মই কিন্নৰে কৈছো - যিদিনা মোৰ জন্ম হৈছিল মায়ে বাৰে বাৰে গোপন অংগলৈ চাইছিল | Moi Kinnore Koiso | Assamese Sad Line Story By Prohlad - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

মই কিন্নৰে কৈছো - যিদিনা মোৰ জন্ম হৈছিল মায়ে বাৰে বাৰে গোপন অংগলৈ চাইছিল | Moi Kinnore Koiso | Assamese Sad Line Story By Prohlad


মই কিন্নৰে কৈছো -


যিদিনা মোৰ জন্ম হৈছিল 

মায়ে বাৰে বাৰে গোপন অংগলৈ চাইছিল 

দেউতায়ে কৈছিল 

এই সন্তানটো মোক নালাগে 

ইয়াক হত্যা কৰা হওঁক।


মানুহৰ চুবুৰীটোত মই আপোন হবলৈ নোৱাৰিলো 

সেয়েহে হিজৰাৰ জুপুৰিত বাস কৰো 

নাচি বাগি ঘুৰি ফুৰো 

মানুহৰ সমাজত নাই আমাৰ মান৷


যেতিয়া মই ডাঙৰ হলো 

হাতচাপৰি বজাব শিকিলো 

আনৰ দুখ দেখিলেই 

বজাই দিও চাপৰি 

থাপ থাপ থাপ 

আনৰ সুখবোৰ দেখিলেই 

বজাও হাত চাপৰি 

থাপ থাপ থাপ...l


স্কুললৈ যোৱাৰ দিনা 

কাৰ লগত বহিম 

কাৰ লগত কথা পাতিম 

চিন্তাত মূৰ ঘুৰাই গৈছিল 

লৰাবোৰে কয় 

তই ছোৱালীৰ লগত বহ 

ছোৱালীবোৰে কয় 

তই লৰাৰ লগত মিতিৰালি কৰ।


মই নিজকেই প্ৰশ্ন কৰো তেতিয়া 

মই লৰা নে ছোৱালী 

বাৰে বাৰে থুতুৰিত গজি থকা 

দাঢ়িবোৰলৈ চাওঁ 

নিজকে পুৰুষ যেন লাগে 

মাজে মাজে বাঢ়ি অহা স্তনযোৰলৈ চাওঁ 

নিজকে নাৰী যেন লাগে।


তেনেহলে মই কোন 

মানুহৰ দৃষ্টিত 

সমাজৰ দৃষ্টিত 

মই তৃতীয়লিংগ 

মানুহে মাতে হিজৰা বুলি 

তালি বজোৱা 

থাপ থাপ থাপ.....l


মোৰো মন আছে 

পুৰুষ হৈ নাৰীৰ প্ৰেমত পৰিবলৈ 

মোৰো মন যায় নাৰী হৈ 

পুৰুষৰ দুখৰ বোজাবোৰ পাতলাবলৈ 

ভগৱানে সেইকন সুবিধা নিদিলে মোক 

মানুহৰ সমাজত মই 

তালি বজোৱা এটা নিম্ন জাতৰ কিন্নৰ হৈয়ে ৰলো৷


মানুহে আমাক দেখিলে কয় 

ইহঁত পৰিচয় বিহীন জাৰজ সন্তান 

যাৰ জীৱনৰ নিজা পৰিচয় নাই 

মোৰ পৰিচয় কোনে লুকুৱাই থলে 

জন্ম হোৱাৰ পাছদিনাই মোক 

আপোন মানুহে এঘৰীয়া কৰিলে৷


মহিলাৰ কাপোৰ পিন্ধিলেও 

মই মহিলা হৈ নপৰো 

পুৰুষৰ কাপোৰ পিন্ধিলেও 

মই পুৰুষ হৈ নপৰো 

মই কিন্নৰ।


স্তন দুটা নাৰীৰ দৰেই 

অথচ মই নাৰী নহয় 

পুৰুষৰ দৰে কন্ঠ 

অথচ মই পুৰুষ নহয় 

মই পুৰুষ আৰু নাৰীৰ সমাহাৰ 

ময়েই কিন্নৰ৷


মন যায় 

দেৱালীৰ চাকিগছি আপোনাৰ লগত জ্বলাবলৈ 

মন যায় ৰাসলীলাত 

গোপীজনী হৈ নিজকে সজাবলৈ৷


নিজকে সজাই দাপোনত মুখখন চোৱাৰ পাছত 

পাহৰি যাওঁ মই যে নাৰী নহয় 

অথচ নাৰীৰ দৰে হৃদয় আছে 

মইতো পুৰুষো নহয় 

অথচ পুৰুষৰ দৰে এটা মন আছে৷


মোক বেয়া বুলি নাভাৱিব 

মোক ঘৃণায়ো নকৰিব 

মই ভগৱানৰেই দান 

মই মানুহৰেই সন্তান৷


আপুনি হাঁহিব পাৰে মোক হিজৰা বুলি 

আপুনি হাঁহিব পাৰে মোক তৃতীয় লিংগ বুলি 

হাঁহক হাঁহি হাঁহি 

মোক ঘৃণা কৰক 

ভগৱানে মোক ঘৃনা নকৰে।


কাৰন মহাভাৰতৰ যুদ্ধতো শিখণ্ডিৰ প্ৰয়োজন 

আছিল 

বৃহন্নলা ৰূপত তৃতীয় পাণ্ডৱ অৰ্জুনো বনবাসত 

আছিল 

শ্ৰীকৃষ্ণয়ে নাৰীৰ ৰূপত সকলোকে মোহিত 

কৰিছিল।


মই আপোনাক ঘৃনা নকৰো 

মই আপোনাক দেখিলে 

হাঁহিয়ো নামাৰো 

মইতো মানুহৰেই সন্তান 

সেয়েহে মই নাহাঁহো৷


যুঁজিম জীৱনটোৰ বাবে 

কৰি যাম সংগ্ৰাম 

মোক নাম নালাগে তৃতীয়লিংগৰ 

এই সমাজ শুধৰাবলৈ আমিয়েই 

কৰিম মানৱতাৰ কাম৷


আজি ট্ৰেইনত চাপৰি বজাওঁতেই 

দুহেজাৰ টকা পালো 

তাৰে পোন্ধৰ শ টকা 

অনাথ আশ্ৰমত দান দিলো 

পুন্য পাইছোনে কবলৈ নোৱাৰো 

মইতো মানৱতাৰ হকেই যুঁজিছো৷


এবাৰ চিন্তা কৰকচোন 

আপোনাৰ সন্তানটো যদি 

কিন্নৰ হৈ জন্ম লাভ কৰে 

আপুনি পেলাই দিবনে?


প্ৰশ্ন কৰক নিজকে 

আপোনাৰ সন্তানটোক যদি হিজৰা বুলি মাতে 

আপুনি বাৰু সুখী হবনে?


নিজক প্ৰশ্ন কৰক 

আৰু সুধি চাওঁক 

কিন্নৰৰ জীৱনত কিমান লুকাই আছে 

বিষাদৰ জীৱন গাথা৷


লৰায়ো নহয় 

ছোৱালীয়ো নহয় 

দুয়োকে সামৰি এটায়েই মন 

সেইয়া মই 

আপোনাৰ মতে কিন্নৰ৷


তালি বজোৱা তালি 

কিন্নৰ আমি 

মানৱতাৰ হকেওঁ যুঁজ দিব জানো 

ন্যায়ৰ হকেওঁ যুঁজিব জানো।


কাবৌ কৰিছো মই 

আপোনাৰ সন্তানটো কিন্নৰ হৈ জন্ম লভিলে 

আৰ্ৱজনাত তাক দলিয়াই নেপেলাব 

কিন্নৰ ইশ্বৰৰেই সন্তান 

যত মাথো দান দিলে ভগৱানে 

পুৰুষ নাৰীৰ এটায়েই মন 

সেইয়া মই 

আৰু আপোনাৰ মতে 

তৃতীয় লিংগৰ নাম কিন্নৰ৷


প্ৰহ্লাদ জ্যোতি বৰা

No comments:

Post a Comment