ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | পঞ্চম খণ্ড | Rangdhali Part 5 | New Assamese Short Love Story By Ankur Das | Emotional Assamese Short Sad Story Line | Masuma Mehjabin - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

ৰাংঢালী - প্ৰেম ভালপোৱাৰ কথাৰে | চুটি কাহিনী | পঞ্চম খণ্ড | Rangdhali Part 5 | New Assamese Short Love Story By Ankur Das | Emotional Assamese Short Sad Story Line | Masuma Mehjabin

 

ৰাংঢালী

প্ৰেম - ভালপোৱাৰ কথাৰে | চুটি কাহিনী
পঞ্চম খণ্ড

জীৱন এনেকুৱাই !! যিয়ে পায় তেওঁ সমস্ত পায়, আৰু যিয়ে নাপায় তেওঁ সকলোবোৰ হেৰুৱায় !!

আগৰ খণ্ডৰ পৰা... (Read More)


     কথাবোৰ ভাবি ভাবিয়ে সি বাছ আস্থান পালে | ঘড়ীটোলৈ চালে, ১০ বাজিবলৈ আৰু ১০ মিনিট বাকী আছে | কিন্তু অলপ আগত দেখিলে ৰাংঢালী তাৰ আগতেই আহি তাত হাজিৰ হৈ আছে | অজয়ৰ তাইক দেখি মনটো আৰু অধিক ভাল লাগি গল |


আকাশ - ৰাংঢালী |


ৰাংঢালী - আহিলা | বলা | যাও অফিচলৈ |


    দুয়ো অফিচলৈ বুলি ওলাল | অফিচ আহি পোৱাত দেখিলে যে ইন্টাৰভিউৰ ৰিজাল্ট উলিয়াইছে |


ৰাংঢালী - আকাশ, মনত আছে ন | নিৰাশ নহও  বেয়া হলেও মোৰ ৰিজাল্ট | আগবাঢ়ি  যাম  সাহসত আৰু তৈয়ো নহবি |


আকাশ - হয় ৰাংঢালী | বলা ৰিজাল্টটো আগত চাও |


     ৰিজাল্ট চোৱাত দেখিলে ৰাংঢালী পাছ  কৰিলে | কিন্তু আকাশে কাষ্টৰ বাবে নাপালে | আকাশে যদিও ভাঙি পৰিছিল নিৰাশ হোৱা  নাছিল | কাৰন তাৰ লগত মা-দেউতাই দিয়া সাহস, মৰম আৰু আশীৰ্বাদ তাৰ লগত আছে | ৰাংঢালীৰ নিচিনা এজনী ভাল বান্ধৱী আছে তাৰ লগত | তাৰ মুখত হাহিও এটি বিৰিঙি আছিল কাৰন ৰাংঢালীয়ে ইন্টাৰভিউত ভালদৰেই পাছ  কৰিছিল |


     আমিতো সদায় নিজৰ সুখত বহুত সুখী হও  কিন্তু কেতিয়াবা বেলেগৰ ভাল দেখি সুখী হৈ চাবচোন; মনটোক কিবা এক বেলেগ ধৰণৰ  সুখৰ অনুভূতি পোৱা যায় |


আকাশ - ৰাংঢালী, মই পিছে এইবাৰ পাৰ্টীটো তোমাৰ পৰা পাম ন? ভালদৰে কাম কৰিবা | আগবাঢ়ি যোৱা এনেকৈ |


ৰাংঢালী - তুমি সদায় ভাল বন্ধু হিচাপে লগত  থাকিব লাগিব আকাশ | তুমিও নিৰাশ নহবা | নিজৰ ওপৰত বিশ্বাস ৰখা | সফল হবা এদিন  হলেও | জীৱনত হেঙাৰ হিচাপে ঘাট-প্ৰতিঘাতটো বহুত আহিব, কিন্তু নিজৰ ওপৰত আত্মবিশ্বাস আৰু সাহস গোটাই লব লাগিব |


আকাশ - নাই নাই, একো নিৰাশ নহও মই | তুমি  আছা লগত এইবোৰ কথা কৈ মোক উৎসাহ দিবলৈ তাতেই সুখী | আৰু মা-দেউতাই দিয়া  মৰম, সাহস, আশীৰ্বাদ আছে | ইমান সোনকালে  পৰাজয় নহও |...


     ...কিন্তু কি জানা ৰাংঢালী, কেতিয়াবা নিজকে বেয়া লাগে; কাৰন মা-দেউতাও বুঢ়া হৈ আহিছে | এতিয়া ঘৰখনৰ দায়িত্ববোৰো মোৰ হাততে আহি পৰিছে | আনকি সকলোবোৰ সমস্যা দেখিও মই  একো কৰিব পৰা নাই কাৰন সেই সমস্যাৰ সমাধান মোৰ লগত নাই | আনফালে কিমান দিন কম যে দেউতাক "ইন্টাৰভিউ আজিও মোৰ বেয়াই হল" বুলি |...


     ...কেতিয়াবা ভাবো, এনেকৈ সদাই নিৰাশ হোৱাৰ খবৰ দেউতাক দিব নোৱাৰি | মোৰো মন যায় মই সফলতা হলে মা-দেউতাৰ মুখত বিৰিঙি উঠা সেই হাঁহিটো চাব | কিন্তু কি কৰিবা, নিজৰ ওপৰতে ধিক্কাৰ আহে ! তথাপি সফলতালৈ বহু দূৰ বাট বুলি জানিও যুঁজি আছো; জানোচা এদিন আশাৰ ফুল জোপাহ লহ পহকৈ ফুলি উঠে তাৰে বিশ্বাসত কিবাকৈ জীয়াই আছো |



সফলতালৈ বহুদূৰ বাট বুলি জানোঁ,
তথাপি যুঁজি আছো !
জানোচা এদিন আশাৰ ফুলজোপা লহ-পহকৈ
ফুলি উঠে তোমাৰ বিশ্বাসত !!

ৰাংঢালী - ইমানকৈ নাভাবিবা চোন | নিশ্চয় সফল হবা | মা-দেউতা আছে সদায় তোমাৰ লগত | বান্ধৱী হিচাপে মই সদায় আছো তোমাৰ লগত | বলা এতিয়া কিবা এটা খাই লওগে |


আকাশ - বলা, বলা,,, তুমিও ভালদৰে আগবাঢ়ি যোৱা | অহা সপ্তাহৰ পৰা নতুন অফিচত আহিবা | ভালদৰে কামবোৰ কৰিবা |


ৰাংঢালী - হব আকাশ | বলা এতিয়া |


     দুয়ো খাই লৈ ঘৰাঘৰি গ'ল |


◆◆◆◆◆◆◆◆


     ৰাংঢালীৰ বাবে আজি এটা ভাল দিন |

তাই হাঁহি মুখে ঘৰ গ'ল কিন্তু আকাশৰ ঘৰ যাবলৈ আজি সাহস নহল | নিৰাশাৰ খবৰ কিমান নো আৰু সি মা-দেউতাকক দিব | সেইবাবে অলপ সময় সি কথাবোৰ ভাবি ভাবিয়ে বাহিৰত থাকিল | সন্ধিয়ালৈকে ঘৰ গৈ নোপোৱাত মাকে তালৈ ফোন কৰিলে |


মা - বাবা ক'ত আছা?


আকাশ - মা, আছো ৰবা বাহিৰত |


মা - ঘৰ আহ বাবা | নিৰাশ নহবি | একো নাই, সময় আছে বাবা | মাথো দেউতাৰে কোৱাৰ দৰে সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিবি |


আকাশ - তুমি কেনেকৈ মোৰ ৰিজাল্টৰ খবৰ পালা মা?


মা - তোৰ মা হয় | তোৰ মাততে জানিছো কথাবোৰ | তই নকলেও বুজি পাও বুজিছ | এতিয়াই ঘৰ আহ, দেউতাকে তোমাৰ কথা বাৰে বাৰে সুধি আছে |


     মাকৰ কথাত আকাশে অলপ সময়ৰ পিছতে ঘৰ আহি পালেহি | মুখ-হাত ধুই আহি দেউতাকৰ কাষতে বহিল | মাকে দুকাপ চাহ আনি দিলে |


দেউতা - তই কিয় ঘৰ অহা নাছিলি?


আকাশ - নাই দেউতা এনেই?


দেউতা - চা বাবা | জীৱনটোত মানুহ হৈ জন্ম লৈছা যেতিয়া বিভিন্ন ধৰণৰ ঘাট-প্ৰতিঘাত দেখা পাবিয়ে | তাৰে তোমাৰ দুখ-সুখ দেখি কোনোবাই হাঁহিব, কোনোবাই নাচিব, কোনোবাই জ্বলিব!...


     …আৰু তুমি তাৰ পৰাই অৰ্থাৎ তই পোৱা সেই আঘাতৰ পৰাই নতুন নতুন কথা সদায় শিকিব পাৰিবি | মানি লোৱা আজি তুমি সফল নহলি, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তই জীৱনত সফল নহবি | আৰু সফল নহলি বুলিয়েই যে তই মন ভাঙি পৰিবি সেইটো নহয় | যদি নিজৰ মন ভাঙি  দিও তোৰ নিজৰ ওপৰতেই আত্মবিশ্বাস আৰু  সাহসকণ হেৰুৱাই পেলাবি |...


     ...চেষ্টা, পৰিশ্ৰম সদায় নিজৰ হাতত | দহজনে দহটা কব, কিন্তু তুমি সেই দহটা কথাৰ কোনটো বেছি ভাল, কোনটোৰ তুমি যোগ্য সেয়া তুমি নিজেই ঠিৰাং কৰিব পাৰিব লাগিব | এটাই ভাব লগত ৰাখিবি, আজি সফল নহলেও কালিলৈ বা পৰহিলৈ হলেওতো তই সফল হবি | কেৱল মন ভাঙি নেপেলাবা, আমি আছো সদায় তোমাৰ লগত | মাথো প্ৰচেষ্টা তোমাৰ নিজৰ ওপৰত | সফল হবি এদিন হলেও !!


     দেউতাকে আকাশক ভালেখিনি কথাই বুজালে | আকাশেও দেউতাকৰ কথাবোৰত নিজকে বহু বিশ্বাস আৰু মনত সাহস গোটালে | দেউতাকৰ কথাৰ মাজে মাজে সি ৰাংঢালীৰ কথাও ভাবিলে | আজি ৰাংঢালীৰ দৰে যদি সিও ইণ্টাৰভিউত পাছ কৰিলেহৈ তাৰ মাক-দেউতাকে যে কিমান সুখ অনুভৱ কৰিলেহৈ | কিন্তু সেইখিনি আশা আজিও আকাশৰ নিৰাশ হৈয়ে থাকিল |


 

জীৱন এনেকুৱাই !!

যিয়ে পায় তেওঁ সমস্ত পায়, আৰু যিয়ে নাপায়

তেওঁ সকলোবোৰ হেৰুৱায় !!


আকাশৰো এটাই মন, সি ভাল কিবা এটা চাকৰি কৰিব, মাক-দেউতাকক সুখী কৰিব, ঘৰখন সুচাৰুভাৱে চলাব পৰা এগৰাকী বোৱাৰী আনি মাক-দেউতাকক এদিন উপহাৰ হিচাপে দিব! কিন্তু আকাশৰ এই পৰিস্হিতিত এজন বেকাৰ ল'ৰা হিচাপে কৰিব পাৰিব জানো তাৰ লক্ষ্যবোৰ পূৰণ??


     কেনেকৈ ক'ব সি ৰাংঢালীক "তোমাক ভাল পাওঁ বুলি" | মানি ল'ব জানোঁ ৰাংঢালীয়ে আকাশৰ ভালপোৱাৰ প্ৰস্তাৱ!!  - কথাবোৰ ভাবি ভাবিয়ে আকাশে কপালত হাত এখন থৈ বিচনাত পৰি আছে ||


আগলৈ...


[ বিদ্ৰো: ৰাংঢালীৰ এই চুটি কাহিনীৰ উপন্যাসখনৰ আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দি থোৱা লিংকটোত ক্লিক কৰি চাব পাৰিব। অথবা Google -ত ৰাংঢালী প্ৰেম ভালপোৱাৰ কথাৰে বা ৰাংঢালী চুটি কাহিনী ইত্যাদি লিখিও সকলোবোৰ খণ্ড অতি সহজে চাব পাৰিব।


নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ সময়মতে পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব। Special thanks to all 3M+ Views on the Assamese Story RANGDHALI. ]



চতুৰ্থ খণ্ডৰ লিংক -
             Read Now:

ষষ্ঠ খণ্ডৰ লিংক -
           Read Now:

ৰাংঢালী - প্ৰেম ভালপোৱাৰ চুটি কাহিনী

RANGDHALI
An Assamese Emotional
Short Sad Story
Romantic Axomiya Stroy
New Assamese Short Love Story,
Sad Story In Assamese | Ankur Das
Jimli Nathan Axomiya Story
Assamese Short Love Story | Masuma Mehjabin
Emotional Assamese Love Story
Daily Assamese Status

 
"Rangdhali - প্ৰেম ভালপোৱাৰ চুটি কাহিনী"
Written By
Ankur Das
The Lession Of Story
AKASH & RANGDHALI
Daily Assamese Status


[ সদায় নতুন নতুন পোষ্ট আৰু ধাৰাবাহিক উপন্যাস সমূহ পাই থাকিবলৈ আমাৰ ৱেবচাইটৰ লগত থাকক । Google -ত DailyAssameseStatus অথবা DailyAssameseStatus.Blogspot.Com লিখি Search কৰিও আমাৰ নতুন পোষ্টসমূহ সহজতে চাব পাৰিব ]

No comments:

Post a Comment