সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | খণ্ড ১ | Assamese Novel | Gayatri Sharma | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস | খণ্ড ১ | Assamese Novel | Gayatri Sharma | Daily Assamese Status

সূৰ্যফুলৰ দেশলৈ

- প্ৰথম খণ্ড - অসমীয়া উপন্যাস

Assamese Novel
Daily Assamese Status


   জুলাই মাহৰ ভৰ দুপৰ। প্ৰচণ্ড গৰম আৰু বতাহৰ নামত বলি থকা গৰম সোঁতৰ চাদৰ এখনে যেন জপটিয়াই ধৰিছে সমগ্ৰ গুৱাহাটী মহানগৰীক। আকাশখনলৈ কোনোবাই যেন জ্বলি থকা মেজি এটাৰ ৰঙা জুইকুৰাহে ছাটি মাৰি পঠিয়াইছে। পদপথৰ কোনোবা এটা চুকত এইহেন গৰমকো আওকাণ কৰি গভীৰ নিদ্ৰাত পৰি ৰৈছে কোনোবাজন। গছৰ পাত এখিলাও কঁপি নুঠা গৰমৰ এইকেইটা দিন বৰ অসহ্যকৰ হৈ উঠে।

   দুপৰীয়া প্ৰায় আঢ়ৈ বাজিছে। কোনোবা স্কুল এখন ছুটী হৈছে। আকাশৰঙী আৰু বগা ইউনিফৰ্ম পিন্ধি হুৰমুৰকৈ ওলাই আহিছে এজাক ল'ৰা ছোৱালী। আইচক্ৰীমৰ ঠেলা দুখনমান ৰৈছিলহি। ৰঙাকৈ 'মেৱাৰ' আইচক্ৰীম বুলি লিখি থোৱা ঠেলাখনৰ সন্মুখত জুম বান্ধিছিলগৈ ল'ৰা ছোৱালীহঁত। মূৰৰ ওপৰত জুইৰ তাপ সদৃশ গৰমেও ম্লান পেলাব পৰা নাছিল সিহঁতৰ প্ৰাণোচ্ছল চেহেৰাবোৰক। 

   অফিচৰ আজি মৰ্ণিং শ্বিফ্টৰ ডিউটি আছিল মোৰ। ছয় বজাৰ পৰা ডিউটি থাকিলে দুই বজাত শেষ হয়। আৰু তাৰ পিছত প্ৰায় আধা ঘণ্টা সময় লাগে মই থকা কাহিলিপাৰাৰ এই ভাড়াকোঠাটো পাবলৈ। সমগ্ৰ মুখমণ্ডল দুপাট্টাখনেৰে মেৰিয়াই লৈ ভাগৰি জুগৰি কোঠাটো পাইছোঁহি মই।

   দুৱাৰখন খুলিয়েই কটনৰ দুপাট্টাখনেৰে মুখৰ ঘামবোৰ মচি ফেনৰ চুইটছটোত হাত দিলোঁ। বিকট শব্দ এটাৰে ঘূৰি উঠিল ফেনখন। কিন্তু বাহিৰত ইমানেই গৰম আছিল যে ফেনৰ পৰাও বৈ আহিছিল এজাক গৰম বতাহ।

   হেণ্ডবেগটো বিচনাখনত দলিয়াই থোৱাদি থৈ হাত মুখ ধুবলৈ ৱাশ্বৰুমলৈ সোমাই গ'লো। এই সময়খিনিত পানীৰ টেপটো খুলি পোনছাতেই পানীখিনিত কোনোপধ্যেই হাত দি দিব পৰা নাযায়। জুইত দুই মিনিটমান ধৰি তপতাই থকা গৰম পানী আৰু এই দুপৰীয়াৰ টেপৰ পানীখিনিৰ মাজত বৰ বিশেষ এটা তফাৎ নাথাকে। অলপ সময় পানীৰ টেপটো খুলি পানীখিনি ঠাণ্ডা হোৱাৰ পিছত মুখখন ধুই মোৰ অকণমানি কোঠাটোৰ একমাত্ৰ বিচনাখনত বহি পৰিলো। পৃথিৱীৰ সমস্ত ভাগৰ যেন এই অকণমানি বিচনাখনেহে কেৱল নাইকিয়া কৰিব পাৰে। হাজাৰ গৰমৰ মাজতো যি মোক আৱৰি ধৰিব পাৰে প্ৰচণ্ড শীতলতাৰে।

   গামোচাখনেৰে ভিজা মুখখন মচি ভাতকেইটামান বঢ়াই দিওঁ বুলি উঠোঁতেই হেণ্ডবেগটোৰ ভিতৰত মোবাইলটো বাজি উঠিল। লৰালৰিকৈ বেগৰ চেইনডাল খুলি মোবাইলটো চাই দেখোঁ মই চাকৰি কৰা 'খবৰ 24×7' নামৰ অফিচটোৰ ৰিছেপশ্যনৰ নম্বৰটো জিলিকি উঠিছে। ফোনৰ সেউজীয়া লাইটটোত হাত দিওঁতেই সিফালৰ পৰা ভাঁহি আহিল ৰিছেপশ্যনিষ্ট গৰাকীৰ মাত

: কৃষ্ণাক্ষী বা। আপোনাক গীতাৰ্থ ভৰদ্বাজ ছাৰে লগ পাবলৈ বিচাৰিছে।

: এতিয়াই? মানে আজিয়েই নে? 

ধুনীয়া মাতটোৰে তাই আকৌ এবাৰ কৈ উঠিল

: হয় এতিয়াই।

: মই গৈ আছোঁ অৰুণীতা । মোক আধা ঘন্টা সময় দিয়া প্লিজ।

   ফোনটো থৈ এক অজান আনন্দত মনটো ভৰি পৰিল। আচলতে অসমৰ আগশাৰীৰ এই সংবাদ মাধ্যমটোত প্ৰায় চাৰিমাহৰ আগতে জইন কৰিছোঁ মই। জীৱনৰ প্ৰথম চাকৰি। ট্ৰেইনিং পিৰিয়ড শেষ হৈছে যদিও চাকৰিটো নিশ্চিত হোৱাৰ কাগজখন আহিবলৈ এতিয়াও বাকী। একেলগে সোমোৱা দ্বিপান্বিতা আৰু চৈতালীৰহে মাথোঁ 'কনফাৰ্মেচন লেটাৰ' হাতত পৰিছে। সিহঁতকো গীতাৰ্থ ছাৰে এনেকৈয়ে হঠাৎ এদিন মাতি নি আচৰিত কৰি হাতত তুলি দিছিল বুকু ভৰাই পেলাব পৰা সেই বিশেষ কাগজখন। মোকো চাগৈ আজি সেইবাবেই খবৰ দি মাতি পঠিয়াইছে। 

   পিন্ধি থকা চেলোৱাৰযোৰ সলাই লৰালৰিকৈ আলনাৰ পৰা মাখন ৰঙী কুৰ্তীটো আৰু ক'লা লেগিংচ এটা টানি আনি পিন্ধি ল'লো। ইমান দূৰ ৰ'দত অহাৰ ভাগৰেও যেন মোক আজি চুব পৰা নাছিল। আইনাখন চাই মুখ আৰু ডিঙিত অকণমান পাউদাৰ সানি চকুত কাজল বুলাই ল'লো। যিমান খৰধৰকৈ ক'ৰবালৈ যাবলগীয়া হ'লেও কাজলকণ বুলাবলৈ কেতিয়াও নাপাহৰো মই। চুলিখিনি ক্লিপ এডালেৰে সামৰি বিছনাৰ পৰা বেগটো লৈ আকৌ ওলাই আহিলোঁ অফিচলৈ বুলি। 

   দুৱাৰখনত তলাটো মাৰিহে মই যেন অনুভৱ কৰিলো সাংঘাতিক ভোক লাগিছে মোৰ। মৰ্ণিং শ্বিফ্টত ডিউটি থাকিলে সাধাৰণতে মই ঘূৰি আহিয়েই ভাত খাওঁ। আজিও সেইটো ভাবিয়েই ৰাতিপুৱাৰ পৰা চাহ একাপ আৰু অফিচ কেণ্টিনৰ অমলেট এটাৰ বাহিৰে একোৱেই খোৱা নাছিলোঁ। হেণ্ডবেগটো খুচৰি পানীৰ বটলটো উলিয়াই ৰাতিপুৱাই ভৰাই নিয়া পানীৰ অৱশিষ্টকণ ঘোটঘোটকৈ গিলি পেলালোঁ। গৰমৰ বাবে পানীখিনিও ইমানেই গৰম হৈ আছিল যে বটলটোত এটা সময়ত মই যে ঠাণ্ডা পানীহে ভৰাইছিলোঁ তাৰ কোনো চিন চাবেই নাছিল।

   খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহিছিল ৰদ'টো। লৈ থকা ছাতিটোৰে ভেদিও যেন সোমাই আহিছিল গা পুৰি নিয়া ৰ'দৰ ৰঙচুৱা আভা।

