অপৰাহ্ন | প্ৰেম কৰা নাযায় অজানিতে হৈ যায় | Oporahna | Assamese Sad Love Story | Romantic Story By Snigdha Bora | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অপৰাহ্ন | প্ৰেম কৰা নাযায় অজানিতে হৈ যায় | Oporahna | Assamese Sad Love Story | Romantic Story By Snigdha Bora | Daily Assamese Status


অপৰাহ্ন

প্ৰেম কৰা নাযায়, অজানিতে হৈ যায়


"ঘৰলৈ সোনকালে আহিবি। সন্ধিয়া আলহী আহিব।"


     অফিচলৈ যাব লওঁতেই মাকে কাণচোৱালে তাইক। আজিকালি আলহী অহাটো তাইৰ বাবে নতুন কথা নহয়। বিয়াৰ উপযুক্ত ছোৱালী এজনী ঘৰত থাকিলে কেনেকুৱা ধৰণৰ আলহী আহিব সেইয়া তাই ভাল দৰে জানে। 


     আগতেও দুবাৰমান তাইক চাবলৈ বুলিয়ে আলহী আহিছিল। পিছে তাই হে মন নিদিলে। কিয় জানো তাইৰ মন নাযায় বিয়া ছিয়া হ'বলৈ। বিয়া তাইৰ বাবে যেন এক ডাঙৰ বোজা। কিন্তু এইবাৰ বোজা নহয় যেন দায়িত্ব। ঘৰৰ মতে, সোনকালে বিয়া হ'ব লাগে তাই আৰু সেইটোকে দায়িত্ব বুলি ভাবি তাই মন ঠিক কৰি পেলাইছে, তাই বিয়া হ'ব। 


     মোমায়েকে ল'ৰা এটা দেখুৱাইছে,

মাক-দেউতাকে ইতিমধ্যেই ল'ৰাক ফটোত দেখি পছন্দ কৰিছেই, কথা বতৰাও হয় মাজে মাজে। তাই হে ল'ৰাক দেখা নাই। দেখা নাই মানে চোৱাৰ ইচ্ছাই নাই তাইৰ।


     মাকক একো নোকোৱাকৈ ওলাই আহিল তাই।


     "Excuse me, শৰ্মিষ্ঠা শৰ্মা?"


     ঘপককৈ আহি ৰখাই দিয়া গাড়ীখনৰ ভিতৰৰ পৰা কোনোবাই তাইক মাতিছে। ক'লা গ্লাছৰ গাড়ীৰ ভিতৰত থকা মানুহজন তাইৰ অস্পষ্ট। কোন হ'ব পাৰে? দুখোঁজ গাড়ীখনৰ ফালে তাই আগবাঢ়ি গ'ল।


"চিনি পাইছা?"


     গাড়ীখনৰ ওচৰ পাই ভিতৰত থকা চেহেৰাটো স্পষ্টকৈ তাই দেখিলে। 


     আছে মনত আছে তাইৰ।

ঋষিকেশ হাজৰিকা। তাইৰ বান্ধৱী জুপিৰ ককায়েক। দিল্লীত থাকে। কিয় জানো কোনো কাৰণ নোহোৱাকৈ তাই তাক পচন্দ নকৰে। চেলাউৰি কোঁচা সামান্য কোচ খোৱাই আনিলে তাই।


__ পাইছোঁ।


__ অফিচ ইয়াতে নেকি?


     হয়, তাই অফিচলৈ বুলিয়ে এইখিনিত ৰৈ আছে। ৰিক্সা পাবলৈ নাই। দেৰিও হৈছে ইফালে।

নাহিবই নেকি ৰিক্সা? এইডালকো এতিয়া হে পাবলৈ হ'ল, গুছি যাবও নোৱাৰি এতিয়া পতককৈ এইখিনিৰ পৰা। কমছেকম ৰিক্সা এখন আহিলে তাই সাৰিব। মনতে আওৰালে তাই।


__ হম ইয়াতে। জো-ৰোডৰ ওচৰত।


__ ভালেই হ'ল মইয়ো তালৈকে গৈ আছোঁ। উঠা তেন্তে।


     গাড়ীৰ দৰ্জাখন সি খুলি দিলে।


__ নাই পাৰিম। ৰিক্সা আহিব এতিয়া।


      কিহে পাইছিল বাৰু তাইক ইমান details দিবলৈ। মুখখন যে আৰু...? নিজৰ কপালকে দোষ দিলে তাই।


     নাই নাযায় তাই, ইয়াৰ লগত কোনো পধ্যেই যাব নোৱাৰে তাই। জুপিয়ে গম পালে জোকাব। এনেও তাই মাজে মাজে তাৰ কথা কৈ তাইৰ কাণ ঘোলা কৰে। নিজৰো সন্মানৰ কথা আছে। কিন্তু সি গাড়ীৰ দৰ্জা ইতিমধ্যে খুলি দিলেই। তাৰোটো সন্মান আছে। 


     চহৰৰ মাজ মজিয়াত এনেদৰে গাড়ী ৰখাই যদি তাক নাযাওঁ বুলি ঘূৰাই পঠিওৱা হয় সি লাজ নাপাব নে? তাইয়োটো লাজ পাব। ইফালে ৰিক্সা অহাৰ উমানেই নাই। আকৌ এবাৰ নাযায় বুলি কৈ চোৱা যাওক। যদি এইবাৰো জোৰ কৰে তেন্তে যাম। উপাই নাই।


__ নালাগে মই পাৰিম।


__ আহা আহা একো নহয়।


      বহি ল'লে তাই ঋষিৰ কাষৰ চিতটোতে।

অনিচ্ছা থকাৰ সত্ত্বেও তাই ঋষিৰ ইটোৰ পাছৰ সিটো প্ৰশ্নৰ উত্তৰ দি আছে। লাজ লাগিছে তাইৰ। দুবছৰৰ আগত ঋষিক তাই কিবা কথা এটাত এদিন গালি পাৰিছিল। আৰু আজি নিবিছৰাকৈ ঋষিৰ সহায় ল'ব লগা হৈছে। ছিঃ ছিঃ! লাজতে তাইৰ ক'ৰবাত লুকাই থাকিবলৈ মন গৈছে।


__ পালাহি।


     ঋষিকেশে কওঁতে হে তাইৰ মনত পৰিল তাই যে অফিচৰ ওচৰ পালেহি। ইমান অন্যমনস্ক হ'ব লাগে নে বাৰু তাই? আকৌ এবাৰ লাজ লাগিল তাইৰ নিজৰ ওপৰত। 


__ বাই।


     একো নোকোৱাকৈ, পাছফালে ঘূৰি নোচোৱাকৈ তাই লাহেকৈ নামি গ'ল।


__ বাই, আকৌ লগ পাম তেনে!


     এইটোৱে আকৌ কি লগ পোৱাৰ কথা কৈছে? আহিব নেকি আজি আমাৰ ঘৰলৈ জুপিৰ লগত। ঠিক নাই আহিবও পাৰে! 


     মা হঁতেও তাক বৰ ভাল পাই। নাই নাই, ঘৰলৈ যদি আহে তাই দেৰিকৈ যাব আজি ঘৰলৈ। কিন্তু মাকে সোনকালে মাতিছে আজি তাইক। উফফ! যি হয় দেখা যাব।


     ঠিকেই। সেইদিনা সন্ধিয়া ঋষিকেশ আহি সিহঁতৰ ঘৰ ওলাইছিল। আলহী বুলি মাকে ঋষিকেশ অহাৰ কথাই তাইক কৈছিল। দেউতাকৰ সন্মুখত অনিচ্ছা সত্ত্বেও বহি তাই ঋষিকেশৰ লগত কথা পাতিব লগা হৈছিল। মাজে মাজে তাৰ  চকুত চকু পৰিলে তাইৰ উশাহটোৱে উজাই আহিব ধৰে, লাজ লাগে, অসহজ অনুভৱ কৰে। শেষত পদূলিলৈকে তাই ঋষিকেশক আগবঢ়াই দিবলৈ আহিছিল.....


__ কিছুদিন ইয়াতে থাকিম চাগে, বহুত কাম আছে। লগ পাই থাকিম।


      তাইৰ উত্তৰত মৌনতা।


__ তোমাৰ নম্বৰটো পালো হেঁতেন নেকি, যদিহে বেয়া নোপোৱা? জুপিৰ পৰা ল'লো হয় কিন্তু তুমি বেয়া পোৱা বুলি হে…


__ হম…


     ফোনটো হাতত ওলিয়াই সি ৰৈ আছিল তাইৰ নম্বৰটোৰ বাবে।


__ হম লিখা, 7086758...


__ ঠিক আছে আহিছো এতিয়া বাই।


__ হমম বাই।


     ঋষিকেশ যোৱাৰ পাছত গোটেই ৰাতি তাই সাৰ পাই আছিল। মাজে মাজে ফোনটোৰ ফালে চাইছিল। ঋষিকেশৰ ফোনৰ বাবে অপেক্ষা কৰা নাছিল যদিও ভাব হৈছিল সি ফোন কৰিব বুলি। শেষৰবাৰ ফোনটো চাই তাই শুব লৈছিল, তেনেকুৱাতে অচিনাকি ফোন নম্বৰ এটা স্ক্ৰীনত জিলিকি উঠিল।


__ হেল্ল, মই ঋষিকেশ


__ হম কোৱা


     সহজভাৱেই তাই ক'লে। যেন তাৰ ফোনৰ বাবেই তাই ৰৈ আছিল।


__ শুলা চাগে?


__ নাই।


__ এইটো মোৰ নম্বৰ। তোমাক দিলোঁ। মাজে মাজে ফোন মেচেজ কৰিব পাৰিম নহয়?


__ পাৰিবা।


__ ঠিক আছে শুৱা এতিয়া। Goodnight।


__ goodnight।


     ফোনটো কাটিব লওঁতেই আকৌ সি কৈ উঠিল।


__ আৰু শুনা। কাইলে লগ পাম নেকি?


     আজি অলপ আগত লগ পাইছিলো হে, আকৌ কাইলৈ লগ পাবৰ মন নাছিল তাইৰ, একেবাৰেই মন নাছিল। তথাপিও তাই না কৰিব নোৱাৰিলে।


__ ঠিক আছে। ফোন কৰিম মই।


__ অফিচ ছুটি হোৱাৰ পাছত ৰৈ থাকিবা তাতে, মই গৈ লৈ আনিম তোমাক।


__ হ'ব।


     Disconnect  হৈ গৈছিল ফোনৰ লাইন।


     পিছদিনা এখন ৰেষ্টোৰাত আবেলি লগ হ'ল দুয়ো। ক্ষন্তেক মৌনতাৰ পাছত ঋষিকেশে আৰম্ভ কৰিলে।


__ কিয় ইমান উদাস উদাস কৈ থাকা?


__ হা, ক'ত?


       চক খাই গৈছিল তাই ঋষিকেশৰ প্ৰশ্নত।


__ কিবা প্ৰব্লেম হৈছে যদি ক'ব পাৰা। শুনিবলৈ ৰেদি আছোঁ।


     নাৰ্ভাচ হৈছে নেকি তাই? গাত গৰম উঠিছিল তাইৰ।


__ নাই নাই একো প্রব্লেম নাই।


__ তেন্তে এইদৰে নাথাকিবা বেয়া লাগে দেখি।


    ক'তা, ২৬ বছৰে হ'বৰ হ'ল। তাই এনেকৈ কিয় থাকে, কোনেওটো নোসোধে? কোনেওটো বেয়া লাগিছে নকয়। কিন্তু ঋষিকেশে?


__ মই গৈ থাকো নেকি? দেউতাৰ দৰৱ নিবলৈ আছে।


     কথাটো সলাই দিছিল তাই।


__ সন্ধিয়া হ'ল, এতিয়া নালাগে অকলে যাব। মই দৰৱ আনিয়ে থৈছোঁ গাড়ীত আছে।


__ তুমি কেনেকৈ জানিলা?


__ কিয়? কালি যাওঁতে দেউতাই কৈছিল নহয় বেমাৰৰ কথা। দৰৱবোৰ বোলে শেষ হৈছে।


     একেবাৰেই ভবা নাছিল তাই, ঋষিকেশে যে দৰৱৰ কথাটোও মনত ৰাখি থব। তাইৰ ভাল লাগিছিল তাক সেইদিনা প্ৰথমবাৰৰ বাবে।


__ ইয়াত মাৰ দৰৱ দুটামানো আছে। মই বেলেগকৈ দিছোঁ চাই ল'বা। মাৰ বিশেষ বেমাৰ নাই যদিও ভিটামিনৰ দৰৱ দিছোঁ। তেওঁক দি দিবা।


     হয়, তাইৰ মাকৰ তেনেকুৱা একো বেমাৰ নাই। আৰু নাই বাবেই তাই আজিলৈ মাকলৈ একো দৰৱ নিয়ে নাপালে। কিন্তু ঋষিকেশ...!


__ ইমান খিনি সহায়ৰ প্ৰয়োজন নাছিল। তথাপিও thank you।


     নোৱাৰিলে তাই স্পষ্টকৈ ক'ব, শব্দবোৰ মুখলৈ আহিও ক'ৰবাত ৰৈ গ'ল।


__ ঠিক আছে মই গৈ থাকো তেন্তে।


__ ৰ'বা,, মই থৈ আহো।


     না নকলে তাই। যাওঁতে মাজে মাজে তাই শিঁহৰিত হৈছিল। আন্ধাৰৰ মাজত চুৰকৈও তাই ঋষিকেশক চাব পৰা নাছিল। আৰু ঋষিকেশে! আন্ধাৰ বাটটো নিৰাপদে নি থৈ আহিছিল তাইক ঘৰত। 


__ বাই, ভালকৈ যাবা।


     ক'ব নোৱাৰাকৈ শেষৰ শব্দকেইটা তাইৰ মুখৰ পৰা ওলাই গৈছিল।


     ৰাতি বহু দেৰিলৈ ফোনত কথা হৈছিল সিহঁতৰ। তাৰ পাছত কথাবোৰ সদায়লৈ অভ্যাসত পৰিণত হৈছিল। দুয়োটাৰ মাজত থকা দূৰত্ব লাহে লাহে নোহোৱা হৈছিল যদিও ক'ৰবাত তাই সহজ হ'ব পৰা নাছিল।


     অফিচত ছুটি পোৱা সময়কনত প্ৰায়ে কথা হয়। তাই বেয়া পাই সদায় মানুহৰ লগত ফোনত কথা পাতিবলৈ কিন্তু ঋষিকেশক না বুলি কব পৰা শব্দটো তাইৰ মুখেৰে নোলাই। 


     আজি অফিচৰ পৰা অলপ সোনকালেই আহিল তাই। মনটো ভাল নহয়, ইয়াৰ কাৰণ তাই নিজেও নাজানে। ফোনটো ওচৰতে পৰি আছে। আজি দুদিন ধৰি ঋষিকেশে ফোন কৰা নাই, লগো পোৱা নাই। তাৰ লগত ফোনত কথা পাতিবলৈ তাই বেয়া পাই সঁচা, কিন্তু এই দুদিন সি ফোন নকৰাত তাইৰ কি হৈছে?


     ঋষিকেশক তাই অলপো ভাল নাপায়। হলেও সি ওচৰত থাকিলে তাই এক বেনামী অনুভৱত আন্দোলিত হৈ উঠে। লাহে লাহে এই বেনামী অনুভৱে তাইৰ হৃদয়ত এক নামেৰে থিতাপি ল'বলৈ ধৰিছে। 


     প্ৰেম! হয় তাই প্ৰেমত পৰিছে। নাজানে তাৰ অনুভৱ কেনে? তাৰ স্বভাৱ কেনে? মাত্ৰ তাই বুজিছে তাই প্ৰেমত পৰিছে, তাই ভাল পাবলৈ ধৰিছে ঋষিকেশক। এই কেইদিন তাইৰ লগত হোৱা কিছুমান পৰিবৰ্তন তাই নিজেও লক্ষ্য নকৰা নহয়। চিন্তাৰ ৰেখাবোৰ আজিকালি তাইৰ মুখত দেখিবলৈ পোৱা নাযায়। 


     বিশেষকৈ ঋষিকেশৰ ওচৰত থাকোতে। চকুত কাজল, ওঁঠত লিপষ্টিক নিজকো আজিকালি সজাবলৈ লৈছে তাই। ধুনীয়াও দেখে। কোনোবাই কৰবাত কোৱা শুনিছে প্ৰেমত পৰিলে হেনো মানুহ ধুনীয়া হয়।


     কৰোঁ নকৰোঁকৈ তাৰলৈ ফোন এটা লগালে।


__ হেল্ল' শৰ্মিষ্ঠা, মই অলপ বিজি আছোঁ। - কাটি দিলে সি ফোনটো।


     কিহত ইমান বিজি? একো এটা নোকোৱাকৈ যে কাটি দিলে। বেছি ফোন কৰা যেন পাইছে নেকি। অলপ পাছতে ঋষিকেশৰ মেচেজ আহিল।


"কাইলৈ লগ কৰিম সোনকালে ওলাই থাকিবা।"


 __ "নকৰোঁ লগ। কিহৰ কাৰণে তোমাক লগ কৰিম?"


     খং নে অভিমান তাই বুজিব নোৱাৰিলে। মেচেজটো টাইপ কৰিও আকৌ তাই কাটি দিলে।


     পাছদিনা আবেলি ঋষিকেশক লগ নকৰোঁ বুলিয়ে তাই সোনকালে অফিচৰ পৰা ওলাই আহিছিল। পিছে সি তাইৰ অফিচৰ ওচৰত ৰৈয়ে আছিল। তাক নিৰাশ নকৰোঁ বুলিয়ে তাই গাড়ীৰ পাছৰ চিতটোত বহি ল'লে। ঋষিকেশে আইনাখন তাইৰ ফালে ঘূৰাই লওঁতেই চকুত চকু পৰি তাইৰ গাল দুখন তপত হৈ উঠিছিল।


     সুধিব মন গৈছিল তাইৰ,


__ কিয় ফোন কৰা নাছিলা?


__ কিয় মই একো ক'বলৈ নাপাওঁতেই ফোনটো কাটি দিছিলা?


__ ইমান কিহত বিজি আছিলা?


     গোটেই খং, অভিমান যেন তাই তাক উজাৰি দেখুৱাই দিব। কিন্তু তেনেকুৱা একো নহ'লে বৰঞ্চ নীৰৱতা ভংগ কৰি ঋষিকেশে আব্দাৰ কৰি কৈ উঠিল, 


__ মুড বেয়া যে আজি?


     একো নক'লে তাই। 


__ শৰ্মিষ্ঠা, কথা এটা সোধো?


     গাড়ীখন ফাঁচী বজাৰৰ ওচৰৰ উন্মুক্ত ঠাইখিনিতে ৰ'ল গৈ।


__ মই তোমাৰ পছন্দ হৈছোঁ নে?


   ই আকৌ কি সুধিছে এইবোৰ? তাইৰ বুকুখনে ধক্ ধক্ কৰিব ধৰিছে, জোৰেৰে। ঋষিকেশে অনৰ্গলভাৱে কৈ গ'ল।


__ মই জানো শৰ্মিষ্ঠা তুমি যে সহজতে মানুহ পছন্দ নকৰা। বিশেষকৈ গোটেই জীৱনৰ কাৰণে। অচিনাকি ল'ৰা, কেনেকুৱা বা হ'ব? মনৰ মিল আছে নে নাই বা? তুমি বা কেনেকুৱা পোৱা? কিন্তু মই এটা কথা ক'ব বিচাৰো।


     ঋষিকেশে তাইৰ হাত খন মুঠি মাৰি ধৰিলে। 

এইয়া কেনেধৰণৰ অনুভৱ? এক অজান আৱেগে এপলকৰ বাবে তাইক জোঁকাৰি গ'ল।


__ মই তোমাক বিচাৰো শৰ্মিষ্ঠা। মই জানো তুমি অকলশৰীয়াকৈ গোটেই জীৱন পাৰ কৰিবা কিন্তু তোমাৰ সেই অকলশৰীয়া জীৱনত মই সংগ দিব বিচাৰো as a life partner. তোমাক আগৰ পৰাই মোৰ ভাল লাগে কিন্তু ক'বলৈ ভয় লাগিছিল, যাৰ বাবে মই তোমাক হেৰুৱাই পেলালো বুলিয়ে ধৰিছিলো। কিন্তু ভাগ্যই মোক তোমাক আকৌ মিলাই দিলে। তুমি কি কোৱা? যদি মই তোমাৰ যোগ্য নহয় বুলি ভাবা তেন্তে কোৱা মোৰ অলপো তাত আপত্তি নাই।


     বহু নীৰৱতাৰ অন্তত তাই মুখ খুলিছিল।


__ হয়, তুমি ঠিকেই ভাবিছিলা। মই জীৱনটো অকলেই পাৰ কৰিম বুলি ভাবিছিলো, কিন্তু ছোৱালীৰ জীৱনত সেইয়া ভাব কিঞ্চিৎ হে, সম্ভৱ হয়। তোমাক চিনি পাওঁ কিন্তু কেতিয়াবা যে এই সময় খিনিলৈকে আহিম কল্পনা কৰা নাছিলোঁ। তোমাক পোৱাৰ পাছৰে পৰা মোৰ জীৱনটো ক'ৰবাত কিবা সলনি হ'বলৈ ধৰিছে। আজিকালি নিজক ভাল লাগে আৰু ভাল লগা আঁৰতেই হৈছা তুমি। প্ৰথমতে জনা নাছিলোঁ যে প্ৰেম হ'ব কিন্তু হৈ গ'ল। প্ৰেম কৰা নাযায়, অজানিতে হৈ যায়। আৰু মোৰো একেই হল। মই প্ৰেমত পৰিছো তোমাৰ, তোমাৰ ভিতৰৰ পুৰুষ জনৰ।


     ওঁঠ দুটা কঁপি উঠিছিল তাইৰ। ঋষিকেশৰ বাহু বন্ধনত সোমাই পৰিছিল তাই সৰু ছোৱালী এজনীৰ দৰেই। 


     হয়, আজি তাইৰ প্ৰয়োজন হৈছিল এজন পুৰুষৰ। যাৰ দুবাহুত তাই সোমাই পৰিব পাৰে, মুখ লুকুৱাই কান্দিব পাৰে। সেইয়া তাই পালে ঋষিকেশক প্ৰেমিক হিচাপেও, স্বামী হিচাপেও।


-----সমাপ্ত-----


✍️             
✍️           

আধৰুৱা স্মৃতি -
      Read Now:

মই সলনি হৈ পৰিলো মা -
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ -
           Read Now:

অপৰাহ্ন -
প্ৰেম কৰা নাযায়, অজানিতে হৈ যায়


An Assamese Emotional
Short Story
Heart Touching Assamese Love Story
Sad love Story In Assamese
"Afternoon- Love does not
happen, it happens
Unknowingly"
Written By
Snigdha Bora
The Lession Of Story
SARMISTHA SARMA
Daily Assamese Status

Jonak Axom ৰ ছোৱালীজনী
প্ৰেম কৰা নাযায়, অজানিতে হৈ যায়

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment