মোৰ অন্তিমখন চিঠি
তোমালৈ মোৰ অন্তিমখন চিঠি।
নাজানো ইয়াৰ পিছত আৰু লিখিব
পাৰিম নে নোৱাৰিম,
হয়তো নোৱাৰিম কিজানি।
তোমাক বহুত ভাল পাইছিলো জানা,
আপোন কৰি লৱলৈ বিচাৰিছিলো।
নিজতকৈও বেছি তোমাক বিশ্বাস কৰিছিলো,
কিন্তু তোমাৰ ভালপোৱা বোৰ যেন
ভালপোৱা নাছিল।
আছিল মোৰ প্ৰতি কৰা তোমাৰ প্ৰতাৰনা,
কিয় কৰিলা এনেকুৱা?
ইমান ঠুনুকা আছিল নে আমাৰ সম্বন্ধটো?
সপোন দেখুৱাইছিলা একেলগে প্ৰেমৰ মাজেৰে
জীৱন গঢ়াৰ,
হিয়া উজাৰি ভাল পাইছিলো তোমাক।
মাটিৰ চাকিৰ পোহৰৰ দৰে পোহৰাই তুলিব
বিচাৰিছিলো আমাৰ জীৱনটো,
কিন্তু সেয়াও কেৱল এটা মিছা সপোন
হৈয়ে থাকিল।
তথাপিও মই তোমাক বেয়া পাব নোৱাৰো,
তোমাৰ বেয়া হোৱাটো বিচাৰিবও নোৱাৰো,
কাৰণ মই যে তোমাক ভাল পাওঁ।
কামনা কৰো তুমি সুখী হোৱা....,
জীৱনৰ বাটত আগুৱাই যোৱা....,
আৰু মই….,
মই তাতেই সুখী আজীৱন।
No comments:
Post a Comment