ডায়েৰীৰ শেষ পৃষ্ঠাৰ ফটোখন | চুটি গল্প | Assamese Sad Story For Love | Sad Assamese Story | Emotional Assamese Story By Inu Hazarika - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ডায়েৰীৰ শেষ পৃষ্ঠাৰ ফটোখন | চুটি গল্প | Assamese Sad Story For Love | Sad Assamese Story | Emotional Assamese Story By Inu Hazarika

ডায়েৰীৰ শেষ পৃষ্ঠাৰ ফটোখন

      ককৰ্শ মাতেৰে পুৱাৰ সংকেত দিয়া ঘড়ীটো বাজি উঠিছিল। কাণদুখন কোমল গাৰুটোৰে অলপ সময় হেচি ধৰিলে তাৰিণীয়ে

     এয়া তেওঁৰ প্ৰতি দিনেই কৰা এক বৃথা প্ৰয়াস সময়ক পাহৰি থকাৰ। অলপ সময় টোপনিৰ বিলাসত জোবোৰা মৰাৰ হাবিয়াহ। তাতে কালি ৰাতি বহু পৰলৈকে টোপনি নাহিল। তথাপি তেওঁ খপজপকৈ উঠে । দিনটোৰ দীঘলীয়া কাৰ্য্যবিৱৰণীয়ে আৰু শুবলৈ নিদিয়ে ।

     লাহেকৈ গাৰুটো আতঁৰাই বিচনাতে বহি হাতেৰে খেপিয়াই ঘড়ীটো বন্ধ কৰে। এনেও আঁঠুৱাখন তৰা আৰু খোলাৰ কামটো অলপো ভাল নালাগে , তাতোকৈও অশান্তি পাই আঁঠুৱাখন সমানকৈ জাপি থোৱা কামটো। অলপদিনৰ পৰা সেই কামটোৰ পৰা যেনিবা ৰেহাই পাইছে, ইউ টিউবত চাই সুন্দৰকৈ পুৰণি স্পৰ্টিং এটাৰে আঁঠুৱা বেগ এটা চিলাই লৈছে।

     তাৰিণীয়ে লাহে লাহে আঁঠুৱাখন খুলি অলপমান ঠিক কৰি কাষৰ টেবুলত থোৱা আঁঠুৱা বেগটো আনি তাতে সুন্দৰকৈ আঁঠুৱাটো টোপোলাৰ দৰে ভৰাই থলে। বিচনাখন পাৰি গাৰু কেইটা একাষত থৈ, অকোঁৱা পকোঁৱা দীঘল চুলিখিনি ৰবৰ এডালেৰে অলপ ওখকৈ বান্ধি লৈ তাৰিণী দুৱাৰখন খুলি ওলাই আহিল।

     মনটো অলপো ভাল লগা নাই আজি , গাধোৱা কোঠাটোৰ ওচৰ পোৱাৰ আগতেই পোৱা প্ৰাপ্তিৰ 
কোঠাটোৰ দুৱাৰত অভ্যাসগত টোকৰ দিবলৈ লৈ ৰৈ গৈছিল তাৰিণী। 

     মেলিদিয়া হাতখন কোচাই আনিছিল তেওঁ, চাৎকৈ মনত পৰিছিল মাজনিশা অমিমাংসিত হৈ থকা কাজিয়াখনৰ কথা। নাই আজি তাইক মাত লগাই ৰাতিপুৱাৰ জাননি নিদিয়ে তাৰিণীয়ে, থাকক ডাঙৰ হৈছে বুলি কালি ৰাতি তাই কমখন লম্ফজম্ফ কৰিছিলনে ?

     ঘড়ীৰ এলাৰ্মৰ মাত সহিব নোৱাৰা প্ৰাপ্তিৰ বাবে অতদিনে তাৰিণীয়েই টো এটা ঘড়ী হৈ আছিল। অতদিনে মানে হোষ্টেললৈ যোৱাৰ আগলৈকে।

Anurag Tumar Babe
Assamese Sad Story For Love
Assamese Romantic Story
Assamese Love Story
 
    এতিয়াও ঘৰলৈ আহিলে পুৱা তেওঁয়েই টোকৰ দি উঠাব লগীয়া হয়। কালিৰ কথাটোত  ইমান তফাৎ আহিলে যে আজি টোকৰ নিদিয়াকৈয়ে তাৰিণী গাধোৱা ঘৰত সোমাল। হাতত দাঁতঘহা ব্ৰাচদাল লৈ অলপ পেষ্ট লগাই  আন দিনাতকৈ জোৰে জোৰে দাঁত ঘহিবলৈ ধৰিলে। প্ৰয়োজনতকৈ বেছিকৈ সময় লৈ  গা ধুলে, কাপোৰখিনি মেচিনতে দি  গাউনটো পিন্ধি লৈ ওলাই আহিল তাৰিণী।

      যিমান পাৰি নিজকে সংযত কৰিবলৈ লৈও পৰা নাই তাৰিণীয়ে, আনদিনাৰ দৰে সেউজ চাহকাপ নাখালে, আজি পাতলকৈ ৰঙাচাহ একাপহে বাকি ললে। এটা হাতত কাপ প্লেট যোৰ লৈ আনটো হাতত ফোনটো ধৰি বাৰান্দা পালেগৈ এঢোক এঢোককৈ চাহ মুখত দি মেৰী বিস্কুত দুখন খাই ললে, তাৰ পিছত ধীৰে স্থিৰে ফুলৰ টাব কেইটাত পানী দি আজৰি হৈ ললে।
    
     এতিয়া আৰু তাৰিণীৰ ৰৈ থকাৰ সময় নাছিল, আগদিনাই তালিকা কৰি থোৱা অৰ্দাৰ বোৰত চকু ফুৰালে। আজি আঠটা টিফিন আছে পুৱাৰ আহাৰৰ, চাৰিজন কৰ্মচাৰী আজি দুপৰীয়াহে পাবহি বোলে। তেওঁলোকৰ বাবে দুপৰীয়াৰ সাজটো দিলেই হ'ব...  ফোনটোত এবাৰ এনেয়ে দাতা অন কৰি চালে, কিজানি প্ৰাপ্তিয়ে ক্ষমা খুজি বাৰ্তা দিছেই !
  
     নিৰাশ হৈ ফোনটো সামৰি থৈ পাগঘৰত সোমাল, এপ্ৰনটো পিন্ধি লৈ  অভেনত পাওৰুটিবোৰ কাটি কাটি সেকিবলৈ ধৰিলে। আগদিনাই হিচাপমতে কাটি থোৱা পাচলিৰ কটাখিনি ফ্ৰীজৰ পৰা উলিয়াই থ'লে, পচন্দ অনুসৰি, চিজ, মায়'নিজ, বাটাৰ মিলাই মিলাই  পুৱাৰ আহাৰখিনি ঠিক কৰিলে।

      চাৰিজনে আকৌ চাহৰো আব্দাৰকৰে, তুলসি আৰু কমকৈ চাহপাত দি ফিকা চাহ কেইকাপ গৰম হৈ থকা ফ্লাক্সটোত ভৰাই লয়।

     সকলোখিনি সামৰি লৈ ওপৰত ঠিকনা কেইটা পেষ্ট কৰি টোপোলাবোৰ বাৰান্দালৈ উলিয়াই থলে, এতিয়া বাৰু ঠিকনাবোৰ নিলিখিলেও হৈ যায়। তৰুণৰ মনত ৰৈ গৈছে  অলপ আতঁৰতে থকা পুৰুষ আৱাস কেইটাত থকা তাৰিণীৰ নিয়মীয়া গ্ৰাহক কেইজনক। দুপৰীয়া আকৌ সেই একেইকেইজন লোককে সি অফিচে অফিচে আহাৰ দিয়েগৈ তাৰ মাজতে আজৰি সময়কনত সি টমটমখনত ভাড়াও মাৰে।

     তাৰিণীয়ে ঘড়ীটোলৈ চালে সাত বাজিবৰ হৈছে, চাৰে সাতবজাৰ আগে আগে সি টিফিনবোৰ যোগাৰ দিয়েগৈ। গেটৰ সন্মুখত বাজনাটো বজাই দি তৰুণে হাঁহি এটা মাৰি ভিতৰলৈ সোমাই আহিল, সদায় জনোৱাৰ দৰেই তাৰিণীক নমস্কাৰ জনাই সি টিফিন কেইটা হাতত ল'বলৈ ধৰিলে।

     -তৰুণ তোমাৰ মাহেকৰ টকা কেইটাও লৈ যোৱা , অলপ ৰ'বা...

     সি ৰৈছিল, তাৰিণীয়ে ভিতৰলৈ সোমাই টেবুলত খামত ভৰাই থোৱা টকাকেইটা হাতত লৈ তাক দিলেহি। সি সেয়া সন্মানসহ হাতপাতি লৈ মূৰত লগালে, ধন্যবাদ জনাই ওলাই গৈছিল গোৰ্খা সম্প্ৰদায়ৰ অমায়িক ল'ৰাটো। কৰ্মকৰি খোৱা ল'ৰা ছোৱালীবোৰলৈ তেওঁৰ এনেও মোহটো বেছি।

     তাৰিণীয়ে ভিতৰলৈ অহাৰ পৰতো দেখিলে প্ৰাপ্তিৰ কোঠাৰ দুৱাৰ খোলাৰ লক্ষণেই নাই, এহ কালি ৰাতিৰ বৰ ডাঙৰ ছোৱালীজনীৰ চোন সময়ৰ জ্ঞান কনেই অহা নাই। থাককচোন আজি তেনেকৈয়ে, নিজৰ ভুলবোৰ কিজানি দেখিবলৈ পায়েই...। দুপৰীয়া সাজ তৈয়াৰ কৰিবৰ বাবে হাতত এতিয়াও তিনিঘন্টা সময় আছে, প্ৰাপ্তিৰ বাবে পুৱাৰ আহাৰ আজি নাৰান্ধে । দেখা যাওকচোন ক'ৰ পানী কলৈ যায়, বিশৰ ঘৰত ভৰি দিবহে এইবাৰ প্ৰাপ্তিয়ে বয়সৰ লেখে, কিন্তু কথাবোৰ যেন বয়স্ক মানুহেহে কৈছে এনে লগা হৈছে।

      অলপ সময় নিৰলে থাকিবলৈ মন গ'লেই তাৰিণী পিছফালে থকা নিজৰ মনৰ হেঁপাহত সাজি লোৱা খেৰৰ ঘৰটোলৈ যায়গৈ, সেইটো তেওঁৰ বাবে এক বিলাসৰ ঘৰ বুলিবই পাৰি। জুপুৰিৰ আৰ্হিত সজাই লৈছে, তাতে সৰু বিচনাখনৰ লগতে আছে দুখন চকী, মন গ'লে ওৰে ৰাতি পাৰ কৰে তাত। ওৱাইন বা বিয়েৰ আদি কেতিয়াবা লবলৈ মন গ'লে  তাতে আয়োজন কৰে। সংগ দিবলৈ মাজে মাজে ময়ূখ আহিছিল আজিকালি সি মুঠেও নহা হ'ল ব্যস্ততাৰ দোহাই দি অহা নাই বুলিয়েই, তেওঁ নিজেও নিবিচৰা হ'ল তাৰ সংগ

Assamese Status
Assamese Love Status
Assamese Romantic Status
 
    আচলতে এই ঘৰখন ময়ুখ আৰু দিব্যাশ্ৰীৰ আছিল, দিব্যাশ্ৰীৰ মৃত্যুৰ পিছতে ময়ুখে এই ঘৰ ভাড়ালৈ দিবলৈ বিজ্ঞাপন দিছিল। সেই সময়তে তাৰিণীক ঘৰ এটাৰ বৰ প্ৰয়োজন হৈছিল, বিশেষ টকা পইছাৰ হিচাপ নিকাচ নকৰাকৈয়ে ময়ূখে তাৰিণীৰ হাতত চাবি কাঠি দি গুচি গৈছিল।

     গৈছিল মানে তাৰ খবৰেই নোহোৱা হৈছিল, ঘৰটোত থকা এটা কোঠাৰ দুৱাৰ বন্ধ থাকিছিল, এদিন  তালৈ সোমাই পাইছিল এখন আধালিখা ডায়েৰী। ডায়েৰীৰ এটা পৃষ্ঠাই জানিবলৈ দিছিল, ময়ুখ আৰু দিব্যাশ্ৰীৰ কাহিনী, দিব্যাশ্ৰীৰ বাবেই ময়ূখৰ দেহলৈও বিয়পিছিল কেতিয়াও ভাল নোহোৱা অসুখটো। ময়ুখৰ নাম্বাৰটোও পাইছিল এটা পৃষ্ঠাত, তাকে লৈ কথাৰ পাতনি মেলা ময়ুখ লাহে লাহে তাৰিণীৰ বন্ধু হৈ পৰিছিল।

     তাৰিণীৰ আব্দাৰতে সি আছুটিয়াকৈ থাকিবলৈ এৰি পুনৰ চহৰখনলৈ আহিছিল, তথাপি সি নিজৰ ঘৰখনলৈ নাহি আন এটা ভাৰাৰূমত থাকিবলৈ লৈছিল।নিসংগতাৰ মেৰপাচত সোমাই পৰা ল'ৰাটোক নতুনকৈ জীয়ন দিছিল। প্ৰাপ্তি দূৰলৈ পঢ়িবলৈ যোৱাৰ পৰাই সি প্ৰায়ে আহি তেওঁৰ লগত কথা বতৰা পাতি সংগ দিছিলহি। সি এইডছ ৰোগ ৰ প্ৰতি সচেতনতা আনিবলৈ এটা সংস্থাও খুলিছিল, যাৰ সদস্য হৈছিল তাৰিণী নিজেও।

     তাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ তেওঁ তাক খোৱাৰ যোগাৰ দিছিল। তালৈ টিফিন দিবলৈ লোৱাৰ পৰাই আৰম্ভ হৈছিল তাৰিণীৰ টিফিন দিয়া ব্যৱসায়ৰ যাত্ৰা।

     ভাল বন্ধু বুলিবলৈ সিয়েই আছিলগৈ, সিও আতঁৰি গৈছিল। তাক মনোবল ঘূৰাই আনি মানুহৰ সংগত থাকিবলৈ প্ৰেৰণা দিছিল। যিটো ৰোগ কেৱল চুলে, কথা বতৰা পাতিলে বিয়পি নপৰে, তেনে ৰোগক লৈ অকলশৰীয়াকৈ থকাৰ কাৰণ তাৰিণীয়ে বুজি নাপায়।

      সি মুঠেও নিজে এই ৰোগ চপাই লোৱা নাছিল, হয়তো দিব্যাৰ দেহৰ পৰা  হে তালৈ বাগৰিছিল। লাহে লাহে দুৰ্বল হ'বলৈ ধৰা তাক বৰ সহজে বেমাৰে পাইছিল বাবে নিজকে যত্নত ৰাখিবলৈ তাৰিণীয়ে  তাক সহায় কৰিছিল। কিন্তু এই অলপদিনৰ পৰা সি আকৌ নিজকে আবদ্ধ কৰি ৰাখিবলৈ লৈছে, আনকি তাৰিণীৰ ফোনৰ নাম্বাৰটোও ব্লক কৰি থৈছে। এতিয়াহে বুজিছে তাৰিণীয়ে ফোন ব্লক কৰাৰ কাৰণটো।

    তৰুণেও টিফিনটো দি আহি আগতে কোৱাৰ দৰে আজিকালি তাৰ খবৰ নকয় হি। তাৰিণীয়েও  তাক আমনি নিদিয়াকৈ  কিতাপবোৰকেই ভাল বন্ধু কৰি লৈছে, কত দিন ৰাতি  পাৰ কৰিছে কিতাপৰ পৃষ্ঠাৰ মাজত। কিমান নায়িকাৰ মাজত নিজকে বিচাৰি পাই কান্দোনত ভাঙি পৰি আকৌ নিজকে বান্ধিছে মনোবলেৰে।

     বৰ অসহায় যেন লাগিছে নিজকে  আজি, অলপ বিয়েৰ ললে ভাল লাগিব যেন অনুভৱ কৰিয়েই ফ্ৰীজাৰৰ পৰা এটা বটল ল'লে। হাতত প্ৰিয় কিতাপ এখন লৈ  অলসভাবে ঘৰটোলৈ আগবাঢ়িল, পৰ্দাবোৰ কোচাই তাৰিণী চকীখনত বহি ৰ'ল।

      বটলৰ কাকটো খুলি আধাখিনি পি থলে ঘোট ঘোটকৈ, এইবোৰে তেওঁৰ দেহমনত ৰিম ৰিমনিও তুলিব নোৱাৰে ,তথাপি মনটোক অলপ সময়ৰ বাবে ব্যস্ত জীৱনশৈলীৰ পৰা আতঁৰাই নিবলৈকে আশ্ৰয় লৈছে... ৰঙীন পানীয়ৰ।

Assamese Gilrs Status
Assamese Girls Life Status
Assamese Village Girls Short Story

    ক'ৰ পৰা আৰম্ভ হৈছিল বাৰু বাক বিতণ্ডাবোৰ.... নিজৰ জীয়েকৰ লগতে অহ, ঠিকেইটো ,মনত পৰিছে। তাই দিল্লীৰ হোষ্টেলৰ পৰা অহাৰ দুদিনৰ পিছতেই লাগিছিল কেৰুণটো। আচলতে কথাবোৰ তাইক জনাব লগীয়া কৈ তাই কেতিয়ানো ইমান ডাঙৰ হ'ল উমানেই নাপালে। কিবা এক ব্যৱধানৰ বাবেই নেকি জীয়েকক সকলো কথা খুলি ক'বলৈ তাৰিণীয়ে ভাবিব লগীয়া হৈছে।

     পিছে তাইৰ কথাবোৰে যেন উপলুঙা কৰিলে তাৰিণীৰ সংস্কাৰক, তেওঁ আগতেই ক'ব লাগিছিল চাগৈ প্ৰাপ্তিক। কি বুলি কৈছিল কালি তাই-
 
-মা, তুমি  টিফিন যোগাৰ দিয়াৰ কামটো এৰি আন বেলেগ কাম ল'ব নোৱাৰা নে ? মানে পাৰ্লাৰ এখনকে খোলা নহ'লে আ অলংকাৰ, প্ৰসাধনৰ সামগ্ৰীৰ দোকান এখনকে খোলা...

-কিয় তি, সেইবোৰ কৰিবলৈ মুলধন লাগিব নহয়, আমাৰটো ইমান টকা নাই যে একেলগে চাৰি পাঁচ লাখ টকা খটুৱাম। সাধাৰণ পাৰ্লাৰ অথবা দোকানলৈ কোনো মানুহেই ঘূৰি নাচায়। এইবোৰ মই তুমি সৰু থাকোঁতেই কৰি চাইছিলোঁ...

-তথাপি সেইবোৰ কামত অলপ হ'লেও ষ্টেটাচ আছে, এনেদৰে ডাব্বাৱালীয়েই হৈ থাকিলে মোৰ লাজ নালাগিবনে..?

-তোমাৰ আকৌ মোৰ কামক লৈ লাজ লাগিব লগীয়া কিয় হৈছে.. ?এই কামৰ টকাৰেই তোমাক পঢ়াইছোঁ তাকো অসমৰ বাহিৰত। খৰচবোৰৰ হিচাপটো মই তোমাক বিচৰা নাই...

-হ'ব মা, সেইবোৰ পিছত হ'ব বাৰু। আগেয়ে কোৱাচোন তুমি ময়ুখ খুৰাৰ লগত মাজে মাজে ফিজিকেল ৰিলেছন কৰা নহয়জানোঁ।  এইবোৰ জানো ভাল কথা, তাতকৈ তোমালোক একেলগে নাথাকা কিয় ! এতিয়া মই বুজন হৈছোঁ, ডাঙৰ হৈছোঁ সেইবোৰ দৈহিক মানসিক প্ৰয়োজনৰ কথা বুজি পাওঁ...

-তি, মনে মনে থাকা, এইবোৰ মনে সজা কথা কিয় কৈ আছা...

-মনে সজা কথা নহয় মা, ময়ুখ খুৰাক মই অলপ দিনৰ আগতে এই বিষয় লৈ ফোন কৰিছিলোঁ.. তেওঁ সেইদিনাই মোৰ নাম্বাৰটো ব্লক কৰিলে...।

     আচৰিত হৈছিল তাৰিণী, আৰু বুজিছিল ময়ুখ একেবাৰে নহাৰ কাৰণটো ।

-তি, তুমি খুৰাক এইবোৰ প্ৰশ্ন কিয় কৰিলা ? তাৰ আগতে এবাৰ মোক সুধাৰ প্ৰয়োজনবোধ নকৰিলা..

-মা, কাম অন, মই আৰু এতিয়া তাহানিৰ সৰু বাচ্ছা নহয়টো যে তুমি বেবেৰি বাং কথাবোৰ ক'বা আৰু মই মানি ল'ম। তোমাতকৈ কিমান বছৰৰ সৰু ময়ুখ খুৰা দহ বছৰ মানৰ নহ'ব নে... তাৰ পিছতো তোমালোক একেলগে থাকিব পাৰিছা। একপ্ৰকাৰ লিভ ইন ৰিলেছনতেটো আছা মাথো মানুহক দেখুৱাই সমাজৰ আগত মুখা পিন্ধিবলৈ দুটা দুখন ঘৰত আছা নহয় নে ..?

-মুঠেও নহয় তি, ময়ূখৰ লগত মোৰ বিশেষ কোনো ধৰণৰ সম্পৰ্ক নাই, থাকিব নোৱাৰে সেয়া তুমি নুবুজিবা...

-কিয় নুবুজিম কোৱা ? তুমি কিহ'ৰ কাৰণে চিংগল মাদাৰ হ'ব লগা হ'ল সেয়া এতিয়া মোক বুজাব নালাগে। মোক আজিলৈকে তুমি মোৰ পাপাৰ বিষয়ে এটা শব্দও জনোৱা নাই কিয়..? আনকি তোমাৰ পৰিয়ালৰ বিষয়েও মোক জনোৱা নাই কিয়.. অসমৰ মানুহ হৈও তুমি কলকাতাৰ স্থায়ী বাসিন্দা কিয় হ'লা..। মই এতিয়া সৰু হৈ থকা নাই।

-সময়ত তোমাক কম তি..

-নহয় মোক আজিয়েই উত্তৰ লাগে। আৰু এটা কথা মোৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত মোৰ মতেই ল'ব বিচাৰোঁ, মা হ'লা বুলিয়েই তুমি সকলোতে হেঙাৰ নহ'বা। ইয়াৰ পৰা গৈ মই হোষ্টেল এৰি ৰূম শ্বেয়াৰ কৰি থাকিমগৈ। তুমি ৱাৰ্ডেনৰ পৰা মোৰ সৰু বৰ প্ৰতিটো কথাৰে খবৰ লোৱাটো মই ভাল নাপাও।

Assamese Novel
Surja Phoolar Dekholoi
Best Assamese New Novel
Sad Assamese Story For Love

  হঠাতে তাই কথাৰ পাক সলাইছিল, ময়ুখৰ কথা, তাইৰ দেউতাকৰ পৰিচয় বাদ দি কাৰোবাৰ লগত ৰূম শ্বেয়াৰ কৰাৰ কথা পাতিলে।

-কাৰ লগত তুমি ৰূম শ্বেয়াৰ কৰিবা...?

-আছে এজন মোৰ প্ৰিয় পুৰুষ ,অসমৰে আছিল পিছে এতিয়া দিল্লীতে ফ্লেট ললে। তেওঁৰ লগতে থাকিম, তেওঁ কোন ,কেনেকুৱা সেইবোৰ তোমাক পিছত কম। অ এটা কথা ক'ব পাৰোঁ যে যিদৰে তোমাৰ প্ৰিয় পুৰুষ জন তোমাতকৈ দহ বছৰে সৰু ,ঠিক তেনেদৰেই মোৰ প্ৰিয় পুৰুষজন মোতকৈ পঁচিশ বছৰমানৰ ডাঙৰ। তেওঁৰ জীৱনৰ প্ৰতিটো কথা মই জানো, মোক কৈছে । তেওঁ মোক বিৰাট মৰম কৰে নাজানো মোক কি হিচাপে ভাবে তেওঁ, কিন্তু মোৰ বাবে তেওঁ সকলো হৈ পৰিছে। এইবাৰ মই তেওঁক গৈয়ে মোৰ মনৰ কথা জনাম গৈ।

     তাইৰ লাগ বান্ধ নোহোৱা কথাবোৰে তাৰিণীৰ কপাল কোঁচ খোৱাই আনিছিল-

-তোমাতকৈ পঁচিশ বছৰৰ ডাঙৰ এজন লোকৰ লগত কি ভাবি তুমি সম্পৰ্কত থাকিব খুজিছা তি.. 

-আচলতে তেওঁ মোৰ বহুত যত্ন লয়, তোমাৰ পৰা যোৱা টকাৰে মোৰ একোৱেই নহয়গৈ, তেওঁ মোক প্ৰয়োজন মতে টকা দি সহায় কৰি আছে। মোৰ মনলৈ সাহস আহে তেওঁৰ লগত থাকিলে, গতিকে এইবাৰ মই ইয়াৰ পৰা গৈয়ে তেওঁক প্ৰপজ দিমগৈ একেলগে থকাৰ। তাৰ পিছত আৰু তুমি মোলৈ টকা নপঠিয়ালেও হ'ব..., এনেয়েও মোৰ আজিকালি তোমাৰ চৰিত্ৰক লৈও সন্দেহ উপজে।

      কোনোদিনেই অপ্ৰয়োজনত এষাৰো টান কথা নোকোৱা ছোৱালীজনীক সেইদিনা তাৰিণীয়ে গাৰ জোৰেৰে এচৰ দিছিল। তাই মাকৰ মুখলৈ থৰ হৈ চাইছিল, তাৰ পিছতে দৌৰ মাৰি নিজৰ কোঠাত সোমাইছিল। তেতিয়াৰ পৰা তাই নিজৰ কোঠাৰ দুৱাৰখন খোলা নাই।

     তাৰিণীয়ে ভাবি পোৱা নাই অবাটে যোৱা ছোৱালীজনীক কি দৰে কথাবোৰ জনাই। ময়ুখৰ কথাবোৰো তাইক জনাব লাগিব, তাইক জনোৱাটো উচিত হ'ব কি দৰে এই মানুহজনে সিহঁতক আৱৰি আছিল।

     তাৰিণীৰ মনত পৰে ঘোকোট গাঁওখনৰ পৰা মহানগৰীলৈ ছৱিত অভিনয় কৰিবলৈ আহিছিল ত
 মনে মনে। বাংলা ভাষাত থকা দক্ষতাৰ বাবেই চিঠিৰ জৰিয়তে চিনাকি এজন লোকৰ ভৰষাতে গুচি আহিল কলকতালৈ হায়াৰ ছেকাণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ পিছতে। 

     নায়িকা হোৱাটো দূৰৈৰ কথা, মহানগৰীত কাম এটাও যোগাৰ কৰিব পৰা নাছিল । যাৰ বিশ্বাসত আহিছিল সেইজনক লগেই নাপালে।

Gaor Buwari
Sad Assamese Line
Sad Assamese Story With Love
 
   অকস্মাতে এদিন বাচ ষ্টেণ্ডত লগ পাইছিল অতনুক, কথা বতৰা পাতিবলৈ তাৰিণী নিজে আগবাঢ়িছিল। কাৰণ তেতিয়া তেওঁক এটা কামৰ প্ৰয়োজন আছিল  সি নিজকে অসমৰ বুলিয়েই কৈছিল। এটা কোম্পানিত মেনেজাৰ হিচাপে কৰ্মৰত অতনুৱে তাৰিণীক বিপদৰ সময়ত থাকিবলৈ ঘৰ নোপোৱাৰ বাবেই নিজৰ তিনিটা কোঠাৰ ঘৰটো ভাগবতৰা কৰাৰ পৰামৰ্শ দিছিল।

     মানি লৈছিল তাৰিণীয়ে, লাহে লাহে  পাৰ্লাৰ এখনত সোমাই দুপইছা ঘটিবলৈ লৈছিল। লগে লগে অতনুৰ লগত প্ৰেমো হ'বলৈ ধৰিছিল, যিটো অস্বাভাৱিক নাছিল। আৰু তাৰ মাজতে এদিন সংযম হেৰুৱাই দুয়ো ভুলটো কৰি পেলাইছিল। আচৰিত ধৰণে তাৰ পিছতে অতনুৱে এদিন একো নোকোৱাকৈয়ে ঘৰ এৰি গুচি গৈছিল।

     বিপদত পৰিছিল তাৰিণী, ঘৰৰ ভাড়া অকলে  দিয়াটো তেওঁৰ সাধ্যৰ বাহিৰত আছিল। আলেঙে আলেঙে খবৰ কৰোঁতেই পাইছিল ময়ূখৰ ঘৰৰ খবৰটো, তেতিয়ালৈ তাৰিণীয়ে বুজিছিল যে তেওঁৰ গৰ্ভত আন এক জীৱই স্থিতি লৈছে।

     ময়ূখে হয়তো তাৰিণীৰ অৱস্থাটোৰ ওপৰত অনুকম্পা কৰিয়েই বহুত কম ভাড়াত ঘৰটো দিছিল । ঘৰটো লোৱাৰ পিছতে  নিজকে আৰু লগতে গৰ্ভৰ সন্তানটোৰ বাবে বহুত কষ্ট কৰিব লগীয়া হৈছিল। তাৰ মাজতে ময়ূখৰ লগত কথা বতৰা হোৱাত সি উভতি আহিছিল। তাৰ বাবে ৰন্ধা আহাৰ নিবলৈ সি আহিছিল, লগে লগে কেইবাটাও গ্ৰাহক যোগাৰ কৰি দিছিল।

      প্ৰাপ্তিৰ জন্মৰ সময়ত মানুহ এজনীক যোগাৰ কৰি হস্পিতেলত থকালৈকে সকলো কৰি দিছিল সি। পিছলৈ কনমানি প্ৰাপ্তিৰ মোহতে সি অহা হৈছিল ঘৰখনলৈ, তাইক কোলাত লবলৈ আফচোচ কৰি থকা ময়ূখৰ হাতত তাৰিণীয়ে নিজে তুলি দিছিল প্ৰাপ্তিক।
  
     তাৰ পিছতে তাৰিণীয়ে বহল কৰিছিল টিফিন ছাৰ্ভিছ,  হাতলৈ অহা অৰ্দাৰবোৰ ল'বৰ বাবে মানুহ ৰাখিব লগীয়া হৈছিল। এতিয়াও দুপৰীয়াৰ পৰা ৰাতিৰ সাজবোৰত সহায় কৰিবলৈ দুজনী ছোৱালী আহে। পুৱাৰ খিনিহে তেওঁ নিজে কৰে।

     ময়ূখ একেবাৰে নহাৰ বাবে  বেয়া লাগি আছিল, ঘৰটোৰ কাগজ পত্ৰবোৰ সি তাৰিণীৰ নামত কৰি আনি এদিন দিলেহি।  বাধা দিয়াৰ পিছতো সি নামানিলে, ক'লে তাৰ মৃত্যুৰ পিছত যাতে কোনোবাই তাক সুঁৱৰি থাকে তাৰ বাবেই সি এই কামটো কৰিছে।

     নাই তাৰিণী ইমান স্বাৰ্থপৰ হ'ব নোৱাৰে, ময়ূখক অকলে এৰিব নোৱাৰে। প্ৰাপ্তিক ডায়েৰীখন পঢ়িবলৈ দিব তেওঁ য'ত অতনুৰ ফটোৰ সৈতে তাইৰ গোটেই জীৱন কাহিনীটো লিখা আছে। তাৰ পিছত তাই কি সিদ্ধান্ত লয় ল'ব। 
 
     তাৰিণীয়ে আজিয়েই ডায়েৰীখন প্ৰাপ্তিক দিব, আজিৰ দুপৰীয়াৰ আহাৰবোৰ ছোৱালীদুজনীকে ৰান্ধিবলৈ দি তাই ময়ূখৰ কাষলৈ যাব লাগিব।

Sad Story For Love
Sad Assamese Story With Love
Assamese Emotional Story
 
  বেচেৰা ময়ূখ, পত্নীৰ ব্যভচাৰিতাৰ বাবেই তাৰ দেহলৈও শিপাইছিল এইডছ বেমাৰৰ বীজানু। এইছ আই ভি পজিটিভ বুলি পত্নী দিব্যাশ্ৰীৰ গৰ্ভকালীন পৰীক্ষাৰ ৰিপৰ্টত ওলাই পৰিছিল। তাৰ পিছতে তাই আত্মহনন কৰিছিল, সন্তানৰ সৈতে আঁতৰি যোৱা পত্নীৰ বাবে সি দুখত ম্ৰিয়মান হৈছিল।

     পিছত ময়ূখেও নিজকে সেই ৰোগৰ স্বীকাৰ হোৱা বুলি ধৰি লৈছিল আৰু সমাজৰ পৰা অকলে থাকিবলৈ লৈছিল। ময়ূখে নিজে নোকোৱা হ'লে তাৰিণীয়েও জানিব নোৱাৰিলে হেঁতেন যে সি এটা আজীৱন কঢ়িয়াব লগা ৰোগৰ ভুক্তভোগী। সি বাৰু ঠিকে আছে নে ?

     তাৰিণী ওলাই আহিছিল , তেতিয়ালৈকে ছোৱালীদুজনী আহি পাইছিলহি। তাৰিণীয়ে সিহঁতক লিষ্টবোৰ দি, ময়ূখৰ টিফিনটো ভৰাই ল'লে।  প্ৰাপ্তিৰ কোঠাৰ দুৱাৰ খোল খাইছিল, তাৰিণীয়ে তাইৰ টেবুলতে ডায়েৰীখন থৈ খৰধৰকৈ ওলাই গৈছিল।

     প্ৰাপ্তিয়ে বাথৰূমত থাকোঁতেই অনুমান কৰিছিল যে মাক তাই কোঠালৈ সোমাইছে। তাই মুখ হাত মছি ভিতৰলৈ সোমায়ে টেবুলত ডায়েৰীখন দেখিলে। মাকে চাগৈ দি গৈছে, তাই কৌতুহল দমাব নোৱাৰি একে টানে সেইখন হাতত ল'লে।

      চকুৰ পচাৰ নেপেলোৱাকৈয়ে তাই এফালৰ পৰা পঢ়ি গৈছিল কথাবোৰ, তাই মাজে মাজে ভয়তে কঁপি গৈছিল কাৰণ ইয়ালৈ অহাৰ আগতে একেই ধৰণৰ কাহিনী এটা তাই শুনি আহিছে। 

পাৰ্থক্য আছিল-

"নায়কে নিজৰ ভুল বুজি নায়িকাক বিচাৰি গৈছিল যদিও কতো একো খবৰ নাপালে, পিছত তেওঁ মনৰ দুখতে দিল্লীলৈ গ'লগৈ। আনকি এতিয়াও প্ৰথম প্ৰেমৰ স্মৃতি সামৰি অকলে আছে। তাই হাজাৰ বাৰ বাধা দিয়াৰ  পিছতো তাইক মাজনি বুলিয়েই মাতে, আৰু বহুবাৰ সুধাৰ পিছতো নায়িকাৰ নামটো আৰু ফটো নেদেখুৱালে।"

      ইমান মিল কথাবোৰ প্ৰাপ্তিৰ বুকখন ঢপঢপাবলৈ ধৰিলে, শেষ পৃষ্ঠাটো পঢ়িবলৈ তাইৰ সাহস নোহোৱা হ'ল কাৰণ তাতে তাইৰ দেউতাকৰ নাম আৰু ছৱি দেখিব।

      তথাপি মনলৈ সাহস আনি তাই পৃষ্ঠাটো লুটিয়ালে, ওঁঠখন দাঁতেৰে জোৰকৈ চেপি ধৰিলে প্ৰাপ্তিয়ে । ফটোখন বিশ বছৰৰ আগৰ, য'ত মাকৰ কাষত ৰৈ আছিল প্ৰাপ্তিৰ প্ৰিয় পুৰুষজন।

(সমাপ্ত................)


Follow on- INSTAGRAM

পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ


এপাহি ৰঙা গোলাপ আৰু সন্ত্ৰাস