   মৰ্নিং শ্বিফ্টত ডিউটি থাকিলে অফিচৰ গাড়ী এখনেৰে ৰাতিপুৱাৰ ডিউটি থকা গোটেই মানুহখিনিক নিবলৈ আহে। কিন্তু ৰাতিপুৱা আৰু ৰাতিৰ বাহিৰে দিনৰ আন সময়ত সেই সুবিধা পোৱা নাযায়। মই থকা কোঠাটোৰ পৰা প্ৰায় তিনিশ মিটাৰমান খোজকাঢ়ি গ'লেহে ৰিক্সা বা অ'টো এখন পায়। সংবাদ মাধ্যমৰ ট্ৰেইনিং পিৰিয়দৰ দৰমহাৰে গুৱাহাটী মহানগৰীত অ'টো এখন লৈ ক'ৰবালৈ যোৱাৰ কথা এতিয়া যে মোৰ বাবে কেৱল সপোনতহে সম্ভৱ। গতিকে মই নিজেই ক'ৰবালৈ যাবলৈ হ'লে বা দিনৰ ভাগত অফিচলৈ যাবলগীয়া থাকিলে পৰাপক্ষত সেই ৰিক্সাৰ পইচাটো খৰছ নকৰি কাহিলিপাৰাৰ পৰা গণেশ মন্দিৰলৈকে পথছোৱা খোজকাঢ়ি অতিক্ৰম কৰোঁ আৰু তাৰ পৰাহে চিটি বাছত অ'লৈ ত'লৈ যাওঁ। 

   কিন্তু আজি মোৰ চকুৰ আগত মাথোঁ ভাঁহি আছিল সেই বিশেষ কাগজখন আৰু এনেকুৱা লাগিছিল মই যদি কথা দিয়া সেই আধা ঘন্টা সময়তকৈ অকণমানো দেৰি কৰোঁ কাগজখনত যেন মোৰ নামটো ঘঁহাই ঘঁহাই কাটি গীতাৰ্থ ছাৰে বহুৱাই দিব আন কাৰোবাৰ নাম। 

   লৰালৰিকৈ ৰিক্সা এখনত বহি পৰিলোঁ। ৰিক্সাচালক আছিল বয়সস্থ এজন লোক। এই বয়সতো ঘৰখন চলোৱাৰ খাতিৰতহে হয়তো তেখেতে ৰিক্সা টানি থাকিবলগীয়া হৈছে। বৰ লাহে লাহে চলাইছে তেখেতে ৰিক্সাখন। তেওঁক মই ইচ্ছা কৰিও অকণমান জোৰেৰে চলাবলৈ ক'ব পৰা নাই। বৰ অস্বস্তি লাগিল। ব্যস্ত মহানগৰীখনৰ ৰাস্তাৰ কাষৰ  মানুহবোৰলৈ চাই হঠাৎ মোৰ এনেকুৱা ভাৱ এটা হ'ল যে মোৰ বাহিৰে গোটেই চহৰখনৰ মানুহবোৰ যেন আজি বৰ খৰকৈ অহা যোৱা কৰি আছে। ক'ৰবাত মইহে পিছ পৰি ৰৈছোঁ বৃদ্ধ ৰিক্সাচালকৰ কাছগতিৰ ৰিক্সাত। ঘড়ীলৈ চাই দেখোঁ কথা দিয়া আধা ঘণ্টা সময়লৈ মাথোঁ দহ মিনিট বাকী। এইবাৰ মই তেওঁক কওঁ নকওঁকৈ লাহেকৈ কৈ উঠিলোঁ

: বেয়া নাপায় যদি ৰিক্সাখন অকণমান জোৰত চলাব পাৰিব নেকি বাৰু?

কান্ধৰ লেতেৰা গামোচাখনেৰে মুখ আৰু ডিঙিৰ ঘামবোৰ মচি তেওঁ বিৰবিৰাই উঠিল

: বুঢ়া মানুহ ...

তেওঁ বোধহয় আৰু কিবা ক'ব খুজিছিল। মই তেওঁৰ কথাৰ ওপৰতে কৈ পেলালোঁ

: একো নহয় দিয়ক। আপুনি যেনেকৈ সুবিধা পায় তেনেকৈয়ে চলাওক।

   কথাষাৰ ক'লো যদিও ভিতৰি মোৰ বৰ ছাটিফুটি লাগিছিল। আধাঘণ্টা সময় পাৰ হ'বলৈ তেতিয়া মাথোঁ কেইমিনিটমান সময় বাকী। হঠাৎ মন কৰিলোঁ, যদিও মই মানুহজনক তেখেতৰ সুবিধামতে ৰিক্সাখন চলাবলৈ কৈছিলো তথাপিও মানুহজনে বৃদ্ধ দেহটোৰ সমস্ত শক্তি প্ৰয়োগ কৰি টানি গ'ল ৰিক্সাখন। বোধহয় তেওঁৰ অনুমান হৈছিল ৰিক্সাত বহি থকা ছোৱালীজনীৰ কিবা কাম এটালৈ বৰ দেৰি হৈছে!

