বেশ্যা | এগৰাকী নাৰীৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Sad Assamese Story | Part 2 | Emotional Assamese Novel By Papori Phukan | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | এগৰাকী নাৰীৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Sad Assamese Story | Part 2 | Emotional Assamese Novel By Papori Phukan | Daily Assamese Status

বেশ্যা
এগৰাকী নাৰীৰ জীয়া কাহিনী
অঞ্জনা

      মানুহজন ওলাই যোৱা পাছত তাই বহু সময় বিচনাত পৰি থাকিল। অৱশ লাগিল তাইৰ, উঠি যাবলৈও যেন শক্তিৰ অভাৱ দেহত। তথাপি কোনোমতে উঠি গ'ল তাই বাথৰুমলৈ।


     বাথৰুমৰ লাইটটো জ্বলাই শ্বাৱাৰটো খুলি দিলে। বুকুখনত কামুৰিছিল মানুহজনে। প্ৰথমবাৰ একো নকলে তাই কিন্তু দ্বিতীয় বাৰত এটা পূৰ্ণহতিয়া চৰ বহুৱাই দিছিল মানুহজনৰ গালত। মানুহজনে বেয়া বেয়াকৈ গালি দি ওলাই গৈছিল।


     নিজৰ ওপৰতে খং উঠিল তাইৰ। কিয় আহিছিল তাই ইয়ালৈ?? কিন্তু ইয়ালৈ অহাৰ আগত য'ত কাম কৰিছিল সেইয়াও জানো কম আছিল ইয়াতকৈ। একেই নৰক যন্ত্ৰণা, একেই স্বাৰ্থপৰ দুনীয়া তাইৰ দৰে ঘাট মাউৰা হাজাৰজনী অঞ্জনাৰ বাবে।


     গাটো ধুই তাতেই কাপোৰসাজ পিন্ধি উলাই আহিল তাই। নোট কেইটামান লিখিব লাগিব এতিয়া, পৰীক্ষাটো ভাল কৰিব‌ই লাগিব।


     বাথৰুমৰ পৰা ওলাই আহি তলমুৱাকৈ থকা অজয়ক দেখি ভয়ত মুখখন শুকাই গ'ল তাইৰ। তাক চিনি নাপায়। ভালকৈ চাই চিনি পোৱাত তাইৰ হাঁহি এটা আপুনা-আপুনি ওলাই গ'ল।


"আপুনি?? আকৌ যে কি হ'ল!!" -হাঁহি মাৰি সুধিলে তাই।


"মানুহজনক কিয় মাৰিলা?"


"এনেয়ে! কেনেকৈ গম পালে?"


"তলতে আছিলো মই মানুহজনে গালি দি দি গৈছে। চাই ল'ম বুলি কোৱা শুনিলো। কি হ'ল কোৱাচোন?"


"বুকুখনত কামুৰি দিছিল?" -তলমূৰ কৰিলে তাই। লাজ লাগিল অজয়লৈ।


"Nonsense বোৰ এইবোৰ। ল'ৰা-ছোৱালী দুটা আছে মানুহজনৰ। ৱাইফ গৰাকীয়ে জানিলে কিমান কষ্ট হ'ব অলপো ভাবি নাচায়!!" -অঞ্জনালৈ চালে কান্দিছে তাই।


"কিয় কান্দিছা? এই পথ নিজেই লৈছা কান্দি কি লাভ!! ঘৰত কি চাকৰি কৰা বুলি জানে?"


"ঘৰ?? মোৰ ঘৰ বা কোনো আপোন মানুহ নাই।"


"গ্ৰেজুৱেচন কেনেকৈ কৰিলা তেন্তে?"


"চাকৰ কৰিলো তিনিবছৰ, তেনেকৈয়ে?"


"কাইলৈ আহি কথা কেইটামান পাতিম ম‌ই, তুমি এগ্ৰিমেন কৰা মানুহজনকো মাতিবা।"


     এইবুলি কৈ সি যাবলৈ ওলাল। অঞ্জনা কান্দিয়ে আছে। সি তাইৰ ওচৰলৈ গৈ সামৰি ললে তাইক তাৰ বুকুৰ মাজত। আচৰিত! অঞ্জনাৰ কান্দোনবোৰচোন বেছিহে হ'ল। সি অনুভৱ কৰিলে দুখত ভাগি পৰা এজনী নাৰী বুকুত সাৱটি ললে কিমান প্ৰশান্তি পোৱা যায়। জোৰেৰে সাৱটি ললে সিও। বহুত বুজাই বঢ়াই তাইক এৰি থৈ আহিল সি কাইলৈ অহাৰ প্ৰতিশ্ৰুতি দি।


      ঘৰ পোৱালৈকে সি তাইৰ কথাকে ভাবি আহিল। বৰ আকোঁৰগোজ ছোৱালী লগতে স্বাভিমানিও। নিজক কষ্ট দি কি জীৱন গঢ়িব তাই! হয়তো বহুতবাৰ উপেক্ষিতা হৈছে তাই!


     ইমান ধুনীয়া ছোৱালীজনী কি কুক্ষণত জন্ম হৈছিল বাৰু। যেনেতেনে উদ্ধাৰ কৰিব লাগিব। ইমান বুজে তাই অথচ এনে নৰকত!!


◆◆◆◆◆◆◆◆◆◆



       ঘৰলৈ আহি গাটো ধুইয়ে অজয়ে চোফাখনত বহি ল'লে। কাইলৈ যেনে-তেনে অঞ্জনাৰ এগ্ৰিমেন কৰা মানুহজনক লগ কৰিব লাগিব। সি নিজৰ বুকুখনত হাতখন দি চালে


"কেনেবাকৈ বাৰু সি অঞ্জনাক ভালপায় পেলাইছে নেকি বাৰু?"


      নাই নাই হ'ব নোৱাৰে। এজনী উপায়বিহীন ছোৱালীক উদ্ধাৰ কৰাৰ বাহিৰে আন একো নহয়। তেন্তে অঞ্জনাক সাৱটি ল‌ওঁতে তাৰ শৰীৰৰ মাজেৰে যি শিহৰণ পাৰ হৈ গৈছিল সেইয়া কি আছিল??


     নাই নাই নহয়!! এইবোৰ একো। সি চিগাৰেট এটা জ্বলাই ল'লে। ঘড়ীটোৱে নিশা ১২ বজাৰ সংকেত দিলে।


     ৰাতিপুৱা যেতিয়া অজয়ে সাৰ পালে, তেতিয়া অফিচ যোৱাৰ সময় প্ৰায় হ‌ওঁ হ‌ওঁ। সি খৰ-ধৰকৈ বাথৰুমত সোমাই গাটো থুলমূলকৈ ধুই অফিচলৈ ওলাল।


     ডাইনিং টেবুলত নিজৰা বাই তালৈ ব্ৰেকফাষ্ট যোগাৰ কৰি থৈছে, কাষতে টিফিনটো আছে। সি টিফিনটো লৈয়ে খৰ-ধৰ কৈ গাড়ীখনৰ ফালে আগবাঢ়ি গ'ল। পাছে পাছে নিজৰা বাই চিঞৰিলে


"অজয়, চাহকণ খাই যোৱা আক'!"


"নাই বাই নাখাও দেৰি হৈছে। ত‌ই খাবি। আৰু শুনচোন, ত‌ই যাওঁতে ভাতকেইটা ৰান্ধি থৈ যাবিচোন। আহি ৰান্ধি খাবলৈ ভাল নালাগে।"


     - এইবুলি কৈয়েই সি গাড়ীখন ষ্টাৰ্ট দি ওলাই গ'ল। অফিচৰ লগৰ পল্লৱলৈ ফোন লগালে।


"হেল্লো! পল্লৱ আজি মোৰ অলপ অফিচ যোৱা দেৰি হ'ব, ত‌ই কামবোৰ চাবিচোন দেই।"


     - সি পল্লৱৰ উত্তৰলৈ বাট নাচাই ফোনটো কাটি দিলে। গাড়ীখন অঞ্জনাৰ ৰুমৰ ফালে ঘূৰালে। ৰুম পাইয়ে সি উপৰলৈ উঠি গ'ল।


"অ, আপুনি। মই আক' আপুনি ৰাতি আহিব বুলিহে ভাবি আছিলোঁ। বহক আপুনি মই দিদিক মাতি আনোগৈ।"


