চোতালত, ঘৰৰ ভিতৰত মানুহৰ হুলস্থূল। বিয়া ঘৰ বুলিলে মানুহে নধৰা হৈ পৰিছে আমাৰ ঘৰ।
আজি মোৰ জোৰণ। মা, পেহীহঁতে কেতিয়াবাই উঠি কাম কৰি আছে। ৰহাৰ অম্লান কাকতিৰ লগত দুমাহ আগত মোৰ বিয়া ঠিক হৈছিল। তেওঁ ভালেই মোক খুবে মৰম কৰে, তেওঁৰ মৰমবোৰ দেখিলে কোনেও ক'ব নোৱাৰে আমাৰ এৰেঞ্জ মেৰেজ। তথাপি মোৰ হে মনটো এতিয়াও দ্বীপন দাসৰ ভালপোৱাৰ পৰিসীমাত সীমাবদ্ধ হৈ আছে।
"তুমি মোৰ নহ'লেও
মই তোমাক বুকুৰ মাজত
আজীৱন কঢ়িয়াই যাম,
সুখী হোৱা নতুনৰ লগত"
- মোৰ মাতু।
দ্বীপনৰ মেচেজ।
আজি কিছু সময় পিছতে অম্লান নামৰ সেন্দূৰেৰে মোৰ উকা কপাল জিলিকি উঠিব। আৰু সেয়েহে দ্বীপনে এই মেচেজটো দি মোক তেওঁৰ পৰা মুক্ত কৰি দিছে, কিন্তু অন্তৰেৰে মই জানো মুক্ত। আজিও মোৰ প্ৰতি উশাহ, মোৰ সমস্ত ভালপোৱা চোন তেওঁৰ নামতে।
দ্বীপনৰ এই মেচেজটো পঢ়ি তেওঁক লগপোৱা সেই প্ৰথম দিনটোলৈ ঘূৰি গ'লো মই।
সময় নিশা ১০ বাজিছে শুবলৈ গৈছোঁ। মন বেয়া লাগি থাকিলে প্ৰিয় গীতটি হেডফোনত লগাই লৈ চকুমুদি গীতটি শুনাটো মোৰ এটি অভ্যাস। গীতটি শুনিলে মনটোলৈ প্ৰশান্তি আহে। এই অভ্যাস চাগে প্ৰায়ভাগ মানুহৰে আছে।
একো কাৰণ নোহোৱাকৈ মনটো বেয়া লাগি আছিল সেইদিনা। কাৰণ নোহোৱাকৈ কেতিয়াবা ইমান মন বেয়া হয় আমাৰ, কিন্তু কিয় মন বেয়া নিজেও নাজানো আৰু আনকো ক'বলগীয়া নাথাকে। সেইবাবে প্ৰিয় গীতটিয়ে শুনি নিজক সান্তনা দিওঁ, অলপ পিছত ঠিক ও হৈ যাওঁ।
"মম গলি গলি যোৱা চাই আছোঁ
নুপুৱাব খোজা ৰাতিক সাৱটিছোঁ
উপহাৰ সময়ৰে বুটলিছোঁ
মম গলি গলি যোৱা চাই আছোঁ
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ "
গীতটি লগাই লৈছোঁ। বহুত বেছি ভাললগা গীত এইটো। হঠাতে গীতটি শেষ হোৱাৰ পিছত কবিতাৰ অডিঅ' এটি বাজি উঠি হেডফোনত। কবিতাটিৰ নাম প্ৰেমৰ ঢৌ। পাঠ কৰিছে অসমৰ জনপ্ৰিয় আবৃত্তিকাৰ ধীৰাজ বৰুৱাই। আৰু কবিতাটিৰ কথা দ্বীপন দাসৰ।
কবিতাটি শুনি মই শিহৰিত হৈ উঠিলোঁ, বিষাদৰ চিঞাহীৰে নিগৰা এটি আৱেগিক কবিতা।
কবিতাটি শুনি কিমান ভাল লাগিল বুজাব নোৱাৰোঁ। লগে লগে ফেচবুকলৈ গৈ দিপন দাসৰ নামটি চাৰ্জ কৰিলোঁ।
বহুসময় বিচাৰি বিচাৰি দিপন দাসক পালোঁ। প্ৰফাইলটো চাবলৈ ল'লো যে মই অলপ আগতে শুনা কবিতাটি দুদিন আগত পোষ্ট কৰাই আছে। 52k+ views, share 1.5k, like 4.1k আছে।
মানে কবিতাটিয়েই সকলোৰে মন চুইছে। এফালৰ পৰা প্ৰফাইলটো চাই গৈ গৈ যিমান তেখেতৰ কবিতা আছে আটাইবোৰ শুনি গ'লো। এফালৰ পৰা প্ৰতিটো পোষ্টত মন্তব্য দি গৈছোঁ। অলপ অলপ টোপনিৰ ভাৱ অহাত সময়টো যে চাওঁ, সময় ১ বাজি ১৬ মিনিট গৈছে। সময়বোৰ কেনেকৈ গ'ল গমে নাপালোঁ। মোবাইলটো টেবুলত থৈ শুই গ'লো মই।
ৰাতিপুৱা উঠি মোবাইলটো চালো যে দ্বীপন দাসৰ নটিফিকেশ্যন। তেওঁৰ নটিফিকেশ্যন দেখা পাইয়ে সৰু ছোৱালীজনীৰ দৰে জাপ মাৰি উঠিছো মই।
মেচেজ এটাও পঠাইছে তেওঁ।
"ধন্যবাদ আপোনাক। মোৰ গোটেইবোৰ কবিতা এদিনত শুনি শেষ কৰি পেলালে। পুনৰবাৰ ধন্যবাদ"
মেচেজটো পঢ়ি কিমান যে ভাল লাগিল নহয়। ইমান ডাঙৰ মানুহজনে মোক মেচেজ কৰিছে। ময়ো তৎক্ষণাত ৰিপ্লাই কৰিলোঁ।
"ধন্যবাদৰ প্ৰয়োজন নাই, সঁচাকৈ আপোনাৰ কবিতাবোৰে মন চুই যায়। কবিতাবোৰত বিষাদৰ লগত কাব্যিকতাৰ এক প্ৰশংসনীয় সংযোগ ঘটিছে"
"আপুনি যিবোৰ কবিতা বুলি কৈছে সেইবোৰতো জাৱৰ হয়, জাৱৰ"
জাৱৰ?? এইটো আৰু কি বস্তু। ইমান ধুনীয়া কবিতা লিখে নিজে আকৌ কৈছে জাৱৰ বুলি (মনতে ভাবিলোঁ)।
"কিয়নো হ'ব জাৱৰ। বৰ ভাল লগা কবিতা"
"হা হা… হয় নেকি?"
"হয়তো আকৌ"
"কোৱা তোমাৰ ঘৰ ক'ত? কি পঢ়ি আছা?"
তেওঁৰ লগত অলপ সময় মেচেজ কৰিলোঁ। তেওঁ আৰু মই ইটো সিটো কথা পাতিলোঁ কিন্তু প্ৰতিটো মেচেজৰ ৰিপ্লাই ভাবি চিন্তি দিবলগা হৈছে। ইমান ডাঙৰ মানুহ যদি কিবা কথাত বেয়া পাই যায়।
সেইদিনাই প্ৰথম দ্বীপন দাসৰ লগত কথাপতা। তেতিয়াৰ পৰা তেওঁৰ প্ৰতিটো পোষ্ট পঢ়ো, মন্তব্য কৰি যাওঁ। মোৰ পোষ্টত ও তেওঁ কেতিয়াবা ল'ভ ৰিয়েক্ট কৰে।
আৰু যিদিনা তেওঁৰ নামৰ নটিফিকেশ্যন পাওঁ, ফূৰ্তিত থাকিব নোৱাৰা হৈ পৰো।
তেনেকৈ দুমাহমান ফেচবুকত কথাপতাৰ পিছত pdf এটাৰ বাবে তেওঁ মোক তেওঁৰ নম্বৰটো দিলে। পিছলৈ আমি ৱাটচপ্ত কথা পতা হ'লো। আপুনিৰ পৰা তেওঁ মোক তুমি বুলিবলৈ ল'লে।
সকলো খবৰে ৰখা হ'লো আমি ইজনে সিজনৰ। তেওঁ নতুন কাম যিয়ে হাতত নলয় প্ৰথম মোক সুধি লয়, কামটো কেনেকুৱা হ'ব।আৰু ময়ো প্ৰতিটো কথাই সুধি লওঁ। তেওঁ দিনটো কি কৰিলে এফালৰ পৰা কৈ যায় মোক।
আমাৰ সকলোৰে দিনটোৰ খতিয়ন বিচৰা এজন থাকিলে দিনটো যিমানখিনি কষ্ট হ'লেও কষ্ট নোহোৱা হয়, যেতিয়া প্ৰিয়জনৰ লগত কথাপতা হয়।
তেওঁ দ্বীপন দাসৰ পৰা মোৰ প্ৰিয়জন হৈ পৰিল। লাহে লাহে আমাৰ মাজত খং অভিমানবোৰ বেছি হৈ আহিবলৈ ধৰিলে। তেওঁৰ লগত কথা হৈ থাকিলে পৃথিৱীৰ সমস্ত সুখখিনি মোৰ বুকুত থুপ খোৱা যেন পাওঁ। এই ভাললগাৰ কোনো নাম নাই, কেৱল এয়া ভাললগা ভাল লাগিবলৈ জানে।
এদিনাখন আনদিনাৰ দৰে সেইদিনাও সন্ধিয়া তেওঁক মই ফোন কৰিলোঁ।
: হেল্ল।
: কোৱা মাতু। (তেওঁৰ মাতটো মোৰ একেবাৰে ভাললগা নাছিল)।
মোৰ নাম মানসী চহৰীয়া। কিন্তু তেওঁ মোক মাতু বুলি মাতিছিল। তেওঁ কৈছিল তোমাক মই এটি নাম দিব বিচাৰোঁ যিটো নামেৰে তোমাক মই মাতিলে মোৰ মাৰ নাম ও থাকি যায়। মই কৈছিলো তেনেকুৱা নো কি নাম দিব আপুনি! মোক তুমি বুলি মাতিলে মই ভালপাওঁ।
মোৰ কথাত তেওঁ অলপো গুৰুত্ব নিদি হঠাৎ কৈ উঠিছিল-
: তোমাক মই আজিৰ পৰা মাতু বুলি মাতিম।
তেওঁ যিহেতু বিচাৰিছে তেনেকৈ মতাটো সেইবাবে ময়ো কোনো আপত্তি কৰা নাছিলো তেওঁৰ ওচৰত। সেইদিনাৰ পৰাই তেওঁৰ বাবে মই তেওঁৰ মাতুজনী হৈ পৰিছিলো।
: আপুনি ক'ত আছে কি কৰিছে? মাতটো ইমান বেয়া কিয় হৈছে?
: চিগাৰেট খাইছিলো, সেইবোৰে আজিকালি হজম হ'ব নিবিচাৰে.. কাঁহ উঠি গ'ল।
: চিগাৰেটত কি পায়, ইমানকৈ যে খায়…
: যিটো বাকী একোতে নাপাওঁ, সেইটো ।
: ইমানকৈ কি বিচাৰে, যিটো আপুনি ক'তো বিচাৰি নাপায়...?
: শান্তি..
: শান্তি কি চিগাৰেটত আছে নেকি?
: মই নাজানো..
: তেন্তে কিয় খায়..?
: স্মৃতিবোৰক চিগাৰেটৰ ধোঁৱাত উৰাবলৈ..
: উৰি যায়নে..?
: আজিলৈ যোৱা নাই.., সেইবাবে খাই আছোঁ। যিদিনা যাব তেতিয়াৰ পৰা নাখাওঁ।
: যাব বুলি ভাবে নে??
: ভাবোঁ.. নগ'লে নাই। কবিতাৰ নামত জাৱৰবোৰ লিখি পাগলামি কৰি হ'লেও আঁতৰাব চেষ্টা কৰোঁ।
: আপুনি আজিও আপোনাৰ কবিতাক জাৱৰ বুলিয়েই ক'ব বিচাৰে মানে!
: নিশ্চয়।
সেই দিনটোতে তেওঁ মোৰ ওচৰত তেওঁৰ অতীতৰ কথা সকলো কৈছিল। হাইস্কুলত থাকোঁতে শৰ্মা উপাধিৰ তেওঁ প্ৰেমিকাজনীৰ প্ৰতিটো কথা মোক কৈ গৈছিল। কথাখিনি কৈ থাকোঁতে তেওঁ মাজতে উচুপি উঠিছিল। ল'ৰা মানুহে কান্দিলে বহুতে বেয়া লাগে তেওঁক মই বহুত বুজাইছিলো সেইদিনা। তেনেকৈ কেতিয়ানো আমাৰ দুয়োৰে মাজত ভালপোৱা হৈ গৈছিল আজিও নাজানিলোঁ।
তেওঁ মোক বাৰে বাৰে কৈছিল-
"মই বিফল মানুহ, কবিতাৰে অসমবাসীৰ সন্মুখত মই সফলতা পালেও, কিন্তু নিজৰ সন্মুখত মই সদায় বিফল। তাই শৰ্মা হোৱা বাবে আৰু মই দাসৰ ল'ৰাৰ বাবে ঘৰৰ কথা মানি মোৰ পৰা তাই আঁতৰি গৈছিল। আৰু এদিন তুমিও মোৰ পৰা আঁতৰি যাবা। সেইবাবে মোৰ কোনো প্ৰেয়সী নাই, মোৰ বাবে মোৰ জাৱৰবোৰে মোৰ প্ৰেয়সী। যিবোৰক মানুহে কবিতা বুলি ভুল কৰে আনকি তুমিও।
তোমাক মোৰ ভাল লাগে, তোমাক মই সদায় বুকুত ৰাখিছোঁ। তুমি জীয়াবলৈ শিকাইছা মোৰ মাতু। তুমি মোৰ লগত থাকা বা নাথাকা মোৰ বুকুত সদায় মোৰ মাতুজনী হৈ থাকিবা।"
সেইদিনা তেওঁৰ কথাখিনিয়েই মোক কন্দুৱাইছিল আৰু আজিও তেওঁৰ মেচেজটোৱে মোক কন্দুৱাই দিলে। বিষাদবোৰ সামৰি চকুপানীবোৰ সাঁচি ৰাখি তেওঁ কোৱাৰ দৰে ঘৰৰ কথা মানি ময়ো অম্লান পত্নী হ'বলৈ আজি সাজু হৈছো কিন্তু তেওঁৰ প্ৰতি থকা ভালপোৱাবোৰ জানো কোনোবা দিনা নোহোৱা হ'ব।
চকুপানীখিনি মচি বিচনাৰ পৰা নামি আহিলোঁ এটি নতুন জীৱনৰ আৰম্ভণি কৰাৰ উদ্দেশ্যে। কিন্তু মোবাইলটোত আৰু মেচেজ অহাৰ সংকেত আহিল।
তেওঁৰ মেচেজ-
মেচেজ মানে এটি কবিতা। কবিতাটিৰ তলত তেওঁ লিখি দিছে। মোৰ নতুন জীৱনত সুখী হোৱাৰ বাবে তেওঁৰ এই কবিতাটো মোৰ বাবে শেষ উপহাৰ।
"অনামী হৃদয়ৰ তুমি নমানি জিঞা
সপোনৰ পৰিধিৰ তুমি বহ্নিমান ৰেখা!
অধৰত হাঁহিটি সাৱটি
জীৱন বাটত তুমি আগুৱাই যোৱা।
তোমাৰ স্বকীয়তাত মোৰ হওক
সলীল সমাধি
বিশেষ হৈ ৰোৱা তুমি
মোৰ জীৱন ডায়েৰীত
মোৰ অনামিকাৰ কাহিনী।"
- তোমাৰ প্ৰিয়জন।
প্ৰিয়জন শব্দটোৱে মোক ডাঙৰকৈ কান্দিবলৈ বাধ্য কৰালে। কিমান সময় কান্দি থাকিলো মই নাজানো…
এনেকৈয়ে ৰৈ গ'ল আমাৰ ভালপোৱা বোৰ।
~~~সমাপ্ত~~~
No comments:
Post a Comment