অনুৰাগ তোমাৰ বাবে | এক মিনিটৰ গল্প | Anurag Tumar Babe | Assamese Love Story | Short Assamese Story | Assamese Romantic Story For Love - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অনুৰাগ তোমাৰ বাবে | এক মিনিটৰ গল্প | Anurag Tumar Babe | Assamese Love Story | Short Assamese Story | Assamese Romantic Story For Love

অনুৰাগ তোমাৰ বাবে


     দেউতাই প্ৰথমবাৰ দেখোতেই পচন্দ কৰি পেলাইছিল তেওঁক । মাৰ আগত কৈছিল "মিঠাবৰণীয়া যদিও লনি ছোৱালীজনী । কামে-বনে কাজী, পঢ়াতো ভাল । ম‌ই কথা চিঙি থৈয়ে আহিছো ।" আৰু ম‌ই মা-দেউতাৰ পচন্দক না নকৰাকৈ বিয়াৰ বাবে সাজু হ'লো ।

     বিয়াৰ আগত তেওঁলোকৰ ঘৰলৈ এবাৰেই গৈছিলো । লাজ, ভয় আৰু সংকোচে মোক একেবাৰে লাজুকীলতাৰ দৰে মেৰিয়াই ৰাখিছিল সেইদিনা তেওঁৰ ঘৰত থকা সময়কণ । সঁচাকৈ ক'বলৈ গ'লে তেওঁৰ ঘৰত কটোৱা সেই দুঘণ্টা মোৰ বাবে জীৱনৰ আটাইতকৈ কঠিন আৰু দীৰ্ঘতম সময় আছিল । মোৰ সৈতে যোৱা মোৰ স্কুলীয়া সহপাঠী ৰক্তাভ নোহোৱা হ'লে ম‌ই ছাগৈ মূছকছ গ'লোহেঁতেন । সি বৰ কথকী, হয়তো তাৰ তুলনাত ম‌ই একেবাৰে কথা নাপাতো বুলিলেও ভুল নহ'ব । সেয়েহে ছাগৈ সি কথা চহকী বুলি ধাৰণাটো মোৰ মনত শিপাই গ'ল । 

     তেনেকৈয়ে এদিন আমাৰ বিয়াখন খুউৱ ধুম-ধামেৰে নহ'লেও অঙহী-বঙহী কোনো বাদ নপৰাকৈ হৈ গৈছিল । বহুদিনলৈকে সকলোৰে মুখে-মুখে চলিছিল বিয়াখনৰ কথা । ম‌ই অৱশ্যে দেৰিকৈহে গম পাইছিলো কথাবোৰ । বিয়াৰ দিনাও ম‌ই একেবাৰে নোৱাৰাতহে ৰভাতলীত তামোলৰ বঁটাটো লৈ ঘূৰি ফুৰিছিলো । হোমৰ গুৰিতো তেওঁৰ হাতখন মোৰ হাতখনত ৰাখোঁতে জিকাৰ খাই উঠিছিলো ম‌ই । হয়তো যৌৱনপ্ৰাপ্ত হোৱাৰ‌ পিছত প্ৰথমবাৰৰ বাবে ম‌ই স্পৰ্শ কৰিছিলো কোনো অচিনাকি (?!) নাৰীৰ হাত, সেয়েহে । অচিনাকী বুলি ক‌ওঁতে আচৰিত হৈছে ছাগৈ নহয় নে ? আচলতে তেওঁক চাবলৈ যোৱাৰ নিয়মটোহে হ'ল, তেওঁৰ মুখখন চোৱাৰ অথবা এষাৰ কথা পতাৰ সাহসকণ বহু চেষ্টা কৰিও গোটাব নোৱাৰিলো ম‌ই । অহ্, তেওঁৰ নামটোও ম‌ই দেউতাৰ মুখৰ পৰাহে গম পাইছিলো, অনুৰাধা

