100+ Assamese Love Status | Assamese Quotes, Shayari For WhatsApp and Facebook Status | Best Assamese Status - Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

100+ Assamese Love Status | Assamese Quotes, Shayari For WhatsApp and Facebook Status | Best Assamese Status - Daily Assamese Status

100+ Assamese Love Status

- Top & Most Popular Assamese Love Status

- Best Assamese Status

কেৱল অসমীয়াত পাওঁক

| Daily Assamese Status |


অসমীয়া ষ্টেটাছ

সুখী ৰাখিবলৈ আপোনাক 100%
প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ
কিন্তু আপোনাৰ মন পছন্দৰ
ভাল লগা Quote বোৰ অলপ খুচৰিলেই
নিশ্চয় আমাৰ তাত পাব।

জীৱনত হাজাৰ মানুহ আহিব আৰু যাব,
কিন্তু আপুনি দিয়া মৰম-ভালপোৱা
সদায় আমাৰ লগত থাকিব।

আহকচোন একেলগে পঢ়োঁ
প্ৰেম আৰু ভালপোৱাৰে গঢ়া ১০০ টাৰো
অধিক এই ষ্টেটাছ সমূহ


যাক নিজতকৈ বেছি ভাল
পোৱা যায়,
তেওঁৱেই আমাৰ মন-মগজুত সৰ্বোচ্চ
অধিকাৰ কাঢ়ি লয়।


তুমি ভগৱানৰ ওচৰত সুখৰ
সন্ধান কৰা,
আৰু মই সুখৰ বাবে তোমাৰ
সন্ধান কৰোঁ।


কাজিয়া কৰিম, এদিন কথা
নপতাকৈ থাকিম,
অভিমান কৰিম আৰু অভিমান ভাঙিম,
কিন্তু আঁতৰি নাযাওঁ।


 সাঁচি ৰখা বুকুৰ মৰম তেওঁকেই
যাঁচিম,
যিয়ে মোৰ মৰম-ভালপোৱাৰ প্ৰতি
Care আৰু সন্মান কৰিব।

Status In Assamese

মগজুৰে খেলা কৰা সম্পৰ্ক
বজাৰতেই শেষ হয়,
কিন্তু হৃদয়ৰ পৰা গঢ়ি উঠা সম্পৰ্ক
শ্মশানলৈ লগত থাকি যায়।


তই ৰৈ যা মোৰ কাষতে আজীৱন!
মইও চেষ্টা কৰিম
তোক মৰম-ভালপোৱা দিবলৈ
গোটেই জীৱম!


ব্যস্ততাৰ কোনো তুলনা নাথাকে,
কিন্তু সঁচা ভালপোৱা জনে
হাজাৰ ব্যস্ততাৰ মাজতো দিনটোত
এবাৰ হ'লেও প্ৰিয়জনৰ
খবৰ ৰাখে।


হাজাৰ ভুলৰ পাছতো তেওঁক আমি
বাৰে বাৰে আমি ক্ষমা কৰি দিওঁ,
যাক আমি কোনো দিনে হৃদয়ৰ পৰা
হেৰুৱাব নিবিচাৰোঁ।


Life Partner
তেওঁৰ সৈতে কৰিম,
যিয়ে মোক পোৱাৰ পাছত দ্বিতীয় জনৰ
সন্ধানত নাথাকে।


এজন এজন দায়িত্ববান ল'ৰাইহে
এজনী পাগলী Type'ৰ ছোৱালীৰ
জীৱন সহজতে Change
কৰিব পাৰে।


চুটি কাপোৰ পিন্ধা ছোৱালীতকৈ
মেখেলা চাদৰ পিন্ধা ছোৱালীক
বেছি ভাল দেখি।


যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ
আৰু দেউতাকৰ কষ্ট ভালকৈ বুজি পায়,
সেইজনী ছোৱালীয়ে কেতিয়াও
ল'ৰাৰ জীৱনৰ লগত একো
খেল নেখেলে।


সেইজনী ছোৱালীয়ে পিছত বেছি
Lucky হয়,
যাৰ জীৱনসংগী জনৰ টকা কম
থাকিলেও চৰিত্ৰ খাটি হয়।


কবিয়ে কৈছে-
সকলোৰে ভালপোৱা যুগমীয়া নহয়,
কিন্তু ভালপোৱাৰ কাহিনীটোৱে
সদায় বুকুত স্থান লয়।


প্ৰত্যেক মানুহৰে হৃদয়ত
দুখ থাকে,
কোনোবাই প্ৰকাশ কৰে চকুপানীৰে
আকৌ কোনোবাই প্ৰকাশ কৰে
মিঠা মিঠা হাঁহিৰে।


আপোন বুলিটো জীৱনত
বহুতে চিনাকি দিয়ে,
সঁচা অৰ্থত আপোন কোন
সেয়া সময়ত হে তাৰ পৰিচয়
পোৱা যায়।


যাক হৃদয়ত বেছি ঠাই দিয়া হয়,
এদিন তেওঁৱেই Block List-ত
ৰাখি থৈ দিয়ে।


Single বোৰৰ আশা থাকক
বা নাথাকক,
সদায় শান্তিৰে শুব পৰা ৮ ঘন্টা
Time কিন্তু থাকে।


যাক নিজতকৈ বেছি ভাল
পোৱা যায়,
তেওঁৱেই এটা সময়ত এৰি থৈ যায়।


প্ৰথম ভালপোৱা
সফল নহ'লেও
হৃদয়ত গোটেই জীৱন থাকে।


জীৱনত প্রেম মোৰো হৈছিল।
কিন্তু তেওঁ গোটেই জীৱন
তোমাৰ লগত থাকিম বুলি
প্ৰতিশ্ৰুতি দিয়াৰ পাছতো দুদিনতে
এৰি গুচি গ'ল!


জীৱনত এনেকুৱা কোনো বস্তু নাই
যিটো পোৱাৰ পাছত
গোটেই জীৱন সুখী হৈ থাকিব পাৰিম।


কবিয়ে কৈছে-
সকলো সম্পৰ্কই আৰম্ভণিতে
ধুনিয়াই হয়,
কিন্তু পুৰণা হ'লে মূল্যহীন হয়।


চাৰি চকুৰ মিলন মানেই
প্ৰেম নহয়,
যদিহে দুয়োৰে বুজাবুজি নাথাকে।


জীৱনসংগী জন বিশ্বাসী আৰু
মৰমিয়াল হ'লে ভঙা পজাটো সুখী
হ'ব পাৰি।


অপ্ৰিয় যদিও চিৰসত্য
"গৰম আৰু মৰম"
এই দুয়োটা বস্তুৱেই লগাতকৈ
বেছি হ'লে মানুহক কাপোৰ খুলিবলৈ
বাধ্য কৰায়।


যিটো সম্পৰ্কত কাজিয়া বেছি হয়,
সেইটো সম্পৰ্ক বেছি
যুগমীয়া হয়।


সঁচা ভালপোৱা আৰু সঁচা বন্ধুত্ব
সকলোৰে কপালত লিখা নাথাকে।


জীৱনৰ বহু সম্পৰ্কই
হয়তো আন্তৰিকতা হীন;
যিবোৰ সম্পৰ্ক কেৱল সমাজৰ
আগত অভিনয়ৰ যোগেদিহে
জীয়াই ৰখা হয়।


সন্মান সেইজনক কৰা উচিত,
যিয়ে নিজৰ সন্মান বজাই
ৰাখিব পাৰে।


প্ৰেম মানেই যদি বিবাহ নহয়,
সেই প্ৰেমত শাৰীৰিক সংস্পর্শও
হ'ব নোৱাৰে।


এজনী ছোৱালীক প্ৰেমত প্ৰতাৰণা কৰি
শাৰীৰিক সুখ লোৱাজন
কোনো ধর্ষণকাৰীতকৈ কম নহয়।


প্ৰয়োজনকৈ বেছি আনক
বিশ্বাস কৰিলে
আপোন জনেও সংগ এৰি দিয়ে।


কেৱল সুখত নহয়,
দুখৰ সময়তো সাৰথি হৈ লগ দিয়া
জনৰ সৈতেহে সম্পৰ্ক
গঢ়ি তুলিম।


তেজৰ সম্পৰ্ক থাকিলেই মানুহ
আপোন নহয়,
প্ৰকৃত আপোন তেওঁহে যিয়ে
সুখে-দুখে কাষত থাকি
মনৰ খবৰ লয়।


ভালপোৱাৰ সংজ্ঞা কি নাজানো,
কিন্তু তুমি কেতিয়া Online থাকা
দিনটোত বহুত বাৰ Check কৰোঁ।


কেতিয়াবা মোৰো মন যায় শিল এটাত
I Miss You লিখি
তোমাৰ মূৰত দলিয়াবলৈ,
যাতে তুমিও বুজি পোৱা
তোমাক Miss কৰিলে মই কিমান
কষ্ট পাওঁ!


আপোন সেইজনেই
যিয়ে তোমাৰ হাঁহিৰ আঁৰত লুকাই থকা
দুখবোৰ দেখা পায়।


মনৰ ভাব প্ৰকাশ কৰিবলৈ,
কাকনো বুলিম আপোন;
কাকনো বুলিম হিয়াৰ দাপোন!


সম্পৰ্কত যিদিনাই যোগাযোগ
বিচ্ছিন্ন হয়,
সেইদিনাই মনৰ মাজত অলেখ
প্ৰশ্নৰ উদয় হয়।


অহংকাৰী মানুহে তেতিয়াই হয়
যেতিয়া প্ৰাপ্যতকৈ বেছি পায়।


সকলো ছোৱালীয়েই Make-up'ৰ যোৰত
ধুনীয়া নহয়,
কিছুমান ছোৱালী জন্মগত পৰাও
ধুনীয়া থাকে।

কাৰোবাক ভাল পাবলৈ এক মিনিট
সময়েই যথেষ্ট,
কিন্তু সেই ভালপোৱা হৃদয়ৰ পৰা
 মগজুলৈ যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন।

প্ৰিয়জনৰ সৈতে গোটেই জীৱন
কটোৱাৰ ভাগ্য
সকলোৰে কপালত লিখা নাথাকে।


জীৱনসংগীয়ে
আপোনাক দুদিন সুখত ৰাখিব,
কিন্তু নিজে সুখী থাকিবলৈ
সদায় সুস্থ থাকিব লাগিব।


ভালপোৱা যদি সঁচা হয়
চিৰস্থায়ী নহ'লেও পাহৰি যোৱাৰ মাথোঁ
অভিনয় হে কৰিব পাৰি,
কিন্তু হৃদয়ৰ পৰা আপোনজনৰ নামটো
কেতিয়াও মচি পেলাব নোৱাৰি।

কিছুমান প্ৰেম
একপক্ষীয়া হ'লেও মজা আছে।
এই যে-
তেওঁক মোৰ ভাল লাগে,
হয়তোবা বেলেগতকৈ বেলেগ ভাৱে
ভাল লাগে তেওঁক,
তেওঁক মোৰ ভালপোৱা হ'ব দিব
নোৱাৰোঁ, ইত্যাদি...
কিন্তু দূৰৰ পৰাই চাওঁ তেওঁক।


জীৱনসংগী ধুনীয়া নহয়,
সঁচা হ'ব লাগে;
তেতিয়া চাবা- জীৱনটো কিমান
সুন্দৰ হয়।


সেইজনী ছোৱালী বেছি স্পষ্টবাদী
যাৰ খং বেছি;
কিন্তু তাৰ অন্তৰখনো কোমল
বেছি হয়।


কোনেও কাৰো বাবে Important নহয়,
মানুহে তেতিয়াহে মনত পেলায়
যেতিয়া তাৰ Time Pass হয়।


কাৰোবাৰ প্ৰেমত পৰাৰ আগত
এবাৰ ভাবিব,
যদি দিনবোৰ আনন্দেৰে পাৰ
কৰিব বিচাৰে।


সদায় কথা পাতি ভাল লগা
মানুহ বোৰেই
মেছেজৰ reply সময় মতে নিদিয়ে।


যেতিয়া কাৰোবাৰ মৌ-মিঠা কথাবোৰে
দুচকুত হাঁহি জিলিকাই তোলে,
তেওঁ অভিমান কৰিলেও দুচকুত
সপোনবোৰ ভাঁহি থাকে।


তুমি প্ৰতাৰণা কৰাটোত তোমাৰ
ভুল নাছিল,
আচলতে তোমাক বিশ্বাস কৰি
লোৱাটোহে মোৰ ভুল আছিল!


মোৰো মন যায়
কেতিয়াবা আউসীৰ এন্ধাৰ গুচাই
তোমাৰ প্ৰেমৰ উপত্যকাত মায়াবী
সপোন ৰচিবলৈ;
কিন্তু সপোনবোৰ আধৰুৱা হৈ পৰিব
বুলিহে তোমাৰ প্ৰেমত আজিও নপৰিলোঁ!


শৰীৰ চাব বিচৰাটোক
ভালপোৱা নুবুজায়,
কাৰোবাৰ হৃদয় ভৰি অন্তৰ জয়
কৰিব পৰাটোহে
প্ৰকৃত ভালপোৱা।


স্বাৰ্থপৰ সমাজত ভাল হৈ
পৰিচয় দিব নোৱাৰি,
পৰিচয় মাথোঁ টকাৰ হে।


হাজাৰ ভালপোৱাৰ মাজতো
নোপোৱাৰ বেদনা বেছিকৈ বিচাৰি
পোৱা যায়।


তোমাৰ পৰা মই টকা-পইচা,
দামী কাপোৰ একো নিবিচাৰো,
কেৱল তোমাৰ পৰা তোমাক
আৰু তোমাৰ মৰমবোৰ বিচাৰো।


ময়ো ভাল পাব বিচাৰো
কিন্তু সংজ্ঞা লৈ নহয়,
এখন সঁচা হৃদয়ৰ প্ৰস্তাৱ লৈ।



নাৰী সকলোৰে পছন্দৰ
কেৱল নাৰীৰ স্বাধীনতা খিনিহে
কাৰো পছন্দৰ নহয়।


কবিয়ে কৈছে-
Girlfriend বনাই প্ৰেম কৰাতকৈ
Bestfriend হৈ প্ৰেমত পৰাটো
বেছি মজা আছে।
 

ভাল পাওঁ বুলি ক'লেই
মই তোমাক লাখ টকাৰ উপহাৰ
দিব নোৱাৰিম
কিন্তু মোৰ হৃদয়ত তোমাক সদায়
ৰাণী কৰি ৰাখিব পাৰিম।


সন্মুখত I Love You কলেই
ভালপোৱা যুগমীয়া নহয়;
চকুৰ আঁতৰ হলেও মনত আঁতৰি
নোযোৱাকৈ হৃদয়ত সাঁচি ৰাখিব
পৰাটোহে "True Love"


"LIFE PARTNER"
সুন্দৰ নহয়
মৰম, যত্ন কৰা বিধৰ হব লাগে,
যিয়ে মৰম বা যত্ন কৰিব নাজানে
তেওঁৰ লগত জীৱন কটোৱা
একেবাৰে অৰ্থহীন।


Social Media'ত লগ পোৱা
কিছুমান মানুহ চিনাকি মানুহতকৈ
বেছি বিশ্বাসী হয়।


শিৰত সেন্দুৰ ললেই সংসাৰ
সুখী নহয়,
যদিহে জীৱনসংগীৰ সৈতে
জীৱনজোৰা বন্ধুত্ব নাথাকে।


তোমাৰ নামত উঠা-বহা কৰা উশাহ
টোৱেও বুজিবলৈ ললে,
সময় আৰু প্ৰয়োজন অনুসৰি
মানুহ যে কিমান সোনকালে
সলনি হ'ব পাৰে।


প্ৰত্যেকটো ভালপোৱাই সফল
নহ'ব পাৰে,
কিন্তু প্ৰতিটো ভালপোৱাই হৃদয়ত
সুকীয়া স্থান দখল কৰে।


ভাল পোৱাটো
কোনো বদনামী শব্দ নহয়,
কিন্তু মানুহেই সেই শব্দটোৰ
বদনাম কৰে।


মই বিধাতা হৈয়ো বিধান
পৰিৱৰ্তন কৰিব নোৱাৰিলোঁ!
মোৰ ইচ্ছা আছিল ৰাধা,
মোক বিচাৰিছিল মিৰাই
 আৰু
মই হৈ গলোঁ  ৰুক্মিণীৰ।


সম্পৰ্ক যিমানে মধুৰ নহওক,
সলনি হোৱাজনে সলনি হ'বই।


গোলাপৰ দৰে আকৰ্ষণ কৰি
কাঁইটৰ দৰে বিন্ধা লিখিবলৈ যাওঁতে
তাৰ পাহিত এতিয়া প্ৰেমৰ কবিতা!


দুখ তেতিয়াই কৰিম
যেতিয়া নিজৰ বুলিবলৈ কোনো
নাথাকিব।


ভালটো মইও তোমাকেই পাওঁ
কিন্তু তোমাৰ অভিমান ভাঙতে
প্ৰেমৰ ব্যাকৰণ পাহৰি যাওঁ।


সপোন সকলোৱে দেখে,
কেৱল সপোনবোৰ বাস্তৱ কৰাৰ
সৌৰ্ভাগ্য প্ৰত্যেকৰে নাথাকে।


ভাবি নাপাওঁ কিছুমান ল'ৰাই
কেনেকৈ ইমান ছোৱালীৰ লগত
লিলিমাই কৰে,
মোৰ দেখোন হোটেলত পৰঠা খাই
চব্জি খুজি খাবলৈও লাজ লাগে।


কাৰ পৰশত ফুলিলি বান্ধৈ
অ' মোৰ সাদৰী ফুলাম পাহি,
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি?


হৃদয়ে হৃদয়ক জানে
অজানা মৰম বিচাৰে,
স্বপ্নময়ী অনুভূতি বোৰ
আওতাৰ গুঠি দিয়ে,
কেঁচা কলিজাৰ এধানী
সঁহাৰি বিচাৰে।


নকওঁ বুলি ভাবিও যাৰ প্ৰেমত
বাৰে বাৰে পৰা যায়,
সেয়াই হ'ল হৃদয়ৰ সঁচা ভালপোৱা।


নুবুজা পৰিধিৰে
মই বিচাৰোঁ তোমাক
তুমি তুমি লগা প্ৰতিটো পলে
তুমি মাথোঁ মোৰ হিয়াৰে আল্পনা।


প্ৰেম এনেকুৱা এজনক কৰা যিজনে
তোমাৰ মূল্য বুজি পায়,
সেইজনক নহয় যিয়ে ব্যস্ত নথকাতো
তোমাৰ খবৰ ল'বলৈ আজৰি নাপায়।


প্ৰেম এনেকুৱা এটা বস্তু
যিয়ে কাৰোবাৰ জীৱন গঢ়িবও পাৰে,
ধ্বংসও কৰিব পাৰে।



সকলো প্ৰেম-ভালপোৱাই সফল
নহ'ব পাৰে,
কিন্তু বিশ্বাস থাকিলে
কোনো সম্পৰ্কতে বিশ্বেদ নাথাকে।


আনৰ বাবে নহয়,
আপোনাৰ চকুত হে ধুনীয়া
হোৱাটো বিচাৰো।


প্ৰকৃত ভালপোৱা সেইজনেই
যিয়ে হাঁহিৰ আঁৰত লুকাই থকা
দুখবোৰ দেখা পায়।


প্ৰয়োজন কেৱল ভালপোৱাৰে নহয়,
দুখবোৰ ভগাই লবলৈয়ো তোমাক
মোৰ প্ৰয়োজন।


মই সদায় তোমাৰ হ'ব বিচাৰোঁ
কিন্তু ভগৱানে জানো আমাক
এই পথে আগুৱাই যাব দিব?
তথাপিও যদি বৰষুণ আহে দুয়ো
একেলগে তিতিম, যদি ধুমুহা আহে
হাতে হাত ধৰিম,
যদি দুখ আহে একেলগে চকুলো টুকিম।


মোৰ ভালপোৱা একপক্ষীয় হৈ
থাকিব দিয়া
তোমাৰ ফালৰ পৰা মই সঁহাৰি নিবিচাৰোঁ!
কাৰণ একপক্ষীয় ভালপোৱাত
তোমাৰ পৰা আঁতৰি থাকিব লগা নহয়;
মই যেতিয়াই বিচাৰোঁ তোমাক মোৰ
ওচৰতে পাওঁ।


মোৰ দুটোপাল চকুপানীয়ে যদি
তোমাৰ মুখত হাঁহি বিৰিঙাই
মই সদায় কান্দিম
আৰু তুমি চাই হাঁহিবা,
কাৰণ মই তোমাক সদায় হাঁহি
থকাটো বিচাৰোঁ।


সুখী হোৱাৰ কাৰণে ধনী ল'ৰাৰ
প্ৰয়োজন নাই,
সুখত থকাৰ কাৰণে এটা সুন্দৰ
মন থকাটো দৰকাৰ।



ৰাতি দুটালৈ Mobile'ত লিলিমাই
কৰা জনীক নহয়,
ৰাতি সোনকালে শুৱ কোৱা এজনীকহে
হৃদয়ে বেছি বিচাৰে।
মা কচম


সুখত ৰাখিম বুলি প্ৰত্যেকজন
ল'ৰাই কয়,
বিয়াৰ পিছত কিন্তু এজন পুৰুষতকৈ
ঘৈণীয়েকৰে দায়িত্ব বেছি হয়।


গিৰিয়েকৰ টকাৰে স্কুটি কিনাটো
ডাঙৰ কথা নহয়,
গিৰীয়েকক সদায় শান্তিত ৰাখিব
পৰাটোহে Main


কিছুমান Personal কথা
আনক Share নকৰাকৈ ভাল,
কাৰণ যাক বেছি
বিশ্বাস কৰি কোৱা যায়
সুযোগ পালে তেওঁৱেই এদিন
হাঁহি যায়।


প্ৰেম কৰিব ময়ো পাৰোঁ,
কিন্তু পঢ়াৰ সময়ত
বেলেগৰ পুতেকৰ লগত চেনি দিয়াৰ
ইচ্ছা মোৰ নাই।


এটা কথা ভাবি নাপাওঁ,
ল'ৰাবোৰে যদি Single থাকে
ছোৱালী বোৰক কোনে পতাব বে!


হেৰাই যোৱাজন ঘূৰি আহিব পাৰে,
কিন্তু সলনি হোৱাজন কেতিয়াও
ঘূৰি নাহে।


এটা উপযুক্ত বয়সত 
নিজেই বুজা যায়,
তৰ্ক কৰাতকৈ চুপ হৈ থকাই শ্ৰেয়।


সমস্ত দিলেও হৃদয়খন কাকো নিদিব,
কাৰণ হৃদয়ৰ কোমল অংশত
আঘাত কৰিবলৈ সুযোগ বিচৰা
মানুহৰ অভাৱ নাই।


প্ৰেম সেইজনক কৰা
যিয়ে তোমাৰ মৰম বুজি পাই
তেওঁক নহয়,
যিয়ে নিজৰ স্বাৰ্থৰ বাহিৰে আন
কাকো চিনি নাপাই।


জীৱনসংগী লাগিলে দুখীয়াই হওক
চৰিত্ৰহীন হ'ব নালাগে।


হৃদয়ত আপোন বুলি ভবাজন 
কেতিয়াও আমাৰ ভাগ্যত নাথাকে।


ৰূপৰ নহয়,
গুণৰ হে অধিকাৰী হোৱাটো বিচাৰোঁ।


সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ
উত্তম হ'ব নোৱাৰে।


প্ৰেমৰ অনুভৱ কি নাজানোঁ!
কিন্তু তোমাৰ ওঁঠৰ মিচিকিয়া হাঁহিটোত
মই সদায় আনন্দ অনুভৱ কৰোঁ।


সেইটো সম্পৰ্কহে বেছি যুগমীয়া হয়,
যিটো সম্পৰ্ক হৃদয়ৰ পৰা
গঢ়ি উঠে।


শিৰত সেন্দূৰ লৈ কেৱল ঘৰৰ
দায়িত্বই নহয়,
সীমান্তত থাকি দেশৰ সুৰক্ষাও
কৰিব পাৰি।
 

তুমি মোৰ লগত আছা নে নাই সেইটো
Important নহয়,
মোৰ অবিহনেও তুমি কিমান সুখী
সেইটোহে Important


হেৰাই যোৱাৰো থাকে এক
সুকীয়া মাদকতা,
যদিহে থাকে আপোনজন বিচাৰি
যোৱাৰ সম্ভাৱনা।


ইতিহাস সাক্ষী আছে
যাক বেছি ভাল পোৱা যায়
সি মাত্ৰ তোমাৰ স্মৃতি হৈ ৰ'ব,
কিন্তু সংগী হৈ নহয়।


শৰীৰৰ অৰ্ধ অংগ দেখুৱাই ফটো দিলে
হাজাৰ Like কমেণ্টত Perfect, Sexy
বুলি দুদিন Viral হে হ'ব পাৰি,
কিন্তু বাস্তৱ Life-ত সেইজনী ছোৱালীৰ
সন্মান কমি যায়।


খং দেখুৱাই Bye কোৱাৰ পাছতো
সেইজনৰ পৰা এটা Reply'ৰ বাবে বহু
আশাৰে ৰৈ থকা যায়,
যাক সঁচা অন্তৰেৰে ভাল পোৱা যায়।
 

এজনী ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত
থিয় হোৱা খুবেই প্ৰয়োজন
সেয়া টকা আৰু পৰিয়ালৰ বাবে নহয়,
নিজৰ আত্মসন্মানৰ বাবেহে।


সেইজনৰ বাবে সদায় হাঁহি মুখে
জীয়াই থাকিবলৈ শিকা,
যিয়ে তোমাৰ বাবে মৰিবলৈয়ো
সাজু থাকে।


বেলেগৰ দৰে মোৰ প্ৰেম কাহিনী
ইমান দীঘলীয়া নহয়,
তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল
আৰু মই তেওঁক কেতিয়াওঁ বেয়া
পোৱা নাছিলোঁ।
 

নাৰীয়ে যি কাপোৰেই পিন্ধক
পুৰুষৰ দৃষ্টি লুভীয়া হ'লে উলংগ দেখিবই,
স্বামীয়ে যিমান উপাৰ্জন
নকৰক কিয়, পত্নীৰ স্বভাৱ ভাল নহ'লে
অভাৱ হ'বই।
 

Instagram'ত Reals
ভিডিঅ' বনোৱাটো Main নহয়,
গোটেই Life কাৰোবাৰ সৈতে Real
Life'ত থাকিব পৰাটোহে Main


ধনীৰ ঘৰত জন্ম হ'লে জীৱনটো
উপভোগ কৰা যায়,
দুখীয়াৰ ঘৰত জন্ম হ'লে জীৱন মানে
কি সেয়া বুজা যায়।

🔺🔺🔺🔺🔺🔺🔺🔺

অনুগ্ৰহ কৰি নোট কৰিব
আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ
আপডেট কৰা হৈ আছে,
সেয়ে আৰু অধিক ষ্টেটাছ সমূহ পাবলৈ
আমাৰ ৱেবচাইটৰ লগত থাকিব।

অশেষ ধন্যবাদ আপোনাক
ইমানখিনি সময় আমাৰ ৱেবচাইট'টোত
আহি দিয়াৰ বাবে।

আমাৰ ষ্টেটাছ সমূহ
পঢ়ি ভাল লাগিলে Comment এটা
কৰি আমাক উৎসাহ দিব বুলি
আশা থাকিল।

🔻🔻🔻🔻🔻🔻🔻🔻


No comments:

Post a Comment