গৃহিনী - অন্য এক ব্যতিক্ৰমী নাৰীৰ কাহিনী | ধাৰাবাহিক উপন্যাস | সাবিত্ৰী কাশ্যপ | Grihini Part 5 | Emotional Assamese Sad Story By Sabitri Kashyap - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

গৃহিনী - অন্য এক ব্যতিক্ৰমী নাৰীৰ কাহিনী | ধাৰাবাহিক উপন্যাস | সাবিত্ৰী কাশ্যপ | Grihini Part 5 | Emotional Assamese Sad Story By Sabitri Kashyap

গৃহিনী

অন্য এক ব্যতিক্ৰমী নাৰীৰ কাহিনী |
ধাৰাবাহিক উপন্যাস | পঞ্চম খণ্ড


     ৰাতি শংকৰে কথাবোৰ খঙত অলপ বেয়াকৈ কৈছিল বাবে ৰাতিপুৱা মনটো বৰ বেয়া লাগি থকাৰ উপৰি ভিতৰি অনুতপ্ত হৈও আছে। খং উঠাৰ তেনে কোনো কথাই তাই কোৱা নাছিল। কিন্তু তথাপিও কিয় খংটো পটকৈ উঠি গৈছিল, ধৰিবই নোৱাৰিলে।


     তাই কিয় তেনেকৈ কৈছে এবাৰো সুধি নাচালে। কিয় তাই হঠাৎ পঢ়িবৰ মন মেলিছে এইটো জানিবৰ বৰ মন গ'ল। কাৰণ আজিলৈকে তাই তেনে কথা কেতিয়াও কোৱা নাই।


     শতৰূপাই এই বিষয়ে একো নকয় এইটো কথা ভালকে জানে। সেয়েহে শংকৰে আচল কথাটো জানিবলৈ ভনীয়েক মাইনীক ভাত খাওঁতে ক'লে,


: মাইনী যোৱা কালি ঘৰত কিবা হৈছে নেকি?? মানে তোৰ মাজু বৌ'ক কোনোবাই কিবা কৈছে নেকি??


: কিয়?? তই নাজান' নেকি??


: ঘৰৰ কথা, তাকো মাইকী মানুহৰ কথা!! এইবোৰৰ বিষয়ে মই কেনেকৈ জানিম??


: হয় ঠিকেই। পিছে দাদা মাজে মাজে অলপ-চলপ ঘৰৰ খবৰো ৰাখিব লাগে।


: অ' হয় নেকি!! তই দেখোন বৰ ডাঙৰ-ডাঙৰ জ্ঞানৰ পাঠ পঢ়াব পৰা হ'লি। - শংকৰে অলপ ধেমেলীয়া সুৰত ক'লে।


: হু… হয়। এতিয়া ডাঙৰ হ'লো যে।


: হ'ব মোৰ আই!! আপোনাৰ এই জ্ঞানৰ পাঠ বেলেগ এদিন শুনিম। এতিয়া আচল কথাটো কোৱা!!


     ককায়েকে অলপ ঠাট্টা কৰি কোৱা বাবে তাইয়ো অভিমানী সুৰত ক'লে,


: কৈ আছো ৰ'। ইমানো আৰু কথা শুনাব নালাগে দে মোক।


     মাইনীৰ খং উঠা গম পাই ককায়েকে আকৌ ক'লে,


: হ'ব মোৰ গোঁহানী, ইমানতে আৰু খং কৰিব নাপায় দেই। মই ধেমালীহে কৰিছো।


: হ'ব যা ধেমালী কৰিবলে আৰু সময় নাপালি।


     তেনে সয়মত শতৰূপা ওচৰত আহি যোৱাত দুয়ো চুপ হৈ গ'ল আৰু ইটোয়ে সিটোৰ মুখলৈ চাই ৰ'ল।


     আজি পাহি স্কুল যোৱা নাছিল বাবে তাইয়ো দেউতা আৰু পেহীৰ লগত বহি একেলগে ভাত খাই আছিল। সিহঁত দুয়োৰ কথাবোৰ পাহিয়ে শুনা পাইছিল। সেয়ে মা'কক দেখি তাই চিঞৰী উঠিল,


: মা মা জানা, দেউতা আৰু পেহীয়ে কাজিয়া কৰি আছিল। এতিয়া আপোনাক দেখিয়ে সিহঁত মনে মনে আছে। মই দাদাহঁতৰ লগত কাজিয়া কৰিলে আপুনি আমাক কয় কাজিয়া কৰিব নাপায় বুলি। এতিয়া সিহঁতকো কওক। ইমান ডাঙৰ ডাঙৰ মানুহ হৈ কাজিয়া কৰে নেকি!!