     - তাই ওলাই গ'ল। আধা ঘন্টা মানৰ পাছত দুয়ো ওলালহি। অঞ্জনাই দুয়োকে চিনাকি কৰাই দিলে।


"বাৰু! আপোনাৰ প্ৰয়োজনটো ক‌ওঁকচোন এতিয়া।"


"মই অঞ্জনাক ইয়াৰ পৰা উলিয়াই নিব বিচাৰিছো।"


"কিয়? এইয়া সম্ভৱ নহয়।"


"আপুনি যিমানত এগ্ৰিমেন কৰিছিল তাতকৈ অলপ বেছিকৈ দিম মই।"


"নাই নাই নহ'ব। আপুনি যাব পাৰে। এই ভুল আকৌ কৰিবলৈ যত্ন নকৰিব। এতিয়া আপুনি উঠক আৰু যাওঁক সোনকালে; উঠক উঠক যাওঁক।"


      মানুহজনীৰ ব্যৱহাৰত অজয়ৰ ভীষণ খং উঠিল। সি অঞ্জনালৈ এবাৰো নাচাই ওলাই আহিল। অজয় যোৱাৰ ফালে চাই মীৰা দিদিয়ে ক'লে


"কিয় মোক এনেকুৱা কৰিব কলি ত‌ই?"


"পুতৌ কৰিলে বেয়া পাওঁ মই।" -তাই উচুপি উঠিল।


"ভাল জীৱন এটা পালিহৈ! আনে এইবোৰ সুবিধা বিচাৰি ফুৰে আৰু ত‌ই পাইয়ো নিজে আঁতৰি দিলি।"


"হ'ব দিদি এবছৰ হে!!"


"এই এবছৰতে ত‌ই, ত‌ই হৈ থাকিবিনে?"


"চেষ্টা কৰিম।" -অঞ্জনাই আকৌ উচুপি উঠিল।


"যিমান পাৰোঁ তোক আবুৰৰ মাজত ৰাখিবলৈ চেষ্টা কৰিম মই।"


◆◆◆◆◆◆◆◆◆◆


      অজয় গলগৈ, মীৰা দিদিও গলগৈ। অঞ্জনাই নিজৰ কথাকে ভাবিলে।


কিয় তাই নিজৰ স্বাভিমানক নেওচা দিব নোৱাৰে! 


      পৰিবনো কেনেকৈ,

এই স্বাভিমান গোটাওতে কিমান যে কষ্ট হৈছিল তাৰ।


     তাইৰ মনত পৰিল ডিগ্ৰী কৰি থাকোতে তাই যিখন ঘৰত আছিল। তাত আৰু দুদিনমান থকা হ'লে তাই আত্মহত্যা কৰিবলগা হ'লহেতেন।


     এপাদেউ বুলি মতা মানুহগৰাকী আৰু মানুহজন বৰ ভাল আছিল। কিন্তু পুতেকজন?


দাদা বুলি সন্মান কৰি অহা সেই মানুহজন!! 


      ছিঃ! এপাদেউৱে কাণেৰে নুশুনে, নিচাদেউৱে নেদেখে, আৰু তাৰেই সুযোগ লৈছিল পুতেকে। ৰাতি ডিউটিৰ পৰা আহিও মাকক নুঠায়, তাইলৈ ফোন কৰে। খিৰীকিৰ কাষত আহি মনে মনে চিঞৰে


     'অই উঠ আক' দুৱাৰ খোল সোনকালে"


      তাই ভয়তে পেপুৱা লাগে। সুবিধা পালেই ধৰি ৰুমলৈ লৈ যায়। তাই কোনোমতে পলাই সাৰে।


      প্ৰথম কেইবছৰ তেনে নাছিল। কিন্তু শেষৰ সময়চোৱাত দাদাকজনে তাইক যৌন উৎপীড়ন কৰিব লৈছিল। সেয়ে তাই লগৰজনীক কথাবোৰ কৈ এদিন মনে মনে ঘৰৰপৰা ওলাই আহি লগৰজনীৰ লগতে চাৰিমাহ থাকি পৰীক্ষা দিছিল।


       আকৌ মনত পৰিল তাইৰ সেই জঘন্য দিনটোলৈ।


      ঘৰত নিচা-এপা নামঘৰলৈ যোৱাৰ সুযোগতে তাইক দাদাকে পাছফালৰ পৰা ধৰি লৈ স্পৰ্টিংটো খুলি দি নিজেও উলংগ হৈ লৈছিল আৰু তাৰপাছত...??


