আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | পঞ্চম খণ্ড | Adhoruwa Smriti | Sad Assamese Love Story | Emotional Assamese Love Story | Heart Touching Assamese Story By Sadhana Handique | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | পঞ্চম খণ্ড | Adhoruwa Smriti | Sad Assamese Love Story | Emotional Assamese Love Story | Heart Touching Assamese Story By Sadhana Handique | Daily Assamese Status

আধৰুৱা স্মৃতি

প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই |
পঞ্চম খণ্ড

      মাহেকীয়া নোহোৱাত মই বহুত ভয় খালোঁ। আৰু এদিন এই কথাটোকে ভাবি ভাবি মই নাযাওঁ বুলি কোৱা সত্বেও বাবুৰ ওচৰলৈ গৈ ওলালোঁ। কাৰণ সেই সময়ত মোৰ গোটেই জীৱনটোৰ আগ কথা তাৰ লগতে আছিল। ইয়াৰ বাহিৰে মোৰ আন উপায়ো হাতত নাছিল। মই গৈ তাক কলো

     : বাবু মই মাহেকীয়া হোৱা নাই।


আৰু তেওঁ কয়,


     : ও হয় নেকি! কেই মাহ হল?


     : প্ৰথম। মোৰ বহোত ভয় লাগিছে। কি কৰোঁ মই...


     : হয়েই দেৰী কেতিয়াবা!


     বাবুয়ে এনেকৈ কোৱাত মই সিদিনা গুচি আহিলো।


     কেইদিন এনেকৈয়ে পাৰ হৈ গল, কিন্তু নহলোঁ। মই নিজে টেষ্ট কৰি চাব বিছাৰিছিলো! কিন্তু সেই সময়ত মোৰ গাঁওৰ কোনো বান্ধৱীও নাছিল, আনকি মই বাহিৰত ওলাই যোৱাৰো ঘৰৰ পৰা একো পাৰমিছন নাছিল।


     দিনবোৰ ক্ৰমান্বয়ে গৈ থাকিল। মই দুটা মাহেই মাহেকীয়া নহলো। আগৰ বাৰৰ দৰেই মই তাৰ ওচৰলৈ পুনৰ গৈ ওলালোঁ


     : বাবু, দুমাহ পাৰ হৈ গল, মই এতিয়াও হোৱা নাই ও।


     : ইমান ভয় খাব নালাগে। মই তোক টেবলেট আনি দিম, খালেই ঠিক হব, যোৱা ঘৰলৈ…


    আৰু তাৰ কথাত মই সেইদিনাও গুচি আহিলো। ৰৈ থাকিলোঁ, কেতিয়া কি লৈ আহিব বুলি, কিন্তু সি আমাৰ ঘৰলৈ সম্পূৰ্ণ নহা হল।


     তিনি মাহ সোমাইছিল। মই এদিন ফুৰিবলৈ যোৱা চলে তাক লগ কৰি তৃতীয় বাৰ কলো


     : মোৰ তিনিমাহ চলি আছে মই কি কৰো। তুমি কিয় টেবলেট নিদিলা?


     : এইটোৰ কাৰণে মাহে মাহে মোক লগ কৰিব লাগে নেকি হা। মই কাইলৈ তোক পলোৱাই লৈ যাম, তই ৰেডী হৈ থাকিবি, যা এতিয়া।


      মই তাৰ কথাত তৃতীয় দিনাও সেই একেদৰেই ঘূৰি আহিলোঁ। মই ঘৰলৈ আহি পলাই যোৱা কথাতো ভাবিলো


     -  মই এনেকুৱা মানুহৰ লগত কেনেকৈ থাকিম বাৰু!! যাৰ কোনো দায়িত্ব বোলা একো বস্তুয়েই নাই!!


     কোনোবাই কেতিয়াবা কোৱা শুনিছিলো তিনি মাহত হেনো বেবি এবৰ্ত কৰিলে মাতৃজনে জীয়াই নাথাকে। কথাবোৰ ভাবি ভাবি মই বেছি চিন্তিত হৈ পৰিলোঁ। শেষত মই তাৰ লগত পলাই যোৱাটোকে সিদ্ধান্ত কৰিলোঁ।


     মই পিছদিনা খনৰ দিনতো তাৰ আশাৰে বাট চালো কিন্তু বাবু নাহিল। ৰাতিলৈকে ৰখি চালো তথাপি সি নাহিল। পিছদিনাই তাক বিচাৰি গলো, কিন্তু কতো নেদেখিলোঁ। লগৰ বোৰক সোধাত গম পালো সি হেনো অৰুণাচললৈ গল।


     "মোক আজি ইমানখিনি কৰি থৈ সি গুচি গল!!"


