গাঁওৰ বোৱাৰী | চুটি গল্প | Gaor Buwari | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

গাঁওৰ বোৱাৰী | চুটি গল্প | Gaor Buwari | Daily Assamese Status

গাঁওৰ বোৱাৰী


    ঘৰখনত বিয়াৰ উখল-মাখল পৰিবেশ । কোনোৱেই কাৰোৱে প্ৰতি চোৱাৰ সময় নাই । যিয়ে যেনেকৈ পাৰে নিজৰ নিজৰ কামত ব্যস্ত ।


     নিবাৰণে কামৰ মাজতে নয়নাৰ এটা খবৰ ৰখাৰ মানসেৰে ৰুমলৈ সোমাই গ'ল । প্ৰতিটো ৰুমতে নয়নাক বিচাৰি এটা ৰুমত তাই অকলশৰে মন মাৰি বহি থকা দেখি---


"হেই কি হ'ল ? ইয়াত তুমি অকলশৰে মনে মনে বহি আছা যে "


---নিবাৰণৰ মাত শুনি নয়নাৰ বুকুখন আৰু বেছি ধপধপাবলৈ ধৰিলে । তাই ভাবিলে, এই সময়ত নিবাৰণক তাইৰ মনত বাৰে বাৰে খেলি-মেলি কৰি থকা কথাটো কোৱা উচিত হ'ব জানোঁ ।। তাইৰ চিন্তাক্লিষ্ট মুখখন দেখি নিবাৰণে তাৰ স্বভাৱ সুলভ হাঁহিটো মাৰি  পুনৰ  ক'লে---


"মই জানোঁ, এই মূহুৰ্তত তুমি কাৰ কথা ভাবি আছা !"

 

    তাইৰ পৰা কথা উলিয়াবৰ বাবেই সি তাইক জোকাই তেনেকৈ কৈছিল। নিবাৰণৰ তেনে কথা শুনি নয়নাই তাক আচল কথাটো ক'বলৈ বাধ্য হ'ল । তাই কওঁ নকওঁ কৈ কঁপা কঁপা মাতেৰে নিবাৰণক ক'লে---


"নিবাৰণ , তুমি বাৰু মোক সচাঁকৈয়ে ভাল পোৱানে ?" 


     নিবাৰণে নয়নাৰ মুখলৈ আবেগ ভৰা চাৱনিয়ে চাই ক'লে --- "কিয় তুমি তেনেকৈ সুধিছা , তোমাৰ মনত আজি এই প্ৰশ্নৰ উদয় হ'ল কেনেকৈ ?"


তাই ক'লে --- "নাজানোঁ কিয় ? মোৰ বৰ ভয় লাগিছে নিবাৰণ ! কাৰণ তুমি ক'ত ? আৰু মই ক'ত ? ই কেনেকৈ সম্ভৱ হ'ব ?

 

    সিঁহত দুয়ো কথাপাতি থকাৰ মাজতে নিবাৰণৰ মাকে আহি দুয়োকে উদ্দেশ্যি ক'লে--- "তোমালোকে কথা পাতিবলৈ বহুত সময় পাবা ।। ভনীয়েৰাৰ বিয়াখন সুকলমে হৈ যাবলৈ দিয়া, তাৰ পাছত-------


     এতিয়া দুয়ো ধুনীয়াকৈ ওলাই অহা , দৰা আহি পাবহিয়েই ।। মাজনী আহা -- বুলি তাইক মাতি মাক সৰস্বতী ওলাই গ'ল। মাকে ইংগিতেৰে কোৱা কথাষাৰ শুনি নয়নাৰ লাজত গাল মুখ ৰঙা চিঙা পৰি গ'ল । নিবাৰণে তাইলৈ চাই ক'লে---


"এতিয়া মই তোমাক আৰু কিবা ক'ব লাগিবনে ?"

    নিবাৰণে নয়নাক লগ পাইছিল তাৰ পেহীয়েকৰ ঘৰত । পেহীয়েকৰ গাঁৱৰে আছিল তাই । পেহীয়েকৰ ছোৱালী অৰ্পণাৰ ভাল বান্ধবী । সি পেহীয়েকৰ ঘৰলৈ আহিলে প্ৰায়েই লগ পায় তাইক। এনেদৰেই সিঁহতৰ মাজত ভাল পোৱাৰ আৰম্ভ হয় । 


     নয়নাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় । কিন্তু নিবাৰণ সম্ভ্ৰান্ত পৰিয়ালৰ । নিবাৰণৰ ভনীয়েকৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তাই অৰ্পণাৰ লগত বিয়াৰ আগদিনাই সিহঁতৰ ঘৰলৈ গৈছিল। 