     ছিঃ,ছিঃ, নাভাবে আৰু সেইবোৰ।


       বৰ কষ্ট দিছে তাইক ভগৱানে, বৰকৈয়ে দিছে। মা-দেতা থকাহলে হয়তো এনেকৈ নৰকত প্ৰতিদিনে তিল তিলকৈ নিজক শেষ কৰিব লগা নহ'লহেতেন। নজনাকৈয়ে চকুপানী ওলাল তাইৰ।


     মা-দেতাৰ একপি ব্লেক & হোৱাইট ফটোৰ বাহিৰে তাইৰ ওচৰত একোৱেই নাই। বৰকৈ মনত পৰিল তাইৰ আজি মাক-দেউতাকলৈ।


"কি হ'ল কান্দি আছা যে!" -ঘপহকৰে অজয়ৰ মাত শুনি থিয় হ'ল তাইৰ। অজয়ে আকৌ কলে


"মই জানো এইবোৰ সব তোমাৰেই চল। মানুহজনীক হয়তো তুমিয়ে ক'ব ক'লা তেনেকৈ!!"


"নহয়, আপুনি ভুলকৈ ভাবিছে। মই কিয় কম। ইয়াৰ পৰা যাবলৈ পালে মই ভালহে পাওঁ।"


"হ'ব, নিজৰ ইগ'তে থাকা!" -খং উঠিল অজয়ৰ। কিছুসময় বাহিৰলৈ চাই পুনৰ কলে সি


"চোৱা অঞ্জনা, তুমি এতিয়াও বহুত সৰু ছোৱালী। নিজক ধ্বংস কৰাৰো এটা বয়স থাকে, সময় থাকে। মই তোমাক উদ্ধাৰ কৰিব খুজিছো, তুমি কিয় এৰাই চলিচা মই বুজা নাই। তোমাক পুতৌ নকৰোঁ, আমাৰ তাতে চাকৰি এটা দিওঁ হবনে?"


"এইয়া চোন পুতৌ কৰাই হ'ল অজয়দা। মোক নেদেখা হ'লে জানো চাকৰি বিচাৰি যোৱা হ'লে আপুনি দিলেহেতেন! হয়তো যোগ্যতাৰ বহু প্ৰমাণ পত্ৰ বিচাৰিলে হেতেঁন!"


"তোমাৰ লগত তৰ্ক কৰিব অহা নাই মই। অযথা তৰ্ক কৰিবলৈ গৈছা যে!"


"তৰ্ক নহয়, এইয়াই জীয়া বাস্তৱ।" -দুয়ো কিছুসময় মনে মনে ৰল।


◆◆◆◆◆◆◆◆◆◆


অজয়ে পুনৰ কৈ উঠিল,


"তুমি বুজিবলৈ যত্ন নক'ৰা কিয় অঞ্জনা! এই নৰক কুণ্ডত তুমি যি সপোন পূৰণ কৰিম বুলি ভাবিছা সেইয়া কেতিয়াও সম্ভৱ নহয়।"


"আপুনি মোৰ কথা, মোৰ সুখ-দুখৰ কথাত কিয় ইমানকৈ লাগি আছে! মই কোন আপুনাৰ?"


      - তাইৰ কথাত আকস্মিক চক খাই উঠিল অজয়। হয়, কোন হয় তাৰ এই অঞ্জনা বোলা ছোৱালীজনী? তথাপি কলে


"সহায় কৰাৰ বাবে কিবা সম্পৰ্ক থাকিব‌ই লাগিব বুলি কিবা কথা আছে নেকি?"


"নাই! তথাপি। এই স্বাৰ্থপৰতাৰ ভৰা পৃথিৱীখনত ভাল মানুহ বিচাৰি পোৱা টান। সেয়ে কলো।"


"চাকৰি এটা দিলে তুমি যাবানে অঞ্জনা?"


