মনে মনে কৈ উঠিলো- হয় অজয়, অকল তোমাৰে হৈ থাকিম মই আজীৱন। এনেতে আমাৰ গাড়ীখনৰ আগফালে ডাঙৰকৈ 'ধাছ' শব্দ এটা শুনা গ'ল। সম্ভৱ এক্সিডেন্ট…..!!
আগৰ খণ্ডৰ পৰা - আধৰুৱা স্মৃতি
ওহোঁ, এক্সিডেন্ট নহয়। গাড়ীখনে গতি ৰখাইছে। বন্যহস্তীৰ উপস্থিতিত হুৱাদুৱা এটা পৰিস্থিতি, বহু মানুহ ৰাস্তাটোত একেলগে গোট খাই আছে। হাতীৰ উপদ্ৰৱত নিৰাপত্তাহীন সেই ঠাইৰ জনতা। পুলিচ বিষয়া সকলে ৰাস্তাৰে অহা যোৱা কৰা সকলো যান বাহন বন্ধ কৰিছে।
প্ৰায় এক ঘণ্টামান আমি তাত ৰখাৰ পাছত প্ৰশাসনে যান বাহনৰ পথ মুকলি কৰি দিয়ে। আৰু গাড়ী খনে পুনৰ একেই ৰূপত গতি ললে। সন্ধিয়া ছয় বজাত আমি ঘৰ আহি ওলালোঁ।
বিয়াৰ পাছত
অজয় আৰু মোৰ দিনবোৰ ভালদৰেই পাৰ হবলৈ ধৰিলে। অজয়ৰ লগতে পৰিয়ালেও মোক খুব মৰমেৰে আদৰিলে।
আমাৰ বিয়া হোৱা এসপ্তাহ পাৰ হৈ গল। অজয় হতৰ মানুহবোৰে এদিন গম পালে যে মোৰ গাত আছে। প্ৰথমতে মই পলাই অহা কাৰণে মিতুৰ নহও বুলিয়ে কৈছিল, কিন্তু এই কথা গম পোৱাত সকলো পিছৰ মাহতে সুখী হ'ল।
সুখী আছিল মোক বাদ দি অজয়ৰ ঘৰৰ সকলো মানুহ। ঘৰলৈ নতুন আলহী আহিব বুলি মাহত সুখী হৈছিল, মই বিয়া সোমালো বুলি! কিন্তু মই সুখী নাছিলো যে মই আনক বছাবলৈ গৈ এনেকুৱা এজন মানুহৰ লগত বিয়া সোমালো যাক মই একেবাৰেই পছন্দ কৰা নাছিলো। যি কথাই মোক আজিও কন্দুৱাই।
ভাগ্যত লিখা জনেও সকলো সীমাই পাৰ কৰি দিলে। হৃদয়ত ভালপোৱাৰ স্থান প্ৰিয়জনক দিছিলো, কিন্তু ভাগ্যত বেলেগ এজনৰ নাম লিখি দিলে।
মনত পুহি ৰখা সপোনবোৰে মিছা কথা কয়, কেতিয়াও সফল নহয়। সফল হব বিচাৰিলেও হাজাৰ বাধাই মনত আগুচি ধৰে।
কিন্তু এনেকুৱা নাছিল যে মই অজয়ৰ লগত ভাল হব বিছৰা নাছিলো! বাছ, যেতিয়াই তাৰ লগত মুকলিকৈ কথা পাতো তেতিয়া মোৰ মনলৈ সেই দিনতোৰ কথা আগুচি ধৰে, যিদিনা সি মোৰ লগত শৰীৰৰ সম্পৰ্ক কৰি বাবুৰ দৰেই ওলাই গুচি গৈছিল।
বিয়াৰ দহ দিনতে আমাৰ মাজত কাজিয়া হল। কাজিয়াৰ অৰ্থ- মোৰ পেটৰ সন্তান তোক লৈ। অজয়ৰ মতে সন্তানটি তাৰ নহয়, আৰু মইয়ো তাক নহয় বুলি কব নোৱাৰি নীৰৱে ৰলো। মাত্ৰ কাজিয়াৰ শেষত মই অনুভৱ কৰিছিলো যে
"মই উজ্জ্বলক পাহৰিব পৰা নাই! হয়তোবা মই পাহৰিব চেষ্টাও কৰা নাছিলো!!"
মানুহে কয়,
যেতিয়া কোনোবা এটাৰ লগত ৰিলেচন শেষ হৈ যায় তেতিয়া তেওঁৰ বিষয়ে আনৰ আগত বেয়াকৈ কবলৈ আৰম্ভ কৰে! কিন্তু উজ্জ্বল আৰু মোৰ ৰিলেচন তো তেনেকুৱা একেবাৰেই নাছিল।
না আমাৰ মাজত কোনোবাদিনা কাজিয়া হৈছিল,
না মই বিয়াৰ পাছত উজ্জ্বলে অজয়ক কিবা
কথা লগাইছিল।
সকলো ঠিকেই আছিল, কেৱল তাৰ সৈতে মোৰ কোনো সম্পৰ্ক নাছিল; ভালপোৱা খিনি মাথোঁ অন্তৰত আছিল।
আমাৰ মাজত ইমানেই বুজা-বুজি আছিল যে আমাৰ ৰিলেচনটো শেষ হৈ গৈছিল যদিও আমি সুখী হৈছিলো আমি দুয়োটাই সচা ভাল পাইছিলো বুলি!! অৱশ্যে মই আগতে উজ্জ্বলক ভালপোৱাৰ কথা অজয়ে একেবাৰে জনা নাছিল।
বিয়াৰ দুটা সপ্তাহ পাৰ হল। সেইদিনা অজয়ে মোৰ লগত কাজিয়া কৰাৰে পৰা সদাই নিশা মদ খাই অহা কৰিছে। অৱশ্যে মদ খালেও সি মোক একো গালি শপনি দিয়া নাই। মাত্ৰ সি তাৰ মতে চলি আছে, কিবা কথা সুধিলেও মোক ভালকৈ নকয়।
সেইদিনা মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছিল। সকলো কথা অজয় আৰু মাহঁতক কৈ দিব বিছাৰিছিলো। কিন্তু!! কি বুলি কম? মোৰ এষাৰ কথাত সকলো শেষ কৰাৰ সামৰ্থ আছিল।
মোৰ এষাৰ কথাই সকলো শেষ কৰি দিলে হেতেন!! অলপ সময় থমকি ৰলো নিজেই, কাকো নকলো কথাবোৰ।
সন্ধিয়া ৮ বাজিছিল। অজয়ৰ ককাইয়েও কামৰ পৰা ঘৰলৈ আহিল। আজি তেওঁৰো কিবা খং উঠি থকাৰ দৰে উমান পাইছিলো। ভিতৰলৈ গৈ অলপ বৌকো কিবা ক'লে। অনুভৱ কৰিব পাৰিছিলো ইয়াৰ কাৰণ মইয়ে বুলি!! কিন্তু দাদাই মোক একো নুশুধিলে।
ৰাতি শুৱাৰ আগে আগে মোক অজয়ে শুধিলে,
: বাবু কোন অ ?
: ??? - অজয়ৰ কথাত মই থত মত খালো।
: বাবু কোন হয় ?
মই কব খুজিছিলো কিন্তু নকলো, জানোচা সঁচা কলে সি মোক মানি লব? মাত্ৰ তাক এষাৰ কথাই কৈ থলোঁ,
: অ সি মোৰ নিচাৰ লৰা হয়।
অজয়ে দুনাই মোক একো নুসুধিলে। কেৱল ও' ও' বুলি কৈ থলে। মই পুনৰ সুধিলো,
: কিয়? তুমি তাক লগ পাইছিলা নেকি?
: নহয়, নাই পোৱা। আজি দাদাক কোনোবাই কিবা কথা লগাই পঠিয়াইছে, সেইকাৰণে সুধিলো।
: উম। - মইয়ো সেই কথাষাৰ সিমানতে সামৰণি মাৰিলো।
মনত বহু ভয় ভাব জাগি উঠিল। অজয়ৰ দাদাই কিবাকৈ বাবুৰ লগত হোৱা কথাবোৰ গম পালে নেকি মোৰ! যদি সচাই গম পাইছে মই জানো ইয়াত থাকিব পাৰিম? অজয়ে জানো মোক আশ্ৰয় দিব, মানি লব? যদি মানি নলয় তেন্তে মোৰ কি হব! পলাই আহিছো যেতিয়া এতিয়া ঘৰলৈয়ো উভতিব নোৱাৰো। কি কৰা যায়??
অহ!!... একো হব দিব নোৱাৰি এইবোৰ। অন্ততঃ নিজৰ কিবা ক্ষতি হলেও সন্তানৰ বাবে একো হব দিব নোৱাৰি। তাক যেনেকৈ হলেও বচাব লাগিব।
মনতে ঠিৰাং কৰিলো, কাইলৈ ৰাতিপুৱা যিকোনো উপায়েৰে উজ্জ্বলক খবৰ এটা কৰিব লাগিব। কিন্তু উজ্জ্বলক এইবোৰ কথা কেনেকৈ কোৱা যায়, সি কলে জানো কিবা মোক উপায় দিব??
হাজাৰ চেষ্টা কৰিও মোৰ ৰাতিটো টোপনি নাহিল! বাৰে বাৰে নিজৰ মনতে উপলব্ধি হল,
নোপোৱা বেদনা সহ্য কৰা যায়,
কিন্তু পাই হেৰুওৱাৰ বেদনা সহ্য কৰা নাযায়।
ওহোঁ… নাযায় নাযায়, সহ্য কৰা নাযায়।
No comments:
Post a Comment