     নিবাৰণহঁতৰ ঘৰত  চাকৰ-বাকৰ, ডাঙৰ অট্টালিকা সদৃশ ঘৰ , গাড়ী সকলো দেখি নয়নাই ভয় খাইছিল যে তাইৰ দৰে দুখীয়া ঘৰৰ ছোৱালী এজনীক তেওঁলোকে কেনেকৈ মানি ল'ব ।। তাতে তাই দেখিবলৈও ধুনীয়া নহয়। ।। কিন্তু নিবাৰণৰ মাকৰ কথাই তাইৰ লগতে তাইৰ মাক-দেউতাককো আচৰিত কৰি তুলিলে।


     যেতিয়া নিবাৰণৰ একমাত্ৰ ভনীয়েক নিভাৰ বিয়াৰ এমাহৰ পিছতেই ভনীয়েককৰ বিয়াৰ দিনা সিঁহত দুটাক উদ্দেশ্যি কোৱা সেই কথাষাৰ আখৰে আখৰে পালন কৰি নিবাৰণ আৰু নয়নাৰ বিয়া ঠিক কৰিবলৈ বুলি নয়নাহঁতৰ গাঁৱৰ ঘৰ ওলালগৈ ।


     নয়নাৰ মাক-দেউতাকে তেওঁলোকৰ দৰে ইমান ধণী মানুহৰ ঘৰত ছোৱালী দিবলৈ অমান্তি হোৱাত নিবাৰণৰ মাক সৰস্বতীয়ে তেওঁলোকক ক'লে যে ---


"মই আপোনালোকৰ ঘৰ-দুৱাৰ , ধণ ,টকা-পইচা এইবোৰ একো ভবা নাই আৰু চোৱা নাই । ধণ সম্পত্তিয়ে সকলো নহয় । মই মোৰ ঘৰখন ধৰি খাব পৰাকৈ মোৰ ল'ৰাৰ বাবে এজনী ভাল চৰিত্ৰবান বোৱাৰী বিচাৰিছোঁ। যিখিনি মই আপোনালোকৰ ছোৱালী নয়নাৰ গাত দেখিছোঁ।  ময়ো গাঁৱৰ ছোৱালী । মই জানোঁ , কোন ছোৱালীয়ে ঘৰ ধৰি খাব পাৰে ।"


     নিবাৰণৰ মাক সৰস্বতীয়ে নিবাৰণৰ পেহীয়েকৰ পৰা নয়নাৰ বিষয়ে সকলো চাৰ্টিফিকেট লৈ থৈছিল । পেহীয়েকেও পচন্দ কৰিছে তাইক । তাই পঢ়া-শুনাও আছে আৰু গাওঁ খনৰে এগৰাকী ভাল নিৰ্জু ছোৱালী , কাম-বনতো পাকৈত । নিবাৰণৰ মাকে ঘৰখন ধৰি খোৱা তেনে এগৰাকী ছোৱালীকে বিচাৰিছিল। সিঁহত ধনী যদিও তাক লৈ কোনো গৰ্ব নাছিল । সময়ত সকলোতে মিলি যাব পাৰিছিল । নিবাৰণো তেনেদৰেই গঢ় লৈছিল । চহৰৰ ধণী ঘৰৰ ল'ৰা হৈও সি সাধাৰণ ঘৰৰ ল'ৰা দৰেহে থাকি ভাল পাইছিল ।

 

    সকলো কথা বতৰা শেষত নয়না আৰু নিবাৰণৰ বিয়াখন ঠিক হৈ গ'ল ।


     সন্ধ্যা নামি আহিছিল । সৰস্বতীয়ে তাইৰ দুবছৰৰ আগতেই স্বৰ্গগামী হোৱা স্বামী অবিনাশ বৰুৱাৰ ফটোখনৰ সন্মুখত থিয় হৈ সেৱা জনাই  নয়নাক নিজৰ বোৱাৰী আৰু একমাত্ৰ পুত্ৰ নিবাৰণৰ পত্নী কৰাৰ প্ৰতিশ্ৰুতিৰে ওলাই আলিহ । এটা মিঠা গুজৰণি তুলি গতি কৰিলে নিবাৰণৰ গাড়ীখনে । কিয় জানো সেমেকি উঠিছিল সৰস্বতীৰ চকু দুটা ।।


ভাঁহি আহিল ক'ৰবাৰ পৰা শেৱালীৰ এটা মিঠা সুবাস ।


-------------সমাপ্ত------------

©ৰঞ্জু ভাগৱতী (নগাঁও)


পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী