আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই - চতুৰ্থ খণ্ড | Sad Assamese Love Story | Emotional Assamese Story | Heart Touching Assamese Story By Sadhana Handique | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আধৰুৱা স্মৃতি | প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই - চতুৰ্থ খণ্ড | Sad Assamese Love Story | Emotional Assamese Story | Heart Touching Assamese Story By Sadhana Handique | Daily Assamese Status

 

আধৰুৱা স্মৃতি -

প্ৰেমে হোঁহোৱাই প্ৰেমে কন্দুৱাই জীৱনত
Assamese Sad Love Story
Assamese Emotional Love Story

     বাবুৰ মিছা আৰু ভুৱা কথাত মায়ে মোকেই দোষী কৰিলে।

আগৰ খণ্ডৰ লিংক ➡️ আধৰুৱা স্মৃতি

     মই ভাবিছিলো মাক কথাবোৰ কম ! মায়ে মোক বুজি পাব । কিন্তু বাবুৰ কথাত মোক আৰু উজ্জ্বলক মাৰ চকুত বৰ বেয়াকৈ জগৰীয়া কৰি পেলাইছিল। যাৰ বাবে মই মোৰ কথাবোৰ মাক কোৱা নহল । সেই সময়ত মাক কলেও মোক একো বিশ্বাস নকৰিলেহেতেন।

      দিনে দিনে মায়েও মোক উজ্জ্বলৰ লগত কথা পতা দেখিলেই চিঞৰ বাখৰ আৰম্ভ কৰিছিল । মই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ । লাহে লাহে মই অকলে থাকিবলৈ আৰম্ভণি কৰিলো । আনকি বিনা কাৰণত ৰুমৰ পৰা ওলোৱাও বাদ দিছিলো । 

      এদিন মোৰ এনেকৈ অকলে থকা ৰূপবোৰ দেখি মায়ে ভয় খাই উজ্জ্বলক আমাৰ ঘৰলে মাতি দিছিল । উজ্জ্বল আৰু মলয় যেনেকৈ আছিল তেনেকৈয়ে গুচি আহিছিল । তাক কাষত পাই সিদিনা মোৰ খুব কান্দিব মন গৈছিল । কব মন গৈছিল তাক, কিয় মই মৰিব বিচাৰো ! কিন্তু ভয় লাগিল জানোছা এইবিলাক গম পাই সি বাবুৰ লগত কাজিয়া কৰে । তাৰ যদি কিবা এটা হৈ যায় । সেয়ে বহু ভাবি চিন্তি কথাবোৰ নকলো। মাথোঁ উজ্জ্বলক কৈছিলোঁ

      : মোৰ কি হব, তুমি যদি মোক আঁতৰি যোৱা । মই কাক সোন, কাক কেটেঙা মাতিম ।

      ____আৰু তেওঁ যোৱাৰ আগমুহূৰ্তত তাৰ গাল খনতে চুমা এটা খাই কৈ দিছিলোঁ

     : মই অকল তোৰ কটিয়ানী হৈ থাকিব বিচাৰোঁ ।

       মই তাক ইমানেই ভাল পাইছিলো যে তাক মই পাহৰিব পৰাতো দূৰৰে কথা মই এৰিবও নোৱাৰো। কিন্তু কয় নহয় বিধিয়ে দিলেও বিধাতাই নিদিয়ে। মোৰো থিক একেই। প্ৰথমে যদিও মোক মা হতে উজ্জ্বললৈকে বিয়া দিম বুলি কৈছিল কিন্তু বাবুৰ কথাত সকলবোৰ ওলোটা কৰি পেলাইছিল। আৰু বাবুয়ে মোক ইমানখিনি কৰাৰ পিছত মোৰ আৰু লৰাবোৰৰ পৰা বিশ্বাস নামৰ শব্দটো হেৰাই গৈছিল।

     কিন্তু বাবুক বাদ দি যদি মই লৰাবোৰলৈ উজ্জ্বলৰ তুলনাৰে চাও তেতিয়া ভাবিছিলো সকলোবোৰ লৰাই একে নহয়। তথাপি এদিন ঠিৰাং কৰিলোঁ________ মই কেটেঙাৰ পৰা আতৰি থাকিম। মই মোৰ ৰং বিহীন জীৱনটোৰ ভাগিদাৰ উজ্জ্বলক কৰিব বিছৰা নাছিলো। অৱশ্যে উজ্জ্বল এৰিব মোৰ মনটোৱে একেবাৰেই বিচৰা নাছিল ।

      মোৰ জীৱনত উজ্জ্বলেই সেইজন ব্যক্তি আছিল যিয়ে মোক নেদেখাকৈয়ে কব পাৰিছিল মোৰ মন ভাল নে বেয়া। সি কেনেকৈ মোৰ হাহিৰ আৰৰ দুখ বোৰ বুজি পাইছিল মই নেজানো। মই দুখত থকা বুলি গম পালেই  মোক চিধাই সুধিছিল,

      : অই কটিয়ানী কি হ'ল অ তোৰ আজি। কোনোবাই কিবা কলে নিকি তোক।

     তাৰ কথাবোৰত মোৰ জীৱনটোৱেও এনৈকৈ গতি সলাইছিল যেন সি বাৰে বাৰে আহি মোক শুধি থাকিল,

     "অই কটিয়ানী কি হ'ল তোৰ ?"

     কিন্তু মই তাক তাৰ ভাল পোৱাৰ অজুহাত দেখুৱাই আতৰি আহিব লগা হল। সি একো গমকে নাপালে কি হল, কি নহল মোৰ? সি কিজানি আজিও ভাবে মোৰ হয়তো আমনি লাগিল বুলি!!!!

      আতৰি আহোতে আহিলো মই কিন্তু তাৰ অবিহনে জীৱনতো কিবা খালি খালি লাগিছিল। থিকেই____ তাক এৰি গুচি আহোতেই মই মোৰ আশা, বিশ্বাস, ভালপোৱা আৰু আটাইতকৈ প্ৰিয় হাহিতো আৰু সেইটোও হেৰাই থাকিল।হাহিটো হেৰাই নাযাব নো কিয় মোৰ হাহিৰ কাৰণটোৱেই সি আছিল, আৰু মই!!!!!

      এদিন জুলাই মাহটোত আহি সোমাইছিল। মই ঘৰত অকলে থাকিও আমনি পাইছিলো । সেইকাৰণে মই মাজে মাজে দৌৰিবলৈ ওলাই গৈছিলো। হয়তো মই নোযোৱা হলেই ভাল আছিল। কাৰণ এই দৌৰিবলে যোৱা নতুন কামটোৱে জীয়াই থকাৰ বাকী ইচ্ছাবোৰো মোৰ শেষ কৰি দিছিল।

     মই প্ৰথম দিনা দৌৰিবলৈ গলো। ঘৰলৈ উভতি আহোতেই বাবুয়ে মোক দেখিলে। দুপৰীয়া আমাৰ ঘৰলৈ আহি সি মোক কলে

     : কাইলৈৰ পৰা মইও যাম!!

      মই যদি দৌৰিব নাযাও বুলি কওঁ মা'হতে হাজাৰ প্ৰশ্নৰ পাহাৰ খন আকৌ বগাই তুলিব আৰু বাবুয়ে কি কৰে তাৰো একো উমান নাপাই হব যাম ওলাবি বুলি তাৰ কলো। মই পুনৰবাৰ তাক সেইতো হোৱাৰ সুযোগ দিব বিছৰা নাছিলো। কিন্তু পিছতো ভূল মোৰ তাতেই হল।

    বাবুয়ে মোক ৰাতিপুৱা ৩:৩০ মানতে ফোন কৰিলে। আৰু কলে

      : ওলাই আহ।।।

     মই সময়তো চাই লৈ তাক কলো
: এতিয়া ৩:৩০ হে হৈছে, মই ৫ টা মানত হে যাম। এতিয়া চোন গোটেইবোৰ এন্ধাৰেই আছে.....

     ____এনেতে সি খঙেৰে কৈ উঠিল,

: ওলাই আহ বুলি কৈছো ওলাই আহ,,, নহলে মই গৈ তোৰ ঘৰ পামগে।

     তাৰ কথাত মই ভয় খালো!! একপ্ৰকাৰ মই তাক ডাঙৰকৈয়ে কৈ উঠিলো

      : গৈছো গৈছো ৰবা ।

      আৰু মই ইমান যোৰত কথাখিনি কৈছিলো যত নেকি মা'হঁতেও সাৰ পাই উঠিল।

      : কি হল অ আইমানু তোৰ???

      ____ মা'ৰ মাতষাৰ শুনি থতমত খাই কৈছিলো

      : নাই অ' সপোন এটা দেখিলো।

      মই মনৰ মাজতে কৈছিলো
"এয়া সপোন নহয় মা, দিঠক। যত মই দুৰ্বল অভিনেতা।"

     অলপ পাছতে মই ওলাই গলো দৌৰিবলৈ। সি মানে বাবু মোৰ বাবে অপেক্ষা কৰি আছিল। অলপ সময় দৌৰি ঘূৰি আহিলো। সি তাৰ ঘৰৰ সন্মুখত আহি পাই কলে

    : কাইলৈও একেটা সময়তে আহিবি। পাৰিলে অলপ আগতে।

      মই হব বুলি কোৱাৰ বাহিৰে না মোৰ ওচৰত কোনো শব্দ আছিল না কিবা অজুহাত। ঘৰ আহি পাইয়ে মই সস্থিৰ নিশ্বাস এটা এৰিলোঁ , ভালে ভালে আজি ঘৰ আহি পালো। মনত ভাবিছিলোঁ, সি দুনাই মোক এইবোৰ নকৰিব!!! কিন্তু..........

      পিছদিনাখনো ঠিক একেটা সময়তে তাৰ ফোন আহিল। মই গলো। আৰু সিদিনা মোৰ লগত আগৰ দিনটোৰ দৰে একো হোৱা নাছিল । তাৰ বিপৰিতে মই তাৰ ঘৰৰ সন্মুখত পোৱাৰ পাছতেই সি তাৰ ঘৰৰ পদুলি মুখৰ পৰা একপ্ৰকাৰ মোক টানি নি সিহতৰ ঘৰৰ আগফালৰ ৰুমতোত মোক ঠেলি হেঁচি ভৰাই দিছিল। আৰু সিও সোমাই গৈছিল।

      মই অনুভৱ কৰিব পাৰিছিলো মোৰ লগত কি হব!! আৰু ৰুমতোত সুমুৱাই পাছ মুহূৰ্ততে সি কৈছিল

     : কাপোৰ খোল।

      সিদিনা খনো মই তাক নোখোলো বুলি হাত যোৰ কৰিছিলো।  ভৰিত ধৰিছিলো তাক বহুত বাৰ। কিন্তু কি হ'ব____ সি একো নুশুনিলে মোৰ কথা। শেষত মই হাৰি গলো আৰু সিদিনাও তাৰ শাৰীৰিক বাসনাত লিপ্ত হৈ পৰিলোঁ। তাৰ স্বাৰ্থত পুনৰ একেই ভাবুকি দিছিল

      : কালি যদি সময় মতে নাহা মই গৈ ওলাম।

     তৃতীয় নিশাও তাৰ ফোন আহিল। মই গলোঁ। আৰু সি মোক একেই কৰিলে।

     ঘৰৰ পৰা দৌৰিব যোৱা চলেৰে গৈ ওলাও। আৰু তাৰ সুযোগ খিনি লৈ সদায় একেই কৰি থাকিল মোক। অন্য উপায়ো মোৰ হাতত নাছিল, মই কথাবোৰ খুলি ঘৰতো কব পৰা নাছিলোঁ!!! দুই তিনিদিন নহয় এইবাৰ, সম্পূৰ্ণ 20 দিন তেওঁ মোক উলংগ কৰিলে। 20 দিনৰ দিনাখনো তাক বাধা দিয়াত তেওঁ মোৰ গাত হাত উঠাইছিল। মই অধৈৰ্য হৈ কলো_____

     : শুনা, মই কাইলৈৰ পৰা নাহো। তোৰ যি মন যায় মোক কৰিব পাৰা। মুঠতে মই নাহো।।।।

       আৰু মই সিদিনাৰ পৰা সচাকৈ নগলো। তেওঁ মোক একো কৰিবও নোৱাৰিলে। না আমাৰ ঘৰত আহিব পাৰিলে, না মোক তাৰ ভাবুকি দিব পাৰিলে। তেতিয়া ভাবিছিলো,

     এই সাহসতো যদি মই আগেতেই গোটালোহেতেন_____

      মই যাবলৈ বাদ দিলো ঠিকেই, কিন্তু জুলাই মাহত মই মাহেকীয়া নহলো। সেইবাৰ মোৰ আটাইতকৈ ডাঙৰ চৰ্ত কৰা যেন লাগিছিল, তাৰ পৰা সাৰি থাকিলোঁ। কিন্তু,, মাহেকীয়া নোহোৱাত বহুত ভয় খালোঁ। কেইদিনমান কথাতো ভাবিলো কি কৰা যায়। ইয়াৰ একো উপায়ো নাছিল মোৰ হাতত। আৰু এদিন এই কথাটোকে ভাবি ভাবি মই নাযাও বুলি কোৱা সত্বেও বাবুৰ ওচৰলৈ গৈ ওলালোঁ। কাৰণ সেই সময়ত মোৰ গোটেই জীৱনটোৰ আগ কথা তাৰ লগতে আছিল। মই গৈ তাক কলো

     : বাবু মই মাহেকীয়া হোৱা নাই।

আৰু তেওঁ কয়................

◆◆ আগলৈ..................

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 10pm (দহ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব । আধৰুৱা স্মৃতি বুলি লিখিলেও Google -ত চার্জ কৰিলে পাব ]


Follow on- INSTAGRAM

আগৰ খণ্ডৰ লিংক -

পঞ্চম খণ্ডৰ লিংক -
          Read Now :

No comments:

Post a Comment