বেশ্যা | আপুনি সদায় আহিব | এগৰাকী নাৰীৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Sad Assamese Story | Part 1 | Emotional Assamese Novel By Papori Phukan | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | আপুনি সদায় আহিব | এগৰাকী নাৰীৰ জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | Sad Assamese Story | Part 1 | Emotional Assamese Novel By Papori Phukan | Daily Assamese Status


বেশ্যা
এগৰাকী নাৰীৰ জীয়া কাহিনী

মূলপাঠ:

এগৰাকী নাৰীৰ জীৱনত ঘটি থকা

হাজাৰ বিজাৰ ঘাট-প্ৰতিঘাট,

সুখ-দুখ, হাঁহি-কান্দোন, আৰু বিষাদেৰে

ভৰা জীয়া জীৱনৰ বিষাক্ত

এই কাহিনী


সঁচাই... বৰ আচহুৱা নাৰীৰ জীৱনটো !

বুকুত এশ-এবুৰি কষ্ট ঢাকি লৈয়ো

আনৰ মুখত

হাঁহি আনিব খোজে,

আনক সুখত ৰাখিব খোজে;

এগৰাকী নাৰীয়ে ।


এগৰাকী নাৰীৰ হাঁহিৰ পাছফালে থকা

মানুহজনীক

যদি ভালকৈ জুমি চোৱা যায়,

প্ৰতিগৰাকী নাৰীৰে জীৱনত হয়তোবা

হাজাৰ বিজাৰ কষ্ট, বিষাদ,

যন্ত্ৰণা আৰু বুকুত

অপুৰণীয় সপোনবোৰেই ঠাহ খাই থকা

দেখা পোৱা যায়;

ঠিক অঞ্জনাৰ দৰেই !!

"বেশ্যা"


"আপুনি সদায় আহিব?"


"কিয়?" -চাৰ্টৰ বুটামকেইটা লগাই লগাই সুধিলে অজয়ে।


"আপোনাক ভাল লাগিছে সেয়ে।"


"এই নৰকলৈ তকো সদায়!" -তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে সি।


"নৰকলৈ তেন্তে কি সুখ বিচাৰি আহিছিল?"


"প‌ইচা দিয়াৰ শৰীৰ।"


"নৰকত বহু সময়ত প‌ইচাতকৈয়ো মূল্যবান বস্তু পোৱা যায়।" -ওচৰতে থকা টাৱেলখন বুকুত মেথনি মাৰি উঠি গ'ল অঞ্জনা। বাথৰুমৰ পৰা ওলাই আহি অজয়ক দেখি সুধিলে


"যোৱা নাই যে!!নে আকৌ??"


"Enough, মাত্ৰ ম‌ই জানিব খোজোঁ কিয় মই সদায় আহিব লাগে।"


"কিছুমান শৰীৰত আপোনত্বৰ গোন্ধ পাওঁ সেয়ে।"


"মোৰ দৰে মদাহী আৰু ড্ৰাগছ এডিক্ট এজনৰ মাজত কি আপোনত্বৰ গোন্ধ পালা?"


"আহিব কৈছোঁ আহিব চিনাকি আমি পাছতো হ'ব পাৰিম।" -এইবুলি কৈ অঞ্জনাই অজয়ৰ আউল-বাউল হৈ থকা চুলি খিনি ধুনীয়াকৈ তেল লগাই দি এটা মৰমৰ চুমা কপালত বহোৱাই দিলে।


"আকৌ আহিব এতিয়া যাওকগৈ ৰাতি বহুত হ'ল। কাইলৈ আহিব। আজিৰপৰা মোৰ শৰীৰৰ সকলো অধিকাৰ আপুনাক দিলো। অপেক্ষা কৰিম সদায়।"


     অজয়ে একো ধৰিব‌ই নোৱাৰিলে; এজনী বেশ্যাৰ মাজতো বুজি পোৱাৰ ক্ষমতা থাকিব পাৰে আচৰিত। কিয় বা আহিব কৈছে তাক?


