আনে যোৱা বাটে নোযোৱা ছোৱালীজনী | এটা সঁচা ঘটনাৰ আঁৰৰ কাহিনী | চুটি কাহিনী | Ane Juwa Bate Nujuwa By Riti - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আনে যোৱা বাটে নোযোৱা ছোৱালীজনী | এটা সঁচা ঘটনাৰ আঁৰৰ কাহিনী | চুটি কাহিনী | Ane Juwa Bate Nujuwa By Riti

আনে যোৱা বাটে নোযোৱা

ছোৱালীজনী


: আচ্ছা, ক'চোন কি ফেয়াৰৱেল গিফ্ট দিওঁ তোক?


: এৰাতি মোৰ লগত কটাবি? মানাহ গৈ আহো ব'ল, যাবি?


: পাগল হৈছ নেকি?


: ইমান ৰিয়েক্ট কৰিছ যে? তোৰ লগত শুব খোজা নাই, বচ্… এৰাতি তৰাভৰা আকাশৰ তলত বহি তোৰ লগত প্ৰাণভৰি কথা পাতিব খুজিছো। জোৰ নকৰো। কাৰণ মই জানো তই যে মোক ভাল পাওঁ, কিন্তু মইযে প্ৰতিদান দিবলৈ অপাৰগ!


: লেকচাৰ বন্ধ কৰ, তোক ভাল পাওঁ তাত প্ৰব্লেম? তই গিল্টি ফীল কৰাৰ কথা নকবা। মই যাবলৈ ৰেডি, পিছে কোনোবাই তোৰ ওপৰত আঙুলি উঠালে ভাল নালাগিব মোৰ।


: আঙুলি মোৰ নহয়, যদি তোৰ গাত উঠে??


: উঠাৱক… মই কোন দিনা পাত্তা দিছোঁ? দেউতা আৰু দাদাৰ মনত মই কেতিয়াবাৰে পৰা বেয়া ছোৱালী। বাকী সমাজৰ কথা জীৱনত ভাবি পোৱা নাই। তই ৰেডি যদি আই.বি বুক কৰো মই এতিয়াই।


     সঁচাকৈয়ে আই.বিত ৰুম বুক কৰিছিল লগালগ ৰীতিয়ে। এয়াই স্বভাৱ তাইৰ, ভবাৰ লগে লগেই কামটো কৰিবই।


     আৰু এয়া আমি বহি আছো হাতত শ্বেম্পেইনৰ গ্লাছ লৈ শৰতৰ মোহনীয়া জোনাকৰ তলত। আই.বিত ৰুম লৈছো যদিও নদীৰ পাৰতে বহি আছো এই ৰাতিখনো।


অনৰ্গল কিবাকিবি কৈ থকা ৰীতিলৈ ৰ লাগি চাই ৰৈছো।


ৰীতি?

     কি ভাবি মাক-দেউতাকে তাইৰ নামটো ৰাখিছিল বা?


     তাইৰ নিচিনা বহেমিয়ান ছোৱালীজনীৰ নাম ৰীতি !!


     মাকে নিশ্চয় ৰখা নাছিল, দেউতাকেই নামটো ৰাখিছিল চাগে! তাই এদিন নিজ মুখেৰে জনাইছিল মোক,

"মাকৰ কি মৰ্য্যদা দেউতাকৰ ঘৰখনত?"


     এজনী কাম কৰা মানুহ বা বাচ্চা জন্ম দিয়া মেচিনতকৈ বেছি কিবা আছে বুলি কেতিয়াও ভবা নাছিল মাকক তাইৰ দেউতাকে। সৰুৰে পৰা দেখি আহিছিল যে মাকে কোনো এটা সিদ্ধান্ত দেউতাকৰ সন্মতি অবিহনে ল'ব নোৱাৰে।


     দাদাকৰ সন্মুখত ৰীতিকো বেছি গুৰুত্ব দিয়া নাছিল দেউতাকে। এইবোৰ কাৰণতে জেদী হৈ পৰিছিল চাগে তাই!


     বৰপেটাৰ এম.চি কলেজৰ পৰা ইংৰাজীত মেজৰ লৈ বি.এ পাছ কৰোতেই তাইৰ বিয়াৰ প্ৰস্তুতি চলাইছিল দেউতাকে। কিবাকৈ দেউতাকক ৰাজী কৰাই এম.এ কৰিবলৈ গুচি আহিছিল তাই গুৱাহাটী ইউনিভাৰ্চিটি লৈ। তথাপি কিন্তু দেউতাকে ল'ৰা চাবলৈ বাদ দিয়া নাছিল।


     ইউনিভাৰ্চিটিতে প্ৰথম লগ পাইছিলো তাইক। বন্ধুত্ব হৈছিল আমাৰ মাজত। লাহে লাহে প্ৰেমত পৰিছিলো, সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ ভাল পোৱা বহেমিয়ান ছোৱালীজনীৰ সৈতে। বন্ধুত্ব প্ৰগাঢ় হোৱাৰ পিছত অকপটে জনাইছিলো মনৰ ভাৱ।


: ৰীতি, তোৰ প্ৰেমত পৰিছোঁ মই !!


: না না… পাগল হৈছ তই, নোৱাৰিম মই ভাল পাব।


     একেআষাৰে মানা কৰিছিল তাই। প্ৰেমৰ বান্ধোন, বিয়া-বাৰুৰ ওপৰত আস্থা নাই তাইৰ। মাকৰ অৱস্থা দেখি ডাঙৰ হোৱা ছোৱালীজনী বিয়া নামটো শুনিলেই বিতুষ্ট হৈ পৰিছিল।


     কিন্তু এদিন আচৰিত ভাৱে মোৰ প্ৰতি থকা অনুৰাগক স্বীকৃতি দিছিল তাই। ভাল পাই মোক, কিন্তু সামাজিক বান্ধোনৰ বাবে প্ৰস্তুত নহয় তাই।


: ভাল মইয়ো পাওঁ অ' তোক, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই তোমাৰ লগত সামাজিক বান্ধোনেৰে মিলন হম। যদি আপত্তি নাই, থাকিব পাৰ?


: ঠিক আছে ৰীতি, তই যেনেকৈ বিচাৰো মই ৰাজী...




     জোৰ কৰা নাছিলো মই। ভাল পাইছিলো তাইক অন্তৰেৰে, আজিও পাওঁ। কিন্তু তাইৰ ভৰিত শিকলি লগাই তাইক মোৰ ওচৰত ৰাখিবলৈ চেষ্টা নকৰিলো।


     ফাইনেল ইয়েৰত থাকোতেই বিয়াৰ কাৰণে জোৰ দিছিল তাইক ঘৰৰ পৰা।


     দেউতাকৰ বন্ধুৰ ল'ৰা। বৰপেটাৰ প্ৰতিষ্ঠিত সুখ্যাত ঘৰৰ একমাত্ৰ সন্তান। দেখাতো হিন্দী চিনেমান হিৰ', তথাপি নামানিলে তাই। শেষত দেউতাকে পইছা পঠোৱা বন্ধ কৰিলে।


     হাৰ মনা ছোৱালী কেতিয়াও নাছিল তাই। পাৰ্ট টাইম চাকৰি এটা যোগাৰ কৰি এম.এ টোও কমপ্লিট কৰিলে লগতে জাৰ্নেলিজমো।


     দেউতাকে এদিন তাজ্যপুত্ৰী ঘোষণা কৰিলে, তাইও ঘূৰি নাযাও বুলি ফেপেৰি পাতিলে।


     ঘৰ এৰাৰ চাৰিবছৰ পিছত মাত্ৰ এবাৰ গৈছিল তাই। নিথৰ মাকৰ দেহটো শেষবাৰৰ কাৰণে চাবলৈ। কিন্তু ওচৰৰ পৰা চাবলৈ নাপালে তাই মাকক। দেউতাকৰ কথাত দাদাকে হাতত ধৰি বাহিৰ কৰি দিছিল তাইক।


     মই আছিলো তাইৰ কাষতে সেইদিনা। দূৰৰ পৰাই শ্মশানত মাকৰ চিতাৰ ফালে চাই সেৱা জনাইছিল। শ্মশানৰ পৰা গুৱাহাটী ঘূৰি অহালৈ এটা শব্দও মতা নাছিল তাই।


     কেৱল তাইৰ ভাৰাঘৰৰ সন্মুখত মই গাড়ীখন ৰখাওতে কৈছিল,


: ভালেই হ'ল ন ঈশান? মায়ে মুক্তি পালে নৰকৰ পৰা !!


     ভাৱলেশহীন মুখেৰে নামি গৈছিল গাড়ীৰ পৰা। পিছদিনা তাইক দেখি বুজিছিলো ওৰে ৰাতি কান্দিছিল তাই।


     মাকৰ শ্রাদ্ধৰ দিনা শুক্ৰেশ্বৰত দুখীয়াবোৰক  দান দিবলৈ গৈছিল। মন্দিৰৰ চিৰিত বহি বহুদেৰি ব্ৰহ্মপুত্ৰলৈ চাই ৰৈছিল তাই, আৰু মই চাই ৰৈছিলো মোৰ প্ৰিয় বহেমিয়ান ছোৱালীজনীক।


     দুদিনমান গহীন হৈ থাকি স্বাভাৱিক হৈছিল আকৌ তাই। আগবাঢ়িছিল আমাৰ জীৱন।


     কলেজত সোমাইছিলো মই। তাই নিউজ চেনেলত ফটো জাৰ্নেলিষ্ট। বিদেশী NGO ৰ লগত লগলাগি 'ৱাইল্ড লাইফ ফটোগ্ৰাফী" কৰাও আৰম্ভ কৰিছিল তাই। আৰু আজি ভাল সুবিধা পাইছে সেই NGO ৰ জৰিয়তে। আমেৰিকাত বিখ্যাত ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ গ্ৰুপ এটা জইন কৰিবলৈ অহা সপ্তাহত উৰা মাৰিব তাই।


     সেয়ে তাই বিচৰা ফেয়াৰৱেল দিবলৈ এই ৰাতিখন মানাহৰ পাৰত বহি জোনাকৰ তলত শেষবাৰৰ কাৰণে একেলগে বহিছোঁ দুয়ো। একেথিৰে ৰ' লাগি চাইছোঁ তাইক।



     শেষবাৰ?

     অ'... শেষবাৰ।

     আকৌ কেতিয়া আহিব তাই কোনে জানে?

     আহিবনে নাই কোনে জানে?

     আৰু আহিলেও মোৰ জীৱনত জানো

     তাই একেই থাকিব ??


     ঘৰত বিয়াৰ কাৰণে জোৰ কৰিব ধৰিছে মায়ে। ভন্টিৰ বিয়াৰ পিছত মা অকলশৰীয়া হৈ পৰিছে।


     মায়ে জানে ৰীতিৰ কথা। ৰীতিক বেয়া নাপালেও বোৱাৰী হিচাপে কেতিয়াও বিচৰা নাছিল মায়ে। বুজি পাওঁ মই তথাপি মাক দোষ নিদিও।


     নিজ পছন্দৰ বোৱাৰী সব মাকেই আশা কৰে। আৰু ঠিক তেনেকৈ ৰীতি কেতিয়াও মাৰ চকুত পছন্দৰ নাছিল। সেয়ে তাই যাবলৈ ওলোৱা বুলি শুনি ভালেই পাইছে, মই জানো।


     উঠিপৰি ছোৱালী চোৱাত লাগিছে মোৰ কাৰণে। আজি নহ'লেও বিয়াতো পাতিবই লাগিব, সেয়ে মানা কৰা নাই মইও।


    ৰীতিয়েও গম পাই কথাবোৰ। নাজানো কথাবোৰে কি প্ৰতিক্ৰিয়া কৰিছে তাইৰ মনত। তাইক চাই বুজিবও নোৱাৰোচোন!


: ঈশান… কি ভাবি আছ?


     তাই গাত জোঁকাৰি দিওতেহে তন্দ্ৰা ভাঙিছে মোৰ। খপজপাই কৈ উঠিলো,


: নাই… ৰাতিটো ইমান ধুনীয়া, হেৰাই গৈছো মই।


: জানো ক'ত হেৰাই গৈছ তই, ইমানখিনি বুজি পাওঁ তোক। শুন… আগবাঢ়ি যা তই… মোলৈ ঘূৰি নাচাবি কেতিয়াও… ছোৱালী চাবলৈ গৈ মোৰ বকলা নেমেলিবি আকৌ।


: মোৰ চিন্তা বাদ দে… তই যা নিজৰ সপোন পূৰ কৰ।


: মোৰ যে বেয়া লাগিব তই আগ নাবাঢ়িলে, তোৰ মাৰ আশা বুজি পাওঁ মই।


: উফ… বন্ধ কৰ তোৰ ভাষণ। ভাল পাওঁ তোক, নিশ্চয় আগবাঢ়িম নিজৰ জীৱনত।


: ভালতো মইও পাওঁ তোক, কিন্তু…!!


: জানো তই বান্ধোন বেয়া পাওঁ, প্ৰথম দিনাই তই কোৱা নাছিলি জানো? সেয়ে মই কেতিয়াও বান্ধোনত ৰাখিব নোখোজো তোক। তোৰ ডেউকাৰ শিকলি নহৈ তোৰ সাহস হ'ব খোজো সদায়।


: হয়েই তই মোৰ সাহস। আজি নিজৰ সপোন পূৰাবলৈ সাত সাগৰ তেৰ নদী পাৰ কৰিবলৈ ওলাইছো কেৱল তোৰ প্ৰেৰণাত। কিন্তু তোক যে একো দিব নোৱাৰিলো মই...


: আমাৰ এই বন্ধুত্বৰ সম্পৰ্কত লেনদেন আনিছ কিয়? বাদ দে… বেলেগ কথা পাতো আহ, তোৰ প্লেনিংবোৰ কচোন, কেনেকৈ ক'ত গৈ থাকিবি!


    বুকুৰ বিষ লুকুৱাবলৈ চেষ্টা কৰিছিলো মই। নাজানো কিমান সফল হ'লো।


    তাই কৈ গৈছিল, মই শুনি গৈছিলো। এটি এটি মুহূৰ্ত্তৰ স্মৃতি প্ৰাণভৰি সুমোৱাই লৈছিলো মোৰ হৃদয়ৰ মণিকোঠাত।


     আৰু জীৱনত পাম জানো এনে এটা নিভৃত ৰাতি মোৰ প্ৰেমৰ লগত? সাঁচি লৈছিলো তাইৰ মিঠা মিঠা ক্ষণবোৰ জীৱনৰ বাবে।


     শেষ ৰাতিলৈ ঠাণ্ডা পৰিছিল, মোৰ জেকেটটো মেৰিয়াই দিছিলো তাইৰ গাত। তাইৰ পাতল শ্বলখন মই লৈছিলো।


     গুচি গৈছিল ৰীতি পিছৰ সপ্তাহত। এয়াৰপোৰ্টলৈ আগবঢ়াই দিবলৈ গৈ কিবাকৈ ৰখাইছিলো মোৰ দুচকুৰে বৈ আহিব খোজা বন্যাজাকক।



ল'ৰাই কান্দে জানো?

     তাই বেগটো ডিক্কিৰ পৰা নমাই কৈছিলো,


: গৈ পাই খবৰ দিবি, নতুন নাম্বাৰ লৈ জনাবি।


: ওহো… নজনাও।


: মানে?


: মানে মই আৰু একো আউল লগাব নোখোজো তোৰ জীৱনত। বেয়া নাপাবি… কোনো সংযোগ নাৰাখো তোৰ লগত। তোৰ হ'বলগীয়া পত্নীৰ অশান্তিৰ কাৰণ হ'ব নোখোজো মই।


     মই কিবা কোৱাৰ আগতেই জোৰকৈ সাৱটি ধৰিছিল তাই মোক। বচ্… এক মুহূৰ্ত্তৰ কাৰণে চাগে। লগালগ ঘূৰি এয়াৰপোৰ্টৰ ভিতৰলৈ সোমাই গৈছিল তাই।


     সঁচাকৈয়ে এবাৰো ঘূৰি চোৱা নাছিল তাই।


     কিন্তু তাইৰ দুচকু ভৰি উঠাৰ উমান পাইছিলো মই। মোৰো ভৰি উঠিছিল যে চকুযোৰ। ঘৰ ঘূৰি আহি ওৰে ৰাতি কান্দিছিলো মই। গম পাইছিল পিছদিনা মায়ে চাগে মোৰ চকু দেখি কিন্তু এইবোৰ একো সোধা নাছিল।


     সেয়া সাত বছৰ আগৰ কথা। যোৱা সাত বছৰত তাইক দেখাতো দূৰৰ কথা, মাতো শুনা নাছিলো।



পাচমিনিট আগলৈ…

পাচমিনিট আগতে মৌৱে বেডৰুমৰ পৰা ফোনটো আনি দি কৈছিল,


: পাপা… তোমাৰ ফোন, কোনোবা ৰীতি আন্টি বোলে...


     বুকুখন ধককৈ উঠিছিল মোৰ। কিবাকৈ ফোনটো লৈ মাত দিছিলো,


: হেল্লো...


     ইথাৰৰ তৰঙ্গই কঢ়িয়াই আনিছিল তাইৰ মাতটো।


: ঈশান...


: ৰীতি… ভালে আছ? ক'ত আছো এতিয়া?


: এইমাত্ৰ গুৱাহাটীত নামিছো...


: তই অসমত?


: উম… কাজিৰঙাৰ ফটোশ্বুট কৰিব আহিছো টিমৰ লগত। তোক ফোন নকৰাকৈ নোৱাৰিলো। তোক লগ ধৰিবলৈ বৰ মন গৈছে। তোৰ সংসাৰখন চাবলৈ গ'লে বেয়া পাব নেকি তোৰ ৱাইফে?


: ওহো… তাই তেনেকুৱা নহয় একেবাৰে, বুজি পায় মোক। কেতিয়া আহিবি?


: এতিয়া চিধা কাজিৰঙা গৈ আছো, এসপ্তাহৰ প্ৰোগ্ৰেম। ঘূৰি আহোতে সোমাম যদিহে তহঁতৰ অসুবিধা নহয়!


: ৰৈ থাকিম আমি।


: আচ্ছা… বাই, লগ পাই কথা পাতিম।


    ফোন থৈছিল তাই। চিন্তাত পৰিছিলো মই।


     তাই মোৰ ঘৰলৈ আহিলে সঁচাকৈ অসুবিধা

     একো নহ'ব জানো?

     বেয়া হ'ব নেকি কথাটো?

     তাই বেয়া পোৱা কিবা হয় যদি?


     দুদিনমান আৰু একো ফোন নাছিল তাইৰ। মইও নকৰিলো।


     আজিও কলেজত দুটা চাবজেক্ট শিকাই থৈ আহিয়ে বাগৰি আছো মৌ'ক সাৱটি। টিভিত জুবিনৰ গানৰ প্ৰোগ্ৰেম চলি আছে। মৌ টোপনিত লালকাল, মোৰহে চকু মুদ খোৱা নাই।


     কলিংবেল বাজিছে। কাম কৰা লক্ষী বাইদেউৱে গৈ দুৱাৰ খোলা গম পাইছো। বুকুখন ধপধপাইছে মোৰ… নিশ্চয় ৰীতি। মৌ'ক লাহেকৈ আঁতৰাই ওলাই গ'লো ৰুমৰ পৰা।


     হয়… ৰীতিয়েই হয়। ইমান বছৰত অলপো সলনি হোৱা নাই। সেই পৰিচিত হাঁহিটো লৈ বহি আছে চোফাত।


     দেখাৰ লগে লগে চিঞৰিছে,


: ভালে আছ? ৱাইফ আৰু ছোৱালী ক'ত?


: বেডৰুমত… শুই আছে।


: বেয়া নাপায়তো... ধূমকেতুৰ দৰে আহি ওলালো।


     আৰম্ভ হৈ গ'ল তাইৰ অনৰ্গল কথা। মা ঢুকুৱা খবৰটো শুনি দুখ কৰিছে।


     মই লক্ষী বাইদেউক চাহৰ কথা ক'বলৈ উঠি আহোতে ৰখাইছে,


: ৰহ… চাহ পিছত খাম, আগতে তোৰ সংসাৰখন চাই লওঁ। ঘৰটো কিন্তু বেচ ধুনীয়াকৈ সজাইছে তোৰ মানুহজনীয়ে। তাইক চাবলৈ বৰ মন গৈছে, কেতিয়া সাৰ পাব? মাতিবলৈ বেয়া পাবি নেকি? আচলতে মই বেছি দেৰিৰ কাৰণে অহা নাই!


: ব'ল ভিতৰলৈ… চাবি মোৰ সংসাৰ।


     লৈ গ'লো তাইক ভিতৰলৈ। মৌ শুই আছিল ধুনীয়াকৈ।


     তাইৰ কাষতে বহি মূৰত হাত ফুৰাই মৰম কৰিছে তাইক ৰীতিয়ে।


     সোধো নোসোধোকৈ সুধিছে,


: তোৰ ৱাইফ...


: সেয়া মোৰ টেবুলত ফটো, মোৰ লগত নাথাকে তাই।


     ফটোখন চাই থৰ লাগিছে ৰীতি, মোলৈ বিস্ময়েৰে সুধিছে,




ঈশান-ৰীতি?

: এয়া কি ধেমালি ঈশান?


: ধেমালি নহয় ৰীতি, তোৰ স্থান কাকো দিবই নোৱাৰিলো। কাৰোবাৰ শিৰত সেন্দুৰ দি তোক অন্তৰত ৰাখিলে, সেয়া অন্যায় নহ'বনে তাইৰ লগত? সেয়ে নোৱাৰিলো...


: তেনেহ'লে মৌ…??


: ভন্টিৰ ছোৱালী, মৌক জন্ম দিয়েই তাই চকু মুদিলে। ভনীজোঁৱাই আৰু তাৰ পৰিয়ালৰ মূৰত মৌৰ যত্নতকৈ তাৰ বিয়াৰ কথাহে সোমাল। সেয়ে মা আৰু মই লৈ আহিলো তাইক। বেচেৰীয়ে মোকে নিজৰ পাপা বুলি ভাৱে। আৰু তোক নিজৰ মা… তোৰ ফটোখন চাই তোক মৰমো কৰে।


: কিন্তু ঈশান…!!


: একো ক'ব নালাগে ৰীতি… মই বুজি পাওঁ।

বচ্… মোৰ এটা অনুৰোধ… মৌ উঠাৰ আগতেই তই গুচি যা… বেচেৰীয়ে বুজি নাপাব। তোৰ ফটোখনত নিজৰ মাকক দেখা ছোৱালীজনীক মই কি বুলি বুজাম?


     ওলাই আহিল ৰীতি মোৰ ৰুমৰ পৰা, মইও পিছে পিছে আহিলো।


     যাবলৈ ওলোৱাত তাইলৈ চাই কৈছো,


: ক্ষমা কৰিবি মোক ৰীতি, তোক পাহৰিব নোৱাৰিলো। মানাহৰ সেই ৰাতিটোৰ স্মৃতিতে কটালো আজি ইমান বছৰ। আজিও তোৰ শ্বলখন মেৰিয়াই তোক চকু মুদি নিজৰ কাষত অনুভৱ কৰো। এই ভালপোৱা মৰালৈ থাকিব মোৰ হৃদয়ত।


     একো মতা নাই আৰু তাই। দৰ্জাখনলৈ আগুৱাই গ'ল।


     বুকুখন মোচৰ খাই আহিছে মোৰ। ইমান বছৰৰ মূৰত তাইক দেখি নিজকে চম্ভালিবলৈ বৰ কষ্ট হৈছে মোৰ।


      কিবাকৈ যদি তাই ৰৈ গ'ল হয় !


      ক'ত বুজি পাব মোৰ মনৰ কথা !!


      তাই যে মুক্ত পক্ষী !


      ইমানদিনে মোক নুবুজিলে !!



     দুৱাৰখন ওচৰ পাই জপাই দিলে তাই দুৱাৰখন ভিতৰৰ পৰা। বুজি পোৱা নাই মই... কি কৰিব ওলাইছে তাই। কিবা কোৱাৰ আগতেই দৌৰি আহি মোৰ বুকুত সোমালহি তাই। জিকাৰ খাই উঠিল গোটেই গাটো মোৰ।


     মোৰ বুকুত সোমাই উচুপিছে তাই, উচুপনিৰ মাজতেই কৈ উঠিল,


: মইও তোৰ জেকেটটোকে সাৱটি কটালো ইমান বছৰ। বৰফেৰে আগুৰা ঠাইতো এক অদ্ভুত উষ্ণতা পাইছিলো তোৰ সুবাস থকা জেকেটটোত। তোক এৰি থৈ গৈ ৰিক্ত হৈ পৰিছিলো মই। তথাপি মনক সান্ত্বনা দিছিলো যে তই সুখী নিজৰ সংসাৰত। যোৱা সাত বছৰত কিমানবাৰ সুবিধা পাইও নাহিলো অসম। এইবাৰ কিন্তু নোৱাৰিলো নিজকে ৰখাব। তোক আৰু তোৰ সংসাৰখন চাম বুলিয়েই সাহস কৰি আহি ওলালো। ভবা নাছিলো এনেকুৱা কিবা দেখিম বুলি…


      ওলাই যাব বিচৰা ৰীতিয়ে দুৱাৰ বন্ধ কৰি পুনৰ ঘূৰি আহি মোক সাৱটি ধৰি যে কিবা কব, মই অবাক হলোঁ। তাইৰ কথাত একো মাত দিব নোৱাৰিলো।


      অলপ ৰৈ আকৌ কৈছে তাই,


: বহুত উৰিলো মুকলি আকাশত, কিন্তু তোৰ নামৰ অদৃশ্য শিকলিৰ টান সদায়েই অনুভৱ কৰিছিলো। আৰু উৰিবলৈ মন নাই ঈশান… জিৰাব খুজিছো তোৰ বুকুত। দিবিনে জিৰাব মোক তোৰ বুকুত ঈশান?


: কিন্তু তই যে বান্ধোন ভাল নাপাও?


: বান্ধ খাই থাকিলোৱে চোন ইমান বছৰ গম নোপোৱাকৈ। তোৰ পৰা আঁতৰ হৈও ক'ত আঁতৰাব পাৰিলো তোৰ স্মৃতি? তোৰ হাতেৰে সেন্দূৰ পিন্ধাবি মোক? সঁচা অৰ্থত মৌৰ মাকৰ মৰ্য্যদা দিবি মোক ঈশান?


: সঁচাকৈ বিচাৰিছ তই?


: ওঁ… মই বুজি উঠিছো মৰমৰ বান্ধোন কি! নিজৰ প্ৰেমৰ হাতেৰে সেন্দূৰ পিন্ধাৰ সুখ কি! দিবি মোক সেয়া সুখ?


: অহ… ৰীতি… দিম… I love you so much.


: Oh… I love you too ঈশান।


     জোৰকৈ সাৱটি ধৰিলো তাইক, এৰি নিদিও আৰু জীৱনত। ৰীতিও ধৰিছে মোক সজোৰে সাৱটি। কিমান সময় বা দুয়ো হেৰাই আছিলো, মৌ'ৰ মাতত হে সম্বিত ঘূৰি আহিছে,


: পাপা...


    ঘূৰি চাইছো দুয়ো মৌ'লৈ। উজলি উঠিল মৌ'ৰ মুখখন ৰীতিক দেখি।


: মা… তুমি আহিলা!!


     দৌৰি সোমাই আহিল মৌ আমাৰ দুয়োৰে বুকুলৈ।


     মৌক আৱেগেৰে সাৱটি ধৰিলে ৰীতিয়ে। আৰু মই সাৱটি ধৰিলো দুয়োকে… মোৰ দুচকুৰ মণিদুটাক। মোৰ মৰমৰ কনমাণি মৌ আৰু মোৰ হেঁপাহৰ বহেমিয়ান ৰীতিজনীক।


     টিভিত জুবিন গাৰ্গৰ গান বাজি আছিল,


"আনে যোৱা বাটে নোযোৱা ছোৱালী

পোৱানে চিনি? অ' পোৱানে চিনি??"


সমাপ্ত..........


✍️ বৰ্ণালী পাঠক (ৰীতি)

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

        


এপাহি ৰঙা গোলাপ আৰু সন্ত্ৰাস
      Read Now:

ফুলশয্যাৰ দুই ভিন্ন নিশা
           Read Now:
      
নিয়তিৰ বাট আৰু আৰ্তনাদ -


আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
An Assamese Love Story
Real Love Story Ishyan & Riti
Heart Touching Assamese Love Story
Sad Assamese Love Story New
Emotional Assamese Story
Love Story In Assamese
Axomiya Story
The Girl Who Was Brought
On The Way
Written By
Barnali Pathak (Riti)
The Lession Of Story
Everyone who loves it in life, but that doesn't mean that if you want to be loved, you have to reunite with social bonds.
- RITI PATHAK
Daily Assamese Status

Zubeen Garg, Tanvika Gogoi

Alpita Kashyap

Priyam Gogoi


Tanvika Gogoi

Tanvika Gogoi

Tanvika Gogoi

Mrinali Baruah, Suvant

Barnali, Moukuhi

Barnali, Moukuhi

মেঘালী পূজাৰী

Alpita Kashyap

Alpita Kashyap

Special Thanks-
গৰিমা শইকীয়া গাৰ্গ বা,
জুবিন গাৰ্গ, মেঘালী পূজাৰী
পৰিণীতা, নন্দিনী বৰুৱা, ময়ূৰাক্ষী শৰ্মা,
মন ময়ুৰী,
Jonak Axom ৰ ছোৱালীজনী
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
Ane Juwa Bate Nujuwa Suwalijoni
ZUBEEN DA
ZUBEEN GARG FUN PAGE
"Old of Gold, Life is
Just For Entertainment"
Dialog of Zubeen Garg, Assam Club,
Mumbai, IndianMall
Pakhija Infotech
Daily Assamese Status

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment