৰ শাৰীৰিক সুখৰ বলি হৈ তাৰ কোনো হিচাপ নাই। কেৱল মোৰ মুখৰ পৰাহে ওলাই পৰিছিল প্ৰতিবাৰে,

"উহ,,, আহ,,, মা,,, আআআ"  শব্দবোৰ !


    ইফালে মই টেঁটু ফালি থাকো তথাপি বাবুয়ে কৈছিল,


     "কিয় নোৱাৰিবি, পাৰিবই লাগিব?"


     মই নোৱাৰো বুলি কলেও মোবাইটোত প্ৰয়োজন হলে বেয়া চিনেমা এখন লগাই দি কৈছিল,


    "এইটো দেখিছ, এনেকৈ দিয়া এইবাৰ।"


     সোঁচৰাই লৈ যায় এঠাইত পৰা আন ঠাইলৈ মোক। মুখেৰে কব,


    "কঁকালটো হালি দিয়া"

    "এটা ভৰি বেৰত উঠাই দিয়া"

    "আৰু মেলা ভৰি দুটা"

"শান্তি কৰ মোক, নহলে মাৰি পেলাম

তোক" _____


     প্ৰয়োজন হলে বাবুয়ে মোৰ ডিঙিত টিপি ধৰে। আৰু মই তাৰ পাষাণ বাহুবলত তিষ্টিব কৰিব নোৱাৰি মোৰ মুখেৰে ওলাই পৰে এটাৰ পাছত আনটো শব্দ,


     "উহ,,, আহ,,, মা,,,

     আআআ,,, বাবু,,, উসঃ,,, আঃ,,,

     আহ,,, মাঁ,,, আঃ,,," ক্ৰমান্বয়ে______


    আৰু এই অজয় জন? যাৰ ঘৰত মই আজি শুই আছো। ইয়ো সিদিনা মোক অকলশৰে ঘৰত পাই কমখন বিচনাতে চোঁচোৰাইছিল নে!! না কৰাৰ স্বত্বেও তথাপি জানো ই মোক সুদাই এৰিলে? হলেও ই বাবুৰ দৰে সিদিনা ইমান নাছিলে!!


     কিয় বাৰু ছোৱালী হৈ জন্ম পালো মই? এইবোৰ ভোগ কৰাৰ বাবেই নেকি? এতিয়া যে অজয়ৰ লগত আহিলো, ই মোক সদায় সুখত ৰাখিবনে??


     নে আৰু মোৰ জীৱনত কিবা জঘন্য কলংক ঘটিবলৈ আৰু বাকী আছে? অজয়ৰ সতে মোৰ জীৱনটোৰ এয়া মাথোঁ আৰম্ভনি হে। নাই নাই, অজয় তেনে নহয় চাগে!!


     মোবাইটোলৈ চালো। নিশা ৩ বাজি পাৰ হল, তথাপি মোৰ টোপনি নাহিল। এনেতে কথাবোৰ ভাবি থাকোতে অজয়ে দিয়া সিদিনাখনৰ SMS কেইটালৈ মোৰ চকু পৰিল।


    "Plz aji diyana mok.plz kio nubujanu tmi"


     "Plz, moi anor dore nhy o jaan"


     "Moi tuk khub val pao. Biya tu patimei patim tmk. Biyar pisot tu tmi mokei diba nu"  ________


     এইবাৰ মোৰ হাঁহি উঠিল। দীঘল এটা হুমুনিয়াহ এৰি নিজকে কৈ উঠিলো,


     "হয় অজয় !!"


    অ' আৰু মোৰ পেটত থকা সন্তানটো? ইটো অজয়ৰ নহয়, এইয়া বাবুৰ হে। যদি কিবাকৈ অজয়ে পাছত গম পাই?? এইবোৰ পাছত অজয়ক কৈ দিয়া ভাল হব নেকি! কেনেকৈ কম বাৰু! নাই নাই, এইবোৰ একো নকওঁ মই তাক কেতিয়াও।…..


     ছেহঃ, কি ভাবি আছোনো মই এইবোৰ অকলে অকলে!!! মোৰ নিজৰ মনতে ঘৃণা উপজিলে। 


     মনত পৰিল উজ্বলৰ কথা।

উজ্জ্বলৰ সতে পাৰ কৰা স্কুলত টিফিন টাইমৰ দিনবোৰৰ কথা। কিমান যে ভাল আছিল সেই ভালপোৱাৰ মধুৰ স্মৃতিবোৰ!! কিন্তু বাবুৰ বাবেই সকলো শেষ হৈ গল, নাভাবিম নো কি তাৰ কথা? যিয়ে নিজেও নিনিলে, মোক উজ্জ্বলৰো হব নিদিলে।


     সি কেৱল কামটো কৰিবৰ সময়ত হে

     মোক বিচাৰিছিল।

     তাৰ শাৰীৰিক তৃপ্তিৰ বাবেহে

     মোক বিচাৰিছিল।


কিন্তু যেতিয়া মই প্ৰেগনেন্ট হলো সি মানুহটোৱেই নিৰুদ্দেশ হৈ থাকিল।


     নাই নাই, যদি মই বাছি থাকো এই বাবুটোক মই কোনো পধ্যেই পলাই সাৰিব নিদিও। কিমান দিন থাকিব নো সি বাহিৰত? এদিন তো নিজৰ ঘৰ বুলি আহি ওলাবই, আৰু তেতিয়াই তাৰ কিবা বিচাৰ লম!!


: সাধনা, ঐ সাধনা উঠা, ৰাতি পুৱালে।


     অজয়ৰ বৌৰ মাতত মোৰ চিন্তাৰ গতি পৰিল। গোটেই ৰাতিটো কথাবোৰ ভাবি ভাবিয়ে টোপনি নহল। মই মাত লগালো,


: উম, উঠিছো বৌ।


     কথাখিনি কৈ বিচনাৰ পৰা উঠি দুৱাৰখন লাহেকে খুলিলো মই।


: ঘৰত দেৰিকৈ উঠা নেকি?


: নাই ইমান দেৰি নহয়, কিন্তু কেতিয়াবা হয় অলপ। বৌ, আৰু বাৰণি কত আছে, মইয়ো অলপ কৰো দে!


     বৌয়েকে বাৰণি এটা মোক আনি দিলে। দুয়ো বহল চোতালখন শাৰীবলৈ ললো।


: বৌ, পদূলি মুখৰ ফালে যাব নে এইবাৰ!


: উম, বলা…..


     মই আৰু বৌ তেওঁলোকৰ দীঘল বাটটো সৰাত লাগিলো।


: সাধনা, দাদাই তোমালোকৰ বিয়াখন আজিয়ে মন্দিৰত কৰিব বুলি কৈছে। সেয়ে কামখিনি যিমান পাৰো অলপ সোনকালে কৰিব লাগিব আজি। আৰু এইখিনি কৰি লৈ তই এইবোৰ কৰিব নালাগে বুজিছ। গৈ অজয়ৰ মাতি দি গাটো সোনকালে ধুই চাহ বনাবি। তাৰ পাছত সাজি কাছি ধুনীয়া হৈ থাক।


: অ' বৌ, ইমান সোনকালে বিয়া যে??


: কিয়? ইয়াত থাকি বিয়া নোহোৱাকৈ থাকিবি নেকি??


     বৌৰ কথাত দুয়ো হাঁহিলো। কিবা সুধিম বুলি ভাবিছিলো যদিও একো কব নোৱাৰিলো।


: যা এতিয়া তই, এইখিনি মই অকলে কৰিম।


     মই চোতাল পাই দেখিলো অজয় আৰু দাদা দুয়ো ইতিমধ্যে উঠি মুখ হাত ধুৱাত লাগিছে। মইয়ো গাটো ধুই আহিয়ে চাহ বনোৱাত লাগিলো। সহায়ক হিচাপে অজয় মোৰ কাষতে থাকিল।


: কিবা বিচাৰি নাপালে কবা, লাজ নকৰিবা।


: উম হব।


    সকলোৱে মিলি চাহ খালো। বৌও চাহ খোৱাৰ পাছতে মোক সাজি কাছি ওলোৱাৰ বাবে কাপোৰবোৰ পিন্ধাই দিয়াত সহায় কৰিলে।


: বোৱাৰী হলে এইবোৰ নিজেই পিন্ধিব লাগিব।


: অ বৌ, কিমান তাত যাব লাগিব?


: ৯ টা মানতে ওলাম ইয়াৰ পৰা।


     ইতিমধ্যে কেইজনমান মানুহ আহি পাইছেই। কিন্তু কেতিয়া, কোন সময়ত, কেনেকৈ ইমানখিনি মেনেজ কোনে কৰিছিল?... এইবোৰ একো গম পোৱা নাছিলো মই।


: ৰাতি টোপনি কম হল নেকি তোৰ চকুতো ৰঙা হৈ আছেচোন। চাওঁ, কাজল অলপ বুৰত লগাই দিও।


     বৌয়েকে এটাৰ পাছত এটা মোক যিমান পাৰে সজাই দিয়াত লাগি পৰিল। এনেতে গাড়ী এখন আহি বাহিৰত হৰ্ণ বজায়।


     ৯ বজাৰ অলপ পাছতে আমি ওলালোঁ। ঠিক এক ঘণ্টামান যোৱাৰ পাছত মন্দিৰ এটাত গাড়ীখন ৰখালে। সকলোৱে নামিবৰ বাবে ব্যস্ত হৈ পৰিল। তাৰে দুই এজনে জোকাইছে মোক,


: কইনা গাড়ীৰ পৰা নানামে নেকি?


     কোনোবাই আকৌ কৈ উঠিছে,

: নতুন কইনা নো নামিব নামিব লাহে লাহে কৰি!


