মৌন কোলাহল | পিংকী মহন্ত | Assamese Poem by Pinkee Mahanta - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মৌন কোলাহল | পিংকী মহন্ত | Assamese Poem by Pinkee Mahanta


মৌন কোলাহল 

কষ্ট হয় জানা...! 
যেতিয়া তোমাৰ সৈতে মোৰ 
অবিৰত ভাবে খেলা হোৱা মায়াভৰা 
শব্দৰ জাল খন আচম্বিতে বিচ্ছিন্ন 
হৈ পৰে অচিনা পথলৈ...! 

আৰু হৃদয় চুৰাট ভাহি ৰয় 
তোমাৰ ৰুগ্ন মৰমৰ কল্লোল ধ্বনি 
যি পলকতে ক্ষুন্ন হৈ পৰে চৌদিশে । 

কেঁচা কলিজাৰ কেঁচা মঙহালৰ 
কেচেমা কেচেমা লগা গোন্ধটোৱে 
বৰকৈ আন্তকলহ কৰি উঠে 
ৰক্ত পিপাশুৰ ৰক্তাক্ত দানৱৰ লেখিয়াকৈ 
তোমাক নোপোৱাৰ আকুলতাত...! 

তোমাৰ মৰমৰ সান্নিধ্য পাবলৈ 
স্তব্ধ হৃদয়েও সোঁৱৰণীৰ আলিবাটলৈ 
ৰ লাগি চাই ৰয় তুমি ওভতাৰ 
অপেক্ষাত ! 

আকৌ এবাৰ জীয়াই উঠিবলৈ 
মন‌ যায়..... 
তোমাৰ ৰুগ্ন মৰমৰ বোকোচাত..., 
জীৱন জীয়াই থকাৰ হাবিয়াসত ।। 

Photo- পিংকী মহন্ত

Photo- পিংকী মহন্ত
Jonak Axom ৰ ছোৱালীজনী
DailyAssameseStatus




No comments:

Post a Comment