এনেকৈয়ে ছিগেনে বান্ধোন | কি ভুল আছিল মায়াৰ জীৱনত | Enekoiye Sigene Bandhon | Babita Das | Heart Touching Assamese Story | Sad Assamese Love Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এনেকৈয়ে ছিগেনে বান্ধোন | কি ভুল আছিল মায়াৰ জীৱনত | Enekoiye Sigene Bandhon | Babita Das | Heart Touching Assamese Story | Sad Assamese Love Story


এনেকৈয়ে ছিগেনে বান্ধোন


: চাও, এৰি দিয়ক। 


: ওহোঁ, এৰি দিবলে ধৰা নাই নহয়। 


: ইচ্ কি কৰিছে? দৰ্জাখন খোলা আছে। মায়ে দেখিব। 


: এহ্ দেখক দিয়া। দস্তুৰুমত স্বীকৃতি প্ৰাপ্ত পতি-পত্নী হয় আমি। চাও, কানতে মনে মনে কিবা এটা কও। 


: উফফ্ নোৱাৰিছো আৰু। জল্দি জল্দি কওঁক। 


     প্ৰতীকে লাহে লাহে তাৰ মুখখন মায়াৰ কানৰ কাষলৈ আনিছিল। মায়াই চকু মুদি দিছিল। প্ৰতীকে কোৱা কথাখিনি শুনিবলৈ কান দুখন থিয় কৰি দিছিল তাই!


: মায়া মা, উঠা। বাবা যাব ওলাইছে। 


     শাহুৱেকৰ মাতষাৰ কানত পৰাতহে মায়াৰ টোপনি ভাগিল। কি যে সপোনবোৰ দেখি আছিল তাই? 


    ৰাতি পুৱাবলৈ কিছুসময় আছে আৰু। পুৱঁতি নিশাৰ সপোন হেনো ফলিয়ায়। মিছা কথা। মায়াৰ বাবে এই সপোন অৰ্থহীন। কাৰণ এই সপোন কেতিয়াও দিঠক নহয় তাইৰ বাবে। খপজপকৈ বিছনাৰ পৰা উঠি আহিল মায়াই। 


     শাহুৱেকে বনাই দিয়া ঢকুৱাপাতৰ বাঢ়নী পাতেৰে বৃহতাকাৰ চোতালখন ঝৰঝৰকৈ সাৰি পেলাই বাহি গাটো ধূই মন্দিৰত সেৱা কৰি প্ৰতীকৰ বাবে ততাতৈয়াকৈ জলপান ৰেডি কৰিলে তাই। 

         

     প্ৰতীক ৰাতিপুৱাৰ বাছখনতে গ'লগৈ। মায়াই যোগাৰ কৰি দিয়া জলপান খিনিও ভালদৰে নাখালে সি। মাকক সেৱা কৰি মায়াৰ ফালে ঘূৰি নোচোৱাকৈয়ে গুচি গ'ল। 


     মায়াৰ দুখ লগা নাই। অভ্যাস হৈ গৈছে তাইৰ। সহ্য কৰাৰ অভ্যাস। এইবোৰ তাইৰ বাবে নতুন নহয়। আজি এবছৰেই তাইৰ সংসাৰ খনত এয়াইতো চলি আহিছে। প্ৰতীক তাইৰ স্বামী হ'লেও কোনোদিনে পত্নীৰ দৃষ্টিৰে চোৱা নাই তাইক। 


     এগৰাকী বিৱাহিতা মহিলাই স্বামীৰ পৰা যি ব্যৱহাৰ পাব লাগে, সেয়া তাইৰ ক্ষেত্ৰত কোনোদিনে হোৱা নাই আৰু নহ'বও কাহানিও। 


