নিয়তিৰ বাট আৰু আৰ্তনাদ | ৰেহেনা পাৰভিন | Niyotir Bat | Assamese Sad Story | Heart Touching Assamese Story | Rehena Parvin | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

নিয়তিৰ বাট আৰু আৰ্তনাদ | ৰেহেনা পাৰভিন | Niyotir Bat | Assamese Sad Story | Heart Touching Assamese Story | Rehena Parvin | Daily Assamese Status


নিয়তিৰ বাট আৰু আৰ্তনাদ

     সময় আবেলি । সুৰুজ লহিয়াবলৈ আৰু কিছুপৰ আছে । সেন্দুৰী আকাশ, শীতল বতাহ, ধাননিৰ সুবাস আৰু প্ৰকৃতিৰ সুগন্ধিয়ে আবেলিৰ পৰিৱেশটো সুখময় কৰি তুলিছে ।


     নীলাকাশত উৰি ফুৰা পক্ষীবোৰেহে জীৱনৰ আচল অৰ্থ বুজি পায় । তেওঁলোকৰ গতিত বাধা নাই । সীমাহীন বাট; ইচ্ছাৰ ওপৰত স্বাধীন তেওঁলোকৰ জীৱন । কিন্তু মানুহৰ কথা !!


মানুহে কল্পনাতে হাজাৰ বাৰ থেকেচা খাই পৰে ।

     গাঁওৰ এটা দুৱৰী বনৰে ভৰপূৰ লুংলুঙীয়া বাট । এই বাটেদিয়ে গাঁওখনৰ পৰা চহৰৰ গলি এখনত গৈ পৰি ৰয় । পথাৰৰ দাঁতিত লাগি থকা বিলখনত সদায় মানুহৰ সমাগম । মাছ ধৰা আৰু বিক্ৰী কৰাৰ বাহিৰে তেওঁলোক যেন একপ্ৰকাৰ অক্ষম অন্য কামত ।


      শিক্ষিতৰ হাৰ তেনেই তাকৰ । যদিও দুই এজনে মাধ্যমিক পাছ কৰিছে তথাপি এই বিলৰ বোকা পানীত নিজকে অৰ্পণ কৰি নৱ-প্ৰজন্মক ঠেঁটু দেখুৱাইছে ।


     ছিৰাজ এই গাঁওৰে এজন দুখীয়া ঘৰৰ ল'ৰা । মাকে খুজি মাগি লোকৰ ঘৰত কাম কৰি যি দুই পইচা যোগাৰ কৰে তাৰেই ছিৰাজৰ পঢ়া-শুনা, খোৱা-লোৱা আদি কৰি কোনোমতে হাতৰ ওপৰত দিনবোৰ কটায় । ছিৰাজে এইবাৰ ডিগ্ৰী পাছ কৰিলে ।


ছিৰাজ : মা, ও মা,, ক'ত আছা তুমি?


মা : অ বোপা, কচোন ক কি হ'ল?


ছিৰাজ : মোৰ ৰিজাল্ট ভাল হ'ল মা। ফাষ্ট ডিভিছন পালোঁ ।


মা : তোৰ দেউতা থকা হলে…!!


     মায়ে দীঘল এটা হুমুনিয়াহ লৈ ছিৰাজলৈ চাই হাঁহি এটা মাৰি কলে । দেখিলে, ছিৰাজ ডিগ্ৰী পাছ কৰাৰ বাবে সিদিনা বহু ফুৰ্তিত আছিল ।


     ছিৰাজৰ ৰিজাল্ট কিমান ভাল হ'ল মাকে এইবোৰ একো বুজি নাপায় । কেতিয়াও জানিবৰ চেষ্টাও নকৰে । কিন্তু পুতেকৰ হাঁহিত তাইৰ বিশ্বজয় হ'ল বুলি মাকে মনতে ভাবি ল'লে ।


      দুয়ো মাক পুতেক নিৰন্তৰ সুখ-দুখৰ পিঞ্জৰাত আৱদ্ধ জীৱন ।


: ও মা, এম.এ টো দিব পৰা হলে খুব ভাল আছিল!!


: ও,,, এইটো দিলে কিমান টকা লাগে বোপা?


: টকা লাগিব মা বহুত, প্ৰায়....


     এনেতে মায়ে কৈ উঠে,

: ইমান টকানো কত পাম…!!


     প্ৰশ্ন নাই। মাত্ৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে ছিৰাজ । এম.এ পঢ়াৰ বহুত ইচ্ছা তাৰ । পঁজাত অহৰহ অহা যোৱা কৰে খিৰিকীৰ ফুটাবোৰেৰে সুৰজৰ কিৰণ আৰু বতাহৰ প্ৰবল তেজত নিমিষতে বালিময় হৈ যায় পঁজাৰ শুকান খেৰবোৰৰ দৰেই ছিৰাজৰ সপোনবোৰ ।


      উত্তৰ-পূব মূৱাকৈ ৰখা বাঁহৰ চাং খনতে এফালে কিতাপবোৰ খাপে খাপে আটোম টোকাৰিকৈ ৰাখিছে ছিৰাজে । আনফালে তেওঁলোক দুয়ো ৰাতিৰ ক্লান্তিত নিশাবোৰ পাৰ কৰে সেই ঠেক ঠাইটোতে ।


     মুৰত দিয়া গাৰুখন তেলতেলীয়া তেনেই মলিয়ন, কেঁথাবোৰেৰে সিক্ত হৈ পৰি আছে । যেন কোনোবা যুগত লুইতৰ পাৰ ভাগি ভাগৰি পৰা মৃত্যুদেহৰ কফন সেয়া । কিন্তু ছিৰাজে সেই কফন খনতে পিতৃ সুখৰ অনুভৱ কৰে ।


  ইফালে দেশত কৰণা'ৰ তাণ্ডব । চাৰিওফালে হাহাকাৰ… মৃত্যুৰ কিৰিলি...।


     হঠাৎ এদিন মাক টান নৰিয়াত পৰিল । হস্পিতালত লৈ যাবলৈও সাহ নাই, নিৰুপায় হ'ল দুয়ো মাক-পুতেক । ভাবি ভাবি দুদিন পাছত ছিৰাজে গাঁওৰ হস্পিতাল খনৰ তালৈ মাকক লৈ গ'ল । কিন্তু...!!


     মাকৰ কৰ'ণা পজিটিভ ওলাল । তেওঁকো সন্দেহ কৰি ১৪ দিনৰ বাবে কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হ'ল । কিন্তু নিয়তিৰ কি পৰিহাস!! পিছদিনা পুৱাই "মাক ঢুকাল" বুলি দূৰৰ পৰাই নাৰ্ছ এজনীয়ে কৈ গুচি যায় ।


     আকাশৰ বিশালতা জীৰ্ণ হৈ পৰিল ছিৰাজৰ । মূৰৰ ওপৰত সূৰ্য্য ৰূপী জীৱন টুকুৰা টুকুৰ হৈ ৰ'ল এক নিমিষতে । কভিড আক্ৰান্ত ছিৰাজে শেষবাৰৰ বাবেও মাকক এবাৰ চাব নাপালে । আনকি হস্পিতালৰ কৰ্মীয়ে সেই সুযোগ কণো নিদিলে । মানুহবোৰ পশু তুল্য হৈ গ'ল ।


     আজি সম্পূৰ্ণ নিঃস্ব ছিৰাজ । অশ্ৰুসিক্ত নয়নেৰে ওৰে নিশা ছিৰাজে আবেগৰ লগত হিয়া উজাৰি চিঞৰিছিল । কিন্তু তাক সঁহাৰি দিবলৈ কোনো নাছিল ।


    চাৰিওফালে হুৱাদুৱাকৈ সদায় মৃত্যু হয় হাজাৰ হাজাৰ মানুহৰ । কান্দোনৰ ৰোল উঠে সদায় । আৰু চকুপানীবোৰ… লুইত হৈ বৈ যায় ।


     নাই নাই, ঈশ্বৰ নাই...!!

ওপৰত কেৱল দুর্লভ আকাশ খনেই দেখি, কিন্তু তাত ঈশ্বৰ নাই ।


     পিছদিনা সূৰ্য্যোদয় হ'ল । টোপনিৰ ভাও লেশতে ছিৰাজে বিচনাৰে কাষতে লাগি থকা খিৰিকীখন মেলি দিলে । প্ৰকৃতিয়ে সুন্দৰ ৰূপত উপস্থাপন কৰিছে নিজকে । ৰ'দৰ জিলিকনি, মৃদু বতাহৰ উম তেওঁৰ গাত বাৰুকৈয়ে আহি কোবাইছে ।


     চৰাইৰ চিঁচিঁয়নি শুনিবলৈ সুৱলা । ওচৰতে এখন পুখুৰী, পানীত সৰু বৰ ঢৌ ৰদৰ পোহৰত চিকমিকাইছে । হাহঁবোৰ চৰিছে, দুই-চাৰিটা পদুমো ফুলি আছে । প্ৰকৃতিৰ মায়াবী ৰূপ দেখি তেওঁ অলপ ওঁঠ বেকেটাই হলেও হাঁহিবলৈ সাহ কৰিলে । জীয়াই থকাৰ বহুখিনি সকাহ পালে প্ৰকৃতিৰ পৰা । ঈশ্বৰ বিহীন আকাশত আকৌ ঈশ্বৰক দেখা পালে ।


এটা সপ্তাহ পাৰ হল এনেকৈয়ে ।


স্বপ্নত কেতিয়াবা ছিৰাজে মাতৃৰ চেনেহবোৰ একগোট কৰে ।


মা : বোপা মই তোৰ লগতে আছো বুলি জানিবি । 

লোকৰ ঘৰত কাম কৰিব যাঁওতে সেইকণ সময় তই যি কৰিছিলি "মা আহিলে পঢ়া নহব এতিয়াই পঢ়ি লও" তাকেই কৰি থাকিবি । মই আছো তোৰ লগত ।


ছিৰাজ : মা মোৰ যে আৰু পঢ়া…!!


     মাজে মাজে ছিৰাজ সপোনতে কান্দি উঠে । "মা কত গল" বুলি হাহাকাৰ কৰে ।


"কত মোৰ মা,
কত মোৰ মা??
আছা তুমি কত, অ মোৰ মা..."


     পুৱাবোৰ এনেকৈয়ে ছিৰাজৰ সন্মুখত ধৰা দিয়ে আৰু ৰাতি হলে নিদ্ৰা মাক জনীক সপোনত দেখে ।


সিদিনা তেওঁৰ চকুৱে এক ৰূপহী কন্যাক পুখুৰী ঘাটত কলহত পানী তোলা দেখা পালে । মুখখন যেন পদুমৰ কলি, চকুত তেজ…!! গোলাপী ৰঙৰ গাল দুখন যেন ৰদৰ পোহৰত নিস্তব্ধ, কপালৰ সেন্দুৰী ফোট দি থৈছে । চুলিকোচা দীঘল বুকুখনে ঢাকি ৰাখিছে যদিও ব্লাউজৰ ডিজাইনেৰে নাভি আৰু উদং পিঠি স্পষ্টকৈ দেখা পালে । 

     কঁকালৰ ভাজত তাইৰ শাৰীৰ আঁচল খন মেৰিয়াই লৈছে । ৰামে যেনেকৈ সীতাৰ অবয়ব  মন্দাকিনী নদীৰ লগত তুলনা কৰিছিল ঠিক তেনে  ৰূপহীও যেন ছিৰাজৰ মন্দাকিনী হৈ উঠিল । হাহঁ-পাৰ বোৰে ৰূপহীৰ খোজত খোজ পেলাই তাইৰ ৰূপ আৰু দুগুণ চৰাইছে ।


     প্ৰায়েই তাই পুখুৰী ঘাটটোলৈ আহে আৰু তাক চাবলৈ সদায় তেওঁ যায় । ইমান দিনে মাতৃৰ লগত স্বপ্নত বিভোৰ হৈ সাধুকথা শুনিছিল । কিন্তু আজি হঠাত অন্য নাৰীৰ আগমণ । ৰূপহীয়ে আহি তাক স্বপ্নত টুকুৰিয়াইছে ।

 

ৰূপহী : ডেকা, কিনো চাই থাক্ সদায় আহি ইয়াত?


ছিৰাজ : মোৰ ভবিষ্যত…!!


ৰূপহী : ভবিষ্যত মানে?


ছিৰাজ : হয়, মোৰ আৰু তোৰ ভবিষ্যত…!!


ৰূপহী : বিয়া পাতিবি নেকি?


ছিৰাজ : তই মান্তি হলে…!!


ৰপহী : কোন লুইতৰ মাছ ও? -হাঁহি ওলাই গল তাইৰ মুখত ।


ছিৰাজ : ৰূপহী লুইতৰ । -ছিৰাজেও মিচিকিয়াই হাঁহিলে ।


ৰূপহী : ও হয় নেকি, কি বুলি মাতিম নো তোক?


ছিৰাজ : নামত কি আছে…!!


ৰূপহী : পানী ঘাটত পানী লব নহয় ও ডেকা, তোৰে পৰশ লবলৈহে আহোঁ ।


ছিৰাজ : বুজি পাও তোৰ কথা ।


ৰূপহী : এই হাঁহবোৰ যে দেখিছ... ইহঁত কেইটাই কৈছে তোৰ মনৰ কথা । কম্পিত হিয়াৰ মৰমবোৰ মোক দি যাবি, সযতনে ৰাখিম থম গোটেই জীৱন !!


     এনেতে গাড়ীত চাইৰিন বজাই পাৰ হৈ গল পুলিচৰ দল । গাড়ীৰ শব্দত টোপনি ভাঙি আহিল ছিৰাজৰ । ৰাজপথৰ ৰাস্তাটোৰে গাড়ী অহা যোৱা কৰি আছিল । ৰূপহীও যেন কঁকাল বেকাই খোজ ল'লে কলহত পানী লৈ…!! ছিৰাজে সাৰ পাই অনুভৱ কৰিলে ৰাতি পুৱাল । সি উঠি খিৰিকীৰে বাহিৰলৈ চালে ।


     সৌ অলপ দূৰতে এখন দোকান দেখা পোৱা যায় । চাই থাকোতে তাতেই আহি এখন গাড়ী ৰখিল । কিছুমানে পেচাব কৰাৰ কাৰণে ৰাস্তাৰ দাঁতিত দৌৰি গল, কিছুমানে দোকানৰ পৰা বিড়ি-চিগাৰেট কিনি খোৱাত ব্যস্ত হল । এনেতে পাচ জনীয়া সন্তানৰ মাতৃ বাবলুৰ মাকে গাড়ীৰ পৰা নামি আহিল সন্তানবোৰক কিবা এটা কিনি দিয়াৰ বাবে । 


     বাবলুক মাকে পাচ টকা এটা দি বিস্কুট আনি ভগাই খাব কলে কিন্তু বাবলুৱে "ভাত খাম" বুলি চিঞৰি উঠিল । আঠ বছৰীয়া পিতৃহীন বাবলুৱে কিনো বুজিব মাকৰ ওচৰত যে একোৱেই নাই !!


     কৰণা'ই দেশ জ্বলাই দিছে ।

চৈদিশে চাৰখাৰ হৈ পৰিছে আৰু মানুহবোৰ…!! মানুহবোৰ পশুত্ব লৈ পৰিণত হৈছে ।


     বাবলুৱে পাচ টকীয়া মেৰী বিস্কুটৰ পেকেট এটাকে লৈ ৰাস্তাৰ দাঁতিত থিয় হৈ আছে । মানুহবোৰে ভাত খাবলৈ লৈছে আৰু সেইবোৰ দেখি তাৰো ভোক দুগুণে বাঢ়িল । সি সহ্য কৰিব নোৱাৰি মাকক আকৌ এবাৰ কলে…..


বাবলু : মা ভাত লাগে, ভোক লাগিছে ।


মা : মোৰ ওচৰত ইমান টকা নাই, মই কত পাম; ঘৰত গৈ খাবি বোল ।


     মাকে যিমান সম্ভৱ তাক বুজালে কিন্তু সি কোনোপধ্যেই নামানে ।


: মা, ভাত খামেই মই...


     এনেতে গাড়ীৰ ড্ৰাইভাৰ জনে হৰ্ণ বজাই জনাই দিলে গাড়ী এৰিবৰ হল । সকলো যাত্ৰী উঠিল কিন্তু বাবলু ভাত নোখোৱাকৈ নুঠে । ভোকৰ তাড়নাত মাকেও সহ্য কৰি আছে আনফালে বাকী সন্তানবোৰো ভোকে পিয়াহে আছে । মুৰৰ ওপৰত প্ৰখৰ ৰ'দ লাগি ভোকে-পিয়াহে অচেতন হৈ হঠাৎ বাবলু মাটিত বাগৰি পৰিল । ছেহঃ…!!


     নিৰুপায় হ'ল মাতৃ ।

হৃদয়খন যিমানেই কঠোৰ সিমানেই সৰল । ছিৰাজে ভাবিলে ।


     মাকে সহ্য কৰিব নোৱাৰি কোলাৰ কেঁচুৱাক মাটিত থেকেচা মাৰি বহুৱাই থৈ বাবলুৰ ফালে দৌৰি গ'ল ।


     "মৰহি যোৱা কলিত কেতিয়াও ফুল নুফুলে" কথাষাৰ শুনিছিলো, কিন্তু আজি নিজৰ চকুৰে দেখিলো । হঠাত দ্ৰুতবেগী বাইক এখনে শুই থকা বাবলুৰ ওপৰেদি শৰীৰ লেপেটাই পাৰ হৈ গ'ল । নাড়ী-ভুড়ী বাহিৰ হৈ আহিল আৰু লগে লগেই মাকৰ ভাতৰ ভোক নোহোৱা হল । মাতৃ হৃদয় দগ্ধ হৈ উঠিল । ছিৰাজে এটা এটাকৈ দৃশ্য কোৱাৰেন্টাইনৰ পৰা চাই ৰল ।



উসঃ কি কৰুণ দৃশ্য নিয়তিৰ বাটত !!

     মই যাব নোৱাৰিলো বাবলুৰ বিপদত । টেবুলত ৰাতিৰ ভাত খিনি পৰি আছে, সেইখিনি হলেই বাবলু আজি জীয়াই থাকিলে হয় । দৌৰি গলো গেটৰ সন্মুখত কিন্তু নিৰাশ হৈ উভতিলো ।


: মই আন ছেলফি মেনৰ দৰে তাত গৈ ছেলফি নুঠাও নহয়, মাত্ৰ ভাতকণ দিয়ে গুচি আহিম ।


: নাই নাই, ওলাব নোৱাৰা ইয়াৰ পৰা ।


     হয়, ওলাব নোৱাৰিলো মই । কোৱাৰেন্টাইন চেন্টাৰৰ পৰা কাৰ সাধ্য বাহিৰ ওলোৱাৰ…!! কিন্তু বাবুলৰ কি দোষ? তেওঁতো কৰ'ণাৰ অৰ্থকে নুবুজে । তথাপি কৰ'ণাৰ বাবে বলি আজি সিও হল ।


     মানুহৰ নিশব্দ এটা পৰিবেশ । আহিছে মানুহ, গৈছে মানুহ । কিন্তু তাত মানৱতাৰ চাফকণ এবাৰো নেদেখিলো । তাত কেৱল মই পাষণ্ডৰ নতুন নতুন ৰূপহে দেখা পালোঁ । ৰাস্তাৰে পাৰ হোৱা কোনোবাই জুমি চাইছে কিন্তু বাবলু তাতেই পৰি আছে । কাৰো যেন সময় নহল এবাৰ থমকি ৰবলৈ, কাৰো সময় নহল বাবলুক ওচৰৰে হস্পিতাল খনত ভৰ্তি কৰাই থবলৈ । তাত ৰখিবই বা কিয়? মানুহৰ ওচৰ চাপিলেই হেনো গাত কৰণা লাগে ।


     পুনৰ গাড়ীখনে এৰিবৰ হৰ্ণ শুনা পোৱা গল । মাতৃয়ে চিঞৰিছে কলিজা ফাটি ছিঙি টুকুৰা টুকুৰ হৈ, বাবলু তেজেৰে তাত লেপেটি আছে, মাতৃয়ে কোলাত সাৱটি ধৰি চুমা খাইছে তাক গালে কপালে । তাইও বাবলুক গাড়ীত উঠোৱাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে । কিন্তু…..!!


নিৰ্দয় মানুহ : কান্দিছ্ কিয় এতিয়া? ভবিষ্যত চাই চিন্তি সন্তান জন্ম দিব লাগে ।


মাতৃ : বাবলু… ওই বাপু বাবলু, উঠা... (মাকে কান্দিছে)


নিৰ্দয় মানুহ : গাড়ীত উঠ্… গাড়ীত উঠ্… আমাৰ সময় নাই...।


     এনেতে চাৰি পাঁচজন মানুহ আহি বাবলুক পুখুৰীৰ কাষত পেলাই দি তাৰ মাকক টানি  হেঁচি জোৰকৈ গাড়ীত উঠুৱাই ললে ।


     মানৱতা… হায় হায়... এয়া জীৱশ্ৰেষ্ঠ সমাজ…!!


     মৃত শ যেন হৈ গুচি যোৱা মাতৃক চিতাৰ জুইকুৰাই বাৰুকৈয়ে দগ্ধ কৰি দিছে । গাড়ীৰ খিৰিকীৰে একেথিৰে বাবলুলৈ চাই থাকিল মাকে যিমান দূৰ সম্ভৱ । শেষ বাৰৰ বাবে "বাবলু" বুলি চিঞৰ এটা মোৰ কাণত পৰিল । লাহে লাহে সকলো অদৃশ্য হল...।


     মোৰ এনে লাগিল বাবলুক যেন মই জনমৰ পৰাই চিনি পাঁও । বাবলু নোহোৱাৰ বেদনা মই সহ্য কৰিব নোৱাৰিলো । হয়তো কিঞ্চিত মানৱতা এয়া ।


     লাহে লাহে সমাজখনে এদিন ঘটনাটো জানি গ'ল । প্ৰেয়সী ৰূপী ৰূপহীক সেইদিনাই প্ৰথম বাৰৰ বাবে দেখিছিলো আৰু ইচ্ছা নাই দেখাৰ । হয়তো তাইও সেই একে নাওৰে যাত্ৰী । হীনতা নীচতাক পৰাধীন কৰি দিয়া যাত্ৰী । কৰণা'ই মানৱতা নিকৃষ্ট কৰিলে মানুহৰ, আৰু কাপুৰুষত্বৰ সমাজে আনৰ জীৱন নিয়ালে ।।


✍️ ৰেহেনা পাৰভিন

বি.এন কলেজ, ধুবুৰী

◆◆◆◆◆◆◆◆◆◆◆◆


আধৰুৱা স্মৃতি
       Read Now :

এপাহী ৰঙা গোলাপ আৰু সন্ত্ৰাস
       Read Now :

এগৰাকী নাৰীৰ জীয়া কাহিনী
       Read Now :

নিয়তিৰ বাট আৰু আৰ্তনাদ
An Assamese Sad Story
Heart Touching Assamese Story
Sad Story In Assamese
"Destiny's Way And Cry"
Written By
Rehena Parvin
The Lession Of Article
CHIRAJ AND CORONA
Daily Assamese Status

Photo - আইমী বৰুৱা

Photo - আইমী বৰুৱা

Photo - আৰিফা আহমেদ

Photo - ৰেহেনা পাৰভিন


Niyotir Bat
Jonak Axom ৰ ছোৱালীজনী
Asomiya Pratidin™
Times Of India Latest News

[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment