গৃহিনী | এগৰাকী নাৰীৰ সঁচা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | সাবিত্ৰী কাশ্যপ | Grihini Part 3 | Emotional Assamese Sad Story By Sabitri Kashyap - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

গৃহিনী | এগৰাকী নাৰীৰ সঁচা জীয়া কাহিনী | ধাৰাবাহিক উপন্যাস | সাবিত্ৰী কাশ্যপ | Grihini Part 3 | Emotional Assamese Sad Story By Sabitri Kashyap

গৃহিনী - এগৰাকী নাৰীৰ সঁচা কাহিনী | ধাৰাবাহিক উপন্যাস | তৃতীয় খণ্ড | সাবিত্ৰী কাশ্যপ


     আজি শতৰূপাৰ কামৰ ব্যস্ততা অলপ বেছি। বাইদেউ অৰ্থাৎ ডাঙৰ জা'ৰ চিনাকী কেইজনীমান বান্ধৱী ঘৰলৈ আহিব। তেওঁলোক ভাত খোৱাকে আহিব বাবে জা'জনী ৰাতিপুৱা সোনকালে উঠি ইটো-সিটো কামত লাগি আছে। ইমান সোনকালে উঠি ঘৰ চাফা কৰাৰ লগতে বিশালৰ হতুৱাই বজাৰ-সমাৰো কৰালে।


     বিশালে বজাৰৰ পৰা মাছ, মাংসৰ লগতে শাক-পাচলিৰো বজাৰ কৰিছে। বিশালে বজাৰৰ বস্তুখিনি আনি ডাঙৰ বৌ'ক  দিলে। বৌয়ে আকৌ এইখিনি নি শতৰূপাক গতাই ক'লে,


: ৰূপা এইখিনি ল' আৰু মই যিবোৰ আইটেম যেনেকৈ কম তেনেকৈ বনাই ৰাখিবি। মাংসখিনিত অলপ জ্বলা কম দিবি।


     শতৰূপাই সেমেনা-সেমেনি কৰি ক'লে,


: বাইদেউ আপোনাৰ কোনোবা আলহী আহিব নেকি??


     তাইৰ কথাত কেৱল হু বুলি কৈ আকৌ ক'লে,


: শুন ৰূপা, ৰন্ধা-বঢ়া হোৱাৰ পিছত এইখিনি মোৰ ড্ৰয়িং ৰুমৰ ডাইনিং টেবুলত ভালকে সজাই পৰাই থৈ আহিবি। ইহঁত কেইজনীয়ে মোৰ ৰুমতে খাব। পাকঘৰৰ ডাইনিংত ক'ত নো খাব পাৰিব।ভালেই কৰিলো মোৰ বিয়াৰ ডাইনিং টেবুলখন পাকঘৰলৈ নানিলো, নহ'লে আজি এইখিনিৰ অৱস্থা জৰাজীৰ্ণ হৈ গ'লে হয়। চাচোন চা তই অনা ডাইনিং খনৰ অৱস্থা। একেবাৰে লেতেৰা হোৱাৰ লগতে পুৰণিও হৈ গৈছে।…


     … আৰু নহ'ব নো কিয় ঘৰৰ অ'তবোৰ মানুহে দিনৰ দিনটো ইটো সিটো খোৱাৰ লগতে গাঁওৰ কোনোবা আহিলে চাহকণ খোৱাবলৈ হলেওঁ ডাইনিঙতে খোৱাব লগা হয়। আমাৰ ঘৰৰ মানুহবোৰেই যে আৰু! জোনে তোনে আহিলেই একেবাৰে ঘৰৰ ভিতৰলৈ মাতি লৈ আনে।…


     … এইবোৰ মই একেবাৰে ভাল নাপাও দেই। মাহঁতৰ ঘৰতে ভাল আছিল, ইমান মানুহৰ আহ-যাহ নাছিল। ইয়ালৈ বিয়া হৈ আহি হে এইবোৰ পালোঁ।


     জা' জনীয়ে বিনা বিৰামে একেৰাহে কথাখিনি কৈ গৈছিল। শতৰূপাই নিজৰ কাম কৰাৰ লগতে কথাবোৰো মনোযোগৰে শুনি গৈছিল। কথাৰ মাজত তাই কিবা ক'ম বুলি ভাৱিছিল, যদিও ক'বলৈ সাহস নহ'ল। কাৰণ তাই জানে কিবা কথাত বিৰোধিতা কৰিলে জা' জনীয়ে সহজে নেৰে আৰু তাইৰ কথাৰ আঁৰ লৈ গোটেইখন ঘৰতে কন্দল লগাই ওলটা তাইকে সকলোৰ বাবে জগৰীয়া কৰিব।


     আজি কাম কৰাবৰ বাবে যে ইমান সময় তাইৰ লগত কথা পাতি আছে, এই বিষয়ে শতৰূপা অৱগত। বিয়াৰ পিছত আজিলৈকৈ হয়তো তিনি চাৰিবাৰ মানহে জা' জনীয়ে তাইৰ লগত সৰহকে কথা পাতিছে। নহ'লেতো দুআষাৰ কথাৰ বাদে একোয়ে নকয়।


     শতৰূপাই তাইৰ ডাঙৰ জা' জনীৰ বিষয়ে সকলো কথা ভালকে জানে। ইয়াত ঘৰত কাৰো লগতে ভালকে কথা-বতৰা নাপাতে। মন গ'লে বা দৰকাৰ পৰিলেহে এষাৰ-দুষাৰ কথা কয়। ঘৰৰ মানুহেও তাইক একো নকয়। লগতে টাউনত থকা ছোৱালী হোৱা বাবে ইয়াত গাঁওত আহি মিলিব পৰা নাই বুলি সকলোয়ে ভাৱি লৈছে।


     শতৰূপাক ৰন্ধাৰ বাবে কেইপদমান পাছলি কুটি দি জা'জনী পাকঘৰৰ পৰা ওলাই আহিল। ওলাই আহোতে তাইক পুনৰ ক'লে,


: আৰু শুন ৰূপা। ইহঁতবোৰৰ ওচৰত চাহ-পানী লৈ আহোঁতে তই ভাল শাৰী এখন পিন্ধি, অলপ সাজি কাছি আহিবি। নহ'লে ইহঁতে তোক ঘৰৰ চাকৰণী বুলি ভাৱিব।


     কথাখিনি শুনি তাইৰ অলপ বেয়া লাগিছিল। তাৰ পিছত মনত আকৌ ভাৱিলে,


: হয় দেখোন বাইদেউয়ে কথাটো ঠিকেই কৈছে। মই দেখোন ঘৰত একেবাৰে জধলা-মধলা হৈয়ে থাকো। ক'ৰবাত ওলাই যোৱাৰ বাদে তাই দেখোন ঘৰত থকা সময়কণত, আজিলৈকে চুলিখিনি আচুৰা আৰু কপালত সেন্দুৰকণ লগোৱা বাহিৰে একোৱেই নকৰে। ভালে কৰিছে বাইদেউয়ে কথাখিনি কৈ দিছে। আজি বহুত দিনৰ মূৰত ঘৰত অলপ সাজি-কাছি থাকিবৰ সুবিধা পাব।


     কথাখিনি ভাৱোতে আজি তাইৰ বিয়াৰ আগৰ কথাবোৰলৈ মনত পৰি গ'ল। এসময়ত তাই গাঁওৰ ভিতৰতে এক দীপলিপ লগা ছোৱালী আছিল। দেখাত সাক্ষাৎ দেৱী লাগিছিল। কঁকালত পৰা দীঘল ক'লা কিচকিচিয়া চুলি কোছাই সকলো ডেকাৰ মন কাঢ়ি নিছিল।


     কাষেৰে পাৰ হওঁতে বুঢ়া কি ডেকা সকলোৱে তাইক এবাৰ হ'লেও ঘূৰি চোৱাৰ লগতে কাৰ ঘৰৰ ইমান ধুনীয়া ছোৱালী বুলি আলোচলা কৰিছিল।


     বহুতে বহুতবাৰ তাইক প্ৰেমৰ প্ৰস্তাৱো দিছিল। কিন্তু তাই হে পৰিয়ালৰ সন্মানৰ খাতিৰত কাৰো প্ৰেমৰ প্ৰস্তাৱক গ্ৰহণ কৰা নাছিল। যিমানেই হওঁক ঘৰৰ ডাঙৰ ছোৱালী। গতিকে মান-সন্মানৰ কথা ভাৱি মন যোৱা স্বত্ত্বেও কাৰো স'তে কোনো সম্পৰ্কত নাথাকিলে।


     এক সহজ সৰল ছোৱালী হোৱাৰ লগতে সদায় ডাঙৰৰ কথা মান্য কৰি চলা ছোৱালী আছিল। যাৰ বাবে তাইক সকলোৱে খুউব মৰমো কৰিছিল।


     কথাবোৰ ভাৱি থাকোতে হঠাৎ বাহিৰৰ গাড়ীৰ শব্দত তাই উচপ খায় উঠিলে। লগে লগে তাই অতীতৰ মনোৰম পৃষ্ঠাবোৰ জাঁপ দি বৰ্তমানৰ বাস্তৱ কাহিনীলৈ ঘূৰি আহিল। গাড়ীৰ শব্দ শুনি তাই গম পালে বাইদেউৰ আলহীবোৰ আহি পালে। গতিকে এতিয়া ভাল কাপোৰ এযোৰ পিন্ধি সিহঁতক চাহ-তাহ দিওঁগৈ।


     ডাঙৰ জা' জনীয়ে মাত দিয়াত শতৰূপাই ডাঙৰ ট্ৰেখনত চাহ, কপিৰ লগতে জা'য় কোৱামতে ফ্ৰিজৰ পৰা ড্ৰিংক জাতীয় বস্তুখিনি লৈ ৰুমৰ ভিতৰত এটা মিঠা মিছিকীয়া হাঁহি লৈ সোমাই গ'ল। জা'ৰ নিৰ্দেশমতে যাৰ যিটো লাগে সেইটো তাই দি গ'ল।


     জা' জনীয়ে চাহত দুই হুপ মাৰি ক'লে,


: ৰূপা!!!


: কওক বাইদেউ। আৰু কিবা লাগিছিল নেকি??


: নাই একো নালাগে। ৰিয়ান-বিয়ান (জা'ৰ ল'ৰা দুটাৰ নাম) আহিলে ইফালে আহিব নিদিবি। ভাত খোৱাই ৰাজ (শতৰূপাৰ ল'ৰা)ৰ লগত তোৰ ৰুমতে শুৱ দিবি। মোৰ অলপ দৰকাৰী কথা আছে ইহঁতৰ লগত। ইয়াত আহিলে মোক আমনি কৰিব। 


: ঠিক আছে বাইদেউ।


     ভাত খোৱা সময়ত তাইক আকৌ মাতি দিবলৈ কৈ তাই তাৰ পৰা ওলাই আহিল।


     কিছু সময় পিছত সকলোৰ ভোক লগাত তাইক মাত দিয়াত আহি সকলোৰ বাবে টেবুলত ভাত বাঢ়ি খাবলৈ মাতিলে।


     শতৰূপাৰ হাতৰ ভাতমুঠি খাই সকলোৱে তাইৰ প্ৰশংসা কৰিবলৈ ধৰিলে। বিশেষকৈ তাই বনোৱা মাংস আৰু বুটৰ ডালিৰ জুতিয়ে সকলোকে দুগৰাহমান ভাত বেছিকৈ খাবলৈ বাধ্য কৰালে।


     এনেদৰে সকলোৱে তাইৰ হাতৰ ৰন্ধাৰ প্ৰশংসা কৰাত তাইৰ মন ভৰি গৈছিল। তাইৰ মুখত এক দীঘলীয়া হাঁহিয়ে থিতাপি ল'লে। তাৰে মাজৰ এগৰাকী মহিলাই কৈ উঠিল,


: এই ৰূপা ভাল ৰন্ধা-বঢ়াৰ বাহিৰে আৰু নো কি কি কৰা?? মোৰ জানিবৰ মন গৈছে! তুমি সঁচাই খুউব ভাল খানা বনাব পাৰা দেই। এই বিষয়ে তোমাৰ বাইদেউয়েও আমাক একো কোৱা নাই।


     মানুহগৰাকীৰ কথাবোৰ শুনি তাইৰ বৰ লাজ লাগিল। তাই কিবা এটা ক'ম বুলি মুখ মেলোতেই, জা' জনীয়ে তাইৰ মুখৰ কথাখিনি কাঢ়ি নি ক'লে,


: তাইৰ কথা কিনো ক'ম। ক'বলৈ একোৱেই নাই। তাই ভাল খানা বনাবহে জানে। তাৰ বাহিৰে আৰু একো নাজানে আৰু একো নকৰেও। গোটেই দিনটো ঘৰতে পৰি থাকে। আমাৰ দৰে বাহিৰত ওলাই কিবা চাকৰি এটা কৰিলে ক'লো হয়।


     তেনেতে আন এগৰাকীয়ে ক'লে,


: যিয়ে নহওক ৰীনা (জা' জনীৰ নাম( তোৰ কপালখন সঁচাই বৰ ভাল। নহ'লে ৰূপাৰ দৰে এজনী ভাল ৰান্ধনী বা দেৱৰানী নাপালি হয়। আমাক চা ঘৰৰ সকলো কাম-বন কৰিয়ে চাকৰিলৈ যাব লগা হয়। তোৰ তো তেনে নহয়। বিন্দাচ মহাৰানীৰ দৰে নিচিন্তমনে কামলৈ ওলাই গৈ আছ'।


     এইবাৰ সকলোৱে একেলগে হাঁহি মাৰিলে। সিহঁতৰ  হাঁহিৰ কিৰিলিয়ে শতৰূপাৰ কাণৰ পৰ্দা ফাটি যাব যেন লাগিছিল। সকলোৰ হাঁহি দেখি জা' জনীয়ে পুনৰ ক'লে,


: থ' থ' তহঁতৰ কথাবোৰ। বিয়াৰ আগত মই চাকৰি কৰা বুলি জানি, মোক তেওঁলোকৰ ঘৰৰ মানুহে কৈছিল যে মই হেনো ইয়াত আহিলে একো কাম কৰিব নালাগে। গতিকে বিয়াৰ পিছত শাহুয়ে সকলো কাম কৰিছিল। পিছত শাহুয়ে অকলে ঘৰ-গৃহস্থী চলোৱাত অসুবিধা হোৱাত ৰূপাৰ দৰে গৃহস্থী চলাব পৰা, ঘৰৰ সকলো কামত পাকৈত ছোৱালী এজনী বোৱাৰী কৰি আনিলে। নহ'লে তাইৰ দৰে কম লিখা-পঢ়া জনা ছোৱালী এজনী বোৱাৰী কৰি আনে নে শাহুয়ে!


     জা' জনীৰ মুখত এনে মন্তব্য শুনি তাইৰ মুখৰ কলি সদৃশ্য হাঁহিটো পলকতে মৰহি লিৰিকি গ'ল। মুখেৰে একো নকৈ সিহঁতৰ ভাল শ্ৰোতা হৈ সকলো শুনি গ'ল। তাই তাত বৰ অস্বস্তি অনুভৱ কৰিলে।

 

আগলৈ.....


[ "গৃহিনী"ক অতি সোনকালে সকলোৱে মৰমেৰে আদৰি লোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 8.00 pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি অতি সহজতে চাব পাৰিব। ]



Follow on- INSTAGRAM

দ্বিতীয় খণ্ডৰ লিংক -
          Read Now :

চতুৰ্থ খণ্ডৰ লিংক -

সন্তান জন্ম দিয়া যন্ত্ৰ -
          Read Now :

No comments:

Post a Comment