     প্ৰতীক এজন গাড়ীচালক। চহৰতে থাকে।

প্ৰতি শনিবাৰে ঘৰলৈ আহে, সোমবাৰে আকৌ যায়। মাকৰ বাবে দৰৱ পাতি, ফল-মূল আদি লৈ আহে। মাকে কোৱামতে মায়াৰ বাবেও প্ৰয়োজনীয় সামগ্ৰী খিনি প্ৰতীকেই আনে। সপ্তাহটোৰ বাবে বজাৰখিনি কৰি থৈ যায় সি। 


     মায়াই তাইৰ প্ৰয়োজন সমূহ তাক কেতিয়াও নকয়। চেম্পুৰ বটলটো যোৱা সপ্তাহতেই শেষ হৈছে। পানী মিহলাই এবাৰ ধুলেই, আৰু দুবাৰমান তেনেকৈয়ে কাম চলাব তাই। তথাপি প্ৰতীকক নকয় তাই, "মোৰ বাবে চেম্পু এটা আনিবচোন"। প্ৰতীকৰ ওপৰত তাই কোনোদিনে কোনো অধিকাৰ সাব্যস্ত কৰিব বিচৰা নাই। 


জানিছিল তাই -

সেই অধিকাৰ আন এগৰাকীৰ বাবেহে ,

তাইৰ বাবে নহয় ।


     প্ৰতীকৰ মাকে মায়াক নিজৰ জীৰ দৰে মৰম দিছে। অসুস্থ দেহাৰে মায়াৰ সকলো কামতে তেওঁ হাত ধৰেহি। মায়াক মাতৃৰ মমতাৰে আকোঁৱালি লৈছে তেওঁ। 


     মায়াৰো যে মাক এজনীৰ বৰ প্ৰয়োজন আছিল। মাক-দেউতাকক তিনি বছৰ বয়সতে হেৰুৱাই খুড়াক-খুড়ীয়েকৰ লগতে থাকিব লগীয়া হৈছিল তাই। খুড়াকে মায়াক খুব মৰম কৰিছিল। কিন্তু খুড়ীয়েকে তাইক যন্ত্রণাৰ বাহিৰে একো দিয়া নাছিল। কোনোদিনে মৰমৰ মাত এষাৰ নাপালে তাই। তাৰ পৰিৱৰ্তে গালি-শপনি বোৰহে পাইছিল। ঘৰৰ সকলো কাম তাইৰ হতুৱাই কৰাইছিল।

                      

     প্ৰতি মুহুৰ্ততে মাকৰ অভাৱ অনুভৱ কৰিছিল তাই। আজি যদি মা থাকিলহেতেন, মা থাকিলে চাগে এনেকুৱা নহ'লহেতেন, বহু পৰিস্থিতিত এনেদৰে ভাবিব লগীয়া হৈছে তাই। 


     বিয়াৰ পিছত মায়াই শাহুৱেকৰ ৰূপত মাকক পাইছিল। এগৰাকী বোৱাৰীৰ প্ৰতি শাহুৱেকৰ ইমান মৰম, ইমান দায়িত্ব থাকিব পাৰে বুলি মায়াই ভৱাই নাছিল। অশিক্ষিত মানুহগৰাকীৰ বিচাৰ-বিৱেচনাবোৰ কিছুমান উচ্চ শিক্ষিত মহিলাতকৈও কোনো গুনে কম নহয়। মায়াৰ বাবে এই প্ৰাপ্তি সচাঁকৈয়ে সুখকৰ আছিল। অইন নহ'লেও মাক এজনীৰ সান্নিধ্য ভগৱানে দিলে তাইক। 


     বিয়াৰ পিছত প্ৰথম নিশাতেই প্ৰতীকে মায়াক সকলো মুকলিকৈ জনাইছিল। প্ৰতীকে ৰাতুল শইকীয়া নামৰ অধ্যাপক এজনৰ ব্যক্তিগত গাড়ীচালক আছিল। 


     এদিন তেখেতৰ আকস্মিক ভাবে মৃত্যু হৈছিল।

মৃত্যুৰ পিছত তেখেতৰ পত্নী মহিমা শইকীয়া বৰ অকলশৰীয়া হৈ পৰিছিল। তেওঁ এখন কলেজত কাম কৰিছিল। মালিকৰ মৃত্যুৰ পিছত প্ৰতীক তাৰ পৰা গুছি আহিব বিচাৰিছিল, কিন্তু মহিমাই প্ৰতীকক এৰি নিদিলে। প্ৰতীক নাথাকিলে কলেজলৈ কাৰ লগত অহা-যোৱা কৰিব? সেয়ে প্ৰতীক তাতেই থাকি গ'ল।


     লাহে লাহে প্ৰতীক আৰু মহিমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। এতিয়া প্ৰতীক-মহিমাৰ সম্পৰ্ক স্বামী-স্ত্ৰীৰ সদৃশ, মালিক-গাড়ী চালকৰ দৰে নহয়।


     ভাড়াঘৰ এৰি প্ৰতীক মহিমাৰ স'তে একেলগে থাকিবলৈ লৈছিল। প্ৰতীকৰ সপোন আছিল নিজাকৈ গাড়ী এখন লোৱাৰ। মহিমাই সেই সপোন দিঠকত পৰিণত কৰিছিল। সিহঁতৰ গাড়ীখন প্ৰতীকৰ নামতে ট্ৰেন্চফাৰ কৰি দিছিল। 


     এই সকলোবোৰ মাকৰ অজ্ঞাতে হৈছিল। মাকৰ লগতে যাতে গাৱঁৰ আন মানুহেও এইবোৰ কথা মায়াৰ পৰা গম নাপায়, বিয়াৰ প্ৰথম নিশাই প্ৰতীকে সকিয়াই দিছিল মায়াক। মায়াই মনে মনে ভাবিছিল, লোকৰ আগত গাই ফুৰিবলৈ এইবোৰ যশস্যানে আপোনাৰ? 


     মায়া বাকৰুদ্ধ হৈ পৰিছিল।

কান দুখন যেন উত্তপ্ত হ'ব ধৰিছিল তাইৰ। প্ৰতীকে খুব লাহে লাহে কোৱা কথাখিনি শুনিব নোৱাৰা হৈ আহিছিল তাই। 


     কেতিয়াবা ধিৰ স্থিৰভাৱে কোৱা কথাও যে হজম কৰিবলৈ টান হয়, সেইদিনা সেয়াই হৈছিল তাইৰ লগত। তথাপি ধৈৰ্য নেহেৰুৱাই সকলো কথা নিশ্চুপ হৈ শুনি গৈছিল তাই। যথেষ্ঠ সহনশীল তাই। সময়ে সহনশীল হ'বলৈ শিকাইছিল তাইক। সেইকাৰণে কিজানি এটা এৰি এটা দুখে এৰি নিদিয়ে তাইক। 


     কিন্তু মায়াক কিয় বিয়া কৰালে প্ৰতীকে? 

     সেইদিনা কপাঁ কপাঁ মাতেৰে সুধিছিল তাই। 


     প্ৰতীকৰ মাক বয়স হোৱাৰ লগে লগে অসুস্থ হৈ আহিছিল। প্ৰতীকৰ পৰিয়ালত কেৱল মাক আৰু প্ৰতীকেই। আগতে সি সপ্তাহত দুবাৰকৈ ঘৰলৈ আহিছিল। এতিয়া মহিমাৰ বাবে আহিব নোৱাৰে সি। ঘৰত মাকৰ স'তে থাকিবৰ বাবে, মাকৰ আলপৈচান ধৰাৰ বাবে মানুহ এজনীৰ খুব দৰকাৰ হৈছিল। মাকেও বোৱাৰী এজনী লাগে বুলি প্ৰতীকক প্ৰায় কৈ থাকিছিল। 


     প্ৰতীকৰ এটা কথাই মায়াক সিদিনা বহুত আচৰিত কৰিছিল। মহিমা মায়াৰ খুড়ীয়েকৰ কিবা সম্পৰ্কীয় হেনো।


     তাৰমানে তাইৰ খুড়ীয়েকে সকলো জানিছিল।

তেতিয়াহে বুজিছিল মায়াই বিয়াখনত খুড়ীয়েকে ইমান জোৰ কিয় দিছিল। মায়াই সিদ্ধান্ত লৈছিল যে সেইখন ঘৰত তাই আৰু কেতিয়াও ভৰি নিদিয়ে। 


আৰু মহিমাই ?

মহিমাইও তেনেহ'লে ....... উফফ্ !!!


     মায়াই ডিঙিত তীব্র বিষ অনুভৱ কৰিছিল। খুব দুখ লাগিলে এনেকুৱাই হয় মায়াৰ আজিকালি। কথাবোৰে এটা এটাকৈ তাইৰ কৰ্ণ-কুঁহৰেদি প্ৰৱেশ কৰি ডিঙিটোত খামোচ মাৰি ধৰিছিল। কান্দোন নোলায় তাইৰ। সৰুৰে পৰা কান্দোন চেপি ৰখা অভ্যাস কৰোতে ভিতৰখন যেন শুকাই মৰুভূমি হৈ গৈছে তাইৰ।


     সৰু থাকোতে কিবা কাৰণত কান্দিলে খুড়ীয়েকে তাইক মুখত টিপি ধৰিছিল। জোৰকৈ কান্দিব নোৱাৰে তাই। জোৰকৈ নহয়, এতিয়াচোন চকুৰ পানী নোলোৱাই হৈছে তাইৰ। দুখবোৰ হেচুকি-কুৰুকি বুকুৰ ভিতৰখনত সোমাই থ'ব পৰা হ'লচোন তাই। 


    মায়াই শিৰত সেন্দুৰ নলওঁ বুলিয়ে

    ঠিৰাং কৰিছিল।

    কিহৰ বাবে এই ৰঙা আঁকবাক?

    মিছা সেন্দুৰ শিৰত আঁকিব

    বিচৰা নাছিল তাই।

    নিজৰ স্বামীৰ পৰা পত্নীৰ মৰ্যাদা নোপোৱা

    এগৰাকী তিৰোতাই সেন্দুৰ লোৱাৰ

    কি অৰ্থ থাকিব পাৰে?


     নাজানো সমাজখনত এনেকুৱা কিমান মহিলা আছে, যিয়ে মিছা সেন্দুৰ শিৰত জিলিকাই কৃত্রিম হাঁহিৰে নিজকে নিজে ফাঁকি দি আছে। কিন্তু মায়াই নোৱাৰে। চহৰৰ ধনী মহিলা এগৰাকীৰ তাত দুটামান টকা বেছিকে পোৱাৰ স্বাৰ্থত, গাড়ী এখন পোৱাৰ স্বাৰ্থত, নিজক বিক্ৰী কৰা তাইৰ স্বামী প্ৰতীক হাজৰিকাৰ নামত সেন্দুৰ লৈ তাই সেন্দুৰক অপমান কৰিব নোৱাৰে। 


: মা, সেন্দুৰ ল'ব পাহৰিলা হ'বলা। নাপায় নহয়। সধৱা তিৰোতাই সেন্দুৰ নললে গিৰিয়েকৰ আয়ুস কমে। যোৱা সেন্দুৰকন লৈ আহাগৈ। আজিৰ পৰা তেনেকুৱা ভুল নকৰিবা দেই। 


     সিদিনা প্ৰথম সেন্দুৰ নোলোৱাকৈ ৰুমৰ পৰা ওলাই আহিছিল তাই। ইমান মৰমীয়াল শাহুৱেক গৰাকীক অবমাননা কৰাৰ ইচ্ছা নগ'ল তাইৰ। একমাত্র শাহুৱেকৰ বাবেই মায়াই সেন্দুৰ ল'বলৈ বাধ্য হৈছিল। 