Assamese Beautiful Love Story
Assamese Romantic Story
For Love

     বিয়াৰ প্ৰথম নিশা ম‌ই তেওঁতকৈ আগতে বিচনাত উঠিলো । মাঘমহীয়া ঠাণ্ডাতো মোৰ মুখত বিন্দু বিন্দু ঘাম বিৰিঙিছিল । আমাৰ বাবে ধুনীয়াকৈ সজাই থোৱা ফুলশয্যাৰ বিচনাখন দেখি ম‌ই নাৰ্ভাচ হৈছিলো ।‌ কিছু সময়লৈকে ম‌ই তেওঁৰ আ-অলংকাৰবোৰৰ এক মৃদু শব্দ শুনি আছিলো । মাজে-মাজে নাক উজোৱাৰ শব্দ এটি মিহলি হৈ কোঠাটোৰ কেউপাশে বতাহত মিলি গৈছিল । ম‌ই তেওঁক কিবা ক'ব লাগে নেকি ভাৱি ভাৱিও একো উত্তৰ নাপাই টোপনিত ঢলি পৰিছিলো । আচলতে আৱেগবোৰ প্ৰকাশ কৰাত‌ ম‌ই বৰ‌ কেঁচা । জীৱনত সেয়ে কোনো ছোৱালীৰ লগত মূৰ তুলি কথা পতাৰ দুঃসাহস মোৰ নহ'ল ।

     পিছদিনা শালিকী এহালৰ কিচিৰ-মিচিৰ শব্দত সাৰ পালো । কাষতে থকা ঘড়ীটোলৈ চাই দেখো ৫ বাজি গৈছে । লৰালৰিকৈ উঠি যাবলৈ ল‌ওঁতে দেখিলো তেওঁ কোঠাটোলৈ সোমাই আহিছে । ম‌ই পুনৰবাৰ গাৰ কাপোৰখন টানি মূৰটো ঢাকি টোপনিৰ ভাও জুৰি  থাকিলো । তেওঁ মোক দেখিছিল যদিও নাজানো কিন্তু তেওঁ কোঠাৰপৰা ওলাই গৈ পুনৰবাৰ মোৰ বাবে গৰম চাহকাপ লৈ ঘূৰি নহালৈকে জঠৰ হৈয়ে পৰি আছিলো ম‌ই । তেওঁৰ উপস্থিতিত মোৰ নাকত লাগিছিল মাহ-হালধিৰ গোন্ধ এটি । হয়তো তেওঁ চেম্পুও কৰিছিল তেওঁৰ দীঘল চুলিকোচাত । ম‌ই সুগন্ধবোৰ অনুমান কৰি লৈছিলো । জুবিনদাৰ "মেঘালী চুলিটাৰী ঢৌ খেলে ৰ'দালী...." গানটি মনলৈ আহি এই ফুটো এই ফুটোকৈ মোৰ ওঁঠত লাগি ধৰিল । ম‌ই মনতে আঁকি ল'লো দেউতাই কোৱাৰ দৰে দীঘল চুলিৰে মিঠাবৰণীয়া এখনি মুখ । লগতে অনুমান কৰি গ'লো তেওঁৰ পুৱাৰ কৰ্মসমূহ তেওঁৰ খোজ-কাটল, হাতৰ খাৰু কেইপাট লগলাগি হোৱা ৰুণজুন ৰুণজুন শব্দত ।

     "চাহ খাই ল'ব ।"

     ইমান শুৱলা তেওঁৰ মাতটো । হঠাত মনত পৰিল দেউতাই মাক কোৱা কথাষাৰ "পঢ়া-শুনাৰ লগতে গীত-মাতটো ৰাপ আছে ছোৱালীজনীৰ ।" মোৰ তেওঁক এবাৰ চাবলৈ বৰ মন গৈছিল । কিন্তু নোৱাৰিলো । তেওঁ গুচি যোৱাৰ পিছত বহুপৰলৈকে কোঠাটোত বিয়পি আছিল ৰজনীগন্ধা ধূপৰ এটি কোমল সুগন্ধ । মোৰ ভাল লাগিছিল ।

      তেওঁ ওলাই যোৱাৰ পিছত ম‌ই একেজাপে উঠি চাহৰ কাপটোত শোহা মাৰিছিলো । চাহকাপ একদম ম‌ই ভালপোৱাৰ দৰেই বনাইছিল তেওঁ । আচৰিত হৈছিলো ম‌ই । বিয়াৰ তিনি দিনৰ পিছতো যাৰ মুখখন ম‌ই ভালকৈ দেখা নাই সেই ছোৱালীজনী অৰ্থাৎ মোৰ পত্নীয়ে প্ৰথমবাৰতেই মোৰ পচন্দৰ চাহকাপ দি গ'ল ! 

     দিনবোৰ গৈ থাকিল । মোৰ প্ৰতিটো পুৱা তেওঁৰ হাতৰ চাহকাপ আৰু ধূপৰ গোন্ধত আৰম্ভ হৈছিল । ম‌ই অফিচলৈ যোৱাৰ আগতেই মোৰ ভাললগা ব্যঞ্জন, টিফিন সকলোবোৰ ৰেডি হৈ থাকে । গধূলিও সেই একেই । অথচ তেওঁৰ সৈতে সহজ হ'ব পৰাকৈ মোৰ সাহসৰ অভাৱ দূৰ হোৱা নাছিল । কেতিয়াবা মোৰ এই অৱস্থাটোৰ বাবে নিজৰ ওপৰতে খং উঠিছিল, কেতিয়াবা হীনমান্যতাত ভুগিছিলো । মোৰ এই অন্তৰ্মুখী স্বভাৱটোৰ বাবেই সকলোবোৰ অসহজ হৈ পৰিছিল । সৰুৰেপৰা মোৰ বন্ধু এজনেই, ৰক্তাভ । স্কুলৰপৰা ইউনিভাৰ্চিটিলৈকে মোৰ বন্ধুৰ সংখ্যাও একেবাৰে নগণ্য । আনকি অফিচতো ম‌ই দুই-এজনৰ বাদে কাৰো লগত বিশেষ কথা পাতি পোৱা নাই । ক'বলৈ গ'লে ম‌ই ষ্টাফৰ সকলোৰে নামবোৰ বা নামবোৰৰ লগত মানুহবোৰ একেলগে চিনি নাপাওঁ ।

     বিয়াৰ এমাহ হ'ল আজি । বিচনাত পৰি থাকোতেই মোবাইলৰ স্ক্ৰীণত তাৰিখটো চকুত পৰাত ভাৱিলো মোৰ দেখোন অনুৰাধাৰ লগত সম্পৰ্কটো একেবাৰেই আগবঢ়া নাই । কালি অফিচলৈ কলিগ্ এজনে ৱাইফক লৈ আহিছিল । দুয়ো বিয়াৰ পিছত মানালীলৈ গৈছিল বোলে '"হনিমুন"ৰ বাবে । ম‌ই এনেবোৰ কথা-বতৰাত ভাগ নল‌ও যদিও টি টাইমত কথাবোৰ মোৰ কাণত পৰিছিল । ম‌ই লৰালৰিকৈ চাহকাপ খাই কেবিনলৈ গুচি আহিছিলো । আচলতে ম‌ই পলাইছিলো এই ভাৱি যে মোক যদি কোনোবাই এইবোৰ কথা সোধে ম‌ই কি ক'ম !

