ছোৱালীবোৰ যেতিয়া বিয়া হয়, মঙ্গল কামনাৰে উৰুলিৰ মাজেৰে এখন নতুন ঘৰলৈ বুলি ওলাই যায় (উলিয়াই দিয়া হয়), তেতিয়া তেওঁলোকক লোকৰ বুলি কোনেও নাভাবে অথবা ভাবিব নোৱাৰে কিন্তু তেওঁলোক অচিনাকি হৈ যায় ।
১। জন্মহোৱা মাক-দেউতাকৰ ঘৰখনলৈ ফুৰিবলৈ আহি হাত-মুখ ধুই যেতিয়াই নিজৰ বেগৰ পৰা কণমানি টাৱেল এখন উলিয়াই লয়, তেতিয়াই তেওঁলোকক সম্পূৰ্ণ অচিনাকি যেন লাগে ৷
২। পাকঘৰৰ দুৱাৰ মুখত যেতিয়াই তেওঁলোকে হাঁহো-নাহাঁহোকৈ থাকে, তেতিয়াই তেওঁলোকক অচিনাকি যেন বোধ হয় ৷
৩। এগিলাছ পানীৰ বাবে যেতিয়া তেওঁলোকে জন্ম হোৱা ঘৰখনত ইফালে-সিফালে চায়, তেতিয়াই তেওঁলোকক অচিনাকি যেন লাগে ৷
৪। যেতিয়া তেওঁলোকে মলিয়ন হোৱা কাপোৰখিনি "মা অ' মই নিজেই ধুই লম" বুলি কয়, তেতিয়াই তেওঁলোক অচিনাকি হৈ পৰে ।
৫। মাকৰ ঘৰৰ টেবুলত সজাই থোৱা খাদ্য সমূহৰ ঢাকোন খুলি খুলি ক'ত কি ব্যঞ্জন আছে বুলি বিয়া দিয়া ছোৱালীজনীয়ে যেতিয়া উদঙাই চাই, তেতিয়াই তাই অচিনাকি হৈ পৰে ৷
৬। মানিবেগটোৰ পৰা টকা উলিয়াই যেতিয়াই ইফালে-সিফালে চাই সতৰ্ক হৈ পৰে, তেতিয়াই তাই লোকৰ হৈ গ'ল বুলি ধৰি ল'ব পৰা যায় ৷
৭। নিৰৰ্থক ভাবে হাঁহি মাৰি যেতিয়াই তাই দুখতো বৰ সুখী যেন দেখুৱাই, তেতিয়াই তাই আনৰ হৈ গ'ল বুলি নিশ্চিত হৈ পৰে ।
No comments:
Post a Comment