নিশা প্ৰায় ডেৰমান বাজিছে।
অলপ আগৰ সকলো হাই-উৰুমি নিজম পৰি নিতাল মাৰিছে। প্ৰকাণ্ড ঘৰটোত কমেও প্ৰত্যেকটো কোঠাই কোঠাই দহখন মান ফেন ঘৰঘৰাই চলি আছে।
আনদিনে নচলা কোঠাটোতো আজি ফেনৰ ধাতৱ শব্দ বিৰাজমান। বিয়াগোম গেটখনৰ কাষতে বান্ধি ৰখা নোমাল কুকুৰটোৱে মাজে মাজে কৰা মৃদু ভুক-ভুকনিটোৰ বাহিৰে সকলো স্তব্ধ।
হ'বৰে কথা। বিয়া বিয়া বুলি ঘৰৰ সকলোৰে লগতে আত্মীয় স্বজন সকলোৰো খাৱন-শুৱনৰো ঠিক নোহোৱা ব্যস্ততাই ভাগৰাই পেলোৱাটো স্বাভাৱিক।
বিয়াখন ভালে-কুশলে হৈ গ'ল যেতিয়া এতিয়া আৰু চিন্তা নাই। তেনে ভাৱতে সকলোৱে গভীৰ প্ৰশান্তিত টোপনি মাৰিছে।
আলহী-অতিথিয়ে ঘৰখন ভৰি আছে। যিয়ে য'তে সুবিধা পাইছে তাতে সুবিধা অনুযায়ী বগা টাইলছেৰে জিলিকাই ৰখা মজিয়াতে ঢালাই পাৰি পাৰি শুই পৰিছে।
তাৰমাজতো, কেৱল সাৰে আছে আৰাধ্যা… নহয়.... নহয়, সাৰে আছে আন এজন মানুহো।
আৰাধ্যা আৰু বৈভৱপ্ৰয়ানৰ বিয়া হৈ গৈছে আজি। দেউতাকে মৰমৰ আলসুৱা কলিজাটোক আন এজনৰ ওচৰত সমৰ্পন কৰি দিছে; একেবাৰে।
ফুলেৰে সজ্জিত প্ৰকাণ্ড বিছনাখনত কুঁচি-মুচি বহি ৰৈছে আৰাধ্যা। ভাৱ হৈছে এইমাত্ৰ যেন সোমাই আহিব এজন নিচাগ্ৰস্ত কামাতুৰ মানুহ। আহিয়েই খহাই পেলাব তাইৰ শৰীৰৰ পৰা এটা এটাকৈ পিন্ধি থকা আভৰণ।
বন্য আনন্দত হেতালি খেলিব তাইৰ শৰীৰটোৰ সৈতে...।
কিন্তু, কি কৰিছে মানুহজনে ?
ইমান দেৰি কিয় অহা নাই....!!
বৈভৱপ্ৰয়ান ৰায়। গোটেই চহৰখনৰ ভিতৰতে নামী বিজনেছমেন। এজন ধনী ব্যক্তি। চহৰখনত বহুল চৰ্চাৰ মুখ্য নাম বৈভৱপ্ৰয়ানৰ।
কি নকৰে তেওঁ??
চহৰখনত আটাইতকৈ মদপী কোন?
"বৈভৱ"।
চহৰখনত জুৱা খেলৰ মূল নায়কজন কোন?
"বৈভৱ"।
অনাথ আশ্ৰমখনলৈ আটাইতকৈ বেছি দান বৰঙনি আগবঢ়োৱা ব্যক্তিজন কোন?
"বৈভৱ"।
বৃদ্ধাশ্ৰমখনত অত্যাধুনিক সা-সুবিধাবোৰ কৰি দিয়া মানুহজন কোন?
"বৈভৱ"।
ক'ত নাই এই মানুহজন। সকলোতে থাকে। চহৰখনৰ বেছিভাগ মানুহেই তেওঁক বৰ ভয় কৰে। বৈভৱক দেখাৰ লগে লগে মাকবোৰে জীয়েক বোৰক আঁৰ কৰি ধৰে। যাতে বৈভৱৰ চকু নপৰে।
কিন্তু... কোনোদিন শুনা নাই বৈভৱ নামৰ উদণ্ড মানুহজনে যে কোনো জীয়ৰী-বোৱাৰীক বেয়া চকু দিছে। তথাপি মানুহবোৰে ভয় কৰে। কাৰণ,
বৈভৱে নোৱাৰা কাম একো নাই।
বৈভৱে নকৰা কাম একো নাই ॥
মানুহবোৰৰ মুখে মুখে শুনা কথাবোৰে আৰাধ্যাহঁতৰ বয়সৰ সকলো ছোৱালীকে ভীতিগ্ৰস্ত কৰি তুলিছিল। বৈভৱ থকা ঠাইখনত মাক হঁতৰ আঁচলৰ আঁৰে আঁৰে ঘূৰি ফুৰিছিল।
বৈভৱ মানেই যেন এটা হিংস্ৰ জন্তু।
সুবিধা পালেই যেন বৈভৱ নামৰ জন্তুটোৱে
নখেৰে আঁকুহি-বাঁকুহি ছিৰাছিৰ কৰি
ফালি পেলাব।...
মাক নথকা আৰাধ্যাকো দেউতাকে আঁতৰাই ৰাখিছিল মানুহজনৰ পৰা। কিন্তু নোৱাৰিলে।
বৈভৱপ্ৰয়ানৰ অফিচত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজন হিচাপে পোৱা কেইটামান টকাৰে ঘৰখন চলাই নিছিল দেউতাকে। তাইৰ পঢ়াৰ নামতো পইচা বৰকৈ খৰচ হৈছিল। কেতিয়াবা সেয়েহে দেউতাকে বৈভৱৰ পৰা দৰমহাটোৰ উপৰিও আৰু অলপ বেছিকৈ পইচা আনিবলগীয়াত পৰিছিল। সেইদিনাও তেনেকুৱাই হৈছিল....
বাঁহৰ জপনাখন ঠেলি আৰাধ্যা হঁতৰ ঘৰলৈ সোমাই আহিছিল বৈভৱ নামৰ দীৰ্ঘদেহী মানুহজন।
এজন সুদৰ্শন পুৰুষ।
নাই… নাই। মানুহজনে সেইদিনা মদ খোৱা নাছিল। তথাপি তেঁওৰ চকু দুটা দুৰ্দান্ত ৰঙা হৈ আছিল।
প্ৰেচাৰে আমনি কৰা বাবে সিদিনা দেউতাক বিছনাত। উচপিচাই আছিল মানুহজনে। কাৰণ আৰাধ্যাৰ বাহিৰে এতিয়া অাৰু বেলেগ কোনো নাই বৈভৱক আলপৈচান ধৰিবলৈ।
মানুহজনে মুগ্ধ হৈ চাইছিল আৰাধ্যাক ভৰিৰ পৰা মূৰলৈকে। ভীষণ অস্বস্তিৰে চাহ-তামোল যতনাই আঁতৰি আহিছিল আৰাধ্যা মানুহজনৰ কাষৰ পৰা।
দুদিন পিছত খবৰ আহিল বৈভৱে আৰাধ্যাক বিয়া পাতিব বিচাৰে।
দেউতাকে মূৰে-কপালে হাত দি জঠৰ হৈ বহি থাকিল। অনুশোচনাত নিজৰ কপাল নিজে চপৰিয়াই কান্দি উঠিল দেউতাক। আৰাধ্যাই জানে। দেউতাকে ন'কলেও বুজি পায়, দেউতাকৰ বাবে তাই কি??
উশাহ বন্ধ হৈ অহাৰ উপক্ৰম হ'ল আৰাধ্যাৰ। কল্পনাতো এদিনো নভবা ধুমুহাজাকে তাইক হাওলাই পেলাব খুজিলে।
কি কৰে তাই এতিয়া? তাইয়ে যদি ভাঙি পৰে
দেউতাকৰ কি হ'ব??
যদি তাই বিয়াখনত অসন্মত হয় তেন্তে
দেউতাকে কামটো হেৰুৱাব??
তাৰপাছত কেনেদৰে কটাব সিহঁতে
উপাৰ্জন বিহীন জীৱন এটা??
অনেকবোৰ প্ৰশ্নৰ অন্ততঃ এটা সঠিক সিন্ধান্তলৈ উভতি আহিল দেউতাকৰ ওচৰলৈ।
:- দেউতা মই বিয়া হম, একো আপত্তি কৰিব নালাগে।
হয়। তাৰেই পৰিণতিত বিয়াখন হৈ গ'ল। তাই ভাবিছিল মানুহজনে তাইক এই নিশাটোত বহুদিন ক্ষুৰ্ধাত হৈ থকা বন্যজন্তুৰ দৰে ভক্ষণ কৰি পেলাব…! অথচ মানুহজনৰ কোনো খবৰেই নাই??
ওচৰতে থকা ম'বাইলটোত সময় চাই আৰাধ্যাৰ
চকু কপালত উঠিল...
তিনি বাজিবলৈ মাত্ৰ পাঁচমিনিট বাকী।
ক'ত গ'ল মানুহজন !!
নৱ বিবাহিত পত্নীক ফুলশৰ্য্যা নিশাৰ দিনাই
এনেদৰে অকলশৰীয়াকৈ এৰি থৈ
যায়নে কোনোবাই?
আৰাধ্যাহতঁৰ কোঠাটোৰ সৈতে সংলগ্ন বেলকনিৰ পৰা এটা চেঁপা কান্দোন ৰৈ ৰৈ ভাঁহি আহিল বতাহৰ লগত। অলৌকিক এটা ভয়ে শিঁহৰিত কৰি আনিলে তাইক ভিতৰৰ পৰা।
কোনে কান্দিছে এই পুৱতি নিশা?
কোন হ'ব পাৰে এয়া? "বৈভৱপ্ৰয়ান"।...
নামটো উচ্চাৰণ কৰিয়েই লৰচৰ কৰি বহিল বিচনাখনতে। দুয়োখন হাততে ১০ পাততকৈ বেছি পিন্ধোৱা খাৰুবোৰে ঝন-ঝনাই বাজি উঠিল।
খাৰুখিনি একে আঁজোৰে খুলি বিছনাখনতে ছেদেলি-ভেদেলিকৈ সিঁচি দিলে। গলধনৰ পৰা ওৰণিখন আঁতৰাই উধাতু খাই খোজ ল'লে বেলকনি সংলগ্ন দুৱাৰ খনলৈ।
অলপ দেৰিৰ আগলৈকে যেনেদৰে তাই কুঁচি-মুচি বহি আছিল ঠিক তেনেদৰে ইয়াতো চুক এটাত, আঁঠু দুটাৰ মাজত মূৰটো গুঁজি বহি আছে বৈভৱপ্ৰয়ান নামৰ উন্মত্ত ৰঙাচকুৰ মানুহজন।
আথে বেথে আৰাধ্যা আগবাঢ়ি গ'ল মানুহজনৰ কাষলৈ।
:- কি হৈছে আপোনাৰ??
ৰঙা চকুৰ মানুহজনে আৰু অধিক ৰঙচুৱা চকু এহালিৰে মূৰ তুলি চালে আৰাধ্যালৈ।
:- মোক কওক... কি হৈছে আপোনাৰ?? ইয়াত কিয় এনেদৰে ৰৈ আছেহি মোক অকলশৰে এৰি!!
মূহুৰ্ততে ... আৰাধ্যাৰ মানুহজনৰ প্ৰতি এক মায়া জাগি উঠিল।
:- আৰাধ্যা...!! এইয়া চোৱা মায়া.....
ইমান পৰে আৰাধ্যাৰ চকুত নপৰা এখন ফটো বৈভৱে বুকুৰ মাজৰ পৰা আনি আৰাধ্যাক দেখুৱালে।
:- কোন ??
:- মায়া...!! মায়া সেনগুপ্ত। যাৰ ভালপোৱাৰে মই জী উঠিব খুজিছিলো।
কান্দি কান্দি ভাগৰুৱা এটা মাতেৰে কৈ উঠিল, 'মায়া' ৰ কথা... নিজৰে নৱ পৰিণীতাৰ ওচৰত।
মানুহজনেও যেন বুজি উঠিছিল এইবোৰ কথা আৰাধ্যাক ক'ব পৰা যায়। বুজি উঠিছিল যেন একমাত্ৰ আৰাধ্যাই আছে তাৰ বাবে, যিয়ে তেঁওক সামৰি ল'ব পাৰিব!!
নাই… নাই। আৰাধ্যাই একো বেয়া পোৱা নাছিল। কান্ধ পাতি আঁকোৱালি লৈছিল নিজৰে স্বামীৰ পূৰ্বৰ প্ৰেমিকাৰ বিৰহত দগ্ধ শৰীৰটো। চুপচাপ হৈ শুনি ৰৈছিল "মায়া" নামৰ ছোৱালীজনীৰ লগত হোৱা দলবদ্ধ ধৰ্ষণৰ নিষ্ঠুৰ কাহিনী।
সকলো জানিও, দেখিও একো কৰিব পৰা নাছিল বৈভৱে। কাৰণ তাৰ তেতিয়া টকা নাছিল। ন্যায় বিচৰাৰ নামত যেতিয়া সি ওলোটাই জেলত সোমাব লগা হৈছিল সেইদিনাই এটা সংকল্প লৈছিল,
"জীৱনত যেনেকৈ হ'লেও এদিন টকা ঘটিবই।"
লাহে লাহে বৈভৱ নামৰ ল'ৰাটো সলনি হৈ হৈ এদিন.... আৰু আজি এইটো অৱস্থা পালেহি। যাক দেখিলে এতিয়া সকলোৱে ভয় কৰে। আঁতৰি পলায়।
:- আৰাধ্যা....!!
:- কওক।
:- বেয়া পাইছা মোক ??
:- ওঁহো, নাই পোৱা। ব'লক এতিয়া ভিতৰলৈ যাঁও।
:- এটা কথা কঁও....!!
:- এটা নহয় হাজাৰটা কওক।
:- আদৰি ল'ব পাৰিবানে ??
বিনিময়ত আৰাধ্যাই মানুহজনৰ মূৰটো তাইৰ বুকুৰ মাজলৈ টানি আনি ক'লে.....
"আজিৰ পৰা আপুনি কেৱল মোৰ।"
তেতিয়ালৈ এজাক নতুন সপোনে বাট চাই ৰৈ আছিল 'আৰাধ্যা-বৈভৱ' লৈ।
✍ ময়ূৰাক্ষী
No comments:
Post a Comment