  

     শাহুৱেকৰ যতন লোৱাত মায়াই অলপো কৃপনালি কৰা নাই। সময় মতে দৰৱ-পাতি খুৱোৱা, খোৱা-লোৱা যতনাই দিয়া, কাপোৰ ধূই দিয়া, সকলোবোৰ তাই খুব নিয়াৰীকৈ কৰে। আজৰি সময়ত শাহুৱেকে তাইক কাষত বহুৱাই লৈ কথাৰ মহলা মাৰে। কেতিয়াবা মায়াৰ শুনাৰ ইচ্ছা নাথাকিলেও শাহুৱেকে কোৱাখিনি কৈ যায়। আগতে কোৱা বহু ঘটনাৰ পুনৰাবৃত্তি কৰে তেওঁ। কোনখিনিৰ পিছত কি ক'ব মায়াই জনা হৈ গৈছে।


     মাজে মাজে প্ৰতীকৰ গুনানু-কীৰ্তনো কৰে। গুণীপুত্ৰৰ ৰাসলীলাৰ কথা একো নাজানে যে তেওঁ। মায়াই ধৈর্য্য ধৰি শুনি যায়। আপোন বুলিবলৈ এই মানুহ গৰাকীয়েইতো আছে তাইৰ।


     কাষৰ ঘৰৰ "বুলু" দুপৰীয়া সময়ত প্ৰায় আহে। তাইৰ স্মাৰ্টফোন নাই। গিৰিয়েকে বুলুলৈ ভিডিও কল কৰে মায়াৰ মোবাইলত। 


     গিৰিয়েক ৰাতুলে গুৱাহাটীৰ সৰু কোম্পানি এটাত কাম কৰে। কম বয়সতে বিয়া কৰাইছে। দুয়োৰে মাজত খুব মৰম। দুয়োৰে মৰম দেখি মায়া সুখী হয়। তাইৰ মোবাইলটোৰে তাইলৈ কোনো মৰমৰ বাৰ্তা নাহিলেও বুলুৰ বাবে যে ৰাতুলৰ মৰমবোৰ আহে তাতে তাই সুখ পায়। সিহঁতে হিয়া উজাৰি কথা পাতে, দুয়ো দুয়োকে হেপাঁহ পলুৱাই চায়। 


     মায়াই মনে মনে কামনা কৰে "সদায় সুখত থাকক ইহঁতহাল"।


     বুলুৱে যাবৰ সময়ত হাঁহি হাঁহি কয়,

"বৌ, তোমাৰে ভাল দিয়া ন, প্ৰতীক দাই যেতিয়াই মন যায়, তেতিয়াই ভিডিও কল কৰিব পাৰে। দুয়ো দুয়োকে চাব পাৰা।"


     মায়াই লাহেকৈ হাঁহি মূৰ দুপিয়ায়।

তাৰ বাহিৰে কি ক'ব বুলুক? ক'ব নেকি আজিলৈকে প্ৰতীকৰ লগত তাইৰ কোনো কথাই পতা হোৱা নাই। ফোন আহিলেই তাই শাহুৱেকক দি আহেগৈ। কি কথা পাতিব তাই? প্ৰতীকেওতো কোনোদিনে কথা পাতিব বিচৰা নাই। 

   

     মায়াৰ দিনটো ইটো সিটো কাম কৰি পাৰ হয়। ৰাতি হ'লে তাই যেন বিচৰন কৰে এখন বেলেগ পৃথিৱীত। ৰাতিৰ অন্ধকাৰৰ লগত মিলি যায় তাইৰ সেই পৃথিৱী খনৰো ৰং। অতীত আৰু বৰ্তমানৰ ৰং। সম্পূৰ্ণ অন্ধকাৰ কোঠাটোতো যেন স্পষ্টকৈ দেখা পাই থাকে তাই সকলোবোৰ ঘটনা। চকু মেলিয়ে বহু নিশা পাৰ হৈছিল তাইৰ। এৰা জীৱনে বৰকৈ নিচুকাইছে তাইক। 


