ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক ব্যতিক্ৰমী কাহিনী | Fulsajyar Nikha 3 | Nayan Nath | Sad Assamese Love Story | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক ব্যতিক্ৰমী কাহিনী | Fulsajyar Nikha 3 | Nayan Nath | Sad Assamese Love Story | Daily Assamese Status

ফুলশয্যাৰ অভিশপ্ত নিশা

     লাজুক লাজুক কৈ ময়ুৰীয়ে হোমৰ গুৰিত অংকিতৰ ওচৰত বহিছে, পুৰোহিতে মন্ত্ৰ পাঠবোৰ আৰম্ভ কৰিছে । বিয়াৰ সকলো নিয়ম এফালৰ পৰা সুন্দৰকৈ পাৰ হৈ কইনা বিদায় পৰ্বলৈ আহি পাইছে । পুৰোহিত জনে কৈছে,


"দৰা-কইনা দুয়োজনে থিয় হৈ মাল্যদান কৰি দুয়ো দুয়োকে হোমৰ গুৰিত অগ্মিক সাক্ষী কৰি পতি-পত্মীৰ স্বীকৃতি দিব লাগে ।"


     ময়ুৰীয়ে দেউতাকক সাৱতি ধৰি কান্দিছে,


"দেউতা মই নাযাও, কিয় বিয়া দিলি মোক"


     দেউতাকে ময়ুৰীৰ কান্দোন দেখি পাৰে মানে তাইক বুজাইছে । তাই ভয়ত বুকুখন জোৰ জোৰকৈ উঠা নমা কৰিছে । মাক-দেউতাকক এৰি কেনেকৈ থাকিব অংকিতৰ সৈতে । তাই যে এজনী বহুত দুৰ্ভগীয়া ছোৱালী । দেউতাকৰ ভৰিত ধৰি হিয়া ধাকুৰী কন্দা ময়ুৰীয়ে এটা সময়ত কান্দি কান্দি ঢলি পৰিছে ।


"আইজনী অ' নাযাওঁ বুলি কলে জানো হব। নিয়তিৰ নিতি, ছোৱালী হৈ জনম লৈছা যেতিয়া এদিন নহয় এদিন যাবই লাগিব আমাক এৰি । নিজকে কিয় ইমান কষ্ট দিছা, চাওঁ ইমানকৈ নাকান্দে নহয় ।"


     এইবুলি দেউতাকেও চকুলো টুকি টুকি অংকিতৰ হাতত জীয়েকক অৰ্পন কৰিছে । 


"যা যা মাজনী দূৰনী লৈ"

"দীঘল কৈ ওঁৰনি মুৰতে লৈ"


     শেষত অংকিত আৰু ময়ুৰীৰ বিয়াখন সমাপ্ত হল । বুকুত এসাগৰ দুখৰ বোজা বান্ধি লৈ মংগলদৈৰ ছোৱালী ওদালগুৰিত আহি উপস্থিত হল ।


     অংকিতৰ ঘৰত ভৰি থৈ ময়ুৰীৰ সৰ্বশৰীৰ কপি উঠিল । সম্পূৰ্ন এখন নতুন ঘৰ, শাহু-শহুৰ নামেৰে নতুন মাক-দেউতাক । তাই ৰাতিপূৱাতে যি ৰুমত সোমাইছে সন্ধিয়ালৈকে বিছনাখনতে তাই তলমুৰ কৰি নিজৰ ভাগ্যক ধিয়াই উচুপি আছে । 


     আজি ময়ুৰীৰ ফুলশয্যাৰ নিশা ।

এই ফুলশয্যাৰ নিশাতো মধুৰ হৈ থাকিব নে ? নে অভিশপ্ত হৈ পৰিব !! তাৰ চিন্তাতে একপ্ৰকাৰ ঢলি পৰিছে তাই ।


     আনফালে অংকিতে বাহিৰত আলহি বিদায় দিয়া পৰ্বত ব্যস্ত হৈ আছে । অংকিতৰ সম্পৰ্কীয় আলহি কেইজন মানৰ বাহিৰে অন্য আলহি সকলো নিজা ঘৰলৈ বুলি ৰাওঁনা হৈছে । সন্ধিয়া ঠিক ৭ মান বজাত অংকিত বাহিৰৰ পৰা আজৰি হৈ শোৱা কোঠালৈ সোমাই গৈ দৰ্জাখনৰ খিলিটো লগাই তলমুৰ কৈ বহি থকা ময়ুৰীৰ ওছৰত বহিল । 


     লাহেকৈ তাইৰ উৰণিখন আতৰাই দুচকুলৈ চাই সুধিলে,


"ময়ুৰী কি হল তোমাৰ ! আমাৰ ঘৰলৈ আহি পাই যি ৰুমত সোমাই থাকিলি এৱাৰো দেখোন বাহিৰলৈ নলালি, কি হৈছে ক'ছোন !"


"কিবাটো কোৱা, ভয় লাগিছে নেকি মা-দেউতাক এৰি থৈ আমাৰ ঘৰলৈ আহি !!"


     অংকিতৰ কথা শুনি ময়ুৰীৰ দুচকুৰে মাথো নিৰৱে চকুলো বৈ আহিল ।


"হেই কি হল ! একো নোকোৱা দেখোন তুমি । চাও মোৰ মুখলৈ চোৱাচোন । ৰাতিপুৱা আহিবৰ সময়ত ইমান কৈ কান্দিছা আকৌ এতিয়াও যদি মা-দেউতাক মনত পেলাই এনেকৈ কান্দিয়ে থাকা, মোৰ জানো ভাল লাগিব ! বুজিচো তোমাৰ ভয় লাগিছে সম্পূৰ্ন এখন নতুন ঘৰলৈ আহি । কিন্তু তোমাৰ বাবে ঘৰখন হে নতুন, মইতো অলপ হলেও পুৰনি নো । মইচোন তোমাৰ ওচৰতে আছো তথাপি ইমানকৈ ভয় কিহৰ । চাও আৰু নাকান্দিবা চোন ।"


     অংকিতে ময়ুৰীৰ দুগালেৰে বৈ অহা চকুপানী খিনি মছি দি কৈছিল,


"ময়ুৰী শুনাচোন, আচলতে মই এতিয়া তোমাৰ ওচৰলৈ প্ৰস্তাৱ এটা লৈ আহিছো । মানে সন্ধিয়াৰ ভাত সাঁজ মোৰ মামা-মামী, খুৰা-খুৰী সকলোৱে মিলি তোমাৰ হাতেৰে খাৱলৈ আশা কৰিছে । এতিয়া তুমি ভাত বনাবলৈ পাৰিবা নে?"


"হুম পাৰিম ।" - অংকিতৰ কথা শুনি এইবাৰ ময়ুৰীয়ে উত্তৰ দিছিল ।


"আহা তেন্তে…"


     অংকিতৰ পাছে পাছে তাই ভাত ৰান্ধিবৰ কাৰনে পাকঘৰত গৈ সোমাল । পাকঘৰটো দেখাই অংকিত বাহিৰলৈ যোৱাত ময়ুৰী আকৌ চিন্তাত পৰিল । কাৰন তাই ভাত হে বনাব জানে, মাছ বা মাংসৰ তৰকাৰী ভালকৈ বনাব নাজানে । 


     এইফালে সন্ধিয়াৰ সাঁজৰ বাবে মাছ-মাংস সকলো যুগতাই থোৱা হৈছে নবনালে ও নহব । তাইৰ মাকলৈ বৰকৈ মনত পৰিল । মনতে ভাবিলে, মাকক বাৰু ফোন এটা কৰি সুধিব নেকি ? ফোনত মাকে কৈ দিলেই যেনিবা কিন্তু তাই জানো জুতি লগাকৈ বনাব পাৰিব ! 


     এদিনাখন মাকৰ লগত একেলগে মাংসৰ তৰকাৰী বনোৱাত নিমখ চোকা হৈ গৈছিল । আৰু দেউতাকক খাৱলৈ দিয়াত বহু তৃপ্তিৰে খাই কৈছিল,


"আইজনী, তোৰ হাতৰ সাজ বৰ সোৱাদ । খুব ভাল হৈছে ।" 


    দেউতাকৰ সেই কথাখিনি মনত পৰি তাইৰ দুগালেৰে চকুলো বাগৰি আহিল ।


"দেউতা, তোমাৰ দৰে জানো আজি মোক ইয়াতো আনে কব নে ? কিবাকৈ অকনমান বনোৱাত বেয়া হলে "মাৰৰ ঘৰত এইবোৰে শিকা নাছিলা নেকি?" বুলি উপলুঙা কৰিব নেকি মোক ?


     তাই কথাবোৰ চিন্তা কৰি ৰৈ থাকোতে শাহুয়েকে গৈ পিছফালৰ পৰা মাত লগালে,


"আই, ভাত বনাবলৈ আহি কি চিন্তা কৰি আছা ?"


    ময়ুৰীয়ে ভয়ে ভয়ে তলমুৰ কৰি শাহুমাকক উত্তৰ দিছিল,


"মা, মই ভাত বনাব ভালকৈ নাজানো । আপুনিতো জানে বিয়াৰ আগত মই বেছিখিনি সময় গুৱাহাটীৰ হোষ্টেলত থাকিয়ে কটালো । ঘৰুৱা কামতকৈ পঢ়া-শুনাতে বেছি গুৰুত্ব দিছিলো সেয়ে মাৰ পৰা ৰন্ধা বঢ়াৰ কাম শিকিব নাপালো । এতিয়া মই কেনেকৈ ৰান্ধো মা ।"


     ময়ুৰীয়ে শাহুমাকৰ ওচৰত আঠুকাঢ়ি লৈ কান্দিয়ে পেলালে । বোৱাৰীয়েকৰ কথা শুনাৰ লগতে ভাত ৰান্ধিবলৈ নজনাৰ বাবে তেনেকৈ কন্দা দেখি অংকিতৰ মাকৰ বহুত বেয়া লাগিছিল । ময়ুৰীলৈ চাই কৈছিল,


"আই উঠা উঠা, নাকান্দিবা । তুমি ভাত হে ৰান্ধিব নাজানা, একো ডাঙৰ কথা নহয় । মই আছো, তোমাক সকলো দেখুৱাই দিম । মোক জানো তোমাৰ জন্মদাত্ৰী মাৰ দৰে নিজৰে মা বুলি ভৱা নাই । এজনী মাৰ পৰা শিকিব নাপালা, এজনীৰ পৰা শিকিবা, তাতে আৰু কোনোৱাই কান্দি থাকে নেকি ?"


    শাহুমাকৰ কথা শুনি ময়ুৰীয়ে আগুৱাই গৈ সৰু ছোৱালীৰ দৰেই শাহু আইক সাৱটি ধৰিলে । অংকিতৰ মাকেও তাইৰ চকুলো খিনি মছি দিলে ।


"আইজনী, তুমি অকনো ভয় নকৰিবা । এতিয়া মই কেনেকৈ ভাত ৰান্ধো তুমি মাথো মোৰ ওচৰতে ৰৈ চাই থাকা"


    এইফালে অংকিতে ভাবিছে ময়ুৰীৰ বা ৰন্ধা কাম কিমান আগবাঢ়িল এৱাৰ চাই আহো । পাকঘৰলৈ গৈ দেখিলে ভাত ময়ুৰীয়ে ৰন্ধা নাই । ৰান্ধিছে তাৰ মাকেহে । সি তাইৰ ওচৰলৈ আহি সুধিলে,


"কি হল? ভাত ৰান্ধিব পাৰিম বুলি কৈছিলাচোন । কিন্তু মাক ৰান্ধিবলৈ দি তুমি কিয় নকল কৰি আছা?"


"ধেৎ, মই নকল কৰা নাই নহয় । মা'য়ে নিজেই ভাত ৰান্ধিবলৈ আহিছে । আপুনি বিশ্বাস নকৰিলে মাক নিজে সুধি চাওঁক, মই ইতো-সিটো সহায় কৰি দি আছো মাক ।"


     অংকিতে পুনৰ একো নকৈ হাঁহি এটা মাৰি বাহিৰলৈ ওলাই গল । সি যদিও ময়ুৰীৰ ওচৰত তেনেকৈ কৈছিল মনে মনে কিন্তু তাৰ বহুত ভাল লাগিছিল । অতি কম সংখ্যক শাহু-বোৱাৰীয়েহে সোনকালে মিলি লৈ এখন ঘৰৰ সৌন্দৰ্য্য বহন কৰিব পাৰে, কিন্তু ময়ুৰী আৰু মায়ে দেখোন এদিনতে…! ভাল লাগিল অংকিতৰ মনটো ।


      ইতিমধ্যে মাকৰ ভাত ৰন্ধা কাম শেষ হল ।

 

"আই, মোৰ ভাত ৰন্ধা হৈ গল । এতিয়া তুমি সকলোকে বাঢ়ি দিবলৈ পাৰিবানে ?"


"পাৰিম মা"


"ঠিক আছে তেন্তুে তুমি ভাত বাঢ়া" - বুলি কৈ শাহুৱেকে বাহিৰলৈ ওলাই আহিল । 


     ময়ুৰীয়ে সকলোৰে বাবে ভাত বাঢ়ি খাৱলৈ আলহিক মাতিলে । সকলো আহি ডাইনিং টেবুলত বহিছে । ন-কইনাই বাঢ়ি দিয়া ভাগৰ ভাত মুখত লৈয়ে মামীয়েকে কৈ উঠিছে,


"বা: বা: মাজনী, তোমাৰ হাতৰ সাজ বৰ সোৱাদ হৈছে । ইয়াতকৈ আৰু অধিক সোৱাদ হবলৈ নালাগে । 


     মামীয়েকৰ প্ৰসংশা শুনি ময়ুৰীয়ে "মামী আচলতে ভাত মই" বুলি কবলৈ লৈছিল । এনেতে ওচৰতে ৰৈ থকা শাহুমাকৰ চকুৰ টিপত তাই,


"মামী আচলতে ভাত মই ভালদৰে বনাব নাজানো । বেয়া হলেও খাব লাগিব…"


     তেনেতে অংকিতে মাত লগালে,

"সঁচাই আজিৰ ভাত সাজ বৰ জুতি হৈছে দেই ।


     অংকিতৰ কথা শুনি দেউতাকেও কলে,

"হয় দিয়া বোপা, বোৱাৰীৰ হাতখন তোৰ মাৰৰ সৈতে একে যেন অনুভৱ হৈছে মোৰ ।"


"নহব নো কিয় দেউতা, মাৰ দৰে দুখন হাত আছে, ৫ টা কৈ লাঁহি পাঁহি আঙুলি আছে ।"


     অংকিতৰ কথা শুনি এইবাৰ সকলোৱে হাঁহিলে । ময়ুৰীয়ে লাজত মাজে মাজে ৰঙা চিঙা পৰি গৈছে ।


     নিশা ১০ বাজিছিল । সকলোৱে ভাত খাই আজৰি হৈছে । মাকে মামা-মামীহতৰ বাবে বিচনা ৰেডী কৰিছে । ময়ুৰীয়েও ৰূমটোত সোমাই দুয়োখন বিচনা এবাৰ ঠিক কৰি ললে । মা-দেউতাকৰ কথা বৰকৈ মনত পৰাত বিচনাতে হালি লৈ তাই উচুপি আছে ।


"তোমাৰ বাহিৰে মোৰনো আৰু কোন আছে ময়ুৰী । তুমি এনেকৈ কান্দি নাথাকিবা চোন ।"


     দুৱাৰখন বন্ধ কৰিয়ে অংকিতে ময়ুৰীৰ কাষ চাপি আহিল । হয়, তাইৰ বাবে সিও কিছু দুখ পাইছে । অংকিতৰ মুখলৈ চাই তাৰ দুচকুত চকুপানীৰ এক প্ৰলেপ তাই দেখিছে । মৰমেৰে গাৰ ফালে টানি আনি অংকিতৰ গালত চুমা খাই মিচিকিয়া হাঁহি এটি মাৰিলে তাই ।


     অংকিতে ময়ুৰীৰ মিচিকিয়া হাঁহিত ভোল গৈ সকলো পাহৰি বিছনাখনতে শুই শুই ভাবিব ললে,


"প্ৰথমে ময়ুৰীক কি ভাল লগা কথা কব পাৰি !

কাৰণ আজি সিহঁত দুটাৰ মধুৰ ফুলশয্যাৰ ৰাতি !"


      ধেৎ, এই ফুলশয্যাৰ নিশাটো বহুত লাজ লগা নিশা দেই সঁচাই । মানুহবোৰে যে কেনেকৈ উদযাপন কৰে এই নিশাটো ?


      আনফালে ময়ুৰীয়েও ভাবিছে,

এইখন বিছনাত আজি হব দুটি ভৰ যৌৱনৰ মধুৰ মিলন । ফুলশয্যা নিশা হৈছে প্ৰতিজন ন-বিৱাহিত পতি পত্নীৰ মাজত হোৱা জীৱনৰ প্ৰথম মধুৰ নিশা । কিন্তু কি কৰিব তাই ?


     যিমানে ময়ুৰীয়ে অংকিতৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছে, সিমানে তাই ভয়ত জীৱ নোহোৱা হৈ পৰিছে । নিজকে সলনি কৰিব পৰা নাই তাই । একমাত্ৰ তাইৰ দুৰ্বলতাৰ বাবেই হৈ পৰিব নেকি আজিৰ মধুৰ ফুলশয্যাৰ নিশাটোও এক অভিশপ্ত নিশা…!!


আগলৈ…….


[ বিঃদ্ৰঃ: এই উপন্যাস খন দুই/তিনিদিনৰ মূৰে মূৰে নিশা 8pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ড পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি সহজতে চাব পাৰিব ]


দ্বিতীয় খণ্ডৰ লিংক -

             Read Now :

চতুৰ্থ খণ্ডৰ লিংক -

             Read Now :

ফুলশয্যাৰ অভিশপ্ত নিশা | অন্য এক
ব্যতিক্ৰমী কাহিনী


An Assamese Love & Sad Story
Heart Touching Assamese Story
Emotional Assamese Love Story New
Sad Assamese Love Story
Axomiya Story
"Cursed Nightmare -
Another Exceptional Story"
Serial Novel
Written By
Nayan Nath
The Lesson Of Story
MAYURI
Daily Assamese Status
Fulsajyar Ovisapta Nixha By Nayan Nath

No comments:

Post a Comment