: ব'লা মা...
মুনুৰ মাতত উচপ খাই উঠিলোঁ মই। প্ৰায় এসপ্তাহ মানৰ পৰা কান্দি কান্দি ৰঙা পৰি উখহি থকা দুচকুৰে ছোৱালীজনীলৈ চাও নাচাওকৈ মূৰ তুলি চালোঁ। কাষতে ৰৈ থকা মানুহবোৰৰ মাজত গুণগুণনি উঠিছে।
কোনোৱে ফুচফুচাই কাষৰ গৰাকীক কিবা এটা কৈছে, কোনোৱে মোৰ মুখলৈ চাইছে, সৰহসংখ্যকে এটা বোবা অবাক চাৱনিৰে এবাৰ মোলৈ আৰু এবাৰ মুনুলৈ চাই থাকিল। মোৰ ভৰিত ধৰি বহি পৰা ছোৱালীজনীক এইবাৰ দুয়োহাতেৰে তুলি ধৰি লাহেকৈ মাতিলোঁ,
: মুনু অ'... তই এনেকুৱাখন কৰিলে...
: কৰিমেই। মই কৰিমেই এনেকুৱা। ওলোৱা। ওলোৱা মা। এই সিদ্ধান্ত আগতেইতো হৈ গৈছে।
মই ক'বলৈ খোজা কথাখিনি শেষ কৰিবলৈ নিদিয়াকৈ প্ৰায় চিঞৰি উঠিল ছোৱালীজনীয়ে।
মায়া বৰঠাকুৰ। মোৰ ছোৱালী মুনু বুলি মৰমত মাতো। ছোৱালী নে বন্ধু! ক্লাছ এইটত থাকোতেই দেউতাকে এৰি যোৱা ছোৱালীজনী আচলতে মোৰ বন্ধু নে জীয়ৰী কেতিয়াবা সন্দেহ হয়।
এজনী জীয়েকৰ কান্ধত ভৰ দি হুকহুকাই কান্দিব পাৰেনে কোনোবা মাকে!
উচুপি উচুপি কান্দি থকা মাকক চকুপানী মোহাৰি দি কোনোবা জিয়াৰীয়ে সুমুৱাই ল'ব পাৰেনে বুকুত!
অসুখ হ'লে ওৰে ৰাতি কাষত বহি থাকেনে কোনোবা দুহিতাই!
এইবোৰতো যুগে যুগে চলি অহা মাকৰ কাম। এইবোৰতো যুগে যুগে কোনোবা পত্নীয়ে পতিৰ বাবে কৰি অহা কাম।
কোনোবাই যেতিয়া কয় দেউতাক নোহোৱা ছোৱালীজনীক মাকে বৰ কষ্টৰে ডাঙৰ কৰিলে দেহি! সোঁৱে বাঁৱে জোৰেৰে মূৰ জোকাৰি নস্যাৎ কৰি উঠো মই এই কথা।
নাই নাই!
মই ডাঙৰ কৰা নাই মোৰ ছোৱালীক। মোকহে ডাঙৰ কৰিছে তাই। মোক শক্তিশালী কৰিছে তাই। কোনো কথাতেই প্ৰতিবাদ কৰিব নোৱাৰা মাকজনীক আৱৰি ৰাখিছে ছোৱালীজনীয়ে। প্ৰতিপলে চেষ্টা কৰিছে মোক সাহসী কৰি তুলিবলৈ।
বুকুত তাইৰ থূপ খাই আছে হাজাৰ বিদ্বেষ।
মনৰ একোণত কেনেকৈ জানো তাই গোট খুৱাই ৰাখিছিল অন্যায়ৰ বিৰুদ্ধে অতবোৰ প্ৰতিবাদৰ ভাষা! মই নাজানো কোনদিনা আৰু কেনেকৈ তাইৰ বুকুত গোট খাইছিলহি অতবোৰ বিদ্বেষ। মই আজীৱন দেখি শুনি ভুগিও প্ৰতিবাদ কৰিব নোৱাৰা কথাবোৰত চিঞৰি উঠিছিল তাই।
প্ৰথমে সৰু সৰু কথাবোৰত। যেনে কোনোবা বিয়ালৈ যাওঁতে- 'মাৰাৰ সলনি শাহুআইক পাবা, মাৰ মৰম চেনেহ পাহৰি যাবা বুলি' গোৱা বিয়ানামবোৰত প্ৰতিবাদ কৰিছিল তাই।
"কিয় গাব এনে বিয়ানাম?" - মোক হাজাৰ প্রশ্ন কৰিছিল মুনুয়ে,
"বিয়া মানেই সৰুৰে পৰা ডাঙৰ হৈ অহা ঘৰখন পাহৰি যোৱা নেকি মা? কিয় দুৱাৰ ধৰি কেতিয়াও ঘূৰি আহিব নোৱাৰাকৈ উলিয়াই দিয়ে ছোৱালীবোৰক? এই নিয়মবোৰ কেতিয়া বন্ধ হ'ব মা?"
মই হেঁচি ধৰিছিলোঁ তাইৰ মুখ-
: মনে মনে থাক মুনু। মানুহে শুনিলে কি বুলিব, সমাজে হাঁহিব'...
: কিন্তু মোৰ প্ৰতিটো মানুহে শুনিব???
সমাজে হাঁহিব বুলি কৰা ভয়ৰ আগত যেন বাঢ়িহে গৈছিল তাইৰ প্ৰতিবাদবোৰ। দুখ লাগিলে কান্দিবও নজনা মাকজনীৰ চেপা কান্দোনবোৰে যেন দিনে দিনে তাইৰ বুকুত বঢ়াইছিল অবৰ্ণনীয় ক্ষোভ। আৰু এই মায়া, যাক মই বেছিভাগ মুনু বুলিয়ে মাটিছিলো।
প্ৰথমে সৰু সৰু কথাত মোৰ আগত প্ৰতিবাদ কৰা ছোৱালীজনীৰ প্ৰতিবাদৰ ভাষাবোৰ মই নজনাকৈয়ে দিনে দিনে সবল হৈ পৰিছিল, মোক আৱৰি ধৰিব পৰাকৈ, নিৰাপত্তা দিব পৰাকৈ।
সেইদিনা আছিল মোৰ স্বামীৰ তৃতীয় মৃত্যু বাৰ্ষিকী।
ঘৰখনে ধুমধামেৰে আয়োজন কৰিছিল বছেৰেকীয়া শ্ৰাদ্ধৰ।
দৌৰি দৌৰি শ্ৰাদ্ধৰ কাম কৰোতে কাণিমুনি সন্ধিয়া দুৱাৰডলিত উজুটি খাই কৰ্ফাল খাই পৰিছিলোঁ মই। থেতেলা খোৱা আঁঠুৰ পৰা ফিৰফিৰাই ওলাইছিল তেজ। শ্ৰাদ্ধলৈ বুলি অহা মুনুৰ টিউচনৰ মাষ্টৰজনে মোক তেনে অৱস্থাত দেখি খৰধৰকৈ তুলি ধৰিছিলহি।
বুকুৰ চাদৰ মোৰ খহি পৰিছিল। বিষত কেঁকাই থকা মোৰ তেতিয়া যে অসংলগ্ন কাপোৰলৈ চাবলৈ শক্তিয়েই নাছিল। সেই মুহূৰ্ততে আহি পাইছিলহি মোৰ ননদজনী। চিঞৰি চিঞৰি মানুহ গোটাইছিল তাই। আৰু ডিঙিৰ সিৰ ফুলাই কৈছিল মোৰ দুচৰিত্ৰৰ কথা।
কিমান কুলক্ষনী হ'লে গিৰিয়েকৰ মূৰ খাব পাৰি সেইকথা চিঞৰি সকলোকে কৈছিল তাই।
সকলোৱে মোলৈ চাই ৰৈছিল এক সন্দেহী দৃষ্টিৰে। চকুৰেই যেন সকলোৱে প্ৰায়শ্চিত্ত কৰিব খুজিছিল ঘৰখনৰ ডাঙৰ বোৱাৰীয়ে কৰা পাপৰ।
তললৈ মূৰ কৰি কঁপি কঁপি ৰৈ থকাত মোৰ হঠাৎ দৃষ্টি পৰিছিল হাতৰ মুঠি বন্ধ কৰি খঙত ফোঁপাই থকা মোৰ ছোৱালীজনীৰ ওপৰত। মোৰ বুকুৱে ইংগিত দিছিল মোক, এই যেন ঘটিব কিবা এক নঘটিবলগীয়া ঘটনা।
অদৃষ্টক খাতিছিলোঁ মই 'তাইক শান্ত কৰা প্ৰভু। কথাবোৰ বাঢ়িবলৈ নিদিবা'।
চোলাৰ অস্তিন কোঁচাই মোৰ সৰু দেৱৰজন আগবাঢ়ি আহিছিল মোক মুমূৰ্ষ অৱস্থাৰ পৰা তুলি ধৰা মানুহজনক মাৰিবলৈ। সেই ক্ষণতে আগবাঢ়ি আহিছিল মুনু। আৰু তাই খুড়াকৰ হাতত ধৰি মুহূৰ্ততে ঠেলি গতিয়াই পঠিয়াইছিল। আচম্বিতে হোৱা এই কাৰ্যত এচাৰ খাই পৰিছিল মানুহজন।
'মাকৰ ফুটতে ছোৱালী উঠিছে বুলি' মোৰ শহুৰে মুনুলৈ কৰা কটাক্ষৰত চিঞৰি চিঞৰি উত্তৰ দিছিল মুনুৱে,
: নহয়। নহয় মই মোৰ মাৰ দৰে। নহও কেতিয়াও। হ'বও নোখোজো। অন্যায় সহ্য কৰি হাত সাৱটি বহি থকা মোৰ মাৰ দৰে বুলি মোক ভবাৰ ভুল কেতিয়াও নকৰিব। আজি দেউতাৰ শ্ৰাদ্ধ বাবেই এইবাৰলৈ ৰেহাই দিলোঁ আপোনালোকক। ইয়াৰ পিছত এনেকুৱা হ'ব লাগিলে এটা এটাকৈ প্ৰতিটো মানুহক নি মাৰ ওপৰত কৰা অত্যাচাৰৰ বাবে জেইলৰ ভাত খুৱাম। আৰু যদি মোৰ কথা বিশ্বাস হোৱা নাই, এইবাৰো প্ৰমাণ দেখুৱাব পাৰোঁ।
খঙত ফোঁপাই থকা সৰু ছোৱালীজনীলৈ চাই দুখোজ পিছুৱাই গৈছিল ঘৰৰ আৰু সকলো গোট খোৱা মানুহবোৰ।
আৰু মই!...
মই আগুৱাই আহিছিলোঁ তাইৰ কাষলৈ আৰু আলফুলে হাতত ধৰিছিলোঁ মায়াক, মোৰ ছোৱালীজনীৰ। চাই ৰৈছিলোঁ তাইৰ দুচকুলে। চাই ৰৈছিলোঁ এই পৃথিৱীত মোৰ একমাত্ৰ আপোন বুলি ক'ব পৰা ছোৱালীজনীলৈ।
স্বামীৰ চিতাৰ জুইত মোকো পুৰি পেলাব খোজা মানুহখিনিৰ হাতৰ পৰা টানি আজুৰি আনি তাই যেন মোৰ গাত ঢালি দিছিল এছাটি চেঁচা পানী।
মোক বাৰে বাৰে বুজাইছিল তাই,
: তুমি কিয় ইমান দুৰ্বল মা? এই পৃথিৱীত দুৰ্বল মানুহতকৈ কষ্ট আন কাৰো নাই অ'। নিজৰ একো ভুল নাই বুলি জানিও সকলোৰে মিছা অপবাদ শুনি জীয়াই থকা কি কম কষ্টৰ কথা! প্ৰতিবাদ কৰা মা। প্ৰতিবাদ কৰা।
শেষৰ কথাখিনি তাই চিঞৰি চিঞৰি কৈছিল। তথাপি মই যেন ক'ৰবাত দুৰ্বল হৈয়েই ৰৈ গৈছিলোঁ। নে মুনুৰ ওপৰত ভৰসা কৰিয়েই চলাৰ এক অদ্ভুত অভ্যাস মই ক'ব নোৱাৰাকৈয়ে গঢ়ি পেলাইছিলোঁ!
এদিন পঢ়িবলৈ বাহিৰলৈ গুচি গৈছিলগৈ মুনু। আকৌ এবাৰ মই অকলশৰীয়া হৈ পৰিছিলো। তাইৰ লগত কথা এটা পাতিবলৈও, তাইৰ মাতটো শুনিবলৈও ঘৰৰ কাৰোবাক ফোনটো খুজিব পৰা পৰিস্থিতি এটা মোৰ বাবে কেতিয়াও নাছিল।
পঢ়ি থকাৰ মাজতে তাই কল চেণ্টাৰ এটাত দুমাহ চাকৰি কৰি মোৰ বাবে এটা মোবাইল ফোনৰ যোগাৰ কৰি দিছিল। ঘণ্টাই ঘণ্টাই কথা পাতিবলৈ লৈছিলোঁ আমি। আৰু এদিন কথা পাতি থকাৰ মাজতে মোক আচৰিত কৰি কৈ উঠিছিল তাই,
: নিজৰ বাবে এজন সংগী বিচাৰাচোন মা। তোমাৰ বিয়া কৰাই দিয়াৰ দায়িত্ব মোৰ।
চিঞৰি উঠিছিলোঁ মই -
: মুখখন আছে বুলিয়েই যি টি কথা নক'বি মুনু।
: মই ধেমালি কৰা নাই মা। তোমাৰ কিমান বয়স হৈছেনো! মানুহক আগৰ বয়সত লগ নালাগিলেও পিছৰচোৱা কোনোবা এজন সংগীৰ বৰ দৰকাৰ হয় অ'। আৰু ভয় কালৈ কৰিছা মা? ঘৰৰ মানুহবোৰলে নে সমাজলে? যিবোৰ মানুহে তুমি মৰিলা নে জীয়াই আছা তাৰ এটা খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰে, তেনেকুৱা মানুহলৈ তুমি ভয় কৰা মা?
মোৰ চিঞৰৰ বিপৰীতে তাইৰ কণ্ঠ আছিল তেনেই ধীৰ আৰু স্পষ্ট।
ফোনটো কাণত লৈ বহুদেৰি তেনেকৈয়ে থৰ হৈ ৰৈ গৈছিলোঁ মই।
সেইদিনা আকৌ এবাৰ ভাবিবলৈ বাধ্য হৈছিলোঁ,
: তাই সঁচাকৈয়ে মোৰ ছোৱালী নে মোৰ বন্ধু… কোনোবা সন্তানে মাকক ক'ব পাৰে জানো বিয়াৰ কথা'...
বহুদিনলৈকে মোৰ কাণত বাজি আছিল মুনুৰ সেইষাৰ কথা-
"তোমাৰনো বয়স কিমান হৈছে মা?"
বহুত বছৰৰ পিছত আইনা চাবলৈ লৈছিলোঁ মই। ধুনীয়া দেখিবলৈ লৈছিলোঁ নিজক। কাৰোবাৰ এষাৰ কথাই কেনেকৈ যে জীয়াই তুলিব পাৰে মানুহক!
কিন্তু বিয়া কৰাবৰ জোখাৰে সাহস কোনোদিনে মই গোটাব নোৱাৰিলোঁ। সেই কথা মই ভাবিবও নোৱাৰিলোঁ কোনোদিনে।
এদিন মুনুৰ বিয়াৰ বয়স হৈছিল। পঢ়া শেষ কৰি গুৱাহাটীতে এটা ভাল চাকৰি পাইছিল তাই। ঘৰৰ কোনেও এবাৰলৈও চিন্তা কৰা নাছিল মোৰ ছোৱালীজনীৰ বিয়াৰ বিষয়ে। মই বিয়াই সবাহে, দোকানে বজাৰে মানুহবোৰ লগ পালেই লাহে লাহে ক'বলৈ আৰম্ভ কৰিলোঁ,
: আমাৰ মুনুলৈ ল'ৰা এটা চাবাচোন।
আৰু এই বিচাৰ খোচাৰৰ মাজতেই এদিন দুপৰীয়া দুয়োজনী শুই থাকোঁতেই কৈ উঠিছিল মুনুৱে,
: মই ল'ৰা এজন পছন্দ কৰিছোঁ মা।
মই যেন বুজিবই নোৱাৰিলোঁ সেয়া সুখৰ নে দুখৰ মুহূৰ্ত। কেইপলকমান মনে মনে থাকি এপাকত থোকাথুকি মাতেৰে সুধি পেলালোঁ কেইবাটাও প্ৰশ্ন,
: কি নাম মুনু? ক'ত থাকে? কি কৰে?
: ৰূপম হাজৰিকা। মোৰ অফিচত একেলগে চাকৰি কৰে।
: হা? কি নাম?
মই নিজৰ কাণকে যেন বিশ্বাস কৰিব নোৱাৰিলোঁ আৰু সেই ভাৱেৰে প্ৰশ্ন কৰিলোঁ।
: ৰূপম হাজৰিকা মা।
এইবাৰ মোৰ ফালে পিঠি দি থকা ছোৱালীজনীয়ে সম্পূৰ্ণ ঘূৰি একেবাৰে কাণতে মুখ লগাই কৈ উঠিল।
: বামুণ নে?
এইবাৰ মোৰ প্ৰশ্ন আছিল পোনপটীয়া।
: নহয়। - এটা শব্দত তাই উত্তৰ দিলে।
তেতিয়ালৈ দুহাতেৰে তাই আলফুলে মেৰিয়াই ধৰিছিল মোৰ পেটত।
: এয়া কি কৈছ মুনু? ককাৰ জীয়াই আছে এতিয়াও। প্ৰতিদিনে পূজা হয় এই ঘৰত। প্ৰতিদিনে গোঁসাই ধুওৱা শাক্ত ব্ৰাহ্মণৰ ঘৰ এইখন। ককাৰে কি ভাবিব মায়া...
: আৰু তুমি?
এইবাৰ শুই থকাৰ পৰা বিছনাত ধহমহাই বহি পৰিছিল ছোৱালীজনী।
: তোৰ সুখেই মোৰ সুখ। কিন্তু...
: কোনো কিন্তু নাই। তুমি সুখী, মই সুখী। কথাবোৰ সিমানতেই মই কেতিয়াবাই শেষ কৰিছোঁ। কিন্তু ইমানৰ পিছতো তুমি কিয় তেওঁলোকে কি ভাবিব সেয়া ভাবিবলৈ এৰিব নোৱাৰিলা মই বুজি নাপাওঁ মা।
দুপদুপাই কোঠাৰ পৰা ওলাই গুচি গৈছিল ছোৱালীজনী।
আৰু মই!.... মই কেৱল কান্দিছিলোঁ।....
নহয় নহয়!
মুনুৱে অব্ৰাহ্মণ মানুহক পছন্দ কৰাৰ কান্দোন নহয় এয়া। এই কান্দোন তাই কিয় ইমান সোনকালে ডাঙৰ হ'ল সেই ভাবি ওলোৱা কান্দোন। এই কান্দোন মোৰ দৰে মোৰ জীয়ৰী লেহুকা নোহোৱাৰ বাবে ওলোৱা সুখৰ কান্দোন।
এদিন মুনুৰ সৈতে ৰেষ্টুৰেণ্ট এখনতে লগ কৰিলোঁ ৰূপমক। এখন অনাথ আশ্ৰমত ডাঙৰ হৈ এটা ভাল চাকৰি কৰি অকলশৰে থাকে সি। মোক লগ কৰিবলৈকে ইমান দূৰ অহা ল'ৰাটোৱে যাবৰ সময়ত মোৰ ভৰি চুই সেৱা কৰি কৈছিল,
: মা এজনী পালোঁ। নিজৰ মাক কেতিয়াও দেখা নাই মই। আপোনাৰ মাজতে যেন মোৰ মা আকৌ উভতি আহিছে মোৰ কাষলৈ।
আলফুলে হাত ৰাখিছিলোঁ মই ল'ৰাটোৰ মূৰত।
কেনেকৈ! কেনেকৈ কেৱল বামুণ নোহোৱাৰ বাবেই মই তাক গতিয়াই উলিয়াই দিব পাৰো মোৰ ছোৱালীৰ জীৱনৰ পৰা? কেৱল বামুণ নোহোৱাৰ বাবেই মোৰ মাজত মাক এজনী বিচাৰি পোৱা ল'ৰাটোক আঁতৰাই পঠিয়াব পাৰিনে!
আৰু তাৰ পিছত!
তাৰ পিছত মুনুৱে ককাকক ভাতৰ পাতত কৈছিল এই কথা। ল'ৰা এজন পছন্দ কৰাৰ কথা। আধা খোৱা ভাতৰ পাতত পানী ঢালি সেৱা জনাই থিয় দিছিল জনাৰ্দন বৰঠাকুৰ আৰু হাতৰ লাখুটিৰে মজিয়াত জোৰকৈ শব্দ কৰি ঘোষণা কৰিছিল,
: এই বিয়া হ'লে মুনুৱে কোনোদিনে ভৰি দিব নোৱাৰিব এই ঘৰত। এই বিয়ালৈ ঘৰৰ কোনো যাব নোৱাৰে। মাক গ'লেও পৰাচিত হৈহে ঘৰৰ ভিতৰ সোমাব পাৰিব আৰু কোনোদিনে বোৱাৰীয়ে সম্পৰ্ক ৰাখিব নোৱাৰিব জীয়েকৰ লগত।
সমানেই গহীন আৰু স্পষ্ট মাতেৰে ককাকক উত্তৰ দিছিল মুনু অৰ্থাৎ মায়াৱে,
: এই ঘৰলৈ ঘূৰি অহাৰ মোৰ তিলমাত্ৰও চখ নাই ককা। মই ৰূপমকেই বিয়া কৰাম। আৰু মাক খুৱাব পৰাকৈ ইমানখিনি সামৰ্থ মোৰ আজি আছে। মাক আপুনি ৰাখিব নালাগে। মা মোৰ লগতে যাবগৈ।
থৰ হৈ ৰৈ গৈছিলোঁ মই। এক আত্মসন্মানবোধে মুহূৰ্ততে যেন মূৰ তুলি উঠিছিল মোৰ ভিতৰচ'ৰাত।
জীয়ৰীৰ নতুন ঘৰত আজীৱন পৰি ৰ'মগৈনে মই!
জীৱন এটা আৰম্ভ কৰিবলৈ লোৱা এহাল ল'ৰা ছোৱালীৰ সৈতে এই বৃদ্ধ মানুহজনী কিয় গুচি যামগৈ সিহঁতৰ ঘৰলৈ!
দুহাতেৰে আজুৰি খাব পৰা ক্ষমতা এতিয়াও মোৰ আছে। তেনেস্থলত...
নাই নাই!
এই কাম কেতিয়াও কৰিব নোৱাৰিম মই।
কিন্তু কেনেকৈ বুজাম মই অহৌবলিয়া ছোৱালীজনীক। নিজৰ সিদ্ধান্তৰ আগত কাৰো কথাই যে তাই শুনিবলৈ প্ৰস্তুত নহয়।
সেইদিনা ৰাতি মই কও নকওকৈ কৈছিলোঁ তাইক,
: মই ইয়াতে থাকিম মুনু। চাবিচোন ককাৰে এদিন নহয় এদিন মানি ল'বই।
: মই বিয়া নহও মা। তুমি যদি মোৰ সৈতে নোযোৱা মই কোনোপধ্যেই বিয়া নহও। এয়াই যদি তোমাৰ সিদ্ধান্ত, তেন্তে কাইলৈ ৰূপমক মই মোৰ সিদ্ধান্ত জনাই দিম।
এইবাৰো বৰ ধীৰ আৰু স্পষ্ট আছিল তাইৰ মাত। লৰালৰিকৈ কৈ উঠিছিলোঁ মই,
: যাম আই। মই যাম। মোৰ বাবেই ৰূপমৰ নোহোৱাকৈ ৰৈ যাব নোৱাৰ তই।
যদিও তাইক কথাখিনি কৈছিলোঁ তথাপি মনৰ মাজত ভাবি ৰৈছিলোঁ বিয়াৰ ওচৰ চাপিলেই তাইক বুজোৱাৰ কথা।
ছোৱালীৰ মাক ছোৱালীৰ লগত থাকিবলৈ যোৱাতো যে সমাজৰ চকুত এক অপৰাধ সেই কথা তাইক বুজাবলৈ যেন বদ্ধপৰিকৰহে হৈছিলোঁ মই।
কিন্তু মোৰ কোনো যুক্তি, কোনো কথাই শুনিবলৈ প্ৰস্তুত নাছিল মায়া।
কোনো কাৰণতেই ঘৰৰ পৰা এইখন বিয়া হ'বলৈ নিদিলে মুনুৰ ককাকে। আৰু শেষত সিদ্ধান্ত লোৱা হৈছিল ৰূপম ডাঙৰ হোৱা অনাথ আশ্ৰমখনৰ পৰাই বিয়াখন হোৱাৰ।
আৰু আজি শেষত সেৱা কৰিবলৈ আহি মোক লৈ যাবলৈ ৰৈ আছেহি মুনু।
মই যেন একো উৱাদিহ নোপোৱা হৈছোঁ। ওচৰ চুবুৰীয়া যি দুই এক নিমন্ত্রিত অতিথি আহিছিল এতিয়াও তেওঁলোকে ফুচফুচাই কথা পাতিয়েই আছে। কোনোবাই মুখত হাত থৈ হাঁহিছে। কোনোবা আগবাঢ়ি আহিছে মুনুক বুজাবলৈ।
মই মুনুলৈ চালোঁ। কাষৰ কোনো মানুহৰ ওপৰত দৃষ্টি নাই তাইৰ। তাইৰ স্থিৰ দৃষ্টি আবদ্ধ কেৱল মোৰ ওপৰত।
: ব'লক মা। জোঁৱাই নহয়, পুত্ৰৰ লগত যাবলৈ ওলাওক। এই সিদ্ধান্ত কেৱল মুনুৰেই নহয়। এয়া আমি দুয়ো একেলগে হৈ লোৱা সিদ্ধান্ত। আজীৱন মাৰ মৰম কি বুজি নোপোৱা মোক আপুনি এইকণ সুখৰ পৰাও বঞ্চিত কৰিব জানো মা?
আঁঠুৰ ওপৰত অলসভাৱে পেলাই থোৱা মোৰ হাত দুখনত ধৰি কৈ উঠিল ৰূপমে।
এইবাৰ বহি থকা পৰা মোক বাহুত ধৰি থিয় কৰালে দুয়োটাই।
লাহে লাহে কৈ উঠিল মুনুৱে,
: ব'লা মা। সেইখন ঘৰলৈ কাৰ বাবে তুমি আৰু ঘূৰি যাবা? ককাই কোৱাৰ দৰে মোৰ মৃত্যু হোৱা বুলি চৰু ধুই পৰাচিত হ'ব পাৰিবা নে তুমি?
মুহূৰ্ততে কি হ'ল নাজানো। যাবলৈ উঠিলোঁ মই। দুয়োকাষে যেন দুখন ডেউকা গজি উঠিছে আজি মোৰ। যি ডেউকা কোবাই মই উৰি যাব খুজিছোঁ এটা বন্ধ সঁজাৰ পৰা।
কাষত ৰৈ থকা মানুহবোৰৰ উপলুঙাৰ চাৱনিয়েও যেন মোক আজি তলাব পৰা নাই। আঁঠুৰ বিষত কোঙা মানুহজনী, প্ৰায় ছমাহমান ধৰি এটা এটা খোজ কেঁকাই কেঁকাই পেলোৱা মোৰ যেন আজি বিষৰ প্ৰতি ভ্ৰূক্ষেপেই নাছিল।
মোক পুত্ৰই মাতিছে।
জী জনী ৰৈ আছে নতুন জীৱন এটা মাকৰ সৈতে আদৰিবলৈ। নগ'লে হয়নে!
: মোৰ কাপোৰ কেইসাজ বেগ এটাতে ভৰাই দি আহিবাচোন নিজৰা। মই পৰাচিতো নহও আৰু সেইখন ঘৰলৈ ঘূৰিও নাযাও। পাৰিবা নে?
কাষতে ৰৈ থকা ঘৰৰ ওচৰৰ মানুহগৰাকীক কথাষাৰ কৈ মই আগবাঢ়িলো ৰঙা গোলাপ ফুলেৰে সজ্জিত বগা গাড়ীখনলৈ বুলি। গাড়ীখনৰ ওচৰ চাপিয়েই থমকি ৰৈ গ'লো মই। পিছফালৰ গ্লাছত ৰঙা আখৰেৰে লিখা আছে তিনিটা নাম,
"ৰূপম মায়া চন্দ্ৰমল্লিকা"
মোৰ নাম!..............
সিহঁত দুয়োৰে নামৰ লগত ৰূপমৰ গাড়ীৰ পিছফালে মোৰো নাম!
মোক মাজতে বহুৱাই দুয়োফালৰ পৰা দুয়োটা গাড়ীত বহিল।
দৰাঘৰীয়া কাৰোবাৰ এজোলোকা উৰুলিৰ মাজেৰে গতি কৰিছে গাড়ীখনে। দুয়োফালৰ পৰা পুত্ৰ কন্যাই মূৰ থৈছে দুয়োবাহুত। দুয়োহাতেৰে দুয়োটাৰ গাল দুখনত আদৰ কৰি এইবাৰ হুকহুকাই কান্দি উঠিলোঁ মই।
পুৱাৰ সূৰুযে ভুমুকি মাৰিছে। পিছলৈ ঘূৰি চালোঁ। ৰঙা আখৰেৰে জিলিকি থকা আমাৰ তিনিওৰে নাম তিনিটা পুৱাৰ ৰ'দচাটিত উজ্জ্বলি উঠিছে।
এয়া যাত্ৰা এটি নতুন জীৱনলৈ...
এয়া যে যাত্ৰা সোঁতৰ বিপৰীতলৈ…
এয়া জীৱনৰ এক যাত্ৰা...
মায়া মাথোঁ মায়া...
--- সমাপ্ত ---
মাছুমা মেহজাবিনৰ ভোটৰ গণনা-
লাইক ➡️ 1757×1=1757
কমেণ্ট ➡️ 89×2=178
শ্বেয়াৰ ➡️1662×3=4986
চেভ ➡️ 506×1=506
--------------------------------------
সৰ্বমুঠ ভোট ➡️ 7427+ ✔️✔️
হিমাদ্রী ৰায়ৰ ভোটৰ গণনা-
লাইক ➡️ 1253×1=1253
কমেণ্ট ➡️ 325×2=650
শ্বেয়াৰ ➡️1823×3=5469
চেভ ➡️ 35×1=35
--------------------------------------
সৰ্বমুঠ ভোট ➡️ 7407+ ✔️✔️
বিলকিছ পাৰবিন চৰকাৰ ভোটৰ গণনা-
লাইক ➡️ 986×1=986
কমেণ্ট ➡️ 219×2=438
শ্বেয়াৰ ➡️ 309× 3=927
চেভ ➡️ 610×1=610
--------------------------------------
সৰ্বমুঠ ভোট ➡️ 2961+ ✔️✔️
অংকিতা ভঁৰালীৰ ভোটৰ গণনা-
লাইক ➡️ 320×1=320
কমেণ্ট ➡️ 354×2=708
শ্বেয়াৰ ➡️ 637×3=1911
চেভ ➡️ 18×1=18
--------------------------------------
সৰ্বমুঠ ভোট ➡️ 2957+ ✔️✔️
No comments:
Post a Comment