গৃহিনী -
বাহিৰত স্কুল বাছখনে হৰ্ণ মৰাৰ শব্দ শুনি শতৰূপা চক খাই উঠিল। তৎক্ষণাত আগ পিছ একো নাচাই তাই সেই ৰুমৰ পৰা দৌৰি ওলাই আহিল। ৰুমৰ পৰা ওলায়ে তাই আৰামতে স্বস্তিৰ এটা উশাহ ল'লে। ইমান সময় এক অচিন অন্ধ কোঠাত নিজকে জোৰ-জৱৰদস্তি কৰি আবদ্ধ কৰা যেন লাগিছিল। মূহূৰ্ততে নিজকে এক মুক্ত আকাশৰ চৰাইৰ দৰে লাগিল। যি নেকি অ'তপৰ পিঞ্জৰাত চটপটাই আছিল।
ল'ৰা-ছোৱালীৰ মাতত শতৰূপাৰ স্বম্বিৎ ঘূৰি আহিল। ইমান সময় যে তাই ভাৱনাৰ সাগৰত ডুব দি আছিল তাই ধৰিবই পৰা নাই। ল'ৰা-ছোৱালী কেইটাক খোৱাই-বোৱাই বিছনাত শুৱাই দি তাই আকৌ এক গভীৰ ভাৱনাত ডুবি যাব ধৰিলে।
তাই ভাৱিব পৰা নাই আজি কিয় জা' জনীৰ কথাবোৰে ইমান আঘাত দিছে?? বাৰে বাৰে কিয় তাই সেই কথাবোৰৰ মাজত সোমাই যাব ধৰিছে?? তাইৰ মনৰ মাজত এক অস্থিৰতাই বিৰাজ কৰিছে। সেই অস্থিৰতাখিনি কেনেকৈ নাইকিয়া কৰিব তাই ভাৱি নাই পোৱা!!
ঘৰৰ কামখিনি কৰি আছে যদিও সেইবোৰ কৰি তাইৰ ভাল লগা নাই। বৌ'য়েকৰ কামখিনিৰ লগতে মুখখনো ননন্দয়েকে বহু সময়ৰ পৰা লক্ষ্য কৰি আছে।তাইৰ মনটো কিয় বেয়া সেইটো কথা মাইনীয়ে গম পাইছে। সেয়েহে বৌ'ক একো নক'লে।
: মা ডাঙৰ বৌ'ক আপুনি একো নকয় কিয়??
: কিয়?? কি ক'ম নো??
: বৌ'ৰ কামখিনি মোৰ একেবাৰে পছন্দ নহয়। সকলো সময়ত কেৱল নিজৰ কথাটোৱে চিন্তা কৰে। বেলেগক মানুহ বুলি গণ্য নকৰে।
: কি হৈছে?? তই কিয় তেনেকৈ কৈ আছ'?? তোক কিবা কৈছে নেকি??
: নাই মা, মোক একো কোৱা নাই। মাজু বৌ'ৰ লগত যিবোৰ কৰিছে সেইবোৰৰ বিষয়ে কৈছো।
: কি কৰিছে তাইৰ লগত?? দুয়োজনীয়ে কাজিয়া কৰিছে নেকি??
: কাজিয়া!! - তাই অলপ আচৰিত ধৰণে ক'লে।
: অ!!
: আপোনাৰ মাজু বোৱাৰীৱে কাজিয়া কৰিব জানে জানো?? বৌ'য়ে দেখোন আজিলৈকৈ কাকো টান কে এষাৰো কৈ পোৱা নাই।...
...আৰু আপোনাৰ ডাঙৰ বোৱাৰীক কিবা কোৱাৰ সাহস হ'ব না!! ডাঙৰ বৌ'য়ে যি কৰিব কয় তাকে আগ-গুৰি নাভাবি কৰি থাকে দেখোন।
: মাইনী তয়ো বৰ বৰ কথা ক'বলৈ শিকিছ' দেই। শুকান মাটিত বৰষীৰ টুপ নিদি, পানী থকা ঠাইত টুপটো দে। অৰ্থাৎ কথাটো অকাই-পকাই নকৈ কি হৈছে তাকে চিধা-চিধিকৈ ক'।
: কৈ আছো ৰ'বা। আজি ডাঙৰ বৌৰ কোনোবা আলহী আহিছিল। মাজু বৌ'য়ে ৰন্ধা-বঢ়াৰ লগতে আলহী অপ্যায়নৰ সকলো কাম কৰিছে।...
...ডাঙৰ বৌ'য়ে নিজৰ কামখিনি নিজে কৰিব নোৱাৰে নে?? সেইটো তো বাদ দিয়ক মাজু বৌ'ক আলহীৰ সন্মুখত অলপ সন্মানো দিব নোৱাৰে নে?? বেচেৰী জনীয়ে ৰাতিপুৱাৰ পৰা সকলো কাম কৰি দিছে আৰু তাৰ বাবদ তাইক অপমান দিছে। এয়া ঘৰৰ ডাঙৰ বোৱাৰী আৰু শিক্ষিতা হোৱাৰ পৰিচয়!!