    প্ৰায় সাত মিনিটমান যোৱাৰ পিছত এইবাৰ দূৰৰ পৰাই চকুত ভাঁহি আহিল 'খবৰ 24×7' ৰ হৰ্ডিংখন। এই 'খবৰ 24×7' নামটো মই যিমানবাৰ দেখোঁ সিমানবাৰেই যেন এক অদ্ভুত আৱেগত উথলি উঠোঁ গোটেই মানুহজনী। টিভিত দেখি থকা সেই চেনেলটো আৰু তাৰ বাতৰি পৰিবেশন কৰা সেই ধুনীয়া ধুনীয়া ঘোষক ঘোষিকাসকলক দেখিয়েইতো মই সিদ্ধান্ত লৈ পেলাইছিলোঁ জাৰ্নেলিজিমত 'এম এ' কৰাৰ। সৰুৰে পৰা আইনাৰ সন্মুখত বাতৰি কাগজৰ নুৰা এটা বনাই মিছাকৈ বাতৰি পৰিবেশন কৰোঁতেও মাথোঁ মনৰ ভিতৰত মই দেখি থাকিছিলোঁ এই বিশেষ চেনেলটোৰেইতো সপোন! এতিয়া যেতিয়া ইয়াতেই চাকৰি গতিকে অনবৰতে মনটো ভাল লাগি থাকিবলৈ ইয়াতকৈ বিশেষ কাৰণ জানো মোক লাগে?

: আইজনী ইয়াতেই নামিবা নে? 

হঠাৎ ৰিক্সাচালকজনৰ মাতত সম্বিৎ ঘূৰি আহিল মোৰ। 

আইজনী? 

   এই কৃত্ৰিম যান্ত্ৰিক চহৰত শেষবাৰ মই কেতিয়া শুনিছিলোঁ দেউতাই মতা এই আদৰৰ মাত? আনদিনা হোৱা হ'লে হয়তো এই 'আইজনী' মাতষাৰৰ বাবেই মানুহজনৰ লগত দুষাৰ কথা আৰু পাতিলোঁহেঁতেন। কিন্তু মোৰ হাতত আজি সিমানকণ সময়ৰো যে অভাৱ। আধা ঘণ্টাতকৈ ছয় মিনিট সময় ইতিমধ্যেই পাৰ হৈ গৈছিল।

   মানুহজনৰ হাতত চল্লিশ টকা এটা গুজি দি প্ৰায় দৌৰি যোৱাদি মই সোমাই গ'লো অফিচটোৰ ভিতৰলৈ। ধুনীয়া অফিচটোৰ সকলো ঠাইতে অত্যাধুনিক কাৰুকাৰ্যৰ পৰশ। সেয়া লাগিলে সোমাই যাওঁতেই গ্লাছৰ দুৱাৰখনৰ সন্মুখত ৰওঁতে নিজেই খুলি উঠা দুৱাৰখনেই হওক বা হাত পাতি দিলে নল নুঘূৰোৱাকৈ পানী ওলাই অহা টেপটোৱেই হওক অথবা সন্ধিয়া বিভিন্ন ৰঙেৰে ৰঙীন হৈ উঠা বাহিৰৰ পানীৰ ফোঁৱাৰাই হওক। অফিচটোৰ সকলোতে যে বিৰাজমান আধুনিকতাৰ পৰশ।

   সোমাই যোৱাৰ লগে লগে ৰিছেপশ্যন টেবুলত বহি থকা দহা চকুৰ খুব ধুনীয়া ছোৱালীজনীয়ে হাঁহি এটি মাৰি সদায় জনোৱাৰ দৰে আজিও স্বাগতম জনালে। বৰ মৰমলগা তাই। আজি পিন্ধি থকা ৰঙা টপটোৰেও সাংঘাতিক ধুনীয়া লাগিছে তাইক। তাইৰ নামটোৰ বাহিৰে মই তাইৰ বিষয়ে একোৱেই নাজানোঁ। তাইৰ লগত কেতিয়াও মোৰ ভালকৈ কথা পতা হোৱাই নাই। কিন্তু কোনোবা এদিন বহু দেৰি তাইৰ সৈতে বহি তাইৰ ধুনীয়া চকুহাললৈ চাই কথা পতাৰ সপোন এটা কিন্তু সঁচাকৈয়ে পুহি ৰাখিছোঁ। তাইক কৈ উঠিলোঁ 

: হাই অৰুণীতা। গীতাৰ্থ ছাৰৰ কেবিনলৈ যাওঁ। মাতিছিল যে ছাৰে!

  তাই হাঁহি উঠিল। মই কথাকেইটা প্ৰায় উশাহ নসলোৱাকৈ ফোঁপাই জোপাই কোৱাৰ বাবেই চাগৈ তাইৰ হাঁহি উঠি গৈছিল। হাঁহি হাঁহিয়েই আঙুলিয়াই দিলে মই যাবলৈ খোজা সেই বিশেষ কোঠাটোৰ ফালে। কোনোদিনেই সোমাই নোপোৱা বাবে মই কোঠাটো চিনি নাপাওঁ বুলিয়েই ভাবি লৈছিল চাগৈ তাই। 

   কান্ধৰ বেগটো বাওঁহাতখনেৰে কাষলতিৰ তলত চেপি ধৰি খৰকৈ আগবাঢ়িলোঁ গীতাৰ্থ ছাৰৰ কোঠাটোলৈ। প্ৰায় পাঁচটামান কোঠা পাৰ হৈ 'মাৰ্কেটিং মেনেজাৰ' গীতাৰ্থ ভৰদ্বাজৰ কোঠাটো। প্ৰতিটো কোঠা পাৰ হৈ সেই বিশেষ কোঠাটোলৈ আগবাঢ়ি যাওঁতে মনত আনন্দ আৰু কিবা এটা ভাললগা আৱেগে খলকনি তুলিছিল। চকুৰ আগত বাৰে বাৰে ভাঁহি উঠিছিল সেই কাগজখন। সেই কাগজখন হাতত পৰাৰ লগে লগে যে মোৰ নামত আহিব এখন বিশেষ আই কাৰ্ড। যি কাৰ্ডত অঁকা থাকিব মোৰ সৰুকালৰ সেই সপোন। য'ত লিখা থাকিব

'কৃষ্ণাক্ষী বৰুৱা। এংকৰ। খবৰ 24×7'। 

আঃ! কি যে ভাললগা।
কি যে মায়াসনা!

   মনত পৰিল চৈতালীয়ে তাইৰ আই কাৰ্ডখন পোৱাৰ পিছত মই যে কতবাৰ আজিলৈকে পিটিকি মোহাৰি চাই উঠিছোঁ। কতবাৰ মনৰ মাজতে চৈতালীৰ নামটো আঁতৰাই সেই ঠাইত বহুৱাই চাইছোঁ নিজৰ নাম। এদিন চৈতালীৰ আই কাৰ্ডখন তাই ক'ব নোৱাৰাকৈ টেবুলৰ পৰা মাটিত পৰি গৈছিল আৰু হঠাৎ মোৰ ভৰি লাগিছিল সেইখনত। গোঁসাইৰ ফটো এখনত ভৰি লগাৰ দৰে অনুভৱ হৈছিল মোৰ। বাৰে বাৰে এবাৰ মূৰত আৰু এবাৰ বুকুত লগাই সেৱা কৰি পেলাইছিলোঁ মই। আজি গীতাৰ্থ ছাৰে দিবলগীয়া কাগজখনৰ পিছত তেনেকুৱা এখন আই কাৰ্ড আহিব মোৰ নামতো। 

ভাল কি নালাগি পাৰে! 
বুকুত কি নুঠাকৈ থাকিব পাৰে সেই আনন্দৰ জোৱাৰ?

   আৰু মাত্ৰ এটা কোঠাৰ পাছতে ছাৰৰ কোঠাটো। কাগজখন চকুৰ আগত আঁকি লৈয়েই মই ভৰি দিলোঁগৈ ছাৰৰ কোঠাৰ দুৱাৰমুখত। আইনাৰ দুৱাৰ খনত লগোৱা আছিল এখন নামফলক। 

"গীতাৰ্থ ভৰদ্বাজ
মাৰ্কেটিং মেনেজাৰ।"

   অকণমান সময় সেইখিনিতে তভক মাৰি ৰৈ পিন্ধি যোৱা কুৰ্তাটো টানি টুনি অকণমান ঠিক কৰি ৰুমালখনেৰে মুখৰ বিন্দু বিন্দু ঘামবোৰ মচি সোহাঁতৰ মাজৰ আঙুলি তিনিটাৰে নামফলকখনৰ ঠিক তলতে মিহিকৈ টুকুৰিয়াই উঠিলোঁ। ভিতৰৰ পৰা অনুমতিসূচক কোনো মাত ভাঁহি নাহিল। হয়তো মই ইমানেই সৰুকৈ টোকৰ দিছিলোঁ যে ছাৰৰ কাণত নপৰিল সেই মিহি টোকৰ। মই অকণমান জোৰত আকৌ এবাৰ টুকুৰিয়াই উঠিলোঁ। এইবাৰ ভিতৰৰপৰা ভাঁহি আহিল গলগলীয়া এক কণ্ঠস্বৰ

: প্লিজ কাম।

   এই চাৰিটা মাহে ছাৰৰ সৈতে কেতিয়াও মই কথা পাতি পোৱা নাই। কথাহে নালাগে পোনপটীয়াকৈ চকুলৈও চাই পোৱা নাই মানুহজনৰ। দেখিলেই এক সমীহভাৱ অহা ব্যক্তিত্ব। খুব শকত, চাহাবৰ দৰে গাৰ ৰং, হাতৰ প্ৰতিটো আঙুলিতে এটাকৈ ( নে কোনোবাটোত দুটাও) ৰঙা নীলা গ্ৰহ ৰত্নৰ আঙুঠি, কপালত দীঘল ৰঙা এটা ফোঁট আৰু গলগলীয়া মাতৰ 'গীতাৰ্থ ভৰদ্বাজ' নামৰ এই মানুহজন। আজি প্ৰথমবাৰলৈ তেওঁৰ এই কোঠাটোত মই সোমাবলৈ ওলাইছোঁ। 

   কান্ধৰ বেগটো জোৰেৰে খামোছ মাৰি ধৰি দুৱাৰখন লাহেকৈ ঠেলি মই আগবাঢ়ি গ'লো কোঠাটোলৈ। 'লেদাৰৰ' ডাঙৰ চ'ফাৰে  সু- সজ্জিত শীত তাপ নিয়ন্ত্ৰিত এটা কোঠা।  মানুহজন ক'লা ৰ'লিং চকী এখনত বহি আছিল। মূৰৰ ওপৰৰ ৱালত ওলমি আছিল এখন বৃহৎ পেইণ্টিং। টেবুলত বিভিন্ন কাগজ পাতি আৰু কম্পিউটাৰ এটাৰ লগতে আছিল গণেশ বাবাৰ এটা ব্ৰঞ্জৰ মূৰ্তি। মই বৰ সম্ভ্রমেৰে থিয় দিলোঁগৈ তেওঁৰ টেবুলখনৰ সন্মুখত। কম্পিউটাৰৰ কি-পেডখনত কিবা এটা টাইপ কৰি থকাৰ পৰা তেওঁ মোলৈ চকু তুলি চাই কৈ উঠিল

: বহা। প্লিজ চিট।

   যদিও তেওঁ 'প্লিজ' শব্দটো উচ্চাৰিছিল তেওঁৰ মাতত কিন্তু আছিল এক আদেশৰহে সুৰ। বহোঁ নবহোঁকৈ মই বহি পৰিলোঁ তেওঁৰ সন্মুখৰ শাৰী শাৰী চকীৰ এখনত। কোঠাটোলৈ সোমাই মই ইমানেই অসহজবোধ কৰিছিলোঁ যে মোক বহিবলৈ আঙুলিয়াই দিয়া চকীখনৰ কেৱল আগটোতহে মই যেনেতেনে বহি পৰিছিলোঁ। এটা ধুনীয়া বিদেশী পাৰ্ফিউমৰ সুবাসে চুই গৈছিল মোক। মানুহজনে তেতিয়াও সন্মুখৰ কম্পিউটাৰৰ স্ক্ৰীনখনলৈ চাই কিবা এটা টাইপ কৰিয়েই আছিল । এইবাৰ হাতৰ কলমটোৰে টেবুলখনত গান এটা বজোৱাৰ দৰে টুকুৰিয়াই উঠিল তেওঁ। 

   মানুহজন আনন্দত আছিল বোধকৰো! মনে মনে ভাবি উঠিলোঁ মানুহক এটা সপোনৰ চাকৰিৰ এখন বিশেষ কাগজ দিবলৈ আগবঢ়া মানুহজন আনন্দত নাথাকিবই বা কিয়! মোৰ ওঁঠতো ক'ব নোৱাৰাকৈ বিৰিঙি উঠিল এটি হাঁহি।

   টাইপ কৰা বোধহয় শেষ হৈছিল তেওঁৰ। এইবাৰ 'কৰক কৰক খেৰ খেৰ' শব্দ কেইটামানেৰে কাষৰ প্ৰিন্টিং মেচিনটোৰ ওলাই অহা কাগজ এখন টানি উলিয়ালে। কাগজখনত হাতত থকা কলমটোৰে খচখচকৈ চহী এটা কৰিলে আৰু এটাও শব্দ মোক নোকোৱাকৈ মোৰফালে আগবঢ়াই দিলে কাগজখন। কৈ উঠিল

: এইখিনিতে এটা চহী কৰা।

   সেয়া আছিল প্ৰায় পাঁচ মিনিটত কোঠাটোত থকা দুজন মানুহৰ মাজত বিনিময় হোৱা প্ৰথম কথা বাৰ্তা। কাগজখন লৈ গ্ৰহণ কৰিছোঁ বুলি চহী এটা কৰিবলগীয়া কথাটো মই ইতিমধ্যে দ্বিপান্বিতা আৰু চৈতালীৰ মুখৰ পৰা শুনিছিলোঁ। বুকুৰ এসোপা উখল মাখল আৰু আনন্দৰ মাত এটাৰে হেণ্ডবেগৰ পৰা কলমটো উলিয়াই মই গীতাৰ্থ ছাৰক সুধি পেলালোঁ

: চহীটো এইখিনিতে কৰিম ন ছাৰ?

   তেওঁ বোধহয় এইবাৰ মোৰ মাতটোতে গম পাইছিল যে কাগজখনৰ শিৰোনামটো মই পঢ়ি নোচোৱাকৈ চহীটো কৰিবলৈ ওলাইছিলো। লগে লগে তেওঁ চহী কৰিবলগীয়া ঠাইখিনি দেখুৱাই দি কৈ উঠিল

: এইখিনিতে কৰা। কাগজখনত লিখা আছে 'তোমাক এতিয়া আমাৰ প্ৰয়োজন নাই।' চেনেল এটাত এংকৰিং কৰিবৰ জোখাৰে এটা সময়ত যিমান ছোৱালী লাগে আমি ইতিমধ্যে পাই গৈছোঁ। পিছলৈ যদি কেতিয়াবা প্ৰয়োজন হয় আমি তোমাক খবৰ দিম।

   হাতত লৈ থকা কলমটো থপককৈ টেবুলখনত শব্দ এটাৰে পৰি বাগৰি গৈ মজিয়াত পৰিলগৈ। মানুহজনে ইতিমধ্যে সন্মুখৰ কম্পিউটাৰটোত লগ-ইন কৰিছিল তেওঁৰ ফেইচবুকৰ একাউন্টটো। কোনোবাই বোধহয় তেওঁৰ ফটোত কিবা ভাল কমেণ্ট কৰিছিল। থুঁতৰিত  ভেজা এটা দি মানুহজনে কম্পিউটাৰৰ স্ক্ৰীনখনলৈ চাই মিচিকিয়াই হাঁহি পেলাইছিল। মই বিৰবিৰাই উঠিলোঁ

: মোৰ চাকৰিটো ছাৰ...

   বিৰক্ত হৈছিল তেওঁ। কাৰোবাৰ 'নাইচ পিক্সাৰ', 'লুকিং হেণ্ডছম' কমেণ্টৰ মাজত মোৰ দৰে চাকৰি এটা হেৰুৱাইও বুজি নোপোৱা ছোৱালী এজনীৰ নিমাখিত প্ৰশ্ন এটাত বৰ বিৰক্ত হৈছিল তেওঁ। এইবাৰ প্ৰায় জোৰেৰে তেওঁ কৈ উঠিল

: আঃ। কৈছোতো এতিয়া আমাক আৰু ছোৱালীৰ প্ৰয়োজন নাই। তুমি বেলেগ চাকৰি বিচাৰিব পাৰা। নহ'লে ৰৈ দিয়া এবছৰমান। ঘৰলৈ যোৱা, এনজয় কৰা। তাৰ মাজত দৰকাৰ হ'লে খবৰ দিম।

   মই কিজানি তেওঁৰ মুখলৈ 'ৰ' লাগি একেথৰে চাই ৰৈছিলোঁ। মোৰ মুখৰ সন্মুখত মধ্যমা আৰু বুঢ়া আঙুলিৰে টিলিকি বজোৱাৰ দৰে এটা বিশেষ শব্দ কৰি তেওঁ হুটা মাত এটাৰে কৈ উঠিল

: অ' হেল্ল'...মিছ  কৃষ্ণাক্ষী বৰুৱা। চহীটো সোনকালে কৰি যাব পাৰা তুমি।

   খৰধৰকৈ মই চকীৰ পৰা উঠি তুলি আনিলো মজিয়াত পৰি থকা কলমটো। কাগজখনত নিজৰ চহীটো কৰি তলৰ কাৰ্বন পেঁপাৰখন আঁতৰাই এখন কাগজ মই লৈ এখন তেওঁলৈ আগবঢ়াই দি থিয় হ'লো। হাতৰ কাগজখন মুঠিতে লৈ মানুহজনলৈ চাই নমস্কাৰ ভংগী এটাত মই কৈ উঠিলোঁ

: আহিছোঁ ছাৰ।

   আপাত দৃষ্টিত এয়া এক বিদায়ী নমস্কাৰ আছিল যদিও মই কিজানি ভিতৰৰ মানুহজনীয়ে জানিছিলোঁ সেয়া যে নমস্কাৰ নহয়, দুহাত যুৰি মই সেৱা কৰিছিলোঁ, চাকৰিটোৰ ভিক্ষা মাগিছিলোঁ। মানুহৰ ভৰিত দীঘল দি বাগৰি নপৰাকৈও যে সেৱা কৰিব পাৰি সেয়া কিজানি প্ৰথমবাৰলৈ মই উপলব্ধি কৰিছিলোঁ।

   একান্তমনে কম্পিউটাৰৰ স্ক্ৰীনত ফেইচবুক চাই থকা গীতাৰ্থ ভৰদ্বাজে মোৰ হাতৰ সেৱাৰ ভংগিলৈ কেৰাহীকৈও চোৱা নাছিল। আৰু মই মোক টুকুৰা টুকুৰকৈ ভাঙি পেলাবপৰা কাগজখন লৈ হাত ৰাখিছিলোঁগৈ তেওঁৰ নামফলক লগোৱা দুৱাৰখনত। পিছলৈ ঘূৰি চোৱা নাছিলোঁ। তথাপি ক'ৰবাত মই যেন জানিছিলোঁ মানুহজনে ফেইচবুকৰ স্ক্ৰীনৰ পৰা চকু আঁতৰাই চাই পেলাইছিল গৈ থকা মোলৈ।

   কৰিড'ৰটোৰে ওলাই আহোঁতে হাতৰ কাগজখন মোৰ বাবে যেন শিল এটাৰ দৰে গধুৰ হৈ পৰিছিল। বুকুখনত কিবা এটাই বৰকৈ সোপা মাৰি ধৰিছিল। দুখ লাগিলে এক মুহুৰ্তও চকুপানী ধৰি ৰাখিব নোৱাৰা মই 'কৃষ্ণাক্ষী বৰুৱাই' আজি বুকুত চকুপানীৰ সাগৰ এখন থকাৰ পিছতো কেনেকৈ বৈ নহাকৈ ধৰি ৰাখিছিলোঁ চকুপানীবোৰ! হয়তো বিগত চাৰিমাহ ধৰি লাভ কৰা 'এংকৰ' হোৱাৰ সেই শিক্ষাই মোক শিকাই পেলাইছিল এই বিশেষ কলা। নতুবা হ'ব পাৰে কাৰো আগত চকুপানী নেদেখুওৱা মোৰ সেই স্বভাৱৰ বাবেই মই ভিতৰৰ পৰা ভাগি চুচুৰ্মৈ দিয়াৰ পিছতো কোনোবাখিনিত বৰ স্থিৰ হৈ ৰৈছিলোঁ।

   খৰকৈ ওলাই আহিলোঁ কৰিড'ৰটোৰেৰে। ৰিছেপশ্যনৰ মৰমলগা ছোৱালীজনীয়ে তাইৰ সদাপৰিচিত হাঁহিটোৰে সুধি উঠিল

: ভালে আছা কৃষ্ণাক্ষী বা?

: ভাল। ভাল মোৰ। ভালেই আছোঁ।

   কেনেকৈ যে দি পেলাইছিলোঁ সেই গোকাট মিছা উত্তৰ। উত্তৰটো দি তাইলৈ চাইছিলোঁ। একান্তমনে মোবাইলত ব্যস্ত আছিল তাই। মই দুখবোৰ লুকুওৱাত ইমানেই পাৰ্গত হৈ পৰিছিলোঁ যে তাই ধৰিবই নোৱাৰিলে 'ভাল' বোলা ছোৱালীজনীয়ে যে এইমাত্ৰ হেৰুৱাই থৈ আহিছে এটা চাকৰি। হেৰুৱাই পেলাইছে সকলো। তাইক কৈ পেলাওঁ নেকি তাইৰ ধুনীয়া চকুহাললৈ চাই মোৰ যে কথাই পতা নহ'ব কেতিয়াও!

   কাকো একো নোকোৱাকৈ আৰু কাকো একো সোধাৰ সুবিধা নিদিয়াকৈ খৰধৰকৈ বাহিৰলৈ ওলাই আহি উভতি চাই পেলাইছিলোঁ "খবৰ 24×7" নামৰ মোৰ সেই সপোনৰ ঠাইখিনিলৈ।

হয়তো শেষবাৰৰ বাবে!

   বাহিৰত কোনো নাছিল। এইবাৰ মই চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। কোনো নথকাৰ সুযোগ লৈ টপটপকৈ সৰি পৰিল উষ্ণ সেই পানীৰ টোপাল। হাতেৰে মোহাৰি দিওঁতে হাতত থকা কাগজখনো অকণমান তিতিছিল। 

আখৰবোৰেও কান্দি পেলাইছিল নেকি বাৰু মোৰ দুখত?  

   থৰক বৰককৈ চকুপানীৰে বাট নেদেখা হৈ মই ওলাই আহিলোঁ । অফিচৰ পৰা ওলাই গেইটৰ বাহিৰত প্ৰথম খোজটো পেলাই মই ভাবি উঠিলোঁ কাইলৈৰ পৰা আৰম্ভ হ'ব মোৰ এক অনিশ্চিত জীৱন। বুকুৰ ভিতৰচ'ৰাত বলিছিল প্ৰচণ্ড ধুমুহা।

(আগলৈ...)

[ বিঃদ্ৰঃ: এই ধাৰাবাহিক উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]



দ্বিতীয় খণ্ডৰ লিংক -

দ্বিতীয় খণ্ডৰ লিংক -

             Read Now :

সূৰ্যফুলৰ দেশলৈ | অসমীয়া উপন্যাস
An Assamese Love & Sad Story
Heart Touching Assamese New Novel
Emotional Assamese Novel
Sad Assamese Story
Axomiya Love
Story
"To The Land Of The
Sunflowers"
Serial Novel
Written By
Gayatri Sharma
Surja Phoolar Dekholoi
Daily Assamese Status

No comments:

Post a Comment