     প্ৰতীক জানো সুখী আছিল মহিমাৰ লগত? প্ৰথম তিনিবছৰ মান সকলো ঠিকেই আছিল। এতিয়া বহুত সলনি হ'ল মহিমা। প্ৰতীকৰ কোনো কথাই নুশুনে তাই। প্ৰতিদিনে মহিমাক নৈশ পাৰ্টীবোৰলৈ লৈ যায় সি। মদ্যপান কৰি প্ৰায় অচেতন হৈ পৰা মহিমাক চম্ভালি ঘৰত আনি থয়। 


    প্ৰতীকে কিবা ক'লেই বৰ বেয়াকৈ গালি গালাজ কৰে তাই। মহিমাৰ ব্যৱহাৰত বিৰক্ত হৈ পৰিছে সি। মহিমাৰ স'তে সম্পৰ্ক স্থাপন কৰি চূড়ান্ত ভূল কৰিলে সি। কিহে পাইছিল তাক? আচলতে সেই সময়ত সম্পত্তিৰ লোভে তাক বিচাৰ-বিবেচনাহীন কৰি তুলিছিল। মহিমাৰ প্ৰতীকৰ প্ৰতি যি আছিল, সেয়া কোনো প্ৰেম নাছিল। পুৰুষৰ সান্নিধ্যৰ প্ৰয়োজন হৈছিল বাবে মহিমাই তাক ব্যৱহাৰ কৰিছিল। 


     প্ৰতীকৰ আজিকালি মায়াৰ মুখখন বৰকৈ মনলৈ আহি থকা হৈছে। সহজ-সৰল মায়াজনীক সি কম অৱহেলা কৰিছেনে?


     মায়াক মহিমাৰ স'তে ৰিজাই চায়।

দুয়োগৰাকীয়ে নাৰী, অথচ আকাশ-পাতাল পাৰ্থক্য। এতিয়া সি বহু কথাই উপলব্ধি কৰিব পাৰিছে। 


     মায়াৰ স'তে বহুত অন্যায় কৰিছে সি। কিন্তু কি কৰিব সি? মহিমা নামৰ শিকলি দালে তাৰ সৰ্বোচ্চ এনেদৰে মেৰিয়াই ৰাখিছিল যে তাক খোলাৰ কোনো ৰাস্তা সি বিচাৰি পোৱা নাছিল। ঘৰলৈ আহিলেও মায়াৰ কাষেই নাচাপে, জানোচা দূৰ্বল হৈ পৰে সি। মায়াৰ স'তে কোনোদিনে ফোনতো কথা পতা নাই সি। 


     অহাকালি প্ৰতীক ঘৰলৈ যাব। সেয়েহে কিছু বজাৰ কৰিম বুলি ওলাই গৈছিল। যাৱতীয় বজাৰ খিনি কৰি সোনকালেই উভটিছিল সি। 


     ঘূৰি আহি চোতালত এখন বিলাসী গাড়ী দেখিছিল। ঘৰৰ ভিতৰ সোমাই সি যিটো দৃশ্য দেখিবলৈ পাইছিল, তাৰ খঙে চুলিৰ আগ পাইছিলগৈ।


     মহিমাৰ স'তে একেলগে কলেজত কাম কৰা প্ৰৱক্তা এজনৰ লগত মহিমা প্ৰায় উলংগ শৰীৰেৰে শোৱনি কোঠাত বাগৰি আছিল। মহিমাৰ এইটো ৰূপ প্ৰতীকে আগতে দেখা নাছিল। সীমা চেৰাই গৈছিল সিদিনা তাই। প্ৰতীক অধৈর্য হৈ পৰিছিল। এই মুহুৰ্ততে যেন মাৰি পেলাব মহিমাক। সকলো শেষ হৈ যাওঁক। 


    কিন্তু একো নকৰিলে সি। পুনৰ ঘৰৰ পৰা ওলাই এটুকুৰা নিৰ্জন ঠাইত জোৰ জোৰকৈ কান্দিছিল সি। নিজৰ গালে মুখে চৰিয়াইছিল। কিয়? কিয় ইমান ভুল কৰিছিলি তই? 


