ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | ষষ্ঠ খণ্ড | Rangdhali Part 6 | New Assamese Short Love Story By Ankur Das | Emotional Assamese Short Sad Story | Jenifer Sobnam - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | ষষ্ঠ খণ্ড | Rangdhali Part 6 | New Assamese Short Love Story By Ankur Das | Emotional Assamese Short Sad Story | Jenifer Sobnam


ৰাংঢালী

প্ৰেম - ভালপোৱাৰ কথাৰে | চুটি কাহিনী
ষষ্ঠ খণ্ড | অংকুৰ দাস


আপোনজনৰ প্ৰতি থকা মৰম, ভালপোৱাক হাজাৰ চেষ্টা কৰিও ৰখাব নোৱাৰি !!
সঁচাকৈ বৰ জটিল...

     দিনবোৰ বাগৰি গৈ থাকিল | ৰাংঢালীয়ে নতুন অফিচত জইন কৰিলে | সময়ৰ লগতে আকাশ আৰু ৰাংঢালীৰ বন্ধুত্বও বেছিকৈ গভীৰ হল | দুয়োটাই যেন দিনটোত এবাৰ কথা নাপাতিলে সময়বোৰ যেন নাযায় নূপুৰায় লগা হল |


     দিনে দিনে আকাশৰ মনতো ৰাংঢালীৰ প্ৰতি তাৰ হৃদয়ত মৰম বাঢ়িব ধৰিলে | কিন্তু কথাবোৰ ৰাংঢালীক কবলৈহে আকাশৰ সাহস নহল |


     আকাশে বুজি পাইছিল যে সি এতিয়াও একো এটা কামত সফল হব পৰা নাছিল | সেইবাবে তাইৰ বাবে থকা মৰমবোৰ নিজৰ হৃদয়ৰ একোণতে সাচি ৰাখি তলা মাৰি থৈ দিছিল |



     ভালপোৱাক জানো ৰখাব পাৰি | আমি যিমানেই ইয়াৰ পৰা দূৰত থাকো সিমানেই ওচৰ চপাই আনে | আপোনজনৰ প্ৰতি থকা ভালপোৱাক তো ৰখাব নোৱাৰি | আকাশৰ লগতো তেনেকুৱাই হল | সি নিজকে ৰাংঢালীৰ পৰা আতৰাই আনিব বহুত চেষ্টা কৰিলে কিন্তু নোৱাৰিলে | মৰমবোৰ বেছি বাঢ়ি যাবহে ধৰিলে আকাশৰ মনত ৰাংঢালীৰ বাবে |


     হলেও আকাশে ভাবিছিল- যেতিয়ালৈকে সি নিজৰ ভৰিৰ ওপৰত থিয় নিদিয়ে তেতিয়ালৈ সি ৰাংঢালীক মনৰ কথাবোৰ নকয় |


     সদায় আকাশে তাইৰ অফিচৰ বাহিৰত তাইৰ অফিচ ছুটী হোৱালৈ অপেক্ষা কৰি থাকে আৰু দুয়োটাই অফিচৰ শেষত সন্ধিয়াৰ সময়খিনি চাহ একাপ হাতত লৈ মনৰ কথাবোৰ ব্যক্ত কৰে |



     এদিন ৰাংঢালীয়ে আকাশক কলে-


ৰাংঢালী - তুমি কিবা ভাবিছানে আকাশ… এনেকৈ আৰু কি কৰিবা? দিনবোৰতো বাগৰি গৈয়ে আছে… কৰবাত কিবা খবৰ পালা নেকি নতুন ইন্টাৰভিউৰ?


আকাশ - নাই ৰাংঢালী | ইন্টাৰভিউৰ ওপৰত ইন্টাৰভিউ দিয়েইতো আছো | কিন্তু একো কতো সফলতাৰ খবৰ নাপাওঁ | কৰবাত যদি কাষ্টৰ কাৰনে নাপাওঁ, কৰবাত আকৌ লাখ টকা খুজে এটা চাকৰিৰ বাবে | কৰ পৰা দিম কোৱা…!! দেউতাৰো চাকৰিৰ কাল ওচৰ চাপি আহিছে আৰু মাথো ছয় মাহ মানহে আছে |


ৰাংঢালী - তাৰমানে তুমি চাকৰিৰ আশা এৰি দিলা নেকি আকাশ ???


আকাশ - সেইটো নহয় | কিন্তু আজিকালিৰ যুগত ভালদৰে পাছ কৰা ছাৰ্টিপেকেটৰ মূল্যই নাই চাগে | চাৰিওফালে কেৱল বেচা-কিনাহে চলে দেখোন | কি কৰো কি নকৰো, উপায়হীন হৈ পৰিছো | কেৱল মা-দেউতা আৰু তুমি দিয়া সাহসৰ বাবে পৰাজয় এতিয়াও হব দিয়া নাই নিজক | সময়বোৰে নিজৰ গতিত আগবাঢ়ি আছে, মাত্ৰ মইহে সময়ৰ লগত আগবাঢ়ি যাব পৰা নাই | সোনকালে কিবা এটা কৰিব পাৰিলে নিজৰে ভাল লাগে |


ৰাংঢালী - তুমি কোৱা কথাখিনি সচা | কিন্তু পৰাজয় নহবা | জয়ী হবলৈ চেষ্টা কৰা অতি সোনকালে আকাশ |



      দুয়োজনে মনৰ কথাবোৰ পাতি ঘৰাঘৰি গল | আকাশ ঘৰত গৈ গভীৰ চিন্তাত | কি হব, কি কৰিব সি জীৱনটোত… উপায়হীন আকাশ | 


     জীৱনক লৈ তাৰ নানান ধৰণৰ প্ৰশ্ন | কিন্তু উত্তৰহে পোৱা নাই বিচাৰি এতিয়ালৈ | কি কৰিব?? চাকৰি এটাৰ কাৰনে কষ্ট কৰি পঢ়ি পাছ কৰা ছাৰ্টিপেকেটৰ কোনো মূল্য নাই !! সকলোতে কেৱল বেচা-কিনা !! সি নিজক কিছু সময় দিলে আৰু নিজে সি কিবা এটা কৰাৰ সিদ্ধান্ত ললে |


     হয়… যেতিয়া জীৱনত সফলতা পোৱাৰ সকলোবোৰ পথ বন্ধ হৈ পৰে তেতিয়া নিজেই সফলতাৰ পথ বিচাৰি ল'ব লগা হয় | আকাশেও সৰু এটা ৰুম লৈ সৰুকৈ হোটেল এখন খোলাৰ কথা ভাবিলে |


     সি জানে- মানুহে তাক হাঁহিব হোটেল খুলিব লোৱা কথাটিক ! আৰু হয়তো বহুতে তাক কব,


: ইমানখিনি টকা-পইচা, মা-দেউতাৰে তোৰ পঢ়াৰ নামত খৰচ কৰিলে আৰু তই এতিয়া হোটেল হে খুলিলি !!



     সি নিজৰ ওপৰত বিশ্বাস ৰাখিলে আৰু কামটো কৰাৰ বাবে নিজকে সাহস দিলে | সি কথাটি মা-দেউতাকক কলে -


আকাশ - মা আৰু দেউতা... মোৰ আৰু এতিয়া চাকৰিৰ পিছত দৌৰি থকাৰ মন নাই | কাৰণ চাৰিওফালে বেচা কিনা কেৱল | কষ্ট কৰি পঢ়ি পোৱা ছাৰ্টিপেকেটৰ মূল্য নাই | মূল্য কেৱল কাষ্ট আৰু টকা-পইচাৰ আৰু কৰবাত চাকৰিৰ বাবে নামটো আহিলেও তাত লাখৰ ওপৰত টকা-পইচা খোজে | নাজানো নিজে কষ্ট কৰি পাছ কৰা ছাৰ্টিপেকেটৰ মূল্য দি চাকৰি কেতিয়া পাম, সেইবাবে তাৰ আশা বাদ দিলো | এতিয়া নিজেই কিবা এটা কৰিব চেষ্টা কৰো | কাৰণ জীৱনে বহুত পৰাজিত কৰিব চেষ্টা কৰিলে আৰু নহও | এতিয়া নিজৰ ভৰিত নিজেই থিয় দিম সৰুকৈ কিবা এটা কৰি হলেও | মই সৰুকৈ হোটেল এখন খোলাৰ কথা ভাবিছোঁ !!


মা - চা তই যি কৰ আমাৰ আশীৰ্বাদ সদায় আছে তোৰ লগত |


দেউতা - অ বাবা | তই যিয়েই নকৰ কিয় আমাৰ আশীৰ্বাদ, মৰম সদায় তোৰ লগত আছে | কামত কোনো সৰু ডাঙৰ নাই | কিন্তু সেই কামটো কেনেকৈ ডাঙৰ কৰিব পাৰি আৰু কেনেকৈ সফল হ'ব পাৰি সেইটো চাবি |


     মা-দেউতাকৰ পৰা তাৰ কামটো কৰিবলৈ উৎসাহ দিয়াত আকাশৰ মনটো ভাল লাগিল |


     আৰু এইবাৰ সি কথাটি ৰাংঢালীক কম বুলি 

ভাবিলে | সেইবাবে আনদিনৰ দৰে সেইদিনাও গধূলি সি ৰাংঢালীৰ অফিচৰ তলত থিয় হৈ থাকিল |


     দুয়োটাই আন এটি দিনৰ দৰে চাহ দোকান এখনত বহি ইটো সিটোৰ মনৰ কথাবোৰ কলে |


আকাশ - ৰাংঢালী কথা এটা আছিল |


ৰাংঢালী - কোৱা আকাশ কি কথা ??


আগলৈ...


[ বিদ্ৰো: ৰাংঢালীৰ এই চুটি কাহিনীৰ উপন্যাসখন আৰু এটা খণ্ডৰ পাছত অৰ্থাৎ সপ্তম খণ্ডত "ৰাংঢালী" ৰ যৌৱনীকা পৰিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দি থোৱা লিংকটোত ক্লিক কৰি চাব পাৰিব। অথবা Google -ত ৰাংঢালী প্ৰেম ভালপোৱাৰ কথাৰে বা ৰাংঢালী চুটি কাহিনী ইত্যাদি লিখিও সকলোবোৰ খণ্ড অতি সহজে চাব পাৰিব।


নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ সময়মতে পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব। ]



পঞ্চম খণ্ডৰ লিংক -
             Read Now:

সপ্তম খণ্ডৰ লিংক -
           Read Now:


ৰাংঢালী - প্ৰেম ভালপোৱাৰ চুটি কাহিনী
RANGDHALI

An Assamese Emotional
Short Sad Story
Romantic Axomiya Stroy

New Assamese Short Love Story
Sad Story In Assamese | Ankur Das
Jimli Baruah Axomiya Story
Assamese Short Love Story | Jenifer Sobnam
Emotional Assamese Love Story
Daily Assamese Status

জিমলী বৰুৱা



 
"Rangdhali - প্ৰেম ভালপোৱাৰ চুটি কাহিনী"
Written By
Ankur Das
The Lession Of Story
AKASH & RANGDHALI
Daily Assamese Status


[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment