পুলিচ বিষয়াৰ পত্নী | এটা পৰিয়ালৰ সঁচা ঘটনা | Police Bikhoyar Potni By Swapnali Bardoloi - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

পুলিচ বিষয়াৰ পত্নী | এটা পৰিয়ালৰ সঁচা ঘটনা | Police Bikhoyar Potni By Swapnali Bardoloi

পুলিচ বিষয়াৰ পত্নী

"মাছ ল'ব নেকি বাইদেউ?"


     পদূলিৰ পৰা ৰিঙিয়াই মতা মাতষাৰ শুনি মই ফুলৰ গুৰি খুচৰি থকাৰ পৰা মূৰ তুলি চালো। দেখিলো কোনোবা এজন মাছৰ বেপাৰী ৰৈ আছে।


"কি মাছ চাওঁ।"


     মাছ খাই মই খুব ভালপাওঁ সেয়ে লোভ এৰিব নোৱাৰি বেপাৰীজনৰ ওচৰ চাপি গ'লো।


"একেবাৰে তাজা তাজা বৰলীয়া মাছ বাইদেউ। কিলো পাঁচশ টকা।"


"ইমান দাম বাপৰে! নোৱাৰি দেই ইমান দাম দি মাছ খাব।"


"ই বাইদেউ আপুনিয়ে যদি এনেকৈ কয় তেন্তে কেনেকৈ হ'ব বাৰু? আপোনালোকৰ বাবে এইকেইটা পইছা হাতৰ মলি। ইমান ডাঙৰ পুলিচ অফিচাৰৰ পত্নী হৈয়ো..."


     বেপাৰীজনৰ কথা কেইটা শেষ হ'বলৈকে নাপালে মই হনহনাই আহি গেটৰ ভিতৰ পালোহি। পিছফালৰ পৰা মানুহজনে চিঞৰি থাকিল,


"এ বাইদেউ কি হল? গুচি গ'ল যে লৈ লওক। আপোনাৰ পৰা অলপ কমকৈয়ে ল'ম দিয়ক.. অ' বাইদেউ..." 


     নাই… মাছ খোৱাৰ ইচ্ছা আৰু নাইকীয়াই হৈ গ'ল। মানুহজনে চিঞৰি চিঞৰি এসময়ত আঁতৰি গুচি গ'ল। মনটো অলপ বেয়াও লাগিল।


     মই বাৰু  মানুহজনৰ কথাত হিচাপতকৈ বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলোঁ নেকি বাৰু? আচলতে মই অতীষ্ঠ হৈ গৈছোঁ, এই ডাঙৰ পুলিচ অফিচাৰৰ পত্নীৰ লেবেলটো গাত লগাই লগায়।


     বিয়াৰ পিছত প্ৰথমে ভালেই লাগিছিল শুনি। কিবা এটা গৌৰৱ অনুভৱ হৈছিল। কিন্তু লাহে লাহে মই বিৰক্ত হ'ব ধৰিলোঁ। সৰু চহৰখনত ক'ৰবাত বজাৰ সমাৰ কৰিবলৈ গ'লে দাম দৰ কৰিব ধৰিলেই চিধাই দোকানীয়ে ক'ব,


"এ বাইদেউ... ইমান ডাঙৰ পুলিচ বিষয়াৰ পত্নী হৈ এইকেইটা টকাৰ বাবেই ধৰিছেনে আমাক।"


'পুলিচ বিষয়াৰ পত্নী' এই শব্দকেইটাত সন্মান থাকে নে তাচ্ছিল্য থাকে নে ঘৃণা থাকে কেতিয়াবা বুজিবলৈ অসুবিধা হয় মোৰ।

 

     হয়তো বাহিৰৰ মানুহে ভাৱে ইন্সপেক্টৰ মৃন্ময় বৰুৱাৰ সোঁৱে বাওঁৱে অজস্ৰ বাহিৰা টকা!!


     যোৱা সপ্তাহৰ ঘটনা। বান্ধৱী নিশাই মোক টকা পোন্ধৰ হাজাৰ বিচাৰি ফোন কৰিছিল। ইমান খিনি পইচা বৰ্তমান মোৰ হাতত নাই বুলি কোৱাৰ লগে লগেই নিশাই এক তাচ্ছিল্যৰ হাঁহি মাৰি ক'বলৈ ধৰে,


"কি কথা কৈছ' ৰিণী, পইছা দিবলৈ মন নাই নালাগে দিব কিন্তু পইচা নাই বুলি কৈ ফাঁকিটো নিদিবি অন্ততঃ। হেৰৌ মৃণ্ময়ৰ দৰে পুলিচ অফিচাৰৰ ঘৈণীয়েক হৈও যদি তোৰ হাতত মাত্ৰ টকা পোন্ধৰ হাজাৰো নাই বুলি ক' তেন্তে মৰা মানুহেও জী উঠি হাঁহিব অ'।"


     উত্তৰত মই কিবা কিবি ক'ব খুজিছিলোঁ কিন্তু তেতিয়ালৈ তাই ফোনটো কাটি দিছিল। হয়তো মোক বেয়া পাইছিল। কিন্তু বেয়া পালেও মই নিৰূপায় আছিলোঁ।


     মই মিছা মতা নাছিলোঁ। সঁচাই মোৰ হাতত সেই মুহূৰ্তত ইমান টকা নাছিল।


     মোৰ হাতত কিয় মৃন্ময়ৰ হাততো ইমান খিনি টকা হঠাতে বিচাৰিলে হয়তো পোৱা নাযাব। কাৰণ তেওঁ যে এজন সৎ আৰক্ষী বিষয়া। দুৰ্নীতিৰ পৰা বহু নিলগত থকা এজন সৎ আৰক্ষী বিষয়া। কিন্তু মানুহৰ মতে আৰক্ষী বিষয়া মানেই অসৎ উপায়েৰে টকা উপাৰ্জন এটা মেচিন।


     সেয়ে হয়তো কথাই প্ৰতি 'পুলিচৰ পত্নী' বুলি বিশেষণ টো মোৰ নামৰ আগত লগাই মানুহে মোক মন গ'লেই ঢৌতে পাঁচশ টকীয়া মাছ খাব পৰা কৰি তোলে।


     মন গ'লেই মই সোণৰ গহনা কিনিব পাৰো, মন গ'লেই মই দামী শাৰী কিনিব পাৰো, য'তে ইচ্ছা ত'তে খাব পাৰো, মুঠতে মোৰ যি ইচ্ছা তাকেই কৰিব পাৰো।


     মানুহে কিন্তু নেদেখে মৃন্ময় বৰুৱাই দিনে নিশাই কষ্ট কৰি পোৱা দৰমহাৰ টকাৰে গাড়ীৰ ইন্সটলমেণ্ট দিয়াৰ পৰা আৰম্ভ কৰি অসুখীয়া মাক দেউতাকৰ দৰৱ কিনা, ঘৰৰ বজাৰ কৰা, গুদু-নিকীৰ স্কুলৰ ফিজ দিয়াৰ শেষত যি খিনি টকা ৰাখে তাৰে বিলাসিতা কৰাৰ ইচ্ছা আৰু উপায় নাথাকে।


     সেই খিনি টকা থৈ দিয়া হয় হঠাতে হ'ব পৰা অসুখৰ বাবে নতুবা আত্মীয় স্বজনৰ বিয়াৰ উপহাৰত খৰছ কৰিবৰ বাবে। পুলিচ অফিছাৰ যিহেতু বিয়াত কম দামী উপহাৰ টো দিব নোৱাৰে।


     মনত পৰে এবাৰ মৃন্ময়ে ভনীয়েক আৰু মোৰ বাবে দুখন শাৰী পূজাৰ উপহাৰ হিচাপে নিজেই কিনি লৈ আহিছিল বৰ হেঁপাহেৰে। ভনীয়েকক যেতিয়া শাৰী খন দিছিল ভনীয়েকে শাৰী খন চাই মুখ খন বিকটাই কৈছিল,


"ই… দাদা তোৰো যে পছন্দ আৰু। এইবোৰ সস্তীয়া শাৰী আজিৰ যুগত কোনোবাই পিন্ধে নেকি!"


     ক'লা পৰি যোৱা মৃন্ময়ৰ মুখখন দেখি মোৰ বুকু খন বিষাই গৈছিল। মোক দিয়া শাৰী খন মৰমেৰে বুকুত সাৱটি ধৰি মোৰ ক'বলৈ মন গৈছিল,


"আন্তৰিকতাৰে দিয়া উপহাৰক টকাৰে জোখা নাযায়।" 


     সেইখন শাৰীকে দুদিনৰ পিছত পূজাত পিন্ধি গৈছিলোঁ। মৃন্ময় ডিউতিৰ বাবে লগত যাব পৰা নাছিল।


     মই ফটো এখন তুলি তেওঁলৈ হোৱাটছএপতে পঠাই দিছিলোঁ। উত্তৰত এসোপামান চুমাৰ ইম'জি দি পঠাইছিল। লাজতে মোৰ দুগাল যেন ৰঙা পৰি গৈছিল।


     কথাবোৰ ভাবি ভাবি ফুলৰ গুৰিটো খুচৰি থাকোতে একেবাৰে ফুলজোপা উঘাল খাই যাওঁতেহে যেন মোৰ সম্বিত ঘূৰি আহিল। হাত খন ধুই ভিতৰলৈ গৈ শোৱাকোঠাৰ গদৰেজত পৰহি মৃন্ময়ে মোক থ'বলৈ দিয়া টকা খিনি উলিয়াই  আকৌ হিচাপ কৰি চালোঁ। মুঠ পাঁচ হাজাৰ টকাহে আছে।


     ইয়াৰে অলপ দিব লাগিব কাৰেণ্টৰ বিলত, অলপ গুদু-নিকীৰ আৰ্টৰ স্কুলৰ ফিজত। আহ গেছৰ ছিলিণ্ডাৰো আনিবলৈ আছে দেখোন!!


      তদুপৰি মাহেকীয়া বজাৰ কৰাৰ পিছতো খুচ খুচিয়া ইটো সিটো বস্তু পাকঘৰত দেখোন  লাগিয়েই থাকে। মোৰ মুখত বেঁকা হাঁহি এটা বিৰিঙি উঠিল,


     ইন্সপেক্টৰ মৃন্ময় বৰুৱাৰ পত্নীৰ হাতত বৰ্তমান মাত্ৰ পাঁচ হাজাৰ টকা থকাৰ কথা কোনোবাই বিশ্বাস কৰিবনে??


     হাঁহিটো ক্ৰমাৎ বিৰক্তিলৈ পৰিৱৰ্তন হৈ কপাল খন মোৰ কোঁচ খাই গল।


     ছেঃ !! Myntra ত বৰ ধুনীয়া কুৰ্তী এটা দেখিছিলো... অৰ্ডাৰ দিম বুলি ভাবিছিলোঁ। পিছে পইছা খিনি তাত খৰছ কৰিলে কমি যায় নেকি!! 



     বিৰক্তি এটাৰ লগতে এইবাৰ খং আৰু অভিমানৰ প্ৰলেপ এটাও যেন মোৰ মুখত পৰিল। 


      মোৰ শিক্ষাগত অৰ্হতাৰে মই এটা সৰুকৈ হ'লেও চাকৰি কৰিব পাৰো অৱশ্যে। তেতিয়া মোৰ সৰু সুৰা চখবোৰৰ বাবে মৃন্ময়ৰ ওচৰত হাত পতাৰ প্ৰয়োজন আৰু নাথাকিব। কিন্তু অসুখীয়া শাহু শহুৰৰ লগতে সন্তান দুটিৰ বাবেই মই চাকৰি কৰাৰ কথা চিন্তা কৰিব নোৱাৰো। মই ঘৰৰ পৰা দিনটোৰ বাবে ওলাই গ'লে ঘৰখন যেন বেমেজালিৰে ভৰি পৰিব।


     নাই, আজি মৃন্ময় আহিলে ক'বই লাগিব।  ইমান ধৰ্মবীৰ যুধিষ্ঠিৰ হ'বলৈ যোৱাৰ কোনো প্ৰয়োজন নাই।


     দিনে নিশাই খোৱা-শোৱা বন্ধ কৰি কেৱল ডিউটি ডিউটি কৰি শেষত যদি সাধাৰন বিলাসিতা অকণো কৰিব নোৱাৰি তেন্তে কি লাভ ইমান কষ্টৰ?


     মৃন্ময়ৰ লগতে চাকৰি কৰা অনন্তৰ ঘৈণীয়েকক দেখিছোঁ। তাই কিমান লাহ-বিলাহ কৰে!! কাপোৰেই চাবা, নে ঘৰেই চাবা। শুনিছোঁ বছৰত এবাৰকৈ বাহিৰত ফুৰিবলৈও যায়।


     আমাৰহে কি কপাল!! মৃন্ময়ক সিদিনাখন কৈছিলোঁ অনন্ত হঁতৰ কথা। তেওঁ লগে লগে কৈ উঠিছিল,


"হয়... অনন্তৰ ঢেৰ টকা কিন্তু সেই টকা সৎ পথেৰে ঘটা টকা নহয়। কেচ বন্ধ কৰিবলৈ ঘোচ লোৱা নতুবা কাৰোবাৰ ক'লা টকা সেইবোৰ। তেনেকুৱা টকাৰে দামী গাড়ী, গহনা, কাপোৰ কিনিব পাৰি হয়; পিছে সুখ কিনিব নোৱাৰি। মই কষ্ট কৰি মাহৰ শেষত যি মোৰ প্ৰাপ্যৰ দৰমহা পাওঁ তাৰে মই আলু পিটিকা ভাত খাই হ'লেও বহুত সুখী।"


     আগতে মৃন্ময়ৰ মুখত এনেধৰণৰ কথাবোৰ শুনিলে মোৰ আনন্দত দুচকু ভৰি আহিছিল। তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছিলোঁ। ভাবিছিলোঁ মোৰ স্বামী কিমান এজন সৎ লোক হয়!!


     তেতিয়া তেওঁৰ সৎ পথেৰে ঘটা টকাৰে মইয়ো যেন আলু পিটিকা ভাত খায়ে সুখী আছিলোঁ। কিন্তু এতিয়া নহয়।


     লাহে লাহে মই অস্থিৰ হবলৈ ধৰিছোঁ। বয়স যিমানে বাঢ়িছে, মই যেন সিমানে দিনে দিনে বস্তুবাদী হবলৈ ধৰিছোঁ।


     কি লাভ এনে সততাৰ যি সততাক মানুহে সন্দেহৰ চকুৰে চায়?


     তেওঁৰ সৎ পথেৰে ঘটা টকাক মানুহে দুই নম্বৰী টকা বুলি ভাবি চায়। প্ৰতিটো কথাতে আনে মোক শুনাই,


"পুলিচ বিষয়াৰ পত্নী হৈ অমুকটো যদি কৰিব নোৱাৰা... তমুকটো যদি কিনিব নোৱাৰা…"


     হয়। কি লাভ এনে সৎ পথত থাকি? য'ত ইচ্ছা গ'লেই মন পছন্দৰ এটা বস্তু কিনিব নোৱাৰো, অকণমান বিলাসিতা কৰিব নোৱাৰো??


     অ' এইটো সত্য যে তেওঁ মোক কেতিয়াও অভাৱত পৰিবলৈ দিয়া নাই। যি বিচাৰো পৰাপক্ষত দেৰিকৈ হ'লেও মোক আনি দিয়ে। তথাপিটো.....!


     মুঠতে আজি মৃন্ময়ক ভালকৈ ক'বই লাগিব যে মোৰো মিছেছ অনন্তৰ দৰে থাকিবলৈ মন যায়,  মোৰো ইচ্ছা হয় অকণমান বিলাসিতা কৰিবলৈ।


      তেওঁ সৎ হোৱা স্বত্তেও মানুহৰ ঠাট্টা ভৰা কথা শুনি মই যিমান কষ্ট পাওঁ, হয়তো তেওঁ অসৎ পথেৰে ধন ঘটাৰ পিছত বেলেগৰ কথা শুনিলেও সিমানখিনি কষ্ট হয়তো নাপাম!


    উফ, কথাবোৰ ভাবি ভাবি মোৰ মূৰটো বিষাই গৈছে। লৰালৰিকৈ চাহ তিনিকাপ বনাই শাহু মা আৰু শহুৰ দেউতাক ৰূমতে দি থৈ আহিলোঁ। মোৰ চাহ কাপটো লৈ টি.ভি. টোকে লাহেকে লগাই দিলোঁ। চেনেলবোৰ টিপি টিপি গৈ থাকিলোঁ।


     একে একঘেয়ামী অনুষ্ঠান। নিউজবোৰো চাবলৈ ইচ্ছা নোযোৱা হ'ল। কেৱল নেতিবাচক বাতৰি। টি.ভি. টো অফ কৰিবলৈ লওঁতেই শাহু মা আহি মোৰ কাষতে বহে।


"কি বাতৰি দিছেনো আজিৰ?"


     মই উত্তৰ দিবলৈ নাপাওঁতেই মায়ে পুনৰ কৈ উঠে,


"ই কি দিবনো সেই একেই বাতৰিবোৰ হত্যা, ধৰ্ষণ। ও... এইবাৰ চোন কোটি পতি চাকৰিয়ালৰ বাতৰিও দিছে।"


     মাৰ কথাত হে মই বাতৰিটোলৈ মন দিলোঁ। কোনোবা চৰকাৰী বিভাগৰ দুৰ্নীতি গ্ৰস্ত বিষয়াৰ ওপৰত দিছে। ঘোচখোৰ বিষয়াই কমদিনতে ধনী হোৱাৰ বাতৰি। 


"কি যে দিন কাল আহিল!! যিকেইটা দৰমহা পায় সেইকেইটাৰে সন্তুষ্ট হব নোৱাৰে। লাহ-বিলাহ মাৰিবলৈ গৈ নিজৰ লগতে পৰিয়ালৰো মান সন্মান ডুবালে। হে ঈশ্বৰ, আমাৰ বাবাক এই বেয়া চিন্তাবোৰৰ পৰা বহু দূৰত ৰাখিবা দেই। কৃষ্ণ… কৃষ্ণ...!!"


     হাতযোৰ কৰি মূৰ দোৱাই থকা শাহু মালৈ এবাৰ চাই মই আকৌ বাতৰিটোত মনোনিবেশ কৰিলোঁ।


     লাহে লাহে দেখিলো সেই ঘোচ খোৰ বিষয়া জনৰ চেহেৰাটো যেন মৃন্ময়ৰ চেহেৰালৈ পৰিৱৰ্তন হৈছে। তেওঁক হেণ্ডকাফ লগাই লৈ গৈছে আৰু চাৰিওফালে মিডিয়াৰ মানুহে বেৰি ধৰি উপৰা উপৰিকৈ প্ৰশ্ন কৰিছে।


     দূৰৰ পৰা কোনোবা এজুম সাধাৰণ জনতাই শিলগুটি দলিয়াই চিঞৰি উঠিছে,


"তহঁতে টকা খোৱা নাই আমাৰ তেজ হে খাইছ' মাৰ ইয়াক!!"


     গোটেইবোৰে যেন মৃন্ময়ক হেঁচা মাৰি ধৰিছে। 


"নাই নাই, এনেকুৱা হ'ব নোৱাৰে!"


      হঠাতে থিয় হৈ মই কৈ উঠিলোঁ। মায়ে মোৰ ফালে অবাক হৈ চাই সুধিলে,


"কি হ'ব নোৱাৰে অ' ৰিণী?"


"নাই… এনেয়ে কিবা মনত পৰিছিল। আপুনি টি. ভি. চাওক, মই ভাত কেইটা ৰান্ধো।"

 

     অপ্ৰস্তুত হৈ মাক কথা কেইটা কৈয়ে খৰধৰকৈ আঁতৰি আহিলোঁ।


     পাকঘৰলৈ আহিও মই বাৰে বাৰে ভাবি থাকিলোঁ ক্ষন্তেকীয়া সুখ পাবৰ বাবেই মই কিমান যে মাৰাত্মক কথা মৃন্ময়ক ক'বলৈ ওলাইছিলোঁ। এনে নহয় যে মই কোৱা মাত্ৰকে মৃন্ময়ে মোৰ কথা মতে কাম কৰিব। তথাপিটো নিজৰ নিকৃষ্ট চিন্তাত নিজৰে লাজ লাগিবলৈ ধৰিলে।


     ইমান নীচ চিন্তা কেনেকৈ কৰিব পাৰিলোঁ মই? মৃন্ময়ৰ সৎ কাম আৰু চিন্তাৰ বাবে পুনৰবাৰ আগৰ দৰেই গৌৰৱ অনুভৱ হ'ল মোৰ।


     ভাৱকচোন মানুহে যি ভাবে! কেইজনমান বেয়া ব্যক্তিৰ বাবেই গোটেই বিভাগ টোৱেই বদনামী হৈছে। কিন্তু এদিন সময় আহিব, আৰু সেইদিনা মানুহে বুজিব কথাবোৰ!!


     সৎ পথত চলা মৃন্ময়ে মই বিচৰাৰ দৰেই বিলাসিতা কৰিবলৈ দিব নোৱাৰিলেও এটা অতি মূল্যৱান বস্তু মোক দিছে। সেইটো হৈছে সন্মান।


     বিভাগটোত মৃন্ময়ৰ নাম আছে,

কোনো কথাতে আপোচ নকৰা সৎ আৰক্ষী বিষয়া হিচাপে। তেওঁৰ বাবেই মূৰ দাঙি আমি মানে তেওঁৰ পৰিয়ালটোৱে কথা ক'ব পাৰো।


     আজিৰ পৰা সেইসকল মানুহক যিসকলে কথাই প্ৰতি 'পুলিচ বিষয়াৰ পত্নী হৈও...' বুলি কয়, তেওঁলোকৰ কথাৰ উচিত প্ৰত্যুত্তৰ মই দিম।


     মৃন্ময় দুপৰীয়া ভাত খাবলৈ আহিব পাৰে নে নোৱাৰে জানো ডিউটিৰ পৰা! তথাপিটো মই তেওঁৰ প্রিয় ব্যঞ্জন দুটামান খৰ ধৰকৈ ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ।


     অথনি তেওঁৰ প্ৰতি মনলৈ অহা খং আৰু বিৰক্তি খিনি ক'ৰবালৈ আঁতৰি গল। তাৰ ঠাইত মৰম আৰু সহানুভূতিয়ে ঠাই দখল কৰিলেহি। এসাগৰ মৰম আৰু সহানুভূতিৰে মই মৃন্ময় অহালৈ বাট চালোঁ।

 

সমাপ্ত ..............


✍️             



পূজাৰী মই তোমাৰ প্ৰেম মন্দিৰৰ
      Read Now:

এপাহী ৰঙা গোলাপ আৰু সন্ত্ৰাস
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ 
           Read Now:


পুলিচ বিষয়াৰ পত্নী
An Assamese Emotional
Short Story
Heart Touching Assamese Story
Sad Assamese Story
"Wife Of A Police Officer"
Written By
Swapnali Bardoloi
The Lession Of Story
A True Story Of A Family
GOLAGHAT, ASSAM
Special Thanks
Khusboo Hazarika, Karabi Choudhury
Daily Assamese Status

বন্দিতা দাস

Bandita Das

Jonak Axom ৰ ছোৱালীজনী
Police Bikhoyar Potni by Swapnali Bardoloi
Axomiya Buwarir Kahini

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment