হাঁহিৰ আঁৰত তুমি
দ্বিতীয় খণ্ড
তাই - শুনাচোন, তোমাৰ তাত ভাল লগা মেজেৰৰ নোটছ পাম নেকি?
মই - পাবা | মই চাই তোমাক দিম দিয়া |
তাই - অকে দিবা হা |
মই - নিশ্চয় | পিছে কথাহে ইমান টাইম পাতিলোঁ, তোমাৰ নাম ?
তাই - অ' অ' মোৰ নাম আকাংশা, আকাংশা বৰা | নাম্বাৰটো চেভ কৰি লবা |
মই তাইক "হ'ব বাৰু" বুলি কলো | আৰু এনেকৈ দুই এটা নিজৰ কথা, নিজৰ ঘৰুৱা কথাও আলোচনা কৰিলো |
সঁচাই, মানুহে কয় নহয় - কাৰোবাৰ বাবে অপেক্ষা কৰাৰ অনুভৱেই সুকীয়া |
যিজন ব্যক্তিৰ বাবে যেতিয়া অপেক্ষা কৰা যায় আৰু সেইজন ব্যক্তিৰ যেতিয়া ঠিকনা পোৱা যায়, মনত কিমান আনন্দৰ জোৱাৰ ভাঁহি উঠে তাক কোনো ভাষাৰেও বুজাব নোৱাৰি আৰু সেইটো অনুভৱ মোৰো হ'ল !!!
মনটো খুব ভাল লাগিল | তাইৰ নামটো,,, মিছ আকাংশা | তাইৰ নম্বৰটো চেভ কৰিব কৈছিল, কৰি থলোঁ |
সেইদিনাখন তাইৰ লগত মোৰ আৰু কথা পাতিব মন গৈছিল কিন্তু সাহস নহ'ল | কাৰ নো ইচ্ছা নাযায় মনৰ কথাবোৰ মনে বিচৰা জনৰ আগত শ্বেয়াৰ কৰিবলৈ !!
আচলতে কাৰোবাক একপক্ষীয় ভাৱে ভালপোৱাৰ অনুভূতি খিনি হাজাৰ হলেও সুকীয়া | নহয়নে...? তেওঁ বা তাইৰ পৰা এটা মেছেজ বা ফোন কল আহিব বুলি অপেক্ষাতে পাৰ হয় দিনবোৰ | কিন্তু অপেক্ষাবোৰ অপেক্ষা হৈয়ে থাকি যায়, আৰু যিটো মোৰো হ'ল !!
দিনবোৰ বাগৰিল | সদায় অপেক্ষাত ৰও তাই মোলৈ ফোন বা মেছেজ এটা কৰিব বুলি, যদিও তাইৰ একো বাৰ্তা নাপাওঁ | কেৱল মোৰ মনত দৃঢ় বিশ্বাস এটা আছিল তাই এদিন নহয় এদিন নিশ্চয় মোৰ হ'ব | অৱশ্যে কেতিয়াবা ভয়ো লাগিছিল তাই আন কাৰোবাৰ হৈ যায় বুলি ? কাৰন ভালপোৱাবোৰ বা ভালপোৱা জনক কেতিয়াবা তেনেকৈও কিছুমানে হেৰুৱাই পেলায় |
মনৰ কথাবোৰ মনৰ ভিতৰতে থাকি যায় আৰু একপক্ষীয় প্ৰেম কাহিনীবোৰ মনতে সমাপ্ত হয় | তাৰেই কিছুমানে নকয় বন্ধুত্ব হেৰুৱাই পেলোৱাৰ ভয়ত, কিছুমানে নকয় ভালপোৱাৰ প্ৰস্তাৱ গ্রহন কৰিব নে নকৰে তাৰ দোমোজাত পৰি, আৰু কিছুমানে নকয় নিজৰ সন্মান যোৱাৰ ভয়ত !!
আৰু তেতিয়া… নোপোৱা দুখবোৰৰ বেদনা লৈয়ে হৃদয়ৰ একোনত সীমাহীন মৰমবোৰ সাঁচি লৈ দিনবোৰ পাৰ কৰিব লগা হয় | দেখা সপোনবোৰো এজাক ফুল হৈ কেতিয়া ফুলিব তাৰ অপেক্ষাৰত এটাৰ পাছত আনটো দিন পাৰ কৰিব লগা হয় |
একপক্ষীয় প্ৰেম এক জীয়া যন্ত্ৰণা।
মোৰ ৰাতিপুৱাৰ আৰম্ভনি মা-দেউতাৰ দৰ্শনৰ পিছত তাৰ প্রফাইল ফটোখন চাইয়েই আৰম্ভ কৰিছিলো | এটি মিঠা হাঁহিৰে মোৰ প্ৰতিটো দিনৰ আৰম্ভনি হয়, যেতিয়া তাইৰ হাঁহি থকা সেই ফটো খন চাওঁ | যদিও তাইক ভাল পাওঁ বুলি ক'ব পৰা এই সাহসকণ মোৰ অলপো নাছিল তথাপি তাইৰ ফটোখনতে মই কিবা এটা সুখৰ অনুভৱ কৰিছিলোঁ |
বহুদিনৰ পিছত মই তাইৰ বাবে হাঁহিব শিকিছিলো | অতীতত ভালপোৱা জনীৰ পৰা পোৱা অভিনয়, প্ৰতাৰণা আৰু তাইৰ মিছা প্ৰেমৰ ফাঁকিবোৰ পাই মই একদম আত্মহাৰাৰ দৰে হৈ গৈছিলো | দুখবোৰ কাকো খুলি কোৱাৰ সাহসো নাছিল | সেইবাবে মই মা-দেউতা আৰু বন্ধুবোৰৰ আগত দুখৰ মুখ ঢাকি এখন সজোৱা সুখৰ মুখত এটি মিছা মিঠা হাঁহি আঁকি দিনবোৰ পাৰ কৰিছিলো |
কাৰোবাক সঁচা ভালপাই পাহৰিব পৰাৰ ক্ষমতা কাৰো নাই | স্মৃতিবোৰক জানো হত্যা কৰিব পাৰি ? হাজাৰ হলেও আমনি কৰে অতীতৰ সেই স্মৃতিবোৰে | কোনোবাই সঁচা ভালপোৱাৰ অভিনয় কৰি আঁতৰি গুচি গ'লেও সেই স্মৃতিবোৰ পাহৰিব পৰা নাযায়; যিবোৰে আমাক কন্দুৱাই !!
বহুদিনৰ পিছত সঁচা হাঁহি এটা মোৰ মুখলৈ ঘূৰি আহিছিল | তাৰ কাৰণ একমাত্ৰ আকাংশা… যদিও তাইক মনৰ কথাতো ক'বলৈ সাহস পোৱা নাছিলোঁ; তাই মোৰ হৃদয়ৰ বিশেষ কোণত ঠাই দখল কৰিছিল | তাইৰ লগত চিনাকি হোৱাৰ পৰা কবিতাৰ শিৰোনাম বহুত পাইছিলো কিন্তু শব্দবোৰৰ লগত খেলা কৰি ছন্দ মিলাই কবিতা লিখিবলৈহে পৰা নাছিলো |
এদিন হাতত কলম আৰু বহীটো লিখিছিলো এটি চুটি কবিতাৰ শাৰী -
অচিনাকী মই তোমাৰ বাবে প্রিয়
অচিনাকী মই তোমাৰ বাবে প্রিয়,
তথাপিও তোমাক লৈ সপোন বহুত |
হৃদয়ত এক চিনাকি শব্দই
সদায় মোৰ মনৰ দুৱাৰত আহি টোকৰিয়াই |
মোক আগমন দিয়ে,
মই হেনো তোমাৰ প্রেমত পৰিছো |
অতীতৰ বেদনাবোৰত নেওচি হৃদয়ৰ একোণত
মাথোঁ তোমাৰ বাবে সাঁচি ৰাখিছো অজস্ৰ মৰম |
মই তোমাৰ বাবে অচিনাকি প্রিয়,
তথাপিও মোৰ হাঁহিৰ আঁৰত তুমি জিলিকি আছা |
মনত সদায় এটি চিনাকি শব্দই
মোৰ হৃদয়ৰ দুৱাৰত আহি টোকৰিয়াই |
প্ৰেম, ভালপোৱাৰ বতৰা লৈ আহে
আৰু ঠিকনা দি যায় তোমাৰ হৃদয়ৰ |
আৰু মোক আহি কাণে কাণে কয়,
মই হেনো প্রেমত পৰিছো তোমাৰ |
তোমাৰ বাবে মই অচিনাকি প্রিয়,
হলেও নোৱাৰিলো আৰু নিজক ধৰি ৰাখিব |
মনক বহুত বুজালো অতীতৰ বিষাদ ভৰা কাহিনী
মই নাই পৰা পাহৰিব |
হেজাৰ প্ৰচেষ্টাও গ'ল অথলে,
নোৱাৰিলো আৰু হৃদয় খনক বুজাব |
কেৱল হৃদয়েও এটা কথাই কয়,
মই হেনো তোমাৰ প্রেমত পৰিছো |
অচিনাকী মই তোমাৰ বাবে প্রিয়,
মনটোৱেও কয়- মই হেনো তোমাৰ প্রেমত পৰিছো |
যদি পাৰা তুমি মোক সহাৰি দিবা ?
মোৰ জীৱন বাটৰ লগৰী কেৱল তুমি হবা ?
ধনৰ অভাৱ যদিও চৰিত্ৰ বেয়া নহয়,
টকাৰ অভাৱ যদিও লঘোণে থাকিব লগা নহয় |
হয়তো বেলেগৰ দৰে দামী উপহাৰ দিব নোৱাৰিম,
কিন্তু সঁচা মৰম আৰু বিশ্বাস দিব পাৰিম |
হয়তো ৰাজ অট্টালিকাত তোমাক ৰাখিব নোৱাৰিম,
কিন্তু মোৰ হৃদয়ত তোমাক সদায় ৰাণী কৰি ৰাখিম |
মই তোমাৰ বাবে যদিও অচিনাকি প্রিয়,
মই হেনো তোমাৰ প্রেমত হাবুডুবু খাই পৰিছো |
শেষত বাট চাই ৰলো তোমাৰ উত্তৰলৈ
অচিনাকী মই তোমাৰ বাবে প্রিয় ||
ৰিয়ান অংকুৰ দাস।
কবিতাটো লিখিয়েই মই তাই থকা আমাৰ WhatsApp গ্রুপটোত দিলো | ভাবিছিলো বেলেগে এই কবিতাটো নপঢ়িলেও নাই যাতে তাই পঢ়ি চাই ভাল লগা বুলি কয় !
অৱশেষত কবিতাটো গ্রুপত দিয়াত বহুতেই ভালে পালে | কেৱল মই বিচৰাজনৰ পৰা মেছেজ এটাহে নাপালো | মই দিয়া কবিতাটো নিশ্চয় তাইও পঢ়ি চাইছিল কিন্তু একো ৰিপ্লাই হে কৰা
নাছিল |
ৰাতি ১১ মান বাজিছিল | তেতিয়া তাইৰ পৰা ৰিপ্লাই এটা আহিছিল -
তাই - অই ৰিয়ান, বহুত ভাল কবিতা লিখিছাও তুমি |
মই - ধন্যবাদ তোমালৈ !!
তাইৰ ৰিপ্লাই পাই মনটো ভাল লাগিল |
আচলতে যেতিয়া প্রিয়জনক প্রাধন্য দি কাম এটা কৰা হয়, তেওঁ বা তাই ভাল পাব বুলি আশা কৰা হয়; আৰু যেতিয়া আশা কৰা হিচাপে ফলাফল পোৱা যায় তেতিয়া মনটো সীমাহীন ভাল লাগে | ঠিক তেনেকৈ মোৰো বহুত ভাল লাগিছিল | এনেতে ইনবক্সত তাইৰ পৰা মেছেজ আহিল | মোৰ মুখত মিচিকীয়া হাঁহি এটা জিলিকি উঠিল | কাৰন মোৰ হাঁহিৰ আঁৰত কেৱল তাই,,, আকাংক্ষা !!
◆◆◆ আগলৈ......
No comments:
Post a Comment