আধৰুৱা স্মৃতি
কেতিয়াবা ভাবোঁ জীয়াই থকাতকৈ ভগৱানে মোক মাৰি নেপেলালে কিয়? এতিয়া জীয়াই আছো বাবে মৰিবওতো নোৱাৰো! যেনিবা মৰিয়ে গলোঁ, কিন্তু…!! মৰি গলে গাৱৰ মানুহে কি বুলি ভাবিব? মা দেউতাকেইতো বদনামৰ ভাগি হৈ পৰিব। নাই, নাই... মই জীয়াই থাকি মইয়ে এই সকলোবোৰ শেষ কৰিম।
অজয়ে মোক বিচনাতে তেনেকৈ পেলাই থৈ যোৱাৰ পাছত কথাবোৰ ভাবি ভাবিয়ে প্ৰায় এক ঘণ্টামান পাছত মই বিচনাৰ পৰা লাহে লাহে উঠিলোঁ। আৰু গাৰ অত-তত পৰি থকা কাপোৰখিনি ভালকৈ পিন্ধিবলৈ ললোঁ। এনেতে মায়ে অফিচৰ কামৰ পৰা আহি মোৰ ৰুম পায়।
: আইমানু, কোন আহিছিল??
মাক আহি পোৱাত মই খুব ভয় খালোঁ। গাৰ পিন্ধা কাপোৰখিনি ঠিকেই আছেনে পুনৰ এবাৰ নিজৰ গাটোতে চকু ফুৰালোঁ। ঠিকেই তো আছে কেৱল গাটোত দুৰ্বলতাৰ অনুভৱ খিনি আছিল। মই একো মাত নিদিলোঁ।
: মই কিবা সুধিছো তোক আইমানু,
কোন আহিছিল????
: মা, মানে, মা…..
… কথাখিনি মই কবলৈ লওতেই ককাই দুৱাৰ মুখৰ পৰা মাত লগালে
: আইমানুৰ ককায়েক এটা আহিছিল। সি হেনো তাৰ স্কুলৰে চিনিয়ৰ হয়। এইফালে আহোতে এনেই সোমাই গল। এইজনীয়ে আকৌ গমেই নাপালে। শুই আছিলে এতিয়াহে শুই উঠিছে।
ককাৰ কথাত মই মাক "অ অ হয় মা" বুলি কৈ উঠিলো। যদিও মই অজয়ৰ লগত হৈ হোৱা কথাবোৰ ভাবি আছিলো তথাপি ককাৰ কথাত মায়েও দুনাই একো নকলে মোক।
ককাই মাক উদ্দেশ্যে পুনৰ কলে-
: লৰাজন বৰ ভাল অ কথাই বতৰাই। এইজনীক মাতিম বুলি কওঁতে সি নিজেই কৈছিল নালাগে দিয়া শুই আছে বুলি, আৰু অলপ বহিয়েই উঠি গল। মইয়ো বাৰীত গৈ কাম কৰাত ব্যস্ত হৈ থাকিলো।
মই মনৰ মাজতে কৈছিলো-
আজিকালিৰ মানুহৰ মুখ চাই আৰু কথাৰে কাকোৱে বিশ্বাস কৰিবই নোৱাৰি। কাৰণ সকলোৱে মুখা পিন্ধে নিজকে ভাল দেখুৱাবলে। অজয়কো ঠিক একেই পালো, সি সুবিধা পাইয়েই মোক এইখন কৰি থৈ গল।
ককাৰ অলপ বয়স হৈছিল। স্মৃতি শক্তিও বহু কমি আহিছে। হয়তো সি পাহৰি গৈছিল সেইসময়ত যে অজয়ৰ লগতে কথা পাতি মই আছিলো। যি নহওক ককাৰ কথাত সিদিনা মাৰ পৰা ৰক্ষা পৰিলো।
পিছদিনাখন কথা। মাই অফিচৰ কামত ওলাই যাবলৈ খৰধৰকৈ ইটো সিটো কৰি কাপোৰ পিন্ধাত লাগি আছিল। মই তেতিয়া ভাত বনাই আছিলো।
: আইমানু, এইফালে আহছোন।
মায়ে মতাত মই পাকঘৰটোৰ পৰা ওলাই আহিলো
: কিয় মাতিলা মা। মোৰ দালি তেল মাৰিব আছে, হবই আৰু ৰবা।
: দালি তেল মাৰিছেনে নাই সেইটোৰ বাবে মতা নাই নহয় মই। এটা কথা শুন । আমি নথকা অবস্থাত কাকো ঘৰলৈ আহিব নিদিব। কালি সেই লৰাতো নোকোৱাকে আহিছিল একো নাই কিন্তু কোনোবা ফোন কৰি আহো বুলি কলে তই চিধাই নালাগে বুলি কৈ দিবি। মনত থাকিব?
: হব মা…
: আৰু শুন। কোনে কি ভাব লৈ আহে তইতো একো গম নাপাবি সেয়ে চিধাই নাহিবি বুলিয়ে কবি। তই এতিয়া গাভৰু হলি তহতৰ নিছিনা ছোৱালীবোৰলৈ মানুহৰ বহুত চকু। চেগ পালেই শেষ। নিজেও আমি নথকাৰ সুযোগ লৈ বেয়া কাম নকৰিবি! কুন্তিয়ে অকুমাৰীতে কৰ্ণক পোৱা কাৰণে পানীত উটুৱাই দিছিল এইবোৰ আৰু অলপ ডাঙৰ হলেই গম পাবি। ঘৰত থাকোতে লৰা ছোৱালী হোৱাতো মহাপাপ। সেইকাৰণে ভালকে থাকিবি, কাকো সুযোগ নিদিবি। বয়স হলে আমি নিজেই তোক উজ্জ্বললৈ বিয়া দিম।
---- এই কথাকেইষাৰ কওঁতে মাৰ অলপমান নহয় বহুতেই পলম হৈ গৈছিল। আপোনালোক নথকাৰ সুযোগ তো বাবুয়ে আগেই লৈছিল। আৰু লৰা ছোৱালী হোৱাৰ মোৰ তিনিমাহ চলি আছে।
মই কথাখিনি মাক কম বুলি ভাবতেই মায়ে আকৌ কলে
: ভাত হল যদি দে, মই যাও। যা চোন চাবি।
মই কথাখিনি মাক কম বুলি অলপ ৰৈ গলো। এনেতে মায়ে পুনৰ কৈ উঠিল
: ভাত বনাই খুৱাবিনে… কি চাই আছা মোক?
মাৰ কথাত মই পাকঘৰলৈ আহিলো। অলপ পাছতে মাৰ বাবে ভাত খিনি ৰেদি কৰিলো।
: উম, আহা...
ভাত খাই থাকোতে কথাখিনি মাক কম বুলি ভাবিও কোৱা নহল। ভাবিছিলো,,, মাৰ এনেও দেৰিয়ে হৈ আছে, আগৰ দিনত কৈ আজি অলপ বেছি। মায়ে ভাত কেইটামান খালে আৰু গুচি গল।
: ছেহঃ, এই বাবুটোৱে যে কিমান যোৰত কৰিছিল মোক!! কিমান যে কান্দিছিলো মই তাৰ ওচৰত... তাৰ শাৰীৰিক সুখৰ বলি হৈ তাৰ হিচাপ নাই। কেৱল মুখৰ পৰাহে ওলাই পৰিছিল "উহ,,, আহ,,, মা,,, আআআ" শব্দবোৰ!! আৰু...
: আৰু এই অজয় বোলাটো? ইয়ো কালি কমখন বিচনাতে চোঁচোৰালে নে মোক!! মুখৰ পৰা যে কি কি শব্দ ওলাই পৰিছিল মোৰ। তথাপি জানো সি মোক সুদাই এৰিলে?
: ধিক্কাৰ!! কিয় বাৰু ছোৱালী হৈ জন্ম পালো মই? এইবোৰ ভোগ কৰাৰ বাবেই নেকি? আৰু বা জীৱনত ঘটিবলৈ কিমান বাকী আছে। হয়তো চাগে জীৱনটোৰ এয়া মাথোঁ আৰম্ভনি হে…
: নাই নাই। বাবুক মই কোনো পধ্যেই পলাই সাৰিব নিদিও। কিমান দিন থাকিব সি বাহিৰত? এদিন তো নিজৰ ঘৰত আহি ওলাবই। আৰু… আৰু সেইদিনা তাক কিবা এটা কৰিবই লাগিব!!
____ মই এটাৰ পিছত এটা হৈ যোৱা কথাবোৰ ভাবি ভাবিয়ে সিদিনা দিনতো পাৰ কৰিলো। এনেতে ৰাতি হঠাৎ মোৰ ফোনতো বাজি উঠিল। তেতিয়া প্ৰায় ৮টা মান বাজিছিল। নম্বৰটো চালো। অইন কাৰো নহয় অজয়ৰ আছিল। ৰিচিভ কৰো নে নকৰো এবাৰ ভাবি থাকোতে ফোনটো কাত খাই গল। তেওঁ পুনৰ কৰিলে। তাৰ ফোনটো কেইবাৰ কাটি দিলোঁ। এনেতে এটা মেছেজ আহিল
"ফোন ৰিচিভ কৰ, নহলে চাবি"
ভাবিলো,,, ই বেতাই চোন ফোনটো নোধৰাতে দমেই দিলে মোক। এবাৰ ৰূমটোৰ পৰা ওলাই মা'হত আহিছে নেকি চালো। নাই। মাহঁতেও আজি ৮টা পাৰ কৰি দিলে কিন্তু এতিয়াও ঘৰ আহি নাই পোৱা। মোৰ মনত অলপ ভয় সোমাল। নাই নাই, মই বেশ্যা নহয়তো? কাৰোবাৰ মন গলেই যে মোৰ ওচৰলৈ আহি তাৰ কাম কৰি যাব। কিয় ভয় খাম??
বুকুত বহু সাহস গোটাই অজয়ৰ ফোনটো ৰিচিভ কৰিলো
: হেল্লৌ, ইমান দেৰি কিয় ফোনটো ৰিচিভ কৰাতো?
: মোৰ কথা, মোৰ ফোন, মই কিবা কামতো বিজি থাকিব পাৰো। ক,ক, সোনকালে, কি দৰকাৰত ফোন কৰিছে?
: আজি দিবিনে?
_____তাৰ কথাত মোৰ খংটো আৰু বাঢ়ি উঠিল। কলো
: চব প্ৰয়োজনতহে নেকি? পূৰণ হল নে তোমাৰ কালিৰ ইচ্ছাতো জীৱনৰ বাবে? নে এতিয়াও কিবা বাকী আছে?
: মই কৈছোঁ তোক আজি দিবিনে? নহলে কথা বেয়া হব...
: ঐ কাক দম দেখাইছ? কথা মোৰ বেয়া হব নে তোমাৰ বেয়া হব? মোৰ যি আছিল চব লৈয়ে গলি। আৰু শুন, তহঁত না লৰাবোৰ চব একেই!!
: চব বুলি কিয় কলি?
: গাত লাগিল নেকি কোৱাতে?? ও ও চব একেই। কালিৰ তাৰিখতো মনত ৰাখিবি। আৰু চাবি, মোৰ যদি কিবা হয় কাকো নেৰো।
_____খঙতে সেইবুলি কৈ ফোনটো কাটি দিলো মই। সি আকৌ ফোন কৰিলে। এইবাৰ মোৰ তাক গালি দিয়াৰ ধৈৰ্য হেৰাই গল। খঙত আৰু জোৰত কৈ উঠিলো মই
: কিহ'ল?????
____সিফালৰ পৰা বহুত লাহেকৈ মাত আহিল
: তাৰমানে মই কৰিব নালাগিছিল!
: তাৰমানে কি??
: বাবুৱে কৰিলে একো নহয়, আৰু মই কৰিলে কি হয়!!
_____সি পুনৰ লাহেকৈ কৈ উঠে। মাত্ৰ ভাবিলো,,, তাৰমানে বাবুৱে এইবোৰ কথা আনৰ আগত লগাই আছে!! মোৰ খং গৈ চুলিৰ আগ পায়
: ভালেই দে?? যদি মোৰ কিবা হয় তয়ো চাবা, বাচ,,, ফোন ৰাখা।
কথাখিনি মই কৈছিলোঁহে এনেতে অজয়ে ফোন কাটি দিয়ে।
"Plz aji diyana mok.plz kio nubujanu tmi"
"Plz, moi anor dore nhy o jaan"
"Moi tuk khub val pao. Biya tu patimei patim tmk. Biyar pisot tu tmi mokei diba nu"
____মোবাইটোলৈ চালো। এটাৰ পাছত এটা সি পুনৰ মোক মৰম লগা মেছেজ কৰি আছে। বিৰক্তিকৰ হলেও তাৰ দুই এটা মেজেজত মই প্ৰায় ডুবিছিলোয়ে, কিন্তু এটাও reply নিদি মোবাইল তো চুইট অফ কৰি থলোঁ।
_____ মোৰ প্ৰেগনেন্সি চলি আছে। এইসময়ত যদি আৰু তাৰ লগত?? নাই নাই। তাৰ মিঠা মেছেজ বোৰত মোৰ এবাৰ মন গল যদিও মই অজয়ৰ পৰা আতৰত থাকিলোঁ। অকল সেইদিনাই নহয়, অজয়ে কেতিয়াবা দুই এটা ফোন, মেছেজ কৰিলেও একো সঁহাৰি নিদিলোঁ। কাৰণ মই পুনৰ নিবিচাৰিলোঁ যে বাবুয়ে এইবোৰো এদিন গম পাওক আৰু এখন নতুন যুদ্ধৰ আৰম্ভ হওক বুলি।
চেপ্তেম্বৰ মাহৰ ১৫ তাৰিখ। সেইদিনা নিশা হঠাৎ মোৰ বমি হল। আৰু মই!!
আগলৈ.............
[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]
No comments:
Post a Comment