     - অজয়ে পুনৰ বৰ হেঁপাহৰে সুধিলে। তাই ফালৰ পৰা একো সঁহাৰি নাপাই এটা দীঘল উশাহ মাৰি আকৌ কৈ উঠিল সি -


"মই কথা দিছো তোমাক মই কেতিয়াও পুতৌ নকৰোঁ। তোমাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি যি পোষ্টৰ বাবে তুমি উপযুক্ত তাকেই দিম।"


"ভাবিব লাগিব ৰ'ব।"


     অঞ্জনাই কথাখিনি কৈয়ে পাকঘৰলৈ গ'ল। কিছুসময় পাছত হাতত দুকাপ চাহ আনিলে। দুয়ো চাহৰ কাপত সোহা মাৰিলে।


"অঞ্জনা, তুমি নাভাবিবা মই বৰ সুখত ডাঙৰ হোৱা ল'ৰা বুলি। মইও কিছূমান দৃশ্য বা কিছুমান মানুহ বহু ওচৰৰ পৰা দেখিছোঁ। সকলো নিজৰ স্বাৰ্থৰ বাবেই আমাৰ দৰে উপায়বিহীন মানুহক ব্যৱহাৰ কৰে।"


"মানে! মই বুজা নাই। ভালকৈ ক‌ওঁকচোন?"


"সেইবোৰ ধেৰ কথা, এতিয়া জানিব নালাগে। মুঠতে জানি থোৱা তোমাৰ দৰে নহ'ব পাৰে কিন্তু তোমাৰ দৰে হাজাৰটা ঘটনাৰ মই জীয়া সাক্ষী।" -অজয় তলমূৰ কৰিলে।


      অঞ্জনাই ভাবিলে,

এই ডাঙৰ চাকৰি থকা ডাঙৰ মানুহজনৰো দুখ আছে, কাহিনী আছে? ঘৰত বা কোন কোন আছে? তাইৰ মুখেৰে ঘপকৈ সুধিয়ে পেলালে-


"ঘৰত কোন কোন আছে আপোনাৰ?"


"এজনী মাতৃসম কাম কৰা বাই।"


"আৰু?"


"কোনো নাই। এতিয়া আকৌ নুসুধিবা ক'ত থাকে, কোন কোন আছে এই আমনি লগা প্ৰশ্নবোৰ।"


     অজয়ে চাৰ্টটৌ খুলি বিচনাখনতে বাগৰি দিলে। ইংগিতেৰে অঞ্জনাক ফেনখনৰ চুইচটো দিবলৈ কলে।


"ওচৰলৈ আহা অঞ্জনা!"


     তাই লাহেকৈ আহি অজয়ৰ কাষতে বহিল। আজয়ে তাইৰ হাতখন ধৰি ক'লে-


"তুমি ধুনীয়া অঞ্জনা আৰু তোমাৰ দেহত এতিয়া যৌৱনৰ ভৰ। এই সময় চোৱাত তোমাক পাবলৈ, তোমাৰ লগত ৰাতি কটাবলৈ বহু পুৰুষে কামনা কৰিব। এজনী ধুনীয়া ছোৱালীৰ সতে ৰাতি কটাবলৈ সকলো পুৰুষেই সপোন দেখে। কিন্তু কথা হ'ল এই যৌৱন গ'লে, এই দেহৰ সৌন্দৰ্য্য গ'লে, তুমি পথৰ ভিক্ষাৰীও হবলৈও যোগ্য নহ'বা। কাৰণ ভিক্ষাৰী হৈ আনৰ ওচৰত হাত পাতিবলৈও মানুহৰ মনোবল লাগে আৰু যিটো তুমি সময়ত হেৰুৱায় পেলাবা। সেয়ে জোৰ কৰিছো ব'লাচোন!"


     অজয়ৰ কথাখিনিয়ে তাইক খুওব আৱেগিক কৰিলে। নজনাকৈয়ে চকুপানীবোৰ ওলাই আহিল। অজয়ে সচাঁ কথাই কৈছে। অজয়ে তাইক কাষলৈ চপাই আনিলে। কান্দক তাই, পাৰ ভাঙি কান্দক আজি তাই।


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

প্ৰথম খণ্ডৰ লিংক -
Read Now :

তৃতীয় খণ্ডৰ লিংক -
Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini
An Emotional Assamese Story

1 comment:

  1. পাছৰ খণ্ড পঢ়িবলৈ অপেক্ষা কৰি আছো

    ReplyDelete