মাইনীয়ে মা'কক সকলো কথা ভাঙি-পাতি ক'লে। কথাবোৰ শুনি মাকে ক'লে,
: ইয়াত ডাঙৰ বোৱাৰীক বেয়া পোৱাৰ কিনো আছে!! যাৰ যিটো পৰিচয় তাকেই কৈছে। তোৰ মাজু বৌ'য়ে ৰন্ধা-বঢ়াৰ বাহিৰে আৰু নো কি কৰিব জানে?? এই ক্ষেত্ৰত ডাঙৰ বোৱাৰীৱে একো বেয়া কৰা বুলি মোৰ দৃষ্টিত লাগা নাই। মোৰ মতে তাই যি কৈছে ভালেই কৈছে। গতিকে এই বিষয়ে আৰু একো কথা নক'বি মোক।
: কিন্তু মা??
: কোনো কিন্তু নাই। তোৰ কাম তই কৰি থাক। সিহঁতৰ কথা সিহঁতে জানে। এইবোৰত তই নিজকে সোমাই নল'বি।
মাকে অলপ ধমক দি কথাবোৰ কোৱাত তাইৰো খং উঠিল। ইয়াৰ পিছত মা'কক আৰু একো ক'বলৈ মন নকৰিলে।
তাই মা'কক ভালদৰে চিনি পায়। মাজু বৌ'য়ে হাজাৰ ভাল কাম কৰিলেও মাকে যে তাইক ভাল বুলি নকয় এইটো নিশ্চিত। সামান্যতকৈ সামান্য ভুল দেখিলেই হাজাৰ কথা শুনাই দিয়ে। কিন্তু ডাঙৰ বোৱাৰীয়ে যিমানে ডাঙৰ ভুল নকৰক কিয়, মুখেৰে এটা শব্দও নকৰে। সেইজনীৰ ভুলবোৰ দেখিও নেদেখাৰ ভাও জুৰে।
মা'কৰ মনত দুই বোৱাৰীক লৈ নিজৰ দৃষ্টিভংগী সলনি হোৱাৰ উপৰি মাজু বোৱাৰীক কেতিয়া আপোন বুলি ভাৱিব এইটো ভগৱানেই জানে। কিন্তু এদিন মা'কে মাজু বৌ'ক বুজি পোৱাৰ লগতে তেওঁৰ প্ৰতি থকা ভুল মনোভাৱটো আঁতৰি যাব বুলি তাইৰ বিশ্বাস।
আচল কথাটো হ'ল ডাঙৰ বোৱাৰীক শাহুয়ে নিজে চাই-চিতি আনিছিল। তাৰোপৰি চাকৰি কৰা বোৱাৰী আনি গাঁওৰ মানুহৰ ওচৰত শাহুয়ে গৰ্ব কৰিছিল। কাৰণ এইখন গাঁওত তেওঁলোকৰ ঘৰৰ বোৱাৰীৰ বাদে আন কাৰো ঘৰৰ বোৱাৰী চাকৰি কৰা নাছিল। ফলত এই বিষয়ত তেওঁৰ লগত ফেৰ মাৰিব কোনো মহিলা গাঁওত নাছিল।
গাঁওৰ মহিলাৰ আগত তেওঁ প্ৰায়ে ফিতাহি মাৰি কয় যে গাঁওত কেৱল তেওঁৰ বোৱাৰীয়ে চাকৰি কৰে। কেৱল তেওঁয়ে চাকৰি কৰা বোৱাৰী আনিছে, বেলেগ কোনোবাই আনিব পাৰিছে জানো!! গাঁওৰ কোনো মানুহেও তেওঁৰ কথাৰ প্ৰতুত্তৰ দিব নোৱাৰে বাবে তেওঁ বৰ ৰং পায়।
: কি হ'ল তোমাৰ?? এইদৰে অন্যমনস্ক হৈ বহি আছা যে!! পাহিয়ে অথনিৰ পৰা তোমাক কিবা সুধি আছে। তুমি দেখোন তাইৰ কথাত কাণসাৰেই দিয়া নাই। গা বেয়া লাগিছে নেকি??
শতৰূপাই ৰাতি পাহিৰ ওচৰত কোনো মাতবোল নকৰি অইন ফালে চাই মনে মনে থকা দেখি আঁতৰত চোফাখনত বহি কিতাপ পঢ়ি থকা শংকৰে তাইক লক্ষ্য কৰি কথাবোৰ কৈছিল।
গিৰিয়েকৰ কথাত তাই সহজভাৱে উত্তৰ দিলে,
: নাই, একো হোৱা নাই। কিবা কথা এটা ভাৱি আছিলো।
: অ.. মই ভাৱিলো তোমাৰ গা বেয়া লাগি আছে নেকি।
শংকৰক কিবা এটা কথা কম বুলি ভাৱিছিল। কিন্তু তেওঁ বৰ মনোযোগৰে কিতাপ পঢ়ি থকা দেখি তাই একো নক'লে।
আজিলৈকে কেতিয়াও ঘৰৰ কোনো কথাই তাই শংকৰক কৈ পোৱা নাই। কিন্তু কিয় নাজানে আজি তাই কথাবোৰ ক'ব বিচাৰিছে। কেনেকৈ কথাবোৰ ক'ব তাই ভাৱি পোৱা নাই। মনৰ কথাবোৰ কাকো নক'লেও তাইক আমনি দি থাকিব। সেয়েহে অলপ সাহস গোটাই ক'লে,
: মই আপোনাক কিবা এটা কথা ক'ব বিচাৰিছো!! কিন্তু কেনেকৈ ক'ম ভাৱি পোৱা নাই।
: আৰে… ইয়াত ভাবিবলৈ কি আছে নো?? কোৱা কি ক'বা??
: মই এতিয়া মোৰ পঢ়া-শুনা আগুৱাই নিব পাৰিম নে?? মই পঢ়িব বিচাৰিছো।
গিৰিয়েকে তাইৰ ফালে আচৰিত ধৰণে চাই অলপ মিছিকীয়া হাঁহি মাৰি ক'লে,
: কি ধেমালীয়া কথাবোৰ কৈছা?? এতিয়া… পঢ়া-শুনা আৰু তুমি!!
: কিয়? মই নোৱাৰিম নেকি এতিয়া??
: নোৱাৰাৰ কথা কোৱা নাই। কিন্তু তুমি এতিয়া এইবোৰ কৰিব পাৰিবা জানো?? তুমি ঘৰৰ কামবোৰ নকৰিলে ঘৰৰ কামখিনি কোনেনো কৰিব?? তুমিতো জানাই আমাৰ ঘৰৰ কথা, মা'ৰ কথা। মা'য় তোমাক কেতিয়াও অনুমতি নিদিব।
: তাৰ মানে মোক কেৱল তোমালোকৰ ঘৰ-গৃহস্থী চম্ভালিবলৈ বিয়া কৰাই আনিছা?? অকল মোৰেই নে ঘৰ-সংসাৰৰ দায়িত্ব বা কামবোৰ?? সংসাৰৰ প্ৰতি বেলেগ কাৰো একো কৰনীয় নাই মানে!!
তাইৰ এনেধৰণৰ কথাবোৰৰ একো অৰ্থ নুবুজি গিৰিয়েকে অলপ খঙাই ক'লে,
: তুমি কি কৈছা, মই হ'লে একো বুজি পোৱা নাই!! মুখেৰে যি আহিছে তাকে কৈ গৈছা!! তুমিও ডাঙৰ বৌ'ৰ দৰে হ'ব বিচাৰিছা নেকি?? ঘৰৰ কামবোৰ কৰি ভাগৰি গৈছা নেকি?? ঘৰত কাম নো কি!! ৰন্ধা-বঢ়াৰ বাহিৰে। গোটেই দিনটো ঘৰত আৰামেই কৰি থাকা। তাৰ পিছতো...
আৰু কিবা ক'ব বিচৰাৰ আগতেই খং'ত অগ্নি শৰ্মা হৈ বিছনাত শুই পৰিল।
শতৰূপাই বিছনাৰ চোকত বহি ভাৱিলে;
: তোমালোকে পুৰুষবোৰে আমাৰ সমস্যাবোৰ ক'ত বুজিবা?? কিবা এটা বুজাব বিচাৰিলেও বুজিবলৈ চেষ্টা নকৰা। মোৰ কথাটো ভালকে নুবুজি খং কৰি যা-তা কৈ দিলা।
বাঃ ৰে পুৰুষ, বাঃ বাঃ...
এবাৰ ক'বা, নাৰী নহ'লে ঘৰ নচলে আৰু
এবাৰ ক'বা, নাৰীয়ে ঘৰত কাম নো কি কৰে!!
আগলৈ.....
[ "গৃহিনী" - এই ধাৰাবাহিক উপন্যাস খন প্ৰতিদিনে নিশা 8.00 pm (আঠ বজাত) আপলোড কৰা হৈ থাকিব। আগৰ বা পিছৰ খণ্ডবোৰ একাদিক্ৰমে পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব অথবা DailyAssameseStatus.Blogspot.Com লিখি Google -ত চার্জ কৰি অতি সহজতে চাব পাৰিব। ]
No comments:
Post a Comment