     চিনাকি বুলিবলৈ ইয়াত কোনো নাই মোৰ। কেৱল অজয়, কিন্তু সিও আন এখন গাড়ীত আছে তাৰ দাদা আৰু মাৰ সৈতে। কাষত চিনাকি বুলিবলৈ কেৱল এই অজয়ৰ বৌ গৰাকীয়ে।


: বৌ, ইমান সোনকালে বিয়া হব ইচ্ছা নাছিল মোৰ!!


    মই বৌক সাৱটি ধৰি কান্দি উঠিলো।


: চা সাধনা, এনেকৈ ইয়াত কন্দা কটা নকৰিবি অ' নহলে আমাৰে দেখোন অসুবিধা হব। তোমাৰ ঘৰৰ পৰা কৈছিল মৰিলেও জিলেও তোমাৰ বিয়াত কোনো নাহে হেনো। গতিকে বেছি কান্দি হুলস্থুল নকৰিছ, নহলে আমাৰে বদনাম হব। আৰু তাতে তুমি ছোৱালী, তই কি কৰিবি!!


     বৌয়ে যিমান পাৰে মোক বুজালে। হয়, মই ছোৱালী। কিন্তু মোৰ গাত যে ইমান দুখ আছে, বেদনা আছে, কলংক আছে এইবোৰতো খুলি কব নোৱাৰো! চকুৰ পানীখিনি মুচি যিমান পাৰো অন্তৰতে ঢাকি ৰাখিব চেষ্টা কৰিলো। দাদায়েকে আহি বৌক মাত লগালে,


: আহ নামি আহা, পুৰোহিতে ৰখি আছে।


      অজয়ে মোক সেন্দুৰ পিন্ধালে। আৰু সেই সময়ত মই তোৰ নহওঁ বুলিও তাক একো মানা কৰিব নোৱাৰিলোঁ।


     "ভাগি নপৰিবি চোন, তোমাৰ ভাল দিন আহিব।"


     মোৰ এনে লাগিল যেন কোনোবাই কাষত আহি মোক ফুচফুচাই কোৱাদি কৈ গল। হয়তো নেদেখাজন, ঈশ্বৰ!! মই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিলো যাতে অনাগত দিনবোৰ আমাৰ ভালদৰে যায়।


     অজয়ক স্বামীৰ ৰূপত পাই কিবা এটা ভাল লাগিব ধৰিলে মোৰ। আন বেলেগ একো কথাই আমনি লগাব নোৱাৰিলে!!


: উঠা, খোৱা কেতিয়াবাই হ'ল। ইমান আকৌ কি ভাবি আছা, নাযায় নেকি!!


     বৌৰ কথাত মোৰ জ্ঞান অহা যেন লাগিল।


: বৌ, অজয়ৰ কথা ভাবি আছিলো।


: বোলা বোলা, ঘৰত গৈ পাই ভাবিবি অজয়ৰ কথা।


     এইবাৰ দুয়ো হাঁহি উঠিলো। হাঁহি হাঁহিয়ে মন্দিৰৰ খোৱা কেণ্টিনটোৰ পৰা ওলাই আহি গাড়ীত উঠিলো। আৰু অলপ পাছতে গাড়ীখনে গতি ললে।


: মই কথাবোৰ ভাবি ভাবি পাগল হৈ নাযাম তো কেতিয়াবা!!  -মই নিজকে কলো যদিও বৌয়ে শুনি পোৱাকৈ উচ্চাৰণ হল এইবাৰ।


: মানে? কি কৈছ এইবোৰ সাধনা।


: এ নহয় বৌ, অজয়ৰ কথা।


: ৰাতিটো ভাবিবি অ আজি অজয়ৰ কথা।


     মই মিছা মাতিলো যদিও বৌৰ কথাত পুনৰ দুয়ো হাঁহিলো।


     গাড়ীখনে ৰাস্তাটোত দ্ৰুত গতিৰে গৈ আছে। মোবাইটো উলিয়াই মই সময় চালো, আবেলি ৪ টা বাজিবৰ হ'ব আৰু।


     "Moi tuk khub val pao. Biya tu patimei patim tmk. Biyar pisot tu tmi mokei diba nu"


     অজয়ে আগতে মোক দি থোৱা সেই SMS টো বৌক নেদেখাকৈ আকৌ এবাৰ চকু ফুৰালো মই।


      মনটো ভাল লাগিল।

মনে মনে কৈ উঠিলো- হয় অজয়, অকল তোমাৰে হৈ থাকিম মই আজীৱন। এনেতে আমাৰ গাড়ীখনৰ আগফালে ডাঙৰকৈ 'ধাছ' শব্দ এটা শুনা গ'ল। সম্ভৱ এক্সিডেন্ট…..!!


আগলৈ....................

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]


Follow on- INSTAGRAM

অষ্টম খণ্ডৰ লিংক -
          Read Now :

দশম খণ্ডৰ লিংক -

সন্তান জন্ম দিয়া যন্ত্ৰ -
          Read Now :

No comments:

Post a Comment