আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | সপ্তম খণ্ড | Sad Assamese Love Story | Sadhana Hondique | Emotional Assamese Love Story | Heart Touching Assamese Love Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই | সপ্তম খণ্ড | Sad Assamese Love Story | Sadhana Hondique | Emotional Assamese Love Story | Heart Touching Assamese Love Story | Daily Assamese Status

আধৰুৱা স্মৃতি
প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই

চেপ্তেম্বৰ মাহৰ ১৫ তাৰিখ। সেইদিনা নিশা হঠাৎ মোৰ বমি হল। আৰু মই বুজি পোৱা নাছিলো কিয় হৈছে। কাৰণ প্ৰেগনন্সিত যে এইবোৰ হয় মই একেবাৰে নাজানিছিলো।

    ৰাতিটো গল। কিন্তু ৰাতিপুৱা মোৰ ভিষন জ্বৰ উঠিল। বমিৰ গোন্ধ একেবাৰে লব পৰা নাছিলো। তথাপি একো উপাই নাছিল, সহ্য কৰি থাকিব লগা হল।


     তিনিদিন এনেকৈয়ে একেৰাহে ধাৰাষাৰ বমি কৰি মই খোজ কাঢ়িবও নোৱাৰা হলো। অবস্থা মোৰ ইমানেই বেয়ালৈ গল যে ৰাতিপুৱা গধূলি ইনজেকচন শ্লাইন লব লগা হল। এইবাৰ মনৰ পৰা একদম not possible feeling হৈছিল। শেষ, এইবাৰ ঘৰত গম পাবই পাব!!


      ঘৰলৈ অহা ডক্টৰজনে মাক মোৰ প্ৰেগনন্সি টেষ্ট কৰাৰ কথা কলে। কথা মতেই কাম হল। টেষ্ট কৰিলো কিন্তু একো নোলালে। ভাবিলো ৰক্ষা কৰক ভগৱানে।


     পিছদিনা ডক্তৰজন আকৌ আহিলে। আহিয়েই মোক বিচনাতে শ্নাইন লগাই পৰি থকা দেখি খুব গালি পাৰিলে। তাৰ পিছত কলে


    : তই হস্পিতেললৈ যাবি।


      ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখ। ডক্টৰৰ ওচৰলে গলো। ডক্টৰে চাই আলট্ৰাচাউণ্ড, ব্লাড টেষ্ট আৰু বহুতো কিবাকিবি লিখি দিলে।


     প্ৰথমে গলো আলট্ৰাচাউণ্ড কৰিবলৈ। তাত গৈ ডক্টৰজনে শুধিলে


      : শেষ বাৰ মাহেকীয়া কেতিয়া হৈছিল?


     মই কলো জুলাইত। ডক্টৰজনে মোৰ ফালে চাই কলে


     : ভাল খবৰ। তোমাৰ husband কত? তোমাৰ তিনিমাহ চলি আছে। এইয়া চাওক, বাচ্চাই খেলি আছে।


     সেইটো সময়ত মোৰ এটা প্ৰশ্নই আমনি কৰিছিল কি কৰোনো এতিয়া? মোৰ বয়স মাত্ৰ ১৬ বছৰহে। মই ভাবিয়ে পোৱা নাছিলো ডক্টৰ জনক কি কম!! কলো-


     : ছাৰ মই বিয়া হোৱা নাই নহয়।


     ডক্টৰজনে তেতিয়া আচৰিত হৈ চাইছিল মোলৈ। নাচাবনো কিয় তেনে এটা পৰিস্হিতত।


    : ছাৰ মোৰ বয়স মাত্ৰ ১৬ বছৰ, আৰু ছাৰ মোৰ লগত…


       ____ মই ইমানখিনি কৈছিলোহে এনেতে ডক্টৰজনে কলে


     : কোন আহিছে লগত??


     : ছাৰ,  মা আহিছে।


      ডক্টৰজনে পোনেই মাক মাতি আনোতে আগ মূৰ নজনাকৈয়ে কৈ গল


     : বাইদেউ, আমি গম পালো আপোনাৰ ছোৱালীয়ে মাক হব ওলাইছে। ইমান বদমাছ ছোৱালী!


     : ছাৰ, ছাৰ, ছাৰ শুনকচোন।


      মই কব খোজিছিলো,

শাৰিৰীক সম্পৰ্ক স্থাপন কৰোতে মই সম্নতি দিয়া নাছিলো। কিন্তু মই কথাষাৰ কবলৈ লওঁতে ডক্টৰজনে মোৰ একো কথাই নুশুনিলে।


     ডক্টৰজনে চিধাই কলে মাক,

: আপুনি এতিয়া বাচ্ছাটো এৰ্বত কৰিব নোৱাৰে। কাৰণ বাচ্ছাটো এৰ্বট কৰিলে আপোনাৰ ছোৱালী ব্লিডিং হৈ মৰি যাব।


      ____ তেতিয়া এই কথাষাৰে মোক যিমান কষ্ট কৰা নাছিল তাতকৈ বেছি কষ্ট দিছিল মায়ে মোক এবাৰো নুসুধিলে যে কি হল? কিয় মই ইমানখিনি কথাই লুকুৱাই ৰাখিছিলো যে কোন হয়, কি কথা, কোনে কৰিলে এইবোৰ।


      মই মাত্ৰ অনুমান কৰিছিলোঁ,

মায়ে নিশ্চয় উজ্জ্বলকে সন্দেহ কৰি লৈছে!!


     আলট্ৰাচাউণ্ড ৰূমৰ পৰা ওলাই মোক মাত্ৰ মায়ে এষাৰ কথাই কৈছিল

     : মই কেচ দিম উজ্জ্বলৰ উপৰত!


     : নহয় মা, মানে…


     : মা মানে? একো নাই, এইবোৰ একো নকবি। চিধাই বোল।


      মই উজ্জ্বলে এইবোৰ কৰা নাই বুলি কলো যদিও মোৰ কথা মায়ে একো নুশুনিলে।


     তেতিয়া মই গাড়ীত বহি আছিলোঁ। অলপ পাছত মা আহিল। মায়ে কোনোবা এজনক ফোনতে "তেওক ৰিপত নাই দিয়া" বুলি কোৱা শুনিলোঁ।


      ঘৰলৈ আহি আছিলো। মায়ে নামতি পাই গাড়ীখনৰ পৰা নামিল। মোকো নামিব কলে। এনাইক তেও "আমাৰ দেৰী হব" বুলি গুচি যাব কলে। এনায়ে নামি গলগৈ।


      অলপ আগত গৈ পাইয়েই মায়ে মোক গাড়ীৰ পৰা নাম বুলি কলে। দুয়ো নামিলোঁ। আৰু নামতি চাৰিয়ালিৰ পৰাই ঘৰলৈকে মোক গোটেই বাটতো খোজ কাঢ়িয়ে লৈ আহিলে।


     গোটেই বাটতো তেও মোকেই দোষ দি আহি থাকিল। মই তেওৰ কথাত একো মাত নমতাকৈ শুনি আহি থাকিলো। কাৰণ মই গম পাইছিলো, মই যি কম তেও মিছা বুলিয়েই কব। মাত্ৰ ভাবিছিলোঁ-


      মই মোৰ অধিকাৰ, ইয়াৰ প্ৰতিফল, আৰু ইয়াৰ দাহ নিজেই কৰিব লাগিব।


     সিদ্ধান্ত লৈছিলো,

লাগিলে যি হওক মই জীয়াই থাকিম। বেবি এৰ্বট যিহেতু কৰিব নোৱাৰো যি কৰিম বেবিটোক লগত লৈয়ে পিছত কৰিম।


      প্ৰথম ষ্টেপটো আছিল মোৰ ঘৰৰ পৰা পলোৱা। মই হয়তো নপলালোহেতেন কিন্তু বেলেগৰ দৰে মোৰ পৰিয়ালটো ইমান বুজন শক্তি নাছিল। বিশেষকৈ মোক ঘিণ দৃষ্টিৰে চাইছিল।


      মোৰ দেউতা!! হয়, দেউতা। পৃথিৱীত হয়তো কিমান তেনে দেউতাক আছে মই নাজানো কিন্তু তাৰ মাজত মোৰ দেউতা এজন আছিল। যিয়ে মই ছোৱালী হলো বুলিয়ে মোক যে কিমান কথা শুনাই থাকিছিল। লগতে মাকো শুনাইছিল।


       মই তেতিয়া অলপ পৰা বুজা হৈছিলো,

আৰু তাৰ পৰাই মই কিবা সৰু ভুল কৰিলেও মাক গালি পৰা, নহলে মৰা দেখিছিলো।


     আৰু এইবাৰ!! এইবাৰতো চিধাই মোক মাৰি পেলাব বুলি মই বহুত ভয় খালোঁ। কাৰণ দেউতাই খঙত অইন মানুহৰ দৰে কথাই নাপাতে। তাৰ সলনি তেওঁ হাতত দা-কটাৰী কাষত যি পায় তাকেই লয়।


      ক্লাছ চতুৰ্থ মানৰ কথা। এজন স্কুলৰে লৰাই মোক কিবা এটা ধেমালিতে জোকাইছিল। কিন্তু দেউতাই তাকেই 'ছোৱালীৰ বেয়া বদনাম হয়" বুলি লৰাটোৰ ঘৰ হৈ তাৰ মাক দেউতাকৰ আগত নানান গালি পাৰি থৈ আহে। আনকি ঘৰ আহিও মোক 'কিয় ছোৱালী হৈ জন্ম ললি?" বুলি কৈয়ে মূৰত কুঠাৰ মাৰিব আহিছিল। কিন্তু,,,!!


     ভাগ্য ভাল সিদিনাখন আছিল মোৰ। কাষৰে দুজন খুড়া আমাৰ ঘৰত কিবা কাৰণত আহিছিল আৰু দেউতাকেই ৰখি আছিল। আৰু তেওঁলোকে হাতৰ পৰা কিবাকৈ কুঠাৰ খন কাঢ়ি লৈ যিমান পাৰে সিমান খিনি পিছত দেউতাক আৰু মাক বুজাই থৈ যায়। নহলেতো সিদিনাই মই মৰি থাকিলোঁ হৈ!!


    কিন্তু এইবাৰতো ইমান খিনিয়ে হৈ গল। দেউতাই জানো মোক সুদাই এৰিব!! মোক মাৰি পেলোৱাটোৱেই খাটাং।


     নাই, নাই, মই মৰিব নোৱাৰো। ইয়াৰ সমাধান মই নিজেই লম। মই আজি ৰাতিয়েই কৰবাত পলাব লাগিব…!!


আগলৈ………..


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]



Follow on- INSTAGRAM

আগৰ খণ্ডৰ লিংক -
             Read Now :

অষ্টম খণ্ডৰ লিংক -

No comments:

Post a Comment