      - মই মুখৰ ভিতৰতে ভৰ-ভৰাই নিৰূপাই হৈ ঘৰ আহিলো। সেই সময়ত তাৰ কথা ভাবি আচলতে ল'ৰা বোৰৰ প্ৰতি একপ্ৰকাৰ মোৰ ঘৃণাহে জাগি উঠিল। অৱশ্যে উজ্বলৰ কথা কোনোবা নহয় কোনোবা সময়ত মনলৈ অহাত সকলো লৰাই একে নহয় বুলি আকৌ ভাবোঁ। উজ্জ্বলৰ কথা ভাবিলেহে এজন লৰাৰ প্ৰতি থকা ঘৃণা ভাবতো মোৰ আতৰি গৈছিল। কিন্তু কি কৰিম!!


      সকলোতে মই বিফল হৈ পৰিলোঁ। প্ৰাণ ভৰি যাক ভাল পাইছিলোঁ তেওঁ মোক তাৰ হিয়াৰ এচপৰা সঁচা মৰম দিলে, তেওঁ মোৰ হৃদয়ত স্থান ললে। কিন্তু যাৰ লগত প্ৰেম হব পাৰে বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ, যাক সপোনটো ভবা নাছিলো ; সেইজনৰ লগতেই তাৰ শাৰীৰিক বাসনাৰ বলি হৈ গোটেই জীৱন মোক কলংকিনী সজাই সি আঁতৰি ফুৰিলে।


      জীৱন হয়তো এনেকুৱাই!!

প্ৰেমেই শিকাই, প্ৰেমেই বুজাই…

প্ৰেমেই হোঁহোৱাই, প্ৰেমেই কন্দুৱাই...


     এদিনাখনৰ কথা। কি কৰিম, কি নকৰিম এইবোৰ ভাবি ভাবি মোৰ দেহ-মন একেবাৰে শান্ত হোৱা নাছিল। মৰিবও নোৱাৰা হলোঁ!! ভাবিলো স্কুলীয়া বান্ধৱী কেইজনীকে আজি SMS অলপ কৰোঁ। কিজানিবা মনটো অলপ ভাল হয়েই, জানোচা কাৰোবাক এইবোৰ কথা কব পাৰিয়েই!! আৰু মই বান্ধৱী কেইজনী মানৰ লগত ইটো-সিটো কথা কোৱাত লাগি গলো।


     তেনেতে "hii কি খবৰ" বুলি লগৰ এজনীলৈ মেচেজ দিম বুলি ভুলতে অজয় গগৈ বোলা লৰা  এজনলৈ মেচেজ কৰি পালো। লৰাজন চিনাকীয়ে আছিল কিন্তু এদিনো তাৰ লগত ফোন বা মেছেজ যোগে কথা পতা নাছিলো। তেওৰ পৰা মোলৈও reply এটা হঠাতে আহিছিল।


       Vale de, tmr kowa…


      মই কি কম,, ভূলতে গলগৈ বুলিও কব নোৱাৰো! নম্বৰতো আছিল আৰু সেয়ে মেছেজ এটা কৰি দিলো বুলি কৈ মই offline হৈ শুই গলোঁ।


     ৰাতিপুৱা মবাইলটোত চাৰিটা মান মেচেজ আহিল। কোননো বুলি চাই দেখিলো অজয়ে আছিল। মই মেচেজবোৰ চিন নকৰিলো! পিছবেলা সময়ত সি আকৌ মেচেজ কৰিলে


     এইবাৰ reply দিলো। আৰু সি বাৰে বাৰে মোক লগ কৰাৰ কথা কৈ আছিল। মই কলো লগ কৰিব মন আছে যদি ঘৰলৈ আহা চাহ খাই মেলি যাবা। কিন্তু সি একো উত্তৰ নিদিলে।


    ৰাতি আকৌও মেচেজ কৰি তেওঁ মোক আমনি কৰিলে


     "মোৰ তোমাক ভাল লাগে জানা। কথাতো আগে কম বুলি ভাবিছিলো কিন্তু তুমি পাত্তাই নিদিলা।"


     --- তাৰ কথাত মোৰ নিজৰ ওপৰতে খং উঠিছিল। ধেৎ কিহে পাইছিল মোক ভালকৈ নম্বৰটো নোচোৱাকৈ মেচেজ দিবলে। তাৰ উত্তৰত মই আমাৰ ঘৰত আহি মা'হতক সুধিবা বুলি কৈ থলোঁ।"


      পিছদিনাৰ কথা। আবেলি তিনিটা মান বজাত তাৰ আকৌ ফোন আহিল। মই শুই আছিলো। চকু দুটা মহাৰি মহাৰি কোননো নোচোৱাকৈয়ে ৰিচিভ কৰিলো


     : হেল্লৌ!!!!! কত আছা, ওলাই আহা।


     : কলৈ?  ----বুলি শুধি লৈ নম্বৰটো চালো। নম্বৰটো অজয়ৰ দেখি শুধিলো


     : আপোনি???


     : অ মই। কত আছা ওলাই আহা।


     : কলৈ যোৱা কথা কৈছা নো? ঘৰতে আছো মই।


     : ঘৰৰ আগফালে আহা চোন!!!


      মই আগফালে ওলাই গৈ দেখিলো অজয় দা তাতে ৰৈ আছে। ঘৰত ককা আৰু ভণ্টী আছিল। এতিয়া ঘৰলৈ অহা মানুহক তো নাহিবি বুলি খেদিব নোৱাৰো। সোমাই আহিবলৈ কলো। ককাৰ লগত অলপমান কথা পাতিলে অজয়ে দাই। তাৰ পৰা ককা পাছফালে ওলাই গল, বাৰীৰে কিবা কামত। ভণ্টীও ককাৰ লগতে গল। বাকী থাকিলো মই আৰু অজয় বোলা দাদাজন।


      মই চাহ বনাও বুলি কৈ ভিতৰলৈ আহিলো। মই বুজি পোৱা নাছিলো হঠাৎ অজয় কিয় আহিল মোৰ ঘৰলৈ?? মাত্ৰ সিদিনা তেওঁ মোক ভাল লাগে বুলি কোৱাতে ঘৰলৈ আহি মা'হতক সুধিবা বুলি কৈছিলোঁ। কাৰণ মই বিচৰা নাছিলোঁ যে মোৰ জীৱনত আৰু নতুন ঘটনাৰ সন্মুখীন হোৱাটো। তেনেকৈ কলে সি দূৰৈত থাকিব বুলিহে তাক তেনেকৈ কৈছিলো, কিন্তু সি দেখোন সঁচাকৈয়ে আহি মোৰ ঘৰ ওলাল!!


     তাৰ সাহসো মানিব লগা আছিল। চিধাই আমাৰ ঘৰ পাই দিলে। সি অহাৰ পাছত তাৰ লগত কথা পাতি নিজকে আচহুৱা যেন পাইছিলো। কাৰণ তেনেকৈ ঘৰলৈ আহি কথা পতাৰ অভ্যাস অকল মোৰ উজ্জ্বলৰ লগত হে আছিল। অজয় তো মোৰ তেনে একো সম্পৰ্কৰো নহয়, কেনেকৈ কথা পাতো নো, কি কথা পাতিম!!


    ---- চাহ বনাই থাকোতে মই ভাবিবলৈ ললোঁ। কব গলে ঘৰটোতো এতিয়া অকলে আছো। ককা আছে যদিও বাৰীত কিবা কৰিছে। পুনৰ উজ্জ্বলৰ মনত পৰিল।


      নাই, নাই… উজ্জ্বলৰ বাহিৰে মই মোৰ হৃদয়ত আন কাৰোবাক স্থান দিয়াৰ কথা কল্পনাও কৰিব নোৱাৰোঁ।


      চাহ হল। অজয়ক খাব দিলো। দুই এটা কথা পাতি থকাৰ মাজৰ পৰাই মই উঠি আহিলো ৰূমটোলৈ। মনৰ মাজতে কৈছিলো


    "কেতিয়া যাব ই ঘৰলে!!"


     কিন্তু তেওঁ বহি ঠাকিল, মই উঠি অহাত যাওঁ বুলিও নকলে। পাছমিনিত মান মই ভাবিলোঁ, হাজাৰ হলেও মানুহ এজন আহিছে, ঘৰত সোমাই থকাটো ভাল নহয়। ৰুমৰ পৰা ওলাই আহি আকৌ এবাৰ মই তাৰ ওচৰলৈ গলো। বহিম বুলি ভাবতেই মোৰ হাতখনতে ঘপকৈ ধৰি কলে


    : ঘৰতো নেদেখুৱাও নেকি মোক?


      হাতখন তাৰ হাতৰ পৰা সজোৰে আঁতৰাই আনি আচহুৱাকৈ কলো


    : দেখুৱাম আহক।


     অজয়ক মই এটা এটাকৈ ৰুমবোৰ দেখুৱাই গৈ আছিলো। আটাইবোৰ দেখুৱাৰ পাছত বাকী আছিল মোৰ ৰুমতো।


     : মোৰ ৰুমতো বহুত আবো আৰু সৰু। মোৰ ৰুমতো ইমানেই আবো যে কাষৰ ৰুমতোলৈকেও একো মাত শুনা নাযায়।


___ কথাষাৰ মই অজয়ক কথাৰ মাজতে কৈ পাইছিলো। কিন্তু সেইতো গম পোৱাৰ পাছত সি কৈছিল


     : ট্ৰাই এটা কৰি চাও তেন্তে!!


     মই বুজা নাছিলো সি কি কব খুজিছে। কথাষাৰ কৈ শেষ কৰিয়ে সি মোলৈ চায় অলপ বেলেগ ধৰণে। পুনৰ হাঁহি এটা মাৰি মোৰ ফালে আগবাঢ়ি আহিল। মই প্ৰথম বাৰ বুজি পোৱা নাছিলো সি মোলৈ চাই হহাৰ কাৰণ কি? কিন্তু যেতিয়া সি মোৰ নিচেই কাষ আহি পাইছিল মই বুজি পাইছিলো মোৰ লগত কি হ'ব!!


     সি প্ৰথম আহি মোৰ হাত দুখন ওপৰলৈ দি যোৰেকৈ ধৰিছিল মোক আৰু... মোক ৱালখনৰ পিনে ঠেলা মাৰি দিছিল! তাৰ পাছত সি মোৰ ডিঙিত আৰু ওঁঠত বহুত জোৰেৰে চুমা খাবলৈ আৰম্ভ কৰে।


     এবাৰ সি মোৰ হাতখন এৰি দিছিল আৰু তাৰ সুযোগতে মই তাক ঠেলা মাৰি ৰুমতোৰ পৰা দৌৰি ওলাই আহিছিলোহে, এনেতে সি মোতকৈ আগেই মোৰ ৰুমৰ দৰ্জাখন লক কৰি দিছিল। তথাপি মই কুছি-মুচি দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছিলো। কিন্তু নোৱাৰিলোঁ।


      সি তেতিয়া মোক দাঙি লৈ বিছনাত বগৰাই দিছিল। তাৰ দেহৰ যোৰত মোৰ শৰীৰৰ সমস্ত কাপোৰ এটা এটাকৈ খুলি পেলাইছিল। তেতিয়া প্ৰেগনেন্সিৰ কাৰণে মোৰ গাত ইমান যোৰ নাছিল, আৰু তাৰবাবে মই মানা কৰা সত্বেও এটা সময়ত হাৰি গলোঁ। আৰু…..!! অজয়ৰ লগতো সিদিনা তাৰ শাৰীৰিক বাসনাৰ মই ধৰ্ষিতা হলোঁ।


     সিও মোক সুবিধাৰে চল পাই একেই কৰিলে। কিন্তু যিদৰে বাবুয়ে কৰিছিল তাৰ মাজত অলপ পাৰ্থক্য আছিল। ই যি কৰিছিল অলপ লাহেকৈ কৰিছিল আৰু বাবুতো___________!!!!!


     "উহ, নোৱাৰিছো। সহ্য নহয় আৰু…"


     তাৰ যেতিয়া ভাগৰ লাগিল সি উঠি লৈ কাপোৰ পিন্ধিলে আৰু ওলাই গল। তাৰ এইবিলাক কাম দেখি মোৰ এনে অনুভৱ হল যেন সি মোৰ ঘৰলৈ আহিছিলে তাৰ অকল কামনা পূৰণৰ বাবেহে। কাম হল, সি গুচি গল তাৰ পিয়াহ মাৰি আৰু মোক দি গল তাৰ গাৰ কেঁচা দুৰ্গন্ধটো।


      নিজকে বেশ্যাৰ দৰেই লাগিল মোৰ!!


      প্ৰশ্ন কৰিলোঁ নিজকে-

কিয় মোৰ লগত এনেকুৱা হয় বাৰু?

কিয়, কিয় হয় এইবোৰ মোৰ জীৱনত?

কিয়??... মই কাক অন্যায় কৰিলো?

কিয়??... কিহৰ বাবে এটাৰ পিছত এটা

কিয় ভোগ কৰিছো মই?


      কিয়?........

মোৰ ছালখন বগা বাবেই নেকি?

বাবুয়ে মোৰ কথা সকলোৰে আগত কৈ ফুৰিছে নেকি?

সেইবাবে অজয়ো মোৰ ওচৰলৈ আহিছিল নেকি?


      মোৰ মনৰ মাজতে হাজাৰটা প্ৰশ্নই বেৰি ধৰিলে।


     ছেহঃ… প্ৰেম আৰু ধৰ্ষণ !

যাক হিয়া উজাৰি ভাল পাইছিলোঁ তেওঁৱেই মোক ধৰ্ষ নকৰিলে, কিন্তু যিবোৰ হব বুলি জীৱনটোত কাহানিও ভবা নাছিলোঁ সেইবোৰেই মোক ধৰ্ষিতা কৰি বেশ্যাৰ ৰূপ দিলে।


      উজ্জ্বলৰ পৰা মই একপ্ৰকাৰ আতঁৰিছিলো ঠিকেই, কিন্তু তেওঁৰ স্মৃতিয়ে সদায় আহি মোৰ বুকুত খুন্দিয়ালে। এইবোৰ কথা তাক জনাম বুলি আগতে বহুদিন ভাবিছিলোঁ, কিন্তু কোনো কথাই সময়ত কোৱা নহল। কওঁ নো কেনেকৈ…..!!


      সঁচাই,,, প্ৰেম, ভালপোৱা, একো একোটা বিষাদ যন্ত্ৰণা।

কোনো দুৰ্দান্ত প্ৰেমিকে যিদিনা চিৰাচিৰ কৰে এখন হৃদয়, আচলতে সেইদিনা বুজা যায় মৰম মানে কি। আৰু ধৰ্ষণকাৰী বোৰ?? হয়তো যাৰ বাবে বলি হৈ সমাজত নাৰীয়ে বেশ্যাৰ নাম পায়।


     মোৰ জীৱনৰ আধৰুৱা স্মৃতিৰ পৃষ্ঠাবোৰ মই মাথোঁ লুটিয়াই গলোঁ। উজ্জ্বল নামৰ লৰাজন সঁচাই ভাল আছিল, কিন্তু… মই যে এতিয়া আনৰ ধৰ্ষিতা হৈ গলোঁ!!


জীৱন এনেকুৱাই...

প্ৰেমে হোঁহোৱাই, প্ৰেমেই কন্দুৱাই। মোৰ জীৱন আৰু প্ৰেমৰ জ্বলন্ত উদাহৰণ একমাত্ৰ বাবু। যিয়ে মোক আনৰ হবলৈয়ো নিদিলে, তেঁৱেও মোক নিজৰ নকৰিলে।


"কিবাকৈ এবাৰ লগ পোৱা হলে তাকো সুদাই নেৰো।

ও, প্ৰয়োজন হলে আইনৰ ওচৰলৈ যাম।

তাত যদি হাৰি যাওঁ!! নাই নাই কিয় হাৰিম মই..."


-- এটাৰ পিছত এটা কথাই খুন্দিয়াই থাকিলে মোক।


      এই কাহিনী অকল মোৰেই নে??

অকল ময়েই নে চৰিত্ৰহীনা নাৰী হৈ পৰিলোঁ এই পৃথিৱীৰ। হাজাৰজনী ধৰ্ষিতা ছোৱালীৰ জীৱনৰ এক জীয়া সাক্ষী আজি মই নিজেই।


      আচলতে কলিজা ফাটি নিগৰি অহা কেচাঁ তেজেৰে যিদিনা প্ৰিয়জনৰ বাবে লিখা যায় প্ৰেমৰ এটি নতুন পৃষ্ঠা, সেইদিনা বুজা যায় কিছুমান নিষ্ঠুৰ মানুহৰ অপমানৰ বিনিময় কিমান বিষাদ আৰু ভয়ংকৰ!!


উহ,,, তল পেটটোৰ ফালে বৰকৈয়ে বিষাই আছে।


অজয়ে মোক বিচনাতে তেনেকৈ পেলাই থৈ কেতিয়াবাই গুচি গৈছিল। প্ৰেগনেন্সিৰ কাৰণে গাটো বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। কথাবোৰ ভাবি ভাবিয়ে প্ৰায় এক ঘণ্টামান পাছত মই বিচনাৰ পৰা লাহে লাহে উঠিলোঁ। আৰু গাৰ অত-তত পৰি থকা কাপোৰখিনি ভালকৈ পিন্ধিবলৈ ললোঁ। এনেতে মায়ে অফিচৰ কামৰ পৰা আহি মোৰ ৰুম পায়।


: আইমানু, কোন আহিছিল??


গলৈ..................


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]



Follow on- INSTAGRAM

আগৰ খণ্ডৰ লিংক -


ষষ্ঠ খণ্ডৰ লিংক -
          Read Now :

No comments:

Post a Comment