     ঘড়ীটোলৈ চালো ৬ বাজিবৰ হ'ল । আজি অনুৰাধাক দেখা নাই যে !  তেওঁৰ হাতৰ পুৱাৰ চাহকাপ এতিয়া মোৰ অভ্যাস । কিন্তু আজি কিয় ইমান দেৰি কৰিছে তেওঁ ? গা-চা বেয়া নেকি বাৰু ? কাক সুধিম ম‌ই ? তেওঁক মাতি সুধিবলৈও যে ম‌ই আজিলৈকে তেওঁৰ নামটো মুখত লৈ পোৱাই নাই । চেহ্ কি কৰো ম‌ই ? লাহেকৈ বাহিৰলৈ ওলাই গ'লো । পিছফালৰপৰা দেখিলো তেওঁ পীৰা এখনতে বহি আছে, কাষত মা । ম‌ই একো নোসোধাকৈ গা ধুবলৈ গুচি গ'লো । ভাতৰ পাতত বহিও দেখিলো আনকালে অহাৰ দৰে তেওঁ মোক ভাত কেইটামান অথবা দালি অকণ অথবা ভাজি খন দিবলৈ অহা নাই । মাক ভাত খাবলৈ মন যোৱা নাই বুলি কৈ ওলাই আহিলো অফিচলৈ । 

     অফিচত কামত মন বহাব নোৱাৰিলো ম‌ই । দিনটো পাকঘুৰণি খাই থাকিল মনৰ মাজতে কথাবোৰ "অনুৰাধাৰ কি হ'ল", "মোক বেয়া পাইছে নেকি", "তেওঁৰ গা বেয়া, মন বেয়া নে অইন‌ কিবা ?" নাই, এনেকৈ হ'লে নহ'ব । মোৰ বেয়া লাগিল‌ তেওঁলৈ । নাই, আজি তেওঁক এবাৰ মাতিব‌ই লাগিব ম‌ই । ফোনটো চাওঁতে হঠাত দেখিলো হোৱাটছ্‌এপত, আজি "ভেলেণ্টাইনছ্ ডে' ।" মনতে ঠিকেই কৰি পেলালো তেওঁৰ বাবে আজি উপহাৰ এটি নিয়াৰ কথা । অৱশ্যে তাৰ বাবে দিনটো অফিচত ম‌ই বহুবাৰ‌ কুচ্‌কাৱাজ কৰিবলগীয়া হ'ল ।

     অফিচৰপৰা ঘৰলৈ অহা গোটেই বাটটো ম‌ই ভাৱি আহিলো তেওঁক প্ৰথমে কেনেকৈ মাতিম ম‌ই । "অনুৰাধা নে অনু" নে পোনছাটেই সুধি পেলাম "তোমাৰ গা-মন বেয়া নেকি ?" আৰু তাৰপিছত লাহেকৈ তেওঁৰ হাতত তুলি দিম ম‌ই অনা উপহাৰটি । উফ্ । ভাৱিব নোৱাৰা হৈ যাওঁ ম‌ই । যিমানেই ঘৰৰ ওচৰ পাইছো মোৰ বুকুৰ ধপ্‌ধপনি যেন নিজেই শুনিছো । বাইকখন চোতালত‌‌ ৰখাই আমাৰ কোঠাটোলৈ যাবলৈ মোক পোন্ধৰ মিনিটমান সময় লাগিল । খোজকেইটা আগলৈ দিলে পিছলৈহে যায় দেখোন । তথাপিও সাহস কৰি পানী এঢোক খাই ম‌ই কোঠাত সোমালো । 

Assamese Lifeline Love Story
 
    এইয়া কি ? অনুৰাধা শুইহে আছে দেখোন । তেওঁৰ সঁচাকৈয়ে গা বেয়া তাৰমানে ! অৱশ্যে মনতে অলপ সাহসো পালো । তেওঁৰ চকুত চকু থৈ কথা ক'ব পৰাকৈ মোৰ কন্‌ফিডেন্স নাই । তেওঁ ম‌ই অহাৰ উমান পাওক বুলিয়ে জোতাযোৰ খুলি মোবাইলটো চাৰ্জত লগালো । চুইছটো অলপ শব্দ হোৱাকৈ টিপিলো । দুই-এটা গলহেকাৰিও মাৰিলো । লক্ষ্য কৰিলো তেওঁৰ গাটো অকণমান লৰচৰ হৈছে । এইবাৰ ম‌ই হাতত উপহাৰটো‌ লৈ তেওঁক মাতিবলৈ ল‌ওঁতেই দেখিলো তেওঁ মোৰ ফালে চাই কিবা ক'ব বিচাৰিছে । ম‌ই কি কৰো কি‌ নকৰোকৈ ইফাল-সিফাল কৰি থাকোঁতেই তেওঁৰ ধুনীয়া মাতটো মোৰ কাণত পৰিল ।

    "মোৰ পেটটো বৰকৈ বিষাইছে । আস্ ।" 

     এইবুলি তেওঁ তলপেটত ধৰি দন্ত্য দটোৰ নিচিনাকৈ বিচনাতে পৰি থাকিল । ম‌ই এইবাৰ বিবুদ্ধিত পৰিলো । মাতটোও বৰ দুৰ্বল যেন অনুমান হ'ল । তেনেতে মা সোমাই আহি তেওঁক আগতকৈ বিষ কমিছেনে, কিবা খাবলৈ মন গৈছে নেকি সুধিবলৈ ধৰিল । লগতে হাতত‌ লৈ অনা কুহুমীয়া পানীৰ গিলাচটো তেওঁলৈ আগবঢ়াই দি ক'লে "এই কেইটা দিনত এনেকুৱা সকলোৰে হয় । অলপ শুই দিয়া আৰাম পাবা ।" 

     ম‌ই তেতিয়াহে গম পালো যে অনুৰাধাৰ পিৰিয়ড আৰম্ভ হৈছে । মা ওলাই নোযোৱালৈকে ম‌ই ইণ্টাৰনেট খুচৰি চালো "মেঞ্চ্যুৰেল ক্ৰেম্পছ্ আৰু ল'বলগীয়া সাৱধানতা"ৰ বিষয়ে । তাৰপিছত মোৰ এই অন্তৰ্মুখিতাক ফেৰ মাৰি ম‌ই হট্ ৱাটাৰ বেগটোত গৰমপানী অলপ ভৰাই সোমাই আহিলো কোঠাটোলৈ । অনুৰাধা তেতিয়াও কুচি-মুচি হৈয়ে শুই আছিল । ম‌ই আলফুলে তেওঁৰ কঁকালৰ ওচৰত বেগটো থৈ সেই মিঠাবৰণীয়া মুখখনলৈ চালো আৰু অলপ আৰাম পোৱা যেন অনুমান কৰি ল'লো । কোঠাটোত আগতীয়াকৈ ম‌ই তেওঁৰ চকুত চাট মাৰি ধৰিব নোৱাৰাকৈ ডিম্ লাইটটো অন্ কৰি থৈছিলো । আৰু সেই কুহুমীয়া পোহৰত প্ৰথমবাৰৰ‌ বাবে‌ তেওঁৰ হাতত উপহাৰটি দি চকুত চকু থৈ কৈ দিলো ম‌ই "হেপ্পী ভেলেণ্টাইনছ্ ডে' অনুৰাধা ।" চকামকা পোহৰত তেওঁৰ দুচকু তিৰবিৰাই যোৱা দেখিলো ম‌ই, আৱেগত ।‌

     কিবা এটা বৰ ভাল লাগিল মোৰ । ঠিক সেই সময়তে কাকতালীয়ভাৱে মোৰ মোবাইলৰ ৰিংটনটোও বাজি উঠিল-

"হেঁপাহৰে দলিচাতে মোৰ সপোনে আঁকে তোমাকে,
হৃদয়ৰে চিনাকিৰে মাতো তোমাকে বাৰে বাৰে,
লাহে লাহে বয় বুকুৰে মাজত প্ৰণয়ৰে নৈ,
ঘনে ঘনে‌কৈ উশাহো বাঢ়ে ভাৱনাতে ৰৈ,
অনুৰাগ তোমাৰ‌ বাবে......"

-----------সমাপ্ত-----------


Follow on- INSTAGRAM

সন্তান জন্ম দিয়া যন্ত্ৰ -


ফুলশৰ্য্যাৰ দুই ভিন্ন নিশা -