আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই - খণ্ড 2 | Assamese Sad Love Story | Emotional Assamese Love Story By Sadhana Handique | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই - খণ্ড 2 | Assamese Sad Love Story | Emotional Assamese Love Story By Sadhana Handique | Daily Assamese Status

 

আধৰুৱা স্মৃতি |

প্ৰেমে হোঁহোৱাই, প্ৰেমে কন্দুৱাই
প্ৰেমে উটুৱাই, প্ৰেমে নচুৱাই

     কিন্তু প্ৰেম হৈ যায়। কেতিয়াবা অজানিতে, আৰু কেতিয়াবা ভুলতে। সিদিনা উজ্জ্বল দাৰ দুখ দেখি মোৰ আধৰুৱা স্মৃতিয়ে বুকুত দকৈয়ে খুন্দিয়ালে। আৰু মই স্কুল কোঠাটোৰ দুৱাৰ দলিত অজ্ঞান হৈ কেতিয়া পৰিলোঁ, তাৰ পাছত মোৰ কি হল, কোনে মোক ঘৰ আনি থলে, এইবোৰ একোকে ধৰিব নোৱাৰিলো।

     দুদিন মান পাছত উজ্জ্বল দাই মোক সিদিনাখনৰ কথাবোৰ স্কুলতে কলে। তেওঁৱেই কেইজনমান লগৰীয়াৰ সতে মোক ঘৰত থৈ গৈছিল হেনো। কথাবোৰ তেওঁ কওঁতে মোৰ অলপ লাজ লাগিছিল যদিও পিছত লাজ ভাঙিছিল। আৰু সিদিনাৰ পৰাই তেওঁৰ লগত মোৰ কথা বতৰা বাঢ়ি গৈছিল।

     মই সদায় ক্লাছ six-ৰ ল'ৰা বোৰৰ লগতে দিনবোৰ পাৰ কৰিছিলো। আৰু উজ্জ্বলেও মোৰ লগতে পোৱালীবোৰৰ লগত ধেমালী কৰিছিল। স্কুলীয়া দিনবোৰ এইদৰে পাৰ হৈছিল বহু হাঁহি ধেমালিৰ মাজেৰে।

    এদিন মই ক্লাছ 10 পালোগৈ। তেতিয়ালৈকৈ আমাৰ মাজত কোনো সম্পৰ্ক নাছিল। এদিন গৌৰীয়ে মোক শুধিলে-

     অই, উজ্জ্বল দাটোৰ লগত তোৰ কি চলি আছে অ?

মই হাঁহি হাঁহি কলো- একো নাই কি দেখিলি নো।

     তাই কলে-
মই দেখিছো ভালকে দেখিছো দে কি চলি আছে তহতৰ মাজত। টিফিন টাইমত যে দুয়োটাই চিধাই গৈ ক্লাছ sixৰ ৰুম পাওগৈ। ৰুমলৈ অহা চেকেণ্ডৰ বেল নমৰালৈকে তাতেই দুয়োটা থাক দেখোন। Relationship কেতিয়াৰ পৰা আৰম্ভ হল ও___

     তাইৰ কথা শুনি মই মনে মনে ৰলো। আনকি তাইয়ো একো নুসুধিলে। অৱশ্যে আমাৰ দুয়োৰ মাজত তেতিয়া কোনো প্ৰেমৰ সম্পৰ্কই হোৱা নাছিল।

     এনেতে এদিন সমীক্ষাইও গৌৰীয়ে কোৱাৰ দৰে মোক কথাখিনি সুধিলে। কথাতো শুধাত মইয়ো উজ্বলৰ কথাতো ভাবিলো। দাদা দাদা বুলিতো বহু দিনেই কথা পাতিলো। কিন্তু তাক নেদেখিলে মোৰো দিনতো ভালেই নালাগিছিল। স্কুলত সিদিনা তাৰ কথাবোৰে মোক দকৈ আমনি কৰিলে।

   তেওঁ চোন মোক মোৰ নিজৰ নামতোৰে নামাতে,
    তাৰ লগত নো কেনেকৈ প্ৰেম হব পাৰে?

     কিন্তু লগৰ কেইজনীয়ে মোক সুধি থকাত তাক ভাল পাওঁ বুলি কবলৈ সেইদিনা মনত হাবিয়াস এটা বাঢ়িল।

     এনেতে উজ্জ্বলে আহি পিছফালৰ পৰা মাত লগালে-
     অই কটিয়ানী, কি ভাবি আছ ইমানকে আজি?

     নাই একো নাই বুলি কলো।
তেওঁ মোক কটিয়ানী বুলিয়ে সদাই জোকাই মাতিছিল। আৰু মইও তেওঁক কেটেঙা বুলি।তেওঁ মোক আকৌ শুধিলে-

     কচোন অকলে অকলে কি ভাবি আছিলি।

     নাই একো নাই বুলি মই পুনৰ মূৰ দুপিয়ালোঁ। মনৰ মাজতে কৈছিলো ভাল পাওঁ আপোনাক, কিন্তু কথাখিনি কোৱাৰো মোৰ সাহস নহল। তেনেতে বেলটো মাৰিলে আৰু আমি দুয়োটা নিজৰ নিজৰ ক্লাছলৈ যাবৰ হল। খৰধৰকৈ তেওক মাথোঁ কলো-

     উজ্জ্বল দা, কাইলৈ তোমাক কিবা এটা শুধিব আছে, আহিবা কিন্তু,,,

     তেওঁ___ হব দে, মইতো সদায় আহো তই নহাকৈ নাথাকিবি!  -----এইদৰে কৈ আঁতৰিল।

     পিছদিনা খন জিৰণিৰ সময়ত মই বহু দেৰি বাট চোৱা পিছত তেও আহি ওলাল। আহিয়ে চিধা কবলৈ আৰম্ভ কৰিলে-
     : কটিয়ানী, কালি যে তই কিবা কম বুলি কৈছিলি নহয়, ক ক।

     : ইমান দেৰি হ'ল যে তোৰ আজি।

     : সেইবোৰ বাদ দে। আগতে কি কম কৈছিলি সেইটো ক??

     : ক বুলিলে কব পাৰি নেকি কিবা।

     : মানে???? সোনকালে নকওঁ কিয় হা?

     : ক বুলিয়েইটো সকলো কব নোৱাৰি।
___মোৰ মুখেৰে একেখিনি শব্দই ঘূৰি-পাকি ওলাল আৰু এনেতে বেল বাজিলে।

     বেল মৰা সুযোগটো লৈ 'মই যাওঁ Geography ক্লাছ আছে' বুলি কৈ আহিব লৈছিলোহে কিন্তু উজ্জ্বলে মোৰ হাতখন ধৰিলৈ কলে:

    : ঐ, কথাতো নকলি যে!!!

    : কাইলৈ কম দে। এতিয়া দেৰি হৈছে। হাতখন এৰি  দিয়া ও।

    : কথাটো কি???

    : ধেৎ, পোৱালিবোৰে চাই আছে আমাক। চাওঁ হাত খন এৰা।

     তেওঁ হাতখন এৰি দিলে আৰু মই দৌৰি গৈ ৰুম পালোগৈ। সিদিনা গোটেই ক্লাছটো অকল তেওঁৰে কথা ভাবি থাকিলো। ক্লাছত একো মন নবহিল মোৰ। আনকি ঘৰ আহি পাই নিশাও তেওঁৰ কথাই আমনি কৰিলে মোক। কথাবোৰ তাক কাইলৈ কেনেকৈ কম, কি বুলি কম, কৰ পৰা কলে বেছি ভাল লাগিব, কেনেকৈ কলে বুজি পাব, এইবোৰ ভাবি থাকোতে কেতিয়া মোৰ টোপনি আহিল একো গম নাপালো।

     পিছদিনা ৰাতিপুৱা সোনকালে উঠিলোঁ। আনদিনাৰ দৰে মাই মাতি থাকিব নালাগিল মোক। লৰালৰিকৈ ঘৰুৱা কাম অলপ মাৰ লগত সামৰি দি গাটো ধুইয়ে ভাত কেইটা খাই স্কুল গৈ ওলালোঁ। মাজে মাজে চেকেণ্ড ইয়েৰৰ ৰুমটোৰ ফালে চালো কিন্তু উজ্জ্বলক এবাৰো নেদেখিলো।

     দুপৰীয়া 12 বাজিব আৰু। টিফিন ব্ৰেক দিলে। মই ক্লাছ six-ৰ ৰুমতোলৈ একপ্ৰকাৰ বেগেৰে গৈ পালোঁ। গৈয়ে মনতো ভাল লাগি গল। মই যোৱাৰ আগতেই সেইদিনা উজ্জ্বলে ৰুমতোত বহি আছিল। গৈ পাই সদায় পতাৰ দৰে হাহি-ধেমালীবোৰ কৰিলো। অলপ পাছতে তেওঁৱেই কথাটো উলিয়ালে-

     : কটিয়ানী যোৱা কালি কিবা কম কৈছিলি নহয়, ক আক এতিয়া?

     তাৰ কথাত মই ভাবি নাপালোঁ কৰ পৰা কথাখিনি আৰম্ভ কৰিম। যদিও ৰাতি অলপ ভাবিছিলোঁ, টোপনিতে আউল লাগি থাকিল। মই একেবাৰে নাৰভাচ হৈ পৰা যেন হলোঁ। উপাই নহৈ হাঁহি এটা মাৰি কৈ উঠিলোঁ-

     : কালি কিয় হাতত ধৰিছিলা মোৰ??

     : হাৰে, কথাটো কি? তই কবিনে আজি.....

     মনত অলপ সাহস গোটাই লৈ একে উকাহেৰে মই তাক ক'লো-

     : আগে পাছে মই কাকো কৈ পোৱা নাই কেনেকৈ কব লাগে সেইবোৰ একো নাজানো উজ্জ্বল দা তুমি মোৰ বইফ্ৰেণ্ড হব নালাগে তুমি বাৰু মোৰ লাইফ লাইন হবা নেকি...

     আৰু তাৰ উত্তৰলৈ অপেক্ষা নকৰাকৈ মই গুচি আহিলো। মই জানিছিলো উজ্জ্বলে মোৰ উত্তৰতো লগা লগ নিদিয়ে বুলি। কাৰণ তাৰ ইতিমধ্যে পংখিৰ লগত ব্ৰেকআপ হৈছে। সম্পৰ্কত বেছিদিন হৈছিল যদিও কাৰোবাক ইমান সহজে পাহৰিব পৰা নাযায়। আনকি কেতিয়াবা কথাৰ মাজতে এটা দুখৰ চাপ তাৰ দুচকুত ভাঁহি উঠিছিল। পংখি মোতকৈ দেখাত ধুনিয়াও আছিল যাৰ বাবে তেওঁ মোক না বুলিও ক'ব পাৰে।

     কিন্তু তেওঁক ভালপোৱাৰ পোৱাৰ প্ৰস্তাৱ দিয়াৰ পাছত মোৰ মনৰ মাজৰ পৰা এটা Strong অনুভৱ আহিছিল। এটা অধীৰ আশা___ তেওঁ মোক না নকয়।

     পিছদিনাখন তেওলৈ বাট চালো। এটা সময়ত ক্লাছ Six ৰুমতকৈ সি আহিল। আমি আগৰ দৰেই কথা বতৰা পাতিলো। কিন্তু সি মোৰ প্ৰস্তাৱৰ একো উত্তৰ নিদিয়া দেখি পুনৰ মই তেওক শুধিলো-

     : কি হল?? মই সোধা কথাটোৰ উত্তৰ নিদিলা যে?

তেও মোৰ মুখলৈ চাই কলে "যি ভাব তুমি।"
মই কৈ উঠিলো "মানে না, নে হা_____"

     মোৰ মুখলৈ চাই তেওঁ হাহিলে।
কলে- তুমি ভাবিছা যদি হব আৰু।

     মই হা বুলি গম পাই কিমান ফূৰ্তি পাইছিলো মই কব নোৱাৰো। আমি দুয়ো সিদিনাৰ পৰাই আগতকৈ বেছি ফ্ৰী হলোঁ। স্কুলৰ সময়বোৰ এনেকৈয়ে পাৰ হল।

     এদিন তেওঁ মোৰ মোবাইল নম্বৰ বিচাৰিলে আৰু মইয়ো তেওঁৰ নম্বৰটো ললোঁ। লাহে লাহে মোবাইলতো আমাৰ কথা আৰু ভালপোৱাৰ ঘনিষ্ঠ বাঢ়ি গল। কেতিয়াবা কেতিয়াবা ৰাতি ৩-৪ টা নোহোৱালৈকে কথাই শেষ নহৈছিল আমাৰ। হাতত অনবৰতে মোবাইলটো লৈ ফুৰা দেখি মায়েও কেতিয়াবা টানকৈ দুই এটা কথা শুনাবলৈ ললে। কিন্তু সম্পৰ্ক আগৰ দৰেই গতি কৰি থাকিল।

     কেইদিনমান পিছত মই এনাইৰ ঘৰলৈ গলো। তাত সম্পূৰ্ণ এটা সপ্তাহ থাকিলো। এদিন এনাইকো কথাতো কলো। গোটেই পৰিয়ালৰ মানুহবোৰৰ ভিতৰত এনাইয়ে একমাত্ৰ আাছিল যি মোৰ সকলো খিনি বুজিছিল।

     এটা সপ্তাহ পিছত এনায়ে মোক ঘৰলৈ থব আহিছিল। মোৰ আৰু উজ্জ্বলৰ ভালপোৱাৰ কথাটো ঘৰৰ নিচা, আপা, মা হতৰ আগত উলিয়ালে। এনায়ে উজ্জ্বলৰ কথা আমাৰ ঘৰৰ সকলোৰে আগত কেনেকৈ কি কলে মই সঠিক নাজানো কিন্তু ঘৰৰ সকলোৱে মান্তি হল। আৰু মই সিদিনা স্কুলৰ পৰা ঘৰ আহিয়ে মোক মবাইলতো লৈ থকা দেখি অলপ খং কৰা চলেৰে মায়ে কৈ উঠিলে-

     : ইমানকে উজ্জ্বলৰ লগত কথা পাতি থাকিব নালাগে । M.A পাচ কৰা পাছত এনায়ে তোক তালৈকে বিয়া দিব বুলি কৈছে।

     কথাষাৰ শুনাৰ পাছত মোৰ বহুত ফূৰ্তি লাগিছিল। মই কথাষাৰ উজ্জ্বলক কোনোবা এটা ভাল দিনত কম বুলি সিদিনাখন নকলো। নিজৰ বুকুতে সামৰি থলোঁ।

(আগলৈ.....)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]


Follow on- INSTAGRAM

প্ৰথম খণ্ডৰ লিংক -
তৃতীয় খণ্ডৰ লিংক -
            Read Now :

No comments:

Post a Comment