বেশ্যা | অন্তিম খণ্ড | নাৰীৰ জীৱনটো হয়তো এনেকুৱাই | দুদিন সুখত ৰাখি কেতিয়াবা গোটেই বছৰ কন্দুৱাই | প্ৰথম অধ্যায়ৰ অন্তিম পাঠ | Beshya By Papori | Assamese Sad Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেশ্যা | অন্তিম খণ্ড | নাৰীৰ জীৱনটো হয়তো এনেকুৱাই | দুদিন সুখত ৰাখি কেতিয়াবা গোটেই বছৰ কন্দুৱাই | প্ৰথম অধ্যায়ৰ অন্তিম পাঠ | Beshya By Papori | Assamese Sad Story


বেশ্যা অন্তিম খণ্ড

নাৰীৰ জীৱনটো হয়তো এনেকুৱাই,
দুদিন সুখত ৰাখি কেতিয়াবা গোটেই বছৰ
কন্দুৱাই।

     বাটচৰাতে পোন প্ৰথমে "DailyAssameseStatus" আৰু "AssameseCulture" পেজৰ এডমিন "অনুৰাগ" ওৰফে হেৰেম্ব বৰ্মনলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ, মোৰ অপৈনত শব্দবোৰ আগুৱাই নিয়াত সহায় কৰাৰ বাবে।


     মই কোনো পৈনত শব্দৰ লেখিকা নহয় বুলি ভাবোঁ। তথাপি "বেশ্যা"ক আপোনালোকে বৰ হেঁপাহেৰে আকোঁৱালি ল'লে, বহুত বহুত মৰম দিলে অঞ্জনাৰ এই জীয়া চৰিত্ৰটোক। কেতিয়াবা খৰখেদাকৈ লিখোঁতে মোৰ মোবাইলৰ অভিধান খনে বৰকৈ আমনি কৰে। চকীখন "চকু" হয়, ক'লাটো "কুলা" হয় আৰু এনেকুৱা বহুত ভুল মই নিজৰ চকুৰেই প্ৰত্যক্ষ কৰিছোঁ।


     লাজ লাগে তেতিয়া কাৰণ এই "DailyAssameseStatus" ৱেবচাইট'টোত বহুত জনা বুজা ব্যক্তি সোমাই আছে। অৱশ্যে যথাসম্ভৱ অনুৰাগ Admin এ ভুলবোৰ শুধৰাইছে, তথাপি কৰবাত অজানিতে ৰৈ যোৱা ভুলবোৰৰ বাবে ক্ষমা বিচাৰিছো।


     "বেশ্যা"ৰ এই দুখ, বেদনা আৰু বিষাদ কাহিনীটো কোনো চিনেমাৰ কাহিনী নহয়, এয়া অঞ্জনাৰ নিজা জীয়া জীৱনৰ কাহিনী। Admin "অনুৰাগ"লৈ পুনৰ আন্তৰিক ধন্যবাদ, এই যে- নিজে লিখা কিছুমান Short Line দি হ'লেও অঞ্জনাৰ এই কাহিনীটো সজাই পৰাই আৰু অধিক সুৱলাকৈ তোলাৰ বাবে।


     হাজাৰ লিখনি আহিব আৰু যাব, কিন্তু আপোনালোকে দিয়া মৰম-স্নেহখিনি সদায় মোৰ জীৱনত আপোনত্ব হৈ ৰ'ব।


     শেষত সকলো পাঠকলৈ মোৰ ফালৰ পৰা পুনৰবাৰ অশেষ ধন্যবাদ। আপোনালোকৰ সহাঁৰি আৰু মৰমে মোক ইমানখিনি আগবাঢ়ি যোৱাত উৎসাহ যোগোৱাৰ বাবে। 🙏🙏


✍️ পাপৰি শৰ্মা।


ইনষ্টাগ্ৰাম পেজত Follow কৰিবলৈ

@assamese_culture_


ফেচবুক পেজত Follow কৰিবলৈ-

AssameseCulture.In


ইউটিউব চেনেলত Subscribe কৰিবলৈ-

Assamese Culture


হোৱাটচাপ গ্রুপত Join হ'বলৈ-

Assamese Culture


বেশ্যা অন্তিম তথা 21 খণ্ড


      ধৰালৈ লাহে লাহে আন্ধাৰ নামিছে। পুৱাৰ সূৰুযে হেঙুলীয়া পোছাক পিন্ধি বিদায়ৰ মেলানি মাগিছে। দুয়োৰে মনত অসংখ্য কথাৰ হেন্দোলনিত ভৰ হৈছে। কিন্তু কথাবোৰ ক'ৰ পৰা, কেনেকৈ আৰম্ভ কৰিব তাৰহে বাট পোৱা নাই।