     তাইৰ কোমল কোমল দুটি ওঁঠৰ মিঠা মাতেৰে একেৰাহে মা'কক কথাখিনি কৈ তাই ইয়াৰ পৰা আঁতৰি গ'ল।


      শতৰূপাই পাহিৰ কথাখিনি মনোযোগৰে শুনি অলপ হাঁহিমুখেৰে পাহিৰ পিছে পিছে ওলাই গ'ল। কাৰণ তাই জানে সিহঁত ককায়েক-ভনীয়েকে এনেই এইবোৰ ধেমালী কৰিছে।


     শতৰূপা তাৰ পৰা আঁতৰি যোৱাৰ পিছত মাইনীয়ে ক'লে,


: দেখিলি পাহিয়ে কি কৈছে!! এতিয়া অলপ ইজ্জত দি কথা ক'বি। নহ'লে তাই ক'ব দেউতা ইমান ডাঙৰ হৈয়ো কাজিয়া কৰে।


     এইবাৰ শংকৰে একো নক'লে কেৱল এটা মিছিকীয়া হাঁহি মাৰিলে।


     পিছত মাইনীয়ে সকলোবোৰ কথা খুলি ক'লে। কথাখিনি শুনি শংকৰে আকৌ ক'লে,


: অ' এইবাবেই তাই ৰাতি মোক তেনেকৈ কৈছে।


: কি কৈছে বৌ'য়ে??


: নাই, একো নাই।


: নক'লে নাই যা।


: ক'ম… কিন্তু  পিছত। এতিয়া মোৰ সময় নাই ক'বলৈ।


     কথাখিনি কৈ শংকৰ স্কুল যাবলৈ ওলাই গ'ল।


     ৰাতিৰ কিনকিনীয়া বৰষুণজাকে মানুহৰ লগতে প্ৰকৃতিকো দিনৰ টিকা ফটা ৰ'দৰ উত্তাপৰ পৰা বহুতখিনি সকাহ দিছে। ৰাতিপুৱাও চিপচিপকৈ বৰষুণ পৰি আছে।


     বাহিৰত গছ-গছনিৰ পাতবোৰে পানীৰ পৰশ পাই খিলখিলাই উঠিলে, ফুলবোৰে হালি-জালি নাচি নিজৰ আনন্দৰ কথা প্ৰকাশ কৰি আছে। চৰাইবোৰে ৰাতিপুৱা খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই যাব নোৱাৰি বাহৰ ভিতৰতে চিউ-চিউ কৈ চিঞৰী আছে। সেই সময়ত প্ৰকৃতিত এক মনোৰম সৌন্দৰ্যই বিৰাজ কৰিছে।


     বাহিৰৰ চৰাইৰ মাতত হঠাৎ শতৰূপাৰ চকু মেল খালে। ওৱালত থকা ঘড়ীটোলৈ চাই দেখে পুঁৱাৰ ৭ বাজিল। আজি বহুত পলম হ'ল সাৰ পোৱাত। তৎক্ষণাত উঠি পাহিকো জগাই দিলে। 


     পাহিয়ে 'উঠিম ৰব' বুলি কৈ আকৌ শুই পৰিল। মা'কেও তাইক বেছি জোৰ নকৰিলে উঠিবৰ বাবে। পাহিক বিছনাত এৰিয়ে শতৰূপা লৰালৰি কৈ গা ধুৱলৈ বাথৰুমলৈ সোমাই গ'ল। যেনতেন কৰি গাটো ধুই তাই বাহিৰলৈ ওলাই আহিল। কাৰণ ৮:৩০ টা বজাত ল'ৰা-ছোৱালীবোৰ স্কুল যাব। গতিকে তাৰ আগত ভাত সবজী বনাই, সিহঁতৰ বাবে টিফিন কেইটাও বনাই দিব লাগিব। তাৰ মাজতে তাই ল'ৰা কেইটাই সাৰ পালে নে নাই চাবলৈ শাহুৰ ৰুমলৈ সোমাই গ'ল।


     শতৰূপাৰ ল'ৰা আৰু জা'জনীৰ ডাঙৰ ল'ৰাটো আইতাৰ লগতে শুৱে। সিহঁত দুটাক পঢ়া টেবুলত পঢ়ি থকা দেখি তাই সিহঁতক একো নকৈ তাৰ পৰা ওলাই পোনে পোনে পাকঘৰলৈ সোমাই গ'ল। পাকলৈ সোমাই তাই আচৰিত হ'ল।


     তৎক্ষণাত ভাৱিব পৰা নাই কি হৈ আছে। আজি তাইৰ চকুকেইটাই কিবা ভুল দেখা পাইছে যেন লাগিছে। লাহে লাহে তাই ভিতৰলৈ সোমাই গ'ল। ওচৰত গৈ তাই আৰু বেছি আচৰিত হ'ল।


আগলৈ.....


[ "গৃহিনী" - এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 8.00 pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি অতি সহজতে চাব পাৰিব। ]



Follow on- INSTAGRAM

চতুৰ্থ খণ্ডৰ লিংক -
          Read Now :

ষষ্ঠ খণ্ডৰ লিংক -

No comments:

Post a Comment