     তৎমূহুৰ্ততে সিদ্ধান্ত লৈ পেলাইছিল সি, ইমানদিনে যি ভুল কৰিলে কৰিলে, আজি সকলো বান্ধোন ছিঙি পেলাব সি। নালাগে তাক আনৰ সম্পত্তি। গাঁৱলৈ ঘূৰি যাব সি চিৰদিনৰ বাবে। গাৱঁতেই কিবা কৰি খাব সি আৰু মায়াক পত্নীৰূপে আঁকোৱালি ল'ব। মহিমাৰ অস্তিত্ব চিৰদিনৰ বাবে তাৰ জীৱনৰ পৰা মচি পেলাব। পুনৰ উভটিছিল সি। 


     মহিমাক একোৱে নুসুধিলে প্ৰতীকে। একো যেন ঘটাই নাছিল।


    ৰাতি ভালদৰে নুপুৱাওতেই প্ৰতীকে মহিমাৰ ঘৰ এৰিছিল। এৰিছিল মানে চিৰদিনৰ বাবে এৰিছিল। মহিমাই দিয়া গাড়ীত সি অহা নাছিল। নতুন মন এটা লৈ সিদিনা বাছেৰেই ৰাওনা হৈছিল ঘৰ অভিমুখে। মহিমাক ত্যাগ কৰি প্ৰতীকৰ সেইদিনা নিজকে মুক্ত বিহংগ যেন লাগিছিল।


    মায়াৰ মুখখন হঠাতে মনলৈ অহাত কিবা এটা ভাল লাগি গ'ল তাৰ। ইমানদিনে পত্নীৰ মৰ্যাদা নিদিয়া মায়াক সকলো প্ৰাপ্য অধিকাৰ দিব সি।


     এইফালে মায়াৰ শাহুৱেকে বহু দেৰিলৈ নুঠা দেখি মায়াই জগাই দিবলৈ গৈ শাহুৱেকক মৃত অৱস্থাত পাইছিল। শোৱাপাটীতেই পৰি আছিল নিথৰ হৈ। 


    মায়াৰ যেন সকলো শেষ হৈ গৈছিল সিদিনা।

আপোন কোনোবা আছিল যদি, কোনোবাৰ পৰা মৰম পাইছিল যদি, তাইৰ বাবে কাৰোবাৰ গুৰুত্ব আছিল যদি, একমাত্র এই মানুহ গৰাকীয়েই আছিল। তেঁওকো ভগৱানে আজি কাঢ়ি লৈ গ'ল। 


     কাৰ লগত থাকিব তাই? লাহে লাহে মায়াৰ যেন মূৰটোৱে কাম নকৰা হৈ গৈছিল। কিন্তু এটোপালো চকুৰ পানী ওলোৱা নাছিল। তাইৰ কি হৈছে নিজেই ক'ব পৰা নাছিল। 


     ইমানদিনে কপালত লৈ থকা সেন্দুৰৰ ফোটটো নিজ হাতেৰে মচি পেলালে তাই। খাৰুবোৰো এপাট এপাটকৈ খুলি পেলালে তাই। চুলিকোচা মেলি এপাকত দৌৰি নিজৰ কোঠা পাইছিলগৈ, আকৌ আহি শাহুৱেকৰ ভৰিপথানত শুই পৰিছিল, এটি অবোধ শিশুৰ দৰে। প্ৰতীকক যে খবৰ দিব লাগে সেয়াও পাহৰি গৈছিল তাই।


     কোনো খবৰ নিদিয়াকৈয়ে প্ৰতীকেও নতুন আশা, নতুন মন বুকুত লৈ বাছৰ পৰা নামি অলপ দূৰ খোজ কাঢ়ি ঘৰ আহি ওলাইছিলহি। 


    অইনদিনা সি চোতালৰ পৰাই মা মা বুলি চিঞৰে। আজি মাকৰ পৰিৱৰ্তে মায়া মায়া বুলি চিঞৰিছিল। মায়াক চাবলৈ আজি দেখোন তাৰ বৰ হেপাঁহ জাগিছে। দেখা মাত্রেই দৌৰি গৈ সাৱটি ধৰিব যেন।


     কোনো ওলাই নহা দেখি এইবাৰ সি মা মা বুলি চিঞৰিব ধৰিলে। এইবাৰো কাৰো মাত পোৱা নাছিল। 


     প্ৰতীক ভিতৰলৈ সোমাই গৈছিল। প্ৰথমতে সিহঁতৰ কোঠাত সোমাই মায়াক বিচাৰিলে। সিহঁতৰ কোঠাটোৰ মজিয়াত এটা কিহবাৰ বটল খোলা অৱস্থাত পৰি থকা দেখিছিল। কি বস্তু ভালদৰে নাচালে সি। মায়াকে সুধিব। পিছে মায়া ক'ত? 


     লগে লগে মাকৰ কোঠালৈ লৰ মাৰিলে সি। 


     কোঠাটোত সোমাইয়ে সি মাকক টোপনি গৈ থকা যেন পালে। আৰে, মায়াই আকৌ মাকৰ ভৰিত এনেকৈ পৰি আছে কিয়? মায়াৰ মুখেৰে ফেন নিগৰি আছিল। 


     হঠাৎ যেন সি কিবা এটা বুজি উঠিছিল আৰু দুয়োকে স্পৰ্শ কৰি চাইছিল। স্পন্দনহীন দুটি নিস্তেজ, নিথৰ শৰীৰ পৰি আছিল তাত। প্ৰচণ্ড জোৰেৰে চিৎকাৰ কৰি উঠিছিল সি

"মা...মায়া…"


     সেইদিনা গোটেই চুবুৰীটোৰ মানুহে প্ৰতীকৰ বুকু ভেদি ওলোৱা চিৎকাৰ শুনিছিল।



এনেকৈয়ে ছিগেনে বান্ধোন ?


কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়,

কিয় এনেকৈ আপোনজন অচিনাকী হৈ যায়

কিয় এনেকৈ জীৱন হেৰায়,

কিয় এনেকৈ জীৱন হেৰায়

সময়ৰ প্ৰতিটো খোজত

কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়...


লিহিৰি আঙুলিৰ পৰশ মধুৰ

আপোন বুকুৰ উশাস গধুৰ,

লিহিৰি আঙুলিৰ পৰশ মধুৰ

আপোন বুকুৰ উশাস গধুৰ

ভঙা প্ৰেমৰ মৃত দেহ, বুকুৰ চিতাত জ্বলে নিতে

কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়...


ববিতা দাস।


◆◆◆◆◆◆◆ সমাপ্ত ◆◆◆◆◆◆◆

✍️             
✍️         

আধৰুৱা স্মৃতি -
      Read Now:

পুলিচ বিষয়াৰ পত্নী -
           Read Now:
      
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
           Read Now:

এনেকৈয়ে ছিগেনে বান্ধোন
An Assamese Emotional
Short Story
Heart Touching Assamese Love Story
Sad Story In Assamese
Kio Anekoi Morombur Lyrics
Kio Anekoi Morombur Assamese Lyrics Song
Kio Anekoi Zubeen Garg Lyrics Song
Assamese Heart Touching Story
Axomiya Sad Story
"So Tie The Knot"
Written By
Babita Das
The Lession Of Story
MAYA
Daily Assamese Status

Jonak Axom ৰ ছোৱালীজনী

Enekoiye Sigene Bandhon

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment