সন্তান জন্ম দিয়া যন্ত্ৰ | ৰাজনন্দিনী | চুটি কাহিনী | Rajnandini | Assamese Sad Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

সন্তান জন্ম দিয়া যন্ত্ৰ | ৰাজনন্দিনী | চুটি কাহিনী | Rajnandini | Assamese Sad Story

সন্তান জন্ম দিয়া যন্ত্ৰ -
ৰাজনন্দিনী | চুটি কাহিনী | চুটি গল্প | অসমীয়া গল্প |
Assamese Sad Story |

     বিবাহোপযোগী ৰাজনন্দিনীৰ কাৰণে PWD ৰ ইঞ্জিনীয়াৰ দৰা অভিজ্ঞানৰ খবৰ আনিলে পেহীয়েক নিৰ্মালিয়ে। ৰাজনন্দিনীও জানো এনেই ঘৰত বহি আছে। দোষ্টৰুমত বেংকত চাকৰি কৰে। 


     পেহীয়েকে মবাইলটোত দেখুৱা ফটোখন দেখিয়েই ৰাজনন্দিনীৰ মনটো ভাল লাগি গ'ল। সচাকৈয়ে সুদৰ্শন অভিজ্ঞান! ভাবিলে-


     তাইক বা পছন্দ কৰিবনে নাই!


     পেহীয়েক-মাক হতক কথা পাতিবলৈ কৈ তাই ভিতৰলৈ গৈ আইনৰ আগত নিজকে খুটিয়াই খুটিয়াই চাবলৈ ধৰে! 


     ৰাজনন্দিনী শৰ্মা! তেজপুৰ ইউনিভাৰ্চিটিৰ সকলোৰে মুখে মুখে বাগৰি ফুৰে পদাৰ্থ বিজ্ঞান বিভাগৰ ওখ তম্বী ছোৱালীজনীৰ নামটো।

চকুত লগাকৈয়ে ধুনীয়া তাই! মিলিব সুদৰ্শন অভিজ্ঞানৰ লগত। 


      ফোনযোগে কথা বতৰা আগবাঢ়িল দুয়োখন ঘৰৰ মাজত। ভালদৰে কথা বতৰা হোৱাৰ পাছত এদিন চাবলৈ আহিল ৰাজনন্দিনীক অভিজ্ঞানৰ লগতে তাৰ ঘৰৰ মানুহে। 


     ফটোতকৈ বহুত বেছি ধুনীয়া অভিজ্ঞান! তাৰ হাঁহিটোও মোহনীয়! প্ৰথম দেখিয়েই প্ৰেমত পৰি গ'ল যেন ৰাজনন্দিনী! তাইৰ মন আৰু মগজুত তৰংগ তুলিলে অভিজ্ঞান কাশ্যপ নামৰ লৰাটোৱে।।


     পছন্দ হ'ল অভিজ্ঞানৰ ছোৱালী! ৰাজনন্দিনীৰ মনত সুখৰ বা এছাতিয়ে ঢৌ তুলিলেহি। সেইবছৰ নহয় কিন্তু পাছৰ বছৰলৈ বিয়াই ঠিক কৰি পেলালে ঘৰৰ পৰা। ডেটতোও সোনকালেই ফিক্স কৰি দিয়াৰ কথাটো গমি পিতি লয়।  


     ৰাজনন্দিনী আৰু অভিজ্ঞানৰ ফোনত কথা বতৰা পতা আৰম্ভ হ'ল। লাহে লাহে এটা দুটাকৈ তাই সকলো কথাই তাক ক'বলৈ ধৰে। সিও সকলো কথাই কয় বুলিয়ে তাই ভাৱি থাকে। অহা বছৰলৈ বিয়া ঠিক হৈছে যেতিয়া কিয়নো লুকুৱাব কথা! ৰাজনন্দিনীৰ মনৰ ভাৱ। 


    সদায়ে ৰাতি ভাত পানী খোৱাৰ পাছত ৯:৩০ মানত  ফোন কৰে অভিজ্ঞানে! আজিও ৰাজনন্দিনীয়ে অপেক্ষা কৰি ৰয় বিশেষ ফোনটোৰ বাবে। গাটো তাইৰ আজি বৰ ভাল লাগি থকা নাই।


     অলপ আগতে মাহেকীয়া হ'ল।


    তাইৰ আকৌ মাহেকীয়া হোৱাৰ প্ৰথম দুই-তিনি ঘণ্টা অসম্ভৱ পেটৰ বিষ হয়। আজিও ব্যতিক্ৰম নহল। মেছেজ এটা দি শুই যাম ভাবিও তাই ৰৈ থাকে বিশেষ জনৰ ফোনটোলৈ। আহে সদায় অহাৰ দৰে ফোন আহে হব লগা স্বামী অভিজ্ঞানৰ! 


      গাটো ভাল নালাগিলেও মনৰ জোৰত তাই কথা পাতে তাৰ লগত। এটা সময়ত তাইৰ মনৰ জোৰ পৰি আহে। অসম্ভৱ পেট বিষাইছে। উপায় নাপাই তাই কবলৈ বাধ্য হয় তাক।


: মোৰ অসম্ভৱ পেট বিষাইছে। শুই যাওঁ নেকি বাৰু আজি।


: বেছি বিষাইছে নেকি নন্দিনী! কিয় মোক কোৱা নাই? 


     _____উদ্বিগ্নভৰা তাৰ কন্ঠস্বৰ। সুখী হৈ পৰে পলকতে তাই। 


: নহয় বিশেষ একো হোৱা নাই। অলপ আগতে পিৰিয়ডছ হ'লো। প্রব্লেম পাওঁ অলপ। পেট বিষাই। 


      ______কথাখিনি সাধাৰণ ভাৱেই কৈ থয় তাই! সিও সাধাৰণ ভাৱে লৈয়ে ফোন ৰাখে, তাইক ভালকৈ শুই থাকিবলৈ কৈ। 


      অত্যন্ত বিষ হলেও সুখী মন এটাৰে শুই যায় তাই। আহ। হব লগা স্বামীয়ে বুজি পাইছে তাইৰ মন আৰু শৰীৰৰ অৱস্থা। বিয়াৰ পাছটো নিশ্চয় বুজিব ভাবি ললে তাই। 


     পাৰ হয় তেনেকৈ এক, দুই কৰি কেইটামান দিন। তাইলৈ নিয়মিত অহা বিশেষ ফোনটোৰ সংখ্যা লাহে লাহে কমি আহে। 


    মনতে প্ৰবোধ দিয়ে তাই। বিজি আছে নিশ্চয় সি! অলপ কাম কমিলেই ফোনবোৰ আগৰ নিচিনাকৈ কৰিব। সকলো নৰমেল হৈ যাব। কামৰ ভিৰ অলপ কমিলেই তাই কথাবোৰ মনৰ মাজতে পাগুলি থাকে। 


     ক্ৰিঙ ক্ৰিঙ ক্ৰিঙ 


     _____ফোনৰ ৰিংটনৰ শব্দত ৰাজনন্দিনীৰ তন্ময়তা ভাগে। আস! তাইৰ বিশেষ ফোন। আকুলতাৰে ৰিচিভ কৰে তাই। 


: হেল্ল অভি কোৱা। 


: তুমি আজি লান্সত মোক লগ কৰিব পাৰিবা নে? অলপ কথা পাতিব লগা আছিল। 


     _____ চিন্তিত হয় তাই। কি কথা আছে যিটো সি ফোনত কব নোৱাৰে। তথাপিও তাই হয়ভৰ দিয়ে। 


: ঠিক আছে অভি। বেংকৰ লান্স টাইম ১:৩০ পৰা  ২:৪৫ লৈ। 


: মই তোমাক পিক কৰিম। 


: ঠিক আছে অভি।


     নিজৰ কথা ৰাখি অভিজ্ঞানে ৰাজনন্দিনীক বেংকৰ পৰা পিক কৰি ওচৰৰে "Red River" নামৰ ৰিজৰ্টলৈকে তাইক লৈ আহে। 


     লান্সৰ অৰ্ডাৰ দিয়া আইটেমছ আহে মানে সাধাৰণ কথা বতৰা আৰম্ভ কৰে দুয়ো। অভিজ্ঞানে যেন বহুত কিবা কিবি কব খুজিও পৰা নাই ক'ব। চিনাকি হোৱা ৩ মাহৰ অধিক হ'ল সিহঁতৰ। কিন্তু কোনো দিনে তাক ইমান উত্কণ্ঠিত দেখা পোৱা নাই তাই। 


: কি হল অভি ? টেনশ্যনত থকাৰ দৰে লাগিছে। আৰ ইউ অকে? 


      _____চিন্তিত কণ্ঠেৰে সোধে তাই। 


: ঠিকে আছোঁ নন্দিনী। 


     _____অলপ সময় নীৰৱতা। তাৰ পাছত সি আকৌ মাতে তাইক।_____


: নন্দিনী। 


: উম কোৱাচোন। তুমি কিবা কবলৈ উছপিচাই থকাৰ দৰে লাগিছে । 


: তোমাৰ এই মাহেকীয়া সমস্যাটো কিমান দিনৰ? 


     _____টেবুলৰ পৰা তুলি লোৱা পানীৰ গ্লাছটো আগৰ জেগাত থয় ৰাজনন্দিনীয়ে। 


: হ'ল আজি তিনি বছৰমান। কিয় সুধিলা? 


      ______আচৰিত হয় ৰাজনন্দিনী অলপ। ঘপকৈ কিয় সুধিলে সি এইটো কথা।


: নহয় মানে নন্দিনী! মায়ে কৈছে তুমি বিয়াৰ আগতে টেষ্ট এটা কৰাই ল'ব লাগে। 


      _____অভিজ্ঞানৰ মাকে কিহৰ টেষ্ট কৰোৱা কথা কৈছে !!! তাই ঘপকৈ সুধি পেলালে


: কিহৰ টেষ্টৰ কথা কৈছে মায়ে ? 


: তোমাৰ পিৰিয়ডছ পেইনৰ কথা মই মাক কৈছিলোঁ। মায়ে ভয় খাইছে। আমাৰ যদি পাছত লৰা-ছোৱালী নহয় তোমাৰ এইটো প্রব্লেমৰ কাৰণে। সেইয়ে মায়ে তোমাৰ পাছলৈ লৰা-ছোৱালী হব নে নহয় জানিবলৈ টেষ্ট কৰাব খুজিছে। 


     _____ আচৰিত হয় ৰাজনন্দিনী। লগতে ভীষণ খং উঠে তাইৰ। এনেকুৱা মানুহো থাকে নে??? 


: মানে ক'ব খুজিছা মই সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী হয় নে নহয় তাক এতিয়াই টেষ্ট কৰাই লব লাগে। 


: উম নন্দিনী। মাৰ কাৰণে।


: তুমি কি বিচাৰা ? 


     _____তাইৰ কথাবোৰে অলপ উষ্ণতা বিয়পাই চৌপাশে। 


: মই! মই মায়ে যিটো বিচাৰে তাকে বিচাৰো। তুমি জানাই, মই মাৰ কথা পেলাব নোৱাৰো। 


      গহীনকৈয়ে কয় অভিজ্ঞানে। 


      অলপ সময় নীৰৱতাৰ পাছত ভাবি চিন্তি মুখ খুলে তাই। 


: ঠিক আছে। 


: ঠেংক ইউ নন্দিনী, মোক বুজি পোৱাৰ কাৰণে।


: ৰ'বা গোটেই কথাটো শুনি লোৱা প্ৰথম। মোৰ এটা চৰ্ত আছে।


: কি চৰ্ত নন্দিনী! 


: মই যদি টেষ্ট কৰাও তুমিও কৰাব লাগিব। 


: মই কিয় কৰিম নন্দিনী। প্ৰব্লেম তোমাৰ হে। তুমি হে কৰিব লাগে। 


: কেনেবাকৈ যদি মোৰ একো অসুবিধা নাপাওঁ এতিয়া আৰু বিয়াৰ পিছত গম পালোঁ তোমাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই। মই কি কৰিম তেতিয়া কোৱা। সকলো ইকুয়েল হব লাগে নো। তুমি কৰালে হে মই কৰাম। 


     স্পষ্টকৈ কয় গোটেই কথাষিনি তাই। 


     মান্তি নহয় সি। কিয় হ'ব? তাৰ পুৰুষত্বত যে আঘাত লাগিব। আৰু তাইৰ যদি সন্তান জন্ম দিব পৰা ক্ষমতা নাই কি কৰিব সি! তাইক কোনো পধ্যেই বিয়া নাপাতে। নহলেনো তাইক এই টেষ্ট কৰাৰ কথাষাৰ ক'লে হৈ নে ? তাক পত্নী নহয়, সন্তান জন্ম দিয়াৰ মেচিন হে লাগে আচলতে। 


     বিয়া ভাগিল ৰাজনন্দিনীৰ। 


     তাই কিন্তু দুখী হোৱা নাই বিয়া ভগাত। তাই এগৰাকী নাৰী। মাতৃ হোৱাৰ মন তাইৰো আছে। কিন্তু সেই বুলিয়ে তাই নিজৰ নাৰীত্বত আঘাত লগা কাম কৰিব নোৱাৰে। কাৰোবাৰ ঘৰত গৈ সন্তান জন্ম দিয়াৰ যন্ত্ৰ হোৱাতকৈ অবিয়ৈ হৈ থকাই ভাল। 


সমাপ্ত...........


ইভাৰাণী শৰ্মা।


Follow on- INSTAGRAM

Assamese Sad Story
Sad Assamese Story
বিবাহৰ প্ৰথম নিশা
মাহেকীয়া নহলে কি কৰিব লাগে
মাহেকীয়া সমস্যা
ৰাজনন্দিনী
গৰ্ভধাৰণৰ সময়
গৰ্ভৱতী মহিলাৰ যত্ন
গৰ্ভৱতী মহিলাৰ খাদ্য তালিকা
গৰ্ভৱতী হোৱাৰ লক্ষণ
ঘৰুৱা উপায়
Emotional Assamese Story
Daily Assamese Status

No comments:

Post a Comment