বৈধ নে অবৈধ
কল্যাণী বৰুৱাক বিগত দুবছৰৰ পৰাই চিনি পাওঁ। বয়স প্ৰায় ৩৫ ৰ ওচৰা ওচৰি। বিবাহিতা মহিলা যদিও তেওঁৰ কপালৰ সেন্দূৰৰ ৰঙবোৰ দিনক দিনে কমি আহিছে। এইয়া আধুনিকতাৰ প্ৰভাৱ নে সেন্দুৰৰ প্ৰতি তেওঁৰ বিতৃষ্ণা মনোভাৱ মই ভালদৰে নাজানোঁ।
প্ৰতি দিনাৰ দৰে কল্যাণী বৰুৱা আজিও সন্ধ্যা উৰিয়াগাঁও চকলৈ আহিছে। মোক দেখাৰ লগে লগে শেঁতা হাঁহি এটা মাৰি নিৰ্দিষ্ট গুমটি খনলৈ সোমাই গৈ একাপ চাহ আৰু আমলেট এটা লৈ পুনৰ গাড়ীৰ ওচৰলৈ উভতি গ'ল। আমলেটতো গাড়ীৰ ভিতৰত থকা ৭ বছৰীয়া কন্যা তৰাক দি তেওঁ গাড়ীখনত আউজি চাহকাপ খোৱাত ব্যস্ত হ'ল।
মই এই দৃশ্য চাই থাকিব নোৱাৰোঁ। বহাৰ পৰা উঠি মই মোৰ চাহকাপৰ পইচা দি ৰুমলৈ উভতি আহিলো। ৰুমলৈ আহি মই একপ্ৰকাৰে অস্থিৰ হৈ পৰিলোঁ। এই ঘটনা কেৱল যে আজিয়েই হৈছে এনে নহয়। প্ৰতি দিন........ আৰু প্ৰতি দিনেই একেই।
কল্যাণী বৰুৱাই বিগত দুবছৰ মোৰ চকুৰ সন্মুখতে এনেদৰেই সন্ধ্যাবোৰ পাৰ কৰিছে। মোৰ লগত তেওঁৰ চিনাকি এক বিশেষ সূত্ৰে।
তেওঁৰ ৭ বছৰীয়া কন্যা তৰা মানসিক আৰু শাৰীৰিক ভাবে অক্ষম। নিশাৰ চিকিৎসাৰ বাবে হাবাথুৰি খাই ফুৰা সময়তে মই কল্যাণী বৰুৱাক লগ পাইছিলোঁ। বিশেষ ভাবে মই চেষ্টাও কৰিছিলোঁ কিন্তু শেষত গম পালোঁ তৰাৰ কিডনী আৰু লিভাৰ ইতিমধ্যে নষ্ট হৈ পৰিছে। শাৰীৰিক অক্ষমতাৰ বাবে ইয়াৰ চিকিৎসাও সম্ভৱ নহয়। সেয়ে মই কল্যাণী বৰুৱাক ক্ষমা খুজি তৰাৰ চিকিৎসাৰ পৰা বিৰত থাকিলোঁ।
মই সদায় ভাবো যে মই সন্ধ্যাৰ সময়খিনিত উৰিয়াগাঁও চকলৈ নাযাওঁ কিন্তু নিজকেতো বাধা দিব নোৱাৰি! মই আজিও বাইক খন লৈ ওলাই আহিলো।
সময় ৫ বাজি পাৰ হ'ল। মই নিৰ্দিষ্ট গুমটি খনৰ বাহিৰতে কল্যাণী বৰুৱাৰ বাবে অপেক্ষা কৰিব ধৰিলোঁ। আধা ঘন্টা মান পিছত তেওঁ আহি তাতেই উপস্থিত হ'ল। আজি তেওঁক আনদিনাতকৈ পলম হোৱাৰ কাৰণ সুধিবলৈ মোৰ মন গৈছিল। কিন্তু তেওঁৰ ৰঙা চকু দুটা আৰু আউলি বাউলি চুলিটাৰী দেখি মই বুজি উঠিলো যে মহেন্দ্ৰ বৰুৱাই (তেওঁৰ স্বামী) আজিও কল্যাণী বৰুৱাক শাৰীৰিক নিৰ্যাতন চলাইছিল।
মহেন্দ্ৰ বৰুৱা পেছাত নগাঁওৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। ৰাজনৈতিক প্ৰভাৱত তেওঁৰ অজস্ৰ সা-সম্পত্তিৰ মালিক। কিন্তু চাৰিত্ৰিক দিশৰ পৰা একেবাৰে নীচ।
মহেন্দ্ৰ বৰুৱাৰ কল্যাণী বৰুৱাৰ লগত বিয়া হোৱা আজি প্ৰায় ১০ বছৰ অধিক হ'ল। বয়সত কল্যাণী বৰুৱাতকৈ বহু ডাঙৰ। কল্যাণী বৰুৱাৰ পিতৃ মাতৃয়েও মহেন্দ্ৰ বৰুৱাৰ সা-সম্পত্তিত ভোল গৈ নিজৰ একমাত্ৰ কন্যা কল্যাণী বৰুৱাক জোৰ কৰি বিয়াত বহিবলৈ মান্তি কৰাই।
বিয়াৰ এমাহ পিছলৈকে সকলো ঠিকেই আছিল। কিন্তু দিন পাৰ হোৱাৰ লগে লগে মহেন্দ্ৰ বৰুৱাই নিজৰ নীচ মানসিকতাৰ পৰিচয় দিবলৈ আৰম্ভ কৰি দিলে।
কল্যাণী বৰুৱা এগৰাকী প্ৰাথমিক স্কুলৰ শিক্ষয়ত্ৰী আছিল। কিন্তু মহেন্দ্ৰ বৰুৱাৰ মতে কল্যাণী বৰুৱাই এজন নামজ্বলা ব্যৱসায়ীৰ পত্নী হোৱাৰ পিছত সাধাৰণ শিক্ষকতা চাকৰিটো কৰাৰ প্ৰয়োজন নাছিল। কল্যাণী বৰুৱাই চাকৰি এৰিবলৈ প্ৰতিবাদ কৰিছিল যদিও তেওঁৰ মাক দেউতাকেই ক'লে
"বিয়াৰ পিছত পত্নী স্বামীৰ অধীনত। স্বামীয়ে যি কয় তাকেই কৰিব লাগে।"
অৱশেষত নিজৰ মাক দেউতাকৰ পৰাও সঁহাৰি নাপাই কল্যাণী বৰুৱাই স্বামীক সন্তুষ্ট কৰিবৰ বাবেই চাকৰিৰ পৰা অব্যাহতি ল'বলৈ বাধ্য হয়।
বহুতেই কয় কল্যাণী বৰুৱাৰ সন্তান গৰ্ভত থকাৰ সময়ত মহেন্দ্ৰ বৰুৱাই সুৰামক্ত হৈ কৰা শাৰীৰিক অত্যাচাৰৰ বাবেই সন্তানটো বিকলঙ্গ হৈ জন্ম হ'ল বুলি। মহেন্দ্ৰ বৰুৱাৰ বাবে পত্নী গৰাকীৰ দায়িত্ব দিনত ঘৰৰ সমস্ত কাম কৰা আৰু নিশা হ'লে যৌন সুখ দিয়া।
মন গ'লেই মহেন্দ্ৰ বৰুৱাই তেওঁৰ বন্ধুবৰ্গক নিশা ঘৰলৈ সুৰাপান কৰিবলৈ নিমন্ত্ৰণ দিছিল। গৰ্ভৱতী কল্যাণী বৰুৱাই ওৰে নিশা সকলোৰে বাবে খাদ্যৰ যোগান ধৰিব লগা হৈছিল। ভাগৰি পৰি কল্যাণী বৰুৱা কেতিয়াবা পাকঘৰৰ পকাতে টোপনিও গৈছিল। মহেন্দ্ৰ বৰুৱাই নিচাৰ খঙত কল্যাণী বৰুৱাৰ পেটত বহুবাৰ গোৰ মাৰি টোপনিৰ পৰা জগাই দিছিল।
ইয়াৰোপৰি সুৰামত্ত বৰুৱাৰ বন্ধুবৰ্গই কেইবাদিনো কল্যাণী বৰুৱাক যৌন নিৰ্যাতন দি আহিছিল। কল্যাণী বৰুৱাই ইয়াৰ প্ৰতিবাদ নকৰা নহয়। কিন্তু মহেন্দ্ৰ বৰুৱাই ব্যৱসায়ত লোকচান হোৱাৰ ভয়ত বন্ধুবৰ্গক একো নকৈ কল্যাণী বৰুৱাক হে দোষ জাপি দিয়ে।
মাজতে কল্যাণী বৰুৱাই থানাত কথাটো ক'বৰ বাবেও ওলাইছিল কিন্তু নিজ পিতৃ মাতৃয়ে কল্যাণী বৰুৱাৰ কথাত সন্মতি নিদিলে।
কথাবোৰ ভাবি থাকোতেই মোৰ হাতৰ চাহকাপ ঠাণ্ডা হৈ পৰিল। কল্যাণী বৰুৱা ইতিমধ্যে ঘৰলৈ উলটি গৈছিল। মইও পুনৰ ৰুমলৈ উভতি আহিলোঁ। ভাত খাবলৈ মন নোযোৱাৰ বাবে বিচনাখনত পৰিলো। আজি দেখা কল্যাণী বৰুৱাৰ ৰঙা চকুযুৰি আৰু আউলি বাউলি চুলিটাৰীয়ে মোক বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে।
কল্যাণী বৰুৱাই বিবাহৰ পূৰ্বে অন্য এজন ব্যক্তিক প্ৰেম কৰিছিল। মই সেই প্ৰাক্তন প্ৰেমিক জনকো সন্ধ্যা হ'লেই উৰিয়াগাঁও চকত প্ৰতিদিনে দেখা পাওঁ।
তেওঁৰ নাম অভিজিত শইকীয়া। অৱশ্যে মই কোনোদিনেই কল্যাণী বৰুৱা আৰু অভিজিত শইকীয়াক কথা পতা দেখা পোৱা নাছিলোঁ। কিন্তু দুয়োজনৰ চকুত প্ৰেমবোৰ আজিও স্পষ্টভাৱে জিলিকি আছে।
কথাবোৰ ভাবি ভাবি যোৱা নিশা কেতিয়া টোপনি গ'লো গমকে নাপালোঁ। পুৱা শুৱাৰ পৰা উঠিয়ে মই লখিমপুৰলৈ বুলি উভতি আহিলো। ৰুমৰ পৰা ওলাই বাছত উঠি মই উৰিয়াগাঁও চকৰ চাৰিওফালে এবাৰ চালোঁ। দুদিনৰ বাবে মই লখিমপুৰত থাকিম। কল্যাণী বৰুৱা আৰু অভিজিত শইকীয়াক পুনৰ ঘূৰি আহি একেই স্থানত দেখাৰ আশাৰে মই যাত্ৰা আৰম্ভ কৰিলোঁ।
কল্যাণী বৰুৱা গৰ্ভৱতী হোৱাৰ ষষ্ঠ মাহৰ কথা। সেইদিনা নিশা মহেন্দ্ৰ বৰুৱাৰ ঘৰত সুৰাৰ পাৰ্টি চলি থকাৰ সময়ত বৰুৱাৰ দুজন বন্ধুৱে কল্যাণী বৰুৱাক পাকঘৰত অকলশৰে পাই অপদস্ত কৰিবলৈ চেষ্টা কৰিলে।
কল্যাণী বৰুৱাই বাধা দিয়াৰ চেষ্টা কৰিও দুজন পুৰুষৰ শক্তিৰ আগত হাৰ মানিছিল। কল্যাণী বৰুৱাই মহেন্দ্ৰ বৰুৱাক সহায়ৰ বাবে মাত দিছিল যদিও মহেন্দ্ৰ বৰুৱা সুৰাৰ ৰাগীত কেতিয়াবাই টোপনি গুচি গৈছিল।
উপায়হীন হৈ নিজকে বচাবলৈ কল্যাণী বৰুৱাই পাৰে মানে জোৰ দি বন্ধু দুজনৰ হাতৰ পৰা ওলাই আহিব খুজোঁতেই ভৰি পিছলি পকাত বাগৰি পৰিছিল। পিছলি পৰোতে পেটৰ এটা অংশ কাষতে থকা গেছ টেবুল খনত জোৰেৰে খুন্দা খোৱাত তীব্ৰ যন্ত্ৰনাত কল্যাণী বৰুৱাই চিঞৰিবলৈ ধৰিলে।
কল্যাণী বৰুৱাক অপদস্ত কৰিব বিচৰা বন্ধু দুজনে বিপদৰ উমান পাই লগে লগে তাৰ পৰা পলাই গ'ল। তীব্ৰ প্ৰসৱ যন্ত্ৰণাত কল্যাণী বৰুৱাই চিঞৰি চিঞৰি শেষত অজ্ঞান হৈ পৰিল কিন্তু মহেন্দ্ৰ বৰুৱাই সুৰাসক্ত হৈ থকাৰ বাবে কাষৰ কোঠাত থাকিও একো গম নাপালে।
পিছদিনা দুপৰীয়া কল্যাণী বৰুৱাই নিজকে মেডিকেলৰ কোঠাত আবিষ্কাৰ কৰিলে। কঁপা কঁপা হাতেৰে খেপিয়াই পেটটো চুই চালে। কাষতে থকা নাৰ্ছ গৰাকীৰ পৰা জানিব পৰিলে যে কল্যাণী বৰুৱাই এগৰাকী কন্যা সন্তান জন্ম দিছে।
জীৱনৰ সমস্ত দুখ যন্ত্ৰণা পাহৰি কল্যাণী বৰুৱাই বিবাহৰ পিছত সেইদিনা প্ৰথম বাৰৰ বাবে ওঁঠত হাঁহি এটা আঁকি লৈছিল। কল্যাণী বৰুৱাই আঁউসীৰ আন্ধাৰ আকাশখনৰ দৰে দুখৰ জীৱনটোত জীয়াই থকাৰ আশা হিচাপে জন্ম দিয়া কন্যা সন্তান জনীৰ নাম থলে তৰা। কিন্তু কল্যাণী বৰুৱাৰ জীৱনৰ আন্ধাৰখিনি যেন শেষ হোৱাৰ নামেই লোৱা নাছিল।
তৰাৰ জন্মৰ পোন্ধৰ মাহ মান হোৱাৰ পিছত কল্যাণী বৰুৱাই বুজি উঠিছিল যে তৰা সময়তকৈ পূৰ্বে জন্ম হোৱাৰ বাবে শাৰীৰিক আৰু মানসিক ভাৱে অক্ষম আছিল। লাহে লাহে কল্যাণী বৰুৱাৰ হাঁহিটো আকৌ নোহোৱা হৈ আহিবলৈ আৰম্ভ কৰিলে।
ইফালে মহেন্দ্ৰ বৰুৱাই তৰাৰ দৰে সন্তানৰ দেউতাক হিচাপে সমাজত পৰিচয় দিবলৈ লাজ পায় তৰাক হত্যা কৰাৰ চেষ্টাও কৰিছিল।
কল্যাণী বৰুৱাই এইবাৰ কাৰো কথা নুশুনি আইনৰ সহায় লৈ তৰাক মহেন্দ্ৰ বৰুৱাৰ হাতৰ পৰা বচাই চিকিৎসাৰ বাবে উপায় বিচাৰিছিল। মহেন্দ্ৰ বৰুৱাই আইনৰ ভয়ত যদিও তৰাক হত্যা কৰিব পৰা নাছিল তথাপিও কল্যাণী বৰুৱাক ইয়াৰ বাবে আগতকৈ বেছি অত্যাচাৰ কৰিবলৈ ধৰিলে।
কল্যাণী বৰুৱাই একমাত্ৰ তৰাৰ বাবেই মহেন্দ্ৰ বৰুৱা আৰু তেওঁৰ সুৰামত্ত বন্ধু সকলৰ সকলো নিৰ্যাতন প্ৰতিবাদ নকৰাকৈয়ে সহ্য কৰি গ'ল।
দুদিন লখিমপুৰৰ ঘৰত থকাৰ পিছত মই পুনৰ নগাওঁলৈ বুলি উভতি আহিলো। ৩ মান বজাত ৰুম পাই মই কিছুপৰ জিৰাই ললোঁ। ৫ বজাৰ লগে লগেই মই বাইকখন লৈ উৰিয়াগাঁও চকলৈ ওলাই আহি নিৰ্দিষ্ট গুমটি খনৰ সন্মুখত চাহৰ কাপটো লৈ বহিলোঁ।
অপেক্ষাৰ সময়বোৰ ক্ৰমাৎ পাৰ হৈ গৈছিল কিন্তু মই কল্যাণী বৰুৱা আৰু অভিজিত শইকীয়াক দেখা পোৱা নাছিলোঁ। মোৰ কৌতুহল বোৰ বাঢ়ি আহিল। মই অস্থিৰ হৈ পৰিলোঁ কিন্তু কল্যাণী বৰুৱা নাইবা অভিজিত শইকীয়া এজনকো দেখা নাপালোঁ। লাহে লাহে ৰাতি হৈ অহাত মই হতাশ মন এটা লৈ ৰুমলৈ উভতি আহিলো।
এসপ্তাহ পাৰ হ'ল। মই নিতৌ সন্ধিয়া উৰিয়াগাঁও চকলৈ গৈছোঁ যদিও কল্যাণী বৰুৱা নাইবা অভিজিত শইকীয়াক এসপ্তাহ ধৰি দেখা পোৱা নাই।
আজি মই মনতে সিদ্ধান্ত ললোঁ যে তেওঁলোকক যদি আজি দেখা নাপাওঁ তেন্তে যিকোনো এজনৰ ঘৰলৈ নিশ্চয় যাম। উৰিয়াগাঁও চকত ৬ বজালৈকে অপেক্ষা কৰি মই নিৰাশ হৈ পৰিলোঁ। গুমটি খনৰ দোকানী জনৰ পৰা অভিজিত শইকীয়াৰ ঘৰৰ ঠিকনাটো লৈ মই বাইকখন লৈ ওলাই আহিলোঁ।
অভিজিত শইকীয়াৰ ঘৰ পুৰণিগুদামত। মই কিছু সময়ৰ পিছতেই অভিজিত শইকীয়াৰ ঘৰৰ সন্মুখত পালোহি।
চোতালত বহুত মানুহ একত্ৰিত হৈ আছে আৰু দুজন আৰক্ষী বিষয়াও ৰৈ আছে। মোক চিনি নোপোৱাৰ বাবে সকলোৱে মোলৈ আচৰিত হৈ চাবলৈ ধৰিলে। আৰক্ষী বিষয়া এজন আগুৱাই আহি মোক মোৰ পৰিচয় সোধাত মইও সকলো বিতংকৈ জনালোঁ। আৰক্ষী বিষয়া জনে মোক ক'লে
"অভিজিত শইকীয়াই আজি ৫ দিন পূৰ্বে কল্যাণী বৰুৱা নামৰ বিবাহিতা মহিলা এগৰাকীৰ সৈতে কৰবাত আত্মগোপন কৰি আছে।"
"কল্যাণী বৰুৱা ......?"
"হয় আপুনি চিনি পায় !"
"ব্যক্তিগত চিনাকি নাই কিন্তু জানো তেওঁক ।"
মই মিছা মাতিলোঁ।
আৰক্ষী বিষয়া জনে মোক উভতি যাবলৈ কোৱাত মই পুনৰ তেওঁক প্ৰশ্ন কৰিলোঁ
"কল্যাণী বৰুৱাৰ এগৰাকী সন্তান আছে নহয় !"
"আছে নহয় আছিল।"
"মানে ?"
"ছোৱালী জনী ঢুকাল। কিমান আৰু কষ্টত থাকিব! ঢুকাল ভালেই হ'ল। মাক জনীৰো শান্তি হ'ল। অৱশ্যে মাক জনীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল। অভিজিত শইকীয়াই বাধা দি ৰখালে। এতিয়া কল্যাণী বৰুৱাই স্বামী মহেন্দ্ৰ বৰুৱাক Divorce পেপাৰত চহী কৰি দি কৰবালৈ গুচি গ'ল।"
মোৰ চকু দুটালৈ তৰাৰ মুখ খন ভাঁহি অহাত মই বৈ পৰা চকুলোক বাধা দি ৰাখিব নোৱাৰিলো। আৰক্ষী বিষয়া জনে মোক আকৌ ক'লে
"কল্যাণী বৰুৱা আৰু অভিজিত শইকীয়াই ভুল কৰা নাই বুজিছে। কল্যাণী বৰুৱাক নিজ পিতৃ মাতৃয়েও সহানুভূতি নেদেখুৱালে। তেনে অৱস্থাত তেঁওনো আৰু কৰিব কি? অভিজিত শইকীয়াইনো কেনেকৈ তেওঁক আত্মহত্যা কৰিবলৈ দিয়ে?"
"মই যাওঁ এতিয়া !"
"যাওঁক, যিমান পাৰি এই কেছটোৰ পৰা নিজকে দূৰত ৰাখিবলৈ চেষ্টা কৰিব।"
মই পুনৰ ৰুমৰ ফালে আহিব ধৰিলোঁ।
উৰিয়াগাঁও চক পাই কিছু পৰ বাইকখনতে বহি কল্যাণী বৰুৱাই তৰাক লৈ ৰৈ থকা ঠাইকনলৈ চালোঁ। এবাৰ পুনৰ অভিজিত শইকীয়াই কল্যাণী বৰুৱালৈ চাই থকা ঠাইখিনি চালোঁ।
মই জানো হয়তো ওচৰে পাজৰে থকা সকলোৱে তেওঁলোক দুজনৰ সম্পৰ্কক আজি অবৈধ্য বুলি হাঁহিছে। উত্তৰ অৱশ্যে মোৰ হাততো নাই। মাথোঁ এটা প্ৰশ্নই মোক আমনি কৰি আছে
"অভিজিত শইকীয়া আৰু কল্যাণী বৰুৱাৰ সম্পৰ্ক
বৈধ নে অবৈধ ?"
উত্তৰ বিচাৰি মই জোনাক নিশাৰ আকাশ খনলৈ চালোঁ। অচিনাকি তৰা এটা অকাশখনত আজি বৰকৈ জিলিকি আছে।
✍️ গোবিন্দ কৃষ্ণ মাধৱ
No comments:
Post a Comment