ৰাংঢালী - তুমি মোৰ | চুটি প্ৰেম কাহিনী | তৃতীয় খণ্ড | অংকুৰ দাস | Rangdhali Tumi Mur | Part 3 | Assamese Short Love Story By Riyan Ankur Das - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ৰাংঢালী - তুমি মোৰ | চুটি প্ৰেম কাহিনী | তৃতীয় খণ্ড | অংকুৰ দাস | Rangdhali Tumi Mur | Part 3 | Assamese Short Love Story By Riyan Ankur Das

ৰাংঢালী - তুমি মোৰ

প্ৰেম এনেকুৱা এটা জীৱনৰ Status যাক হৃদয়ে পাব বিচাৰে সেইজন সকলোৰে ভাগ্যত নাথাকে।


আগৰ খণ্ডৰ পৰা...


    প্ৰেম ভালপোৱাৰ মতামত হয়তো সকলোৰে একে নহয় কিন্তু প্ৰত্যেকটো প্ৰেমৰ আৰম্ভণি বা চিনাকি বন্ধুত্বৰ পৰাই হয় |  - আকাশে কথাবোৰ ভাবি ভাবি ভালদৰে হাত-মুখখিনি ধুই লৈ নিজৰ ৰূমটোত আহি সোমাল |


     চকী এখনতে বহি সি ৰাংঢালীৰ কথা একান্তমনে ভাবি  আছিল | এনেতে মাকে মাত লগালে,


মা-  বাবা, বাবা, বাবা...


     আকাশে তাইৰ চিন্তাত ইমানে মগন আছিল যে মাকে মাতি থকাও সি শুনা নাছিল | মাকেও আকাশৰ পৰা একো মাত নাপাই কিবা এটা হল বুলি ভাবি তাৰ ৰুমলৈ দৌৰি আহিল | আহি মাকে দেখিলে যে সি চকী খনতে বহি লৈ কিবা কথা ভাবি মিচিক-মিচিক হাহি আছে | মাকে তাৰ ওচৰলৈ আহি তাৰ গাটোত লৰাই মাত লগালে,


-  অই, বাবা… বাবা | কি ভাবি আছ ? ইমান মাতি আছো তোক...


     আকাশে হঠাৎ উচপ খাই উঠিল | কলে,


-  মা... তুমি ?


মা- অ' মই | কি হৈছে ? ইমান মাতি আছো… শুনা নাইনে তই ? ইন্টাৰভিউৰ পৰা আহিয়ে মোক মাত নিদিয়াকৈ যি ৰূমটোত সোমালা… কোৱাচোন তই কি চিন্তা কৰি মিচিক-মিচিক হাহি আছ ?


আকাশ-  নাই মা | এনে কিবা এটা কথাক লৈ ভাবি আছিলো |


মা- কিনো কথা | মাকক কব নোৱাৰ নে ? 

আকাশ- কম ৰবা মা, লাহে লাহে...


মা- বাৰু | ইন্টাৰভিউ কেনে হল তোৰ আজি ?


আকাশ- ইন্টাৰভিউ নাজানো কি হব, কাৰন সিটো মোৰ হাতত নাই ! কিন্তু এটা কথা মা, এইটো ইন্টাৰভিউত মই সফল নহলেও আজিৰ দিনটোত হোৱা ভাল কামটোত মই সফল হব পাৰিলেই যথেষ্ট |


মা- কি কামত অ' বাবা ? কিবা আৰু ভাল কাম নেকি ??


আকাশ- কম ৰবা মা | দুদিনমান অপেক্ষা 

কৰা | তুমি মাথো আৰ্শীবাদ দিয়া যাতে মই সফল হব পাৰো |


মা-  বাৰু তই যিয়েই কৰ... মুঠতে তই সফল হ | আৰ্শীবাদ সদায় আছে তোৰ লগত | আৰু সোনকালে ডাঙৰ মানুহ হ |


     মাকে এনেকৈ কৈয়ে নিজৰ কামত লাগিল | আকাশেও কথাখিনি ইমানতে সামৰিলে | মাথো মুখত মিচিকীয়া হাঁহি এটি ফুটি উঠিল তাৰ |


     সময় হেনো ঠিকনাবিহীন | সময়ে কেতিয়া কাৰ জীৱনলৈ ভাল-বেয়াৰ ঠিকনা লৈ আহে কোনেও নাজানে | আকাশেও নাজানিছিল, সিও যে এদিন কাৰোবাৰ প্রেমত পৰিব | তাৰো যে এদিন কাৰোবাক ভাল লাগিব !


     আকাশে কথাবোৰ ভাবি থাকোতে মোবাইলৰ ইনবক্সত এটি মেছেজ আহিল | সি খুলি চাই দেখিলে ৰাংঢালীয়ে পঠাইছে | মেছেজটোত লিখা আছিল,


"Hi Akakh, ghor ketiya pali ?"


     আকাশে এপলক মেছেজটোলৈ চালে | সি ৰিপ্লাইত লিখিলে,


"Sorry, jonabo pahori goisilo."


     এনেতে তাৰ মোবাইলৰ ৰিংটোন টো বাজি উঠিল,


কিনো যাদু আজি বুকুৰ মাজত

এন্ধাৰতো বাট খোজে

দুহাতেৰে ফালি দুখৰে নৈ

নতুনৰে ঢৌ তোলে


বাৰু আছেনে ৰৈ সিপাৰে মোলৈ ধুনীয়া পৃথিৱী?

বোলোঁ নাযাবি এৰি জীৱন মোৰ

তই দূৰলৈ আঁতৰি


মাথোঁ এজাক ৰ'দ - need some sunshine

এপাহ ফুল - back to my life

হিয়া জুৰ - growing my hopes now

কিযে মিঠা মিঠা ৰ'দ !


    ৰাংঢালীয়ে ফোন কৰা দেখি সি অকনো পলম  নকৰি ফোনটো ৰিচিভ কৰিলে,


- হেল্ল, হেল্ল…


ৰাংঢালী- Hi আকাশ | কি কৰিছা কোৱা...


আকাশ-  আছো এনেই | কোৱা তুমি কি কৰিছা ?


ৰাংঢালী-  মইও এনেই আছো | ভাবিলো নতুনকৈ বনোৱা বন্ধুজনৰ লগতে দুষাৰ কথা হও | বাৰু, আমনিটো দিয়া নাই !!


আকাশ- নাই অ' কিয়নো আমনি পাম | কি যে কোৱা নহয় | আচলতে ঘৰ আহি পাই তুমি কিবা কামত বিজি থাকিবা বুলি মই call নকৰিলো...


ৰাংঢালী-  বাৰু বাৰু, এতিয়া মই খবৰ ললো ন | পিছে ভাত খালা নে ?


আকাশ- নাই, মায়ে বনাই আছে | তুমি খালা ?


ৰাংঢালী- খাম লাহেকৈ | অ' শুনিছো আমাৰ  ইন্টাৰভিউৰ ৰিজাল্ট হেনো অহা সপ্তাহতে দিব |


আকাশ- হয় নেকি ? তুমি কেনেকৈ জানিলা ?


ৰাংঢালী- মোৰ এজন পৰিচিত দাদা তাতেই কাম কৰে | দাদা জনে কলে | অ' আৰু শুনা পাহৰি নাযাবা, মই যে সিদিনা কৈছিলো তুমি পাছ কৰিলে তুমি ডাঙৰ কৈ পাৰ্টী দিবা আৰু মই পাছ কৰিলে মই পাৰ্টী দিম কোৱাটো |


আকাশ- নাই নাপাহৰো, মনত আছে | কিন্তু মই বিফল হম !!


ৰাংঢালী- চোৱা আকাশ | মানুহৰ জীৱন এবাৰে পায় | এই এবাৰ পোৱা জীৱনটো কিমান চুটি বা  দীঘল আমিও নাজানো | ঘড়ীৰ তিনিডাল কাটাই কেতিয়া কি ৰূপত কাৰ জীৱনলৈ কি কাহিনী লৈ আনে কোনেও নাজানে | ঘন্টা আৰু মিনিটটো বাদেই দিলো, আহি থকা এক চেকেণ্ড টোতে কাৰ জীৱনত কি হব পাৰে কোনোবাই জানো জানে ?? সেইবাবে জীৱনটো উপভোগ কৰিব শিকিব লাগে | মনত অহংকাৰ ভাৱ নোহোৱাকৈ আনক নিস্বাৰ্থ ভাৱে ভাল পাব শিকিব লাগে আৰু পাৰিলে নিজৰ ক্ষমতা অনুসৰি আনক সহায়ো কৰিব লাগে | বাকী যি হব লগা আছে সেয়া সময়ত তো হৈয়ে থাকিব | কিন্তু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে |


আকাশ-  ভগৱানক ধন্যবাদ দেই |


ৰাংঢালী- কিয় কলা তেনেকৈ ?


আকাশ- তোমাক বন্ধু হিচাপে দিয়াৰ বাবে | অন্তত এতিয়াৰ পৰা জীৱনত নিৰাশ হলেও বা বিফল হলেও কোনোবা এজন আছে যাৰ পৰা মই সাহস আৰু প্ৰেৰণা পাম |


ৰাংঢালী- হয়নে ? সঁচা কৈছা তো...


আকাশ-  হয় মিছ জ্ঞানৰ ভাণ্ডাৰৰ ছোৱালীজনী, তই বৰ মহীয়সী সপোন কুঁৱৰী |


ৰাংঢালী- মাৰ খাবা কিন্তু |


আকাশ- মাৰিব পাৰিব জানো এতিয়া ?


ৰাংঢালী- অ' তোমাক ওচৰত পোৱা হলে…


আকাশ- ইমান ৰাতি তোমাৰ ওচৰত ? নাই নাই নোৱাৰো যাব মই…


ৰাংঢালী- হিহিঃ, আহিব কোৱা নাইতো | just কথাটোতহে….. otherwise প্ৰেমহে হৈ যাব ! এতিয়া ৰাখো মই আকাশ…


আকাশ- প্ৰেম হলে ভালেই হব !


     টুত, টুত, টুত… ইতিমধ্যে ৰাংঢালীয়ে ফোনটো সামৰিছিল | আকাশে কোৱা পিছৰ লাইনতো তাই একো নুশুনিলে |

☺️☺️☺️

আগলৈ...



[ বিদ্ৰো: "ৰাংঢালী - প্ৰেম আৰু ভালপোৱাৰ কথাৰে" নামৰ এই চুটি কাহিনীৰ উপন্যাসখন দুই-তিনি দিনৰ মূৰে মূৰে আমাৰ ৱেবচাইট DailyAssameseStatus -টোত নিশা ৯ বজাত আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দি থোৱা লিংকটোত ক্লিক কৰি চাব পাৰিব। অথবা Google -ত ৰাংঢালী প্ৰেম ভালপোৱাৰ কথাৰে বা ৰাংঢালী চুটি কাহিনী ইত্যাদি লিখিও সকলোবোৰ খণ্ড অতি সহজে চাব পাৰিব। নাইবা Google -ত চার্জ কৰক DailyAssameseStatus or DailyAssameseStatus.Blogspot.Com . Special thanks to all 4M+ Views on the Story. ]

চতুৰ্থ খণ্ড লিংক -
     Read Now:

দ্বিতীয় খণ্ড লিংক -
           Read Now:

ৰাংঢালী - তুমি মোৰ

Assamese Emotional
Short Story
New Assamese Love Story,
Sad Story In Assamese Daily Status

Assamese Love Caption,
Best Assamese Love Staus,
Axomiya Short Story
"Rangdhali - YOU ARE MINE"
Written By
Ankur Das
The Lession Of Story
AKASH & RANGDHALI
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment