ৰাংঢালী - প্ৰেম ভালপোৱাৰ চুটি কাহিনী
ৰাতি ১০.৩০ মিনিট | আকাশক মায়ে ভাত খাবলৈ মতাত সি পাকঘৰলৈ গল | দেউতাকে তাক সুধিলে,
দেউতা - বাবা | কেনে হল তোমাৰ আজি ইন্টাৰভিউ ?
আকাশ - ভালেই হব লাগে দেউতা |
দেউতা - দে সোনকালে ভাল মানুহ হ তই | ময়ো বুঢ়া হৈ আহিছোঁ লগতে চাকৰিও শেষ হব আৰু মাথোঁ ১ টা বছৰ | তই সোনকালে নিজৰ ভৰিত ঠিয় দিব পৰা হ | এটা চাকৰি হাতত ল |
আকাশ - হয় দেউতা | সেইবোৰ তুমি টেনচন নলবা | কিবা এটা হলেও কৰিম মই |
দেউতা - আৰ্শীবাদ দিছো | ভাল হওক সোনকালে তোৰ জীৱন !!
আকাশে ভাত খিনি খাই আহি বিচনাত পৰিল | নানান চিন্তাই আগুচি ধৰিলে তাক |
জীৱনটো খুব জটিল ! ইয়াক ভালদৰে গঢ়ি তোলা ইমান সহজ নহয় | সৰুকালৰ দিনবোৰ সুখেৰে পাৰ হলেও যিমানে বয়স বাঢ়ি আহে সিমানেই দায়িত্ববোৰো বাঢ়ি আহে | আৰু যেতিয়া একো কৰিব নোৱাৰি তেতিয়া সুখবোৰ নোহোৱা হৈ থাকে ক্ৰমশঃ লাহে লাহে |
হাতত টকা নাথাকিলে বন্ধুয়ে হওঁক বা জীৱন লগৰীয়ে হওঁক ইমান সহজতে বিচাৰি পোৱাটো আজিৰ যুগত অসম্ভৱ |
আকাশৰো ঠিক তেনেকুৱাই অৱস্থা হৈছে | ঘৰখনৰ যিহেতু একমাত্ৰ ল'ৰা সি সেয়ে ঘৰৰ দায়িত্ব বোৰো তাৰ ওপৰত দিনে দিনে বাঢ়ি যাব ধৰিছে | যদিও সি প্ৰতিবাৰে ইণ্টাৰভিউত বিফল হয় তথাপি সি এটাৰ পাছত এটা চাকৰি বিচাৰি গৈ আছে | কাৰণ ইয়াৰ বাহিৰে যে তাৰ আন উপায়ো নাই হাতত |
নিজকে কেতিয়াবা সি প্ৰশ্ন কৰে, চাকৰি নকৰিলে কৰিব কি ? মাথোঁ তাক প্রয়োজন হৈছিল এটা ভাল চাকৰিৰ যিটোৰে সি সুখবোৰ ঘূৰাই আনিব পাৰে |
ৰাতি হলে বিচনাত পৰি সপোন বহুত দেখে কিন্তু পিছদিনাই সকলো সপোন ভাগি চিগি পৰে !
কথাবোৰ ভাবি ভাবি সি এটা সময়ত টোপনি গলে |
◆◆◆◆◆◆◆◆
আজি সাত দিন হল | আকাশে দি অহা ইন্টাৰভিউৰ ৰিজাল্ট দিয়াৰ কথা | যিহেতু ৰাংঢালীয়ে আজি আকাশক আজি লগ ধৰাৰ কথা আছে সেয়ে তাই ৰাতিপুৱা ৮ বজাৰ পৰা আকাশলৈ ফোন কৰি আছে |
ক্ৰিঙ ক্ৰিঙ……… টোত... টোত...টোত...
ক্ৰিঙ ক্ৰিঙ……… টোত... টোত...টোত...
ক্ৰিঙ ক্ৰিঙ……… টোত... টোত...টোত… (সিমূৰৰ পৰা একেই উত্তৰ)
কেতিয়াবা কাৰোবাৰ বাবে কিবা আশাৰে ৰৈ থকাটো খুবেই বিৰক্তিকৰ হৈ পৰে |
মোবাইটোত বাৰে বাৰে ৰিং হৈ আছে কিন্তু আকাশৰ ফোন পোৱা নাই ৰাংঢালীয়ে | তাই ভাবিছে,
"এতিয়াও আকাশ শুই উঠা নাই নে ?"
ক্ৰিঙ ক্ৰিঙ………
৯ বাজিল | তাই আকৌ এবাৰ ফোনটো লগালে | আকাশে তেতিয়াও টোপনিত লালকাল হৈ আছিল | ফোনটো বাজি থকা দেখি কেনেবাকৈ সি ফোনটো উঠালে,
- ও ৰাংঢালী কোৱা | ইমান ৰাতিপুৱাই যে !!
ৰাংঢালী - শুই উঠা নাই নেকি ? এতিয়াও পুৱা হৈ আছেনে… চাচোন মোবাইলটোত কিমান টা মিছকল হৈ পৰিছে ??
আকাশ - ৰাতি শুৱাতে দেৰি হৈছিল | so উঠা নাছিলো, কোৱা...
ৰাংঢালী - উঠ আকৌ এতিয়া | আজি মনত আছে ন কি দিন ?
আকাশ - কিবা !! (আকাশ একপ্ৰকাৰ উচপ খাই বিচনা খনৰ পৰা শুই উঠিল)
ৰাংঢালী - কিয় ? আজি ইন্টাৰভিউৰ ৰিজাল্ট নিদিব জানো… যাবা নে ? লগ কৰিবা নে পাহৰিলা কথাটো ??
আকাশ - ও ও যাম যাম | যাবতো লাগিবই | পিছে তুমি ৰেডি হলাই নেকি ?
ৰাংঢালী - ও মই গা-পা ধুই ৰেডি হৈয়ে আছো | just কিবা এটা খাই ওলালে হল | তুমিও ৰেডি হোৱা | যোৱা এতিয়া ৯ বাজি সিপাৰ হল | ও আৰু তুমি ১০ বজাত বাছ আস্থান পোৱাকৈ ওলাই আহিবা তেন্তে |
আকাশ - হব হব…
আকাশে লৰালৰিকৈ গাটো ধুই আহি সাজু হোৱাত লাগিল | মাকে বাঢ়ি দিয়া ভাত কেইটামান খাই উঠিল | অলপ দৌৰা দৌৰি কৰা দেখি দেউতাকে তাক মাত লগালে,
দেউতা - আজি তোৰ ৰিজাল্ট দিব ! পাছ কৰা বা নকৰা এইবোৰ ভাবি তই নিৰাশ নহবি | সময় বহুত আছে হাতত | কিন্তু সেই সময়খিনিক সঠিক কামত ব্যৱহাৰ কৰি সফল হোৱাৰ কথা ভাবিবি | যোৱা ভালকৈ বাবা… ঈশ্বৰে মঙ্গল কৰক তোমাৰ...
আকাশ - ঠিক আছে দেউতা |
দেউতাকে কোৱা কথা খিনিত আকাশৰ ভাল লাগিল | ৰাতিপুৱাই এইষাৰ কথা দেউতাকৰ মুখৰ পৰা শুনি তাৰ মনটোত আৰু সাহস বাঢ়িল | সি বাছ আস্থানলৈ গতি কৰিলে |
আচলতে যেতিয়া জীৱনত সফলতাৰ সকলোবোৰ পথ বন্ধ হৈ যায় আৰু নিজকে জীৱনটোত "কিয় জন্ম ললো" বুলি ধিক্কাৰ ওপজে তেতিয়া মাক-দেউতাকে কোৱা সৰু সৰু কথাবোৰেও মনত বহু সাহস আৰু প্ৰেৰণা যোগায় | যিয়ে আমাক জীৱন পথত বাৰে বাৰে হাৰি গলেও জী উঠিবলৈ শিকায় |
অপ্ৰকাশিত ভালপোৱাৰ অন্য এটা নামেইতো দেউতা | কাৰণ হাজাৰ কষ্ট আৰু পৰিশ্ৰমৰ ফলত এজন দেউতাকে নিজ সন্তানক সৰুৰে পৰা ডাঙৰ দীঘল কৰে | আনফালে মাকেও নিজৰ টোপনি ক্ষতি কৰি হলেও কেঁচা ঘুমতিৰে কেঁচুৱাটোক পোহপাল দি ৰাখে | সন্তানক সদায় সুখত ৰাখে | তেনেস্থলত কিছুমান সন্তানে নিজ মাক-দেউতাকক কেনেকৈ পাহৰে ?
আকাশৰ বহু সপোন তাৰ মাক দেউতাকক লৈ | নানান ধৰণৰ চাকৰিৰ বাবেও সি এপ্লাই কৰিছিল, কিন্তু সফলতাৰ পোহৰ দেখা নাই আজিলৈকে কতো |
দেউতাক আগৰ দিনৰ ভদ্ৰ মানুহ | যিখিনি কথা কয় সদায় স্পষ্টকৈ কয়, দেউতাকৰ কথাত একো যেন ধূলি বালি নাথাকে |
আকাশৰ কেতিয়াবা ভাব হয়,
তাৰ যেন জীৱনটো ডাৱৰে ঢাকি অন্ধকাৰ কৰি ৰাখিছে | আৰু পোহৰ কেতিয়া পাব তাৰে অপেক্ষাত হয়তো সি দিনবোৰ পাৰ কৰিছে |
কথাবোৰ ভাবি ভাবিয়ে সি বাছ আস্থান পালে | ঘড়ীটোলৈ চালে, ১০ বাজিবলৈ আৰু ১০ মিনিট বাকী আছে | কিন্তু অলপ আগত দেখিলে ৰাংঢালী তাৰ আগতেই আহি তাত হাজিৰ হৈ আছে | অজয়ৰ তাইক দেখি মনটো আৰু অধিক ভাল লাগি গল |
No comments:
Post a Comment