     মৌন হৈয়ে দুয়ো বহু সময় থাকিলে। ইজনে-সিজনৰ মুখলৈ চায়, চকুৱে চকুৱে পৰিলে দুয়ো হাঁহি মাৰে।


     এছাতি কোমল বতাহে অঞ্জনাৰ চুলিখিনি উৰুৱাই নি অজয়ৰ মুখত পেলালেগৈ। চেম্পুৰ সুগন্ধ‌ই অজয়ৰ মনতো ভৰাই তুলিলে। নাৰীৰ চুলিৰ মনোৰম সুভাস এইয়াই প্ৰথম অজয়ৰ। চকুহাল মুদি দীঘলকৈ উশাহ টানিলে সি। আহ! সঁচাকৈ নাৰীৰ সকলোবোৰ অংশ‌ই এক অনামী সুভাস কঢ়িয়াই ফুৰে।


     বৰ ৰহস্যময়ী নাৰী সঁচায়ে। নাৰী ছলনাময়ী হ'ব‌ই নোৱাৰে পুৰুষৰ ছলনাৰ অবিহনে। ভগৱান শ্ৰীকৃষ্ণকো জানো পুতনাই নাৰীৰ ৰূপ লৈ ছলনা কৰা নাছিল; তেনে স্থলত নাৰী কেনেকৈ ছলনাময়ী হ'ব? ছলনা পুৰুষে কৰে, নাৰীয়ে নহয়।


      কৃষ্ণৰ প্ৰেমত বাউলি হোৱা ৰাধাক কৃষ্ণই জানো ছলনা কৰা নাছিল! তেৱোঁতো জানিছিল ৰাধাই যে তেওঁক পাগলীৰ দৰে ভাল পায় কিন্তু তাৰ পাছতো দেখোন ষোল্লশ গোপীকো নিজৰ প্ৰেমত হাবাথুৰি খোৱাইছিল!


     নাই ভগৱানক সমালোচনা কৰাৰ সামৰ্থ্য নাই, কৰাও নাই তথাপি নিজৰ মাজতে জুকিয়াই চালে কথাবোৰ অজয়ে।


"ইমান তধা লাগি কি ভাবিছা?"


     অঞ্জনাই অজয়ৰ হাতখন স্পৰ্শ কৰি ক'লে। অজয়ে তাইলৈ চাই মৃদ্যু হাঁহি এটা মাৰিলে।


"নাই এনেয়ে। তোমাৰ কথাকে ভাবিছোঁ। তোমাক নাপালেনো কেনেকৈ জীয়াই থাকিম, তাৰেই উপায় বিচাৰি ফুৰিছোঁ!"


"কিয় ভাবিছা তেনেকৈ? ম‌ইতো তোমাক আঁতৰি যোৱাৰ কথা কোৱা নাই!"


"তথাপি ভয় লাগে দেখোন!"


"কিয় বাৰু এই কথাষাৰ সঘনাই কোৱা আজিকালি!"


"চোৱাচোন অঞ্জু চোৱা, সৌৱা পপীয়া তৰা দেখিলানে?" - অজয়ে দুহাত বুলাই চকু মুদি কিবা কৰিলে।


"কি হ'ল?"


"আমাৰ মিলন হ'ব অঞ্জু।"


"সঁচানে?"


"ওম। বহুত কথা নাজানে অ' মোৰ সোণজনীয়ে।"


     অঞ্জনাই অজয়লৈ চালে। আজি দ্বিতীয়বাৰ অজয়ে তাইক "সোণ" বুলি কৈছে। অঞ্জনাৰ বুকুৰ ধপধপনি বাঢ়িল, লাজ লাগিল তাইৰ। অজয়ে অঞ্জনাৰ কঁকালত ধৰি কাষলৈ চপাই ল'লে। 


      বেলডালৰ পৰা ওলাই পৰা সৰু সৰু চুলিখিনি অজয়ে আকৌ সামৰি দিলে। কপালত এটা চুমা দি সাৱটি ল'লে তাইক। অঞ্জনাও সাৱটি ধৰি ল'লে অজয়ক।


      হয়, মানুহে ঠিকেই কয় কণাৰ বাবে কাণী, কুঁজাৰ বাবে কুঁজী। ঠিক একেদৰেই অজয়ৰ দৰে অনাথৰ বাবে, অঞ্জনাৰ দৰে অনাথিনী।


"সোণ?"


     অজয়ৰ মাতত অঞ্জনাৰ বুকুৰ ধপধপনি এইবাৰ দুগুনে বাঢ়িল। লাজো লাগিল। চকুপানী ওলাল তাইৰ। ইমান ভালপোৱা… পোৱাৰ যোগ্য জানো তাই??


"কি হ'ল এইফালে চোৱাচোন মোৰ ফালে। কি হ'ল, কিয় কান্দিছা?"


"এনেয়ে চকুপানী ওলাল।" - চকুপানী মোহাৰি লৈ ক'লে তাই।


"নাকান্দিবা। তোমাৰ ভিতৰত মই আছো। তুমি কান্দিলে মই কষ্ট পাওঁ। মোৰ কথা ভাবিবাচোন নিজক কষ্ট দিয়াৰ আগতে। তুমি যিমান কষ্ট পোৱা তাতকৈ হাজাৰ গুণ বেছিকৈ কষ্ট মই পাওঁ।"


"ইমান ভালপোৱা ভাল নহয়। ইমান বেছি ভালপোৱাই আমাক যদি আঁতৰাই দিয়ে, তেন্তে বৰ কষ্ট হ'ব।"


"নাই, কেতিয়াও তেনে নহয় সোণ। ভয় নকৰিবা। মই নমৰালৈকে তোমাক মোৰ বুকুত ৰাখিম।"


"পাৰিবানে?"


"কিয় নোৱাৰিম! ভালপোৱা মানুহজনীক বুকুত কঢ়িয়াই ফুৰাৰ আমেজ কেৱল সঁচা প্ৰেমত পৰা কেইজনেহে বুজে। তুমি জানো মোক সঁচাকৈ ভাল নোপোৱা?"


"পাওঁ।"


"তেন্তে। আৰু ভয় কিহৰ কোৱাচোন!" - অজয়ে পুনৰ সাৱটি ল'লে অঞ্জনাক।


     প্ৰেম। সঁচায়ে এক স্বৰ্গীয় অনুভূতি, য'ত অদম্য হেঁপাহবোৰ বুকুত থুপ খাই থাকে।


"সোণ।"


"হুম।"


"আজি নহ'লে বিয়াখনকে পাতি পেলাওঁ বলা।"


"মোক এবাৰ নিজকে পৰীক্ষা কৰিবলৈ দিয়া অজয় দা। চাওঁচোন মইনো কিমান শক্তিশালী। তেতিয়াহে পাছলৈ তোমাক মোৰ হাতৰ মুঠিত ৰাখিব পাৰিম।"


     অঞ্জনাই ধেমালি কৰি অজয়ক জোৰেৰে সাৱটি ল'লে। অজয়ে আকাশলৈ চালে। তাৰ সুবিশাল আকাশখন অঞ্জনা, যাৰ বাবে সি ৰামধেনু বলিয়া সপোনবোৰ ডাঙৰ কৰিব পাৰিছে।


"তুমি মোক নিজৰ হাতৰ মুঠিত ৰাখিব নিবিচাৰিলেওঁ মই নিজেই গৈ সোমাই দিমগৈ। তোমাৰ মাজত থাকিবলৈ কিমান যে ভাল লাগিব মোৰ।"


"হয় নে?"


"প্ৰমাণ লাগিব নেকি?"


"নালাগে। এনেয়ে কৈছোঁ।"


"মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ অ' মোক পুণৰবাৰ অনাথ নকৰিবা প্লিজ।"


"নকৰোঁ নকৰোঁ। কিয় বাৰু এনেবোৰ কথা কৈ মোৰ মনটো বেয়া কৰিছা? তুমি ভালপোৱাৰ আগতেই চোন মই তোমাক ভাল পাইছিলো। সেইয়া তুমিও হয়তো বুজিছিলা।"


"তথাপি ভয় এটাই দেখোন খুলি খুলি খাই থাকে মোক।"


"চাওঁ হাতখন দিয়াচোন"


     অঞ্জনাই অজয়ৰ বাওঁ হাতখন টানি লৈ তাইৰ আঙুঠিটো পিন্ধাই দিলে।


"এইটো মোক দেউতাই তুলনি বিয়াত দিছিল। কানফুলি যোৰ মোৰ লগত থাকক, আঙুঠিটো তোমাক দিলো। এতিয়া ভয়বোৰ কমকৈ লাগিব তোমাৰ। সদায় মই থকা যেন লাগিব কাষত। বুজিলানে মোৰ.......?" - ক'বলৈ লাজ লাগিল অঞ্জনাৰ।


"তোমাৰ কি?"


"নাজানা নেকি?"


"শুনিবৰ মন যায় জানিলেও।"


"সোণ।"


"ভালকৈ কোৱা?"


"তুমি মোৰ দ্বিতীয়টো হৃদযন্ত্ৰ।"


     অঞ্জনাই অজয়লৈ চাই কোনোমতে ক'লে। তাই লাজ কৰে বুলি সি জানে। হাঁহি মাৰি অজয়ে তাইৰ নাকটো জোঁকাৰি দিলে।


"বলা যাওঁগৈ।"


"আৰু অলপ সময় ৰ‌ওঁ!"


"নালাগে বলা।"


"বলা তেনেহলে।" - অঞ্জনাৰ হাতত ধৰি ওলাই আহিল দুয়ো।


     প্ৰিয়জন কাষত নাথাকিলে বহুত কিবাকিবি মনত পৰি থাকে ক'বলৈ। কিন্তু প্ৰিয়জনক কাষত পালে কথাবোৰ ক'তনো হেৰাই জানো বিচাৰিয়ে পোৱা নাযায়। অজয় আৰু অঞ্জনাৰো একেই হল।


     ওচৰতে থকা শিৱ মন্দিৰত গৈ চাকি এগচি জ্বলাই সেৱা ল'লে দুয়ো। শৰীৰ দুটাহে বেলেগ হৈ আছে মন দুটা কিন্তু কেতিয়াবাই এক হ'ল অজয় আৰু অঞ্জনাৰ।


     ৰুমলৈ আহি অঞ্জনাই কাপোৰ সলাই লৈ ৰুমৰ চকীখনতে বহি ল'লে। অজয়ৰ লগত পাৰ কৰা এই মুহূৰ্তখিনি সদায় জীপাল হৈ ৰ'ব।


     বাওঁ হাতৰ অনামিকা আঙুলিটোলৈ চালে অঞ্জনাই। শিৱ মন্দিৰতে অজয়ে তাইক এই আঙুঠিটো পিন্ধাই দিছিল। সোণৰ হয় আঙুঠিটো। কিবা পাথৰ এটা আছে সোণৰ দৰেই, কি বুলি কৈছিল তাই পাহৰিলে।


     দিনটো কেনেকৈ যাব পাথৰটোতে গম পাই হেনো। দিনটো ভাল হ'লে পাথৰ তো উজ্জ্বল হয়, আৰু বেয়া হ'লে অলপ কলা পৰে বোলে। সেয়ে অজয়ে তাইক এই পাথৰৰ বিশেষ আঙুঠিটো পিন্ধাই দি পঠাইছে।


     অঞ্জনাই হাতখনকে বুকুৰ মাজত সাৱটি ল'লে। বাঃ... ইয়াতো এক বেলেগ সুখ আছে! তাই অনুভৱ কৰিব পাৰিছে।


     সঁচা ভালপোৱা বোৰ হয়তো এনেকুৱাই। বৰ নিৰ্মল, স্বচ্ছ আৰু সতেজ। ভালপোৱা জনক অনুভৱৰ হৃদয়ত সাৱটি লৈও, বিচাৰিও ভাল লাগে। নাই তাই অজয়ক নেৰে। অজয়ে যেতিয়ালৈকে নিজেই আঁতৰাই নোপঠাই, তেতিয়ালৈকে তাই অজয়ৰ কাষৰ পৰা আঁতৰি নাযায়।


"অঞ্জনা।" - ৱাৰডেনৰ মাতত ঘূৰি চালে তাই।


"বাইদেউ। আহকচোন।"


"কথাবোৰ কি ভাবিছা? যাবাই নেকি তুমি?"


"ওম বাইদেউ, মই যাম কাইলৈ।"


"নীলা আঁতৰি গ'ল। তুমিও যদি আঁতৰি যোৱা মই বৰ অকলশৰীয়া হম।"


"শিকি ল'ব অকলে থাকিবলৈ বাইদেউ মোৰ দৰে। চাওঁকচোন বাৰু, মই ইমান আপোন বুলি ভবা, একে তেজৰ নহ'লেও নীলাক বৰ আপোন আপোন লাগিছিল। কিন্তু তাইৰ মোৰ প্ৰতি ইমান ক্ষোভ ক'ৰ পৰা সোমাল গমেই নাপালোঁ! মইতো তাইৰ লগতে সকলোবোৰ কথা খুলি পাতিছিলো, ক'ত ভুল হ'ল ক'ব নোৱাৰিলোঁ!!"


"যাবলৈ ইচ্ছা কৰিছা যেতিয়া যোৱা তুমি, কিন্তু আহি থাকিবা মাজে মাজে।"


"চাওঁচোন।"


"তেনেকৈ নকবা অঞ্জনা। তুমি আহিব লাগিব।"


"কিয়?"


"মই কাৰোৱেই আগত নোকোৱা কথা এটা তোমাকে কম সময়ত। সেয়ে খবৰ লৈ থাকিবলৈ কৈছোঁ। কোনদিনা বা মৰি যাওঁ ক'ব নোৱাৰি নহয়। নীলা হয়তো ঘূৰি নাহিব আৰু!"


"হ'ব বাৰু।"


"যোৱা এতিয়া ভাত খাবলৈ হ'লেই চাগে!"


"বলকচোন আপুনি, মই যাম বাৰু!"


"মই ৰুমতে আছোঁ পাছত খাম। তুমি খাই লবাগৈ।"


"ওম। ঠিক আছে।"


      ৱাৰডেন ওলাই যোৱাৰ ফালে চাই অঞ্জনাই দৰ্জাখন জপাই দিলে। ভাত খাবলৈ মন যোৱা নাই আজি তাইৰো।


     জেউতীয়েও ৰুম গৈ দুৱাৰখন অলপ জপাই লৈ গাৰুটোতে মুখখন গুজি হুকহুকাই কান্দি উঠিল। কি হ'ল তাইৰ জীৱনটোত এইবোৰ। সুৰঞ্জনা গ'ল, ৰঞ্জনা মানে নীলা গ'ল, এতিয়া অঞ্জনাও যাব ওলাইছে।


     তাই সচাকৈ বৰ দুৰ্ভগীয়া মাতৃ। এজনী ছোৱালীকো ধৰি ৰাখিব নোৱাৰিলে তাই। সময়বোৰে তাইৰ লগ এৰি দিলে। নিজৰ ওপৰতে পুতৌ জন্মিল তাইৰ। শেষ সময়ত হ'লেও অঞ্জনাক তাই নিজৰ চিনাকিটো দি যাব, একেবাৰে শেষৰ সময়ত; যাতে অঞ্জনাই ওলোটাই কৰা প্ৰশ্নৰ উত্তৰ দিবলৈও তাইৰ মুখৰ মাত নাথাকে তেতিয়া।


      ১১ বাজো বাজো হ‌ওঁতেই অজয় আহি পালে অঞ্জনাক নতুন ৰুমটোত নি থবৰ বাবে।


      আশ্ৰমত সকলোৱে কান্দিছে আজি অঞ্জনা আশ্ৰমৰ পৰা ওলাই যোৱাৰ বাবে। যিদৰে স্কুল, কলেজৰ বিদায়ৰ ক্ষণটোত শিক্ষাগুৰু আৰু শিক্ষাৰ্থীয়ে কান্দে তেনেকৈ কান্দিছে সকলোৱে।


      অঞ্জনাৰো কান্দি কান্দি চকু ৰঙা পৰি আছে। জেউতীয়ে ৰুমৰ পৰাই ওলোৱা নাই। অঞ্জনাই ক'বলৈ যাওঁতে তাইক সাৱটি ধৰি কান্দিছিল যেনেকৈ বিয়াত ছোৱালী বিদায় দিয়াৰ পৰত মাকে কান্দে ঠিক তেনেকৈ।


     এৰা! জেউতীৰ বাবে আজি অঞ্জনাক বিয়া দিয়াৰ দৰেই হৈছে। ইমান কাষত আছিল তাইৰ ডাঙৰজনী ছোৱালী, তথাপি অচিনাকিৰ দৰে থাকিব লগা হ'ল।


     "মা" বুলি মতাৰ বিপৰীতে "বাইদেউ" বুলি মাতে নিজৰ ছোৱালী জনীয়েই। কিমান কষ্ট হয় তেতিয়া বুজাইহে বুজিব!!


     অঞ্জনাই ডাঙৰ এয়াৰ বেগটো আৰু বাস্কেট টোলৈ ওলাই আহিল ৰুমৰ পৰা। অজয়ে অঞ্জনাৰ লেপ, তুলি, গাৰুবোৰ গাড়ীৰ ডিকিত ভৰাই আছে। অঞ্জনাক অহা দেখি ডিকিটো বন্ধ কৰি তাইৰ বাকী বেগটো আৰু বাস্কেটটো পাছত থৈ আগফালে দুৱাৰ খন খুলি দি নিজেও ড্ৰাইভিং চিটত বহি ল'লে।


     অঞ্জনাৰ শেষবাৰ বুলিও আশ্ৰমলৈ এবাৰ ঘূৰি চাবলৈ তাইৰ সাহস নহল। সকলোৰে সিক্ত চকুবোৰ তাই আৰু চাব নোৱাৰে। তলমূৰ কৰিয়ে তাই ৰুমত পালেগৈ। অজয়ো তাইৰ মনৰ অৱস্থা বুজিছে, সেয়ে সিও মনে মনেই তাইৰ লগত সহযোগ কৰি গ'ল।


     ৰুম চফা কৰা, বস্তুবোৰ থান-থিত লগোৱা সকলোবোৰ দুয়ো মনে মনে কৰি গৈছে। মাজে মাজে উচুপিচে তাই। ইমান দিনে আশ্ৰমখনৰ সৈতে তাইৰ আৱেগিক সম্বন্ধ গঢ়ি উঠিছিল; পাহৰো বুলিলেও সহজে পাহৰিব নোৱাৰি।


"সকলোবোৰ হ'লেই, এতিয়া ম‌ই যাওঁ।"


"চাহ একাপ খাই যোৱা। আজিৰ পৰাতো চাহ-ভাত অকলেই খাব লাগিব।" - চকুপানী খিনি মুচি অঞ্জনাই কলে।


"মন বেয়া কৰি নাথাকিবা। মনত ৰাখিবা, নিজক গঢ়াৰ হেঁপাহেৰে ওলাই আহিছা। কোনেও জোৰ কৰি উলিয়াই দিয়া নাই তোমাক।"


"ওম গম পাইছোঁ। চিন্তা কৰিব নালাগে মই ভালেই থাকিম। তুমিও ভালদৰে থাকিবা।"


"তোমাৰ বাহিৰে চিন্তা কৰিব লগা মোৰ আৰু একোৱেই নাই। নিজক কষ্ট নিদিবা প্লিজ, মোৰ কথাও ভাবিবা।"


"ৰবা চাহ বনাও।"


"হ'ব দিয়া। চাহ নাখাওঁ, যাওঁ মই। অফিচত এপাক মাৰিব লাগিব। তুমি আজৰি হ'লা নহয় অলপ শুই লোৱা।"


     অজয়ে বহি থকা অঞ্জনাৰ মূৰত হাত ফুৰাই চুলিৰ মাজতে চুমা এটা দিলে। অঞ্জনাই অজয়ৰ কঁকালতে সাৱটি লৈ উচুপি উচুপি কান্দিলে।


"চাওঁ হ'ব আৰু কান্দি থাকিব নালাগে।"


     অজয়ে তাৰ কঁকালৰ পৰা হাতখন এৰুৱাই আঁতৰি আহিল। অঞ্জনাই তলমূৰ কৰি উচুপিয়ে থাকিল। অজয়ৰো চকুপানী ওলাল। কিবা এটা যেন সি হেৰুৱাব লৈছে, বুকুখনৰ এছোৱা মৰি যোৱা যেন লাগিল তাৰ।


     ইয়াত আৰু বেছি সময় ৰ'ব নোৱাৰি নহ'লে সি নিজেই যাব নোৱাৰা হ'ব। জেপৰ পৰা ৰুমালখন উলিয়াই চকুহাল মোহাৰি চানগ্লাচযোৰ পিন্ধি লৈ অঞ্জনাক ৰুমতে এৰি গাড়ীখনত আহি বহিলহি। 


     চানগ্লাচযোৰ তাৰ চকুৰ আৱৰণ

যাতে সি কন্দাৰ কথা ধৰা নপৰে আনৰ আগত। গাড়ীখনৰ ভিতৰৰ পৰাই অজয়ে এবাৰ ৰুমলৈ চালে। নাই তাই ওলোৱা নাই। হয়তো কান্দোনত ভাগি পৰিছে। কান্দক তাই আজি হেঁপাহ পলুৱাই কান্দক। সকলো দুখ, ক্ষোভ, কষ্ট শেষ হৈ নতুনকৈ আগবাঢ়ি যাবলৈ সাহস গোটাই ল‌ওক।


     আপোনজনৰ বাবে ওলোৱা চকুপানীৰ টোপাল বোৰতো সুখ আছে। অজয়ৰ মনটো কিবা এটা ভাল লাগিল। গাড়ীখন ষ্টাৰ্ট দি ওলাই আহিল গলিটোৰ পৰা। গাড়ীখনত কম ভলিউমেৰে গান এটা বজালে,


               চুই দিয়ানা মোক

         আপোন আপোন লাগিব

     চাই ৰোৱানা মোক কাষৰে পৰা

           কলিজা শীতল পৰিব

                .................!!!


সমাপ্ত


বেশ্যা তথা অঞ্জনাৰ জীৱন গাঁথা কাহিনীৰ
কিছু আঁৰৰ কথা

     "বেশ্যা"ৰ প্ৰথম অধ্যায় আজি সমাপ্ত ঘটিল। কিমান সন্তুষ্টিৰে সমাপ্তি ঘটাব পাৰিছোঁ সেয়া নাজানো। কিন্তু এইয়াই নে অঞ্জনাৰ জীয়া কাহিনী?


     নহয়। এয়া অঞ্জনাৰ জীয়া জীৱনৰ আৰম্ভণিহে। নতুনকৈ নিজক গঢ়িব খোজা, বুকুত অলেখ সপোনে থুপ খাই থকা এইজনী নাৰীৰ জীৱন জীয়া কাহিনীৰ এয়া মাথোঁ আৰম্ভণিহে।


     সঁচাই অঞ্জনাৰ আদি আছে,

       কিন্তু অন্ত নাই।

   অঞ্জনাৰ কাহিনীৰ লেখ আছে,

       কিন্তু শেষ নাই। 


     "বেশ্যা"ৰ প্ৰতিটো খণ্ড লিখোঁতে মই সদায় শেষত উচুপি উঠোঁ। কিয় বাৰু এগৰাকী নাৰীয়ে ইমান দুখ-বেদনা সহিব লাগে, সহিব পাৰে? কিয় বাৰু এগৰাকী নাৰীয়ে নিজে জ্বলি জ্বলি হলেও আনক সুখত ৰাখিব লাগে, ৰাখিব পাৰে?


     এগৰাকী নাৰীৰ বাবে এনেকুৱা প্ৰশ্ন হাজাৰ আছে, কিন্তু উত্তৰ কতো নাই, নাই নাই!


     কেতিয়াবা আমাৰ এওঁয়ে কয়,

"ঐ পৰি, তই পাগলী হলি নেকি, কি অকলে অকলে বিনা কাৰণতো কান্দি থাক?" - হয়, কেতিয়াবা অঞ্জনাৰ কথাত উচুপি উঠোঁ মই। আৰু যিখিনি কথা মই মোৰ স্বামীৰ পৰা লুকুৱাব নোৱাৰোঁ।


     "অঞ্জনা"জনী খুব ভাল ছোৱালী। অকল দেখাতেই যে ধুনীয়া তাই তেনে নহয়, সকলোতে। তাইক মোৰ কৰ্মসূত্ৰে এদিন গুৱাহাটীত লগ পাইছিলোঁ। প্ৰথম চিনাকী আমি দুয়ো তাতেই। লাহে লাহে চিনাকীৰ পৰা আমাৰ ঘনিষ্টতা বাঢ়িল, কেতিয়াবা ফোনত আৰু কেতিয়াবা WhatsApp'ত। এদিনাখন তাই ফোনত কৈছিল,


: ঐ পাপৰি, মোৰ এটা জীৱন কাহিনী আছে, কিন্তু লিখাৰ সময় নহয়, তই কৰিবিনে, মই তোমাক A টু Z কব পাৰিম?


    ভাবি পোৱা নাছিলোঁ মই সেইদিনা। তথাপি তাইৰ কথাত না কৰিব নোৱাৰি কৈছিলোঁ,


: হব ঠিক আছে। চেষ্টা কৰিম।


     তাই কৈছিল,

: কাহিনীৰ নাম কিন্তু "বেশ্যা" হ'ব লাগিব।


     মই অবাক হৈ সুধিছিলোঁ,

: ধেৎ এয়া আৰু কি লৰালি ধেমালি!


: লৰালি ধেমালি নহয় পাপৰি, মোৰ জীৱনৰ কাহিনী। বেশ্যা আমাৰ সমাজখনে দিয়া এটা পৰিচিত নামহে, সেইবুলি মই বেশ্যা নেকি?


: নাই নাই, তেনেকে নোকোৱা। - হয়, ইয়াৰ বাহিৰে তাইক কবলৈ মোৰ মুখত একো ভাষাও নাছিল। 


: কিন্তু কেনেকৈ কবা কাহিনীবোৰ!


: মই ফ্ৰী থাকিলে ৰেকৰ্ডি কৰি কৰি তোমাক দিম। ফ্ৰী সময়ত ফোনটো কব পাৰিম তোমাক। মোৰ আচল নাম নিদিবা, ঘৰত মতা নাম "অঞ্জনা" দিবা। - তাই মূল দুই এটা Topic কৈ শুনালে।


: বাঃ যিমান খিনি পাৰোঁ, চেষ্টা কৰিম!


: অকল চেষ্টাই নহয়, দায়িত্ব বুলি ভাবি লোৱাচোন।


     হয়, সিদিনাৰ পৰাই কথামতে কাম হল। তাই কৈ থাকিল, আৰু মই ক্ৰমশঃ লিখি গলোঁ "বেশ্যা"।


     কেতিয়াবা নিজৰ মাজতে ভাব হয়,

ইমান ডাঙৰ উচ্চ শিক্ষিতা, উচ্চ মনোবৃত্তি থকা এগৰাকী নাৰীৰো জীৱনত ইমানবোৰ কাহিনী সোমাই থাকিব পাৰেনে? ঠিক কবি "অনুৰাগ" এ কোৱাৰ দৰেই তেতিয়া উত্তৰবোৰে হাহাকাৰ কৰে,


"কেৱল দুখীয়াৰে জীৱনত কাহিনী নাথাকে,

ৰাজ অট্টালিকাত থকা জনৰো জীৱনত

কাহিনী থাকে।"

- Heremba Barman (Anugag)


"কাহিনী সকলোৰে জীৱনত থাকে,

কাৰোবাৰ নোপোৱাক পোৱাৰ আশাত

আৰু কাৰোবাৰ পাই হেৰুওৱাৰ বেদনাত।"

- Heremba Barman (Anugag)


"কিতাপৰ শিক্ষা এদিন পাহৰা যায়,

কিন্তু জীৱনে দিয়া শিক্ষা

কেতিয়াও পাহৰা নাযায়।"

- Heremba Barman (Anugag)


"জীয়াই থকালৈ জীৱনটোৱে

নিজক কন্দুৱাই থাকে।"

- Heremba Barman (Anugag)


     উম হয়তো কথাখিনি সঁচাই। এইকেইফাকি মোৰ অতি বেছি প্রিয় সেয়ে নিদিয়াকৈ থাকিব নোৱাৰিলোঁ।


     চাওঁচোন আগলৈ…….. নতুনকৈ নিজক গঢ়িব খোজা অঞ্জনাজনীয়ে জীৱনত কি সপোন দেখে! অঞ্জনা আৰু অজয়ৰ শেষত মিলন হয়নে দুয়োৰে ভালপোৱাত ঘূণে ধৰে?


     এইবাৰ দ্বিতীয় অধ্যায়ত "বেশ্যা"ক পাব অন্য এটা ৰূপত। আহি আছে,

"এছ আই অঞ্জনা"


      শ্ৰদ্ধাৰ "DailyAssameseStatus" আৰু "AssameseCulture" পেজৰ এডমিন "অনুৰাগ" তথা এই ৱেবচাইটৰ সকলো পঢ়ুৱৈলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ পুনৰবাৰ। ইমান বহল কাহিনীৰ কৰবাত ভুল-ক্ৰুটি ৰৈ যোৱাটো মাৰ্জনীয়। 🙏🙏


আগলৈ…..…....…. "S. I. Anjana"


[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাসৰ আগৰ বা পিছত খণ্ড পৰিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি অতি সহজতে চাব পাৰিব ]



Follow on- INSTAGRAM

প্ৰথম খণ্ডৰ লিংক -
             Read Now :

আগৰ খণ্ডৰ লিংক -
             Read Now :

দ্বিতীয় অধ্যায়ৰ প্ৰথম খণ্ডৰ লিংক -
             Read Now :

বেশ্যা - এগৰাকী নাৰীৰ জীয়া কাহিনী
An Assamese Sad Story
Emotional Assamese Novel
Sad Assamese Story
Love Story In Assamese
"Whore -
The Life Story Of
A Woman"
Serial Novel
Written By
Papori Phukan
The Lession Of Story
ANJANA
Daily Assamese Status

Photo- মন ময়ুৰী

Photo- সোণালী দেৱী

Special Thanks-
মেঘ মল্লিকা, ৰাগিনী, প্ৰিয়াক্ষী
Jonak Axom ৰ ছোৱালীজনী
Besya - Ati Jiya Kahini

No comments:

Post a Comment