     মনটো ভাল লাগি গল তাৰ আজি কেইবাবছৰ মূৰত মাকৰ দৰে হেপাহ দেখুওৱা মানুহ এজনী পাইছে; লাগিলে তাই যিয়ে হ‌ওঁক। কাইলৈ আহিব লাগিব। অঞ্জনা থকা ৰুমটোৰ ফালে চালে, তাই তাকে চাই আছে। গাড়ী ষ্টাৰ্ট দি সি ৰুমলৈ বুলি ৰাওনা হ'ল এবুকু হেপাহ আৰু মৰম লৈ।


◆◆◆◆◆◆◆◆◆◆


     ঘৰৰ ভিতৰত সোমায়েই অজয়ে ড্ৰয়িং ৰুমৰ হাই ভল্টেজৰ LED লাইটটো জ্বলাই দিলে। পাঁচটা ৰুমৰ সৈতে এটা আটোম-টোকাৰিকৈ সজোৱা ঘৰ। অৱশ্যে ঘৰটো সজাবলৈ অজয়ৰ কোনো মাক, বাই-ভনী বা পত্নী নাই। আছে এগৰাকী মাতৃতুল্য কাম কৰা বাই। যিগৰাকীয়ে আজি আঠটা বছৰে অজয়ক পুত্ৰৰ দৰে আব্দাৰ কৰি আহিছে।


     দৰ্জাখন বন্ধ কৰি অজয় তাৰ শোৱাৰ ৰুমৰ সংলগ্ন বাথৰুমত সোমালগৈ। বাথৰুমত সোমাইয়ে অজয়ৰ মূৰটো এক বুজাব নোৱাৰা গভীৰ শ্ৰদ্ধাত দোঁ খাই গ'ল। কেনেকৈ জানে এই মানুহ জনীয়ে অজয়ৰ প্ৰয়োজনবোৰ মাকৰ নিচিনাকৈ!


      বাথৰুমত নতুন ব'ডি ৱাশ্ব, টাৱেল আনকি অজয়ৰ জাঙ্গীয়া পৰ্যন্ত থৈ যায় বাথৰুমত। এইয়া পুৰনা কথা কিন্তু "অঞ্জনা" নামৰ সেই নতুন চৰিত্ৰটো লগ পাই যেন সকলো নতুন হৈ পৰিছে।


      বাথৰুমৰ পৰা ওলাই আহি ৰুমত থকা চোফাখনতে সি ফেনখন চলাই ওপৰলৈ মূৰ থৈ চকুহাল মুদি দিলে। ভাত খাবলৈ তাৰ আজি মন যোৱা নাই। ৰাতিৰ সাজটো সি সদায় সাধাৰণভাৱে নিজেই ৰান্ধি খায়। মাছ-মাংস আনিলেও ফ্ৰিজত থৈ দিয়ে আৰু পুৱা নিজৰা বাই ৰান্ধি দিয়েহি।


     চকুহাল মুদাৰ লগে লগে তাৰ অঞ্জনাৰ কথাই মনত পৰিল।


      "শৰীৰ বিক্ৰেতা এগৰাকীৰ মাজতো ইমান হেপাহ থকা যেন লাগিল কিয় বাৰু?"


      "কিয় মাতিছে বাৰু তাক?"


       "কপালত দিয়া চুমাটো!! আহ…!!"


      'কি হেপাহ আৰু ভালপোৱা সোমাই আছিল বাৰু তাত? চকুহাল ইমান আবেদনময়ী! আৰু স্পৰ্শবোৰ?"


     চেহ!! কি ভাবিছে বাৰু এইবোৰ সি!!


      সি প‌ইচা দিছে তাই শৰীৰ দিছে, বছ্ সিমানেই তাত আৰু কি নতুন কথা আছে। নিজকে নিজেই ক'লে সি। কাইলৈ যে মাৰিছে তাই সি কিয় যাব এগৰাকী বেশ্যাৰ ওচৰলৈ, নাযায় সি। এইবুলি ভাবিয়ে সি উঠি গৈ চিগাৰেট এটা জ্বলাই খিৰিকী খনৰ ওচৰলৈ গৈ পৰ্দাখন আঁতৰাই দি ৰাতিৰ ব্যস্ত হৈ পৰা জয়াল ৰাস্তালৈ চাই পঠিয়ালে।


      ৰাস্তাত মাত্ৰ ট্ৰেংকাৰ আৰু ডাঙৰ ডাঙৰ পঞ্জাৱতী কেইখনৰ বাহিৰে আন গাড়ী নাই বুলিব‌ই পাৰি। মাজে মাজে দুই এখন আছে সেৰেঙাকৈ। তথাপিচোন ৰাস্তাতো জয়াল হৈ আছে কিয়?


      দিনৰ ভাগতকৈ বেছিকৈহে। ঠিক অঞ্জনাৰ দৰে!!


      তাইৰো একো নাই তৰুণী দেহটোৰ বাদে তথাপি তাইক পূৰ্ণ যেন লাগে, সুখী যেন লাগে!! নে শৰীৰৰ বাসনাটো তাইৰ বেছি নিজক তৃপ্ত কৰাৰ বাবে, সেয়ে সুখী নেকি তাই??


      লগৰ অনলে কৈছিল বহু সময়ত নাৰী হেনো শৰীৰৰ বাসনা পৰ্ণৰে সুখী হয়। সি নাজানে এইবোৰ কামনা-বাসনাৰ কথা জানিব‌ও নোখোজে।  বৰ আচৰিত নাৰীৰ শৰীৰৰ খলা-বমাবোৰ। ঈশ্বৰৰ অনন্য সৃষ্টি এগৰাকী নাৰী সচাঁকৈয়ে।


      যাব জানো সি কাইলৈ?? -আকৌ ভাবিলে অজয়ে।


◆◆◆◆◆◆◆◆◆◆


 

      নাযাওঁ বুলি ভাবিও অঞ্জনাই থকা ৰুমৰ দুৱাৰ মুখত থিয় দিলেগৈ অজয়। হাতৰ ঘড়ীটোলৈ চালে ৯ বাজি ২০মিনিট গ'ল। দুৱাৰখন খোলা কিন্তু পৰ্দাখন পেলাই থোৱা আছে।


     পৰ্দাৰ ফাঁকেৰে চাই সি দেখিলে,

অঞ্জনাই দুৱাৰৰ ফালে পিঠি দি কিবা চাই আছে। সি মনে মনে গৈ অঞ্জনাৰ মুখৰ আগত থিয় দিলেগৈ। অঞ্জনাই থতমত খাই কিতাপখন বিচনাৰ তললৈ দলিয়াই দিলে; কাষতে আৰু এজাপ কিতাপ।


"আ........পুনি?? ভয় খোৱাই মাৰিব দেই। পিছে ইমান ইগ' থকা মানুহজনো মই মাতিলে আহিব বুলি ভবা নাছিলো" -স্বাভাবিক হৈ কলে তাই।


"বয়স কিমান তোমাৰ?"


"কিয়??" -আচৰিত হৈ তাৰফালে চালে অঞ্জনাই।


"যিটো সুধিছো তাৰ উত্তৰ দিয়া!!"


     বহুত সময় মনে মনে থকাৰ পাছত কলে-

"২৪ বছৰ হৈ পাঁচমাহ মান বাঢ়িছে ছাগে মনত নাই। কিয় লাগে?"


"এই নৰকলৈ কিয় আহিলা?"


"সপোন পূৰোৱাৰ স্বাৰ্থত?"


"এই নৰকত সপোন পূৰণ হ'ব বুলি কিয় ভাবিলা?"


"উপায় নাছিল?" -তলমূৰ কৰিলে অঞ্জনাই।


"ইমান উচ্চ শিক্ষিত এজনী ছোৱালীৰ মুখত এনে কথাই শোভা নাপায়।"


"হ'বচোন দিয়ক! আহি থাকিব যেতিয়া কথাবোৰ ক'ব‌ই লাগিব আপোনাক। অফিচৰ পৰা আহি কিবা খালে জানো!!"


"নাই খোৱা। এইবাৰ কোন ইয়েৰত ফাইনেল নেকি?"


"নহয়, এইবাৰ লৈছো এডমিছন। ছেপ্টেম্বৰত পৰীক্ষা আছে।"


"হমমম!! বলা মোৰ ঘৰতে থাকি পঢ়িবা। মদাহী হ'ব পাৰো, চৰিত্ৰহীন নহয়। নিচিন্তে থাকিব পাৰিবা।"


"পুতৌ নকৰিব, ভাল নাপাওঁ মই, এগ্ৰিমেন কৰি আহিছো মই ইয়ালৈ এবছৰৰ বাবে। ইচ্ছা নহ'লেও থাকিব লাগিব ফাইনেলতো দিয়ালৈকে। তাৰ পাছত ভাবিম বেলেগ।"


      এইবুলি কৈয়ে তাই অজয়ৰ বাবে আজি নতুনকৈ অনা জেলটো আনি তাৰ আউল-বাউল হৈ থকা চুলিখিনিত সানি দিলে।


"ইমান ধুনীয়া মানুহজন এনেকৈ নাথাকিব। জীৱনটো আপুৰুগীয়া নিজকে ধুনীয়াকৈ ৰাখিব।" 


      অঞ্জনা উঠি গ'ল পাকঘৰ সদৃশ ৰুমতোলৈ। এটা সৰু পাকঘৰেই বুলিব পাৰি পাম দিয়া স্তভ এটা আছে, প্ৰয়োজনীয় দুই-এবিধ বস্তু।


"কিমান কাস্তমাৰ আহিল আজি?"


"দুজন আহিছিল। মাল্টিনেছনেল কোম্পানীৰ মেনেজাৰ আৰু মালিক" -তাচ্ছিল্যৰ দৃষ্টিৰে চালে তাই অজয়লৈ।


"কিমান দিলে?"


"কিয়?"


"এনেয়ে!"


"দহ হাজাৰ ললো।" -এইবাৰ অজয়ে হাঁহিলে তাইলৈ চাই।


"মোৰ পৰা কিমান লবা?"


"ফ্ৰি? ভাতকেইটা খাই যাবগৈ। ১০.৩০বজাত কাস্তমাৰ এজন আহিব মোৰ। ভাত হৈয়ে আছে। মাছ আনিছিলো টেঙা দি জোল কৰিম খাইয়ে যাবগৈ।"


     তাই খৰ-ধৰকৈ মাছখিনি ৰান্ধিব ললে। অজয়ে অঞ্জনালৈকে চাই আছে।


কিমান উপায়হীন হলে এজনী নাৰীয়ে নিজৰ দেহক লৈ এগ্ৰিমেন কৰিব পাৰে??


অজয়ে মনতে ভাবিলে।


◆◆◆◆◆◆◆◆◆◆


        সচাঁ অৰ্থত অঞ্জনা দেখিবলৈ ধুনীয়া। কিয় এই পথ ললে সেইয়াহে ডাঙৰ কথা। কঁকাল পাৰ হোৱা চুলিকোচা। আগফালে লেজাৰ কটা। বেকা-বেকি বেল এডাল মাৰি থৈছে।


     চেলাউৰিযোৰ থ্ৰেদিং কৰা নাই। সেয়ে ডাঙৰ ডাঙৰ চকুজুৰিৰে মিলি গৈছে। মিঠা বৰণৰ লাহী দেহা, বুকুখন ৩৪ চাইজৰ হ'ব।


     চেহ! কিযে ভাবিছে সি। লাজ লাগি গল তাৰ নিজৰেই।


      কালি বাৰে বাৰে অজয়ে অঞ্জনাৰ বুকুখন চুই চাবলৈ বিচাৰিছিল যদিও নোৱাৰিলে, লাজ লাগিল তাৰ। অঞ্জনাই তাৰ এই অৱস্থাৰ কথা জানিয়ে চাগে তাৰ বুকুৰ ওপৰত শুই তাৰ ওঁঠত চুমা দিব লৈছিল। কিন্তু সি গাৰ জোৰেৰে থেলি দি উঠি আহিছিল!


     কাৎচিতভাৱে তাৰ হাতখন অঞ্জনাৰ বুকুত লাগিছিল তেতিয়া। এক অবুজ শিহৰণ পাৰ হৈ গৈছিল তাৰ শৰীৰৰ মাজেৰে।


"ভাত খাওঁক আৰু খাই সোনকালে যাওঁক।"


"তুমি নোখোৱা?"


"দেৰিকৈ খাম।" -তাই অজয়ৰ কাষতে বহি ললে আৰু অজয়ৰ বাউসিত মূৰ থলে তাই।


"কি হ'ল?"


"আপুনি বহুত ভাল। নিজকে শেষ নকৰিবচোন!"


"ম‌ই ভাল! কেনেকৈ জানিলা?" -বেকাঁ হাঁহি এটা মাৰিলে সি।


"অনুভৱ কৰিছো!" -হাঁহিলে তাই।


"আজি কিমান লবা তোমাৰ কাস্তমাৰ জনৰ পৰা।" -তাচ্ছিল্য কৰি সুধিলে সি। লগতে হাতখনো ধুই ললে।


"যায়নে?"


"নহ'লে কি কৰোঁ।"


"যাওঁক!! সদায় অপেক্ষা কৰিম আপুনালৈ, আহিব বুলি আশা কৰিলো।"


    তাই আহি অজয়ক সাৱটি ললেহি, অজয়ে হাতখন ওপৰলৈ দাঙি দিলে। এইয়া কি অঞ্জনাই কান্দিছে। অজয়ে দুবাহুত ধৰি অঞ্জনাক আঁতৰাই দি সুধিলে


"কিয় কান্দিলা?"


"এনেয়ে। বৰ কষ্ট হয় কেতিয়াবা ইয়াত।"


"বলা নহলে মোৰ ঘৰতে থাকিবা!"


"নাযাওঁ। পুতৌ কৰিলে বেয়া পাওঁ বুলি কৈছোৱে দেখোন!"


     অজয়ৰ খং উঠি গল। সি দপদপাই বাহিৰলৈ ওলাই আহি গাড়ীখনৰ কাষত ৰৈ আকৌ এবাৰ ওপৰলৈ চাই পঠিয়ালে। অঞ্জনাই তাকেই চাই আছে। হয়তো কান্দিয়ে আছে তাই। অজয়ক যোৱা দেখি দুৱাৰখন বন্ধ কৰি মুখখন দুহাতেৰে ঢাকি উচুপি উঠিল তাই।


      ১০.৩০ বাজিবৰে হল। হয়তো অলপ পাছতেই তাইৰ শৰীৰত এজন কামাতুৰ পুৰুষৰ বলিষ্ট হাতোৰা পৰিব।


     ছিঃ কেনেকৈ বগাই ফুৰে হাতবোৰ সিহঁতৰ!! যিমান অসহ্য হলেও এবছৰ থাকিব লাগিব এই নৰকত; অন্তত: ফাইনেলটো দিয়ালৈকে। পুনৰ উচুপি উঠিল তাই।


      টক্ টক্

উচপ খাই উঠিল তাই। উঠি গৈ দুৱাৰখন খুলি দিলে। এটা ভেকেটা-ভেকেট গোন্ধ তাইৰ নাকত লাগিলহি।


"হাই ডাৰলিং!"


    তাইক সাজোৰে টানি আনি বিচনাত বগৰাই দিলে মানুহজনে। তাইৰ বুকুৰ ওপৰত উঠি লোলোপ দৃষ্টিৰে চালে তাইলৈ।


"ধুনীয়া। বৰ ধুনীয়া দেহা তোমাৰ।" -তাইৰ ওঁঠত চুমা খাই দিলে সি।


"কি হল মৰম নকৰা মোক?"


আগলৈ…..…….


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 9pm (ন বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM


দ্বিতীয় খণ্ডৰ লিংক -
             Read Now :

দ্বিতীয় খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment